আমাৰ পৰিৱেশ | Chapter 15 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


আমাৰ পৰিৱেশ

Multiple Choice Questions and Answers

1. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ?
(a) ঘাঁহ, ঘেঁহু আৰু আম
(b) ঘাঁহ, ছাগলী আৰু মানুহ
(c) ছাগলী, গৰু আৰু হাতী
(d) ঘাঁহ, মাছ আৰু ছাগলী
উত্তৰঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ।

2. চতুর্থ পৌষ্টিক স্তৰত তলৰ কোনবোধ প্ৰাণীক ৰখা হয়—
(a) স্বপোষী জীৱ।
(b) সৰু মাংসভোজী প্রাণী।
(c) ডাঙৰ মাংসভোজী প্রাণী।
(d) তৃণভোজী প্রাণী।
উত্তৰঃ (c) ডাঙৰ মাংসভোজী প্রাণী।

3. সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তিক আৱদ্ধ কৰি খাদ্য শক্তিলৈ পৰিবৰ্তন কৰে—
(a) 10%
(b) 1%
(c) 90%
(d) 100%
উত্তৰঃ (b) 1%

4. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে ?
(a) ঘাঁহ, ফুল আৰু চামৰা।
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক।
(c) ফল মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস।
(d) পিঠা, কাঠ আৰু ঘাঁহ।
উত্তৰঃ (a). (c) আৰু (d)

5. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ?
(a) ঘাঁহ, ঘেঁহ আৰু আম।
(b) ঘাঁহ, ছাগলী আৰু মানুহ।
(c) ছাগলী, গৰু আৰু হাতী।
(d) ঘাঁহ, মাছ আৰু ছাগলী।
উত্তৰঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ।

6. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে ?
(a) ঘাঁহ, ফুল আৰু চামৰা
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
(d) পিঠা, কাঠ আৰু ঘাঁহ
উত্তৰঃ (d) পিঠা, কাঠ আৰু বাহ।

7. উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হ’ল—
(a) 1%
(b) 20%
(c) 40%
(d) 10%
উত্তৰঃ (d) 10%

8. তলৰ কোনবিধ পদাৰ্থ জীৱ নিম্নীকৰণ অযোগ্য—
(a) কাঠ।
(b) কাগজ।
(c) কপাহী কাপোৰ।
(d) প্লাষ্টিক।
উত্তৰঃ (d) প্লাষ্টিক।

9. তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিৱেশ অনুকুল অভ্যাসৰ অন্তর্ভুক্ত ?
(a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস।
(b) অপ্রয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ্ছ (Switch) বন্ধ কৰি ৰখা অভ্যাস।
(c) তোমাক মাৰাই স্কুটাৰেৰে বিদ্যালয়লৈ অনা- নিয়া কৰাৰ পৰিৱৰ্তে তুমি নিজে খোজ কাঢ়ি যোৱাৰ অভ্যাস।
(d) ওপৰৰ আটাইকেইটা অভ্যাস।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা অভ্যাস।

10. তলত উল্লেখ কৰা বিলাকৰ কোনকেইটা পৰিৱেশ অনুকূল অভ্যাসৰ অন্তৰ্ভুক্ত ?
(a) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা।
(b) অপ্রয়োজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস।
(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস।
(d) ওপৰৰ আটাইকেইটা অভ্যাস।
উত্তৰঃ (a) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস।

11. তলৰ কোনবিধ এটা কৃত্ৰিম পৰিৱেশতন্ত্ৰ—
(a) বাগিছা।
(b) পুখুৰী।
(c) হ্রদ।
(d) অৰণ্য।
উত্তৰঃ (a) বাগিছা।

12. তলৰ কোনবিধ জীৱে বিয়োজকৰ ভূমিকা পালন কৰে—
(a) নীল-সেউজ শেলাই।
(b) বেক্টেৰিয়া।
(c) সেউজীয়া উদ্ভিদ।
(d) পৰজীৱী প্ৰাণী।
উত্তৰঃ (b) বেক্টেৰিয়া।

