বিশ্ব খনিকৰ (Biswa Khanikar) | Assam Class 12 Assamese (MIL) (অসমীয়া) Solutions | MCQs, Very Short, Short and Long Type Questions and Answers | Assam HS 2nd Year Assamese (MIL) Questions and Answers | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ অসমীয়া সমাধান | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া প্ৰশ্ন-উত্তৰ | Assam Class 12 Important Questions and Answers | AHSEC HS 2nd Year Assamese (MIL) Textbook Solutions | Sahitya Sourav XII | সাহিত্য সৌৰভ


বিশ্ব খনিকৰ
কবি- মফিজুদ্দিন আহমদ হাজৰিকা

বিশ্ব খনিকৰ কবিতাটিৰ মূলভাৱ লিখা।
মূলভাৱঃ কবি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে ‘বিশ্বখনিকৰ’ কবিতাটিৰ মাধ্যমেৰে বিশ্ব সৃষ্টি কৰ্তা ত্ৰিজগতৰ পতি ভগৱানৰ উপস্থিতি আৰু তেওঁ বিভিন্ন লীলা কথা সুৱৰি ব্যাপক হাৰত কবিতাটিত উপস্থাপন কৰিছে।

কবিয়ে উল্লেখ কৰিছে যে যদিও কোনেও তেওঁক দেখা নাই তথাপি স্বৰ্গ, মত্য আৰু পাতালৰ সৃষ্টি কৰ্তা এজন বিশ্বখনিকৰ নিশ্চিয়কৈ বিৰাজমান অথবা স্থিত বা আছে। তেওঁৰ বাবেই আজি গ্ৰহ, তৰা, বেলি, জোন আদি বিৰাজমান হৈ আছে আৰু মৰু জগত অৰ্থাৎ জীৱ জগতত আমি ল’ৰা-তিৰী(তিৰোতা), আই, ভাই আদি বৰ্তি আছো আৰু সকলোৰে দেহত সেই বিশ্বখনিকৰ জনৰ স্থিতিয়ে আমাক জীয়াই ৰাখিছে। তেওঁ এখিলা সাধাৰণ গছৰ পাততো স্থিত আৰু যিমান গছ-গছনি আছে সকলোতে তেওঁ বিৰাজমান হৈ আছে। কবিয়ে কৈছে যে সকলো ঠাইতে ভগৱান আছে কিন্ত ওৰণিৰে মুখ ঢাকিলে যেনেকৈ দেখা পোৱা নাযায় তেনেদৰে তেওঁ সকলোতে লুকাই আছে বা স্থিত যদিও আমি নৰ মনুষ্যই দেখা নাপাওঁ। কবিৰ মতে, সত্ত্বঃ (সুখদায়ক আৰু জ্ঞানাত্মক), ৰজঃ (ৰাগাত্মক) আৰু তমঃ(অজ্ঞান বা আন্ধাৰ), এই তিনিওঁ গুণ তেওঁতে বিৰাজমান হৈ আছে যদিও তেওঁ নিৰ্গুণ। তেৱেঁ বাৰিষাৰ বৰষুণ হৈ পমা, চিচু, পাৰলী আদি গছৰ কুঁহিপাত-গজালি মেলি পাছত একোজোপা ভয়ংকৰ বা বৃহৎ আকাৰৰ গছৰ সৃষ্টি কৰে। তেৱেঁ সেই সৰু কেঁচুৱা লৰাটিক ডেকা কাললৈ পৰিৱৰ্তন কৰাই মাক-বাপেকৰ অহংকাৰ আৰু যশ্যসা বঢ়োৱাত অৰিহণা যোগায়।

কবিৰ মতে ভগবান মানী, মান, দানী, দান, কাম, কৰ্মী, খেতি খেতিয়ক, জ্ঞানী, জ্ঞান, তীখা, শান, ধৰ্ম, ধৰ্মী, বুধি-বুধিয়ক আদি সকলো তেৱেঁ স্থিত আৰু সৃষ্ট। লগতে, তেৱেঁ পানী, মাছ, এক, পাঁচ, যোগী, তপস্বী, বাজীকৰ, ধনী, ধন, গোমোস্তা, মহাজন, কাম, কৰ্মী, কাৰিকৰ আদি সকলো সৃষ্টিকাৰী আৰু চলনাকাৰী ভগৱান বিশ্বখনিকৰ। শেষত, আকৌ কবিগৰাকী কৈছে যে যদি কোনেও তেওঁক দেখা নাই, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞান-জ্ঞানী, বিশ্ব-আত্মা প্ৰাণ, সৰ্ব-ব্যাপী, সৰ্ব শক্তিমান যি সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ গৰাকী, তেৱেঁ ‘বিশ্বখনিকৰ’।

Very Short Type Questions and Answers (1 Marks)

1. বিশ্বখনিকৰ কবিতাটিৰ কাৰ ৰচনা?
উত্তৰঃ বিশ্বখনিকৰ কবিতাটি মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ দ্বাৰা ৰচনা।

2. মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত কি কবি ৰূপে জনা যায় ?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাক অসমীয়া সাহিত্য জগতত ‘জ্ঞানমালিনীৰ কবি’ ৰূপে জনা যায়।

3. মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্যগ্ৰন্থখনিৰ নাম কি?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্যগ্ৰন্থখনিৰ নাম- ‘তত্ত্ব-পাৰিজাত’।

4. অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল?
উত্তৰঃ 1930 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত মফিজুদ্দিন আহমদ হাজৰিকাই সভাপতিত্ব কৰিছিল।

5. মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কেনেধৰণৰ দৰ্শনৰ প্ৰকাশ কৰিছে বা ঘটিছে ?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰকাশ কৰিছে বা ঘটিছে।

6. মফিজুদ্দিন আহমদ হাজৰিকাৰ কোন চনত জন্ম হৈছিল?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ 1870 চনত জন্ম হৈছিল।

7. অৰ্থ লিখা— খনিকৰ, গোমস্তা, যদিস্যাতো, এমাডিমা।
উত্তৰঃ

মূলশব্দ অৰ্থ
খনিকৰশিল-কাঠ-মাটিৰ মূৰ্তি নিৰ্মাণ কৰোঁতা।
গোমোস্তাদোকানৰ হিচাপ-পত্ৰ ৰখা কৰ্মচাৰী।
যদিস্যাতোযদিও।
এমাডিমা কেঁচুৱা অৱস্থা, নিচেই ল’ৰালি কাল।

9. বিশ্ব খনিকৰে এমা-ডিমা ল’ৰাক কিহলৈ পৰিৱৰ্তন কৰে?
উত্তৰঃ বিশ্ব খনিকৰে এমাডিমা ল’ৰাক ডেকা তেজ ধৰা যুৱকলৈ পৰিৱৰ্তন কৰে।

10. বিশ্বখনিকৰক সকলোতে থকাৰ পিছতো কিয় দেখা পোৱা নাযায়?
উত্তৰঃ বিশ্বখনিকৰক সকলোতে থকাৰ পিছতো ‘ওৰণিৰে মুখ ঢাকি থকা’ৰ নিচিনাকৈ নিৰ্গুণ আৰু নিৰাকাৰ হোৱাৰ বাবে তেওঁক দেখা পোৱা নাযায়।

11. অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে কোনগৰাকী কবি জনাজাত?
উত্তৰঃ অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে মফিজুদ্দিন আহমদ হাজৰিকাদেৱ জনাজাত।

12. মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম- ‘তত্ত্ব-পাৰিজাত’।

13. ‘বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ‘বিশ্বখনিকৰ’ বা ‘বিশ্ব গঢ়োতা’ বুলি লেখকে ভগৱান বা ঈশ্বৰৰ কথা কোৱা হৈছে।

14. ‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ ‘বিশ্বখনিকৰ’ আধ্যাত্মিক তথা দাৰ্শনিক ভাবধাৰাৰ কবিতা।

15. মফিজুদ্দিন আহমদ হাজৰিকা কোন শ্ৰেণীৰ কবি?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা ‘জোনাকী যুগ’ৰ কবি।

Short Type Questions and Answers (2 Marks)

1. মৰু জগতত জীৱই কাৰ কৃপাজৰী লৈ জীয়াই আছে ?
উত্তৰঃ মৰু জগতত জীৱই বিশ্বখনিকৰৰ দ্বাৰা সৃষ্ট ল’ৰা-ছোৱালী, পতি-পত্নী, আই-বোপাই আদি সম্বন্ধৰৰ কৃপাজৰী লৈ জীয়াই আছে বা বান্ধ খাই আছে। যাক কোনেও দেখা নাপায়, যাৰ কৃপাতেই গ্ৰহ, তৰা, বেলি, জোন আদি আকাশত নিতৌ স্থিতি হৈ আছে। আনকি জড় জগত আৰু মৰু জগততো সকলোৱে জীৱন পাই আছে। সেইজনাৰ কৃপাজৰী লৈয়ে সকলো জীয়াই আছে।

2. বিশ্বখনিকৰক কিয় খেপিয়ালে পোৱা নাযায়?
উত্তৰঃ বিশ্বখনিকৰ অসীম গুণৰ অধিকাৰী। নিৰ্গুণ নিৰাকাৰ হোৱাৰ বাবে তেওঁক দেখা পোৱা নাযায়। ওৰণিৰে মুখ ঢাকি থকা পৰম ঈশ্বৰক ভক্তি অঞ্জলিৰ দ্বাৰাই অনুভব কৰাৰ বাদে অন্য উপায়ে সম্ভৱ নহয়। তেওঁক পাবলৈ কিছুমান মানুহে চেষ্টা কৰে কিন্ত এই ভক্তিৰ পথটো হ’ল অতি সূক্ষ্ম। সেইবাবে এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতে বিচাৰি থাকে, কিন্ত সফল হ’ব নোৱাৰে।

READ MORE  মিলন | Class 12 Assamese (MIL) - AHSEC

3. তিনিটা গুণ কি কি?
উত্তৰঃ তিনিটা গুণ হৈছে— সত্ত্বঃ ৰজঃ আৰু তমো গুণ যি শক্তিতে জগতৰ স্থিতি আৰু লয় বিৰাজমান হয়।
সত্ত্বঃ গুণ সুখদায়ক আৰু জ্ঞানাত্মক হয় যিয়ে জীৱক সুখত আসক্তি কৰে আৰু মুগ্ধ কৰে। এই গুণৰ অধিকাৰী হ’লে জ্ঞান আৰু সুখ পোৱা যায়।
ৰজঃ গুণ ৰাগাত্মক যি মানুহক বিষয়ত আসক্ত কৰে। ৰজঃ গুণে দুখ নমাই আনে।
তমঃ গুণ অজ্ঞানৰ পৰা হয় আৰু এই গুণে জীৱৰ মোহৰ সৃষ্টি কৰে যিয়ে প্ৰমাদ, আলস্য আৰু নিদ্ৰাৰ জৰিয়তে সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। তমঃ গুণে জীৱনলৈ অজ্ঞানতা নমাই আনে।

