যতি চিহ্নৰ ব্যৱহাৰ | Jyoti Chihnor Byabohar | অসমীয়া ব্যাকৰণ | Assamese Grammar with Solutions

যতি চিহ্নৰ ব্যৱহাৰ

1. যতি চিহ্নৰ সংজ্ঞাঃ বাক্যবােৰৰ উপযুক্ত অৰ্থ প্ৰকাশ কৰাৰ সুবিধাৰ্থে আৰু বাক্যৰ মাধুৰ্যবালয় ৰক্ষাৰ্থে আমি ব্যৱহাৰ কৰা বিভিন্ন চিহ্ন। যেনেঃ দাৰি (৷), কমা (,), ছেমিকোলন (;), আদিক যতি চিহ্ন বােলে।

2. বাক্যত বিভিন্ন চিহ্নৰ ব্যৱহাৰ দেখুওৱা।
উত্তৰঃ (ক) কমা (,): টা বাক্য পঢ়োতে, যিটো শব্দৰ পাছত অলপ ৰ’ব লগা হয় তাতেই কমা (,) ব্যৱহাৰ কৰা হয়। যেনেঃ ৰাম, হৰি, মধু আৰুৰাধা ঘৰলৈ গ’ল৷ এই চিহ্নই শব্দৰ পৰস্পৰৰ সম্বন্ধ ৰক্ষা কৰে।

3. ছেমিকোলন (;): দুটা বাক্যৰ মাজত যদি পৰস্পৰ সম্বন্ধ থাকে, তেন্তে বাক্য দুটাৰ মাজত ছেমিকোলন (;) চিহ্ন ব্যৱহাৰ কৰা হয়। এনে ক্ষেত্ৰত প্ৰথম বাক্যটো সমাপিকা ক্ৰিয়াৰে শেষ হয় অথচ সম্পূৰ্ণ অৰ্থটো প্ৰকাশ নাপায় আৰু পাছৰ বাক্যটোৰ লগত অৰ্থ পূৰ্ণতাৰ সম্বন্ধ থাকে। এনে চিহ্ন বাক্যত থাকিলে বাক্যটো পঢ়োতে কমাতকৈ বেছি সময় ৰ’ব লাগে। যেনেঃ মােৰ বৰ ভােক লাগিছে:মােক ভাত দিয়া, আজিৰ অসমীয়া লােকসকল ভী; কিন্তু অতীজৰ অসমীয়াসকল বৰ সাহসী আছিল।

4. দাৰি (।): কোনাে এটা বাক্য শেষ হােৱা বুজালে, দাৰি (।) চিহ্ন ব্যৱহাৰ কৰা হয়। দাৰি চিহ্নই বক্তব্য ভাবটো সম্পূৰ্ণ হােৱা বুজায়। এই চিহ্ন ব্যৱহাৰ কৰিলে প্ৰায় দুটা আখৰ উচ্চাৰণ কৰাৰ সমান সময় ৰ’ব লাগে। যেনেঃ এতিয়া মই ভাত খাম। তাৰ পাছত শুবলৈ যাম ইত্যাদি।

5. প্ৰশ্নবােধক চিহ্ন (?): কোনাে প্ৰশ্ন কৰিলে বাক্যৰ শেষত ব্যৱহৃত হােৱা চিহ্নক প্ৰশ্নবােধক চিহ্ন বােলা হয়। যেনেঃ তােমাৰ ঘৰ ক’ত ?