13. তলৰ কোনটোৰ বাবে অ’জন স্তৰৰ অৱক্ষয় ঘটে ?
(a) ক্লৰ ফুৰ’ কার্বন
(b) কার্বন মন’ক্সাইড
(c) মিথেন
(d) কীটনাশক দৰৱ
উত্তৰঃ (a) ক্লৰ’ফ্লুৰ’ কাৰ্বন

14. স্বপোষী জীৱ বা উৎপাদকবোৰ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত—
(a) প্রথম।
(b) দ্বিতীয়।
(c) তৃতীয়।
(d) চতুর্থ।
উত্তৰঃ (a) প্রথম।

READ MORE  জীৱন প্ৰক্ৰিয়া | Chapter 6 | Class 10 General Science - SEBA

15. তৃণভোজী প্রাণী বা প্রাথমিক উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত—
(a) প্রথম।
(b) দ্বিতীয়।
(c) তৃতীয়।
(d) চতুর্থ।
উত্তৰঃ(b) দ্বিতীয়।

16. তলৰ কোনটো কৃত্ৰিম পৰিস্থিতি তন্ত্ৰ ?
(a) বনাঞ্চল
(b) পুখুৰী
(c) হ্রদ
(d) শস্য পথাৰ
উত্তৰঃ (d) শস্য পথাৰ

17. সৰু মাংসভোজী প্রাণী বা গৌণ উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত—
(a) প্রথম।
(b) দ্বিতীয়।
(c) তৃতীয়।
(d) চতুর্থ।
উত্তৰঃ (c) তৃতীয়।

18. খাদ্য-শৃংখলত তৃতীয়ক পৌষ্টিক স্তৰটোত সদায় কোন প্ৰকাৰৰ প্ৰাণী পোৱা যায় ?
(a) উৎপাদক
(b) মাংসভোজী
(c) তৃণভোজী
(d) বিয়োজক
উত্তৰঃ (b) মাংসভোজী

19. তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি—
(a) বেক্টেৰিয়া।
(b) ভেঁকুৰ।
(c) নীল-সেউজ শেলাই।
(d) তৃণভোজী প্রাণী।
উত্তৰঃ (c) নীল-সেউজ শেলাই।

20. পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ সদায়—
(a) একমুখী হয়
(b) দ্বিমুখী হয়
(c) বহু দিশত হয়
(d) কোনো নির্দিষ্ট দিশ নাই
উত্তৰঃ (a) একমুখী হয়

Short Questions and Answers

1. অ’জ’নৰ অণুটো অক্সিজেনৰ কেইটা পৰমাণুৰে গঠিত ?
উত্তৰঃ অ’জ’নৰ (O3) অণুটো অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত।

2. খাদ্য শৃংখলৰ আটাইতকৈ শীৰ্ষ স্থানত কোন থাকে ?
উত্তৰঃ খাদ্য শৃংখলৰ আটাইতকৈ শীৰ্ষ স্থানত মানুহবোৰ থাকে।

3. মানুহৰ দেহৰ ছালত কৰ্কট ৰোগৰ কাৰণ কি?
উত্তৰঃ মানুহৰ দেহৰ ছালত কৰ্কট ৰোগৰ কাৰণ হ’ল— সূৰ্যৰ অতি বেঙুণীয়া ৰশ্মি।

4. অ’জ’নৰ পৰিমাণৰ হ্ৰাসৰ মূল কাৰণ কি?
উত্তৰঃ ১৯৮০ চনত অ’জ’নৰ পৰিমাণ অত্যন্ত হ্ৰাস পাইছিল। শীতলীকৰণ যন্ত্ৰ আৰু অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ হোৱা কিছুমান ৰাসায়নিক পদাৰ্থ বিশেষকৈ ক্ল’ৰ’ফ্ল’ৰ কাৰ্বনক মূল কাৰণ হিচাপে অভিহিত কৰিছিল।

5. UNEP ৰ সম্পূৰ্ণ ৰূপ লিখা।
উত্তৰঃ UNEP ৰ সম্পূৰ্ণ ৰূপ হ’ল— United Nations Environment Programme

6. C.F.C ৰ FULL Form কি?
উত্তৰঃ C.F.C ৰ FULL Form হ’ল— Chlorofluorocarbon

7. পৰিৱেশৰ চাৰিবিধ অত্যাৱশ্যকীয় পদাৰ্থৰ নাম লিখা।
উত্তৰঃ পৰিৱেশৰ চাৰিবিধ অত্যাৱশ্যকীয় পদাৰ্থৰ নাম হ’ল— অক্সিজেন, পানী, কাৰ্বন আৰু নাইট্ৰজেন।

