ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল | Chapter 6 | Class 10 Geography Question and Answer | Assam Class 10 Geography Elective Solutions Assamese Medium | Seba Class 10 HSLC Geography Chapter 6 Notes Assamese Medium | SEBA Class 10 Geography Chapter 6 Question and Answer Assamese Medium | Questions and Answers for Class 10 Geography Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল | Questions and Answers Assam


ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল

Multiple Choice Questions and Answers (MCQs)

1. ২০০১ চনৰ লােকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত _______ জন।
(ক) ৩৪০
(খ)২৫৮
(গ) ২৬০
(ঘ) ৩২৪
উত্তৰঃ (ঘ) ৩২৪

2. ভাৰতৰ সৰ্বাধিক ঘনত্বৰ জনসংখ্যা থকা ঠাইখন হ’ল _______ ।
(ক) দিল্লী
(খ) উত্তৰপ্ৰদেশ
(গ) কেৰালা
(গ) অন্ধ্ৰপ্ৰদেশ
উত্তৰঃ (ক) দিল্লী

3. আন্দামান আৰু নিকোৰৰ দ্বীপপুঞ্জ _______ ‘টা দ্বীপৰ সমষ্টি।
(ক) ১১৫
(খ) ২০০
(গ) ১৯৫
(ঘ) ২১৫
উত্তৰঃ (ঘ) ২১৫

4. ১৯৯১ চনৰ লােকপিয়ল অনুসৰি গুৱাহাটীৰ মুঠ জনসংখ্যা কিমান ?
(ক) ৬.৫৪ লাখ
(খ) ৫.৮৪ লাখ
(গ) ৪.৪৬ লাখ
(ঘ) ৫.০৫ লাখ
উত্তৰঃ (খ) ৫.৮৪ লাখ

5. ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্যখন হৈছে _______ ।
(ক) মধ্যপ্ৰদেশ
(খ)ত্তৰ প্ৰদেশ
(গ) ৰাজস্থান
(ঘ) পশ্চিমবংগ
উত্তৰঃ (খ) উত্তৰ প্ৰদেশ

6. ভাৰতৰ মুঠ মাটিকালি _______ নিযুত কিঃমিঃ।
(ক) ৩.২
(খ) ৪.২
(গ) ৬.৫
(ঘ) ২.৬
উত্তৰঃ (ক) ৩.২

7. ভাৰতৰ নগৰীয়া জনসংখ্যাৰ হাৰ _______ শতাংশ।
(ক)২৫.৭
(খ) ৩৫.৭
(গ) ১৫.৫
(ঘ) ২০.৫
উত্তৰঃ (ক) ২৫.৭

8. ভাৰতৰ সেৰেঙা জনবসতিৰ ৰাজ্যখন হৈছে _______ ।
(ক) অৰুণাচল প্ৰদেশ
(খ) মেঘালয়
(গ) হাৰিয়ানা।
(ঘ) জম্মু আৰু কাশ্মীৰ
উত্তৰঃ (ক) অৰুণাচল প্ৰদেশ

9. ২০০১ চনৰ লােকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা _______ কোটি।
(ক)১০২.৭
(খ) ১৫০.২
(গ) ১৩২.৭
(ঘ) ১৪০.৫
উত্তৰঃ (ক) ১০২.৭

10. ভাৰতৰ উপকূলৰেখাৰ মুঠ দৈৰ্ঘ্য _______ কিঃ মিঃ।
(ক) ৬১০০

(খ) ১৫.২০০
(গ) ৮১০০
(ঘ) ৫৩০০
উত্তৰঃ (ক) ৬১০০

11. ভাৰতবৰ্ষৰ মাটিকালি পৃথিৱীৰ মুঠ মাটিকালিৰ মাত্ৰ _______ শতাংশ।
(ক) ৫.২

(খ) ৬.৩
(গ) ৪.৯
(ঘ) ২.২
উত্তৰঃ (ঘ) ২.২

Very Short Type Questions and Answers

1. ভাৰতৰ পশ্চিম উপকূলৰ দক্ষিণ অংশ _______ উপকূল ৰূপে জনাজাত।
উত্তৰঃ মালাৱাৰ

2. ভাৰতৰ প্ৰথম কপাহী বয়ন উদ্যোগ ১৮৫৪ চনত স্থাপিত হৈছিল।
উত্তৰঃ মুম্বাই

3. _______ সমভূমি শতদ্ৰু, বিশাি আৰু ৰাবি নদীয়ে গঠন কৰিছে।
উত্তৰঃ পঞ্জাৱ – হাৰিয়ানা

4. _______ ভাৰতৰ সোঁমাজেৰে পাৰ হৈ ভাৰতক দুটা ভাগত ভাগ কৰিছে।
উত্তৰঃ কৰ্কটক্ৰান্তি ৰেখা

5. _______ অৰণ্য ভাৰতৰ উপকূলীয় ব-দ্বীপ অঞ্চলত পােৱা যায়।
উত্তৰঃ গুল্ম উদ্ভিদ

6. তাপ্তী আৰু নৰ্মদা উপসাগৰত মিলিত হৈছে।
উত্তৰঃ কাম্বে

7. শীতকালত হােৱা কৃষিক _______ বােলে।
উত্তৰঃ ৰবি

8. চিল্কা, কোলাৰ আৰু পুলিকেট হ্ৰদ ভাৰতৰ _______ উপকূলত অৱস্থিত।
উত্তৰঃ পূৱ

9. ভাৰতৰ ৰাজ্য _______ খন আৰু _______ খুন কেন্দ্ৰীয় শাসিত অঞ্চল।
উত্তৰঃ ২৮৭

10. মৌচুমী কালত অসমত বলা বতাহক স্থানীয়ভাৱে _______ বােলা হয়।
উত্তৰঃ বৰদৈচিল

11. ভাৰতৰ মাটিকালি জাপানৰ মাটিকালিতকৈ _______ গুণ অধিক।
উত্তৰঃ চাৰি

12. _______ মৌচুমী বতাহৰ ফলত ভাৰতৰ কিছু অংশত শীতকালত বৰষুণ হয়।
উত্তৰঃ উত্তৰ-পূৱ।

13. হিমালয় _______ সময়ত গঠিত হৈছিল।
উত্তৰঃ টাৰছিয়েৰী

14. গংগা নদী হিমালয়পৰ্বতৰ _______ হিমবাহৰ পৰা উৎপত্তি হৈছে।
উত্তৰঃ গংগােত্ৰী

Long Type Questions and Answers

1. ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ। চমুটোকা লিখা।
উত্তৰঃ ২০০১ চনৰ লােকপিয়ল অনুসৰি ১০২.৭ কোটি জনসংখ্যাৰে ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ। ভাৰতৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১৬ শতাংশ বিপৰীতে পৃথিৱীৰ মুঠ মাটিকালিত ভাৰতৰ পৰিমাণ ২.২ শতাংশহে। ভাৰতৰ জনসংখ্যা কুৰি শতিকাৰ আৰম্ভণিৰ পৰা দ্ৰুতগতিত বৃদ্ধি হৈছে। ১৯০১ চনত ভাৰতৰ জনসংখ্যা ২৩.৮৪ কোটি আছিল, যি ২০০১ চনত বাঢ়ি ১০২.৭ কোটি হয়। বৃদ্ধিৰ ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া আন এটা বৈশিষ্ট্য হ’ল ১৯৯১ আৰু ২০০১ দশকৰ মাজত আগৰ দশকতকৈ অধিক জনসংখ্যা বৃদ্ধি হয়।

১৯৯১ চনত ভাৰতৰ জনসংখ্যা ৮৪.৬৩ কোটি আছিল যিটো ২০০১ ত ১৮.০৭ কোটি বৃদ্ধি হৈ ১০২.৭ কোটি হয়। ১৯২১ চনৰ পৰা ভাৰতৰ জনসংখ্যা প্ৰচণ্ড হাৰত বৃদ্ধি পায়। বৰ্তমান ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৭ শতাংশৰ অধিক হােৱাৰ বিপৰীতে পৃথিৱীৰ গড় বৃদ্ধিৰ হাৰ ১.২ শতাংশ মাত্ৰ। ভাৰতৰ উচ্চ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হ’ল উন্নত চিকিৎসা সেৱাৰ বাবে হ্ৰাস হােৱা মৃত্যুহাৰ, বাল্যবিবাহ, আন দেশৰ পৰা হােৱা প্ৰব্ৰজন আদি।

2. মৌচুমী উদ্ভিদ। চমুটোকা লিখা।
উত্তৰঃ ভাৰতত সৰ্বাধিক পৰিমাণে পােৱা উদ্ভিদবােৰ হ’ল মৌচুমীয় উদ্ভিদ। যিবােৰ অঞ্চলত বাৰ্ষিক গড় বৃষ্টিপাত ১০০ ছেঃমিঃ আৰু ২০০ ছেঃমিঃৰ ভিতৰত আৰু ২৭° ছেঃ উতাৰ তেনে অঞ্চলত পােৱা যায়। এনেধৰণৰ বেছিভাগ উদ্ভিদৰে শীতকালত পাত সৰি যায়। মৌচুমীয় অৰণ্যৰ কেইবিধমান গুৰুত্বপূৰ্ণ উদ্ভিদ হ’ল শাল, চেগুন, চিচি, শিশু, শিমলু আৰু বিভিন্ন প্ৰকাৰ বাঁহ আদি। এনেধৰণৰ উদ্ভিদ অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, হাৰিয়ানাৰ কিছু অংশ, মধ্যপ্ৰদেশ, তামিলনাড়ু, পশ্চিমঘাট, পূৰ্বঘাট আৰু দাক্ষিণাত্য মালভূমিৰ পূব অংশ, দক্ষিণ ভাৰতৰ আৰ্দ্ৰ অঞ্চল, আন্দামান – নিকোবৰ দ্বীপপুঞ্জত পােৱা যায়।

3. ভাৰতীয় দ্বীপসমূহ। চমুটোকা লিখা।
ভাৰতীয় দ্বীপসমূহ দুটা গােটবাদ্বীপপুঞ্জত বিভক্ত। ইয়াৰে এটা হৈছে লাক্ষা দ্বীপপুঞ্জ আনটো হৈছে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ। লাক্ষাদ্বীপ দ্বীপপুঞ্জ ২৫ টা দ্বীপেৰে গঠিত আৰু এই দ্বীপবােৰ কেৰালাৰ ওচৰত অৱস্থিত। মুঠ মাটিকালি মাত্ৰ ৩২ বৰ্গ কিঃমিঃ। ইয়াৰ ৰাজধানী হৈছে কৱাৰাতি। সাগৰপৃষ্ঠৰপৰা লাক্ষাদ্বীপ দ্বীপপুঞ্জৰ গড় উচ্চতা ৩ ৰ পৰা ৫ মিটাৰ। আনহাতে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ ২১৫ টা দ্বীপ সমষ্টি। এই দ্বীপপুঞ্জ কমণ্ডল উপকূলৰ পৰা যথেষ্ট দূৰৈত বংগােপসাগৰত অৱস্থিত। এই দ্বীপপুঞ্জৰ দৈৰ্ঘ্য ৫৯০ কিঃমিঃ আৰু প্ৰস্থ ৫৮ কিঃমিঃ। ইয়াৰ মুঠ মাটিকালি ৮,২৪৯ বৰ্গ কিঃমিঃ। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৫ মিটাৰৰ অধিক নহয়। ইয়াৰ ৰাজধানী প’ৰ্টব্লেয়াৰ। উল্লেখিত দ্বীপপুঞ্জৰ বেছিভাগেই সৰু আৰু জনবসতিশূন্য। উভয় দ্বীপপুঞ্জৰে নিজস্ব ভৌগােলিক, অৰ্থনৈতিক আৰু সামাজিক-সাস্কৃতিক বৈশিষ্ট্য আছে। লাক্ষাদ্বীপ উৎপত্তিগতভাৱে প্ৰৱালদ্বীপীয় আৰু আন্দামান-নিকোবৰ দ্বীপবােৰ আগ্নেয়জাত।

