জনতাৰ আহ্বান (Janatar Ahban) | Assam Class 12 (MIL) (অসমীয়া) Solutions | MCQs, Very Short, Short and Long Type Questions and Answers | Assam HS 2nd Year (MIL) Questions and Answers | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ অসমীয়া সমাধান | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া প্ৰশ্ন-উত্তৰ | Assam Class 12 Important Questions and Answers | AHSEC HS 2nd Year (MIL) Textbook Solutions | Sahitya Sourav XII | সাহিত্য সৌৰভ


জনতাৰ আহ্বান
কবি- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

জনতাৰ আহ্বান কবিতাটিৰ মূলভাৱ লিখা।
মূলভাৱঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জনতাৰ’ আহ্বান’ এটি গণতান্ত্ৰিক চেতনাবোধ মনোভাবাপন্ন কবিতা। কবিতাটি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ কবিতাপুথিৰ অন্তৰ্গত।

প্ৰগতিশীল আৰু মানৱতাবাদী কবি আগৰৱালাই পৃথিৱীৰ জনতাৰ মাজত উদ্দীপ্ত হোৱা চেতনাৰ অভ্যুদয় কথা কবিতাটিত বৰ্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আজি আকাশে বতাহে জনতাৰ আহ্বানেৰে মুখৰিত হৈছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত সাধাৰণ জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত ব্ৰতী হৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌ্ৰভ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব। নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই ভৱিষ্যতৰ নতুন সপোন বাস্তৱত ৰূপায়িত কৰিব। বেদত ধ্বনিত হোৱা আলোকৰ আগমনি মন্ত্ৰই আজি সাৰ্থক হৈ ধৰা দিব। সেয়েহে কবিয়ে উদাত্ত কন্ঠে ঘোষণা কৰিছে-‘জনতাৰ জয়, জনতন্ত্ৰৰ বা স্বতন্ত্ৰৰ জয় আৰু মহা মানৱতন্ত্ৰৰ জয়’।

Very Short Type Questions and Answers (1/2 Marks)

1. জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোন চনত জন্ম হৈছিল ?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 1903 চনৰ 17 জুন তাৰিখে জন্ম হৈছিল।

2. জ্যোতিপ্ৰসাদ আগৰৱালাই কোন স্থানত জন্মগ্ৰহণ কৰিছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল।

3. জ্যোতিপ্ৰসাদ কবিতাসমূহ একত্ৰিত কৰি প্ৰকাশ কৰা কাব্য-সংকলখনিৰ নাম কি?
উত্তৰঃ জ্যোতিপ্ৰসাদ কবিতাসমূহ একত্ৰিত কৰি প্ৰকাশ কৰা কাব্য-সংকলখনিৰ নাম হ’ল— লুইতৰ পাৰৰ অগ্নিসুৰ।

4. নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন নাটকৰ জৰীয়তে আত্মপ্ৰকাশ কৰে?
উত্তৰঃ নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শোণিত কুঁৱৰী’ নাটকৰ জৰীয়তে আত্মপ্ৰকাশ কৰে।

5. প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ কোন চনত নিৰ্মাণ কৰা হৈছিল?
উত্তৰঃ প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ 1935 চনত নিৰ্মাণ কৰা হৈছিল।

6. জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি?
উত্তৰঃ জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম হ’ল— ইন্দ্ৰমালতী।

7. অৰ্থ লিখাঃ
ষোড়শোপচাৰ, দুৰ্নিবাৰ, প্ৰবুদ্ধ, অভ্যুত্থান।
উত্তৰঃ

শব্দঅৰ্থ
ষোড়শোপচাৰ ১৬ বিধ পূজাৰ উপকৰণ
দুৰ্নিবাৰবাধা দিব নোৱাৰা, দুৰ্বাৰ
প্ৰবুদ্ধজাগৰিত, জ্ঞান লাভ কৰা
অভ্যুত্থানজাগৰণ

8. ‘আজি সাৰ্থক হ’ব বেদত ধ্বনি হোৱা আলোকৰ আগমনী মন্ত্ৰী’— এই আগমনী মন্ত্ৰ কি?
উত্তৰঃ এই আগমনী মন্ত্ৰ হ’ল—‘জনতাৰ জয়, জনতন্ত্ৰৰ বা স্বতন্ত্ৰৰ জয় আৰু মহা মানৱতন্ত্ৰৰ জয়’।

9. জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম হ’ল—(ক) ৰূপালীম আৰু (খ) শোণিত কুঁৱৰী।

10. সুন্দৰৰ পুজা থাপনাত কবিয়ে কিহেৰে উপচাৰ যচাৰ কথা কৈছে ?
অথবাঃ পূজাৰ 16 বিধ উপকৰণ বা ষোড়শোপচাৰ কেইটা লিখা / কি কি?
উত্তৰঃ সুন্দৰৰ পুজা থাপনাত কবিয়ে ষোড়শোপচাৰ অৰ্থাৎ 16 বিধ পূজাৰ উপকৰণেৰে উপচাৰ যচাৰ কথা কৈছে ৷ সেইবোৰ হ’ল— আসন, স্বাগত, পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবদ্য, আৰু বন্দনা।

READ MORE  হস্তিবিদ্যাৰ্ণৱ পুথি | Class 12 Assamese (MIL) - AHSEC

11. ‘নৱজীৱনৰ মহা সংঘাতে কঁপায় বৰ্তমান’- কবিতা ফাকিৰ তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ বৰ্তমান মানুহে এই সুন্দৰ পৃথিৱীত শান্তিৰ সুৰভি বিয়পাই নতুন এক অভিনৱ ৰূপৰ সূচনা কৰিছে। বৰ্তমান মানুহ সবাই আন্ধাৰ নাশ কৰি পোহৰৰ সন্ধান কৰিছে। লগতে, আলোকবিজয়ী এক নতুন জীৱনৰ উত্থান কৰিছে। যিয়ে এক অপূৰ্ব অভিযানৰ সৃষ্টি কৰিছে আৰু নৱজীৱনৰ মহা সংঘাতৰ সৃষ্টি কৰিছে। এই বিজ্ঞান-প্ৰযুক্তি আৰু ন ন কৌশলৰ ফলত গঢ়ি উঠা এই নৱজীৱনৰ মহা সংঘাতৰ ফলত বৰ্তমানে আকাশ, মাৰ্গ আদি কপাই তুলিছে।

12. পৃথিৱীৰ আকাশে বতাহে কবিয়ে কিহৰ আহ্বান শুনিবলৈ পাইছে?
অথবাঃ বোকাত জন্ম লভা মানুহে ক’লৈ উঠি আহে?
অথবাঃ “আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান”- কথাষাৰৰ তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ কবি জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ নতুন দিগন্তৰ ৰূপান্তৰ হোৱাতো লক্ষ্য কৰিছে। তেওঁ বিচাৰে যে মানুহৰ দুখৰ অৱসান হওক আৰু এক সুখৰ বাৰ্তাৰ কামনা কৰে। বৰ্তমান বা আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বানৰ তেওঁ মুহূৰ্তটো দেখা পাইছে। তেওঁ উল্লেখ কৰিছে যে এতিয়া আকাশে, বতাহে আৰু পৃথিৱীৰ চোকে কোণে জনতাৰ এক নতুন সুবাস বিয়পিছে। বোকাত জন্মা অৰ্থাৎ অতিকৈ দুখীয়া-দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰি এতিয়া সমাজত সুৰভি বিলাইছে অৰ্থাৎ সমাজৰ মহান মহৎ কামবোৰ সাধন কৰিছে। কবি অতি আনন্দিত যে এতিয়া সকলো জনতাই শোষণ, উৎপীড়ন আৰু অন্যায়ৰ বিৰুদ্ধে একেলগে যুজ কৰিছে আৰু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাইছে।

13. ‘জনতাৰ আহ্বান’ কবিতাটিত কবিয়ে কিহৰ জয় বিচাৰিছে?
উত্তৰঃ কবি জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ নতুন দিগন্তৰ ৰূপান্তৰ হোৱাতো কামনা কৰে। তেওঁ বিচাৰে যে মানুহৰ দুখৰ অৱসান হওক আৰু লগতে এক সুখৰ বাৰ্তাৰ কামনা কৰে। সকলো জনতাই শোষণ, উৎপীড়ন আৰু অন্যায়ৰ বিৰুদ্ধে একেলগে যুজ কৰক আৰু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাওক। কবিয়ে বিচাৰে যে সকলো জনতাৰ ইচ্ছা আৰু আকাঙ্ক্ষাবোৰ পূৰ্ণ হওক। তেওঁলোকে সকলোয়ে অন্যায়ৰ বিৰুদ্ধে যুজ কৰি সত্যৰ বাবে পৰিচৰ্যা কৰক। তেওঁ কামনা কৰে যে সকলো দিশতে যাতে এইদৰে জনতাৰ জয় হয় যাতে জনতাই এক নতুন দিগন্তৰ সূচনা কৰিব পাৰে।

14. জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত তিনিখন নাটকৰ নাম লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত তিনিখন নাটকৰ নাম হ’ল—
(ক) নিমাতী কইনা।
(খ) কনকলতা।
(গ) শোণিত কুঁৱৰী ৷

Long Type Questions and Answers (3/4 Marks)

1. পৃথিৱীৰ আকাশে বতাহে কবিয়ে কিহৰ আহ্বান শুনিবলৈ পাইছে?
অথবাঃ বোকাত জন্ম লভা মানুহে ক’লৈ উঠি আহে?
অথবাঃ “আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান”- কথাষাৰৰ তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ কবি জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ নতুন দিগন্তৰ ৰূপান্তৰ হোৱাতো লক্ষ্য কৰিছে। তেওঁ বিচাৰে যে মানুহৰ দুখৰ অৱসান হওক আৰু এক সুখৰ বাৰ্তাৰ কামনা কৰে। বৰ্তমান বা আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বানৰ তেওঁ মুহূৰ্তটো দেখা পাইছে। তেওঁ উল্লেখ কৰিছে যে এতিয়া আকাশে, বতাহে আৰু পৃথিৱীৰ চোকে কোণে জনতাৰ এক নতুন সুবাস বিয়পিছে। বোকাত জন্মা অৰ্থাৎ অতিকৈ দুখীয়া-দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰি এতিয়া সমাজত সুৰভি বিলাইছে অৰ্থাৎ সমাজৰ মহান মহৎ কামবোৰ সাধন কৰিছে। কবি অতি আনন্দিত যে এতিয়া সকলো জনতাই শোষণ, উৎপীড়ন আৰু অন্যায়ৰ বিৰুদ্ধে একেলগে যুজ কৰিছে আৰু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাইছে।

2. ‘জনতাৰ আহ্বান’ কবিতাটিত কবিয়ে কিহৰ জয় বিচাৰিছে?
উত্তৰঃ কবি জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ নতুন দিগন্তৰ ৰূপান্তৰ হোৱাতো কামনা কৰে। তেওঁ বিচাৰে যে মানুহৰ দুখৰ অৱসান হওক আৰু লগতে এক সুখৰ বাৰ্তাৰ কামনা কৰে। সকলো জনতাই শোষণ, উৎপীড়ন আৰু অন্যায়ৰ বিৰুদ্ধে একেলগে যুজ কৰক আৰু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাওক। কবিয়ে বিচাৰে যে সকলো জনতাৰ ইচ্ছা আৰু আকাঙ্ক্ষাবোৰ পূৰ্ণ হওক। তেওঁলোকে সকলোয়ে অন্যায়ৰ বিৰুদ্ধে যুজ কৰি সত্যৰ বাবে পৰিচৰ্যা কৰক। তেওঁ কামনা কৰে যে সকলো দিশতে যাতে এইদৰে জনতাৰ জয় হয় যাতে জনতাই এক নতুন দিগন্তৰ সূচনা কৰিব পাৰে।

READ MORE  কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা | Class 12 Assamese (MIL) - AHSEC

3. ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিত সাধাৰণ মানুহৰ প্ৰতি কবিৰ কেনে মনোভাৱ প্ৰকাশ পাইছে?
উত্তৰঃ কবি জ্যোতিপ্ৰসাদ আগৰৱালাই জনতাৰ নতুন দিগন্তৰ ৰূপান্তৰ হোৱাতো লক্ষ্য কৰিছে। তেওঁ বিচাৰে যে সাধাৰণ মানুহৰ দুখৰ অৱসান হওক আৰু এক সুখৰ বাৰ্তাৰ কামনা কৰে। বৰ্তমান বা আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ জয়ৰ মুহূৰ্তটো দেখা পাইছে। তেওঁ উল্লেখ কৰিছে যে এতিয়া আকাশে, বতাহে আৰু পৃথিৱীৰ চোকে কোণে জনতাৰ এক নতুন সুবাস বিয়পিছে। বোকাত জন্মা অৰ্থাৎ অতিকৈ দুখীয়া-দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিও এতিয়া সমাজত সুৰভি বিলাইছে অৰ্থাৎ সমাজৰ মহান মহৎ কামবোৰ সাধন কৰিছে। কবি অতি আনন্দিত যে এতিয়া সকলো জনতাই শোষণ, উৎপীড়ন আৰু অন্যায়ৰ বিৰুদ্ধে একেলগে যুজ কৰিছে আৰু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাইছে।