8. স্থলজ পৰিস্থিতি তন্ত্ৰত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্ৰায় কিমান শতাংশ সৌৰশক্তি ধৰি ৰাখিব পাৰে ?
উত্তৰঃ স্থলজ পৰিস্থিতি তন্ত্ৰত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্ৰায় 10 শতাংশ সৌৰশক্তি ধৰি ৰাখিব পাৰে।

9. অ’জ’ন স্তৰ ৰক্ষাত UNEP ৰ ভূমিকা কি?
উত্তৰঃ ১৯৮৭ চনত UNEPয়ে এক চুক্তি গ্ৰহণ কৰিছিল। এই চুক্তি অনুসৰি ১৯৮৬ত যিমান পৰিমাণৰ চি.এফ.চি. উৎপাদন কৰিছিল তাতকৈ যাতে বেচি উৎপাদন নহয় সকলো ৰাষ্ট্ৰই এইবিষয়ে সজাগ হোৱা উচিত। সেই লক্ষ্য ৰক্ষা কৰি পৰৱৰ্তী পৰ্যায়ত সফলতা লাভ কৰিছিল।

10. জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে কিমান শতাংশ প্ৰবাহিত হয় ?
উত্তৰঃ জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে 10 শতাংশ প্ৰবাহিত হয়।

11. মাটি, বেক্টেৰীয়া আৰু আন মৃতজীৱী প্ৰাণীয়ে সহজে পচন ঘটাব নোৱাৰা পৰিৱেশৰ এবিধ সামগ্ৰীৰ নাম লিখা।
উত্তৰঃ প্লাষ্টিক।

12. পৰিৱেশ বা পৰিস্থিতি তন্ত্ৰ কিদৰে গঠিত হয়?
উত্তৰঃ সকলো উদ্ভিদ, প্ৰাণী, অনুজীৱ, মানুহ, আদিৰ লগতে ভৌতিক পৰিৱেশ, সকলোবোৰ জীৱ, আৰু পৰিৱেশৰ অজৈৱিক উপাদানবোৰৰ মাজত ওতঃপ্ৰোতঃভাবে জড়িত থকা সামগ্ৰিক অৱস্থাটোক সামৰি পৰিৱেশ তন্ত্ৰ গঠিত হৈছে।

13. উৎপাদন/উৎপাদক কাক বোলে ? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ জীৱই সালোক সংশ্লেষণৰ মাধ্যমেৰে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লব পাৰে, সেই জীৱবোৰকে উৎপাদন/উৎপাদক বোলে। উদাহৰণ- সেউজীয়া উদ্ভিদ, নীল সেউজ শেলাই আদি।

14. বিয়োজক কাক বোলে ? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ জীৱই মৃত জীৱৰ দেহ, জীৱৰ মল, বৰ্জিত পদাৰ্থ আদি সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব পাৰে, সেই জীৱসমূহক বিয়োজক বোলে। উদাহৰণ- বেক্টেৰীয়া, ভেঁকুৰ আদি।”

15. পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহ লিখা।
উত্তৰঃ  পৰিৱেশৰ জৈৱিক উপাদান সমূহ হ’ল— গছ-গছনি, প্ৰাণী, আদি জীৱসমূহ আৰু অজৈৱিক উপাদানসমূহ হ’ল— বৰষুণ, আৰ্দ্ৰতা, মাটি, খনিজ লৱণ, উষ্ণতা, বায়ু/বতাহ আদি।

