অসমৰ বানপানী ৰচনা | Flood in Assam Essay

অসমৰ বানপানী ৰচনা | Axomor Banpani Rosona | অসমৰ বানপানী সমস্যা অসমীয়া ৰচনা | Flood in Assam Essay in Assamese for Class 10 and 12 | Assomor Banpani Essay


অসমৰ বানপানী সমস্যা

আৰম্ভণিঃ সুজলা-সুফলা, শস্য-শ্যামলা মলয়জ-শীতলা, গিৰিমালা-বিনন্দিতা, ৰম্যভূমি অসম প্ৰকৃতিৰ লীলাভূমি। প্রকৃতিয়ে অসমৰ বুকুত সােণ গজায়, সােণ ফলায়। কেঁচা সােণ, বগা সােণ, ক’লা সােণেৰে অসম ঐশ্বৰ্য্যমণ্ডিত। অসমৰ বালিয়ে, মাটিয়ে, নৈয়ে, জানে, জুৰিয়ে কেৱল সােণ আৰু সােণ। এই সােণ বুটলি বুটলি অসমীয়া জাতি এসময়ত ঐশ্বৰ্য্যশালী হৈছিল। কিন্তু “তেহি নাে দিবসা গতা”। আজি সােৱণশিৰীৰ বুকুৰ সােণ চেকুৰা কোনে বুটলিব ? মানে অসমীয়া জাতিৰ কঁকাল ভাগিলে; ইংৰাজে সােণৰ ভাণ্ডাৰ লুটি উদং কৰিলে ; অসমীয়া জাতি ধােদৰ বংশধৰ। বিদেশীয়ে অসমৰ বুকুৰ সোণ বুটলি লুটি নিছে। আজিৰ অসমীয়াই নির্জীৱ সৰীসৃপৰ কঙ্কাল লৈ নিঃসহায়ভাৱে ভেবা লাগি চাই আছে। কিয় ? কিয় ?

নদীমাতৃক অসম ভূমিত “সকলাে আছিল, সকলাে আছে।” কিন্তু একোৱেই নাই। ভাগ্য! ভাগ্যৰ বিপৰ্যয়। এই বিপর্যয় কোনে ঘটালে ? তাৰ উত্তৰ-নদীয়ে। নদীয়ে অসমক। সুজলা-সুফলা, শস্য-শ্যামলা কৰি, অসমৰ বুকুত সােণ গজাই জগতৰ ঈর্ষাৰ পাত্ৰ কৰি তুলিছিল ; আজি পুতৌৰ পাত্ৰ কৰি তুলিছে; অমােঘা গর্ত সম্ভূত, শান্তনু-কুল-নন্দন ব্ৰহ্মপুত্ৰৰ কুটিল দৃষ্টিয়ে অসমক জোলোকা জোলােকে পানী খুৱাই জীর্ণ-শীৰ্ণ কৰি তুলিছে। চিৰদিন অসমৰ কল্যাণকামী, হিত-সাধনকাৰী লুইতৰ বলীয়া বানে অসমৰ বুকুত প্রলয়ৰ সৃষ্টি কৰিছে। অসম ৰসাতলে যাওঁ যাওঁ ! 

বানপানীৰ কাৰণ আৰু বানপানীয়ে কৰা অপকাৰঃ চিৰদিন পানীৰে পৰিপুষ্ট লুইত আৰু ইয়াৰ উপনৈসমূহ বাৰিষা মৌচুমীয়ে বৰষি যােৱা প্রচুৰ জলধাৰাই ওফন্দাই তুলি বুৰঞ্জী-বিস্মৃত যুগৰেপৰা অসমত বানপানীৰ সৃষ্টি কৰি আহিছে। লুইত আৰু উপনৈবােৰৰ বগা পানীয়ে চিৰদিন অসম মাতৃৰ চৰণ ধুৱাই আহিছে আৰু ভৈয়ামৰ শস্যবােৰক খাদ্য-সম্ভাৰ যােগাই সেউজীয়া পথাৰৰ বুকুত সােণগুটি ফলাই আহিছে। কিন্তু কালৰ চকৰি ঘূৰে। চক্রবৎ ‘পৰিৱৰ্ত্তন্তে সুখানি চ দুঃখানি চ। আজিৰ অসমৰ বৰনৈ-উপনৈৰ বানে সােণ গুটি নফলায় ; ধ্বংস কৰে। কুৰি শতিকাৰ সভ্যতাৰ যুগৰ বিজ্ঞানী মানুহে ধৰাৰ বুকুত সৃষ্টিৰ পাতনি মেলিছে; আৰু প্রকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰি সংহৰণ কৰিছে। অসমৰ ইতিহাসত অসমে পােন-প্রথমবাৰৰ বাবে ১৯৩৪ চনত নগাওঁ জিলাত কপিলীৰ প্রলয়ঙ্কৰী বলিয়া বানৰ নিষ্ঠুৰ আঘাত অনুভৱ কৰে।