4. ত্ৰিলোক বুলিলে কি বুজা যায়?
উত্তৰঃ বিশ্বখনিকৰে সৃষ্টি কৰা তিনিখন জগত অৰ্থাৎ স্বৰ্গ, মৰ্ত্য আৰু পাতাল-এই তিনিখন জগতকে ত্ৰিলোক বুলি কোৱা হয়।

5.‘বিশ্ব খনিকৰ’ কবিতাটোত উল্লেখ কৰা বিশ্বখনিকৰৰ দুটি বিশেষণ ৰূপ লিখা।
উত্তৰঃ ‘বিশ্ব খনিকৰ’ কবিতাটোত উল্লেখ কৰা বিশ্বখনিকৰৰ দুটি বিশেষণ ৰূপ হ’ল— ‘বিশ্ব’ আৰু ‘খনিকৰ’।

6. কুঁহি-গজালিৰ ক্ষেত্ৰত কি কি তিনিবিধ গছৰ কথা কোৱা হৈছে?
উত্তৰঃ কুঁহি-গজালিৰ ক্ষেত্ৰত পমা, চিচু আৰু পাৰলী, এই তিনিবিধ গছৰ কথা কোৱা হৈছে।

7. মৰু জগততো কাক পাই মানুহে জীৱ ধৰি আছে ?
উত্তৰঃ মৰু জগততো বিশ্বখনিকৰক পাই মানুহে জীৱ ধৰি আছে। মৰু জগতত জীৱই বিশ্বখনিকৰৰ দ্বাৰা সৃষ্ট ল’ৰা-ছোৱালী, পতি-পত্নী, আই-বোপাই আদি সম্বন্ধৰৰ কৃপাজৰী লৈ জীয়াই আছে বা বান্ধ খাই আছে। যাক কোনেও দেখা নাপায়, যাৰ কৃপাতেই গ্ৰহ, তৰা, বেলি, জোন আদি আকাশত নিতৌ স্থিতি হৈ আছে। সেইজনাৰ কৃপাজৰী লৈয়ে সকলো জীয়াই আছে।

8. গছ-গছনিয়ে কাৰ নাম লৈ কেনেদৰে যশস্যাৰ বীণ বাই আছে ?
উত্তৰঃ গছ-গছনিয়ে বিশ্বখনিকৰ নাম লৈ, যথা-ঠৰ হৈ যশস্যাৰ বীণ বাই আছে। কাৰণ, তেওঁ একো খিলা পাততো বিৰাজমান হৈ আছে যত তেওঁৰ চিন পোৱা যায়।

9. মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল—
(ক) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তত্ত্ব প্ৰকাশিত হৈছে।
(খ) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত চুফীবাদী দৰ্শনৰ প্ৰকাশ দেখা যায়।

10. কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি কৈছে?
উত্তৰঃ কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে কাৰণ, এই বিশ্বব্ৰক্ষাণ্ডৰ সকলো বস্তু, সকলো প্ৰাণীক একাত্মক কৰি তেৱেঁই ৰাখিছে। তেওঁৰ কৃপাৰ বলতে পৃথিবী আছে, জোন-বেলি-তৰা শূণ্যত ওপঙি আছে খহি নপৰাকৈ। তেওঁৰেই যশ-গান গায় ত্ৰিজগত অতিবাহিত হৈ আছে। জগতৰ সকলো বস্তুতে তেওঁৰে অৱস্থিতি, সেয়েহে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে।

11. সত্বঃ, ৰজঃ, তমো গুণ কি বুজাই লিখা।
উত্তৰঃ সত্বঃ ৰজঃ তমো হৈছে তিনিটা বিশেষ গুন বা শক্তি, ইয়াতে জগতৰ স্থিতি আৰু লয়। সত্ব: হৈছে শান্ত আৰু নম্ৰ। ই সুখদায়ক আৰু জ্ঞানাত্মক। ৰজঃ হৈছে ৰাজসিক গুণ যি অহংকাৰৰ সৃষ্টি কৰে অৰ্থাৎ এই গুণৰ বাবে মানুহ বাসনাত আসক্ত হয়। তমো গুণ অজ্ঞানৰ পৰা হয়। ই জীৱক মোহগ্ৰন্থ কৰে আৰু প্ৰমাদ, আলস্য, নিদ্ৰাৰ আদি দ্বাৰা সকলো জ্ঞান ঢাকি ৰাখে।
মুঠতে সত্বঃ গুণে প্ৰদান কৰে জ্ঞান, ৰজঃ গুণে দুখ বিয়পাই দিয়ে আৰু তমো গুণে জীৱনলৈ অজ্ঞানতা কঢ়িয়াই আনে।

12. মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথি হ’ল—
(ক) জ্ঞানমালিনী।
(খ) তত্ত্ব পাৰিজাত।

13. কবিয়ে ‘বিশ্বখনিকৰ’ক কিয় সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে?
উত্তৰঃ কবি মফিজুদ্দিন আহমদ হাজৰিকাই ‘বিশ্বখনিকৰ’ক সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে কাৰণ, ‘বিশ্বখনিকৰ’ নিৰ্গুন আৰু নিৰাকাৰ স্বৰূপ। সেইজনা পৰম ব্ৰহ্ম বা ঈশ্বৰক চকুৰ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই। তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতি আৰু লয়ৰ মূলতে এক পৰম অস্তিত্বক সদায় অনুভৱ কৰিব পাৰি। তেৱেই খনিকৰূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। যদিও তেওঁক দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞান-জ্ঞানী, বিশ্বব্ৰক্ষাণ্ডৰ প্ৰাণ আত্ম-স্বৰূপ আৰু সৰ্বত্ৰতে বিয়পি থকা সৰ্ব শক্তিমান।

14. মফিজুদ্দিন আহমদ হাজৰিকাই লিখা দুখন কবিতাপুথিৰ নাম লিখা?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাই লিখা দুখন কবিতাপুথিৰ নাম – জ্ঞানমালিনী আৰু তত্ত্ব-পাৰিজাত।

15. মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম 1870 চনত ডি্ব্ৰুগড়ত হৈছিল।

Long Type Questions and Answers (3 Marks)

1. সকলোতে আছে তেওঁ
কিন্ত নেদেখে কেও,
ওৰনিৰে মূখ ঢাকি থাকে ওচৰত।’-এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে চমুকৈ লিখা।
উত্তৰঃ ৰ্নিগুণ নিৰাকাৰ বিশ্বখনিকৰৰ বিস্তূত ৰূপ বৰ্ণনা কৰিবলৈ গৈ কবি মফিজুদ্দিন আহমদ হাজৰিকাই কৈছে যে সমস্ত জীৱাত্মাৰ তেওঁতেই সৃষ্টি তেওঁতেই লয়।

চাক্ষুষ দৃষ্টিৰে তেওঁক দেখা নাযায় কাৰণ, তেওঁ নিৰাকাৰ কিন্তু সৰ্বত্ৰ ব্যপ্ত হৈ থাকে। বিচাৰিব জানিলে তেওঁক সকলোতে পোৱা যায়। ওৰণিৰে মুখ ঢাকি ঈশ্বৰক ভক্তি অঞ্জলিৰেহে একমাত্ৰ অনুভৱ কৰিব পাৰি। অন্যথা সম্ভৱ নহয়। ভক্তিৰ পথ অতিশয় সূক্ষ্ম বাবে বহুজনে এই পথ অৱলম্বন কৰিব নোৱাৰি তেওঁক ওপৰতেই বা ওপৰে ওপৰে বিচাৰি থাকে, কিন্ত সফল হ’ব নোৱাৰে। চলনাময়ী নাৰীৰ দৰে তেঁৱো ধৰা দি পিছলি যায়। মায়াই পৰমেশ্বৰ আৰু পাৰ্থিব জগতখনৰ মাজত এখন আৱৰনৰ সৃষ্টি কৰিছে। এই ভেদ আঁতৰাবলৈ আমাৰ জ্ঞানৰ প্ৰয়োজন হয়। জীৱৰ সেই জ্ঞান বা বোধ জন্ম হলেই এই ওৰণি আঁতৰি যায় আৰু পৰমেশ্বৰৰ মহিমা উপলদ্ধি কৰিব পৰা ক্ষমতা অৰ্জন হয়। কবিয়ে উল্লেখিত চৰণটোত এই কথাখিনিকে প্ৰকাশ কৰিছে।

READ MORE  আনন্দৰাম বৰুৱা | Class 12 Assamese (MIL) - AHSEC

2. ‘তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ
নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।’
– তাৎপৰ্য বুজাই লিখা। (3/4/5 Marks)
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।

এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে ব্যাখেয় কবিতাফাকিৰ অৱতাৰনা কৰিছে।

সৃষ্টিকৰ্তাৰ অস্তিত্ব সৰ্বত্ৰ বিৰাজমান। সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰৰ গতি নিৰ্ধাৰনৰ পৰা আৰম্ভ কৰি প্ৰতিটো জীৱ আৰু জড় পদাৰ্থ সকলো ক্ৰিয়া-কৰ্মৰ আঁৰত বিশ্ব খনিকৰৰে কৃপা বৰ্তমান। কাৰ্য তেওঁ, কাৰণো তেওঁয়েই। তেওঁৰ দয়াতেই সৃষ্টিৰ সকলো বৰ্তি আছে। জীৱ দিছে তেৱেঁই আৰু তেৱেঁই মৰুভূমিৰ শুকান বালিতো জীৱক জীৱন ধাৰনৰ উপায় দিছে। সাধাৰন এটি বীজ বা ভ্ৰূণৰ পৰা এজোপা প্ৰকাণ্ড মহীৰূহ বা পূৰ্ণ মানৱৰ গঠন তেৱেই সম্ভৱ কৰি তোলে। প্ৰকৃতি বিচিত্ৰ ৰূপৰ মাজতে তেওঁৰেই মহিমা লুকাই আছে। এই বিশ্ব সৃষ্টিকৰ্তাজন অখণ্ড শক্তিৰ অধিকাৰি যি তিল তিলকৈ পৃথিৱীখন গঢ়ি তুলিছে। সেয়েহে কবিয়ে তেওঁক ‘বিশ্বখনিকৰ’ বুলি কৈছে।

