বীৰ চিলাৰায় ৰচনা | Bir Chilarai Essay in Assamese

বীৰ চিলাৰায় ৰচনা | Bir Chilarai Essay in Assamese

বীৰ চিলাৰায় ৰচনা | Bir Chilarai Essay in Assamese | বীৰ চিলাৰায়ৰ বিষয়ে ৰচনা | বীৰ চিলাৰায়ৰ জীৱনী | বীৰ চিলাৰায়ৰ ৰচনা অসমীয়াত | Biography and Essay of Bir Chilaray in Assamese | Essay on Bir Chilaray in Assamese | Assamese Essay on Bir Chilaray | Mahabir Chilarai Axomiya Rosona | Bir Chilarai Asomiya Rosana | Chilaroy Essay in Assamese | বীৰ চিলাৰায়ৰ বিষয়ে অসমীয়া ৰচনা


বীৰ চিলাৰায় ৰচনা

পৰিচয়

বিশ্ব ইতিহাসৰ পাতত দেশপ্ৰেম, বীৰত্ব, সহিঞ্চুতা আদিৰে জিলিকি থকা বীৰ জনেই হ’ল- মহাবীৰ চিলাৰায়। বীৰ চিলাৰায়ৰ প্ৰকৃত নাম আছিল “শুক্লধ্বজ”। ১৫১০ খ্ৰীষ্টাব্দৰ মাঘ মাহৰ পৱিত্ৰ মাঘী-পূৰ্ণিমাত ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ আৰু দেৱী পদ্মাৱতীৰ ঔৰসত জন্ম গ্ৰহণ কৰে শুক্লধ্বজ।

পিতৃৰ নিৰ্দেশ মৰ্মে আৰু ভাতৃ ৰজা, নৰনাৰাণৰ প্ৰেম অক্ষুণ্ণ ৰাখি চিলাৰায়ে সেনাপতিৰ দায়িত্ব পালন কৰি নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা বিশ্বৰ আগশাৰীৰ এজন বীৰ যোদ্ধা হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বুলি তেওঁক চিলাৰায় বুজি জনা যায়। তেওঁৰ বীৰত্ব আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল।

ইতিহাসত পোৱা মতে কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহই ১৯ গৰাকী কুঁৱৰী বিবাহ কৰাইছিল। কুঁৱৰী তাৰ ভিতৰত জেষ্ঠ গৰাকী নেপালৰ আছিল। জেষ্ঠ্য গৰাকীৰ পুত্ৰৰ নাম “নৰ সিংহ”। গৌড়ৰ দুগৰাকী কুঁৱৰী “হেমপ্ৰভা” আৰু “পদ্মাৱতী” আছিল। হেমপ্ৰভাৰ পুত্ৰ নৰনাৰায়ণ আৰু পদ্মাৱতীৰ পুত্ৰ শুক্লধ্বজ অৰ্থাৎ চিলাৰায়। মুঠ ১৯ জন পুত্ৰ আছিল বিশ্ব সিংহৰ বুৰঞ্জীত পোৱা যায়।

চিলাৰায়ৰ শিক্ষা-দীক্ষা

চিলাৰায় আৰু নৰনাৰায়ণ বাল্যকালত বাৰানসী ক্ষেত্ৰ লৈ গৈ তাত থকা ব্ৰহ্মানন্দ বিশাৰদ নামৰ সন্ন্যাসী এজনৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। তাত তেওঁলোকে হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল।

READ MORE  বিজ্ঞানৰ উপকাৰিতা আৰু অপকাৰিতা ৰচনা | Advantages and Disadvantages of Science Essay in Assamese

চিলাৰায় যুৱৰাজ হোৱা সময়ছোৱা

১৫৩৩ চনত বিশ্ব সিংহই মৃত্যু বৰণ কৰে। বিশ্ব সিংহই মৃত্যুৰ আগতেই পুত্ৰসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিছিল। সেই অনুসৰি জেষ্ঠপুত্ৰ নৰসিংহ, বিদেশলৈ যাবলৈ, নৰনাৰায়ণে নিজদেশত ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে ৰণধৰ্ম পালন কৰিবলৈ।

