আঘোণৰ কুঁৱলী (Aghunor Kuwoli) | Assam Class 12 Assamese (MIL) (অসমীয়া) Solutions | MCQs, Very Short, Short and Long Type Questions and Answers | Assam HS 2nd Year Assamese (MIL) Questions and Answers | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ অসমীয়া সমাধান | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া প্ৰশ্ন-উত্তৰ | Assam Class 12 Important Questions and Answers | AHSEC HS 2nd Year Assamese (MIL) Textbook Solutions | Sahitya Sourav XII | সাহিত্য সৌৰভ


আঘোণৰ কুঁৱলী
কবি- কেশৱ মহন্ত

আঘোণৰ কুঁৱলী কবিতাটিৰ মূলভাৱ লিখা।
মূলভাৱঃ আঘোণৰ কুঁৱলী’ কবিতাত কবি কেশৱ মহন্তই আঘোণৰ পথাৰৰ এটি মন পৰশা চিত্ৰ অংকণ কৰিছে। ড° মহেশ্বৰ নেওগৰ দ্বাৰা সম্পাদিত ‘সঞ্চয়ণ’ৰ পৰা এই কবিতাটি লোৱা হৈছে। পাঠটিৰ মাজেৰে এফালে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান আৰু আনফালে আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবোধ সৃষ্টি হৈছে তাৰ সহজ প্ৰকাশ ঘটিছে।আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে। ডাঠ কুঁৱলীৰ আৱৰণে কবিক একোকে নমনা কৰি তুলিছে। কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰনীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন। মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেতেন। লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আৰু প্ৰাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেতেন। সোতৰ বছৰীয়া ভৰ যৌৱনা গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে ‘যাঃ’ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি আগ্ৰহী।

আঘোণৰ পথাৰত দাৱনীসকলৰ লগতে সকলোৱে কামত ব্যস্ত থাকে। আঘোণৰ আকাশেদি উৰুলিকৃত হৈ কোনোবা বিললে বনৰীয়া হাঁহজাক জাক পাতি উৰি যায়। আঘোণৰ বাটটো কুৱলীৰ ঢকা। মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্ৰশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো ? আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল। কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল।

Very Short Type Questions and Answers (1 Marks)

1. ‘পছোৱা’ আলোচনীখন কোনে সম্পাদন কৰিছিল?
উত্তৰঃ ‘পছোৱা’ আলোচনীখন হেম বৰুৱাই সম্পাদন কৰিছিল।

2. কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিখনৰ নাম হ’ল—‘আমাৰ পৃথিৱী’।

3. কেশৱ মহন্ত ৰচিত গীতৰ সংকলখনিৰ নাম লিখা।
উত্তৰঃ কেশৱ মহন্ত ৰচিত গীতৰ সংকলখনিৰ নাম হ’ল— ‘মোৰ যে কিমান হেঁপাহ’।

4. কেশৱ মহন্তই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অহাদেমি বঁটা লাভ কৰে?
উত্তৰঃ কেশৱ মহন্তই ‘মোৰ যে কিমান হেঁপাহ’ নামৰ গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰে ৷

5. কেশৱ মহন্তই কোন চনত জন্ম লাভ কৰিছিল?
উত্তৰঃ কেশৱ মহন্তই 1926 চনৰ 20 জানুৱাৰীত জন্ম লাভ কৰিছিল।

6. কেশৱ মহন্তই তেওঁৰ কৰ্মজীৱন কোনখন শিক্ষানুষ্ঠানত আৰম্ভ কৰিছিল?
উত্তৰঃ কেশৱ মহন্তই তেওঁৰ কৰ্মজীৱন জামুগুৰিহাট হাইস্কুলত আৰম্ভ কৰিছিল।

READ MORE  সমাৰ্থক শব্দ | Samarthak Shobdo | Synonyms in Assamese

7. আঘোণৰ কুঁৱলীয়ে কি ভেটিছে?
উত্তৰঃ আঘোণৰ কুঁৱলীয়ে বাট ভেটিছে।

8. অৰ্থ লিখা।
ডাঙৰি, ৰাগি, তৰা-জৰী, পতা-সোণ।

উত্তৰঃ

শব্দঅৰ্থ
ডাঙৰিধানৰ সৰু সৰু মুঠি একেলগ কৰি বন্ধা ডাঙৰ মুঠা ৷
ৰাগিনিচা, মাদকতা
তৰা-জৰীতৰা গছৰ জৰী
পতা-সোণসোণাৰীয়ে পিটি পাতল কৰা সোণ ৷

Short Type Questions and Answers (2/3 Marks)