READ MORE  মোৰ প্ৰিয় গ্ৰন্থ ৰচনা - কীৰ্তন ঘোষা | Mor Priya Grantha Essay

সেই বানে নগাওঁ জিলাৰ মধ্য আৰু পশ্চিম খণ্ডত প্ৰলয়ৰ সৃষ্টি কৰি, ৰাস্তা-ঘাট, দলং আদি উৎখাত কৰি, পথাৰৰ লহপহকৈ বাঢ়ি অহা, হালি- জালি ৰঙত ব্যাকুল সেউজী শস্যবােৰ সমূলঞ্চে বিনাশ কৰি, হাজাৰ হাজাৰ মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পদ, গৰু-ম’হ প্ৰৱল সোঁতৰ বুকুত বিলীন কৰি দি, মানুহক জলকুঁৱৰীৰ নিষ্ঠুৰ কৱলত এৰি দি তাণ্ডৱ নৃত্যেৰে নাচিছিল। মানুহৰ অলক্ষিতে, অতি আচম্বিতে দুপৰ নিশা বলিয়া বানে নগাওঁ জিলাৰ বুকুত মহাসিন্ধু সৃষ্টি কৰি কিমান মানুহ, কালৰ বুকুত বিলীন কৰি দিলে তাৰ খতিয়ান সম্ভৱতঃ চিত্রগুপ্তৰ খাতাতহে পােৱা যাব পাৰে। তাৰ পাছত কিছুদিন নিবিড় নীৰৱতা। প্রলয় নাচোন নাচি নাচি ক্লান্ত হৈ যেন কপিলী, লুইত মহা নিদ্ৰাত নিমগ্ন হ’ল।

কিন্তু কালে সাৰ পালে, অমানিশাই সাৰ পালে; মহাকালে বিশাল দুই বাহু প্ৰসাৰিত কৰি কৰাল গ্রাসেৰে অসমীক সাৱটি ধৰিলে। ১৯৫০ চনৰ আগষ্ট মাহত কোনােবা অনামা, অজানা উৎসৰপৰা সৃষ্টি হােৱা প্ৰলয়ৰ প্ৰতিমূৰ্ত্তি বর্ভূইকপে মহাকালক তাণ্ডৱ নৃত্যেৰে নচুৱালে। লুইতৰ বুকুত, তাৰ চঞ্চলা-চপলা, লাস্যময়ী জীয়াৰীবিলাকৰ বুকুত সেই তাণ্ডৱ নৃতাই তুলিলে উৰ্ম্মিমালাৰ সৰ্ব্বগ্রাসী জোৱাৰ। সেই জোৱাৰে অসম ধুই ৰিক্ত কৰিলে। অসমৰ সেউজী বুকু উদং হ’ল। ঘাঁহ-ঘন এডালো বাকী নৰ’ল। মানুহ মৰিল, জীৱ-জন্তু  মৰিল ; অসমাে মৰিল। অসম মৰিশালি হ’ল। সােৱণশিৰীৰ বুকুৰ, লুইতৰ বুকুৰ দুই পাৰৰ সােণ চেকুৰা উটি গ’ল।