READ MORE  ধাতু আৰু অধাতু | Chapter 3 | Class 10 General Science - SEBA

16. বেক্টেৰীয়া, ভেঁকুৰ আদি প্ৰাণীক বিয়োজক বুলি কিয় কোৱা হয় ?
উত্তৰঃ বেক্টেৰীয়া, ভেঁকুৰ আদি প্ৰাণীক বিয়োজক বুলি কোৱা হয়, কাৰণ এই জীৱবোৰে জটিল জৈৱ যৌগবোৰক বিয়োজন ঘটাই সৰল অজৈৱ পদাৰ্থলৈ পৰিৱৰ্তন কৰে। লগতে, বিয়োজিত পদাৰ্থসমূহ মাটিৰ লগত মিহলি কৰি দিয়া যিবোৰ উদ্ভিদে খাদ্য হিচাপে পুনৰ গ্ৰহণ কৰে।

17. “শক্তিৰ প্ৰবাহ সদায় একমুখী দিশতহে হয়”। উদাহৰণ সহ বুজাই লিখা।
উত্তৰঃ শক্তিৰ প্ৰবাহ সদায় একমুখী দিশতহে হয়। উদাহৰণস্বৰূপে— স্ব-পোষী জীৱবোৰে সূৰ্যৰ পৰা আহৰণ কৰা শক্তিখিনি পুনৰ সূৰ্যলৈ উভতি যাব নোৱাৰে। ঠিক তেনেদৰে, তৃণভোজী প্ৰাণীয়ে গ্ৰহণ কৰা শক্তিখিনি আকৌ পুনৰ স্ব-পোষীলৈ পুনৰ উভতি নাযায়।

Long Questions and Answers

1. মানুহে সৃষ্টি কৰা পৰিৱেশৰ দুটা সমস্যা লিখা।
উত্তৰঃ মানুহে সৃষ্টি কৰা পৰিৱেশৰ দুটা সমস্যা হ’ল—
(ক) বায়ু প্ৰদূষণ।
(খ) অ’জ’ন স্তৰৰ অৱক্ষয়।

2. প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ আৰু মানৱ সৃষ্ট বা কৃত্ৰিম পৰিৱেশ তন্ত্ৰ কাক বোলে ? উদাহৰণ দিয়া।
উত্তৰঃ যিটো পৰিৱেশ বা পৰিস্থিতি তন্ত্ৰ প্ৰকৃতিৰ দ্বাৰা সৃষ্ট, সেই তন্ত্ৰক প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ বোলে। উদাহৰণ- গছ-গছনি, বনাঞ্চল, নদ-নদী, আদি প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰৰ অন্তৰ্গত।

আনহাতে, যি পৰিস্থিতি তন্ত্ৰ মানুহৰ স্বাৰ্থৰ বাবে মানুহৰ দ্বাৰা সৃষ্টি কৰি লয়, তাকে মানৱ সৃষ্ট বা কৃত্ৰিম পৰিৱেশ তন্ত্ৰ বোলে। উদাহৰণ- বাগিচা, খেতিপথাৰ আদি মানৱ সৃষ্ট বা কৃত্ৰিম পৰিৱেশ তন্ত্ৰ।

3. উপভোক্তা কাক বোলে ? ই কেইপ্ৰকাৰৰ আৰু কি কি? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ জীৱই প্ৰত্যক্ষভাৱে উৎপাদন আৰু পৰোক্ষভাৱে উৎপাদকক ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে। তাকে উপভোক্তা বোলে।
উপভোক্তা তিনিপ্ৰকাৰৰ—
(ক)তৃণভোজী, উদাহৰণ- গৰু, ছাগলী, হৰিণ আদি।
(খ) মাংসভোজী, উদাহৰণ- সিংহ, বাঘ, আদি।
(গ) পৰজীৱী, উদাহৰণ- জুঁক, মহ, আদি।

4. খাদ্য শৃংখলৰ স্তৰকেইটা লিখা।
উত্তৰঃ পৌষ্টিক স্তৰৰ প্ৰথম স্তৰটো হ’ল— স্ব-পোষীজীৱ বা উৎপাদকবোৰ।
পৌষ্টিক স্তৰৰ দ্বিতীয় স্তৰটো হ’ল— তৃণভোজী প্ৰাণীবোৰ বা প্ৰাথমিক উপভোক্তাসমূহ।
পৌষ্টিক স্তৰৰ তৃতীয় স্তৰটো হ’ল— সৰু সৰু প্ৰাণী বা দ্বিতীয়ক উপভোক্তাসকল।
পৌষ্টিক স্তৰৰ চতুৰ্থ স্তৰটো হ’ল— ডাঙৰ প্ৰাণী বা ত্ৰৰতীয়ক উপভোক্তাসকল।

