পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ | Chapter 10 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ

Multiple Choice Questions and Answers

1. আমি কিয় হাঁচি মাৰো ?
(a) বাষ্পীবেনৰ হাৰ হ্ৰাস কৰিবলৈ
(b) কাৰ্বনডাই অস্কাইড এৰিবলৈ
(c) অধিক অস্কিজেন গ্ৰহণ কৰিবলৈ
(d) নাকত থকা বাহ্যিক উপাদানসমূহৰ পৰা নিষ্পওি লাভ কৰিবলৈ
উত্তৰঃ (d) নাকত থকা বাহ্যিক উপাদানসমূহৰ পৰা নিষ্পওি লাভ কৰিবলৈ

2. অৱতল দাপোণ এখনৰ মুখ্য ফ’কাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ অৱস্থান—
(a) ভাঁজকেন্দ্ৰত।
(b) ভাঁজকেন্দ্ৰৰ বাহিৰত।
(c) অসীমত।
(d) মুখ্য ফ’কাছত।
উত্তৰঃ (c) অসীমত।

3. পোহৰ এবিধ কি ?
(a) তাপ
(b) শক্তি
(c) পদাৰ্থ
(d) সস্পদ
উত্তৰঃ (b) শক্তি

4. এখন গোলাকাৰ দাপোণে আটাইতকৈ সংকুচিত প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব—
(a) মুখ্য ফ’কাছত।
(b) অসীমত।
(c) ভাঁজকেন্দ্ৰৰ বাহিৰত।
(d) মুখ্য ফ’কাছ আৰু মেৰুৰ মাজত।
উত্তৰঃ (b) অসীমত।

5. মধ্যচ্ছেদাৰ কাম হল—
(a) হাঁওফাঁওৰ সংকোচন আৰু প্ৰসাৰণ নিয়ন্তন কৰা
(b) হাঁওফাঁওৰ চাৰিওফালে প্ৰতিৰক্ষামূলক আৱৰণ প্ৰস্তুত কৰা
(c) আমি শ্বাস প্ৰশ্বাস লোৱা বায়ুৰ পৰা কাৰ্বনডাই অস্কাইড পৰিশেধন কৰা
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) হাঁওফাঁওৰ সংকোচন আৰু প্ৰসাৰণ নিয়ন্তন কৰা

6. উত্তল লেন্‌ছত উৎপন্ন প্রতিবিম্ব—
(a) সদায় সৎ।
(b) সদায় অসৎ।
(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

7. সমতল দাপোনৰ ফকাছ দৈৰ্ঘ্য কিমান ?
(a) অসীম
(b) 20 cm
(c) 60 cm
(d) মেৰুত
উত্তৰঃ (a) অসীম

8. পানীৰ প্ৰতিসৰনাংক কিমান—
(a) 1.33
(b) 2.33
(c) 4.3
(d) 0.133
উত্তৰঃ (a) 1.33

9. এখন অৱতল দাপোণত আটাইতকৈ বিবর্ধিত প্রতিবিম্ব পাবলৈ লক্ষ্যবস্তু ৰাখিব লাগিব—
(a) অসীমত।
(b) ভাজকেন্দ্ৰত।
(c) ভাঁজকেন্দ্র আৰু মুখ্য ফ’কাছৰ মাজত।
(d) মুখ্য ফ’কাছত।
উত্তৰঃ (d) মুখ্য ফ’কাছত।

10. তলত উল্লেখ কৰা কোনটো জীৱই শ্বসন ক্ৰিয়া কৰে ?
(a) পৰপোষী জীৱ
(b) স্বপােষী
(c) বায়ুজীৱী জীৱ
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (d) ওপৰৰ এটাও নহয়

11. অৱতল দাপোণ এখনৰ ভাঁজকেন্দ্ৰত ৰখা লক্ষ্যবস্তু বাবে উৎপন্ন প্রতিবিম্বৰ স্থান—
(a) ভাঁজকেন্দ্র।
(b) অসীম।
(c) মুখ্য ফ’কাছ।
(d) ভাঁজকেন্দ্ৰৰ বাহিৰত।
উত্তৰঃ (a) ভাঁজকেন্দ্র।

12. এখন অৱতল দাপোণে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটো থ’ব লাগিব—
(a) মেৰু আৰু মুখ্য ফ’কাছৰ মাজত।
(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।
(c) ভাঁজকেন্দ্ৰত।
(d) ভাঁজকেন্দ্ৰৰ বাহিৰত।
উত্তৰঃ (c) ভাঁজকেন্দ্ৰত।

13. এখন উত্তল লেন্‌ছৰ ফ’কাছদৈর্ঘ্য নির্ণয় কৰিব পাৰি—
(a) প্রতিবিম্বৰ দূৰত্বৰ পৰা
(b) ভাজব্যাসাৰ্ধৰ পৰা
(c) ওপৰৰ এটাও নহয়
(d) (a) আৰু (b) উভয়ে।
উত্তৰঃ (b) ভাজব্যাসাৰ্ধৰ পৰা।

14. তলৰ কোনটো লক্ষ্যৰন্তৰ অৱস্থানৰ বাবে অতল দাপোণ এখনে সৎ গুলোটা প্রতিবিম্ব গঠন নকৰে—
(a) অসীমত।
(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।
(c) ভাঁজকেন্দ্ৰৰ বাহিৰত।
(d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।
উত্তৰঃ (d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

15. অৱতল দাপোণে উৎপন্ন কৰা প্রতিবিম্ব।
(a) সদায় সৎ।
(b) সদায় অসৎ।
(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

16. তলৰ কোনটো বস্তুৰ অৱতল লেন্স ব্যৱহাৰ কৰা নহয় ?
(a) সাধাৰণ কেমেৰা
(b) স্পাই-হোল
(c) আলোক
(d) মায়পিয়া ধিক কৰিবলৈ তৈয়াৰ কৰা চছমা
উত্তৰঃ (a) সাধাৰণ কেমেৰা

17. উত্তল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব—
(a) সৎ, বিবর্ধিত।
(b) সৎ, সংকুচিত।
(c) অসৎ, বিবর্ধিত।
(d) অসৎ, সংকুচিত।
উত্তৰঃ (d) অসৎ, সংকুচিত।

18. গোলাকাৰ দাপোণৰ ফ’কাছ দৈৰ্ঘ্য আৰু ভাজব্যাসাদ্ধৰ অনুপাত হ’ল—
(a) 0.5
(b) 1
(c) 2
(d) 3
উত্তৰঃ (a) 0.5

19. সমতল দাপোণত উৎপন্ন প্রতিবিম্ব—
(a) সৎ, অলোটা, সংকুচিত।
(b) অসৎ, থিয় বিবর্ধিত।
(c) অসৎ থিয় সমান।
(d) অসৎ, থিয় সংকুচিত।
উত্তৰঃ (c) অসৎ থিয় সমান।

20. এখন লেন্‌ছৰ মাজেৰে পাৰ হৈ যাওঁতে পোহৰৰ কেইবাৰ প্ৰতিসৰণ ঘটে ?
(a) এক
(b) দুই
(c) তিনি
(d) চাৰি ।
উত্তৰঃ (b) দুই।

21. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে ব্যৱহাৰ কৰা হয়—
(a) উত্তল দাপোণ।
(b) অৱতল দাপোণ।
(c) সমতল দাপোণ।
(d) ইয়াৰ নহয়।
উত্তৰঃ (a) উত্তল দাপোণ।

22. এখন উত্তল লেন্‌ছৰ দ্বাৰা গঠিত প্ৰতিবিম্ব অসৎ, যথাযথ আৰু পৰিবৰ্ধিত হ’ব—
(a) যেতিয়া u > 2f হয়
(b) যেতিয়া u > f হয়
(c) যেতিয়া u = f হয়
(d) যেতিয়া u < f হয়
উত্তৰঃ (d) যেতিয়া u <f হয়।