4. ভাৰতৰ জনসংখ্যা বিতৰণৰ অসমতাৰ কাৰণসমূহ। চমুটোকা লিখা।
উত্তৰঃ ২০০১ চনৰ লােকপিয়ল অনুসৰি ১০২.৭ কোটি জনসংখ্যাৰে ভাৰত পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ। ভাৰতৰ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ ১৬ শতাংশ বিপৰীতে পৃথিৱীৰ মুঠ মাটিকালিত ভাৰতৰ পৰিমাণ ২.২ শতাংশহে। ভাৰতৰ জনসংখ্যা কুৰি শতিকাৰ আৰম্ভণিৰ পৰা দ্ৰুতগতিত বৃদ্ধি হৈছে। ১৯০১ চনত ভাৰতৰ জনসংখ্যা ২৩.৮৪ কোটি আছিল, যি ২০০১ চনত বাঢ়ি ১০২.৭ কোটি হয়। বৃদ্ধিৰ ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া আন এটা বৈশিষ্ট্য হ’ল ১৯৯১ আৰু ২০০১ দশকৰ মাজত আগৰ দশকতকৈ অধিক জনসংখ্যা বৃদ্ধি হয়।

১৯৯১ চনত ভাৰতৰ জনসংখ্যা ৮৪.৬৩ কোটি আছিল যিটো ২০০১ ত ১৮.০৭ কোটি বৃদ্ধি হৈ ১০২.৭ কোটি হয়। ১৯২১ চনৰ পৰা ভাৰতৰ জনসংখ্যা প্ৰচণ্ড হাৰত বৃদ্ধি পায়। বৰ্তমান ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৭ শতাংশৰ অধিক হােৱাৰ বিপৰীতে পৃথিৱীৰ গড় বৃদ্ধিৰ হাৰ ১.২ শতাংশ মাত্ৰ। ভাৰতৰ উচ্চ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হ’ল উন্নত চিকিৎসা সেৱাৰ বাবে হ্ৰাস হােৱা মৃত্যুহাৰ, বাল্যবিবাহ, আন দেশৰ পৰা হােৱা প্ৰব্ৰজন আদি।

5. হিমালয় পাৰ্বত্য অঞ্চল। চমুটোকা লিখা।
হিমালয় পৰ্বতমালা পশ্চিমে সিন্ধু উপত্যকাৰ পৰা পূবেব্ৰহ্মপুত্ৰ উপত্যকালৈ ২,৫০০ কিঃমিঃ বিস্তৃত হৈ আছে। উত্তৰৰ বেছিভাগ নদী যেনে-গংগা আৰু ব্ৰহ্মপুত্ৰ হিমালয় পৰ্বতৰপৰা উৎপত্তি হৈছে। বৃহৎ হিমালয় বা হিমাদ্ৰী, মধ্য হিমালয় বা হিমাচল আৰু বহিঃ হিমালয় বা শিৱালিক নামেৰে হিমালয়ৰ তিনিটা সমান্তৰাল শ্ৰেণী আছে। বৃহৎ হিমালয় মাউন্ট এভাৰেষ্ট, কাঞ্চনজংঘা, নন্দাদেৱী আদি পৃথিৱীৰ কেইটামান সৰ্বোচ্চ শৃংগৰে গঠিত। বহিঃ হিমালায় দক্ষিণলৈ মধ্য শ্ৰেণী গৈছে আৰু এইবােৰ শাৰীক নিম্ন হিমালয় ৰূপে জনা যায়। বহুতাে উল্লেখযােগ্য পাৰ্বত্য ষ্টেচন যেনে -ডেলহাউছি, নাইনিতাল, ডেৰাডুন, দাৰ্জিলিং আদি ও পৰ্বতমালাত অৱস্থিত।

নিম্ন হিমালয়ৰ দক্ষিণলৈ বহিঃ হিমালয়। বহিঃ হিমালয়ৰ, ৩মালাবােৰ অধিক উচ্চ নহয় আৰুই ঘন অৰণ্য আৰু চাহ বাগিছাৰে গঠিত। হিমালয়ৰ পূৰ্ব পৰ্বতমালা পূৰ্বাঞ্চল ৰূপে ই জনাজাত। ইপাটকাই, বুম, নাগা, জয়ন্তীয়া, খাছী, গাৰাে পৰ্বত আদি বহুতাে পৰ্বতেৰে গঠিত। হিমালয়ৰ পশ্চিম অংশ উত্তৰ-পশ্চিমৰ পৰা আৰব সাগৰলৈ বিস্তৃত। এই পৰ্বতমালা হিন্দুকুশ, চফেদকুশ, চুলেইমান, কিথাৰ, জাংস্কাৰ আদি পৰ্বতমালাৰে গঠিত। ইয়ে ভাৰতক আফগানিস্তানৰ পৰা পৃথক কৰিছে। ই ইয়াৰ পূৰ্বৰ সীমামূৰীয়া পৰ্বতমালাৰ দৰে উচ্চনহয়। এই পৰ্বতমালা খাইবাৰ, তমুৰাম, গােমাল, তােচী আৰুবল্টন গিৰিপথৰ বাবে বিখ্যাত।

6. উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। চমুটোকা লিখা।
উত্তৰঃ এই শিল্প অঞ্চলটো হুলী আৰু কলকাতা মহানগৰী অঞ্চলত অৱস্থিত। এই শিল্প অঞ্চলটোৰ প্ৰধান কেন্দ্ৰবােৰ হ’ল নয়াহাটী, জগতদল, ত্ৰিবেণী, বেলুৰ, লিলুৱাহ, আনদুল আদি। এসময়ত এই অঞ্চলটো মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগৰ কেন্দ্ৰ আছিল। কিন্তু, দুৰ্ভাগ্যজনক ভাবে উদ্যোগ দুটা ভাৰত বিভাজনৰ পিছত কেঁচা-সামগ্ৰীৰ অভাৱত ক্ষতিগ্ৰস্ত হয়। শ্ৰমিকৰ অবিশ্ৰাম, শক্তি যােগান সমস্যা, মূলধনৰ অভাৱ আদিয়েও বৰ্তমান ঔদ্যোগিক বিকাশত ব্যাঘাত আনিছে।

7. হুগলী শিল্প অঞ্চল। চমুটোকা লিখা।
এই শিল্প অঞ্চলটো হুলী আৰু কলকাতা মহানগৰী অঞ্চলত অৱস্থিত। এই শিল্প অঞ্চলটোৰ প্ৰধান কেন্দ্ৰবােৰ হ’ল নয়াহাটী, জগতদল, ত্ৰিবেণী, বেলুৰ, লিলুৱাহ, আনদুল আদি। এসময়ত এই অঞ্চলটো মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগৰ কেন্দ্ৰ আছিল। কিন্তু, দুৰ্ভাগ্যজনক ভাবে উদ্যোগ দুটা ভাৰত বিভাজনৰ পিছত কেঁচা-সামগ্ৰীৰ অভাৱত ক্ষতিগ্ৰস্ত হয়। শ্ৰমিকৰ অবিশ্ৰাম, শক্তি যােগান সমস্যা, মূলধনৰ অভাৱ আদিয়েও বৰ্তমান ঔদ্যোগিক বিকাশত ব্যাঘাত আনিছে।

8. ভাৰতৰ মৌচুমী বতাহ আৰু বৰষুণ। চমুটোকা লিখা।
উত্তৰঃ ভাৰতৰ জলবায়ুৰ এ অনন্য বৈশিষ্ট্য হ’ল মৌচুমী বায়ুৰ প্ৰভাৱ। সেয়ে ইয়াক ভাৰতৰ জলবায়ু নিৰ্দেশকাৰী এক গুৰুত্বপূৰ্ণ কাৰক বুলি গণ্য কৰা হয়। দক্ষিণপশ্চিম মৌচুমী বতাহে গ্ৰীষ্মকালত বৰষুণ আনে। গ্ৰীষ্মকালত এই বতাহ আৰব সাগৰৰ পৰা ভাৰত উপমহাদেশলৈ বয়। সাগৰৰ ওপৰেৰে বলা বাবে এই বতাহে বহু পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনে। দেশৰ পশ্চিমত অৱস্থিত পশ্চিমঘাট পৰ্বত খুন্দা খােৱাৰ বাবে এই বতাহ ওপৰলৈ উঠে, ঘনীভূত হয় আৰু পশ্চিম উপকূল অঞ্চলত বৰষুণ হৈ পৰে। সেয়ে কঙ্কন আৰু মালাবাৰ উপকূলত বছৰি ৩০০ছেঃ মিঃ -ৰ অধিক বৃষ্টিপাত হয়। পশ্চিমঘ। পাৰ হােৱাৰ পিছত এইবতাহ বংগ উপসাগৰেৰে অসম আৰু উত্তৰ-পূবলৈ আহে। ইয়াত কোনাে পৰ্বত নথকা বাবেই পােনে পােনে মেঘালয় মালভূমিলৈ যায়; ইয়াত ই ওপৰলৈ উঠে আৰু ঘনীভূত হয়।

মেঘালয়ৰ চেৰাপুঞ্জীত পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত (বছৰি ১২৫০ ছেঃমিঃ) হয়। ইয়াৰ পিছত এই বতাহ মেঘালয় পাৰ হয় আৰু প্ৰচুৰ বৃষ্টিপাত লৈ অসম আৰু চুবুৰীয়া ৰাজ্যত প্ৰৱেশ কৰে। পিছত ইউত্তৰলৈ গতি কৰে আৰু হিমালয়ৰ পাদদেশত বাধা। পায়। সেয়ে, এই অঞ্চলত প্ৰচুৰ বৃষ্টিপাত হয়। শীতকালত উত্তৰ-পূব মৌচুমী বতাহ মধ্য এছিয়াৰ পৰা পৰ্বতৰ ফাকেৰে আহি।ভাৰতত প্ৰৱেশ কৰে। এইবতাহ শুকান আৰু ঠাণ্ডা হােৱা বাবে উত্তৰ পূৰ্বৰ ৰাজ্যসমূহত বৰষুণ নহয়। এই বতাহ দক্ষিণৰ বংগােপসাগৰৰ ওপৰেৰে গতি কৰা বাবে কিছু।পৰিমাণে জলীয় বাষ্প কঢ়িয়াই নিয়াৰ ফলত কমণ্ডল উপকূলত বৃষ্টিপাত হয়।

9. লাভা মৃত্তিকা। চমুটোকা লিখা।
উত্তৰঃ আগ্নেয়গিৰিৰ পৰা নিৰ্গত গলিত পদাৰ্থবােৰ ঠাণ্ডা হােৱাৰ ফলত পােনে পােনে। গঠিত হােৱা মৃত্তিকা হৈছে লাভা মৃত্তিকা। অন্যথিত লাভাৰ অৱক্ষেপণত সৃষ্টি হােৱা মৃত্তিকাই হৈছে লাভা মৃত্তিকা। লাভা মৃত্তিকাক কৃষ্ণ (কলা) মৃত্তিকা বােলে। ইয়াৰ প্ৰধান বৈশিষ্ট্যবােৰ হ’ল—
(ক) ইয়াৰ আৰ্দ্ৰতা ধৰি ৰখা ক্ষমতা আছে।
(খ) ইয়াৰ বৰণ ক’লা আৰু ই মূলতঃ আগ্নেয়।
(গ) ইকপাহ খেতিৰ বাবে উৎকৃষ্ট।

