মিছা কথাৰ ঠেং চুটি | ফকৰা যোজনা

মিছা কথাৰ ঠেং চুটিঃ এই প্রবচনৰ আক্ষৰিক অৰ্থ নাই। এই প্রবচনটিৰ দ্বাৰা মিছা কথা কোৱা লোক এদিন ধৰা পৰি যে লঘু লাঞ্ছনা খাব লগাত পৰে, তাকে বুজোৱা হৈছে। ঠেং চুটি মানুহে বেগাই খোজ কাঢ়িব নোৱাৰে। কিছু দূৰ গ’লেই ভাগৰি পৰে।

সেইদৰে মিছা কথা কৈও সৰহদিন চলিব নোৱাৰি, ধৰা পৰে আৰু ধৰা পৰিলেই লোকৰ আস্থা হেৰুৱায়। নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে বহুতে মিছাৰ আশ্ৰয় লয় আৰু পোনতে ইয়াৰ দ্বাৰা কিছু কৃতকাৰ্য হোৱা যেনো পায়। তদুপৰি এবাৰ কিবা কথাত মিছাৰ আশ্ৰয় ল’লে, তাৰ চেলুতে আৰু অধিক মিছা কোৱাৰ প্ৰয়োজন।

আনহাতে, প্রথমতে বুজি নাপালেও পিছত মিছলীয়া লোকৰ কথা সকলোৱে বুজি পায় আৰু কোনেও প্রশ্রয় নিদিয়া হয়। এনেকৈয়ে মিছলীয়াই শেহান্তত বিপদত পৰেগৈ।

READ MORE  আপোন ভালেই জগত ভাল | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top