23. এখন অবতল লেন্‌ছৰ দ্বাৰা গঠিত প্ৰতিবিম্ব—
(a) সৎ আৰু সৰু
(b) সৎ আৰু পৰিবৰ্ধিত
(c) অসৎ আৰু সৰু
(d) অসৎ আৰু পৰিবৰ্ধিত
উত্তৰঃ (b) সৎ আৰু পৰিবৰ্ধিত ।

24. এখন উত্তল লেন্‌ছৰ ফ’কাছদৈৰ্ঘ্য 20 ছেমি। লেন্‌ছখনৰ সন্মুখত 30 ছেমি দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হৈছে। গঠিত হোৱা প্ৰতিবিম্বটো—
(a) সৎ আৰু সৰু
(b) সৎ আৰু পৰিবৰ্ধিত
(c) অসৎ আৰু সৰু
(d) অসৎ আৰু পৰিবৰ্ধিত
উত্তৰঃ (c) অসৎ আৰু সৰু।

25. তলৰ কোনখন দাপোণৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহুল—
(a) সমতল।
(b) উত্তল।
(c) অৱতল।
(d) এটাও নহয়।
উত্তৰঃ (b) উত্তল।

26. অসীমত থকা কোনো লক্ষ্যবস্তুৰ বাবে গোলাকাৰ দাপোণ এখনে প্রতিবিম্ব গঠন কৰে—
(a) ভাঁজকেন্দ্ৰত।
(b) মুখ ফ’কাছত।
(c) মুখ্য ফ’কাছ আৰু ভীজকেন্দ্ৰৰ মাজত।
(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।
উত্তৰঃ (b) মুখ ফ’কাছত।

27. এখন উত্তল লেন্‌ছৰ ফ’কাছদৈৰ্ঘ্য 15 ছেমি। লেন্‌ছখনৰ সন্মুখত 30 ছেমি দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হৈছে। গঠিত হোৱা প্ৰতিবিম্বটো—
(a) সৎ আৰু সৰু
(b) সৎ আৰু পৰিবৰ্ধিত
(c) অসৎ আৰু সৰু
(d) সৎ আৰু সমান ।
উত্তৰঃ (d) সৎ আৰু সমান।

28. উত্তল লেন্‌ছৰ দ্বাৰা গঠিত প্ৰতিবিম্ব—
(a) সদায় ওলোটা
(b) সদায় থিয়
(c) লক্ষ্যবস্তুৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি ওলোটা বা থিয়
(d) ওপৰৰ এটাও নহয় ।
উত্তৰঃ (c) লক্ষ্য বস্তুৰ অৱস্থানৰ লপৰত নিৰ্ভৰ কৰি ওলোটা বা থিয়।

29. লক্ষ্যবস্তুতকৈ ডাঙৰ আকাৰৰ প্ৰতিবিম্ব পাবলৈ এজন ব্যক্তিয়ে ব্যৱহাৰ কৰিব পাৰে—
(a) সমতল দাপোন
(b) হয় উত্তল দাপোন নতুৱা অৱতন দাপোন
(c) উত্তল দাপোন
(d) অৱতন দাপোন
উত্তৰঃ (d) অৱতন দাপোন

30. এখন উত্তল লেন্‌ছৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান। যদি লেন্‌ছখনৰ ফ’কাছদৈর্ঘ্য 10 ছেমি হয়, তেন্তে লক্ষ্যবস্তুৰ দূৰত্ব—
(a) 10 ছেমি
(b) 30 ছেমি
(c) 50 ছেমি
(d) 40 ছেমি
উত্তৰঃ (a) 10 ছেমি

31. দাড়ি খুৰাবলৈ এখন দাপোণ ব্যৱহাৰ কৰা হয় । দাপোণখন কি প্ৰকৃতিৰ—
(a) অবতল দাপোণ
(b) উত্তল দাপোণ
(c) সমতল দাপোণ
(d) ওপৰৰ এটাও নহয় ।
উত্তৰঃ (a) অবতল দাপোণ

32. অসীম আৰু দাপোণৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোণ এখনে প্রতিবিম্ব গঠন কৰে—
(a) মুখ্য ফ’কাছত।
(b) মুখ্য ফ ‘কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।
(c) ভাঁজকেন্দ্ৰত।
(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।
উত্তৰঃ (d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

33. এখন লেন্‌ছ জুই জ্বলাবলৈ ব্যৱহাৰ কৰা হয় ৷ লেনছ খন কি প্ৰকৃতিৰ—
(a) অবতল লেন্‌ছ
(b) উত্তল লেন্‌ছ
(c) উত্তল বা অবতল উভয় লেন্‌ছ
(d) ওপৰৰ এটাও নহয় ।
উত্তৰঃ (b) উত্তল লেন্‌ছ।

34. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্‌ছ প্ৰত্যেকৰে ফ’কাচ দৈৰ্ঘ্য -15 ছেমি। দাপোণ আৰু লেন্‌ছৰ প্ৰকৃত কেনেকুৱা হ’ব পাৰে ?
(a) দুয়োখন অবতল
(b) দুয়োখন উত্তল
(c) দাপোণখন অৱতল লেন্‌ছখন উত্তল
(d) দাপোণখন উত্তল লেন্‌ছখন অৱতল।
উত্তৰঃ (a) দুয়োখন অবতল।

35. প্ৰতিফলন ৰ সূত্ৰ কেইটা—
(a) 1
(b) 2
(c) 3
(d) 4
উত্তৰঃ (b) 2

36. প্ৰতিফলন সূত্ৰ অনুসৰণ আপতন কোন কেনেকৈ প্ৰতিফলন কেণৰ সৈতে সস্পৰ্ক যুক্ত হয়—
(a) আপতন কোন হল প্ৰতিফলন কোণৰ তুলনাত ডাঙৰ
(b) আপতন কোন হল প্ৰতিফলন কোণৰ তুলনাত সৰু
(c) আপতন কোন হল প্ৰতিফলন কোণৰ তুলনাত সমান
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) আপতন কোন হল প্ৰতিফলন কোণৰ তুলনাত সমান

37. এখন লেন্‌ছৰ ক্ষমতা –2 ডায়প্তাৰ লেন্‌ছখন কি প্ৰকাৰৰ হ’ব—
(a) অবতল
(b) উত্তল
(c) (a) আৰু (b) উভয়ে
(d) ওপৰৰ এটাও নহয় ।
উত্তৰঃ (a) অবতল

38. কোন প্ৰকাৰ দাপোনত গঠিত হোৱা চিত্ৰ সদায় অসৎ হয়—
(a) সমতল
(b) উত্তল
(c) অৱতন
(d) a আৰু উভয়ে
উত্তৰঃ (d) a আৰু উভয়ে

39. দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোনখন কেনেকুৱা হ’ব পাৰে ?
(a) সমতল
(b) অৱতল
(c) উত্তল
(d) হয় সমতল নতুবা উত্তল
উত্তৰঃ(d) হয় সমতল নতুবা উত্তল

READ MORE  নিয়ন্ত্ৰণ আৰু সমন্বয় | Chapter 7 | Class 10 General Science - SEBA

40. তলত দিয়া কোনটো পদাৰ্থ লেন্‌ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ?
(a) পানী
(c) প্লাষ্টিক
(b) কাঁচ
(d) মৃত্তিকা (clay)
উত্তৰঃ (d) মৃত্তিকা (clay)

41. বতাহত পোহৰৰ গতি কিমান—
(a) 300000000 m/s
(b) 3000000 m/s
(c) 3.00000000 m/s
(d) 300000 m/s
উত্তৰঃ (a) 300000000 m/s

42. উদ্ভত ৰশ্মিয়ে অডিলম্বৰ সৈতে যি কোণ সূষ্টি কৰে সেইটোৰ নাম কি ?
(a) আপতন কোন
(b) প্ৰতিফলনৰ কোন
(c) উদূত কোন
(d) প্ৰতিসৰণ কোন
উত্তৰঃ (c) উদূত কোন