সিদিনাৰেপৰা লুইত বলিয়া হ’ল, সােৱণশিৰী বলিয়া হ’ল আৰু বলিয়া হ’ল হাজাৰ বিজাৰ স্রোতস্বিনী! উত্তৰত ডিক্রং, ৰঙানৈ, সােৱণশিৰী, বৰনৈ, ভৰলী, পাগলাদিয়া, বেঁকী, কালদিয়া, বলীয়া, চাউলখােৱা, মানাহ, চম্পাৱতী, সৰলভঙা, আইনদী, সােণকোষ, দক্ষিণ পাৰত লােহিত, ডিহিং, দিচাং, দিখৌ, জাঁজী, ভােগদৈ, ধনশিৰী, কপিলী, দিগাৰু, লহী, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আদি সকলােবােৰ উপনৈ বলিয়া হৈছে। সুৰ্মা আৰু বৰাকো বলিয়া হৈছে। অতীতৰ শান্ত, সমাহিত, তৃষ্ণা-নিবাৰণী জলদাদেৱীসকলে তীব্র সোঁতেৰে, প্ৰৱল প্রতাপেৰে বছৰে বছৰে অসমৰ বুকুত প্লাৱনৰ সৃষ্টি কৰি অসমক যেন বিশ্বৰ বুকুৰপৰা নিশ্চিহ্ন কৰি দিবলৈ প্রয়াস পাইছে। শদিয়া কালৰ বুকুত বিলীন হৈছে।

READ MORE  অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদ ৰচনা | Natural and Forest Resources of Assam Essay

ডিব্ৰুগড় মাজ মজিয়াত লুইতৰ টিঘিল-ঘিলনি; পৃথিৱীৰ বৃহত্তম নদী-দ্বীপ, অসমৰ কৃষ্টি সংস্কৃতিৰ লাইটা মাজুলী লুইতৰ গৰ্ভত শুই পৰিছে। পলাশবাৰীয়ে বাৰিধিৰ বুকুত মুখ  লুকুৱালে। অসম উপত্যকা, বৰাক উপত্যকাৰ কিমান ঠাই যে প্লাৱনৰ কীৰ্ত্তিস্তম্ভ হৈ স্মৃতিপটত অদৃশ্য হৈ গৈছে। প্রতি বছৰে লাখ লাখ টকাৰ শস্য নষ্ট হৈছে; হাজাৰ হাজাৰ গৰু-ম’হ উটি গৈছে; মানুহৰৰ প্রাণহানি হৈছে। আৰু কিমান দিন যে কালে অসমৰ বুকুত দুৰ্যোগৰ সৃষ্টি কৰি অসমীয়া জাতিৰ ৰাজহাড় পােনাব নােৱাৰা কৰি, অসমীয়াক অকাল জৰাগ্রস্ত কৰি ৰাখিব কোনে জানে ?

নিয়ন্ত্ৰণৰ উপায়ঃ মানুহে মহাকাশ জয় কৰি চন্দ্ৰৰ বুকুতাে গৌৰৱ-ধ্বজা উৰুৱাইছে। অন্যান্য গ্রহৰ বুকুলৈকো মহাকাশযান নিক্ষেপ কৰি মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব খুজিছে। কিন্তু মানুহৰ প্রজ্ঞাক, মনীষাক প্ৰত্যাহ্বান জনাই প্রকৃতি চিৰদিন অপৰাজিতা হৈ, উন্নত শিৰেৰেই ৰৈছে। প্ৰকৃতিৰ ওচৰত মানুহে নতি স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। তথাপি মানুহৰ প্ৰতিভাৰ উৎকৰ্ষই কোনাে কোনাে ক্ষেত্ৰত প্ৰকৃতিৰ দুৰ্দম শক্তি নিয়ন্ত্রণ কৰিবলৈ সামান্য পৰিমাণে হ’লেও সক্ষম হৈছে। আমেৰিকাই বিশ্ববিখ্যাত “টেনেচি ভেলী প্রজেক্ট”ৰ যােগে দুর্দমনীয়, সৰ্ব্বধ্বংসকাৰী টেনেচি নদীক নিয়ণ কৰি সৰ্ব্বধ্বংসী শক্তিক মানুহৰ কল্যাণৰ কামত প্রয়ােগ কৰিছে। “চীনৰ দুখ” নামে অভিহিত হােৱা হােৱাংহাে নদীকো নিয়ন্ত্রণ কৰি তাৰ শক্তি চীনৰ জনতাৰ কল্যাণত খটুৱাই দেশৰ অশেষ উপকাৰ সাধন কৰিছে।