ইয়াক কপাহ মৃত্তিকা বুলিও জনা যায়। ভাৰতত এনে মাটি মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশৰ পশ্চিম অংশ, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ দাঁতি কাষৰীয়া অঞ্চলত পােৱা যায়।

READ MORE  অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা | Chapter 3 | Class 10 Geography (E) - SEBA

10. ভাৰতীয় অৰ্থনীতিত কৃষিৰ গুৰুত্ব। চমুটোকা লিখা।
উত্তৰঃ কৃষি ভাৰতীয় অৰ্থনীতিৰ এক প্ৰধান স্তম্ভ। প্ৰায় দুই-তৃতীয়াংশ লােক জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। ই বহুতাে কৃষিভিত্তিক উদ্যোগত কেঁচা সামগ্ৰীৰ যােগান ধৰে। এই উদ্যোগবােৰে কেৱল ঔদ্যোগিক উৎপাদনত সহায় কৰাই নহয়, দেশৰ হাজাৰ হাজাৰ লােকৰ নিয়ােগৰ সুবিধাও দিয়ে আৰু তেনেদৰে অৰ্থনৈতিক সমস্যা আৰু নিবনুৱা সমস্যা হ্ৰাস কৰে। ৰাষ্ট্ৰীয় আয়ৰ বুজন পৰিমাণৰ ধন আহে কৃষিজাত সামগ্ৰীৰ কৰত ৰুৰাজহৰ ৰূপত। কৃষিত ব্যৱহৃত যন্ত্ৰপাতি, কৃত্ৰিম সাৰ, কীটনাশক আদিৰ উৎ।দনে উদ্যোগিক উৎপাদন বৃদ্ধিত যথেষ্ট উৎসাহিত কৰে, যি ৰাষ্ট্ৰীয় আয়ত যােগ হয়।

কৃষি উৎপাদিত বস্তু বিশেষকৈ মচলা, চাহ, কেঁচা কপাহ আদিৰ ৰপ্তানিৰ জৰিয়তে ভাৰতে প্ৰচুৰ পৰিমাণে বৈদেশিক মুদ্ৰা অৰ্জন কৰে। ই দেশৰ এক বিলিয়নৰ অধিক লােকক খাদ্যৰ যােগান ধৰে।বৰ্তমান ভাৰতে উপযুক্ত পৰিমাণৰ খাদ্য সামগ্ৰী দেশতে উৎপাদন কৰি প্ৰচুৰ পৰিমাণৰ ৰাষ্ট্ৰীয় আয় ৰাহি কৰিছে। এনেদৰে ভাৰতীয় অৰ্থনীতিৰ উন্নয়নত কৃষিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

11. দক্ষিণ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য। চমুটোকা লিখা।
উত্তৰঃ দক্ষিণ ভাৰতৰ উল্লেখযােগ্য নদীবােৰ হ’ল মহানদী, গােদাবৰী, কৃষ্ণা আৰু কাবেৰী। দক্ষিণ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্যবােৰ হ’ল—
১। দক্ষিণ ভাৰতৰ নদীবিলাকৰ উৎপত্তি স্থান হৈছে চাপৰ পৰ্বত অথবা মালভূমি সেয়ে এইবিলাক খৰালি কালত শুকাই যায়।

২। দক্ষিণ ভাৰতৰ নদীবােৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল।

৩। নদীবােৰ তুলনামূলকভাৱে ঠেক আৰু খৰস্ৰোতা।

৪। নদীবােৰত উচ্চ, মধ্য আৰু নিম্নগতি পৰিলক্ষিত নহয়।

৫। উত্তৰ ভাৰতীয় নদীৰ তুলনাত এই নদীসমূহে কম পানী আৰু গেদ কঢ়িয়ায়।

৬। নদীবােৰে গতি সলনি নকৰে; ইহঁতৰ প্লাবনভূমি ঠেক।

৭। দাক্ষিণাত্য নদীয়ে গঠন কৰা নদী অববাহিকা বেছি ডাঙৰ নহয়। এইবােৰ সৰু।

৮। নদী অববাহিকা কৃষি উপযােগী নহয়।

৯। শক্তি উৎপাদনৰ বাবে উপযােগী।

১০। এইবােৰৰ সৰু সৰু ব-দ্বীপ থাকে বা কেতিয়াবা নাথাকে।

১১। দক্ষিণ ভাৰতৰ নদীবিলাকৰ পাৰত কিছুসংখ্যক চহৰহে অৱস্থিত।

12. উত্তৰ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য। চমুটোকা লিখা।
উত্তৰঃ প্ৰধান উত্তৰ ভাৰতীয় নদীবােৰ হ’ল সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ। এইবােৰৰ প্ৰধান বৈশিষ্ট্য হল—
১। গংগা নদী উচ্চ হিমালয়ৰ গংগােত্ৰী হিমবাহৰ পৰা উৎপত্তি হৈছে। ব্ৰহ্মপুত্ৰ চীনৰ চেমা-য়ু-ডুং হিমবাহৰ পৰা উৎপত্তি হৈছে।

২। উত্তৰ ভাৰতৰ নদীবােৰ আৰু এইবােৰৰ উৎপত্তি বেছি পুৰণি নহয়।

৩। আটাইবােৰ দীঘল।

৪। নদীবােৰে প্ৰচুৰ পৰিমাণে পানী আৰু বালি কঢ়িয়াই আনে।

৫। উত্তৰ ভাৰতীয় নদীবােৰৰ উচ্চ, মধ্য আৰু নিম্ন গতি ভিন ভিন হয়।

৬। এই নদীবােৰে সঘনাই গতি সলনি কৰে।

৭। নদীবােৰে সঘনাই অনা বানে বহুতাে ক্ষতি কৰে।

৮। নদীবােৰৰ নদী অববাহিকা অতি সাৰুৱা আৰু সেয়ে ঘন বসতিপূৰ্ণ।

৯। এই নদীবােৰৰ বৃহৎ ব-দ্বীপ আছে।

১০। নদীৰ পাৰত বহুতাে নগৰ-চহৰ গঢ়ি উঠিছে।

১১। এই নদীবােৰ শক্তি উৎপাদন আৰু জলসিঞ্চনৰ বাবে অতি উপযােগী।

13. ভাৰতবৰ্ষৰ অৱস্থিতি আৰু আকাৰ সম্পৰ্কীয় বৈশিষ্ট্যখিনি আলােচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষ দেশখন এচিয়া মহাদেশৰ দক্ষিণাংশত অৱস্থিত। দেশখনৰ উত্তৰে আছে সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ, দক্ষিণে আছে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূৰ্ব দিশত, আছে বংগােপসাগৰ আৰু ম্যানমাৰ দেশ আৰু পশ্চিম দিশত আছে আৰৱ সাগৰ আৰু পাকিস্তান। ভাৰতবৰ্ষৰ ভূখণ্ড উত্তৰা – দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকা লৈকে আৰু পূৰ্ব – পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূৱ প্ৰান্তৰ পৰা পাকিস্তান লৈকে বিস্তৃত। ভাৰতবৰ্ষ ৮° ৪’২৮” উত্তৰৰ পৰা ৩৭° ১৭৫৩” উত্তৰ অক্ষৰেখা আৰু ৬৮° ৭’৩৩” পূৱৰ পৰা ৯৭°২৪” ৪৭” পূৰ্ব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত। ভাৰতীয় ভূ – ভাগে প্ৰায় ৬,১০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে আৰু তাত বহুতাে উল্লেখযােগ্য বন্দৰ গঢ়ি উঠিছে। ভাৰতবৰ্যৰ মূল স্থলসীমাৰ দৈৰ্ঘ্য ১৫,২০০ কিল’মিটাৰ।

আকাৰৰ ফালৰ পৰা ভাৰতবৰ্ষ পৃথিৱীৰ দেশসমূহৰ ভিতৰত সপ্তম স্থান দখল কৰিছে। ভাৰতবৰ্ষৰ মুঠ মাটিকালি ৩,২৮৭,২৬৩ বৰ্গ কিল’মিটাৰ। ভাৰতবৰ্ষই পৃথিবীৰ মুঠ মাটিকালিৰ ২২ শতাংশ জুৰি আছে। দেশখনৰ আকাৰ বিশাল আৰু ইয়াত ২৮ খন ৰাজ্যৰ লগতে ৭ টা বৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল আছে।

14. ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ এচিয়া মহাদেশৰ অন্তৰ্গত আৰু পৃথিৱীৰ উত্তৰ গােলাৰ্ধত অৱস্থিত ভাৰতবৰ্ষ এখন উল্লেখযােগ্য দেশ। ভাৰতবৰ্ষত ভিন্ন প্ৰকাৰৰ জলবায়ু, প্ৰাকৃতিক পৰিৱেশ আৰু আৰ্থ – সামাজিক ভিন্নতা দেখা যায়। দেশখনত বৰফেৰে আবৃত হিমালয় অঞ্চলত অতি শীতল জলবায়ু আৰু ৰাজস্থানৰ শুকান বালিময় মৰুভূমিত অতিপাত গৰম জলবায়ু পােৱা যায়। এই দেশখনত কোনাে কোনাে ঠাইত অতি বৃষ্টি হৈ বানপানীৰ সৃষ্টি কৰে আৰু অনাবৃষ্টিৰ ফলত খৰাং অৱস্থা হয়। দেশখনত ডাঙৰ ডাঙৰ গছ – গছনিৰে ভৰা অৰণ্য অঞ্চলৰ লগতে কাইটীয়া জোপােহা গছৰ অৰণ্যও আছে। ভাৰতবৰ্ষৰ ভূখণ্ড নানা পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি আদি বিভিন্ন ভূ – প্ৰকৃতিৰে বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে। ভাৰতবৰ্ষত প্ৰাচীন কালৰে পৰা চলি অহা সৰল সাংস্কৃতিক ভিত্তি, মৌচুমী জলবায়ুৱে গঢ় দিয়া সদৃশ প্ৰাকৃতিক অৱস্থাই ভাৰতীয় লােকসকলৰ মাজত ঐক্যৰ মনােভাৱৰ জন্ম দিছে।

15. ভাৰতৰ জলবায়ুবােৰৰ বৈশিষ্ট্যবােৰ চমুকৈ লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ ভিন্ন অঞ্চলত ভিন্ন প্ৰকাৰৰ জলবায়ু অনুভূত হয়। জলবায়ুৰ প্ৰধান উপাদানসমূহ যেনে — উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতা আদি ঠাই ভেদে বেলেগ বেলেগ। তাৰােপৰি ভাৰতৰ জলবায়ুৰ ভিন্নতা নিৰ্ভৰ কৰে — দেশখনৰ বিশালতা, বিভিন্ন ভূ – প্ৰকৃতি, উচ্চতাৰ পাৰ্থক্য, সাগৰৰ পৰা দূৰত্ব, বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰত।

ভাৰতৰ প্ৰায় সােমাজেদি পাৰ হােৱা কৰ্কটক্ৰান্তি ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ অংশত ভাগ কৰিছে আৰু ইয়াৰ উত্তৰ অংশটো পৰিছে। সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্ৰীষ্ম মণ্ডলত পৰিছে। সেই বাবে দক্ষিণ ভাৰতত অধিক গৰম অনুভূত হয়। তাৰােপৰি ভাৰতৰ ভিন্ন ভূ – প্ৰকৃতিয়ে ঠাইবােৰৰ মাজত উচ্চতাৰ তাৰতম্য আনিছে আৰু ইয়ে জলবায়ুত প্ৰভাৱ পেলাইছে। একে অক্ষাংশত অৱস্থিত যদিও উচ্চতাৰ তাৰতম্যৰ বাবে ঠাইবােৰত উত্তাপ, বায়ুৰ চাপ, বৰষুণৰ পৰিমাণ, আৰ্দ্ৰতাৰ পৰিমাণ কম বেছি হয় আৰু সেইবাবে জলবায়ুও ভিন্ন হয়। অৰ্থাৎ ভাৰতত জলবায়ু ভিন্ন বৈশিষ্ট্যপূৰ্ণ।