43. প্ৰতিসৰণৰ সূত্ৰ কেইটা ?
(a) 1 টা
(b) 2 টা
(c) 3 টা
(d) 4 টা
উত্তৰঃ (b) 2 টা

44. তলৰ কোনটোৱে পানীৰ অধিক প্ৰতিসৰণ সূচক হয়—
(a) 1.0003
(b) 1.33
(c) 1.36
(d) 2.24
উত্তৰঃ (b) 1.33

45. কোনবোৰ লেন্সৰ মাজৰ অংশ ডাধ আৰু কাষবোৰ পাতল হয় ?
(a) অৱতন লেন্স
(b) উত্তৰ লেন্স
(c) (a) আৰু (b) দুয়োৰে মিশ্ৰণ
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) উত্তৰ লেন্স

46. এখন অৱতন দাপোনৰ আপতিত ৰশ্মি যেতিয়া মুখ্য অক্ষৰ সমান্তৰাল হয় তেতিয়া প্ৰতিফলন ৰশ্মি ৰ মাজেদি পাৰ হৈ যায়—
(a) মেৰু
(b) ফকাছ
(c) ভাঁজকেন্দ্ৰ
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) ফকাছ

47. গোলাকাৰ লেন্সৰ দ্বাৰা উৎপন্ন বিবৰ্ধন যদি 2.5 হয় তেন্তে চিত্ৰৰ স্বৰূপ কি হব ?
(a) সৎ আৰু ওলোটা
(b) অসৎ আৰু থিয়
(c) সৎ আৰু থিয়
(d) অসৎ আৰু ওলোটা
উত্তৰঃ (b) অসৎ আৰু থিয়

48. সমতল দাপোনৰ ফকাছ দৈৰ্ঘ্য—
(a) ধনাত্মক
(b) শূণ্য
(c) ঋনাত্মক
(d) অসীম
উত্তৰঃ (d) অসীম

49. দূষ্টি শক্তি আৰু ফকাছ দৈৰ্ঘ্য মাজত কি পাৰ্থক্য আছে ?
(a) প্ৰত্যক্ষভাৱে অনুপতিক
(b) ওলোটা অনুপতিক
(c) (a) আৰু (b) উভয়ে
(d) ওপৰৰ এটাও
উত্তৰঃ (b) ওলোটা অনুপতিক

50. দূষ্টিশক্তিৰ s1 একক কোনটো হয় ?
(a) ডায়প্টাৰ
(b) চেন্টিমিটাৰ
(c) মিটাৰ
(d) মিলিমিটাৰ
উত্তৰঃ (a) ডায়প্টাৰ

51. এখন অৱতল দাপোানৰ পৰা এটা স ওলোটা আৰু সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো ৰাখিব লাগিব—
(a) অসীমত
(b) মুখ্য ফকাছত
(c) ভাঁজকেন্দ্ৰত
(d) ফকাছ আৰু মেৰুৰ মাজত
উত্তৰঃ (c) ভাঁজকেন্দ্ৰত

52. উত্তৰ লেন্সৰ দ্বাৰা উৎপন্ন ৰৈখিক বিৱৰ্ধন কি হয় ?
(a) 1- তকৈ কম
(b) 1- তকৈ অধিক
(c) 1-ৰ সমান
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (d) ওপৰৰ এটাও নহয়

53. – 3 d ক্ষমতাৰ এখন অৱতল লেন্সক +- 3 d ক্ষমতাৰ এখন উত্তল লেন্সৰ সংস্পশত ৰখা হৈছে লেনছ যুগাৰ ক্ষমতা—
(a) +6D
(b) O
(c) -3D
(d) +3D
উত্তৰঃ (b) O

54. উত্তল লেঞ্চৰ জৰিয়তে এটা স, এলোটা আৰু সমান আকাৰৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো_______ত স্থাপন কৰিব লাগিব।
(a) F1
(b) 2F, আৰু F1 ৰ মাজত
(c) 2F1
(d) অসীমত
উত্তৰঃ (c) 2F1

55. এখন উত্তল দাপোণৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান হ’লে—
(a) u = f
(b) u = 2f
(c) u = v
(d) (b) আৰু (c) উভয়ে।
উত্তৰঃ (d) (b) আৰু (c) উভয়ে।

56. এখন গোলাকাৰ দাপোন আৰু ক্ষীণ লেনছৰ প্ৰত্যকৰে ফকাছ দৈৰ্ঘ্য + 20
(a) দাপোনখন হৈছে অৱতল দাপোন আৰু লেনছখন হৈছে উত্তল লেন্স
(b) দাপোন খন উত্তল আৰু লেন্সখন অৱতল লেন্স
(c) উভয়ে উত্তল
(d) উভয়ে অৱতল
উত্তৰঃ (c) উভয়ে উত্তল

57. উত্তল লেন্সৰ সন্মুখত কোনো বস্তুক ৰাখিলে 2f ত থোৱা হলে সেই বস্তৰ চিত্ৰৰ অৱস্থানটো কি হব ?
(a) অসীমত
(b) 2f ৰ উৰ্ধবত
(c) 2f -ত
(d) f – ত
উত্তৰঃ (c) 2f -ত

58. এখন লেন্সৰ ক্ষমতা 2 ডায়প্টক। ইয়াৰ ফকাছ দৈৰ্ঘ্য হ’ব—
(a) 25 cm
(b) 100 cm
(c) 200 cm
(d) 50 cm
উত্তৰঃ (d) 50 cm

59. এখন উত্তল লেনছৰ দ্বাৰা গঠিত প্ৰতিবিম্ব লক্ষ্যবস্তুকৈ ডাঙৰ হ’ব—
(a) যেতিয়া u < 2f
(b) যেতিয়া u > 2f
(c) u ৰ সকলো মানৰ বাবে
(d) u ৰ একো মানৰ বাবে হ’ব নোৱাৰে ।
উত্তৰঃ (d) u ৰ একো মানৰ বাবে হ’ব নোৱাৰে।

60. অৱতল দাপোনে উৎপন্ন কৰা বিবৰ্ধন সদায়েই—
(a) 1 তকৈ কম
(b) 1ৰ সমান
(c) 1 তকৈ বেছি
(d) ইয়াৰ এটাও নহয়
উত্তৰঃ (a) 1 তকৈ কম

61. পোহৰৰ ৰশ্মি অভিসৰণ বা অপসৰণৰ মাত্ৰাৰ পৰিমাপ কি হয় ?
(a) অভিসাৰিত
(b) অপসাৰিত
(c) লেন্সৰ ক্ষমতা
(d) লেন্সৰ সংযোজন
উত্তৰঃ (c) লেন্সৰ ক্ষমতা

62. এটা মাধ্যমৰ প্ৰতিসৰনাংকৰ প্ৰকাশ ৰাশি—
(a) n=v/c
(b) n=c/v
(c) n=cv
(d) ইয়াৰ এটাও নহয়।
উত্তৰঃ (b) n=c/v.

