শক্তিৰ উৎসসমূহ | Chapter 14 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


শক্তিৰ উৎসসমূহ

Multiple Choice Questions and Answers

1. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌশক্তি আধাৰিত নহয় ?
(a) ভূ-তাপীয় শক্তি
(b) বায়ু শক্তি
(c) নিউক্লীয় শক্তি
(d) জৈৱ উপাদান
উত্তৰঃ (a) ভূ-তাপীয় শক্তি

2. তলৰ কোনবিধ শক্তি উৎপাদনত আৰু ব্যৱহাৰত অতি কম পৰিমাণৰ পৰিৱেশ প্ৰদূষণ ঘটে—
(a) নিউক্লীয় শক্তি
(b) তাপীয় শক্তি
(c) সৌৰ শক্তি
(d) ভূ-তাপীয় শক্তি
উত্তৰঃ (c) সৌৰ শক্তি

3. তলৰ কোনটো জৈৱ উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয় ?
(a) খৰি
(b) গোবৰ গেছ
(c) নিউক্লীয় শক্তি
(d) কয়লা।
উত্তৰঃ (c) নিউক্লীয় শক্তি।

4. এনথ্রাচাইটত থকা কাৰ্বনৰ পৰিমাণ হৈছে—
(a) 65%
(b) 78%.
(c) 95%
(d) 99%
উত্তৰঃ (c) 95%

5. পানী গৰম কৰিবলৈ সৌৰ জল হাঁটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা—
(a) ৰৌদ্রোজ্জ্বল দিন।
(b) ডাৱৰীয়া দিন।
(c) গৰম দিন।
(d) বতাহে কোবোৱা দিন।
উত্তৰঃ (b) ভাৱৰীয়া দিন।

6. পেট্ৰ’ল আৰু ডিজেল হৈছে—
(a) শক্তিৰ মুখ্য উৎস
(b) নৱীকৰণ অযোগ্য শক্তিৰ উৎস
(c) নবীকৰণযোগ্য শক্তিৰ উৎস
(d) প্ৰদূষণ নকৰা শক্তিৰ উৎস
উত্তৰঃ (b) নৱীকৰণ অযোগ্য শক্তিৰ উৎস

7. ডলৰ কোনটো জীব ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ? 
(a) খৰি।
(b) গোবৰ গেছ।
(c) নিউক্লীয় শক্তি।
(d) কয়লা।
উত্তৰঃ (c) নিউক্লীয় শক্তি।

8. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ?
(a) ভূ-তাপীয় শক্তি।
(b) বায়ু শক্তি।
(c) নিউক্লীয় শক্তি।
(d) জৈব উপাদান।
উত্তৰঃ (c) নিউক্লীয় শক্তি।

9. পেট্ৰ’ল আৰু ডিজেল হৈছে—
(a) নৱীকৰণযোগ্য শক্তিৰ উৎস
(b) প্ৰদূষণ সৃষ্টি নকৰা শক্তিৰ উৎস
(c) শক্তিৰ মুখ্য উৎস
(d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস।
উত্তৰঃ (d) নৱীকৰণ অযোগ্য শক্তিৰ উৎস।

10. নিউক্লীয় শক্তি উৎপাদন কৰা হয়—
(a) নিউক্লীয় একীভৱনৰ দ্বাৰা
(b) তাপ অঘটনৰ দ্বাৰা
(c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা
(d) বিভাজন পাতনৰ দ্বাৰা ৷
উত্তৰঃ (c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা

11. প্লাষ্টিকবোৰ—
(a) অপচয়ৰ-পৰা-শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস
(b) অপচয়ৰ-পৰা-শক্তিৰ উদ্যোগত ব্যৱহাৰ কৰিব নোৱাৰি ৷
(c) জীৱনমনীয়।
(d) এবিধ জীৱাৱশেষ শক্তিৰ উৎস।
উত্তৰঃ (a) অপচয়ৰ-পৰা-শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস।

12.পানী গৰম কৰিবলৈ সৌৰ জল-হাঁটাৰ এটা ব্যৱহাৰ খৰিব নোৱাৰা দিনটো হৈছে এটা—
(a) ৰৌদ্রোজ্বল দিন
(b) ডাৱৰীয়া দিন
(c) গৰম দিন
(d) বতাহে কোবোৱা দিন।
উত্তৰঃ (b) ডাৱৰীয়া দিন

