সন্ধি | Sondhi | অসমীয়া ব্যাকৰণ | Conjunction in Assamese Grammar | Assamese Grammar with Solutions

সন্ধি

1. সন্ধি কাক বােল ?
উত্তৰঃ সন্ধি হ’ল দুটা শব্দ জোৰা লগােৱা এটা উপায়। অৰ্থাৎ দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয় শব্দৰ আদি বৰ্ণৰ মাজত মিলন ঘটি এটা শব্দ হলে, তাক সন্ধি বুলি কোৱা হয়। যেনে— শুভ +ইচ্ছা = শুভেচ্ছা।

2. সন্ধি কেইবিধ আৰু কি কি? সূত্ৰ লিখি উদাহৰণ দিয়া।
উত্তৰঃ সন্ধি তিনিবিধ। যেনে—
১। ব্যঞ্জন সন্ধি
২। স্বৰ সন্ধি আৰু
৩। বিসৰ্গ সন্ধি।

১। ব্যঞ্জন সন্ধিঃ ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণ বা স্বৰ বৰ্ণৰ মিলন ঘটিলে তাকে ব্যঞ্জন সন্ধি বােলে। উদাহৰণঃ উৎ + ছেদ = উচ্ছেদ ব্যঞ্জন + ব্যঞ্জন দিক্ + অন্ত = দিগন্ত ব্যঞ্জন + স্বৰ।

২। স্বৰ সন্ধিঃ স্বৰ বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন ঘটিলে তাকে স্বৰসন্ধি বােলে। উদাহৰণ— নীল + অচল = নীলাচল স্বৰ + স্বৰ।

৩। বিসৰ্গ সন্ধিঃ (⦂) ব্যঞ্জনবৰ্ণ অথবা স্বৰবৰ্ণৰ লগত বিসৰ্গ (⦂) ৰ সন্ধি হলে তাকে বিসৰ্গ সন্ধি ৰােলে। উদাহৰণ— নমঃ + কাৰ = নমস্কাৰ বিসৰ্গ + ব্যঞ্জন।

3. তলত কিছুমান শব্দৰ সন্ধি ভাঙি দেখুওৱা।
উত্তৰঃ
যথা + উচিত = যথােচিত
বহিঃ + কাৰ = বহিস্কাৰ
প্ৰাগ + ঐতিহাসিক = প্ৰাগৈতিহাসিক
তৎ + উপৰি = তদুপৰি
সম + বেশ = সমাবেশ।
অলম্ + কাৰ = অলংকাৰ
নিঃ + অৰ্থক = নিৰ্থক
তত্ত্ব + অৱধান = তত্ত্বাৱধান
উৎ + নতি = উন্নতি
ৰূপ + অন্তৰ = ৰূপান্তৰ
দুঃ + চিন্তা = দুশ্চিন্তা।

READ MORE  হস্তিবিদ্যাৰ্ণৱ পুথি | Class 12 Assamese (MIL) - AHSEC

Leave a Comment

error: Content is protected !!
Scroll to Top