63. অৱতল লেন্সৰ সন্মুখত কোনো বস্তুক অসীমত ৰাখিলে সেই বস্তুৰ চিত্ৰৰ অৱস্থান কত থকিব ?
(a) ফকাছত
(b) দূশ্যগত কেন্দ্ৰত
(c) ফকাছ আৰু দূশ্যগত কেন্দ্ৰৰ মাজত
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (a) ফকাছত

64. কোনো পূষ্ঠত পোহৰ পৰিলে উভতি আহিলে তাক পোহৰৰ হিচাপে জনা যায়—
(a) প্ৰতিসৰণ
(b) ঘূৰ্নন
(c) প্ৰতিফলন
(d) প্ৰত্যাৱৰ্তন
উত্তৰঃ (c) প্ৰতিফলন

65. তলৰ কোনটো বপ্তক লেন্স তৈয়াৰ কৰাৰ কাৰণে কেঁচা মাল হিচাপে ব্যৱহাৰ কৰিব পৰা নাযায় ?
(a) কাঁচ
(b) পানী
(c) প্লাষ্টিক
(d) মাটি
উত্তৰঃ (d) মাটি

66. অৱতল লেন্সৰ ক্ষমতা বা দূষ্টিশক্তি সদায় ?
(a) ধনাত্মক
(b) ঋনাত্মক
(c) একে থাকে
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (b) ঋনাত্মক

67. তলৰ কোনটোত অৱতল দাপোনৰ ব্যৱহাৰ কৰা হয় ?
(a) প্ৰসাধনৰ দাপোন
(b) দন্ত চিকি ৎসকৰ দাপোন
(c) ৰিয়েৰ ডিউ দাপোন
(d) টৰ্চৰ ৰিষেক্টৰ
উত্তৰঃ (c) ৰিয়েৰ ডিউ দাপোন

68. লেন্সৰ কেন্দ্ৰ বিন্দুক বুলি কোৱা হয়—
(a) মেৰু
(b) কেন্দ্ৰ
(c) আলোক কেন্দ্ৰ
(d) গবাক্ষ
উত্তৰঃ (c) আলোক কেন্দ্ৰ

69. এখন গোলাকাৰ দাপোণৰ ভাজব্যাসার্দ্ধ (R) আৰু ফ’কাছ দৈৰ্ঘ্য (f) ৰ মাজৰ সম্পৰ্ক—
(a) R= f/2
(b) R= 2f
(c) R = f
(d) R= f/4
উত্তৰঃ (a) R= f/2

70. পোহৰৰ ৰশ্মি যেতিয়া আলোকীভাৱে লঘুতৰ মাধ্যমৰ পৰা আলোকীভাৱে ঘনতৰ মাধ্যমৰ পাৰ গৈ থাকে তেতিয়া সেই ৰশ্মি কোন দিশত বেঁকা হৈ যায় ?
(a) অডিলম্বৰ দিশে
(b) অডিলম্বৰ পৰা দূৰলৈ
(c) একে থাকে
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ

71. এখন লেন্‌ছৰ ক্ষমতা + 2:5 ডায়প্তাৰ লেন্‌ছখনৰ ফ’কাছ দৈর্ঘ্য—
(a) 3.0 মি.
(b) – 0.4 fa
(c) 0.4 মি –
(d) -0.3 fa
উত্তৰঃ (c) 0.4 মি

72. আপতিত ৰশ্মি আৰু অডিলম্বৰ মাজত থকা কোনক বোলে—
(a) প্ৰতিফলন কোণ
(b) অডিলম্ব
(c) আপতন কোণ
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) আপতন কোণ

73. এটা লক্ষ্যবস্তুৰ আকাৰ 1 ছেমি আৰু অবতল দাপোণত গঠিত তাৰ সৎ প্ৰতিবিম্বৰ আকাৰ 2 ছেমি। u আৰু v য়ে ক্ৰমে লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বক সূচালে—
(a) u = v
(b) v = 2u
(c) u = 3v
(d) 3u = v
উত্তৰঃ (b) v = 2u

74. অৱতল লেন্সৰ আন এটা নাম কি হয়—
(a) অভিসাৰী লেন্স
(b) অপসাৰী লেন্স
(c) অভিসাৰী দাপোন
(d) অপসাৰী দাপোন
উত্তৰঃ (b) অপসাৰী লেন্স

75. সদায় এটা অসৎ, যথাযথ আৰু সৰু প্ৰতিবিম্ব গঠিত হয়—
(a) অবতল দাপোণৰ দ্বাৰা
(b) উত্তল দাপোণৰ দ্বাৰা
(c) সমতল দাপোণৰ দ্বাৰা
(d) ওপৰৰ এটাও নহয় ৷
উত্তৰঃ (b) উত্তল দাপোণৰ দ্বাৰা।

76. পোহৰৰ বেগ সর্বোচ্চ—
(a) হীৰাত
(b) গ্লাছত
(c) পানীত
(d) শূন্যস্থানত উত্তৰঃ (d) শূন্যস্থানত ।

77. পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰিছে। আপতন কোণৰ কি মানৰ বাবে ৰশ্মিৰ গতিপথ সলনি নহ’ব ?
(a) 0°
(b) 450
(c) 90°
(d) 60°
উত্তৰঃ (c) 90°

78. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সন্মুখৰ কোন স্থানত ৰাখিব লাগিব?
(a) লেন্‌ছৰ মুখ্য ফ’কাছত
(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(c) অসীমত
(d) লেন্‌ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত
উত্তৰঃ (b) ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত।

79. অবতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল । লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব ?
(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত
(b) ভাঁজ কেন্দ্ৰত
(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত
(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছ মাজত ।
উত্তৰঃ (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত ।

80. এখন অবতল দাপোণৰ ফ’কাছদৈৰ্ঘ্য 20 ছেমি। দাপোণখনৰ সন্মুখত 15 ছেমি দূৰত্ব এটা লক্ষ্যবস্তু ৰখা হৈছে। গঠিত হোৱা প্ৰতিবিম্বটো—
(a) সৎ আৰু সৰু
(b) সৎ আৰু পৰিবৰ্ধিত
(c) অসৎ আৰু সৰু
(d) অসৎ আৰু পৰিবৰ্ধিত।
উত্তৰঃ (d) অসৎ আৰু পৰিবৰ্ধিত।

81. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা ?
(a) 50 ছেমি. ফ’কাছ দৈঘ্যৰ উত্তল লেন্ছ
(b) 5 ছেমি ফ’কাছ দৈঘ্যৰ অৱতল লেন্ছ
(c) 5 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ
(d) 5 ছেমি ফ’কাছ দৈঘ্যৰ অৱতল লেন্ছ
উত্তৰঃ (c) 5 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ

82. তলৰ কোনটো মাধ্যমত পোহৰ দ্ৰততম গতিত পাৰ হৈ যাব পাৰে ?
(a) বায়ু
(b) কাঁচ
(c) পানী
(d) আটাইবোৰৰ সমান
উত্তৰঃ (a) বায়ু

READ MORE  জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? | Chapter 8 | Class 10 General Science - SEBA

Short Questions and Answers

1. গোলকীয় বা গোলাকাৰ দাপোন কাক বোলে?
উত্তৰঃ যিবোৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ । তাকে গোলকীয় বা গোলাকাৰ দাপোন বোলে ।

2. অৱতল লেন্ছক কিয় অপসাৰী লেন্ছ বোলা হয় ?
উত্তৰঃ অৱতল লেন্ছে পোহৰ অপসাৰিত কৰে, সেয়েহে অৱতল লেন্ছক অপসাৰী লেন্ছ বোলা হয় ।

3. মুখ্য অক্ষ বুলিলে কি বুজা ? ই ক’ত অৱস্থিত ?
উত্তৰঃ গোলাকাৰ দাপোণ এখনৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে সৰল ৰেখা এডাল কল্পনা বা অংকণ কৰা হয় । এই ৰেখাডালক মুখ্য অক্ষ (Principal Axis) বোলে । মুখ্য অক্ষ, দাপোণৰ মেৰুত দাপোণৰ ওপৰত লম্ব হিচাপে অৱস্থিত ।

4. পানীৰ প্ৰতিসৰণাংক nm=1.33, ইয়াৰ অৰ্থ কি?
উত্তৰঃ পানীৰ প্ৰতিসৰণাংক nm=1.33, ইয়াৰ অৰ্থ এয়ে যে বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাত 1.33 ।

5. মুখ্য ফ’কাছ বা নাভি কাক বোলে ?
উত্তৰঃ কোনো এখন দাপোণৰ মুখ্য অক্ষৰ সমান্তৰালকৈ কিছুমান ৰশ্মি আপতিত হয় । এই ৰশ্মিবোৰ মুখ্য অক্ষৰ যিটো বিন্দুত লগ লাগে আৰু কটাকটি কৰে । সেই বিন্দুটোকে মুখ্য ফ’কাছ বা নাভি বোলে ।

6. ফ’কাছ দৈৰ্ঘ্য বা নাভি দৈৰ্ঘ্য বুলিলে কি বুজা ?
উত্তৰঃ কোনো এখন দাপোণৰ পৰা ইয়াৰ প্ৰতিবিম্বৰ দূৰত্বকে দাপোণখনৰ ফ’কাছ দৈৰ্ঘ্য (Focus Length) বা নাভি দৈৰ্ঘ্য বোলা হয় ।

7. গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠ আৰু ইয়াৰ পৃষ্ঠৰ পৰিসীমা কি আকাৰৰ?
উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠ গোলাকাৰ আৰু ইয়াৰ পৃষ্ঠৰ পৰিসীমা  বৃত্তাকাৰ?