4. কবিয়ে জনজীৱনৰ সংহত অভ্যুত্থান কেনেদৰে হৈছে বুলি দোহাৰিছে বুজাই লিখা।
অথবাঃ ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিত কবিয়ে জনতাৰ মংগল কেনেদৰে কামনা কৰিছে বুজাই লিখা।
উত্তৰঃ প্ৰগতিশীল আৰু মানৱতাবাদী কবি আগৰৱালাই পৃথিৱীৰ জনতাৰ মাজত উদ্দীপ্ত হোৱা জনজীৱনৰ চেতনাৰ সংহত অভ্যুত্থানৰ কথা বৰ্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আজি আকাশে বতাহে জনতাৰ আহ্বানেৰে মুখৰিত হৈছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত সাধাৰণ জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত ব্ৰতী হৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌ্ৰভ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে।

মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব। নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই ভৱিষ্যতৰ নতুন সপোন বাস্তৱত ৰূপায়িত কৰিব। বেদত ধ্বনিত হোৱা আলোকৰ আগমনি মন্ত্ৰই আজি সাৰ্থক হৈ ধৰা দিব। সেয়েহে কবিয়ে উদাত্ত কন্ঠে ঘোষণা কৰিছে ‘জনতাৰ জয়, জনতন্ত্ৰৰ বা স্বতন্ত্ৰৰ জয় আৰু মানৱ্তন্ত্ৰৰ জয়।’

5. ‘জনতাৰ আহ্বান’ নামৰ কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জনতাৰ’ আহ্বান’ এটি গণতান্ত্ৰিক চেতনাবোধ মনোভাবাপন্ন কবিতা। কবিতাটি জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’ কবিতাপুথিৰ অন্তৰ্গত।

প্ৰগতিশীল আৰু মানৱতাবাদী কবি আগৰৱালাই পৃথিৱীৰ জনতাৰ মাজত উদ্দীপ্ত হোৱা চেতনাৰ অভ্যুদয় কথা কবিতাটিত বৰ্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আজি আকাশে বতাহে জনতাৰ আহ্বানেৰে মুখৰিত হৈছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাত সাধাৰণ জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত ব্ৰতী হৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌ্ৰভ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে।

মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব। নৱজীৱনৰ মহাসংঘাতে বৰ্তমানক কঁপাই ভৱিষ্যতৰ নতুন সপোন বাস্তৱত ৰূপায়িত কৰিব। বেদত ধ্বনিত হোৱা আলোকৰ আগমনি মন্ত্ৰই আজি সাৰ্থক হৈ ধৰা দিব। সেয়েহে কবিয়ে উদাত্ত কন্ঠে ঘোষণা কৰিছে জনতাৰ জয়, জনতন্ত্ৰৰ মহা মানৱ্তন্ত্ৰৰ জয়।

READ MORE  চিঠি | Class 12 Assamese (MIL) - AHSEC

6. ‘জনতাৰ আহ্বান’ শীৰ্ষক কবিতাটিৰ কবিগৰাকীৰ চমু পৰিচয় আগবঢ়োৱা।
উত্তৰঃ ‘জনতাৰ আহ্বান’ শীৰ্ষক কবিতাটিৰ কবিজনৰ নাম হ’ল— জ্যোতিপ্ৰসাদ আগৰৱালা। 1903 চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত তেখেতে জন্মগ্ৰহণ কৰিছিল। তেওঁ অসমৰ খ্যাত সংগীত আৰু কথাছবি পৰিচালক আছিল। তেখেত অসমীয়া চিনেমা জগতৰ মুখ্য পৰিবাহক আছিল। তেওঁ কথাছবি প্ৰযোজনা আৰু পৰিচালনা বিষয়ৰ ওপৰত জাৰ্মানত প্ৰশিক্ষণ লৈছিল।