13. পেট্ৰ’লিয়ামৰ পাতনত প্ৰয়োগ কৰা এটা মূল পদ্ধতি হৈছে—
(a) ঘনীভৱন।
(b) বাষ্পীভৱন।
(c) পান।
(d) তৰলীকৰণ।
উত্তৰঃ (b) বাষ্পীভৱন।

READ MORE  নিয়ন্ত্ৰণ আৰু সমন্বয় | Chapter 7 | Class 10 General Science - SEBA

14. নিউক্লীয় শক্তি উৎপাদন কৰা হয়—
(a) নিউক্লীয় একীভৱনৰ দ্বাৰা
(b) তাপ অঘটনৰ দ্বাৰা
(c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা
(d) বিভাজন পাতনৰ দ্বাৰা।
উত্তৰঃ (c) নিউক্লীয় বিখণ্ডনৰ দ্বাৰা

15. এল. পি. জি. সংৰক্ষণ কৰা হয়—
(a) উচ্চচাপত।
(b) নিম্ন উষ্ণতাত।
(c) অনুঘটকৰ উপস্থিতিত।
(d) ওপৰত উল্লেখ কৰা আটাইবোৰ কাৰণে।
উত্তৰঃ উচ্চচাপত।

16. তাপীয় শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা ইন্ধন হ’ল—
(a) পানী
(b) ইউৰেনিয়াম
(c) জীৱভৰ
(d) জীৱাশ্মজাত ইন্ধন
উত্তৰঃ (d) জীৱাশ্মজাত ইন্ধন

17. খাৰুৱা তেলৰ তাপ অপঘটন কৰা হয়—
(a) খাৰুৱা তেলক সহজে পৰিবহন কৰিবৰ কাৰণে।
(b) কেলৰিমান বঢ়াবলৈ।
(c) অশুদ্ধি আঁতৰ কৰিবলৈ।
(d) পেট্ৰলৰ পৰিমাণ বঢ়াবলৈ।
উত্তৰঃ (d) পেট্ৰলৰ পৰিমাণ বঢ়াবলৈ।

18. জৈৱগেছৰ প্ৰধান উপাদান—
(a) হাইড্ৰ’জেন
(b) হাইড্ৰ’জেন ছালফাইড
(c) কার্বন ডাইঅক্সাইডৰ
(d) মিথেন
উত্তৰঃ (d) মিথেন

Short Questions and Answers

1. এবিধ সেউজ গৃহ গেছৰ উদাহৰণ দিয়া।
উত্তৰঃ মিথেন।

2.  পুৰণি কালত তাপ শক্তিৰ আটাইতকৈ প্ৰচলিত উৎস কি?
উত্তৰঃ পুৰণি কালত তাপ শক্তিৰ আটাইতকৈ প্ৰচলিত উৎস আছিল- কাঠখৰি।

3. তাপভিত্তিক শক্তি প্ৰকল্পত কেনেকৈ তাপ শক্তিক বৈদ্যুত শক্তিলৈ ৰূপান্তৰ কৰা হয় ?
উত্তৰঃ তাপভিত্তিক শক্তি প্ৰকল্পকেন্দ্ৰসমূহত বৃহৎ পৰিমাণৰ জীৱাশ্মজাত ইন্ধন দহন কৰি পানী উতলাই বাষ্প কৰা হয়। এই বাষ্পৰ সহায়ত টাৰবাইন ঘূৰাই বিদ্যুৎ কৰা হয়। প্ৰক্ৰিয়াতো, প্ৰথমে ইন্ধন পুৰি পুনতে তাপ শক্তি উৎপন্ন কৰে আৰু পিছত তাক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়।

4. ভাৰতবৰ্ষৰ শক্তিৰ চাহিদাৰ কিমান অংশ জলশক্তি প্ৰকল্পই পূৰণ কৰে ?
উত্তৰঃ ভাৰতবৰ্ষৰ শক্তিৰ চাহিদাৰ এক চতুৰ্থাংশ জলশক্তি প্ৰকল্পই পূৰণ কৰে।