8. লেন্ছ এখনৰ ক্ষমতা কি? ইয়াক কি আখৰেৰে সূচোৱা হয়? f ফ’কাছ দৈৰ্ঘ্যৰ লেন্ছ এখনৰ ক্ষমতা কেনেদৰে প্ৰকাশ কৰা হয়?
উত্তৰঃ লেন্ছ এখনৰ ক্ষমতা হ’ল— লেন্ছখনৰ ফ’কাছ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ । ইয়াক P আখৰেৰে সূচোৱা হয় ।

9. উত্তল লেন্ছ বা অভিসাৰী লেন্ছ কাক বোলে ?
উত্তৰঃ যি লেন্ছে পোহৰ অভিসাৰিত কৰে, তাকে উত্তল লেন্ছ বা অভিসাৰী লেন্ছ বোলে ।”

10. অৱতল লেন্ছ বা অপসাৰী লেন্ছ কাক বোলে ?
উত্তৰঃ যি লেন্ছে পোহৰ অপসাৰিত কৰে, তাকে অৱতল লেন্ছ বা অপসাৰী লেন্ছ বোলে ।

11. ভাঁজ কেন্দ্ৰ দাপোণৰ অংশ হয়নে ? ই প্ৰতিফলন পৃষ্ঠৰ ক’ত অৱস্থিত ?
উত্তৰঃ ভাঁজ কেন্দ্ৰ দাপোণৰ অংশ নহয় । ই প্ৰতিফলন পৃষ্ঠৰ বাহিৰত অৱস্থিত ।

12. দন্ত চিকিৎসকসকলে কিয় অৱতল দাপোণ ব্যৱহাৰ কৰে ?
উত্তৰঃ দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবৰ বাবে অৱতল দাপোণ ব্যৱহাৰ কৰে ।

13. লেন্ছৰ ক্ষমতাৰ SI একক কি? ইয়াক কি আখৰেৰে সূচোৱা হয়?
উত্তৰঃ লেন্ছৰ ক্ষমতাৰ SI একক হ’ল— ডায়’প্টাৰ । ইয়াক D আখৰেৰে সূচোৱা হয় ।

14. লেন্ছৰ কেইখন গোলাকাৰ পৃষ্ঠ থাকে?
উত্তৰঃ দ্বি-উত্তলেই হওক বা দ্বি-অৱতলেই হওঁক, লেন্ছৰ দুখন গোলাকাৰ পৃষ্ঠ থাকে ।

15. যদি F ৰ মান মিটাৰত প্ৰকাশ কৰা হয় তেন্তে ক্ষমতাৰ একক কিমান হ’ব?
উত্তৰঃ যদি F ৰ মান মিটাৰত প্ৰকাশ কৰা হয় তেন্তে ক্ষমতাৰ একক হ’ব- ডায়’প্টাৰ ।

16. উত্তল লেন্ছ আৰু অৱতল লেন্ছ এখনৰ ক্ষমতা ধনাত্মক নে ঋণাত্মক হয়?
উত্তৰঃ উত্তল লেন্ছৰ ক্ষমতা ধনাত্মক আৰু অৱতল লেন্ছৰ ক্ষমতা ঋণাত্মক হয় ।

17. উত্তল লেন্ছক কিয় অভিসাৰী লেন্ছ বোলা হয় ?
উত্তৰঃ উত্তল লেন্ছে পোহৰ অভিসাৰিত কৰে, সেয়েহে উত্তল লেন্ছক অভিসাৰী লেন্ছ বোলা হয় ।

18. লেন্ছ এখনৰ ক্ষমতা +2D , ইয়াৰ অৰ্থ কি?
উত্তৰঃ লেন্ছ এখনৰ ক্ষমতা +2D , ইয়াৰ অৰ্থ এয়ে যে লেন্ছখন উত্তল আৰু ইয়াৰ ফ’কাছ দৈৰ্ঘ্য m=0.5m

19. প্ৰতিবিম্বৰ বিবৰ্ধন আৰু তীক্ষ্ণতা বঢ়াবলৈ কি কৰা হয়?
উত্তৰঃ প্ৰতিবিম্বৰ বিবৰ্ধন আৰু তীক্ষ্ণতা বঢ়াবলৈ কেইবাখনো লেন্ছৰ সংযোজন ঘটোৱা হয় ।

20. যৌগিক লেন্ছৰ ক্ষমতা কি? ইয়াক কেনেদৰে নিৰ্ণয় কৰা হয় ?
উত্তৰঃ লেন্ছবোৰৰ নিজস্ব ক্ষমতা P1, P2, P3, ………….ৰ বীজ গণিতীয় যোগফলেই হ’ল যৌগিক লেন্ছৰ ক্ষমতা ।

P = P1 + P2 + P3 + …………. এনেদৰে যোগ কৰি যৌগিক লেন্ছৰ ক্ষমতা নিৰ্ণয় কৰা হয় ।

21. দাপোণৰ ভাঁজ ব্যাসাৰ্ধ (Radius of Curvature) বুলিলে কি বুজা? ইয়াক কি আখৰেৰে সূচোৱা হয় ?
উত্তৰঃ গোলাকাৰ দাপোণ এখনৰ যিটো গোলকৰ অংশ, সেই গোলকৰ ব্যাসাৰ্ধক দাপোণখনৰ ভাঁজ ব্যাসাৰ্ধ (Radius of Curvature)  বোলে । ইয়াক R আখৰেৰে সূচোৱা হয়  ।

22. গোলাকাৰ দাপোণৰ গবাক্ষ বা ছিদ্ৰ (Aperture)  কাক বোলে?
উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক গবাক্ষ বা ছিদ্ৰ (Aperture) বোলে ।

23. পোহৰ গতি কি? বক্ৰ নে সৰলৰৈখিক ।
উত্তৰঃ পোহৰ গতি সৰলৰৈখিক ।

24. গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্ৰ কাক বোলে? ইয়াক কি আখৰেৰে সূচোৱা হয় ?
উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন গোলক এটাৰ এটা অংশ । এই গোলকটোৰ এটা কেন্দ্ৰ থাকে । এই বিন্দুটোকে গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্ৰ (Centre of Curvature) বোলে । ইয়াক C আখৰেৰে সূচোৱা হয় ।

25. লেন্ছ এখনৰ ক্ষমতা -2.5D , ইয়াৰ অৰ্থ কি?
উত্তৰঃ লেন্ছ এখনৰ ক্ষমতা -2.5D , ইয়াৰ অৰ্থ এয়ে যে লেন্ছখন অৱতল আৰু ইয়াৰ ফ’কাছ দৈৰ্ঘ্য -0.4 m

26. আমি কেনেদৰে দেখা পাওঁ?
উত্তৰঃ কোনো এক বস্তুৱে তাৰ পৃষ্ঠত আপতিত হোৱা পোহৰ প্ৰতিফলিত কৰে । এই প্ৰতিফলিত পোহৰ আমাৰ চকুত সোমালে আমি বস্তুবোৰ দেখা পাওঁ ।