5. পৰিৱেশৰ পৰা পোষক দ্ৰৱ্য আহৰণৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি?
উত্তৰঃ পৰিৱেশৰ পৰা পোষক দ্ৰৱ্য আহৰণৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক তিনিটা ভাগত বিভক্ত কৰা হৈছে আৰু সেয়া হ’ল—
(i) উৎপাদন/উৎপাদক,
(i) উপভোক্তা আৰু
(iii) বিয়োজক।

6. স্বপোষী জীৱবিলাকে কেনেকৈ খাদ্য বা শক্তি আহৰণ কৰে ?
উত্তৰঃ স্বপোষী জীৱবোৰে সূৰ্যৰ পৰা শক্তি আহৰণ কৰে আৰু সেই শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে। এই শক্তিক জীৱ জগতৰ প্ৰায় সকলোবোৰ জীৱই যাৱতীয় কাৰু-কাৰ্যসমূহৰ কাৰণে প্ৰয়োজনীয় শক্তি হিচাপে ব্যৱহাৰ কৰে।  লগতে, এই শক্তিসমূহ স্বপোষী জীৱলৈ আৰু বিয়োজক শ্ৰেণীৰ জীৱসমূহলৈ প্ৰবাহিত হয়।

7. জীৱ নিম্নিকৰণ আৰু জীৱ অনিম্নিকৰণ বুলিলে কি বুজা ? উদাহৰণ দিয়া।
উত্তৰঃ যিবোৰ পদাৰ্থ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন হয়। সেইবোৰ পদাৰ্থক জীৱ নিম্নিকৰণ (Biodegradable) পদাৰ্থ বোলে। উদাহৰণস্বৰূপে— জাৱৰ-জোথৰ।

যিবোৰ পদাৰ্থ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন নহয়। সেইবোৰ পদাৰ্থক জীৱ অনিম্নিকৰণ (Non Biodegradable) পদাৰ্থ বোলে। উদাহৰণস্বৰূপে— পলিথিন।

8. জৈবিক বিবৰ্ধক (Biological Magnification) কাক বোলে ? উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ যিকোনো খাদ্য শৃংখলত মানুহবোৰেই আটাইতকৈ শীৰ্ষ স্থানত থাকে। সেয়েহে খাদ্য শৃংখলৰ মাধ্যমেৰে হোৱা কোনো সু-প্ৰভাৱ আৰু দু-প্ৰভাৱবোৰ অধিকাংশক মানুহেই ভোগ কৰিব লাগে। এই পৰিঘটনাক জৈবিক বিবৰ্ধক (Biological Margination) বোলে।

উদাহৰণস্বৰূপে— আমি খেতিত ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক দ্ৰব্য প্ৰথমে শস্য আৰু শস্যৰ মাধ্যমেৰে আমাৰ দেহলৈ আহে আৰু অন্তিম উপভোক্তা হিচাপে ইয়াৰ প্ৰভাৱ আমাৰ দেহতে অধিকাংশ পৰে।

9. অ’জ’ন কেনেদৰে উৎপন্ন হয়? অ’জ’ন স্তৰৰ ভূমিকা কি বা অ’জ’ন স্তৰে আমাক কেনেদৰে সহায় কৰে ?
উত্তৰঃ অ’জ’নৰ (O3) অণুটো অক্সিজেনৰ তিনিটা পৰমাণুৰে গঠিত। অ’জ’নবোৰ বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা অক্সিজেন(O2) আৰু অতি বেঙুনীয়া ৰশ্মিৰ মাজত বিক্ৰিয়া ঘটি উৎপন্ন হয়। অতি উচ্চ শক্তি সম্পন্ন এই অতি বেঙুণীয়া ৰশ্মিয়ে অক্সিজেন(O2)ত থকা পৰমাণু দুটাক পৃথক কৰে আৰু মুক্ত অক্সিজেনলৈ সলনি কৰে।