5. তাপভিত্তিক শক্তি প্ৰকল্প নামৰ আঁৰৰ কাৰণটো কি?
উত্তৰঃ তাপভিত্তিক শক্তি প্ৰকল্প নামৰ আঁৰৰ কাৰণটো হ’ল— ইয়াত ইন্ধন পুৰি পুনতে তাপ শক্তি উৎপন্ন কৰে আৰু পিছত তাক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়।

6. গেছ বাৰ্ণাৰ, যান-বাহন আদি প্ৰত্যক্ষভাৱে ব্যৱহাৰ হোৱাৰ উপৰিও বিদ্যুৎ উৎপাদনৰ মুখ্য ইন্ধন হৈছে— _________।
উত্তৰঃ গেছ বাৰ্ণাৰ, যান-বাহন আদি প্ৰত্যক্ষভাৱে ব্যৱহাৰ হোৱাৰ উপৰিও বিদ্যুৎ উৎপাদনৰ মুখ্য ইন্ধন হৈছে—জীৱাশ্ম ইন্ধন

7. অনেক তাপভিত্তিক শক্তি প্ৰকল্প কয়লা খনি বা তেলৰ কূপৰ ওচৰত কিয় স্থাপন কৰা হয় ?
উত্তৰঃ একে দূৰত্বলৈ কয়লা বা পেট্ৰলিয়াম পৰিবহনতকৈ বিদ্যুতৰ পৰিবহন অধিক সুবিধাজনক। লগতে, তাপভিত্তিক শক্তি প্ৰকল্পসমূহত বৃহৎ পৰিমাণৰ জীৱাশ্মজাত ইন্ধনৰ প্ৰয়োজন হয়। সেয়েহে অনেক তাপভিত্তিক শক্তি প্ৰকল্প কয়লা খনি বা তেলৰ কূপৰ ওচৰত স্থাপন কৰা হয়।

Long Questions and Answers

1. কেনেকৈ টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপাদন কৰিব পাৰি ? বুজাই লিখা।
উত্তৰঃ সৰল টাৰবাইনত এটা গতিশীল অংশ থাকে যাক ঘূৰ্ণক পাখি (Rotor-Blade) বোলা হয়। গতিশীল তৰলে/জোৱাৰযুক্ত পানীয়ে খুন্দা মাৰিলে ঘূৰ্ণক পাখিবোৰ ঘূৰে আৰু ঘূৰ্ণকক শক্তিৰ যোগান ধৰে। এনেকৈ ফেনখন বা ঘূৰ্ণকৰ পাখকেইখন খৰকৈ ঘূৰিলে ডাইনাম’ৰ ধূৰাডাল ঘূৰে। লগে লগে, ইয়াৰ পৰিণতিত যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয়। এই বৈদ্যুতিক শক্তি আজি আমি আমাৰ বিভিন্ন কামসমূহ যেনে- দূৰদৰ্শন চলোৱা, পাংখা চলোৱা, কম্পিউটাৰৰ চলোৱা, মেছিন চলোৱা আদি কামসমূহ কৰা হয়।

READ MORE  কাৰ্বন আৰু তাৰ যৌগ | Chapter 4 | Class 10 General Science - SEBA

2. তিনিবিধ অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা।
উত্তৰঃ তিনিবিধ বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস হ’ল—
(ক)সৌৰ শক্তি (Solar Energy), বিশেষকৈ চ’লাৰ কুকাৰ, সৌৰ কোষ ফলক।
(খ) সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি, বিশেষকৈ জোৱাৰ ভাতাৰ শক্তি, তৰংগ শক্তি, মহাসামুদ্ৰিক তাপীয় শক্তি।
(গ) ভূ-তাপীয় শক্তি (Geothermal Energy)।
(ঘ) নিউক্লীয় শক্তি (Nuclear Energy)।

3. তলত উল্লেখ কৰা কামসমূহ সাধন কৰিবলৈ কি কি শক্তিৰ প্ৰয়োজন হয় লিখা।
(ক) দৈহিক কামসমূহ কৰিবলৈ।
(খ) বিভিন্ন সা-সজুলি চলাবলৈ।
(গ) ভাত ৰান্ধিবলৈ বা বাহন চলাবলৈ।
উত্তৰঃ (ক) দৈহিক কামসমূহ কৰিবলৈ- পেশীয় শক্তি।