27. পোহৰৰ অপবৰ্তনৰ দৰে ঘটনা ব্যাখ্যা কৰিবলৈ পোহৰক কি বুলি গণ্য কৰা হয় ?
উত্তৰঃ পোহৰৰ অপবৰ্তনৰ দৰে ঘটনা ব্যাখ্যা কৰিবলৈ পোহৰক তৰংগ বুলি গণ্য কৰা হয় ।

28. স্বচ্ছ মাধ্যম এটাৰ মাজেদি কিয় বা কেনেদৰে আমি বস্তুবোৰ দেখো ?
উত্তৰঃ স্বচ্ছ মাধ্যম এটাৰ মাজেদি আমি চালে আমি তাৰ মাজেৰেই দেখা পাওঁ, কাৰণ এনে মাধ্যমেদি পোহৰ সঞ্চালিত হয় ।

29. দাড়ি খুৰোৱা দাপোণ হিচাপে অৱতল দাপোণ কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ দাড়ি খুৰোৱা দাপোণ হিচাপে অৱতল দাপোণ ব্যৱহাৰ কৰা হয় । কাৰণ, অৱতল দাপোণত মুখমণ্ডলৰ এক ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰি ।

30. সৌৰ ভাঁতীত (Solar Furnace) কিয় অৱতল দাপোণ ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ সৌৰ ভাঁতীত (Solar Furnace) সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবৰ বাবে অৱতল দাপোণ ব্যৱহাৰ কৰা হয় ।

31. 1 মিটাৰ ফ’কাছ দৈৰ্ঘ্যৰ লেন্ছ এখনৰ ক্ষমতা কিমান ?
উত্তৰঃ 1 মিটাৰ ফ’কাছ দৈৰ্ঘ্যৰ লেন্ছ এখনৰ ক্ষমতা 1 ডায়’প্টাৰ ।
1D=1m-1

32. পোহৰৰ অপবৰ্তন কাক বোলে?
উত্তৰঃ পোহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটা থ’লে পোহৰে পোনে পোনে যোৱাৰ সলনি কাষেদি বেঁকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱায় । ইয়াকে পোহৰৰ অপবৰ্তন (Diffraction) বোলে ।

33. দাপোণৰ মেৰু (Pole) বুলিলে কি বুজা ? ই দাপোণৰ ক’ত অৱস্থিত? ইয়াক কি আখৰেৰে সূচোৱা হয় ?
উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক মেৰু (pole) বোলা হয় । ই দাপোণৰ পৃষ্ঠত অৱস্থিত । ইয়াক সাধাৰণতে P আখৰেৰে সূচোৱা হয় ।

34. পোহৰ প্ৰতিসৰণ কাক বোলে ?
উত্তৰঃ পোহৰ সকলো মাধ্যমতে একে দিশত গতি নকৰে । পোহৰে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ বেঁকাকৈ গ’লে পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত সলনি হয় । এই পৰিঘটনাকে পোহৰৰ প্ৰতিসৰণ বোলে ।

35. লেন্ছৰ গবাক্ষ ছিদ্ৰ কাক বোলে ? সৰু গবাক্ষৰ ক্ষীণ লেন্ছ কাক বোলে ?
উত্তৰঃ গোলাকাৰ লেন্ছৰ ঘূৰণীয়া ঘেৰটোৰ কাৰ্যকৰী ব্যাসক লেন্ছখনৰ গবাক্ষ ছিদ্ৰ বোলে ।
যিবোৰ লেন্ছৰ গবাক্ষ ভাঁজ ব্যাসাৰ্ধতকৈ যথেষ্ট সৰু, সেই লেন্ছবোৰকে সৰু গবাক্ষৰ ক্ষীণ লেন্ছ বোলে ।

36. পৰম প্ৰতিসৰণাংক কাক বোলে ? ইয়াক কিহেৰে সূচোৱা হয় ?
উত্তৰঃ কোনো দুটা মাধ্যমৰ, যদি ১ নং মাধ্যমতো শূন্য নতুবা বায়ু হয় তেন্তে ২ নং মাধ্যমৰ প্ৰতিসৰণাংক শূন্যৰ সাপেক্ষ বুলি গণ্য কৰা হয় । ইয়াক মাধ্যমটোৰ পৰম প্ৰতিসৰণাংক বোলে । ইয়াক কেৱল n2 ৰে সূচোৱা হয় ।

37. পোহৰৰ আধুনিক কোৱান্টাম তত্ত্বটো লিখা ।
উত্তৰঃ পোহৰৰ আধুনিক কোৱান্টাম তত্ত্ব অনুসৰি পোহৰ ‘তৰংগ’ও নহয় আৰু ‘পদাৰ্থ কণা’ও নহয় । এই নতুন তত্ত্বই পোহৰৰ কণা ধৰ্ম আৰু তৰঙ্গ প্ৰকৃতিৰ মাজত যোগসূত্ৰ স্থাপন কৰে ।

38. পোহৰৰ প্ৰতিসৰণাংক কাক বোলে ?
উত্তৰঃ প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন (sine) আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক । যদি আপতণ কোণ i আৰু প্ৰতিসৰণ কোণ r হয়, তেন্তে এই ধ্ৰুৱক মানটোক প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বোলে ।

39. গোলাকাৰ লেন্ছৰ বাবে চিহ্ন প্ৰথাটো কেনেদৰে ব্যৱহাৰ কৰা হয়? গোলাকাৰ লেন্ছৰ সূত্ৰটো লিখা ।
উত্তৰঃ গোলাকাৰ লেন্ছৰ বাবে চিহ্ন প্ৰথা অনুসৰি উত্তল লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য ধনাত্মক আৰু অৱতল লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক । এই প্ৰথা অনুসৰি সকলো দূৰত্ব লেন্ছৰ আলোক কেন্দ্ৰৰ পৰা জোখা হয় ।

40. কেইবাখনো লেন্ছ পৰস্পৰ সংস্পৰ্ষত ৰাখি তৈয়াৰ কৰা লেন্ছ প্ৰণালীৰ তিনিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ কেইবাখনো লেন্ছ পৰস্পৰ সংস্পৰ্ষত ৰাখি তৈয়াৰ কৰা লেন্ছ প্ৰণালী সাধাৰণে কেমেৰাৰ লেন্ছ, অণুবীক্ষণ আৰু দূৰবীক্ষণ যন্ত্ৰ অভিলক্ষ্যৰ নিৰ্মাণত ব্যৱহাৰ কৰা হয় ।

41. গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্ধ R আৰু ফ’কাছ দৈৰ্ঘ্য f ৰ মাজত সম্পৰ্ক কি?
উত্তৰঃ গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসাৰ্ধ R, দাপোণখনৰ ফ’কাছ দৈৰ্ঘ্য f ৰ দুগুণ হয় । ইয়াক R = 2f হিচাপে লিখা হয় । ই এইটো সূচায় যে, গোলাকাৰ দাপোণৰ মুখ্য ফ’কাছ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মধ্যভাগত অৱস্থিত ।

READ MORE  বিদ্যুৎ | Chapter 12 | Class 10 General Science - SEBA

42. পোহৰৰ দ্ৰুতি ঘনতৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমত কম নে বেছি হয়? কিয় লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যোৱা পোহৰ ৰশ্মিৰ দ্ৰুতি হ্ৰাস হয় আৰু উলম্বৰ দিশলৈ বেঁকা হয় অথবা কিয় ই ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰিলে ইয়াৰ দ্ৰুতি বৃদ্ধি হয় আৰু উলম্বৰ আঁতৰলৈ বেঁকা হয়?
উত্তৰঃ পোহৰৰ দ্ৰুতি ঘনতৰ মাধ্যমতকৈ লঘুতৰ মাধ্যমত বেছি হয় । সেয়েহে, লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যোৱা পোহৰ ৰশ্মিৰ দ্ৰুতি হ্ৰাস হয় আৰু উলম্বৰ দিশলৈ বেঁকা হয় । ই ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰিলে ইয়াৰ দ্ৰুতি বৃদ্ধি হয় আৰু উলম্বৰ আঁতৰলৈ বেঁকা হয় ।