16. ভূ – প্ৰকৃতিৰ ভিত্তিত ভাৰতক কেইটা অঞ্চলত ভাগ কৰিব পাৰি ? চিত্ৰৰ সহায়ত বুজাই দিয়া।
উত্তৰঃ ভূ – প্ৰকৃতিৰ ভিত্তিত ভাৰতক চাৰিটা অঞ্চলত ভাগ কৰিব পাৰি। সেইবােৰ হৈছে—
(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল।
(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল।
(গ) দাক্ষিণাত্য মালভূমি অঞ্চল। আৰু
(ঘ) উপকূল অঞ্চল।

তলত মানচিত্ৰত ভাৰতৰ ভূ-প্ৰকৃতিৰ অঞ্চলসমূহ দেখুৱা হ’ল—

ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ইয়াৰ উত্তৰ সীমাৰ সৈতে সংলগ্ন হৈ আছে আৰু ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা পূৱা – পশ্চিমাকৈ অৰুণাচল প্ৰদেশৰ পূৱ সীমালৈকে বিস্তৃত হৈ আছে। এই পাৰ্বত্য অঞ্চলটোৱে প্ৰায় ২৫০০ কিল’মিটাৰ দীঘল আৰু প্ৰায় ২৪০ কিল’মিটাৰৰ পৰা ৫০০ কিল’মিটাৰ পৰ্যন্ত প্ৰায় ৫,০০,০০০ বৰ্গকিল’মিটাৰ মাটিকালি আগুৰি আছে। সাগৰ পৃষ্ঠৰ পৰা এই পাৰ্বত্য অঞ্চলৰ উচ্চতা ৮,০০০ মিটাৰৰ অধিক। পূৰ্ব – পশ্চিমাকৈ সমান্তৰালভাৱে হিমালয় পৰ্বতমালাক উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয় হিচাপে তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি।

উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজত অৱস্থিত। এই সমভূমি অঞ্চলটো পূৱে অসম প্ৰদেশৰ পৰা পশ্চিমে পাকিস্তান সীমালৈকে প্ৰায় ২৪,০০ কিল’মিটাৰ বিস্তৃত। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটোৱে দেশখনৰ প্ৰায় ৭,০০,০০০ বৰ্গ কিল’মিটাৰ ঠাই আগুৰি আছে। এই অঞ্চলটোৰ অন্তৰ্গত পাঁচখন সমভূমি হৈছে —
(ক) পশ্চিম সমভূমি।
(খ) পাঞ্জাব – হাৰিয়ানা সমভূমি।
(গ) গংগা সমভূমি।
(ঘ) উত্তৰ বংগ সমভূমি। আৰু
(ঙ) ব্ৰহ্মপুত্ৰ সমভূমি।

হিমালয় অঞ্চলৰ পৰা প্ৰবাহিত হােৱা তিনিখন প্ৰধান, নদী — সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰৰ লগতে এই নদীবােৰৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে।
দাক্ষিণাত্য মালভূমি অঞ্চলটো উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণ দিশত অৱস্থিত আৰু ই পুৰণি কঠিন শিলাৰে গঠিত। এই মালভূমি অঞ্চলটো উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ – পূৱ ছােটনাগপুৰ মালভূমিক সামূৰি লৈ গঠিত হৈছে। সমগ্ৰ মালভূমি বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতে উত্তৰ আৰু দক্ষিণ নামে দুটা অংশত ভাগ কৰিছে।

ভাৰতবৰ্ষৰ উপকূল অঞ্চল দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূৱ আৰু পশ্চিম সীমাত বংগােপসাগৰ আৰু আৰৱ সাগৰৰ পাৰত অৱস্থিত। এই অঞ্চলটোৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত। উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক হােৱা বাবে ইয়াক পূৱ আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভাগ কৰিব পাৰি। পূৱ উপকূল অঞ্চলটো বংগােপসাগৰ আৰু পূৰ্বঘাট পৰ্বত শ্ৰেণীৰ মাজত অৱস্থিত আৰু ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্ৰধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু ব – দ্বীপেৰে গঠিত। পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিমঘাট পৰ্বতৰ মাজত অৱস্থিত আৰু ই উত্তৰে কাম্বে উপসাগৰৰ পৰা দক্ষিণে কুমাৰিকালৈকে বিস্তৃত হৈ আছে। এই উপকূল অঞ্চলৰ দৈৰ্ঘ্য প্ৰায় ১৫০০ কিল’মিটাৰ আৰু প্ৰস্থ ১০ ৰপৰা ১৫ কিল’মিটাৰৰ ভিতৰত। ইয়াৰ উপৰিও ভাৰতীয় দ্বীপসমূহক এটা সুকীয়া প্ৰাকৃতিক বিভাগ হিচাপে গণ্য কৰিব পাৰি।

17. জনসংখ্যাৰ বিতৰণ ভাৰতৰ সকলাে ঠাইতে কিয় সমান নহয় — ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতৰ জনসংখ্যাৰ বিতৰণ দেশখনৰ সকলাে ঠাইতে সমান নহয়। ইয়াৰ বহুতাে কাৰণ আছে। সাধাৰণতে যিবােৰ ঠাইৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয় অথবা অৰ্থনৈতিক আৰু যাতায়ত – যােগাযােগ তথা পৰিবহণ ব্যৱস্থা উন্নত নহয় সেইবােৰ অঞ্চলত সাধাৰণতে জনবসতি পাতল হয়। আনহাতে যিবােৰ ঠাইৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল, যােগাযােগ ব্যৱস্থা উন্নত, অৰ্থনৈতিক দিশত আগবঢ়া, ব্যৱসায় বাণিজ্যৰ উপযুক্ত সুবিধা আছে, কৃষিভূমি সাৰুৱা, উদ্যোগ প্ৰতিষ্ঠানৰ সা – সুবিধা আছে তেনেবােৰ ঠাইৰ জনবসতি ঘন হয়।

তাৰােপৰি পাৰ্বত্য অঞ্চলৰ জলবায়ুৰ ভিন্নতা, বাটপথ, শিক্ষানুষ্ঠান, চিকিৎসালয় আদিৰ বিশেষ সুবিধা নাথাকে তেনেবােৰ ঠাইৰ জনবসতি সেৰেঙা হয়। সাধাৰণতে সমতল ভূমি অঞ্চল, নদ – নদী উপকূল তথা উপত্যকা অঞ্চল আদিত অধিক পৰিমাণে মানুহ বসবাস কৰে। সেয়ে আমি ক’ব পাৰাে জনসংখ্যাৰ বিতৰণৰ ঠাই বিশেষে তাৰতম্য ঘটে। দেশখনৰ নগৰ – চহৰ অঞ্চলত অধিক পৰিমাণে জনসংখ্যা বসবাস কৰে আৰু গ্ৰাম্য অঞ্চলত চহৰৰ তুলনাত কম পৰিমাণৰ লােকে বসবাস কৰে। যাতায়ত, শিল্প উদ্যোগ, ব্যৱসায় বাণিজ্যৰ সুবিধা থকা অঞ্চলবােৰত জনবসতি বেছি, আনহাতে কোনাে বিশেষ সা – সুবিধা নথকা অঞ্চলৰ জনবসতি সেৰেঙা হয়।

18. ভাৰতৰ ভূ – প্ৰাকৃতিক অঞ্চলসমূহৰ চমু বৰ্ণনা দিয়া।
উত্তৰঃ ভাৰতৰ ভূ – প্ৰাকৃতিক অঞ্চলসমূহ হৈছে—
(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল।
(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল।
(গ) দাক্ষিণাত্য মালভূমি অঞ্চল।
(ঘ) ভাৰতৰ উপকূল অঞ্চল।

(ক) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল :- ভাৰতবৰ্ষৰ হিমালয় পাৰ্বত্য অঞ্চলটো ইয়াৰ উত্তৰ সীমাৰ সৈতে জড়িত। ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূৱ সীমালৈকে পূৱা – পশ্চিমাকৈ বিস্তৃত। এই পাৰ্বত্য অঞ্চলটোৱে প্ৰায় ২৫০০ কিল’মিটাৰ দীঘল আৰু ২৪০ ৰ পৰা ৫০০ কিল’মিটাৰ পৰ্যন্ত বহল প্ৰায় ৫,০০,০০০ বৰ্গ কিল’মিটাৰ মাটিকালি আগুৰি আছে। হিমালয় পৰ্বতমালা এক সাগৰৰ পৰা সৃষ্টি হােৱা বুলি ভূ-বিজ্ঞানীসকলে মত পােষণ কৰে। সাগৰৰ তলিত জমা হােৱা গেছবােৰে কঠিন শিলাকৃতি হৈ ওপৰলৈ উঠি আহি ঢৌৰ আকাৰলৈ ভঙ্গিল পৰ্বত শ্ৰেণীৰ সৃষ্টি কৰে।

হিমালয় অঞ্চলৰ পৰা ওলােৱা নদনদীবােৰৰ পানীৰ প্ৰধান উৎস হৈছে পৰ্বতৰ শীৰ্য ভাগত থকা তুষাৰ নৈসমূহ। পূৰ্ব পশ্চিমাকৈ হিমালয় পৰ্বতমালাক উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয় হিচাপে তিনিটা ভাগত ভগাব পাৰি। উচ্চ হিমালয় শ্ৰেণীটো উত্তৰ অংশত পূৱা – পশ্চিমাকৈ বিস্তৃত আৰু ইয়াৰ গড় উচ্চতা ৬০০০ মিটাৰ। দক্ষিণৰ পৰ্বত শ্ৰেণীটোক নিম্ন হিমালয়ৰূপে জনা যায় আৰু ইয়াৰ গড় উচ্চতা ৪০০০ মিটাৰ। বহিঃ হিমালয় পৰ্বতশ্ৰেণী তুলনামূলকভাবে চাপৰ আৰু ইয়াৰ গড় উচ্চতা প্ৰায় ১০০০ মিটাৰ।

(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল :- উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজত অৱস্থিত। এই অঞ্চলটো পূৱে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমান্তলৈকে প্ৰায় ২৪০০ কিলমিটাৰ বিস্তৃত আৰু অঞ্চলটোৱে প্ৰায় ৭,০০,০০০ বৰ্গ কিল’মিটাৰ ঠাই আগুৰি আছে। এই সমভূমি অঞ্চলটো প্ৰধানকৈ পাঁচখন সমভূমি যেনে — পশ্চিম সমভূমি, পাঞ্জাৱ,হাৰিয়ানা সমভূমি, গঙ্গা সমভূমি, উত্তৰবঙ্গ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমিকলৈ গঠিত।