ভাৰততে নদী-উপত্যকা-আঁচনি গ্রহণ কৰি দামােদৰ ভেলী প্রজেক্ট, ভাক্রা-নাঙ্গাল প্রজেক্ট আৰু অন্যান্য নে-উপনৈ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি মীন-মহল খােলা হৈছে; পথাৰত পানী যােগান ধৰা হৈছে; জলাধাৰ তৈয়াৰ কৰি মীন-মহল খােলা হৈছে। কিন্তু কেন্দ্রীয় চৰকাৰৰ অসমৰ প্ৰতি আওকণীয়া, অমনােযােগী মনােভাব, অৱহেলাৰ কাৰণে অসমৰ নৈ-উপনৈসমূহ নিয়ন্ত্ৰণৰ ব্যৱস্থা হােৱা নাই। অথচ এই নদ-নদীবােৰ নিয়ন্ত্রণ কৰাৰ ব্যৱস্থা হ’লে প্ৰচুৰ পৰিমাণৰ জলবিদ্যুৎ উৎপাদন হ’ব আৰু বানপানীৰ কৰালগ্রাসৰ পৰাও অসমে মুক্তি পাব। অসমৰ তীব্ৰবেগী নৈবােৰৰপৰা কম আয়াসতে যিমান পৰিমাণৰ জলবিদ্যুৎ উৎপাদন হ’ব, তাৰ সহায়তে সমগ্র ভাৰতৰ কল-কাৰখানা চলিব আৰু ভাৰত কৃত্রিম জোনালীৰে উদ্ভাসিত হৈ উঠিব। আনহাতেদি বানপানীৰ কৰালগ্রাসৰপৰা মুক্ত অসম পুনৰ সুজলা-সুফলা, শস্য-শ্যামলা হ’ব।

READ MORE  দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান ৰচনা | Science in Everyday Life Essay in Assamese

কেন্দ্রীয় চৰকাৰৰ অৱহেলাঃ অসম বােধহয় ভাৰতৰ সতিনীৰ পয়ালগা দুহিতা নেকি, যাৰ কাৰণে অসম সদায় কেন্দ্রীয় চৰকাৰৰ দ্বাৰা অৱহেলিত হৈ আহিছে; অথচ অসমৰ সােণবােৰ কাঢ়ি নি অন্য ৰাজ্য সােণ-সুৱগা কৰি তুলিছে। ১৯৬২ চনত চীনা আক্ৰমণৰ বিপৰ্যয়ৰ বুকুত অসমক জলাঞ্জলি দি তাহানিৰ প্ৰধান মন্ত্রী নেহৰুৱে “Oh Assam” “বিদায় অসম”-বুলি ঘঁৰিয়ালৰ চকু পানী টুকিছিল। আজিৰ নেতাসকলেও বাৰিষা লুইত আৰু ইয়াৰ উপনৈবিলাকৰ প্রলয়ঙ্কৰী তাণ্ডৱ লীলা চাবলৈ বিমানত চৰি আহি বিহঙ্গম দৃষ্টি (Bird’s Eye view) প্রসাৰি সহানুভূতিৰ “আই ঐ দেহি”—একেষাৰ শুনােৱাই অসমীয়াৰ ক্ষুধাৰ, তৃষ্ণাৰ জ্বালা উপশম ঘটাই থৈ যায়হি। বছৰি একোবাৰকৈ ! অসম অকাল কুষ্মান্ড; কান্দিব নাজানে। সেয়েহে কল নাপায়।

মন্তব্যঃ সেইবাবে আনৰ চেপা খুন্দা খাই, বানপানীত উটি-বুৰি, মৰি-হাজি যি কেইটা অসমীয়া কলখােৱা ধাতু লৈ বাচি আছে—সেই কেইটাই এক হৈ ঐক্য শক্তিৰে বৰ লুইতক, সৰু লুইতক ভেটিবলৈ কঁকালত টঙালি বান্ধি ওলাওঁহক। অসমৰ সােণ চেকুৰা কাকো বুটলিবলৈ এৰি নিদি তাৰ আৰ্জনেৰে লুইতক ভেটিবলৈ বৰ বৰ যন্ত্রপাতি কিনি আঁনো ; বৃহৎ বৃহৎ জলাধাৰ, জলাশয় নির্মাণ কৰি অতিৰিক্ত পানীখিনি জমা কৰি থৈ পথাৰলৈ নি সােণৰ মাটিত সােণ গজাওঁ; নৈয়ে নৈয়ে ভেটা দি বিজুলীক ধৰি আনি, বৰ বৰ কাৰখানা-পাতি চলাওঁ; শিল্পৰ বৰ ঘৰ  সাজে, অসমক সােণেৰে সজাওঁ; প্লাৱনক প্রকৃতিৰ বুকুত বিলুপ্তি ঘটাওঁ।

Leave a Comment

error: Content is protected !!
Scroll to Top