O2 ⟶UV⟶ O + O
O + O2 ⟶ O3 (অ’জ’ন)
অ’জ’ন স্তৰে সূৰ্যৰ পৰা নিৰ্গত হোৱা অতি বেঙুণীয়া ৰশ্মি অৰ্থাৎ Ultra Violet ৰশ্মিৰ পৰা পৃথিৱীপৃষ্ঠত অহাত বাধা দিয়ে আৰু সুৰক্ষা কৰে।

READ MORE  জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? | Chapter 8 | Class 10 General Science - SEBA

10. আমাৰ কাৰ্যকলাপে পৰিৱেশক কেনেদৰে প্ৰভাৱান্বিত কৰে ? উদাহৰণসহ লিখা।
উত্তৰঃ আমাৰ কাৰ্যকলাপে পৰিৱেশক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱান্বিত কৰে।

উদাহৰণস্বৰূপে— মানুহে ব্যৱহাৰ কৰা গাড়ী-মটৰসমূহৰ পৰা আৰু ইয়াৰ পৰা নিৰ্গত হোৱা ধুৱাসমূহৰ পৰা প্ৰত্যক্ষভাৱে বায়ু প্ৰদূষিত হয়। লগতে, এই প্ৰদূষণে পৰোক্ষভাৱে অ’জ’ন স্তৰৰ অৱক্ষয় কৰে। সেয়েহে, আমাৰ কাৰু-কাৰ্য সমূহে বাৰুকৈয়ে পৰিৱেশক ক্ষতি কৰে।

11. সূৰ্যৰ বেঙুণীয়া ৰশ্মিৰ দুটা অসুবিধা বা ক্ষতিকাৰক বিষয় বা দু-প্ৰভাৱ উল্লেখ কৰা।
উত্তৰঃ  সূৰ্যৰ বেঙুণীয়া ৰশ্মিৰ দুটা অসুবিধা বা ক্ষতিকাৰক বিষয় বা দু-প্ৰভাৱ  হ’ল—

(ক)সূৰ্যৰ বেঙুণীয়া ৰশ্মিয়ে মানুহৰ দেহৰ ছালত কৰ্কট ৰোগৰ সৃষ্টি কৰে।
(খ)সূৰ্যৰ বেঙুণীয়া ৰশ্মি অতি বিষাক্ত ই জীৱৰ মৃত্যু ঘটাব পাৰে।

12. শক্তি প্ৰবাহৰ দুটা উল্লেখযোগ্য কথা/বাৰ্তা কি?
উত্তৰঃ শক্তি প্ৰবাহৰ দুটা উল্লেখযোগ্য কথা/বাৰ্তা হ’ল—
(ক)প্ৰথমটো হ’ল— শক্তিৰ প্ৰবাহ সদায় একমুখী দিশতহে হয়। উদাহৰণস্বৰূপে— স্ব-পোষী জীৱবোৰে সূৰ্যৰ পৰা আহৰণ কৰা শক্তিখিনি পুনৰ সূৰ্যলৈ উভতি যাব নোৱাৰে।

(খ) দ্বিতীয়তো হ’ল— আমাৰ অজ্ঞাতেই কিছুমান ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ খাদ্য শৃংখলৰ যোগেদি আমাৰ দেহত প্ৰবেশ ঘটে। উদাহৰণস্বৰূপে— শস্য পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক কীটনাশক দ্ৰব্যসমূহ এক অংশ পানী আৰু মাটিৰ লগত মিহলি হৈ থাকি যায়। সেয়াকে উদ্ভিদে পানী আৰু খনিজ লৱণ হিচাপে গ্ৰহণ কৰে। লগতে, সেই খাদ্যকে আমি খাওঁ আৰু আমাৰ দেহলৈ সেই ৰাসায়নিক কীটনাশকবোৰ পৰোক্ষভাৱে প্ৰৱেশ কৰে।

13. “শক্তিবিলস্ক এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তন হওঁতা কিছু পৰিমাণৰ শক্তি পৰিবেশত এনে এক অৱস্থাত থাকি যায় যে তাক পুনৰাই লাভ কৰিব নোৱাৰি ”- এই কথাষাৰৰ তিনিটা যুক্তি আগবঢ়োৱা।
উত্তৰঃ এই কথাষাৰৰ তিনিটা যুক্তি হ’ল—