বিশ্বসিংহৰ মৃত্যুৰ সময়ত চিলাৰায় আৰু নৰনাৰায়ণ দুয়ো বাৰানসীত আছিল। ফলত বিশ্ব সিংহৰ জেষ্ঠ পুত্ৰ নৰসিংহই ৰাজপাটত বহে। নৰনাৰায়ণ আৰু চিলাৰায়ৰ ধাই “ৰতনী ধাই” গৰাকী ৰাজ অন্তঃপুৰত আছিল। স্বৰ্গীয় মহাৰাজৰ আদেশ উলঙ্ঘা দেখি ধাইগৰাকীয়ে “নাগভোগ” নামৰ এজন সন্নাসীৰ হাতত চিঠি দি দুয়োকে ৰাজধানীলৈ মাতি পঠিয়ায়। দুয়ো ৰাজধানীত উপস্থিত হৈ নৰসিংহক পৰাস্ত কৰে। নৰসিংহ তেতিয়া নেপাল লৈ পলাই যায়। ১৫৩৪ খ্ৰীষ্টাব্দত নৰনাৰায়ণ কোঁচ বংশৰ ৰাজপাটত উঠে আৰু চিলাৰায় যুৱৰাজ হয়। ৰাজ অভিষেক হোৱাৰ সময়ত চিলাৰায়ক সংগ্ৰাম সিংহ নাম দিয়া হয়। 

কোঁচ ৰাজ্যৰ বিস্তাৰ

সিংহাসনত উঠিয়েই পিতৃৰ ৰাজ্য বঢ়াবলৈ মন কৰাত শুক্লধ্বজ (চিলাৰায়)ৰ সহায়ত নৰনাৰায়ণে কোঁচ ৰাজ্য বিস্তাৰ কৰে। চিলাৰায়ে ১৫৬৩ চনৰ জুন মাহত আহোমৰ ৰাজধানী গঢ়গাওঁ দখল কৰে। তাৰ পিছত তেওঁ কাছাৰ আক্ৰমণ কৰি তাৰ ৰাজধানী মাইবং দখল কৰে। ফলত কছাৰী ৰজাই কোঁচ ৰজাৰ বশ্যতা স্বীকাৰ কৰে। কাছাৰ জয় কৰাৰ পিছতেই চিলাৰায়ে মণিপুৰ, খাইৰাম, ডিমৰুৱা, শ্ৰীহট্ট, চট্টগ্ৰাম, আদি ৰাজ্য জয় কৰি বশ্যতা স্বীকাৰ কৰায়। ত্ৰিপুৰাৰ ৰজা, জয়ন্তীয়া ৰজা আৰু ছিলেটৰ ৰজাই তেওঁৰ সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল।

গৌড় ৰাজ্য জয় কৰাৰ ইতিহাস

চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰি দৈব্য দুৰ্বিপাকত বন্দী হোৱাৰ কথা কোঁচ ৰাজ বুৰঞ্জীত পোৱা যায়। এই কথা মুছলমান ইতিহাসবোৰত উল্লেখ নাই। বন্ধী হোৱাৰ পাছত তেওঁৰ ব্যৱহাৰত গৌড় ৰাজমাতা পৰিতুষ্ট হৈ মুক্তি দি পাঁচজনী সদ্বংশজাত কন্যা তেওঁ বিৱাহ দিয়ে আৰু যৌতুক ৰূপে গয়বাৰী, সেৰপুৰ, বাহাৰবন্দ আৰু দহকনীয়া নামে পাঁচখন পৰগণা দিয়ে।

