প্ৰত্যয় | Pratyay | অসমীয়া ব্যাকৰণ | Affix in Assamese Grammar | Assamese Grammar with Solutions

প্ৰত্যয়

1. প্ৰত্যয় কাক বােলে ?
উত্তৰঃ প্ৰকৃতি বা মূলৰ লগত যিবােৰ বৰ্ণ বা বৰ্ণসমষ্টি যােগ হৈ নতুন নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰে, তাকেই প্ৰত্যয় বােলে। যেনে – ফুল + অনি = ফুলনি।

2. অসমীয়া ভাষাত প্ৰত্যয় কেইবিধ আৰু কি কি? সুত্ৰ লিখি উদাহৰণ দিয়া।
উত্তৰঃ অসমীয়া ভাষাত প্ৰত্যয় চাৰিবিধ। যেনে—
১। কৃৎ প্ৰত্যয়।
২। তদ্ধিত প্ৰত্যয়।
৩। স্ত্ৰী প্ৰত্যয়।
৪। বিভক্তিবাচক প্ৰত্যয়।

১। কৃৎপ্ৰত্যয়ঃ ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবােৰ প্ৰত্যয় যােগ হৈ নতুন পদ গঠন হয়, তাকেই কৃৎ প্ৰত্যয় বােলে। যেনে- লিখ + অক = লিখক কক্ + ওৱা = কৰােৱা (পাচনি ধাতু)

২। তদ্ধিত প্ৰত্যয়ঃ প্ৰতিপাদিক বা নাম শব্দৰ পিছত যিবােৰ প্ৰত্যয়ৰ চিন যােগ হৈ নতুন নতুন শব্দৰে সৃষ্টি হয়, তাকেই তদ্ধিত প্ৰত্যয় বােলে। যেনে-
দয়া + আলু = দয়ালু।
অসম + ঈয়া = অসমীয়া ৷
গাঁও + অলীয়া = গাঁৱলীয়া ৷

৩। স্ত্ৰী প্ৰত্যয়ঃ নাম শব্দৰ স্ত্ৰীলিঙ্গ বুজাবলৈ শব্দৰ পিছত যিবােৰ চিন যােগ হয়, তাকেই স্ত্ৰী প্ৰত্যয় বােলে। যেনে-
উকিল + অনী = উকিলনী৷
ৰান্ধ + অনী = ৰান্ধনী৷
গাল + পােৰা + ঈ = গালপুৰী।

৪। বিভক্তিবাচক প্ৰত্যয়ঃ নাম শব্দ বা ক্ৰিয়াবাচক শব্দৰ লগত যিবােৰ চিন যােগ হৈ পদ গঠন হয়, তাকেই বিভক্তি বােলে (বিভক্তিবােৰকো প্ৰত্যয়ৰ চিন বুলি গণ্য কৰা হয়)। যেনে—
ক + আ = কৰা।
ফুল + এ = ফুলে৷
ফুল + ইছে (ফুল্ + ইছ + এ) = ফুলিছে৷

3. প্ৰত্যয়বাচক চিনসমূহ (ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যয়ৰ চিনসমূহ জনাটো অতি প্ৰয়ােজনীয়)।
উত্তৰঃ অনীঃ ধৰ + অনী = ধৰণী (কৃৎ বাচ্যত)
অকঃ লিখ +অক = লিখক
অতিঃ চল্ + অতি = চলতি
অন্তঃ চ + অন্ত = চলন্ত
ওঁতাঃ খা + ওঁতা = খাওঁতা
অনঃ শাে + অন = শােৱন
অনাঃ বাজ + অনা = বাজনা
অনিঃ ৰান্ধ + অনি = ৰান্ধনি (পুং)
অনীঃ ৰান্ধ + অনী = ৰান্ধনী (স্ত্ৰী)