উত্তৰঃ (খ) বিভিন্ন সা-সজুলি চলাবলৈ- বৈদ্যুতিক শক্তি।
উত্তৰঃ (গ) ভাত ৰান্ধিবলৈ বা বাহন চলাবলৈ- ৰাসায়নিক শক্তি।

4. শক্তিৰ ভাল উৎস কি? ইয়াৰ চাৰিটা বৈশিষ্ট্য লিখা।
উত্তৰঃ শক্তিৰ ভাল উৎস বুলিলে সেইবোৰ উৎসকে বুজা যায় যিবোৰ উৎস ব্যৱহাৰৰ সাপেক্ষে অধিক লাভৱান হ’ব পাৰি। ইয়াৰ চাৰিটা বৈশিষ্ট্য হ’ল—
(ক) যিবোৰ সহজেই উপলব্ধ।
(খ) যিসমূহৰ সঞ্চয় আৰু পৰিবহন অতিকৈ সহজসাধ্য।
(গ) যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে।
(ঘ) যিবোৰ ইন্ধন অতিকৈ মিতব্যয়ী।

5. পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ বাবে তিনি প্ৰকাৰৰ প্ৰযুক্তিৰ বিকাশৰ নাম লিখা।
উত্তৰঃ  পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ বাবে তিনি প্ৰকাৰৰ প্ৰযুক্তিৰ বিকাশ হ’ল—

(ক) জীৱভৰ (Bio-Mass)।
(খ) বায়ু শক্তি (Wind Energy)।
(গ) জৈৱ গেছ প্ৰকল্প।

6. ইন্ধন এটা নিৰ্বাচন কৰোঁতে কি কি প্ৰশ্ন উত্থাপন হয়?
উত্তৰঃ ইন্ধন এটা নিৰ্বাচন কৰোঁতে অৱতাৰণা হোৱা প্ৰশ্নসমূহ হ’ল—

(ক) ইন্ধনবিধ জ্বলোতে কিমান পৰিমাণৰ তাপ উৎপন্ন কৰিব ?
(খ) ইন্ধনবিধে বেছিকৈ ধোঁৱা উৎপন্ন কৰিব নেকি?
(গ) ইন্ধনবিধ সহজতে উপলদ্ধনে ?

7. জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ তিনিটা অসুবিধা লিখা।
উত্তৰঃ জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ তিনিটা অসুবিধা—

(ক) জীৱাশ্মজাত ইন্ধন দহন্ৰ ফলত কাৰ্বন, নাইট্ৰ’জেন, চালফাৰ অক্সাইড আদি আম্লিক অক্সাইডবোৰ নিৰ্গত আৰু এইবোৰে বায়ুমণ্ডল প্ৰদূষণ কৰে লগতে আম্লিক বৃষ্টি সৃষ্টি কৰে।
(খ) জীৱাশ্মজাত ইন্ধনবোৰ অনৱীকৰণযোগ্য, সেয়েহে ইয়াক এবাৰ ব্যৱহাৰ কৰিলে পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি।
(গ) দ্ৰুত হাৰত জীৱাশ্ম ইন্ধনবোৰ ব্যৱহাৰ কৰি থাকিলে এইবোৰৰ শক্তিৰ ভাণ্ডাৰ শেষ/নিঃশেষ হৈ যোৱাৰ সম্ভাৱণা আছে।”

8. জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত হোৱা প্ৰদূষণৰ পৰিমাণ কেনেদৰে হ্ৰাস কৰিব পাৰি ? দুটা প্ৰতিকাৰ লিখা।
উত্তৰঃ জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত হোৱা প্ৰদূষণৰ পৰিমাণ হ্ৰাস কৰাৰ দুটা প্ৰতিকাৰ হ’ল—

(ক) দহন প্ৰক্ৰিয়াৰ দক্ষতা বঢ়াই।
(খ) পৰিৱেশলৈ অনিষ্টকাৰী গেছ আৰু ছাইৰ নিৰ্গমন বিভিন্ন উপায়েৰে হ্ৰাস কৰি।

