ণত্ব বিধি আৰু ষত্ব বিধি | Natba Bidhi Aru Khatba Bidhi | অসমীয়া ব্যাকৰণ | Assamese Grammar with Solutions

ণত্ব বিধি আৰু ষত্ব বিধি

1. ণত্ব বিধি কাক বোলে? উদাহৰণৰ সৈতে বুজাই লিখা।
উত্তৰঃ ণত্ব বিধিঃ যি বিধি বা নিয়মৰ দ্বাৰা শব্দ একোটাৰ দন্ত্য ‘ণ’ ইমূৰ্ধণ্য ‘ণ’ ৰূপ লয়, তাকে ণত্ব বিধি বােলা হয়।
ণত্ব বিধিৰ প্ৰধান নিয়মবােৰ হ’ল—
১। একেটা পদতে থকা ঋ, ৰ আৰু যৰ পাছত থকা দন্ত্য ‘ণ’, মূৰ্ধণ্য ‘ণ হয় যেনেঃ ঋণ, তৃণ, বৰষুণ, বৰ্ণ, কৃষ্ণ ইত্যাদি।

২। একেটা পদতে থকা ঋ, ৰ, ষ আৰু দন্ত্য ‘ণ’-ৰ মাজত স্বৰবৰ্ণ, ক-বৰ্গ বা প-বৰ্গ বা প-বৰ্গৰ কোনাে বৰ্ণ বা যৱ, হ আৰু অনুস্বাৰৰ ব্যৱধান থাকিলেও দন্ত্য ‘ণ’ মূৰ্ধণ্য ‘ণ’ হয়। যেনেঃ কৃপণ, গ্ৰহণ। ৰুক্মিণী, পাষাণ ইত্যাদি।

৩। ট-বৰ্গযুক্ত কোনাে বৰ্ণৰ লগত যুক্ত হলে দন্ত্য ‘ণ’, মূৰ্ধণ্য ‘ণ’ হয়। যেনেঃ ঘন্টা, অণ্ড, বিষন্ন ; কণ্টক, পিণ্ড ইত্যাদি।

৪। উত্তৰ, দক্ষিণ, চান্দ্ৰ, পৰ, নাৰ, ৰাম আদি শব্দৰ পাছত থকা অয়ন শব্দৰ দন্ত্য ‘ণ’, মূৰ্ধণ্য ‘ণ’ হয়। যেনেঃ ৰামায়ণ, উত্তৰায়ণ, পৰায়ণ ইত্যাদি।

৫। প্ৰ, পূৰ্ব, পৰ, অপৰ আদি শব্দৰ পাছত থকা ‘অহ্ন’ শব্দৰ দন্ত্য ‘ণ’, মূৰ্ধণ্য ‘ণ’ হয়। যেনেঃ প্ৰাদু, পূৰ্বাহ্ন ইত্যাদি।

৬। প্ৰ, পৰা, পৰি, নিৰ আদি উপসৰ্গৰ পাছত থকা নাম,নী আদিন কাৰাদি ধাতুৰ দন্ত্য ‘ণ’, মূৰ্ধণ্য ‘ণ’ হয়। যেনেঃ প্ৰণাম, প্ৰণয়, নিৰ্ণয়, পৰিণাম ইত্যাদি।

৭। অক্ষ’ শব্দৰ পাছত থকা উহিনী’ শব্দৰ দন্ত্য নি’আৰু শ শব্দৰ পাছত থকা নখ’ শব্দৰ দন্ত্য ন’আৰু শূৰ্প’শব্দৰ পাছত থকানখ’শব্দৰ দন্ত্য ন’, মূৰ্ধণ্য ‘ণ’ হয়। যেনেঃ অক্ষৌহিণী, শূৰ্পণখা ইত্যাদি।

৮। কিছুমান শব্দৰ স্বাভাৱিকতে মূৰ্ধণ্য ‘ণ’ হয়। যেনেঃবাণিজ্য, বাণী, বীণা, কণিকা, গুণ, গণ, চাণক্য ইত্যাদি।