READ MORE  পৰিৱেশ ভূগোল | Chapter 2 | Class 10 Geography (E) - SEBA

পশ্চিম সমভূমি অঞ্চল পাঞ্জাৱ আৰু হাৰিয়ানাৰ খৰাং অঞ্চলক সামৰি গঠিত হৈছে। আনহাতে পাঞ্জাৱ,হাৰিয়ানা সমভূমি শতদ্ৰু (Sutlij), বিপাশা (Beas) আৰু ৰাবি (Ravi) নদীৰ সমভূমিকলৈ গঠিত হৈছে। আকৌ গংগা আৰু যমুনা নদীৰ সমতল ভূমিকলৈ গঠিত হৈছে গংগা সমভূমি। হিমালয়ৰ পৰা নামি অহা নদ – নদীয়ে উত্তৰবঙ্গ সমতল ভূমি গঠন কৰিছে আৰু ব্ৰহ্মপুত্ৰৰ লগতে তাৰ উপনৈসমূহে অসমৰ ব্ৰহ্মপুত্ৰ সমতল ভূমি গঠন কৰিছে। অৰ্থাৎ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো হিমালয় অঞ্চলৰ পৰা বৈ অহা গংগা, সিন্ধু, আৰু ব্ৰহ্মপুত্ৰ নদী তথা তাৰ উপানৈসমূহৰ দ্বাৰা গঠিত হৈছে। এই সমভূমি অঞ্চলৰ কৃষিভূমি সাৰুৱা আৰু সেয়ে জনবসতি ঘন।

(গ) দাক্ষিণাত্য মালভূমি অঞ্চল :- দাক্ষিণাত্য মালভূমি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণ দিশত অৱস্থিত আৰু এই মালভূমি অঞ্চলটো কঠিন শিলাৰে গঠিত। এই মালভূমি অঞ্চলটো উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু ছােটনাগপুৰ মালভূমিক লৈ গঠিত হৈছে। সমগ্ৰ মালভূমি অঞ্চলটোক বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতে উত্তৰ আৰু দক্ষিণ ৰূপে দুটা ভাগত বিভক্ত কৰিছে। উত্তৰ অংশৰ ভিতৰত মালৱা আৰু ছােটনাগপুৰ মালভূমি অৱস্থিত। দক্ষিণৰ মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত পশ্চিমঘাট পৰ্বতশ্ৰেণী আৰু পূৱ সীমাত পূৰ্বঘাট পৰ্বতশ্ৰেণী আছে। পৰ্বতৰ ঢাল অনুসৰি দক্ষিণ ভাৰতৰ সৰহভাগ নদীয়ে পশ্চিমৰ পৰা পূৱলৈ প্ৰবাহিত হৈ বংগােপসাগৰত পৰিছে। এই অঞ্চলৰ পৰা নৰ্মদা আৰু তাপ্তী নৈ দুখন পশ্চিমলৈ প্ৰবাহিত হৈ কাম্বে উপসাগৰত মিলিত হৈছে।

(ঘ) ভাৰতৰ উপকূল অঞ্চল :- ভাৰতৰ উপকূল অঞ্চল দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূৱ আৰু পশ্চিম সীমাত বংগােপসাগৰ আৰু আৰৱ সাগৰৰ পাৰত অৱস্থিত। সাগৰ পৃষ্ঠৰপৰা উপকূল অঞ্চলৰ উচ্চতা ৩০ ৰ পৰা ৫০ মিটাৰ। ভাৰতৰ পূৱ উপকূল অঞ্চলটো বংগােপসাগৰ আৰু পূৰ্বঘাট পৰ্বতশ্ৰেণীৰ মাজত অৱস্থিত আৰু ই গংগা নদীৰ মােহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত। এই উপকূল অঞ্চলটো প্ৰায় ১১০০ কিল’মিটাৰ দীঘল আৰু গড়ে ১২০ কিল’মিটাৰ বহল। ভাৰতৰ সকলােবিলাক প্ৰধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু ব – দ্বীপৰ দ্বাৰা এই উপকূল অঞ্চল গঠিত। পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিমঘাট পৰ্বতৰ মাজত অৱস্থিত আৰু ই কাম্বে উপসাগৰৰ পৰা কুমাৰিকালৈকে বিস্তৃত। এই উপকূল অঞ্চলৰ দৈৰ্ঘ্য প্ৰায় ১৫০০ কিল’মিটাৰ আৰু প্ৰস্থ ১০ ৰপৰা ১৫ কিল’মিটাৰৰ ভিতৰত।

ইয়াৰ উপৰিও ভাৰতীয় দ্বীপসমূহক এটা পৃথক ভূ – প্ৰাকৃতিক ভাগ বুলি ধৰিব পাৰি। ভাৰতীয় দ্বীপসমূহৰ প্ৰধান গােট দুটা হৈছে লাক্ষা দ্বীপপুঞ্জ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ।

19. মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় ব্যাখ্যা কৰা।
উত্তৰঃ মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। ভাৰতৰ বছৰৰ ভিন্ন ঋতুত প্ৰধানকৈ গ্ৰীষ্ম আৰু শীতকালত মৌচুমী বায়ু প্ৰবাহিত হয়। গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী বতাহ বলে আক শীতকালত উত্তৰ – পূৱ মৌচুমী বতাহ বলে দক্ষিণ – পশ্চিম মৌচুমী বতাহে আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনে আৰু ই পশ্চিম ঘাট পৰ্বত বাধাপ্ৰাপ্ত হয়। তেতিয়া এই বায়ু ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ আকাৰে মাটিত পৰে। আকৌ এই বায়ুৰে মান এটি অংশ পশ্চিমঘাট পৰ্বতৰ ওপৰেদি প্ৰৱাহিত হৈ বংগােপসাগৰৰ পিনে আগবাঢ়ে। বংগােপসাগৰৰ ওপৰেদি প্ৰবাহিত হওতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি এই বায়ু অসমৰ লগতে উত্তৰ – পূৰ্বাঞ্চলত সােমায়। এই বতাহে মেঘালয় মালভূমিত বাধাপ্ৰাপ্ত হৈ প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে।

আকৌ উত্তৰ – পূৱ মৌচুমী বতাহ শীতকালত প্ৰবাহিত হয়। উত্তৰত অৱস্থিত হিমালয় পৰ্বতে এই চেঁচা বতাহ প্ৰবাহিত হােৱাত বাধা প্ৰদান কৰে আৰু ইয়াৰ ফলত ভাৰত প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পৰে। এই বতাহৰ একাংশ হিমালয় পৰ্বত পাৰ হৈ ভাৰতত সোমায় যদিও স্থলভাগৰ পৰা প্ৰবাহিত হােৱা বাবে এই বতাহ শুকান হয় আৰু ইয়াৰ ফলত বৰষুণ নহয়। কিন্তু এই বতাহ বংগােপসাগৰৰ ওপৰেদি আগবাঢ়োতে কিছু পৰিমাণে জলীয় বাষ্প আহৰণ কৰে আৰু এই বতাহ পূৰ্বঘাট পৰ্বতত খুন্দা খােৱাৰ ফলত ভাৰতৰ পূৱ উপকূলত কিছু পৰিমাণে বৰষুণ হয়। এনেদৰে মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুক প্ৰভাৱান্বিত কৰে।

ভাৰতৰ বৰষুণৰ বিতৰণ

20. ভাৰতৰ জনসংখ্যা ঘনত্ব কিদৰে ভিন ভিন হৈছে আলােচনা কৰা।
উত্তৰঃ ভাৰতৰ জনসংখ্যা ঘনত্ব সকলাে ঠাইতে সমান নহয়। ঘন জনবসতিপূৰ্ণ ঠাই বা অঞ্চলবােৰত জনসংখ্যা ঘনত্ব অধিক। আনহাতে পাতল বা সেৰেঙা জনবসতি থকা অঞ্চলত জনসংখ্যা ঘনত্ব কম হয়। কোনাে এখন দেশৰ জনসংখ্যা ঘনত্ব অঞ্চলভেদে ভিন্ন হয়। জনসংখ্যাৰ ঘনত্ব ভিন্ন হােৱাৰ বহুতাে কাৰক আছে, তাৰ ভিতৰত উল্লেখযােগ্য। হৈছে — প্ৰাকৃতিক পৰিৱেশ, ভূ – প্ৰকৃতি, জলবায়ু, কৰ্ম সংস্থাপনৰ সুবিধা, শিক্ষা, স্বাস্থ্য আৰু অন্যান্য সা – সুবিধাৰ লগতে অৰ্থনৈতিক বিকাশ অন্যতম।

সাধাৰণতে যিবােৰ অঞ্চলত কৃষিকাৰ্যৰ পৰ্যাপ্ত সুবিধা আছে, বাটপথ – যােগাযােগ আৰু পৰিবহণ ব্যৱস্থা উন্নত, শিল্প উদ্যোগ প্ৰতিষ্ঠান স্থাপনৰ সা – সুবিধা আছে তেনেবােৰ অঞ্চলত জনসংখ্যা ঘনত্ব অধিক। আনহাতে যিবােৰ অঞ্চলত বুনিয়াদী সা – সুবিধাৰ অভাৱ, বাটপথ আৰু পৰিবহণ ব্যৱস্থা অনুন্নত, জলবায়ু বসবাসৰ অনুপযােগী, তেনেবােৰ ঠাইত জনসংখ্যাৰ ঘনত্ব পাতল হয়। নদী – উপত্যকা অঞ্চলৰ ভূমিভাগ সাৰুৱা, অধিকাংশ লােক কৃষিকাৰ্যত নিয়ােজিত আৰু জীৱন নিৰ্বাহ সুবিধাজনক, তেনেবােৰ অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব অধিক। এনেদৰে বিভিন্ন কাৰণত ভাৰতৰ জনসংখ্যা ঘনত্বৰ ঠাই বিশেষে তাৰতম্য হােৱা দেখা যায়।

21. কি কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পােৱা যায় ? চিত্ৰ আঁকি উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষত প্ৰধানকৈ ছয় প্ৰকাৰৰ উদ্ভিদ পােৱা যায় ৷ সেইবােৰ হৈছে—
(ক) চিৰসেউজীয়া উদ্ভিদ।
(খ) মৌচুমীয় উদ্ভিদ।
(গ) কাঁইটীয়া মৰু উদ্ভিদ।
(ঘ) তৃণজাতীয় উদ্ভিদ।
(ঙ) ব – দ্বীপীয় উদ্ভিদ (মেনগ্ৰ’ভ)। আৰু
(চ) পাৰ্বত্য উদ্ভিদ।
তলৰ চিত্ৰত ভাৰতৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ দেখুওৱা হ’ল—

ভাৰতৰ উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণ

22. ভাৰতৰ প্ৰধান শিল্প অঞ্চলকেইটা মানচিত্ৰত চিহ্নিত কৰি প্ৰত্যেকটো অঞ্চলৰে চমু বৰ্ণনা দিয়া।
উত্তৰঃ পৃথিৱীত দ্ৰুতিগতিত বিকশিত ঔদ্যোগিক দেশসমূহৰ এখন অন্যতম দেশ হৈছে। ভাৰত। ইয়াৰ অৰ্থনৈতিক উন্নয়ন যােৱা কেইটামান দশকত হােৱা ঔদ্যোগিক উন্নতিৰ ফলাফল। ঔদ্যোগিক উন্নয়নৰ ভিত্তিত সমগ্ৰ ভাৰতক তলত দিয়া শিল্প অঞ্চলত ভাগ কৰিব পাৰি—
(ক) হুগলী শিল্প অঞ্চলঃ এই শিল্প অঞ্চলটো হুলী আৰু কলকাতা মহানগৰী অঞ্চলত অৱস্থিত। এই শিল্প অঞ্চলটোৰ প্ৰধান কেন্দ্ৰবােৰ হ’ল নয়াহাটী, জগতদল, ত্ৰিবেণী, বেলুৰ, লিলুৱাহ, আনদুল আদি। এসময়ত এই অঞ্চলটো মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগৰ কেন্দ্ৰ আছিল। কিন্তু, দুৰ্ভাগ্যজনক ভাবে উদ্যোগ দুটা ভাৰত বিভাজনৰ পিছত কেঁচা-সামগ্ৰীৰ অভাৱত ক্ষতিগ্ৰস্ত হয়। শ্ৰমিকৰ অবিশ্ৰাম, শক্তি যােগান সমস্যা, মূলধনৰ অভাৱ আদিয়েও বৰ্তমান ঔদ্যোগিক বিকাশত ব্যাঘাত আনিছে।

