বাক্যৰ পৰিৱৰ্তন  | Bakyar Poriborton | অসমীয়া ব্যাকৰণ | Transformation of Sentences in Assamese Grammar | Assamese Grammar with Solutions

বাক্যৰ পৰিৱৰ্তন

1. নিৰ্দেশ অনুযায়ী উত্তৰ লিখা।
১। ৰংমনে এতিয়া পথাৰত কাম কৰি আছে। (প্ৰশ্নাৰ্থক বাক্যলৈ নিয়া)।
উত্তৰঃ ৰংমনে এতিয়া কি কৰি আছে ?

২। তাৰ ভাত খােৱা হৈছে। (নঞৰ্থক বা নস্ত্যাৰ্থক বাক্যলৈ নিয়া)।
উত্তৰঃ তাৰ ভাত খােৱা হােৱা নাই।

৩। ব্ৰেঞ্জে আমাৰ ঘৰলৈ সদায় আহে। (নঞৰ্থক বা নস্ত্যাৰ্থক বাক্যলৈ নিয়া)।
উত্তৰঃ ব্ৰেঞ্জে আমাৰ ঘৰলৈ কেতিয়াও নাহে।

৪। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে৷ (নঞৰ্থক বা নস্ত্যাৰ্থক বাক্যলৈ নিয়া)।
উত্তৰঃ পৃথিৱী সূৰ্যৰ চাৰিওফালে নুঘূৰাকৈ থাকিব নােৱাৰে৷

৫। পুখুৰীটোত অলপাে পানী নাই। (প্ৰশ্নাৰ্থক বাক্যলৈ নিয়া)।
উত্তৰঃ পুখুৰীটোত পানী আছেনে?

৬। মই স্কুললৈ যাওঁ। (প্ৰশ্নাৰ্থক বাক্যলৈ নিয়া)।
উত্তৰঃ তুমি ক’লৈ যােৱা ?

৭। ৰাম চহৰত নাথাকে৷ (অস্তাৰ্থক বাক্যলৈ নিয়া)।
উত্তৰঃ ৰাম চহৰত থাকে।

৮। সীতাৰ ভাত খােৱা হ’ল। (নঞৰ্থক বা নস্ত্যাৰ্থক বাক্যলৈ নিয়া)।
উত্তৰঃ সীতাৰ ভাত খােৱা হােৱা নাই।

৯। তুমি কেতিয়াবা দিল্লীলৈ গৈছানে? (ন্যাৰ্থক বাক্যলৈ নিয়া)।
উত্তৰঃ তুমি কেতিয়াও দিল্লীলৈ যােৱা নাইনে?

১০। আমি সকলােৱে এদিন নমৰিমনে? (হয়সূচক বা অস্তাৰ্থক বাক্যলৈ নিয়া)।
উত্তৰঃ আমি সকলােৱে এদিন মৰিম।

সৰল বাক্যলৈ পৰিৱৰ্তন কৰা

১। মই যেতিয়া খাওঁ, তাই তেতিয়া আহে।
উত্তৰ : মই খোৱা সময়ত তাই আহে।

২। পানী যেতিয়া গোট মাৰে, তেতিয়া বৰফ হয়।
উত্তৰ : পানী গোট মাৰিলে বৰফ হয়।

৩। মই যেতিয়া পঢ়ো, সি তেতিয়া খেলে
উত্তৰ : মই পঢ়া সময়ত সি খেলে।

৪। ল’ৰাটোৱে ভাত খালে আৰু স্কুললৈ গ’ল
উত্তৰ : ল’ৰাটোৱে ভাত খাই স্কুললৈ গ’ল।

৫। যি মানুহে দেশক ভাল নাপায়, তেওঁৰ জীৱন বৃথা।
উত্তৰ : দেশক ভাল নোপোৱা মানুহৰ জীৱন বৃথা।

৬। যি সকলে ব্যাকৰণ মনপুতি পঢ়, তেওঁলোকে ভাষাটো ভালকৈ জানে
উত্তৰ : ব্যাকৰণ মনপুতি পঢ়াজনে ভাষাটো ভালকৈ জানে।

READ MORE  যতি চিহ্নৰ ব্যৱহাৰ | অসমীয়া ব্যাকৰণ | Assamese Grammar

৭। যিজন লোক অকৃতজ্ঞ, তেওঁ ক’তো স্থান নাপায়।
উত্তৰ : অকৃতজ্ঞ লোকে ক’তো আসন নাপায়।

৮। যদি পৰিশ্ৰম কৰা, তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা।
উত্তৰ : পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা।

৯। আমি যেতিয়া খেলোঁ, সি তেতিয়া পঢ়ে।
উত্তৰ : আমি পঢ়াৰ সময়ত সি খেলে।

১০। যিজন লোক অকৃতজ্ঞ, তেওঁক কোনেও ভাল নাপায়।
উত্তৰ : অকৃতজ্ঞ লোকক কোনেও ভাল নাপায়।

১১। যি ছাত্ৰই শিক্ষকক সন্মান নকৰে, তাৰ শিক্ষা বৃথা।
উত্তৰ : শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষা বৃথা।

 

Leave a Comment

error: Content is protected !!
Scroll to Top