1. আঘোণৰ পথাৰত দাৱনীৰ কেনে ধৰণৰ কাম আছে বুলি কবিয়ে প্ৰকাশ কৰিছে?
উত্তৰঃ আঘোণৰ পথাৰত দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে। দাৱনীবোৰে নিজৰ নিজৰ কাচিৰ সৈতে মুঠি মুঠি ধান কাটে। দাৱনীৰ আন এক উল্লেখনীয় কাম হ’ল— তেওঁলোকে মুঠি মুঠি সোণ গুটি ধান কাটি ডাঙৰিৰ পৰিপেক্ষিতত সাজু কৰে। সেয়েহে কবি কেশৱ মহন্তই আঘোণৰ পথাৰত দাৱনীৰ আহৰি নোপোৱা কাম আছে বুলি অভিহিত কৰিছে।

2. আঘোণৰ পথাৰত কিহৰ ৰাগি আছে?
উত্তৰঃ আঘোণৰ পথাৰত আকাশৰ পৰা উৰুলিৰ ৰাগি বিদ্যমান হয়। কবি কেশৱ মহন্তই উল্লেখ কৰিছে যে দাৱনীবোৰে পথাৰত উৎসাহ উদ্দীপনাৰ সৈতে যি অতুলণীয় কাম-কাজ কৰে সেয়া এক ৰাগিৰ সৃষ্টি কৰে। কবিজনাৰ মতে এই ৰাগি সমগ্ৰ আকাশ জুৰি বিয়পি অৰ্থাৎ পৰিস্ফূৰ্ট হৈ আছে।

3. ‘জয়ন্তী’ আলোচনিখন কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত হৈছিল?
উত্তৰঃ ‘জয়ন্তী’ আলোচনিখন কমল নাৰায়ণদেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য দ্বাৰা সম্পাদিত হৈছিল।

4. পথাৰত সেউতীয়ে কৰা কেনে ধৰণৰ কামৰ গম ল’বলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে চমুকৈ লিখা।
উত্তৰঃ আঘোণৰ পথাৰত দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে। কবিয়ে পথাৰত থকা দাৱনীবোৰৰ মাজত তেওঁৰ কল্পনাৰ ‘সেউতীজনী’ৰ বিষয়ে উল্লেখ কৰিছে। তেওঁৰ সেউতীয়ে এমোকোৰা তামোল খাই ধান দাই থকাৰ ছবি উত্থাপন কৰিছে। তেওঁৰ কল্পনাৰ সোতৰ বছৰীয়া দাৱনীগৰাকী তামোলৰ পিকৰ সৈতে থকা ৰঙা ওঠ, ডালিম গুটিয়া দাতৰ হাঁহিটিয়ে ধান কাটি থকাৰ দৃশ্যটো ৰূমন্থন কৰিছে। অকলশৰীয়া ডাঙৰি বান্ধি থকা কবিয়ে সেউতীক অলপ সময় ৰ’বৰ বাবে অনুৰোধ কৰিছে। তেতিয়া সেউতীয়া কৃত্ৰিম হাঁহিৰ সৈতে ‘যাঃ বুলি ঠেলা মাৰিছে’। এনেধৰণৰ ৰোমান্তিক দৃশ্যসমূহৰ গম ল’বলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে।

5. আঘোণৰ পঠাৰত কি লুকাই থাকিল- চমুকৈ বুজাই লিখা।
উত্তৰঃ আঘোণৰ পথাৰৰ এক প্ৰতিকাত্মক স্মৃতিক কবি কেশৱ মহন্তই ৰূমন্থন কৰিছে। পূৰ্বৰ দৰে কবিজনাৰ আঘোণৰ পথাৰৰ সৈতে সম্পৰ্ক কমি গৈছে। আগৰ মনোমোহা সেই দাৱনীবোৰৰ বৰ্তমান লুপ্ত হৈছে। কবিৰ মনৰ সেই সেউতীও আজি নাই। এই সুন্দৰ দাৱনীবোৰ বিশেষকৈ সেউতীৰ সেই ধান কটা থকা সেই দৃশ্যবোৰ বৰ্তমান লুকাই গ’ল সকলোবোৰ জেন হেৰাল। কবিৰ মতে আঘোণৰ কুঁৱলীয়ে এই সকলোবোৰ ঢাক খুৱাই পেলাইছে বিশেষকৈ দাৱনি, ধাননি আদি। মানুহৰ জীৱনত সকলোবোৰ ম্লান হোৱাৰ দৰে কুঁৱলী জাকে সকলোবোৰ ঢাকি পেলাইছে।