(খ) মুম্বাই-পুণ শিল্প অঞ্চলঃ মুম্বাই পুণা শিল্প অঞ্চল ভাৰ্তৰ কপাহী-বয়ন উদ্যোগৰ কেন্দ্ৰ। এই অঞ্চলৰ প্ৰধান ঔদ্যোগিক কেন্দ্ৰবােৰ হ’ল মুম্বাই ভিলে, পাৰলে, থানে, আৰু ভানদুপ। কিছুবছৰ আগতে বােম্বে হাইট তেল আৱিষ্কাৰৰ লগে লগে তেল, পেট্ৰো-কেমিকেল, ৰেচমী আহ উদ্যোগ আদি গঢ়ি উঠিছে। বৰ্তমান পুণা ভাৰতৰ এক প্ৰধান ৰাসায়নিক আৰু যন্ত্ৰপাতি উৎপাদনকাৰী কেন্দ্ৰ।

(গ) আহমেদাবাদ-চুৰাট শিল্প অঞ্চলঃ আহমেদাবাদ আৰু গুজৰাটৰ চুৰাটক আৱৰি ৰখা এই শিল্প অঞ্চলটো পেট্ৰোসায়নিক, কৃত্ৰিম সাৰ, ৰেচমী আঁহ হীৰা আৰু ৰসায়ন উৎপাদনৰ উদ্যোগৰ বাবে বিখ্যাত। প্ৰাকৃতিক গেছ আৰু তেলৰ প্ৰাচুৰ্যতাৰ বাবে বৰ্তমান কপাহী বয়নতকৈ ৰাসায়নিক উদ্যোগত অধিক গুৰুত্ব দিয়া হৈছে।

(ঘ) মাদুৰাই কইতােৰ বাংগালােৰ শিল্প অঞ্চলঃ <p>এই অঞ্চলটো দক্ষিণ ভাৰতৰ আটাইতকৈ উন্নত শিল্প অঞ্চল। অঞ্চলটো বিভিন্ন প্ৰকাৰৰ কপাহী-বয়ন শিল্প বাবে গুৰুত্বপূৰ্ণ। যন্ত্ৰপাতি উদ্যোগ, ভাৰতীয় টেলিফোন উদ্যোগ, বিমান উদ্যোগ আদি চৰকাৰৰ নিয়ন্ত্ৰণাধীন কেইবাটাও উদ্যোগ অঞ্চলটোত আছে।

(ঙ) ছােটানাগপুৰ শিল্প অঞ্চলঃ ছােটানাগপুৰ অঞ্চলটো খনন আৰু ধাতু উদ্যোগৰ ফলত গঢ় লৈ উঠিছে। কয়লা আৰু আকৰিক লােৰ প্ৰাচুৰ্যতাই অঞ্চলটোক দেশখনৰ লাে আৰু তীখা উদ্যোগৰ কেন্দ্ৰস্থল কৰি তুলিছে। তাৰােপৰি ইঞ্জিনিয়াৰিং আৰু ৰাসায়নিক উদ্যোগে ইয়াত গঢ়ি উঠিছে।

23. ভাৰতত পােৱা উদ্ভিদৰ প্ৰকাৰবােৰ আলােচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত -পােৱা ভিন্ন প্ৰকাৰৰ উদ্ভিদৰ বিষয়ে তলত আলােচনা কৰা হ’ল—
(ক) চিৰসেউজীয়া উদ্ভিদ :- চিৰসেউজীয়া উদ্ভিদ দেখা পােৱা অঞ্চলবােৰৰ বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০ ছেণ্টিমিটাৰতকৈ অধিক হয় আৰু গড় উত্তাপ ২৫° ছেলচিয়াচৰ পৰা ২৭° ছেলচিয়াচৰ ভিতৰত থাকে। চিৰসেউজীয়া উদ্ভিদবােৰ সাধাৰণতে ওখ প্ৰকৃতিৰ হয় আৰু এই গছবােৰ ৪৫ মিটাৰ পৰ্যন্ত ওখ হয়। বছৰৰ কোনাে ঋতুতে এই উদ্ভিদৰ পাত নসৰে। পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢাল, অৰুণাচল হিমালয়ৰ নামনি ভাগ, উজনি অসম আদি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পৰিলক্ষিত হয়।

(খ) মৌচুমীয় উদ্ভিদ :- মৌচুমীয় উদ্ভিদ পােৱা অঞ্চলবােৰৰ বাৰ্ষিক বৰষুণৰ পৰিমাণ ১০০ পৰা ২০০ ছেণ্টিমিটাৰ ভিতৰত থাকে আৰু গড় উত্তাপ ২৭° ছেলছিয়াচ হয়। মৌচুমীয় উদ্ভিদ মৌচুমী ঋতুত হােৱা বৰষুণৰ ওপৰত নিৰ্ভৰশীল। শীতকালত এই গছবিলাকৰ পাত সৰে। মৌচুমী অৰণ্যৰ প্ৰধান উদ্ভিদ হৈছে — শাল, চেওন, চিৰিচ, শিশু, চন্দন, অৰ্জুন আদিৰ লগতে ভিন্ন প্ৰজাতিৰ বাঁহ আদি। মৌচুমীয় উদ্ভিদ পােৱা কেইটামান অঞ্চল হৈছে অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰপ্ৰদেশ, তামিলনাড়ু আদিৰ লগতে পূৰ্বঘাট পৰ্বত, পশ্চিমঘাট পৰ্বত আৰু দাক্ষিণাত্য মালভূমিৰ পূৱ অংশ।

(গ) কাইটীয়া মৰু উদ্ভিদ :- কাইটীয়া মৰু উদ্ভিদ পােৱা অঞ্চলবােৰত বছৰি বৰষুণৰ পৰিমাণ ৫০ ছেণ্টিমিটাৰতকৈ কম হয়। মৰু অঞ্চলত উত্তাপ অধিক আৰু পানীৰ অভাৱৰ বাবে গছৰ পাতবিলাক বহল নহৈ গোটা আৰু কাইটীয়া হয়। মৰু অঞ্চলৰ প্ৰধান উদ্ভিদ হৈছে &#8212; একাচিয়া, বিভিন্ন প্ৰকাৰ কেকটাছ, খেজুৰ, বগৰী আদি। এই উদ্ভিদ প্ৰধানকৈ ৰাজস্থানৰ পশ্চিমাংশৰ থৰ মৰুভূমি, পঞ্জাৰ দক্ষিণ – পশ্চিম অঞ্চলত দেখা যায়।

(ঘ) তৃণজাতীয় উদ্ভিদ পােৱা অঞ্চলৰবাৰত বাৰ্ষিক বৰষুণৰ পৰিমাণ ৫০ পৰা ১০০ ছেণ্টিমিটাৰৰ ভিতৰত থাকে। তৃণজাতীয় উদ্ভিদৰ ভিতৰত প্ৰধান হৈছে চাপৰ জোপােহা গছ, ঘাঁহ, সৰু কাঁইটীয়া গছ আদি। এই উদ্ভিদ প্ৰধানকৈ উত্তৰ ভাৰতৰ পঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ, কটক, মহাৰাষ্ট্ৰৰ কিছু অংশত দেখা যায়। এই জাতীয় উদ্ভিদৰ অন্তৰ্গত হৈছে — ঘাঁহ, নল, খাগৰি, ইকৰা আদি।

(ঙ) ব – দ্বীপীয় উদ্ভিদ :- ব – দ্বীপীয় উদ্ভিদ প্ৰধানকে সাগৰৰ পাৰৰ ব – দ্বীপ অঞ্চলত দেখা যায়। এই উদ্ভিদৰ ভিতৰত প্ৰধান হৈছে সুন্দৰী, তাল, নাৰিকল। ব – দ্বীপীয় উদ্ভিদ প্ৰধানকৈ কচ্ছ উপসাগৰৰ উপকূল অঞ্চল, গংগা – ব্ৰহ্মপুত্ৰৰ ব – দ্বীপ, মহানদী, গােদাবৰী, কৃষা, কাবেৰী আদি নৈৰ ব – দ্বীপ অঞ্চলত পােৱা যায়। সাগৰৰ জোৱাৰৰ ফলত হােৱা গেছৰ লগতে নদীয়ে জমা কৰা পলসুৱা মাটিত এই উদ্ভিদ জন্মে।

(ঙ) পাৰ্বত্য উদ্ভিদ :- পাৰ্বত্য অঞ্চলৰ ভিন ভিন উচ্চতাত ভিন্ন প্ৰজাতিৰ উদ্ভিদ পােৱা যায়। উচ্চতা আৰু পৰ্বত – পাহাৰৰ ঢল অনুসৰি বৰষুণ, উত্তাপ আৰু মাটিৰ গুণাগুণৰ প্ৰভেদ হয়। এইবােৰ কাৰণতে পাৰ্বত্য তাঞ্চলৰ উচ্চতাৰ তাৰতম্য অনুসৰি উদ্ভিদৰ প্ৰকাৰ ভিন্ন হয়।

ভাৰতৰ উদ্ভিদৰ প্ৰকাৰ আৰু বিতৰণ

24. ভাৰত জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে দ্বিতীয় জনবহুল দেশ। ভাৰতবৰ্ষৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে। ১৯০১ চনৰ এক তথ্যমতে ভাৰতৰ জনসংখ্যা আছিল ২৩৮৪ কোটি। কিন্তু ২০০১ চনৰ লােকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা হৈছে ১০২.৭০ কোটি। সম্প্ৰতি ভাৰতৰ মুঠ জনসংখ্যা পৃথিৱীৰ জনসংখ্যাৰ ১৬ শতাংশ। ১৯০১ চনৰ পৰা ২০০১ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা প্ৰায় চাৰিগুণতকৈও অধিক বৃদ্ধি পাইছে। ভাবতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে উচ্চ জন্মৰ হাৰ, মৃত্যুৰ নিম্ন হাৰ আৰু প্ৰব্ৰজন। জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ অধিক হােৱা বাবে ভাৰতবৰ্ষৰ জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে।

READ MORE  ভূ-আকৃতিক প্ৰক্ৰিয়া | Chapter 1 | Class 10 Geography (E) - SEBA

জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হােৱা বাবে ভাৰতবৰ্ষত সাম্প্ৰতিক সময়ত খাদ্য সমস্যা, বাসগৃহৰ সমস্যা, কৃষি ভূমিৰ সমস্যা, শিক্ষাৰ সমস্যা, কৰ্মসংস্থাপন তথা নিবনুৱা সমস্যাৰ দৰে কিছুমান ভয়াবহ সমস্যাৰ সৃষ্টি হৈছে। বৰ্ধিত জনসংখ্যাৰ বাবে আজি ভাৰতৰ অৰ্থনৈতিক প্ৰগতি বাধাগ্ৰস্ত হৈছে। তলৰ তালিকাত যােৱা ১০০ বছৰৰ অৰ্থাৎ (১৯০১ ৰ পৰা ২০০১) লৈকে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি ধাৰা দেখুওৱা হ’ল। প্ৰতিটো দশকতে জনসংখ্যা বৃদ্ধিৰ পৰিমাণ ক্ৰমান্বয়ে উৰ্ধ্বগামী হােৱা দেখা গৈছে।