43. লেন্ছৰ যোগাত্মক ধৰ্মটো বা যৌগিক লেন্ছৰ ক্ষমতা কিয় আৰু ক’ত ব্যৱহাৰ কৰা হয়?
উত্তৰঃ যৌগিক লেন্ছৰ ক্ষমতা বা লেন্ছৰ যোগাত্মক ধৰ্মটো অকল এখন লেন্ছে গঠন কৰা প্ৰতিবিম্বৰ কেতবোৰ বিসংগতি আতৰাবৰ বাবে এটা লেন্ছ প্ৰণালী তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় ।

44. কোনো প্ৰতিবিম্বৰ m আৰু h ঋণাত্মক চিহ্নই কি বুজায় ?
অথবাঃ কোনো প্ৰতিবিম্বৰ m আৰু h ঋণাত্মক চিহ্ন হ’লে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব ? প্ৰতিবিম্বটো ক’ত গঠন হ’ব? প্ৰতিবিম্বটো কিমান গুণ বিবৰ্ধিত হ’ব?
উত্তৰঃ কোনো প্ৰতিবিম্বৰ m আৰু h ঋণাত্মক চিহ্নই বুজায় যে প্ৰতিবিম্বটো সৎ আৰু ওলোটা । অথবাঃ কোনো প্ৰতিবিম্বৰ m আৰু h ঋণাত্মক চিহ্ন হ’লে প্ৰতিবিম্বৰ প্ৰকৃতি হ’ব সৎ আৰু ওলোটা । প্ৰতিবিম্বটো মুখ্য অক্ষৰ তলৰ ফালে গঠন হ’ব । প্ৰতিবিম্বটো দুগুণে বিবৰ্ধিত হ’ব ।

Long Questions and Answers

1. অৱতল দাপোণ আৰু উত্তল দাপোণ কাক বোলে ?
উত্তৰঃ যিবোৰ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠ ভিতৰৰ দিশলৈ বক্ৰ আৰু গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা থাকে, সেইবোৰ দাপোণকে অৱতল দাপোণ বোলে ।
যিবোৰ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ, সেইবোৰ দাপোণকে উত্তল দাপোণ বোলে ।

2. পোহৰৰ প্ৰতিফলন সূত্ৰকেইটা কি কি ?
উত্তৰঃ পোহৰৰ প্ৰতিফলন সূত্ৰকেইটা হ’ল—
(ক) আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু
(খ) আপতিত ৰশ্মি, দাপোণৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে ।

3. পোহৰৰ প্ৰতিসৰণৰ নিয়মকেইটা লিখা ।
উত্তৰঃ  পোহৰৰ প্ৰতিসৰণৰ নিয়মকেইটা হ’ল—
(ক) আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে ।
(খ) প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন (sine) আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক ।

4. গোলাকাৰ লেন্ছৰ দুটা উদাহৰণ বা ব্যৱহাৰ লিখা ।
উত্তৰঃ গোলাকাৰ লেন্ছৰ দুটা উদাহৰণ বা ব্যৱহাৰ হ’ল—
(ক) চছ্মাত ব্যৱহাৰ কৰা কাঁচ ।
(খ) ঘড়ীৰ কাৰিকৰে ব্যৱহাৰ কৰা কাঁচবোৰ হৈছে গোলাকাৰ লেন্ছ ।

5. সমতল দাপোনৰ চাৰিটা নিয়ম উল্লেখ কৰা ।
উত্তৰঃ সমতল দাপোনৰ চাৰিটা নিয়ম হ’ল—
(ক) সমতল দাপোণে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় ।
(খ) প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ সমান ।
(গ) লক্ষ্যবস্তু দাপোণৰ সম্মুখত যিমান দূৰত থাকে প্ৰতিবিম্বও দাপোনৰ পিছফালে সিমান দূৰত গঠিত হয় ।
(ঘ) প্ৰতিবিম্ব পাশ্বীয়ভাৱে ওলোটা হয় ।

6. পোহৰৰ লগত জড়িত তিনিটা পৰিঘটনা উল্লেখ কৰা ।
উত্তৰঃ পোহৰৰ লগত জড়িত তিনিটা পৰিঘটনা হ’ল—
(ক) দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন ।
(খ) তৰাৰ তিৰবিৰণি ।
(গ) ৰামধেনুৰ মনোমহা ৰং ।

7. অৱতল দাপোণৰ চাৰিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ অৱতল দাপোণৰ চাৰিটা ব্যৱহাৰ হ’ল—
(ক) অৱতল দাপোণ টৰ্চ, চাৰ্চলাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয় ।
(খ) দাড়ি খুৰোৱা দাপোণ হিচাপে অৱতল দাপোণ ব্যৱহাৰ কৰা হয় ।
(গ) দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবৰ বাবে অৱতল দাপোণ ব্যৱহাৰ কৰে ।
(ঘ) সৌৰ ভাঁতীত (Solar Furnace) সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবৰ বাবে অৱতল দাপোণ ব্যৱহাৰ কৰা হয় ।

8. উত্তল দাপোণৰ তিনিটা ব্যৱহাৰ লিখা ।
উত্তৰঃ উত্তল দাপোণৰ তিনিটা ব্যৱহাৰ হ’ল—
(ক) সাধাৰণতে গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয় ।
(খ) আগ্ৰা দুৰ্গৰ এখন বেৰত দুৰ্গটোৰ পূৰ্ণ প্ৰতিবিম্ব চাবৰ বাবে উত্তল দাপোণ বহোৱা আছে ।
(গ) সুউচ্চ অট্টালিকা বা সমাধিৰ পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব চাবৰ বাবে উত্তল দাপোণ ব্যৱহাৰ কৰা হয় ।

9. চকুৰ চিকিৎসক সকলে কেনেদৰে যৌগিক লেন্ছৰ ক্ষমতাৰ ব্যৱহাৰ কৰে? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ চকু চিকিৎসকসকলৰ বাবে লেন্ছৰ ফ’কাছ দৈৰ্ঘ্যৰ সলনি, ক্ষমতাৰ ব্যৱহাৰ বেছি সুবিধাজনক হয় । চকু চিকিৎসকসকলে চকু পৰীক্ষাৰ সময়ত পৰীক্ষণ চছমাৰ ফ্ৰেমত জ্ঞাত ক্ষমতাৰ সংশোধনীমূলক লেন্ছৰ গাতে লাগি থকাকৈ বহুকেইটা গোট ভৰায় । চকু চিকিৎসকে সৰল বীজগনিতীয় যোগেৰে প্ৰয়োজন হোৱা লেন্ছৰ ক্ষমতা নিৰূপন কৰে ।
উদাহৰণস্বৰূপে— +2.0 D আৰু +0.25 D ক্ষমতাৰ দুখন লেন্ছ, +2.25 D ক্ষমতাৰ এখন লেন্ছৰ সমকক্ষ হয় ।

10. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে কিয় উত্তল দাপোণ পছন্দ কৰা হয় আৰু অৱতল দাপোণ ব্যৱহাৰ কৰা নহয়? যুক্তি দিয়া ।
উত্তৰঃ গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ পছন্দ কৰা হয় আৰু অৱতল দাপোণ ব্যৱহাৰ কৰা নহয় । কাৰণ—
(ক) উত্তল দাপোণে সৰুকৈ হ’লেও থিয় প্ৰতিবিম্ব গঠন কৰে ।
(খ) উত্তল দাপোণ বাহিৰলৈ বেঁকা থাকে, সেয়েহে উত্তল দাপোণৰ দৃষ্টিক্ষেত্ৰ (Field of view) বহল হয় ।
(গ) সমতল দাপোণতকৈ উত্তল দাপোণ ব্যৱহাৰ কৰিলে দেখা ক্ষেত্ৰ অধিক পৰিসৰ হয় ।