2. তলত কিছুমান শব্দত ‘ণ’ ব্যৱহাৰ হােৱাৰ কাৰণ উল্লেখ কৰা।
উত্তৰঃ বৰষুণ = স্বৰবৰ্ণ ‘উ’ৰ ব্যৱধান থাকিলেও ‘ষ’ ৰ পাছত থকা বাবে ‘ন, মূৰ্ধণ্য ‘ণ’ হৈছে।
প্ৰণাম = প্ৰ-উপসৰ্গৰ পাছত হােৱা বাবে দন্ত্য ‘ন’,মূৰ্ধণ্য ‘ণ’ হৈছে।।
শূৰ্পণখা = ‘শূৰ্প’ শব্দৰ পাছত থকা নিখা’ শব্দৰ বাবে দন্ত্য ন’, মূৰ্ধণ্য ‘ণ’ হৈছে।
কৰ্ণ = ‘ৰ’ ৰ পাছত থকা বাবে দন্ত্য ‘ন’, মূৰ্ধণ্য ‘ণ’ হৈছে।
বিষগ্ন = টবৰ্গৰ বৰ্ণ ‘ণ’ৰ লগত যুক্ত হােৱা বাবে দন্ত্য ‘ন’, মূৰ্ধণ্য ‘ণ’ হৈছে।
কৃষ্ণ = ষ’বৰ্ণৰ সৈতে যুক্ত দন্ত্য ‘ন’, মূৰ্ধণ্য ‘ণ’ হৈছে।
নিৰ্ণয় = ‘নিৰ’-উপসৰ্গৰ পাছতন-কাৰাদি ধাতু থকা বাবে দন্ত্য ‘ন’,মূৰ্ধণ্য ‘ণ’ হয়।
ৰামায়ণ = ৰাম’ শব্দৰ পাছত থকা অয়ন’শব্দৰ দন্ত্য ‘ন’, মূৰ্ধণ্য ‘ণ’ হৈছে।
গুণ = স্বাভাৱিকতে মূৰ্ধণ্য ‘ণ’ হৈছে।
ঋণ = ‘ঋৰপাছত থকা বাবে দন্ত্য ‘ন’, মূৰ্ধণ্য ‘ণ’ হৈছে।

READ MORE  সমাস |Shomash| অসমীয়া ব্যাকৰণ | Compound in Assamese Grammar

3. ষত্ব বিধি কাক বোলে? উদাহৰণৰ সৈতে বুজাই লিখা।
উত্তৰঃ ষত্ব বিধিঃ যি বিধি বা নিয়মমতে ; দন্ত্য স’ই মূৰ্ধণ্য ষ’ৰ ৰূপ লয়, তেনে বিধিক ষত্ব বিধি বােলে। ষত্ব বিধিৰ প্ৰধান নিয়মবােৰ হ’ল—

১। অ, আৰ বাহিৰে অন্য স্বৰ্ণ ‘ক’নাইবা ৰ’ৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য ‘স’,মূৰ্ধণ্য ‘ষ’ হয়। যেনেঃ ঋষি, শ্ৰীচৰণেষু, মুমূৰ্ষ, ভৱিষ্যৎ, শুশ্ৰষা ইত্যাদি।

২। ট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত হােৱা দন্ত্য ‘স’, মূৰ্ধণ্য ‘ষ’ হয়। যেনেঃ কষ্ট , দুষ্ট, ওষ্ঠ, মিষ্ট ইত্যাদি।

৩। ই-কাৰান্ত বা উ-কাৰান্ত উপসৰ্গৰ পাছত স্থা, সিধ, সিচ, লস, আদি ধাতুৰ দন্ত্য ‘স’, মূৰ্ধণ্য ষ হয়। যেনেঃ নিষেধ, বিষাদ, প্ৰতিষ্ঠা, অভিলাষ, অনুষ্ঠান, নিষাদ, অভিষেক আদি।