ভাৰতৰ জনসংখ্যা বৃদ্ধি (১৯০১–২০০১)
বছৰজনসংখ্যা (কোটি হিচাপত)
১৯০১২৩.৮৪
১৯১১২৫.২১
১৯২১২৫.১৩
১৯৪১৩১.৮৬
১৯৫১৩৬.১১
১৯৬১৪৩.৯২
১৯৭১৫৪.৮২
১৯৮১৬৮.৩৩
১৯৯১৮৪.৮২
২০০১১০২.৭০

25. ভাৰতৰ নগৰীয়া জনসংখ্যাৰ এটি চমু আভাষ দিয়া আৰু লগতে কেইখনমান প্ৰধান চহৰৰ নগৰীয়া জনসংখ্যা বৃদ্ধিৰ তথ্য দাঙি ধৰা।
উত্তৰঃ ভাৰতৰ নগৰ অঞ্চলবােৰত জনবসতি অধিক হােৱা দেখা যায়। নগৰ – চহৰ অঞ্চলত সুচল যাতায়ত ব্যৱস্থা, উদ্যোগিক উন্নয়ন আৰু নগৰীকৰণৰ ফলত জনসাধাৰণে অধিক সুবিধা লাভ কৰিব পাৰে, সেইবাবে নগৰ অঞ্চলত জনবসতি অতি ঘন হয়। ১৯৯১ চনত ভাৰতৰ নগৰীয়া জনসংখ্যা আছিল মুঠ জনসংখ্যাৰ ২৫.৭ শতাংশ। ভাৰতৰ নগৰীয়া জনসংখ্যাৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত বহুতাে নগৰ অঞ্চলৰ সৃষ্টি হৈছে। যােৱা ১৯৮১ চনত ভাৰতৰ নগৰ চহৰৰ সংখ্যা আছিল ৩২৪৪ খন আৰু ই বৃদ্ধি পাই ১৯৯১ চনত ৩৭৬৮ খন হয়। অৰ্থাৎ দহ বছৰৰ ভিতৰত ভাৰতত প্ৰায় পাঁচশখন নতুন নগৰ সৃষ্টি হৈছে।

এই নতুন নগৰসমূহৰ সৃষ্টিৰ প্ৰধান কাৰণ হৈছে — উদ্যোগিক বিকাশ তথা কৰ্ম সংস্থাপনৰ স – সুবিধা, চহৰ অঞ্চলত থকা শিক্ষা তথা স্বাস্থ্যৰ সা – সুবিধাৰ লগতে গ্ৰাম অঞ্চলত থকা বিভিন্ন অসুবিধাসমূহ। গ্ৰাম্য অঞ্চলত জীৱন নিৰ্বাহ পদ্ধতি অতি কষ্টকৰ হােৱা হেতুকে অধিক হাৰত জনসংখ্যা চহৰ নগৰলৈ প্ৰব্ৰজন হৈছে। ভাৰতবৰ্ষৰ এক নিযুত বা তাতকৈ অধিক জনসংখ্যা থকা চহৰৰ সংখ্যা হৈছে ২৩ খন। ভাৰতবৰ্ষৰ অতি জনবহুল মহানগৰীকেইখন হৈছে মুম্বাই, কলিকতা, দিল্লী আৰু চেন্নাই। তলৰ তালিকাত জনসংখ্যাৰ হিচাপত ভাৰতৰ প্ৰথম দহখন মহানগৰীৰ নাম আৰু সেইবােৰত থকা জনসংখ্যাৰ পৰিমাণ উল্লেখ কৰা হ’ল—

মহানগৰী২০০১ চনৰ লােকপিয়ল মতে জনসংখ্যা (লাখ হিচাপত)
১। মুম্বাই১২৫.৭১
২। কলিকতা১০৯.১৬
৩। দিল্লী৮৩.৭৫
৪। চেন্নাই৫৩.৬১
৫। হায়দৰাবাদ৪২.৮০
৬। বাংগালোৰ৪০.৮৬
৭। আহমেদাবাদ৩২.৯৭
৮। পুনা২৪.৮৫
৯। কাণপুৰ২১.১১
১০। নাগপুৰ১৬.৬১

জনসংখ্যাৰ ভিত্তিত ভাৰতৰ ভিতৰত সৰ্ববৃহৎ চহৰ হৈছে মুম্বাই। মুম্বাইৰ পাছতে স্থান লাভ কৰিছে কলিকতা, দিল্লী আৰু চেন্নাই। ২০০১ চনৰ লােকপিয়ল মতে ভাৰতৰ সকলাে ৰাজ্যৰ ভিতৰত দিল্লীত জনংখ্যাৰ ঘনত্ব অধিক আৰু অৰুণাচল প্ৰদেশত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন। দিল্লীত প্ৰতি বৰ্গ কিল’মিটাৰত গড়ে ৬৩৫২ জন লােক বসবাস কৰে আৰু তাৰ বিপৰীতে অৰুণাচল প্ৰদেশত প্ৰতি বৰ্গ কিল’মিটাৰত গড়ে ১৩ জন লোক বসবাস কৰে।

26. ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাৰ বৈশিষ্ট্য আলােচনা কৰা।
উত্তৰঃ কৃষিয়ে ভাৰতৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতৰ প্ৰায় দুইতৃতীয়াংশ লােক জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। ভাৰতৰ ১০০ কোটিৰাে অধিক লােকক কৃষিয়ে খাদ্যৰ যােগান ধৰে। ই বৈদেশিক বিনিময়ৰ উৎস হােৱাৰ লগতে বহু কৃষিভিত্তিক উদ্যোগ গঠনতে সহায় কৰে। এনেদৰে, কৃষি ভাৰতৰ ৰাষ্ট্ৰীয় অৰ্থনীতিৰ এক মূলস্তম্ভ হৈ পৰিছে। কৃষি কাৰ্যৰ ভিত্তিত ভাৰতক তলত দিয়া ধৰণে কেইবাটাও কৃষি অঞ্চলত ভাগ কৰিব পাৰি—

(ক) ফল-মূল আৰু শাক-পাচলি কৃষি অঞ্চলঃ এই অঞ্চলটো কাশ্মীৰৰ পৰা উত্তৰ পূব ভাৰতলৈ বিস্তৃত। উত্তৰ-পশ্চিম অংশত বাৰ্ষিক ৬০ ছেঃমিঃ আৰু পূৰ্ব অংশত বাৰ্ষিক ২০০ ছেঃমিঃ বৃষ্টিপাত হয়। দুয়ােটা অঞ্চলৰে জলবায়ু ফল-মূলৰ বাবে উপযােগী। এই অঞ্চলত হােৱা প্ৰধান ফল-মূলবােৰ হ’ল আপেল, নাচপতি চেৰী, বগৰী, কমলা আদি। সেইদৰে আলু, জলকীয়া আদি শাক-পাচলিৰ খেতিও এই অঞ্চলত কৰা হয়।

(খ) ধানমৰাপাট – চাহ কৃষি অঞ্চলঃ ভাৰত পৃথিৱীৰ ভিতৰতে অন্যতম ধান উৎপাদনকাৰী দেশ। ভাৰতৰ অগ্ৰণী ধান উৎপাদনকাৰী ৰাজ্যবােৰ হ’ল অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মেঘালয়, পশ্চিমবংগ, উৰিষ্যা, উত্তৰ আৰু পূৰ্ব বিহাৰ আৰু উত্তৰ প্ৰদেশৰ তৰাইঅঞ্চল। এই অঞ্চলত যথেষ্ট পৰিমাণৰ সাৰুৱা নদী উপত্যকা আছে যিবােৰ ধান খেতিৰ বাবে উপযােগী। অসমৰ উজনি ব্ৰহ্মপুত্ৰ উপত্যকা, ত্ৰিপুৰা আৰু উত্তৰংগত চাহখেতি যথেষ্ট পৰিমাণে হয়। মৰাপাট অসম, গংগা সমভূমি,বদ্বীপ অঞ্চল আৰু ভাৰতৰ পূৰ্ব উপকূল অঞ্চলত হয়। ধান, মৰাপাট আৰু চাহৰ উপৰিও অন্যান্য শস্য যেনে-সৰিয়হ, মাহ জাতীয় শস্য আৰু ফল-মূল যেনেঃ নাৰিকল, কঁঠাল, আনাৰস, আম, কমলা আদিও এই অঞ্চলত হয়।

(গ) ঘেহু আৰু কুঁহিয়াৰকৃষি অঞ্চলঃ এই কৃষি অঞ্চলটো বিহাৰৰ উত্তৰ অংশ,।উত্তৰ প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, মধ্যপ্ৰদেশৰ পশ্চিম অংশ, ৰাজস্থানৰ উত্তৰ অংশ আদি এই অঞ্চলৰ অন্তৰ্গত।এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ মধ্যমীয়া।আৰু সেয়ে ৰষুণৰ অভাৱ জলসিঞ্চনেৰে পূৰােৱা হয়। এই অঞ্চলত কিছুমান ঠাইত ধান খেতিও হয়। উত্তৰ প্ৰদেশ, বিহাৰ সমভূমি আৰু গংগাৰ উত্তৰ পাৰত ঘেহু আৰুকুঁহিয়াৰ উৎপাদন কৰা হয়। গংগা-যমুনাৰ দোৱাব অঞ্চল, পঞ্জাৱৰ সমভূমি,হাৰিয়ানা আৰু উত্তৰ ৰাজস্থানত প্ৰচুৰ পৰিমাণে ঘেঁহু উৎপাদন।হয়। এই দুবিধ শস্যৰ উপৰিও যৱ আৰু মাহ জাতীয় শস্য এই অঞ্চলত হয়।

(ঘ) মিলেট আৰু তেলণ্ডটি শস্য অঞ্চলঃ এই কৃষি অঞ্চলত কৰ্ণাটক মালভূমি, তামিলনাড়ু, অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ অংশ আৰু কেৰালাৰ পূব অংশ অন্তৰ্ভুক্ত। এই অঞ্চলত বাৰ্ষিকবৃষ্টিপাত ৭৫ৰপৰা ১২৫ ছেঃমিঃ হয়। মুখ্য উৎপাদনজাত শস্যসমূহ হৈছে বিভিন্ন মিলেট যেনেঃ বজ্ৰা, ৰাগী আৰু জোৱাৰ। তেলগুটি শস্য হ’ল বাদাম, সৰিয়হ আৰু অন্যান্য মাহজাতীয় শস্য।এইবােৰৰ উপৰিও আম আৰু কল অফলাে যথেষ্ট পৰিমাণে উৎপাদন হয়।

(ঙ) মাকৈ আৰু মাে. দানাযুক্ত শস্য অঞ্চলঃ পশ্চিম ৰাজস্থান আৰু গুজৰাটৰ অৰ্ধ-মৰু অঞ্চ আৰু পশ্চিম ভাৰতৰ মৰুভূমি অঞ্চল ইয়াৰ অন্তৰ্গত। পূৰ্ব অংশত কিছুমান ঠাইৰ মাটি পলসুৱা; পশ্চিম অংশ অধিকতৰ মৰু আৰু বালিময়। এই অঞ্চলত বাৰ্ষিক ৫০ ছেঃমিঃৰ কম বৃষ্টিপাত হয়। মেৱাৰ মালভূমিত প্ৰধানতঃ মাকৈৰ খেতি হয় যদিও ঘেঁহু আৰু ৰাগীশস্যৰ খেতিও কৰা হয়। সেইদৰে অঞ্চলটোৰ দক্ষিণ অংশত কপাহ, কুঁহিয়াৰ আৰু ধান, বজ্ৰা আদিৰ খেতি কৰা হয়।

