কাঠমিস্ত্ৰিৰ ঘৰ (Kath Mistrir Ghor) | Assam Class 12 Assamese (MIL) (অসমীয়া) Solutions | MCQs, Very Short, Short and Long Type Questions and Answers | Assam HS 2nd Year Assamese (MIL) Questions and Answers | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ অসমীয়া সমাধান | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া প্ৰশ্ন-উত্তৰ | Assam Class 12 Important Questions and Answers | AHSEC HS 2nd Year Assamese (MIL) Textbook Solutions | Sahitya Sourav XII | সাহিত্য সৌৰভ


কাঠমিস্ত্ৰিৰ ঘৰ
কবি- ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত

কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মূলভাৱ লিখা।
মূলভাৱঃ ‘কাঠমিস্ত্ৰিৰ ঘৰ’, কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এক প্ৰগতিবাদী কবিতা । কবিতাটি দত্তৰ ‘অভিযান’ পুথিৰ পৰা সংগৃহীত । কবিতাটিত কাঠমিস্ত্ৰিসকলৰ মাজেৰে বনুৱা শ্ৰেণীৰ দুৰ্দ্দশাগ্ৰস্ত জীৱনৰ প্ৰকৃত ৰূপৰ সাৰ্থক প্ৰকাশ কৰিবলৈ কবি সক্ষম হৈছে । ইয়াত সাধাৰণ কাঠমিস্ত্ৰি কেৱল মিস্ত্ৰি হৈ থকা নাই । ইয়াত কাঠমিস্ত্ৰি হ’ল শ্ৰমিক, শিল্পী লগতে আধাৰণ বনুৱা শ্ৰেণীৰ প্ৰতিভু ।

অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ কাঠমিস্ত্ৰিয়ে সমাজৰ অৰ্থনৈতিকভাৱে স্বচ্ছল বা ধনী শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী সাজি দিয়ে । তেওঁলোকে আজাৰ, শাল, শিঙৰীৰ দৰে কাঠবোৰ ৰাণ্ডা আৰু বটালিৰে নানা ৰূপ দিয়ে । বটালিৰ খুন্দাত নিৰস, কঠিন কাঠ হৈ পৰে চালে চকুৰোৱা । বিশ্ৰামহীন, ক্লান্ত শৰীৰে দেহৰ তেজ ঢালি তেওঁলোকে মায়াপুৰী সদৃশ প্ৰাসাদ, টেবুল, চেয়াৰ, আলমিড়া, দ্ৰয়াৰ, টিপয় আদি সাজি স্বচ্ছল বা ধনী শ্ৰেণীটোক নতুন বস্তুৰ সোৱাদ দিয়ে । অথচ, তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয় আৰু অভাৱত জুৰুলা । বিশ্বৰ সকলো কৰ্মীৰ দল কাঠমিস্ত্ৰী সকলেই শিল্পসুলভ কলাকুশলতাৰে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে স্বাচ্ছন্দ্য জীৱন কটায় । কিন্ত প্ৰতিদান স্বৰূপে পায় অন্ধকাৰময় জুৰুলা জীৱন একোটাহে ।

কবিয়ে সমাজ জীৱনৰ এই শ্ৰমিক শ্ৰেণীটোৰ পৰিবৰ্তন বিচাৰিছে আৰু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰি জাগি উঠিবৰ বাবে লগতে বৈপ্লৱিক হবলৈ আহ্বান জনাইছে ।

Very Short Type Questions and Answers (1 Marks)

1. কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কিমান চনত ৰচিত?
উত্তৰঃ1939 চনত।

READ MORE  মিলন | Class 12 Assamese (MIL) - AHSEC

2. কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতাপুথিৰ নাম লিখা।
উত্তৰঃ অভিযান।

3. কবিতাটিত প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে বুলি কিহৰ কথা কোৱা হৈছে?
উত্তৰঃ প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে বুলি কাঠমিস্ত্ৰীসকলে তৈয়াৰ কৰি উলিওৱা আচবাৱ পত্ৰৰ কথা কোৱা হৈছে।

4. কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?
উত্তৰঃ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী হʼল কাঠমিস্ত্ৰীসকল।

5. কাঠমিস্ত্ৰীসকলে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ কাঠমিস্ত্ৰীসকলে বহুবল প্ৰয়োগ কৰি হʼলেও নিজ কৰ্মৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে।

Short Type Questions and Answers (2 Marks)

1. কবিতাটিত উল্লেখ থকা কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সজুঁলিৰ নাম লিখা।
উত্তৰঃ আজাৰ, শমলু।

2. কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?
উত্তৰঃ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ বিষয়ে কবি নৱকান্ত বৰুৱাই কৈছিল-মোক যদি কোনোৱাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে, তাৰ মাজত এটা হব কাঠমিস্ত্ৰীৰ ঘৰ।

3. কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাৱৰ নাম লিখা।?
উত্তৰঃ টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপচ প্ৰাসাদ সদৃশ ঘৰ ইত্যাদি।

4. কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ কাঠমিস্ত্ৰীয়ে কপালৰ ঘাম মাটত পেলাই অশেষ কষ্ঠ কৰি ৰান্ডা আৰু বটালিৰে কাঠ কাটে।অকনে বিশ্ৰাম লʼবলৈ তেওঁলোকৰ যে আহৰিয়েই নাই।নিৰস, কঠিন, বেকা-বেকি কঠিন শ্ৰমজীৱী কাঠমিস্ত্ৰীয়ে মনোহৰ ৰূপ দি সমাজৰ আৰ্থিকভাৱে স্বচ্ছল শ্ৰেণীটোৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।

5. কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি লবলৈ কৈছে?
উত্তৰঃ কবিয়ে কাঠমিস্ত্ৰীৰ লগতে মিস্ত্ৰী কঁহাৰ, কমাৰ আদি শ্ৰমজীৱী লোকসকলক নিজ বাহুবলেৰে অধিকাৰ কাঢ়ি লবলৈ কৈছে।”

Long Type Questions and Answers (4 Marks)

1. কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।
উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জন্ম হয় গোলাঘাটৰ কৰুণাটিং বাগিচাত 1910 চনত।তেওঁৰ দেউতাকৰ নাম আছিল ড° শৰত চন্দ্ৰ দত্ত আৰু মাকৰ নাম নয়নতৰা।বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত দেউতাকৰ ঘৰ আছিল।সৰুতে দেউতাক হেৰুৱাই তেওঁৰ আনুষ্ঠানিক শিক্ষা ঘৰতে আহৰণ হয়।1928চনত তেওঁ দেশ আৰু জাতিৰ হকে স্বাধীনতা আন্দোলনত যোগদান কৰে।তাৰবাবে দুবছৰ জেলো খাটিবলগীয়া হয়।দহবছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেওঁ জীৱনৰ শেষ সময়লৈকে সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাবে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়।1936 চনত তেওঁৰ কাব্য সংকলন অভিযান প্ৰকাশ পায়। 1972 চনৰ 22 অক্টোবৰত তেখেতৰ মৃত্যু হয়।

READ MORE  যতি চিহ্নৰ ব্যৱহাৰ | অসমীয়া ব্যাকৰণ | Assamese Grammar

2. কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা ।
উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ মাজেৰে কাঠমিস্ত্ৰীৰ বনুৱা শ্ৰেণীৰ দুৰ্দ্দশাগ্ৰস্ত জীৱনৰ এখন ছবি প্ৰকাশ কৰিছে।অসহনীয় শ্ৰমৰ বোজা শৰীৰত লৈ কাঠমিস্ত্ৰীয়ে সমাজৰ অৰ্থনৈতিকভাবে স্বচ্ছল শ্ৰেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা কাঠৰ সামগ্ৰী সাজি দিয়ে। ৰাণ্ডা, বটালিৰ খুন্দাত নীৰস, কঠিন কাঠ হৈ পৰে চালে চকুৰোৱা । দেহৰ তেজ ঢালি তেওঁলোকে গঢ়ি দিয়ে মানুহৰ মায়াপুৰী সাদৃশ্য প্ৰাসাদ।অমদ তেওঁলোকৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা তেওঁলোক ।শিল্পসুলভ কলাকুশলতাৰে তেওঁলোকে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বাচ্ছন্দময় জীৱন কটায়।অথচ তেওঁলোকৰ জীৱন অন্ধকাৰত ডুব গৈ থাকে।কবিয়ে সমাজৰ এই শ্ৰমিক শ্ৰেণীটোৰ অৰ্থনৈতিক অৱস্থাৰ পৰিবৰ্তন বিচাৰিছে আৰু নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।