READ MORE  সমাস |Shomash| অসমীয়া ব্যাকৰণ | Compound in Assamese Grammar

4. সংস্কৃত কৃৎ প্ৰত্যয়ৰ চিন।
উত্তৰঃ তব্যঃ কৃ + তব্য = কৰ্তব্য।
অনীয়ঃ দৃশ + অনীয় = দৰ্শনীয়
ন্যৎঃ ভজ + ন্যৎ = ভাগ্য, ভাজ্য
যৎঃ শু + য = শ্ৰব্য
ক্যপূঃ হন্ + কাপ = হত্যা।
শতৃঃ মহ্ + শত্ = মহৎ
শানঃ বৃৎ + শান = বৰ্তমান
ক্তঃ পূজ + ক্ত = পূজিত
ক্তিনঃ শক্ + নি = শক্তি
অনটঃ ভু + অনট = ভৱন
অঃ হিনস্ + অ = সিংহ।
যুচঃ ৰসি + যুচ্ (অন) = ৰসনা
অচঃ সৃ + অচ = সৰ্প
কঃ ধৰ্ম + জ্ঞা + ক = ধৰ্মজ্ঞ
শালাঃ ধৰ্ম + শালা = ধৰ্মশালা
অতিঃ বাপ + অতি = বাপতি
অতীঃ খীৰ + অতী = খীৰতী
অৰিঃ ফুল + অৰি = ফুলৰি।
অনঃ প্ৰত্যয় + অন = পতিয়ন।
অৰীয়াঃ বন + অৰীয়া = বনৰীয়া
অৰীঃ বন + অৰী = বনৰী।
আঃ দীঘল + পেট + আ = দীঘলপেটা
আইঃ চাক্ + আই = চাফাই
আইতঃ অঘ + আইত অং = অঘাইতং
আনঃ শুষ্ক + আন = শুকান।
আমঃ ফুল + আম = ফুলাম
আমিঃ মুখ + আমি = মুখামি।
আৰঃ কুম্ভ + আ = কুমাৰ
আৰীঃ সােণ + আৰী = সােণাৰী
আলিঃ বেজ + আলি = বেজালি

5. তলত কিছুমান লাগতিয়াল শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা।
উত্তৰঃ ঢুলীয়া = ঢােল + ঈয়া
চুৱাপাতনি = চুৱা + পাত + অনি
বাঢ়নী = বাঢ় + অনী
মাহেকীয়া = মাহ + এক + ঈয়া ।
ভাৰতীয় = ভাৰত + ঈ + অ ।
দিন + এক = দিনেক।।
বিহগী = বিহগ + ঈ
নিপুণতা = নিপুণ + অতা।
প্ৰীতি = প্ৰী + ক্তি।
সমাজিক = সমাজ + ইক
সামগ্ৰিক = সমগ্ৰ + ইক।
ৱতী = বাে + অতী
দেখনিয়াৰ = দেখ + অনিয়াৰ
চাপৰিয়াল = চাপৰি + আল
খেতিয়ক = খেতি + অক
বাটৰুৱা = বাট + অৰুৱা
মধুৰতা = মধুৰ + অতা
হালােৱা = হাল + ওৱা
শাকতলী = শাক + তল + ঈ
আধুনিক = অধুনা + ইক
বৃত্তিয়াল = বৃত্তি + আল ।
খলকনি = খলক + অনি
গতি = গম + ক্তি।
কলিকতীয়া = কলিকতা + ঈয়া
ভাৱৰীয়া = ভাৱ + অৰীয়া
বেগী = বেগ + ঈ।
নাচন = নাচ্ + অন
ভালৰি = ভাল + অৰি।।
খঙাল = খং + আল
খাৰু = লিখ + আৰু
খাওঁতা = খ + ওঁতা।
তলতীয়া = তল + অতীয়া

6. পাঁচটা নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ চিন লিখা।
উত্তৰঃ জন = মানুহ + জন (মানুহজন) |
টো = কলম + টো (কলমটো)
খন = কিতাপ + খন (কিতাপখন)
পাত = স্কেল + পাত (স্কেলপাত)
ডাল = খৰি + ডাল (খৰিডাল)

READ MORE  অসমীয়া ব্যাকৰণ | Assamese Grammar

Leave a Comment

error: Content is protected !!
Scroll to Top