11. আলোকীয় ঘনত্ব বুলিলে কি বুজা? ইয়াৰ বিশেষ অৰ্থটো লিখা । দুটা মাধ্যমৰ আলোকীয় ঘনত্ব কেনেদৰে নিৰ্ধাৰণ কৰা হয় ?
উত্তৰঃ মাধ্যম এটাৰ পোহৰ প্ৰতিসৰণ কৰিব পৰা সামৰ্থ্যক ইয়াৰ আলোকী ঘনত্ব বোলে হয় । ইয়াৰ বিশেষ অৰ্থ এয়ে যে ই ভৰ ঘনত্বৰ সৈতে একে নহয় । ইয়াৰ অৰ্থ ক্ৰমান্বইয়ে “আলোকীয়ভাৱে লঘুতৰ মাধ্যম” আৰু “আলোকীয়ভাৱে ঘনতৰ মাধ্যম” ।

দুটা মাধ্যমৰ তুলনা কৰি, যিটো মাধ্যমৰ প্ৰতিসৰণাংক বেছি পোৱা যায় সেই মাধ্যমটোতকৈ আলোকীভাৱে বেছি ঘনতৰ আৰু কম প্ৰতিসৰণাংকৰ আনটো মাধ্যম আলোকীয়ভাৱে লঘুতৰ ।

12. পানী থকা চৌবাচ্ছা বা পুখুৰীৰ তলিখন ওপৰলৈ উঠি অহা যেন কিয় লাগে?
অথবাঃ ছপা কাগজ এখনৰ ওপৰত ডাঠ কাচৰ টুকুৰা এটা থৈ কাঁচৰ মাজেৰে চালে আখৰবোৰ ওপৰলৈ উঠি অহা যেন কিয় লাগে ?
অথবাঃ কাঁচৰ গিলাছত থকা পানীত পেন্সিল এডাল আংশিকভাৱে ডুবি থকা যেন কিয় লাগে নতুবা বায়ু আৰু পানীৰ সন্ধিতলত ই বেঁকা হৈ যোৱা যেন কিয় লাগে?
অথবাঃ কাঁচৰ গিলাচৰ পানীত ডুবি থকা গোল নেমু এটা কাষৰ পৰা চালে তাৰ প্ৰকৃত আকাৰতকৈ ডাঙৰ যেন কিয় লাগে?
উত্তৰঃ কাঁচৰ গিলাছত থকা পানীত পেন্সিল এডাল আংশিকভাৱে ডুবি থকা যেন লাগে নতুবা বায়ু আৰু পানীৰ সন্ধিতলত ই বেঁকা হৈ যোৱা যেন লাগে, কাৰণ পেন্সিলডালৰ পানীত নিমজ্জিত অংশৰ পৰা আহি আমাৰ চকুত প্ৰৱেশ কৰা পোহৰ, পেন্সিলডালৰ পানীত নিমজ্জিত অংশৰ পৰা অহা পোহৰৰ তুলনাত পৃথক দিশৰ পৰা অহা যেন লাগে । এইবাবেই পেন্সিলডাল সন্ধিতলত বেঁকা হৈ যোৱা যেন লাগে ।

একেই কাৰণতে, ছপা কাগজ এখনৰ ওপৰত ডাঠ কাচৰ টুকুৰা এটা থৈ কাঁচৰ মাজেৰে চালে আখৰবোৰ ওপৰলৈ উঠি অহা যেন লাগে ।

13. লেন্ছ কি? দুবিধ লেন্ছৰ উদাহৰণ দিয়া ।
উত্তৰঃ লেন্ছ হ’ল দুখন পৃষ্ঠৰে আবৰা এটা স্বচ্ছ পদাৰ্থ, যাৰ এখন বা দুয়ুখন পৃষ্ঠই গোলাকাৰ । ইয়াৰ অৰ্থ এয়ে যে লেন্ছৰ কমেও এখন পৃষ্ঠ গোলাকাৰ ।
দুবিধ লেন্ছ হ’ল— উত্তল লেন্ছ বা অভিসাৰী লেন্ছ আৰু অৱতল লেন্ছ বা অপসাৰী লেন্ছ ।

14. লেন্ছৰ ভাঁজকেন্দ্ৰ কাক বোলে? ইয়াক কি আখৰেৰে সূচোৱা হয়? লেন্ছ এখনৰ কেইটা ভাঁজকেন্দ্ৰ থাকে আৰু ইয়াক কিহেৰে সূচোৱা হয়? লেন্ছৰ ভাঁজকেন্দ্ৰ ক’ত অৱস্থিত?
উত্তৰঃ দ্বি-উত্তলেই হওক বা দ্বি-অৱতলেই হওঁক, লেন্ছৰ দুখন গোলাকাৰ পৃষ্ঠ থাকে । ইয়াৰ প্ৰতিখন পৃষ্ঠই গোলক এটাৰ অংশ । এই গোলকৰ কেন্দ্ৰকে লেন্ছৰ ভাঁজকেন্দ্ৰ বোলে ।
লেন্ছৰ ভাঁজকেন্দ্ৰ C আখৰেৰে সূচোৱা হয় ।
লেন্ছ এখনৰ দুটা ভাঁজকেন্দ্ৰ থাকে আৰু ইয়াক C1 আৰু C2 ৰে সূচোৱা হয় ।
লেন্ছৰ ভাঁজকেন্দ্ৰ লেন্ছখনৰ গোলকটোৰ কেন্দ্ৰত অৱস্থিত ।

15. লেন্ছৰ মুখ্য অক্ষ কাক বোলে ? লেন্ছৰ মুখ্য অক্ষৰ আলোক কেন্দ্ৰটো কি? লেন্ছৰ মুখ্য অক্ষক কি আখৰেৰে সূচোৱা হয় ?
উত্তৰঃ লেন্ছ এখনৰ ভাঁজ কেন্দ্ৰ দুটাৰ মাজেদি যোৱা বা অংকণ কৰা কাল্পনিক সৰলৰেখাডালক লেন্ছৰ মুখ্য অক্ষ বোলে ।
লেন্ছৰ মুখ্য অক্ষৰ আলোক কেন্দ্ৰটো হ’ল— লেন্ছৰ মধ্যবিন্দুটো ।
লেন্ছৰ মুখ্য অক্ষক O আখৰেৰে সূচোৱা হয় ।

16. লেন্ছৰ পোহৰ ৰশ্মিক অভিসাৰী বা অপসাৰী কৰাৰ সামৰ্থ্য কিহৰ ওপৰত নিৰ্ভৰ কৰে? উদাহৰণস্বৰূপে বুজাই লিখা ।
উত্তৰঃ লেন্ছৰ পোহৰ ৰশ্মিক অভিসাৰী বা অপসাৰী কৰাৰ সামৰ্থ্য ইয়াৰ ফ’কাছ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে ।
উদাহৰণস্বৰূপে— কম ফ’কাছ দৈৰ্ঘ্যৰ লেন্ছ এখনে পোহৰৰ ৰশ্মি আলোক কেন্দ্ৰৰ ওচৰলৈ অভিসাৰী কৰি ডাঙৰ কোনত বেঁকা কৰে । একেদৰে, অতি কম ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ এখন বেছি ফ’কাছ দৈৰ্ঘ্যৰ লেন্ছ এখনৰ তুলনাত অধিক অপসাৰী হ’ব, লেন্ছ এখনে পোহৰ ৰশ্মিক কি মাত্ৰাত অভিসাৰী বা অপসাৰী কৰিছে ।

Leave a Comment

error: Content is protected !!
Scroll to Top