3. “নিশ্চয় নিশ্চয় তেৱেঁ
(দেখা নায়ো যদি কেৱে)
অন্তৰ্যামী-সৰ্বজ্ঞান, বিশ্ব-আত্মা প্ৰাণ
সৰ্ব-ব্যপী, সৰ্ব শক্তিমান। —কবিতাফাকিৰ তাৎপৰ্য ব্যাখা কৰা।
উত্তৰঃ বিশ্বখনিকৰ শীৰ্ষক কবিতাত বৰ্ণিত উক্ত কবিতাফাকি মফিজুদ্দিন আহমদ হাজৰিকাদেৱে দাৰ্শনিক অৰ্থত প্ৰয়োগ কৰিছে। কবিজনাৰ মতে যদিও কোনেও বিশ্বখনিকৰ অৰ্থাৎ ভগৱানক দেখা পোৱা নাই, তথাপি এই বিষয়ত নিশ্চিত যে এই ত্ৰিজগত সৃষ্টিকাৰী কোনো এজন আছে। তেওঁয়েই হৈছে ভগৱান অৰ্থাৎ বিশ্বখনিকৰ। তেওঁ অন্তৰ্যামী আৰু সৰ্বজ্ঞানী। তেওঁ বিশ্বত জীয়াই থকা সকলো আত্মাৰে প্ৰাণস্বৰূপ। তেওঁ সৰ্বব্যাপী আৰু সৰ্বশক্তিমান যিজন সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ গৰাকী। জীৱজগত আৰু জড়জগত তেওঁৰেই সৃষ্ট আৰু পৰিচালনা হৈ আছে। সেয়ে কবিয়ে নানান গুণৰে উপমা দি তেওঁ সকলোতে বিৰাজমান হৈ থকা বিষয়ত কবিতাফাঁকিত নিশ্চয়তা প্ৰকাশ কৰিছে।

4. ভগৱানক কিয় বিশ্বখনিকৰ বোলা হয়?
উত্তৰঃ কবিৰ মতে বিশ্বব্ৰহ্মাণ্ডখনৰ অণু-পৰমাণু, গছ-গছনি, তৰু-তৃণ, জীৱ-জড় সকলোবোৰেই ভগৱন্তৰ সৃষ্টি। সকলোতে তেওঁ বিৰাজমান হৈ আছে। সত্ত্বঃ, ৰজঃ, তম:-এই গুণৰ অধিকাৰী হৈও তেওঁ শক্তিৰ ওপৰত নিৰ্লিপ্ত আৰু নিৰাকাৰ। তেওঁ বিশ্বৰ আত্মস্বৰূপ আৰু জড় জগতৰ শৰীৰ স্বৰূপে অদৃশ্যৰূপে সৰ্বব্যাপ্ত। সেয়ে কবিয়ে তেওঁক বিশ্বখনিকৰ বুলি কৈছে।

5. “তেৱেঁ যোগী তপস্বী ও তেৱেঁ বাজীকৰ
তেৱেঁ ধনী, তেৱেঁ ধন
গোমোস্তা ও মহাজন।”
ইয়াত ‘ও’ আখৰটো কি অৰ্থত ব্যৱহাৰ হৈছে ? এই চৰণটোক দাৰ্শনিক পদ বুলিব পাৰিনে বুজাই লিখা।
উত্তৰঃ এই স্তৱকটিত ‘ও’ আখৰটো যোজক অব্যয় ‘আৰু’ অৰ্থত ব্যৱহাৰ হৈছে। অসমীয়া ভাষাত গল্প বা গদ্য আদিত ব্যৱহাৰ নহয় যদিও সংক্ষিপ্ততাৰ বাবে কোনো কোনো কবিতাত ব্যৱহাৰ কৰা হয়। উক্ত স্তৱকটিৰ প্ৰথম শাৰীত দাৰ্শনিক ভাৱ প্ৰকাশ পালেও তাৰ পাছৰ শাৰী দুটিত দাৰ্শনিক ভাৱ ফুটি উঠা নাই বুলি ক’ব পাৰি।”

Long Type Questions and Answers (4 Marks)

1.প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
সত্ত্বঃ ৰজঃ তমো গুণ

সকলোতে নিৰগুণ
বোলে হুনু বিশ্ব গিৰি সেই মহাজন।
উত্তৰঃ উক্ত কবিতাফাকিৰ আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকা দেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

এই কবিতাংশৰ মাধ্যমেৰে ভগৱানৰ তিনি মহৎ গুণ আৰু সকলোতে তেওঁৰ সৃষ্টি আৰু স্থিতিৰ প্ৰকাশ কৰিবলৈ ব্যক্ত কৰিছে।