9. ‘শক্তিৰ এক প্ৰকাৰক আন এটালৈ ৰূপান্তৰ কৰিব পাৰি’- বুজাই লিখা।
উত্তৰঃ শক্তিৰ বহুতো ৰূপ বা প্ৰকাৰ আছে। শক্তিৰ এক প্ৰকাৰক আন এক প্ৰকাৰলৈ সলনি কৰিব পাৰি। উদাহৰণস্বৰূপে— কাপ এটা মাটিত পেলাই দিলে ইয়াৰ স্থিতি শক্তি শব্দ শক্তিলৈ ৰূপান্তৰ হয়। এডাল মম জ্বলালে প্ৰক্ৰিয়াটো তাপমোচী (Exothermic) হোৱাৰ পৰিপেক্ষিতত মম ডাল জ্বলি ৰাসায়নিক শক্তিৰ পৰা তাপ আৰু পোহৰ শক্তিৰ উৎপন্ন হয়।

10. তিনিবিধ পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ দিয়া।
উত্তৰঃ তিনিবিধ পৰম্পৰাগত শক্তিৰ উৎসৰ উদাহৰণ হ’ল—
(ক) জীৱাশ্মজাত ইন্ধন (Fossil Fuel), বিশেষকৈ কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি।
(খ) তাপভিত্তিক শক্তি প্ৰকপ (Thermal Power Plant)।
(গ) জলশক্তি প্ৰকল্প (Hydro Power Plant)।

READ MORE  ধাতু আৰু অধাতু | Chapter 3 | Class 10 General Science - SEBA

11. জলশক্তি প্ৰকল্পত কেনেদৰে বিদ্যুৎ উৎপন্ন কৰা হয় ?
উত্তৰঃ জলশক্তি প্ৰকল্পত কেনেদৰে বৈদ্যুতিক জল বিদ্যুৎ উৎপাদন কৰিবৰ বাবে প্ৰথমে নদীত যথেষ্ট উচ্চতাৰ বান্ধ নিৰ্মাণ কৰি পানীৰ প্ৰবাহক বাধা দিয়া হয় আৰু জলাশয়ত অধিক পৰিমাণৰ পানী জমা কৰা হয়। জলস্তৰৰ উচ্চতা বৃদ্ধি হৈ প্ৰবাহমান পানীৰ গতিশক্তিক স্থিতি শক্তিলৈ ৰূপান্তৰ কৰা হয়। বান্ধৰ ওপৰৰ স্তৰৰ পানী পাইপৰ যোগেদি বান্ধৰ পাদদেশত থকা টাৰবাইনলৈ অনা হয়।

টাৰবাইনত এটা গতিশীল অংশ থাকে যাক ঘূৰ্ণক পাখি (Rotor-Blade) বোলা হয়। গতিশীল তৰলে/জোৱাৰযুক্ত পানীয়ে খুন্দা মাৰিলে ঘূৰ্ণক পাখিবোৰ ঘূৰে আৰু ঘূৰ্ণকক শক্তিৰ যোগান ধৰে। এনেকৈ ফেনখন বা ঘূৰ্ণকৰ পাখকেইখন খৰকৈ ঘূৰিলে ডাইনাম’ৰ ধূৰাডাল ঘূৰে। লগে লগে, ইয়াৰ পৰিণতিত যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ হয়। এই বৈদ্যুতিক শক্তি আজি আমি আমাৰ বিভিন্ন কামসমূহ যেনে- দূৰদৰ্শন চলোৱা, পাংখা চলোৱা, কম্পিউটাৰৰ চলোৱা, মেছিন চলোৱা আদি কামসমূহ কৰা হয়।