6. ‘দেখিলোহেঁতেন বা পতা-সোণ পঠাৰত
লঘু পৰিহাস ময়
হাঁহিবোৰ তেউ হালধীয়া -” কথাষাৰ বুজাই লিখা।
উত্তৰঃ কুৱলীৰ বাবে কবিয়ে কিছু শুভক্ষণ হেৰুবলগীয়া হৈছিল ৷ অন্যথা তেওঁ আশা কৰা শুভ ৰোমান্টিক মূহূৰ্তৰ কথা এই কবিতাংশৰ মাধ্যমেৰে প্ৰকাশ কৰিছে।

আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে। ডাঠ কুঁৱলীৰ আৱৰণে কবিক একোকে নমনা কৰি তুলিছে।

READ MORE  কাঠমিস্ত্ৰিৰ ঘৰ | Class 12 Assamese (MIL) - AHSEC

কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰনীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন। মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেতেন। লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আৰু প্ৰাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেতেন। সোতৰ বছৰীয়া ভৰ যৌৱনা গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে ‘যাঃ’ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি অতিকৈ আগ্ৰহী আছিল। কিন্তু কুঁৱলীৰ বাবে সকলো বিফলে গ’ল।

Long Type Questions and Answers (4 Marks)

1. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
আঘোণৰ পথাৰত দাৱনীৰ কাম আছে

মুঠি মুঠি ডাঙৰি ডাঙৰি,
কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম।
উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’’ নামৰ কবিতাটোৰ তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰত দাৱনীৰ লানি নিছিগা কামৰ সম্পৰ্কৰ প্ৰসংগ ব্যক্ত কৰিছে

আঘোণৰ পথাৰত দাৱনীৰ তল মূৰ ওপৰ কৰিব নোৱাৰা নিচিনাকৈ কাম থাকে। দাৱনীবোৰে নিজৰ নিজৰ কাচিৰ সৈতে মুঠি মুঠি ধান কাটে। দাৱনীৰ আন এক উল্লেখনীয় কাম হ’ল— তেওঁলোকে মুঠি মুঠি সোণ গুটি ধান কাটি ডাঙৰিৰ পৰিপেক্ষিতত সাজু কৰে। সেয়েহে কবি কেশৱ মহন্তই আঘোণৰ পথাৰত দাৱনীৰ আহৰি নোপোৱা কাম আছে বুলি এই কবিতাংশত অভিহিত কৰিছে।

2. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
আঘোণৰ আকাশেদি কোনোবা বিললে

মন কাঢ়ি বন-হাঁহ জাকি মাৰি গ’ল।……
ৰাগি আছে
আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।
উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’’ নামৰ কবিতাটোৰ তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰৰ আকাশৰ পৰিস্ফূৰ্ট হোৱা এক অন্যতম ৰাগিৰ কথা ব্যক্ত কৰিছে ৷

আঘোণৰ পথাৰত আকাশৰ পৰা এক উৰুলিৰ ৰাগি বিদ্যমান হয়। কবি কেশৱ মহন্তই উল্লেখ কৰিছে যে দাৱনীবোৰে পথাৰত উৎসাহ উদ্দীপনাৰ সৈতে যি অতুলণীয় কাম-কাজ কৰে সেয়া এক ৰাগিৰ সৃষ্টি কৰে। কবিজনাৰ মতে এই ৰাগি সমগ্ৰ আকাশ জুৰি বিয়পি অৰ্থাৎ পৰিস্ফূৰ্ট হৈ আছে।

3. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
আঘোণৰ কুঁৱলীত ধাননী লুকালে

আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে
আঘোণৰ কুৱলীতে সেউতী হেৰালে
ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল।
উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্ত দ্বাৰা ৰচিত ‘আঘোণৰ কুঁৱলী’’ নামৰ কবিতাটোৰ তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আঘোণৰ পথাৰত কুঁৱলীয়ে কৰা আমনি আৰু অসুবিধাসমূহৰ প্ৰসংগ ব্যক্ত
কৰিছে।

আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে। কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰনীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন। মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেতেন।

আঘোণৰ বাটটো কুৱলীৰ ঢকা। মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্ৰশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো ? আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল। কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল।

এইদৰে কবিয়ে উল্লেখ কৰিছে যে কুঁৱলীৰ বাবে ধাননী লুকালে, দাৱনী ঢাকিলে, সেউতী হেৰালে আৰু ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল।

READ MORE  হস্তিবিদ্যাৰ্ণৱ পুথি | Class 12 Assamese (MIL) - AHSEC

Long Type Questions and Answers (4/5 Marks)

1. ‘আঘোণৰ কুঁৱলী’ত সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা।
উত্তৰঃ ‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ মাজেৰে এফালে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান আৰু আনফালে আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবোধ সৃষ্টি হৈছে তাৰ সহজ প্ৰকাশ ঘটিছে।

মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও কবিয়ে দেখিলেহেতেন যদি কুঁৱলীজাক নাথাকিলেহেতেন। লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আৰু প্ৰাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেতেন।

সোতৰ বছৰীয়া ভৰ যৌৱনা গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে ‘যাঃ’ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি আগ্ৰহী। মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্ৰশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো ? আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল। কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল। এইদৰে ‘আঘোণৰ কুঁৱলী’ত সহজ সৰল প্ৰেমৰ চিত্ৰ সুন্দৰভাৱে অংকিত হৈছে।

2. আঘোণৰ কুঁৱলী নথকা হ’লে কবিয়ে পথাৰত কেনে ধৰণৰ দৃশ্য দেখিলেহেঁতেন বুজাই লিখা। (উত্তৰৰ
দ্বিতীয় দফাটো)
অথবাঃ আঘোণৰ পথাৰৰ মন-পুশা চিত্ৰ ‘আঘোণৰ কুঁৱলী’ত কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। (উত্তৰৰ দ্বিতীয় আৰু তৃতীয় দফাটো)
অথবাঃ ‘আঘোণৰ কুঁৱলীত’ এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবি অন্তৰৰ বিষাদবোধ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। (উত্তৰৰ দ্বিতীয় আৰু তৃতীয় দফাটো)
অথবাঃ ‘আঘোণৰ কুঁৱলী’ কবিতাটিৰ মূলভাৱ লিখা। (উত্তৰৰ সকলোবোৰ)
উত্তৰঃ আঘোণৰ কুঁৱলী’ কবিতাত কবি কেশৱ মহন্তই আঘোণৰ পথাৰৰ এটি মন পৰশা চিত্ৰ অংকণ কৰিছে। ড° মহেশ্বৰ নেওগৰ দ্বাৰা সম্পাদিত ‘সঞ্চয়ণ’ৰ পৰা এই কবিতাটি লোৱা হৈছে। পাঠটিৰ মাজেৰে এফালে আঘোণৰ পথাৰৰ সোণবৰণীয়া ধাননিৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান আৰু আনফালে আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত যি বিষাদবোধ সৃষ্টি হৈছে তাৰ সহজ প্ৰকাশ ঘটিছে।

আঘোণৰ কুঁৱলীয়ে বাট ভেটি কবিক আমনি কৰিছে। ডাঠ কুঁৱলীৰ আৱৰণে কবিক একোকে নমনা কৰি তুলিছে। কবিৰ ভাব হয় কুঁৱলী নথকা হ’লে তেওঁ সোণবৰনীয়া ধানৰ মনোমোহা দৃশ্য দেখিলেহেঁতেন। মূৰত আধাবন্ধা খোপায়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা দাৱনীৰ লিহিৰি আঙুলিৰ চিক চিকীয়া কাচিৰে কেচ কেচকৈ মুঠি মুঠি ধান কাটি থকাৰ দৃশ্যও তেওঁ দেখিলেহেতেন। লগতে, লঘু পৰিহাসময় হাঁহিৰে দাৱনী সকলে ইটিয়ে সিটিক জোকোৱা আৰু প্ৰাণ চঞ্চলময় মধুৰ ধেমালিবোৰ কবিয়ে দেখিব পালেহেতেন। সোতৰ বছৰীয়া ভৰ যৌৱনা গাভৰুহঁতে তামোলৰ পিকেৰে ওঠ ৰঙা কৰি হাঁহিৰে চঞ্চলা মনে ‘যাঃ’ বুলি ঠেলা মাৰি কৰা অকপট ধেমালিবোৰ চাবলৈ কবি আগ্ৰহী।

আঘোণৰ পথাৰত দাৱনীসকলৰ লগতে সকলোৱে কামত ব্যস্ত থাকে। আঘোণৰ আকাশেদি উৰুলিকৃত হৈ কোনোবা বিললে বনৰীয়া হাঁহজাক জাক পাতি উৰি যায়। আঘোণৰ বাটটো কুৱলীৰ ঢকা। মনহাঁহ খেদি বনশেষ হ’ল, কবিৰ বৌয়েকে কবিক সেউতিৰ কথা কৈছিল, কিন্তু কবিৰ মনত প্ৰশ্ন জাগিছে যে তেওঁৰ কথা সেউতীক কৈছিল জানো ? আঘোণৰ কুঁৱলীত ধাননি লুকালে, দাৱনিক ঢাকিলে, সেউতীও হেৰাল। কবিক উপেক্ষিত কৰি হাতৰ তৰাজৰী হাততে থাকিল।

Leave a Comment

error: Content is protected !!
Scroll to Top