কবিজনাৰ মতে এই ত্ৰিজগত (স্বৰ্গ, মত্য আৰু পাতাল) ভগৱানে সৃষ্টি কৰিছে। তেওঁ সকলো গুণৰ অধিকাৰী। বিশেষকৈ সত্ত্বঃ ৰজঃ আৰু তমো গুণৰ সৃষ্টি আৰু পালনকাৰীও তেৱেঁ। তেওঁ সকলোতে নিৰগুণ স্বৰূপে বিৰাজমান হৈ থাকে। কবিয়ে সেয়েহে, তেওঁক বিশ্বগিৰি আৰু বিশ্বখনৰ মহাজন বুলি অভিহিত কৰিছে। ইয়াৰ মাধ্যমেৰে, কবিয়ে সকলো বস্তু (জীৱ আৰু জড়)ৰ সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ গৰাকী হিচাপে বিশ্বখনিকৰ অৰ্থাৎ ভগৱানৰ কথা ব্যক্ত কৰিছে।

2. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
‘তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ
নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।’
অথবাঃ – তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাই ৰচনা কৰা ‘বিশ্বখনিকৰ’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে।

এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰ মহিমাৰ বৰ্ণনাৰ প্ৰসংগত কবিয়ে ব্যাখেয় কবিতাফাকিৰ অৱতাৰনা কৰিছে।

সৃষ্টিকৰ্তাৰ অস্তিত্ব সৰ্বত্ৰ বিৰাজমান। সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰৰ গতি নিৰ্ধাৰনৰ পৰা আৰম্ভ কৰি প্ৰতিটো জীৱ আৰু জড় পদাৰ্থ সকলো ক্ৰিয়া-কৰ্মৰ আঁৰত বিশ্ব খনিকৰৰে কৃপা বৰ্তমান। কাৰ্য তেওঁ, কাৰণো তেওঁয়েই। তেওঁৰ দয়াতেই সৃষ্টিৰ সকলো বৰ্তি আছে। জীৱ দিছে তেৱেঁই আৰু তেৱেঁই মৰুভূমিৰ শুকান বালিতো জীৱক জীৱন ধাৰনৰ উপায় দিছে। সাধাৰন এটি বীজ বা ভ্ৰূণৰ পৰা এজোপা প্ৰকাণ্ড মহীৰূহ বা পূৰ্ণ মানৱৰ গঠন তেৱেই সম্ভৱ কৰি তোলে। প্ৰকৃতি বিচিত্ৰ ৰূপৰ মাজতে তেওঁৰেই মহিমা লুকাই আছে। এই বিশ্ব সৃষ্টিকৰ্তাজন অখণ্ড শক্তিৰ অধিকাৰি যি তিল তিলকৈ পৃথিৱীখন গঢ়ি তুলিছে। সেয়েহে কবিয়ে তেওঁক ‘বিশ্বখনিকৰ’ বুলি কৈছে।

3. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
“নিশ্চয় নিশ্চয় তেৱেঁ

(দেখা নায়ো যদি কেৱে)
অন্তৰ্যামী-সৰ্বজ্ঞান, বিশ্ব-আত্মা প্ৰাণ
সৰ্ব-ব্যপী, সৰ্ব শক্তিমান।
উত্তৰঃ উক্ত কবিতাফাকিৰ আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কবি মফিজুদ্দিন আহমদ হাজৰিকা দেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

এই কবিতাংশৰ মাধ্যমেৰে ভগৱানৰ অন্তৰ্যামী, সৰ্বজ্ঞানী আৰু সৰ্ব শক্তিমান গুণৰাজিৰ মাধ্যমেৰে তেওঁ সকলো বিষয়তে থকা সন্দৰ্ভত নিশ্চয়তা প্ৰকাশ কৰিবলৈ বিচৰা হৈছে।

কবিজনাৰ মতে যদিও কোনেও বিশ্বখনিকৰ অৰ্থাৎ ভগৱানক দেখা পোৱা নাই, তথাপি এই বিষয়ত নিশ্চিত যে এই ত্ৰিজগত সৃষ্টিকাৰী কোনো এজন আছে। তেওঁয়েই হৈছে ভগৱান অৰ্থাৎ বিশ্বখনিকৰ। তেওঁ অন্তৰ্যামী আৰু সৰ্বজ্ঞানী। তেওঁ বিশ্বত জীয়াই থকা সকলো আত্মাৰে প্ৰাণস্বৰূপ। তেওঁ সৰ্বব্যাপী আৰু সৰ্বশক্তিমান যিজন সৃষ্টি, স্থিতি আৰু প্ৰলয়ৰ গৰাকী। জীৱজগত আৰু জড়জগত তেওঁৰেই সৃষ্ট আৰু পৰিচালনা হৈ আছে। সেয়ে কবিয়ে নানান গুণৰে উপমা দি তেওঁ সকলোতে বিৰাজমান হৈ থকা বিষয়ত কবিতাফাঁকিত নিশ্চয়তা প্ৰকাশ কৰিছে।”

READ MORE  বাক্যৰ পৰিৱৰ্তন |অসমীয়া ব্যাকৰণ| Transformation of Sentences

Long Type Questions and Answers (5 Marks)

1. ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?
উত্তৰঃ ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবি মফিজুদ্দিন আহমদ হাজৰিকাই প্ৰকৃততে বিশ্ব খনিকৰূপী এক পৰম সত্তাৰ কথা ক’ব বিচাৰিছে।