অন্য ইতিহাস মতে, কৰতোমাৰ পূৰ্ব অংশত থকা গৌড় অধিকাৰ চিলাৰায়ক যৌতুক দিয়ে। ইয়াৰ তৰোৱাল, ঘোঁৰা আদি নানা উপহাৰ দ্ৰব্য চিলাৰায়ে লাভ কৰে। তেতিয়া চিলাৰায়ে পুৰোষত্তম বিদ্যাবাগীশ, পীতাম্বৰ সিদ্ধান্ত, বাগীশ আদি পণ্ডিত সকলোক তেখেতে গৌড়ৰ পৰা লগত আনে।

READ MORE  দূৰদৰ্শন ৰচনা | Television Essay in Assamese

ৰাজমাতা এই মৈত্ৰিৰ ব্যবস্থা কৰিছিল। যাতে ভবিষ্যতে গৌড়ৰাজ্য আক্ৰমণ নহয়। আচলতে তেখেত গৌড় আক্ৰমণ কৰিবলৈ যোৱা নাছিল। গৌড় ৰাজমাতা স্বৰ্গীয় হোৱাৰ পাছত হে মোগল বাদছাহৰ সেনাপতিৰ সৈতে লগ হৈ গৌড়ৰাজ্য জয় কৰে।

চিলাৰায়ৰ অন্যান্য কাৰ্য্য 

চিলাৰায় বীৰ যোদ্ধাৰ উপৰিও এজন পণ্ডিত আছিল। তেখেতে “সাৰৱতীটীকা” নামৰ সংস্কৃত গ্ৰন্থখন ৰচনা কৰিছিল। তেওঁ পণ্ডিতক অশেষ আদৰ-সন্মান কৰিছিল। কোনো দেশৰ পৰা পণ্ডিত আহিলে চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞান চৰ্চা কৰিছিল। 

মহাপুৰুষ শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিল চিলাৰায়ৰ সহায়তেই। শংকৰদেৱ, অনিৰুদ্ধ, ৰাম সৰস্বতী, বুকুল কায়স্থ, শ্ৰীধৰ, অনন্ত কন্দলী আদি পণ্ডিত সকলে নৰনাৰায়ণৰ ৰাজাসভা উজ্জ্বল কৰি ৰাখিছিল। এই ক্ষেত্ৰত চিলাৰায়ে বিশেষ সহায় কৰিছিল। 

দেশ শাসনৰ সকলো কাৰ্যত খৰ দৃষ্টি পৰিছিল আৰু ৰাজ্যৰ শাসন বান্ধ সুদূৰ কৰিবলৈ আলি, পুখুৰী, দেৱালয়, ৰাজ্যৰ প্ৰধান প্ৰধান লোকক বৃত্তি আদি দানক ব্যৱস্থা কৰাইছিল। নৰনাৰায়ণৰ আদেশ মতে- চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰ কৰিছিল। 

বীৰ চিলাৰায়ৰ মৃত্যু

মহাবীৰ, যোদ্ধা, মহাপৰাক্ৰমী, বীৰত্ব, দূৰদৰ্শী নেতৃত্ব, দেশপ্ৰেমী বীৰ চিলাৰায়ৰ ১৫৭১ খ্ৰীষ্টাব্দত গংগাতীৰত বসন্ত ৰোগত মৃত্যু হয়।

সামৰণি

২০০৫ চনৰ পৰা বীৰ চিলাৰায়ক স্মৰণ কৰি অসম চৰকাৰে চিলাৰায়ৰ জন্মদিনটোত অৰ্থাৎ মাঘীপূৰ্ণিমাৰ দিনা ৫ ফেব্ৰুৱাৰী তাৰিখে অসমত প্ৰতিবছৰে “বীৰ চিলাৰায় দিৱস” হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। এইদিনটোত অসম চৰকাৰে বন্ধ ঘোষণা কৰে আৰু সাহসিকতাৰ পৰিচয় দিয়া ব্যক্তি সকলোক “বীৰ চিলাৰায় বঁটা” প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল। এতিয়ালৈকে এই বঁটা প্ৰদান কৰি আহিছে। ভৱিষ্যতেও প্ৰদান কৰিব বুলি কামনা কৰা হ’ল।

Leave a Comment

error: Content is protected !!
Scroll to Top