(ক)স্থলজ পৰিস্থিতি তন্ত্ৰত সেউজীয়া উদ্ভিদে সিহঁতৰ পাতত পৰা সূৰ্যৰ পোহৰৰ পৰা প্ৰায় 10 শতাংশ সৌৰশক্তি ধৰি ৰাখিব পাৰে।
(খ)জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান হিচাপে 10 শতাংশ প্ৰবাহিত হয়।
(গ) প্ৰাথমিক উপভোক্তাবোৰে সেউজীয়া খাদ্য হিচাপে গ্ৰহণ কৰিলে সৰহভাগ শক্তিয়েই তাপ শক্তি হিচাপে পৰিৱেশত এৰি দিয়ে আৰু কিছু পৰিমাণহে পাচন ঘটাই কাৰ্য সমাধা কৰাত ব্যৱহাৰ কৰাৰ লগতে বাকী থকাবোৰ বৃদ্ধি আৰু বংশ বিস্তাৰ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে।

14. খাদ্য শৃংখল আৰু খাদ্য জাল কাক বোলে ? উদাহৰণ দিয়া।
অথবাঃ খাদ্য শৃংখল আৰু খাদ্য জালৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ পৰিৱেশত থকা উপভোক্তাবোৰে ইটোয়ে সিটোৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰ কৰি জীয়াই আছে। প্ৰথম শ্ৰেণী উপভোক্তাৰ ওপৰত দ্বিতীয় শ্ৰেণী উপভোক্তাই, দ্বিতীয় শ্ৰেণী উপভোক্তাৰ ওপৰত তৃতীয় শ্ৰেণী উপভোক্তাই, তৃতীয় শ্ৰেণী উপভোক্তাৰ ওপৰত চতুৰ্থ শ্ৰেণী উপভোক্তাই খাদি হিচাপে নিৰ্ভৰ কৰি এক শৃংখলৰ সৃষ্টি কৰে। ইয়াকে খাদ্য শৃংখল বোলে।

উদাহৰণস্বৰূপে— গছ-বননি আদিক ফৰিঙে খায়, ফৰিঙক সাপে খাই, সাপক ঈগলে খাই, ঈগলক মানুহে খাই আদি এনেধৰণে খাদ্য শৃংখল অটুত ৰাখে।

আনহাতে, খাদ্য শৃংখলৰ স্তৰৰ সংখ্যা, দৈৰ্ঘ আৰু জটিলতা অনুসৰি খাদ্য শৃংখলৰ প্ৰকৃতি সলনি হয়। আমি পৰিৱেশত সঘনাই লক্ষ্য কৰো যে একেটা জীৱকে বিভিন্ন উপভোক্তাৰ স্তৰে অৰ্থাৎ বেলেগ বেলেগ জীৱই খাদ্য হিচাপে গ্ৰহণ কৰে বা ভক্ষণ কৰে। এই প্ৰকৃতিৰ বাবে খাদ্য শৃংখলবোৰ সৰল ৰৈখিক নহৈ প্ৰায়েই শৃংখলতাৰ সম্বন্ধ শাখা বিন্যাসৰ দৰে হয়। সেয়েহে এনে শৃংখলক খাদ্য জাল বোলে।

উদাহৰণস্বৰূপে— মাছক ভেঁকুলী, মানুহ, মাছৰোকা, সাঁপ আদি বিভিন্ন প্ৰাণীয়ে ভক্ষণ কৰে, সেয়েহে মাছৰ খাদ্যৰ শৃংখলটিক খাদ্যজাল হিচাপে বিবেচিত কৰা হয়।

সেয়েহে আমি পাৰ্থক্য হিচাপে ইয়াকে ক’ব পাৰো যে—
(ক) খাদ্য শৃংখল এক নিৰ্দিষ্ট ক্ৰম থাকে কিন্তু খাদ্য জালৰ কোনো নিৰ্দিষ্ট ক্ৰম নাথাকে।
(খ) খাদ্য শৃংখলৰ ক্ৰম সৰলৰৈখিক, আনহাতে খাদ্য জালৰ ক্ৰম শাখা বিন্যাসৰ দৰে হয়।

Leave a Comment

error: Content is protected !!
Scroll to Top