অসমীয়া ৰোমান্টিক কাব্যধাৰাৰ আধাত্মবাদী, জীৱন দৃষ্টিসম্পন্ন, নিষ্ঠাবান, চিন্তাশীল সাধক কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ এটি উল্লেখযোগ্য কবিতা। ৰোমান্টিক যুগৰ নতুন চিন্তাধাৰাৰ পোহৰত ভাৰতীয় দৰ্শনক আবগাহন কৰি কবি আহমদ হাজৰিকাই ব্ৰহ্মাৰ অখণ্ড, অনন্ত, সৰ্বশক্তিমান ৰূপৰ কথা কবিতাটিত বৰ্ণনা কৰিছে। ‘ব্ৰহ্মসত্য জগত মিথ্যা’ – এই তত্ত্বক সাৰোগত কৰি বেদান্ত দৰ্শনৰ বুকুত ব্ৰহ্মৰ নিৰ্গুণ ৰূপত উপস্থাপন কৰা হৈছে। এই নিগুৰ্ণ ব্ৰহ্মই হৈছে জগতৰ স্ৰষ্টাস্বৰূপে অতীতৰো অতীত একমাত্ৰ পৰম সত্য। জগতৰ সৃষ্টি-স্থিতি আৰু লয়ৰ মূল কাৰণ নিৰাকাৰ বিশ্বখনিকৰ পৰম ব্ৰহ্ম। তেওঁৰ দ্বাৰাই যে পশু-পক্ষী, মানৱ, গছ-লতিকা পৰিপূৰ্ণ সুন্দৰ-সুখময় জগতখন সৃষ্টি হৈছে সেইকথা কবিতাটিৰ মাজেদি প্ৰকাশ কৰিছে।

ব্ৰহ্মই সৃষ্টি কৰা বিশ্বজগতখনৰ মহিমা অপাৰ। জীৱজগত তথা জড় জগতত তেওঁৱেই যাদুকৰী হাতৰ স্পৰ্শ দেখা যায়। তেওঁ সৃষ্টি কৰিছে বাবে তেওঁৱেই বিশ্বখনিকৰ স্বৰূপত ব্ৰহ্ম নিৰ্গুণ, নিৰাকাৰ, সৎ, অন্তযামী, সৰ্বব্যাপী বিশ্বপ্ৰাণ, বিশ্বআত্মা স্বৰূপ। এই ব্ৰহ্মাণ্ডৰ সকলো বস্তুৰ মাজত পাৰস্পৰিক ভাৰসাম্য ৰাখিছে দয়া, স্নেহ, কৰুণা, আদিৰে তেওঁ সকলোকে সাৱটি ৰাখিছে। সত্ত্বঃ ৰজঃ তমো এই ত্ৰিগুণ সৃষ্টি কৰি জগতখন তেৱেঁই ধৰি ৰাখিছে। সৃষ্টিকৰ্তাত তেৱেঁই, বিনাশক তেৱেঁই। এই সকলোবিলাক গুণৰ উৰ্দ্ধত থাকি তেওঁ সকলো কাল আৰু অৱস্থাতে নিৰ্যিপ্ত হৈ থাকে। ভাৰতীয় দৰ্শনৰ এনে সূক্ষ্ম ভাব কবিতাটোত প্ৰকাশ পাইছে।

2. সত্ত্বঃ ৰজঃ তমো গুণ সম্পৰ্কে বুজাই লিখা।
উত্তৰঃ তিনিটা গুণ হৈছে- সত্ত্বঃ ৰজঃ আৰু তমো গুণ যি শক্তিতে জগতৰ স্থিতি আৰু লয় বিৰাজমান হয়।
সত্ত্বঃ গুণ সুখদায়ক আৰু জ্ঞানাত্মক হয় যিয়ে জীৱক সুখত আসক্তি কৰে আৰু মুগ্ধ কৰে। এই গুণৰ অধিকাৰী হ’লে জ্ঞান আৰু সুখ পোৱা যায়।
ৰজঃ গুণ ৰাগাত্মক যি মানুহক বিষয়ত আসক্ত কৰে। ৰজঃ গুণে দুখ নমাই আনে।
তমঃ গুণ অজ্ঞানৰ পৰা হয় আৰু এই গুণে জীৱৰ মোহৰ সৃষ্টি কৰে যিয়ে প্ৰমাদ, আলস্য আৰু নিদ্ৰাৰ জৰিয়তে সকলো ঢাকি ৰাখি জীৱক মোহপাশত বন্দী কৰে। তমঃ গুণে জীৱনলৈ অজ্ঞানতা নমাই আনে।

3. ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাৱ বা মূলভাৱটি লিখা।
উত্তৰঃ জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ এটি দাৰ্শনিক ভাবাপন্ন কবিতা। যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি, স্থিতিৰ লগতে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। সেই পৰম সত্তায়েহে সকলোকে এক আত্মীয়তাৰ জৰীৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। তেওঁৰ কথাতেই গ্ৰহ, তৰা, বেলি, জোন এই আটাইবোৰ ইটোৰ সিটোৰ লগত টনা-টনি কৰি বা সংস্পৰ্শত বৰ্তি আছে।