1935 চনত তেখেতৰ প্ৰযোজনাতে প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণ হৈছিল। তেখেতৰ দ্বিতীয়খন বোলছবি ‘ইন্দ্ৰমালতী’ 1939 চনত নিৰ্মাণ কৰা হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত অসমীয়া চিনেমা জগতখনক আগুৱাই লৈ গৈছিল। তেওঁ একেধাৰে কবি, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক আদি গুণেৰে ভৰপূৰ আছিল। ‘শোণিত কুৱৰী’ নাটকৰ মাধ্যমেৰে তেখেতে আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ আন নাটসমূহ আছিল-‘কনকলতা’, ‘ৰূপালীম’, ‘লভিতা’, ‘নিমাতী কইনা’, ‘খনিকৰ’, ‘সোণ-পখিলা’, ‘সুন্দৰ কোৱৰ’ আদি। অসমীয়া সাহিত্য জগতৰ বিশেষ অবদান আগবঢ়োৱা জ্যোতিপ্ৰসাদ আগৰৱালাক ‘ৰূপকোঁৱৰ’ উপাধি প্ৰদান কৰা হৈছিল।

Long Type Questions and Answers (4 Marks)

1. প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
আজি জনতাৰ পংকজ ৰূপ
জাগে পদুমৰ দৰে
বোকাত জনমা মানুহে আজি
আলোকলৈ উঠি আহে
বেলিমুৱা হৈ হাঁহে।
উত্তৰঃ উক্ত কবিতাফাঁকি ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে বোকাত জন্মা পদুমে আদৰ পোৱাৰ নিচিনাকৈ আজি সাধাৰণ জনতাই বা অতি দুখীয়া-দৰিদ্ৰ মানুহেও সু-কৰ্মৰাজিৰ আৰু নতুন দিগন্তৰ কাৰণে আদৰ পাবলৈ সক্ষম হোৱাৰ প্ৰসংগ কথা ব্যক্ত কৰিছে।

কবিৰ মতে, বোকাত জন্ম লভা সাধাৰণ জনতাই আজি পদুমৰ দৰে ফুলি পোহৰৰ লগতে সৌৰভ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ আজি জনতা ব্যাকুল হৈ পৰিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব।

2. প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
অভিনৱ এক জীৱনৰ ৰূপ
পুষ্পিত কৰি তুলিবলৈ
আজি মানৱৰ জন জীৱনৰ
সংহত অভ্যুত্থান
উত্তৰঃ উক্ত কবিতাফাঁকি ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আজি জনতাৰ এক অভিনৱ নতুন দিগন্ত আৰু সংহতভাৱে কৰা সাধনাৰ সফলতাৰ বিষয়ে ব্যক্ত কৰিছে।

কবিৰ মতে আজিৰ জনতাই অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশত সৌন্দৰ্য সিঁচিবলৈ ব্যাকুল হৈ পৰিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব।কবি অতি আনন্দিত যে এতিয়া সকলো জনতাই শোষণ, উৎপীড়ন আৰু অন্যায়ৰ বিৰুদ্ধে একেলগে যুজ কৰিছে আৰু এক উজ্জ্বল পোহৰৰ সন্ধান বিচাৰি পাইছে।

3. প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
আজি জনতাৰ আলোক বিজয়ী
অপূৰ্ব অভিযান
আজি পৃথিৱীৰ আকাশে বতাহে
জনতাৰ আহ্বান;
নৱ জীৱনৰ মহা সংঘাতে
কঁপায় বৰ্তমান।
উত্তৰঃ উক্ত কবিতাফাঁকি ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত ‘জনতাৰ আহ্বান’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ মাধ্যমেৰে কবিয়ে আজি জনতাৰ এক অপূৰ্ব অভিযান আৰু নৱ জীৱনৰ এক মহা সংঘাতৰ বিষয়ে ব্যক্ত কৰিছে যি আজি পৃথিৱীৰ আকাশে বতাহে মুখৰিত হৈ পৰিছে।

প্ৰগতিশীল আৰু মানৱতাবাদী কবি আগৰৱালাই পৃথিৱীৰ জনতাৰ মাজত উদ্দীপ্ত হোৱা চেতনাৰ অভ্যুদয় কথা কবিতাফাকিত বৰ্ণনা কৰিছে। ৰূপান্তৰৰ পৃথিৱীত আজি আকাশে বতাহে জনতাৰ আহ্বানেৰে মুখৰিত হৈছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে জনতাৰ মহাপ্ৰাণ জাগ্ৰত কৰি তুলিছে। কবিৰ মনোভাৱ আজি জনতাৰ এই আলোকবিজয়ী অপূৰ্ব অভিযানে পৃথিৱীৰ আকাশ বতাহ মুখৰিত কৰি তুলিব।

Leave a Comment

error: Content is protected !!
Scroll to Top