(চ) কপাহ কৃষি অঞ্চলঃ দাক্ষিণাত্য মালভূমি কপাহ খেতিৰ বাবে উৎকৃষ্ট। অঞ্চলটোৰ নদী উপত্যকা কলা মাটিৰে গঠিত; যি কপাহ খেতিৰ বাবে উত্তম। এই অঞ্চলটো প্ৰধানকৈ গুজৰাট আৰু মহাৰাষ্ট্ৰত বিস্তৃত। পশ্চিমঘাটৰ বৃষ্টিছায়া অঞ্চল অন্তৰ্গত হােৱা হেতুকে এই অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ কম। কপাহ অঞ্চলটোৰ প্ৰধান শস্য যদিও জোৱাৰ, বৰ্জা, বুট, কুঁহিয়াৰ, ঘেঁহু আদি আন<p>শস্যৰ খেতি কৰা হয়।

(ছ) মছলাজাতীয় আৰু ৰােপণ শস্য অঞ্চলঃ এই কৃষি অঞ্চলটো পূব আল পশ্চিম উপকূলীয় সমভূমিৰ অংশ, আন্দামান আৰু নিকোবৰ দ্বীপপুণ আৰু লাক্ষাদ্বীপ দ্বীপপুঞ্জলৈ বিস্তৃত হৈ আছে। অঞ্চলটোত বাৰ্ষিক ২৫০ ছেঃমিঃবৃষ্টিপাত হয়। প্ৰধান উৎপাদিত শস্যবােৰ হ’ল কফি, ৰবৰ, টপিঅ’কা, জালুক আৰু ইলাচি। অঞ্চলটোৰ ঠায়ে ঠায়ে ধান খেতিও কৰা হয়।

27. উত্তৰ ভাৰতীয় নদী আৰু দক্ষিণ ভাৰতীয় নদীৰ পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ উত্তৰ ভাৰতীয় নদী আৰু দক্ষিণ ভাৰতীয় নদীৰ পাৰ্থক্যসমূহ হ’ল—

পাৰ্থক্যৰ ভিত্তিউত্তৰ ভাৰতৰ নদীদক্ষিণ ভাৰতৰ নদী
 পানীৰ গতিউত্তৰ ভাৰতীয় নদীবোৰৰ উৎপত্তি উচ্চ পৰ্বতৰ হিমবাহৰ পৰা হৈছে আৰু সেয়ে ইয়াত গোটেই বছৰ জুৰি পানী থাকে।দক্ষিণ ভাৰতৰ নদী দক্ষিণ ভাৰতৰ নদীবোৰ শীতকালত শুকাই যায় আৰু সিহঁত কম উচ্চতাৰ মালভূমি আৰু পৰ্বতৰ পৰা উৎপত্তি হয়।
নদীৰ গতিনদীৰ উচ্চ, মধ্য আৰু নিম্ন- এই তিনিটা স্তৰ স্পষ্ট।উচ্চ, মধ্য, নিম্ন- এই তিনিটা স্তৰ স্পষ্ট
নহয়।
নৌ পৰিবহণএইবোৰ নৌ পৰিবহণযোগ্য।নৌ পৰিবহণযোগ্য নহয়।
গতি পৰিৱৰ্তনইহঁতে গতি পৰিৱৰ্তন কৰে আৰু
ইহঁতৰ প্লাৱনভূমি বহল ( উচ্চ স্তৰৰ বাহিৰে)
ইহঁতে গতি পৰিৱৰ্তন নকৰে সেয়ে প্লাৱনভূমি ঠেক।
জলশক্তি উৎপাদনএইবোৰ জলবিদ্যুৎ উৎপাদনৰ বাবে উপযুক্ত নহয়।এইবোৰ জলশক্তি উৎপাদনৰ বাবে উপযুক্ত। কাৰণ ইহঁতে খৰস্ৰোতা।
জনসংখ্যাৰ ঘনত্বউপত্যকাবোৰ সাৰুৱা হোৱা বাবে ঘন বসতিপূর্ণ।উপত্যকাবোৰ তুলনামূলকভাবে কম সাৰুৱা বাবে ঘন বসতিপূৰ্ণ নহয়।
চহৰৰ সংখ্যানদীৰ পাৰত বহুতো নগৰ গঢ়ি উঠিছে। এইবোৰ নৌ পৰিবহণযোগ্য।দক্ষিণ ভাৰতৰ নদীবোৰ অধিক নৌ পৰিবহণযোগ্য নহয় বাবে ইয়াৰ পাৰত অধিক নগৰ গঢ়ি উঠা নাই।
ব-দ্বীপনদীৰ মোহনাত বৃহৎ‍ ব-দ্বীপ গঠন হয়।নদীৰ মোহনাত সৰু আৰু কম ব-দ্বীপ গঠন হয় ৷

28. ভাৰতবৰ্ষত পােৰা মাটিৰ প্ৰকাৰবােৰৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ মাটি প্ৰাকৃতিক পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ উপাদান। কোনাে এখন ঠাইৰ কৃষিৰ বিকাশ, মানৱ বসতি, খনিজ সম্পদ মাটিৰ ধৰণৰ দ্বাৰা বহু পৰিমাণে প্ৰভাবান্বিত হয়। ভাৰতৰ ঠাইভেদে জলবায়ু আৰু শিলাৰ প্ৰকাৰ বেলেগ হােৱাৰ বাবে মাটিৰ প্ৰকাৰ বেলেগ বেলেগ হােৱা দেখা যায়। মাটিৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি মাটিক ছয় ভাগত ভগাব পাৰি—

(ক) পাৰ্বত্য অঞ্চলৰ মাটিঃ পাৰ্বত্য অঞ্চলৰ মাটি সাধাৰণতে পাহাৰ আৰু পৰ্বত পােৱা যায়। হিমবাহে প্ৰচুৰ পৰিমাণে অৱক্ষেপ জমা কৰে আৰু এইবােৰে পৰ্বতৰ পাদদেশত হিমবাহজনিত মাটি গঠন কৰে। এনেধৰণৰ মাটিত সৰলবৰ্গীয় উদ্ভিদ গজে। মাটিৰ লগত গছৰ পাত মিহলি হােৱাৰ বাবে এনে মাটি আম্লিক হয়। এনে মাটিক পজল বােলে। পাৰ্বত্য মাটি বেছি সাৰুৱা নহয়। পৰ্বৰ্তৰ পাদদেশত কেৱল শিলাময় মাটি পােৱা যায় আৰু এনে ধৰণৰ মাটিত কিছু পৰিমাণে উদ্ভিদ হয়।

(খ) সিন্ধু-গংগা-ব্ৰহ্মপুত্ৰ সমভূমিৰ মাটিঃ সিন্ধু-গংগা- ব্ৰহ্মপুত্ৰ সমভূমিৰ মাটি পলসুৱা। পলসুৱা মাটি নদীৰ পলস অৱক্ষেপণৰ দ্বাৰা সৃষ্টি হয়। নতুন পলসুৱা মাটি আৰু পুৰণি পলসুৱা মাটি দুই প্ৰকাৰৰ পলসুৱা মাটি আছে। এই মাটি লৱণহীন আৰু হিউমাচৰ বাবে অতি সাৰুৱা হয়। পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যা, পশ্চিমবংগ আৰু অসমৰ নদী উপত্যকাত এনে মাটি পােৱা যায়। আনহাতে পুৰণি পলসুৱা মাটি তুলনামূলকভাৱে কঠিন।ৰাসায়নিক বিক্ৰিয়া আৰু গােটমৰা প্ৰক্ৰিয়াৰ বাবে এইমাটিয়ে ইয়াৰ উৰ্বৰতা গুণ হেৰুৱায়। সেয়ে ইহঁতক সাৰুৱা কৰিবলৈ কৃত্ৰিম সাৰ ব্যৱহাৰ কৰিবলগীয়া হয়। এনেধৰণৰ মাটি পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু অসমৰ সমভূমিত পােৱা যায়।

(গ) মৰু অঞ্চলৰ মাটিঃ মৰু মাটি ভাৰতৰ থৰ মৰুভূমি অঞ্চল, ৰাজস্থান, সৌৰাষ্ট্ৰ আৰু কচ্চ উপসাগৰীয় অঞ্চলত পােৱা যায়। বিচূৰ্ণীভৱনৰ ভিন্ন প্ৰক্ৰিয়াৰ বাবে মৰু মাটি গঠন হয়। এই মাটি বালি আৰু শিলাময় বস্তুৰ মিশ্ৰণেৰে গঠিত আৰু ইয়াত উচ্চহাৰত নাইট্ৰজেন আৰু কম পৰিমাণে জৈৱিক পদাৰ্থ থাকে। কিছুমান ঠাইত মৰু মাটি লৱণমুক্ত আৰু এনে অঞ্চলত জলসিঞ্চনৰ জৰিয়তে কৃষি সম্ভৱ হয়। ঘেঁহু, বাৰ্লি আদি এনে মাটিত হােৱা শস্য।

(ঘ) লাভা মাটিঃ লাভাৰ পৰা গঠিত হােৱা বাবে এনে মাটিক লাভা মাটি বােলে। লাভা মাটিক কৃষ্ণঃ (কলা) মাটিও বােলে। মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশৰ পশ্চিম অংশ, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ চুবুৰীয়া অঞ্চলত এনে মাটি পােৱা যায়। এই মাটিৰ এটা অন্যতম গুণ হৈছে এই মাটিয়ে আৰ্দ্ৰতা ধৰি ৰাখিব পাৰে সেয়ে এই মাটি কৃষিৰ বাবে উপযােগী। এই মাটি কপাহ খেতিৰ বাবে উৎকৃষ্ট, সেয়ে ইয়াক কপাহী মাটি বুলিও জনা যায়।

(ঙ) দাক্ষিণাত্য মালভূমিৰ মাটিঃ দাক্ষিণাত্য মালভূমিৰ পুৰণি আৰ্কিয়ান আৰু কেম্বিয়ান শিলৰ বিচুৰ্ণীভৱনৰ ফলত দাক্ষিণাত্য মালভূমিৰ মাটি গঠন হৈছে। এই মাটি পানী ধৰি ৰাখিবলৈ অক্ষম আৰু সেয়ে ই কৃষিৰ বাবে উপযােগী।।নহয়। অৱশ্যে, কৃত্ৰিম সাৰ প্ৰয়ােগ কৰি ইয়াক কৃষিৰ উপযােগী কৰিব পাৰি। দাক্ষিণাত্যত কংকৰ মাটিও পােৱা যায়। এনে মাটি কঠিন আৰু ৰঙচুৱা বৰণৰ। এই মাটিত লােণ আৰু এলুমিনিয়াম অধিক পৰিমাণে থাকে। ছােটানাগপুৰ মালভূমিৰ পূব অংশ আৰু মালাৱাৰ উপকূলত এনে মাটি পােৱা যায়। কংকৰ মাটি নীলগিৰি আৰু পশ্চিমঘাট পৰ্বতত পােৱা যায়। কংকৰ মাটি কফি আৰু চাহ খেতিৰ বাবে উৎকৃষ্ট।

(চ) উপকূল অঞ্চলৰ মাটিঃ নদীকাষৰীয়া মাটি ভাৰতৰ পূব উপকূলৰ ব-দ্বীপ অঞ্চলত পােৱা যায়। সাধাৰণতে সাগৰীয় ঢৌৱে উপকূলীয় অঞ্চলত বালিময় বােকা মাটিৰ অৱক্ষেপ পেলাই উপকূলীয় মাটি গঠন কৰে। উপকূলীয় মাটিবােৰ বালিময় হােৱা বাবে কৃষিৰ বাবে অধিক উপযােগী নহয়। কেৰালা আৰু কৰ্ণাটকৰ উপকূলীয় অঞ্চলত পলসুৱা আৰু কংকৰ মাটি পােৱা যায়।

Leave a Comment

error: Content is protected !!
Scroll to Top