ল’ৰা-তিৰোতা, আই-ভাই এই সকলোকে লৈ এই জগতত মানুহে একো একোখন সংসাৰ ৰচিছে। এখিলা পাততো কিমান চিন, কিমান যশস্যাৰ কথা আছে। ওৰনিৰে তেওঁ মুখ ঢাকি ওচৰতে থাকে সেয়ে খেপিয়াই তেওঁক পাব নোৱাৰি। সত্ত্বঃ, ৰজঃ, আৰু তমোঃ তিনিও গুণ তেওঁতেই বিৰাজমান যদিও তেওঁ নিৰ্গুণ। যেনিয়েই চোৱা যায় সকলোতে তেওঁৰ দয়াৰ পৰশ আনাৰ অনুভৱ হয়। তেৱেঁই মৰমৰ বৰষাৰে কুঁহি গজালিক সাৰ পানী দি এজোপা বিশাল গছ কৰি তোলে। তেওঁৰ কৃপাতেই এমাডিমা সন্তানবোৰ ডেকা তেজেৰে পাহোৱাল হৈ উঠে।

সেয়ে কবিয়ে কৈছে যে তেৱেঁই মানী, তেৱেঁই দানী, তেৱেঁই দান, তেৱেঁই কৰ্মী, তেৱেঁই কাম, খেতি-খেতিয়ক, জ্ঞান, তীখা, শান, ধৰ্ম, ধৰ্মী, বুধি-বুধিয়ক, পানী, মাছ, যোগী, তপস্বী, ধনী, ধন তেৱেঁই সকলো, তেওঁ বিশ্বখনিকৰ, তেৱেঁই অন্তযাৰ্মী সৰ্বজ্ঞান, বিশ্ব-আত্ম প্ৰাণ, তেওঁ সৰ্বব্যাপি সৰ্বশক্তিমান। এয়াই কবিতাটিৰ মূলভাৱ।

4. ‘বিশ্বখনিকৰ’ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া।
উত্তৰঃ‘বিশ্বখনিকৰ’ কবিতাটি জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ দাৰ্শনিক তথা আধ্যাত্মিক ভাবাপন্ন কবিতা। এই দৰ্শনৰ মূল হিচাপে বেদ-বেদান্তৰ ঘাই কথা ‘ব্ৰহ্ম সত্য জগৎ মিথ্যা’ এই তত্ত্বটোকে কবিতাটিত প্ৰতিফলিত কৰিছে ৷ এই তত্ত্বমতে এই ব্ৰহ্মাণ্ডত পৰমেশ্বৰৰ বাদে একো নাই। তেৱেই সত্ত্বঃ, ৰজঃ, তমো এই ত্ৰিগুণৰ মাজেৰে পৃথিৱীৰ সকলো বস্তুতে স্থিতি লৈ আছে। সকলো গুণৰ মাজত থাকিও তেওঁ তাৰ উৰ্দ্ধত। কবিয়ে ওৰণিৰে মুখ ঢাকি’ থকা কথাটোৰ মাজেৰে বেদান্ত ‘মায়া’ৰ বিষয়ে উল্লেখ কৰিছে। আচলতে মায়াও তেওঁৰেই সৃষ্টি কিন্ত মায়াৰ আৱৰণৰ বাবেই এই পাৰ্থিব পৃথিৱীৰ দৃশ্যমান বস্তুবোৰক সঁচা বুলি ভাবো আৰু তাত থকা পৰমেশ্বৰৰ অস্তিত্বৰ উমান নাপাওঁ। কিন্ত মায়াৰ আৱৰন ভেদ কৰি চালে দেখা যাব যে এই পৃথিৱীৰ সকলোতে তেওঁৰেই ৰূপ, তেওঁ সৰ্বব্যাপী, সৰ্বশক্তিমান আৰউ একমাত্ৰ সত্য, ‘বিশ্বখনিকৰ’। এইদৰে ‘বিশ্বখনিকৰ’ কবিতাটিত আধ্যাত্মিক দৰ্শনৰ এক চমু আভাস প্ৰকাশিত হৈছে।

5. ‘বিশ্বখনিকৰ’ কবিতাটিৰ কবিৰ চমু পৰিচয়দাঙি ধৰা।
উত্তৰঃ ‘বিশ্বখনিকৰ’ কবিতাটিৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হৈছিল 1870 চনত ডিব্ৰুগড়ত। 1896 চনত তেওঁৰ কবিতা পুথি ‘জ্ঞানমালিনী’ প্ৰকাশ পাইছিল আৰু প্ৰকাশ পোৱাৰ লগে লগে কবিতাসমূহে সাহিত্যিকসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰে। ‘জ্ঞানমালিনী’ কবিতাপুথিখনৰ বাবেই মফিজুদ্দিন আহমদ হাজৰিকাই অসমীয়া সাহিত্যজগতত ‘জ্ঞনমালিনীৰ কবি’ ৰূপে জনাজাত। তেওঁৰ মৃত্যুৰ পিছত অপ্ৰকাশিত কবিতাসমূহ গোটাই ‘তত্ত্ব পাৰিজাত’ নাম দি কাব্যপুথি এখন প্ৰকাশ কৰা হৈছে।

1930 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ গোলাঘাট অধিবেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1958 চনত তেওঁৰ মৃত্যু হয়। অসমীয়া ভাষাত ছুফী সাধকসকলৰ ভাবধাৰা প্ৰথম তেওঁৰ কবিতাতে প্ৰকাশ পায়।

Leave a Comment

error: Content is protected !!
Scroll to Top