12. নৱীকৰণযোগ্য আৰু অনৱঅকৰণযোগ্য শক্তিৰ উৎস বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা। নৱীকৰণযোগ্য আৰু অনৱঅকৰণযোগ্য শক্তিৰ উৎস মাজত থকা দুটা পাৰ্থক্য লিখা।
উত্তৰঃ শক্তিৰ যিবোৰ উৎস এবাৰ ব্যৱহাৰ হোৱাৰ পিছত তাক পুনৰ নতুনকৈ উৎপাদন(নৱীকৰণ) কৰিব পাৰি আৰু শেষ হৈ নাযায়। সেইবোৰ উৎসক নৱীকৰণযোগ্য শক্তিৰ উৎস বোলে। উদাহৰণস্বৰূপে—
(ক)সৌৰ শক্তি (Solar Energy)।
(খ) সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি,(গ) ভূ-তাপীয় শক্তি (Geothermal Energy)।
(ঘ) নিউক্লীয় শক্তি (Nuclear Energy), আদি যিবোৰ পুনৰ নৱীকৰণ অৰ্থাৎ নতুনকৈ উৎপাদন কৰিব পাৰি ৷

শক্তিৰ যিবোৰ উৎস এবাৰ ব্যৱহাৰ হোৱাৰ পিছত তাক পুনৰ নতুনকৈ উৎপাদন(নৱীকৰণ) কৰিব নোৱাৰি আৰু শেষ হৈ যায়। সেইবোৰ উৎসক অনৱীকৰণযোগ্য শক্তিৰ উৎস বোলে। উদাহৰণস্বৰূপে— কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ, খাৰুৱাতেল আদি, এইবোৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায়।

নৱীকৰণযোগ্য আৰু অনৱঅকৰণযোগ্য শক্তিৰ উৎস মাজত থকা দুটা পাৰ্থক্য—
(ক)নৱীকৰণযোগ্য শক্তিৰ উৎস পুনৰ নতুনকৈ উৎপাদন কৰিব পাৰি। আনহাতে, অনৱঅকৰণযোগ্য শক্তিৰ উৎস পুনৰ নতুনকৈ উৎপাদন কৰিব নোৱাৰি।
(খ)নৱীকৰণযোগ্য শক্তিৰ উৎস এবাৰ ব্যৱহাৰ হ’লে শেষ/নিঃশেষ হৈ নাযায়। আনহাতে, অনৱঅকৰণযোগ্য শক্তিৰ উৎস এবাৰ ব্যৱহাৰ হ’লে শেষ/নিঃশেষ হৈ যায়।

13. জল বিদ্যুৎ বা জলশক্তিৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা।
অথবাঃ নদী বান্ধ প্ৰকল্পৰ দুটা অসুবিধা লিখা।
উত্তৰঃ জল বিদ্যুৎ বা জলশক্তিৰ দুটা সুবিধা হ’ল—

(ক)জল বিদ্যুৎ বা জলশক্তি হ’ল— শক্তিৰ এক নবীকৰণযোগ্য উৎস।
(খ)জল বিদ্যুৎ বা জলশক্তি জীৱাশ্ম ইন্ধনৰ নিচিনাকৈ নিঃশেষ হৈ যোৱাৰ কোনো চিন্তা নাই কাৰণ, ইয়াক পুনঃ পুনঃ পাব পাৰি।

জল বিদ্যুৎ বা জলশক্তিৰ বা নদী বান্ধ প্ৰকল্পৰ 5 টা অসুবিধা হ’ল—
(ক)জল বিদ্যুৎ বা জলশক্তিৰ বাবে লগা নদী বান্ধসমূহ কেৱল ওখ নাইবা পাহাৰীয়া অঞ্চলতহে স্থাপন কৰিব পাৰি।
(খ) বৃহৎ পৰিসৰৰ জনবসতি অঞ্চল এই ক্ষেত্ৰত লাগতিয়াল হয় আৰু পানীত বুৰ যাব লগা হয়।
(গ) নদীবান্ধৰ পানীত বুৰ গৈ বৃহৎ পৰিস্থিতি তন্ত্ৰৰ (Ecosystem)  বিনষ্ট হয়।
(ঘ) পানীত ডুবা গছ-গছনিবোৰ বায়ুহীন অৱস্থাত পচে আৰু সেউজ গৃহ বিষাক্ত গেছ মিথেন নিৰ্গত হয়।
(ঙ)জল বিদ্যুৎ বা জলশক্তিৰ বা নদী বান্ধ প্ৰকল্পৰ বাবে ভগনীয়া লোকসকলৰ সন্তোষজনক পুনৰসংস্থাপনৰ সমস্যাৰ সৃষ্টি হয়।

Leave a Comment

error: Content is protected !!
Scroll to Top