3. কাঠমিস্ত্ৰীক কিয় শিল্পী বুলি কোৱা হৈছে?
উত্তৰঃ কাঠমিস্ত্ৰীসকল কৰ্মঠ আৰু নিপুন শিল্পী,নিৰস কঠিন একা-বেকা কাঠ এওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠে।ৰাণ্ডা-বটালিৰ খুন্দাত গঢ় লয় নানা ধৰণৰ সামগ্ৰৰ।শিল্পী সুলভ কলাকুশলতাৰে আৰু কঠোৰ পৰিশ্ৰমেৰে নিৰস শুকান কাঠক চালে চকুৰোৱা কৰি গঢ়ি তোলে ব্যহাৰ উপযোগী আচবাব, মায়াপুৰীসদৃশ অট্টালিকাৰ সততে লিজৰ কথা চিন্তা নকৰা কাঠমিস্ত্ৰীসকলে আনৰ সুবিধাৰ বাবে জীৱন পাত কৰি কষ্ট কৰে। অথচ নিজে দুৰ্দশাগ্ৰস্থ জীৱন কটায় । সেয়েহে কাঠমিস্ত্ৰীসকলক শিল্পী বুলি কোৱা হৈছে।

4. কাঠমিস্ত্ৰীকে ধৰি শ্ৰমজীৱীসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্থ কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?
উত্তৰঃ বিপ্লৱী কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই কাঠমিস্ত্ৰীৰ ঘৰ কবিতাৰ যোগেদি কাঠমিস্ত্ৰীসকলক নিজৰ আত্মসন্মান নায্য প্ৰাপ্তি আৰু অধিকাৰৰ বাবে নিজ বাহু বলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে। কাঠমিস্ত্ৰীৰ কষ্টকৰ আৰু দুৰ্দশাময় জীৱনৰ বাবে কবিৰ মানসিক কাঠমিস্ত্ৰীয়ে বহু কষ্টেৰে কপালৰ ঘাম মাটিত পেলাই স্বচ্ছল বিত্তবান শ্ৰেণীটোৰ বাবে টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি, চাহৰ টিপয় আদি নানা ধৰনৰ মনোমোহা কাঠৰ সামগ্ৰী নিৰ্মাণ কৰে। অথচ নিজৰ জীৱন শোচনীয়।শিল্পসুলভ কলাকুখলতাৰে কাঠমিস্ত্ৰীয়ে গঢ়ি দিয়া আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক স্বচ্ছল, ছন্দময়, সুন্দৰ জীৱন কটায়।কবি দত্তই সমাজত এই শ্ৰমিক শ্ৰেণীৰ পৰিবৰ্তন বিচাৰি নিজ বহুবলেৰে অধিকাৰ সাব্যস্থ কৰিবলৈ জাগি উঠিবৰ বাবে বৈপ্লৱিক আহবান জনাইছে।

READ MORE  কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা | Class 12 Assamese (MIL) - AHSEC

Long Type Questions and Answers (4 Marks)

1. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
বিশ্বৰ যত কৰ্মীৰ দল

তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল
উত্তৰঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত ৰচিত কাঠমিস্ত্ৰীৰ ঘৰ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

কাঠমিস্ত্ৰীসকলৰ কৰ্মঠ শিল্পী জীৱনৰ প্ৰশংসাত কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে।

কাঠমিস্ত্ৰীসকলৰ কৰ্মঠ, নিপুণ শিল্পী তেওঁলোকে কঠিন একা-বেকা কাঠত আনি দিয়ে কোমল অনুভৱ।অকণো জিৰণি নোলোৱাকৈ দেহে কেনে খাটি কঠিন কাঠেৰে খাজে নিত্য ব্যৱহাৰ্য সামগ্ৰীবোৰ ।কপালৰ ঘাম মাটিত পেলাই, দেহৰ তাজ পানী কৰি তেওঁলোকে সমাজৰ স্বচ্ছল শ্ৰেণীটোৰ বাবে নানান ধৰণৰ মনোমোহা সামগ্ৰী সাজি দিয়ে।নীৰস আৰু কঠিন বেঁকা-বেঁকি কাঠক ৰাণ্ডা-বটালি মাৰি মাৰি তেওঁলোকে গঢ়ি দিয়ে পৃথিবীৰ মানুহৰ বাবে মায়াপুৰী সদৃশ্য প্ৰাসাদ।অ্থচ সেই মিস্ত্ৰীসকলৰ জীৱনৰ অৱস্থা শোচনীয়, অভাৱত জুৰুলা।সেই মৰ্মান্তিক অৱস্থাটো কবিতাফাকিৰ মাজেদি ফুটি উঠিছে।

1 thought on “কাঠমিস্ত্ৰিৰ ঘৰ | Class 12 Assamese (MIL) – AHSEC”

Leave a Comment

error: Content is protected !!
Scroll to Top