য’তে বাঘৰ ভয় ত’তে ৰাতি হয় | ফকৰা যোজনা

য’তে বাঘৰ ভয় ত’তে ৰাতি হয়ঃ পুৰণি কালত আজিকালিৰ দৰে যাতায়তৰ সুচলৰ বাবে বিবিধ যান- বাহন নাছিল। সেই কালত অতি বেছি ঘোঁৰাত উঠি মানুহে দূৰৰ ঠাইলৈ যাতায়ত কৰিছিল। অধিক সময়ত খোজ কাঢ়িয়েই মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাতায়ত কৰিছিল।

এনে যাতায়তৰ ক্ষেত্ৰত অতিক্ৰম কৰিব লগা পথত ভয় কৰিব লগা কোনো ঠাই অতিক্ৰম কৰাৰ বাবে হাটৰুৱা-বাটৰুৱা সকলোৱে যত্ন কৰিছিল। কিন্তু দুর্ভাগ্যই লগ দিলে বাঘ বা হিংস্র জন্তুৰ ভয় থকা ঠাইতেই ৰাতি হয়। ইয়াৰ দ্বাৰা যি বিপদ এৰাই চলাৰ যত্ন কৰা হয়, সেই বিপদতে পৰাৰ কথা বুজাবলৈ যত্ন কৰা হৈছে।

READ MORE  চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top