6. ভাববােধক চিহ্ন (!): হৰ্ষ, বিষাদ, শােক, ভয়, আশ্চৰ্য আদি মনৰ আৱেগ বুজাবলৈ বাক্যৰ শেষত ব্যৱহাৰ হােৱা চিহ্নক ভাববােধক চিহ্ন বােলে। যেনেঃ উঃ! কি অসহ্য গৰম! বাঃ! বা!, কি ধুনীয়া ফ্ৰক! ইত্যাদি।

READ MORE  কাঠমিস্ত্ৰিৰ ঘৰ | Class 12 Assamese (MIL) - AHSEC

7. ডে চিহ্ন (-): কোনাে এটা বাক্যৰ লগত আন বাক্যৰ সম্পৰ্ক বুজাওঁতে নাইবা বাক্যৰ কোনাে অংশত বিশেষভাৱে জোৰ দিব লগা হ’লে ডে চিহ্নব্যৱহাৰ কৰা হয়। যেনেঃ সােণৰ দৰে বৰণ যাৰ – সােণাৱালী ইত্যাদি।

8. কোলন (: , ⦂): বাক্যত সত্ৰ লিখিলে বা আগৰ কথাখিনিৰ অৰ্থত কোলন (: , ⦂) ব্যৱহাৰ কৰা হয়। যেনেঃ পৰিকল্পনাঃ মনােজ জৈন; প্ৰকাশক : গ্ৰেট বুচ্ছ। ডিষ্টিবিউটৰ্ছ, শব্দৰ শেষৰ অংশ লােপহলেও এই চিন ব্যৱহাৰ কৰা হয়। যেনেঃ পূঃ 101

9. কোলন ডে চিহ্ন (:-): বাক্যত কোনাে কথাৰ উদাহৰণ দিওঁতে এই চিহ্ন ব্যৱহাৰ কৰা হয়। যেনেঃ- ভাল খাদ্যই শৰীৰ সুস্থ ৰাখে ইত্যাদি।

10. হাইফেন (-): সমাসৰ সমস্যমান পদ দেখুৱাওঁতে, বিপৰীত শব্দৰ যােৰা বুজাবলৈ, অনুৰূপ, অনুকাৰ আদি শব্দ বুজাওঁতে হাইফেন ব্যৱহাৰ কৰা হয়। যেনেঃ পিতা-মাতা, বুঢ়া-বুঢ়ী ইত্যাদি।

11. ঊধ্ব কমা (“ ”): ঊৰ্ধ্ব কমা সাধাৰণতে আনৰ কথাৰ হুবহু উদ্ধৃতি দিওঁতে ব্যৱহাৰ কৰা হয়৷ আকৌ পটোতাৰ কোনাে কথাত মনােযােগ আকৰ্ষণ কৰিবলৈও এই চিহ্ন ব্যৱহাৰ । কৰা হয়। যেনেঃ মায়ে মােক সুধিলে, “তুমি ভাত খালানে?” ইত্যাদি।

12. বন্ধনী চিহ্নঃ বন্ধনী চিহ্ন সাধাৰণতে তিনি প্ৰকাৰৰ—
(ক) চন্দ্ৰ বন্ধনী ()
(খ) কুটিল বন্ধনী ({})
(গ) বৰ বন্ধনী ([])

(ক) চন্দ্ৰ বন্ধনী (): কোনাে কথাৰ বিশেষ অৰ্থ বুজাবলৈ বাক্যত ব্যৱহাৰ কৰা । চিহ্নক চন্দ্ৰ বন্ধনী বােলে।
যেনে— মই আজি ইয়ালৈ (গুৱাহাটীলৈ) আহিলোঁ। ইত্যাদি।

(খ) কুটিল বন্ধনী {}: এই চিহ্নডাল বাক্যত সোঁ বা বাওঁফালে কিছুমান কথা লিখি তাৰ বিপৰীত ফালে উমৈহতীয়া কথা লিখি ব্যৱহাৰ কৰা হয়।

(গ) বৰ বন্ধনী []: এই চিহ্নডাল সাধাৰণতে গণিত শাস্ত্ৰত অধিকভাৱে ব্যৱহৃত হােৱা দেখা যায়। বাক্যত ইয়াৰ ব্যৱহাৰ কম।

Leave a Comment

error: Content is protected !!
Scroll to Top