৪। ভূমি, গাে, অংগু, দিবি শব্দৰ পাছত থকা স্থা’ শব্দৰ দন্ত্য স’ আৰু যুধি’ শব্দৰ পাছত থকা স্থিৰ শব্দৰ দন্ত্য স’, মূৰ্ধণ্য ষ’ হয়৷ যেনে 04 ভূমিষ্ঠ, গােষ্ঠ, অংগুষ্ঠ, যুধিষ্ঠিৰ, দিবিষ্ট ইত্যাদি।

৫। সু আৰু বি উপসৰ্গৰ পাছত থকা সম’শব্দৰ দন্ত্য স’, মূৰ্ধণ্য ষ’ হয়। যেনেঃ সুষম, বিষম ইত্যাদি।

৬। প্ৰত্যয় যােগ হলে হবিস’আৰু ‘চাক্ষুস্’ শব্দৰ দন্ত্য ‘স’, মূৰ্ধণ্য ‘ষ’ হয়। যেনেঃ হবিষ্য, চাক্ষুষ ইত্যাদি।

৭। কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধণ্য ‘ষ’ হয়। যেনেঃ ভাষা, বৰ্ষা,হৰ্ষ, দোষ,বিশেষ্য, ঘৰ্ষণ, কৃষক ইত্যাদি।

4. তলত কিছুমান শব্দত য’ ব্যৱহাৰ হােৱাৰ কাৰণ উল্লেখ কৰা।
উত্তৰঃ • পৰিষ্কাৰ = ই-স্বৰবৰ্ণৰ পাছত থকা বাবে ‘ষ’ হৈছে।
• প্ৰতিষ্ঠা = ইকাৰান্ত উপসৰ্গৰ লগত স্থা’ ধাতু থকা বাবে দন্ত্য ‘স’, মূৰ্ধণ্য ষ’ হৈছে৷
• ভূমিষ্ঠ = ‘ভূমি’ শব্দৰ পাছত থকা ‘স্থ’ শব্দৰ দন্ত্য ‘স’, মূৰ্ধণ্য য’ হৈছে।
• চাক্ষুষ = চাক্ষুস্ শব্দৰ দন্ত্য ‘স’, মূৰ্ধণ্য ‘ষ’ হয়।
• বিষম = বি-উপসৰ্গৰ পাছত থকা সমশব্দৰ বাবে দন্ত্য ‘স’, মূৰ্ধণ্য ষ’ হৈছে।
• নিঠুৰ = নি-উপসৰ্গৰ পাছত থকা ‘স্থ’ শব্দৰ দন্ত্য ‘স’, মূৰ্ধণ্য ষ’ হৈছে।
• বিভূষিত = ‘উ’-স্বৰবৰ্ণৰ পাছত থকা বাবে ‘য’ হৈছে।
• বিশেষ্য = স্বাভাৱিকতে মূৰ্ধণ্য ‘য’ হৈছে।
• বৰষুণ = ৰ’ ৰ পাছত থকা বাবে দন্ত্য ‘স’, মূৰ্ধণ্য ষ’ হৈছে।
• শুশ্ৰুষা = উ-স্বৰবৰ্ণৰ পাছত থকা বাবে মূৰ্ধণ্য ‘ষ’ হৈছে।।
• ওষ্ঠ = টবৰ্গৰ বৰ্ণ ঠৰ লগত যুক্ত হােৱা বাবে দন্ত্য ‘স’, মূৰ্ধণ্য ‘ষ’ হৈছে৷
• চেষ্টা = টবৰ্গৰ বৰ্ণৰ লগত যুক্ত হােৱা বাবে দন্ত্য ‘স’, মূৰ্ধণ্য ‘ষ’ হৈছে।

READ MORE  প্ৰত্যয় | অসমীয়া ব্যাকৰণ | Affix in Assamese Grammar

Leave a Comment

error: Content is protected !!
Scroll to Top