আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল | Chapter 4 | Class 10 Geography Question and Answer | Assam Class 10 Geography Elective Solutions Assamese Medium | Seba Class 10 HSLC Geography Chapter 4 Notes Assamese Medium | SEBA Class 10 Geography Chapter 4 Question and Answer Assamese Medium | Questions and Answers for Class 10 Geography Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল | Questions and Answers Assam
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল
1. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চলকেইটা বৰ্ণনা কৰা।
উত্তৰঃ ঔদ্যোগিক বিকাশৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰক তলৰ তিনিটা ঔদ্যোগিক অঞ্চলত ভাগ কৰিব পাৰি—
(A) উত্তৰ-পূব উদ্যোগ অঞ্চল ও উত্তৰ-পূব উদ্যোগ অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰপূৰ্ব অংশত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ মাটিকালিৰ মাত্ৰ ১০ শতাংশ ব্যাপ্ত হৈ থকা এই অঞ্চলটোত দেশখনৰ প্ৰায় ৫০ শতাংশ লােক বাস কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ উদ্যোগৰ ৭৫ শতাংশ ইয়াত অৱস্থিত। কয়লা, লাে,পেট্ৰলিয়াম আদিৰ দৰে খনিজ সম্পদৰ উপস্থিতি আৰু সু-বিকশিত পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা এই অঞ্চলৰ উদ্যোগৰ উচ্চ বিকাশৰ কাৰণ।এই অঞ্চলক তলত দিয়া পাঁচটা ঔদ্যোগিক কেন্দ্ৰত ভাগ কৰিব পাৰি—
(i) পিটছবাৰ্গ, হুইলিং-ক্লিভলেণ্ড উদ্যোগ কেন্দ্ৰঃ পেনিছিলভেনিয়া আৰু অহিঅ’ৰা চৌদিশে পােৱা আপেলেছিয়ান কয়লা এই ঔদ্যোগিক কেন্দ্ৰ বৃদ্ধিৰ ভিত্তি। এই অঞ্চলত উপলব্ধ উন্নত মানদণ্ডৰ কয়লা উন্নত পৰিবহণ ব্যৱস্থা আৰু চুপিৰিয়ৰ অঞ্চলত উপলব্ধ লােৰ আকৰক ভিত্তি কৰি পিটছবাৰ্গ ইয়াং ষ্টাউন, হুইলিং, ক্লিভলেণ্ড আদি ঠাইত বহুতাে বৃহৎ লাে-তীখাৰ উদ্যোগ স্থাপন হৈ উঠিছে। কাচ আৰু বস্ত্ৰ শিল্পও পিটছবাৰ্গত সুবিকশিত হৈছে। পৃথিবীৰ বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰ আৰাকননা ইয়াতেই অৱস্থিত।
(ii) নিউয়ৰ্ক, ফিলাডেলফিয়া, বাল্টিমােৰ উদ্যোগ কেন্দ্ৰঃ নিউয়ৰ্ক, ফিলাডেলফিয়া আৰু বাল্টিমােৰৰ দৰে বৃহৎ মহানগৰবােৰ এই বিশাল ঔদ্যোগিক কেন্দ্ৰৰ অন্তৰ্গত। ইয়াত অৱস্থিত কিছুমান বিশ্ববিখ্যাত উদ্যোগ হৈছে—
(a) বাল্টিমােৰৰ লাে আৰুতীখা উদ্যোগ। বস্ত্ৰ উদ্যোগ, টিন, পেট্ৰলিয়াম আৰু তাম শােধন উদ্যোগ।
(b) ফিলাডেলফিয়াৰ বস্ত্ৰ, বৈদ্যুতিক আহিলা, পেট্ৰ’লিয়াম, চেনি আৰু ৰবৰ উদ্যোগ।
(c) পূৰ্ব পেঞ্চিলভেনিয়া লাে আৰু তীখা উদ্যোগ, ৰেল ইঞ্জিন।
(d) নিউ জাচীৰ বস্ত্ৰ, বৈদ্যুতিক সামগ্ৰী, বাচন-বৰ্তনৰ উদ্যোগ ইত্যাদি।
(e) নিউয়ৰ্কত বিভিন্ন ধৰণৰ ঔদ্যোগিক কেন্দ্ৰ আছে।
(iii) দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্ৰঃ এই অঞ্চলৰ প্ৰধান ঔদ্যোগিক কেন্দ্ৰবােৰ হৈছে ৰড আইলেণ্ড, মাছচুছেটছ, নিউ হেল্পছায়াৰ আদি। এই অঞ্চলত কয়লা আৰু অন্যান্য খনিজ সম্পদৰ অভাৱ। গতিকে এই অঞ্চলৰ মুখ্য উদ্যোগবােৰ হৈছে বস্ত্ৰ শিল্প আৰু বস্তু উদ্যোগৰ যন্ত্ৰপাতি, চামৰা উদ্যোগ যিবােৰ প্ৰধানতঃ এই প্ৰান্তত উৎপাদিত জলবিদ্যুৎ শক্তিৰ ওপৰত নিৰ্ভৰশীল। এই অঞ্চলটোত কোমল কাঠৰ অৰণ্যৰ অৱস্থিতিৰ ফলত ইয়াত কাগজ আৰু কাগজৰ মণ্ডৰ উদ্যোগ গঢ়ি উঠিছে।
(iv) ডেট্ৰইট উদ্যোগ কেন্দ্ৰঃ ই পৃথিৱীৰ অন্যতম প্ৰধান মটৰগাড়ী নিৰ্মাণ কেন্দ্ৰ। লাে-তীখা, মটৰ গাড়ী নিৰ্মাণ আৰু ইয়াৰ লগত জড়িত উদ্যোগসমূহ থকা ঠাইবােৰ হৈছে লানচিং, ফ্ৰিণ্ট, পন্টিয়াক, জেছন আদি।
(v) দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰঃ লাে আৰু কয়লাৰ সহজ লভ্যতাৰ বাবে এই অঞ্চলত বহুতাে উদ্যোগ যেনে লাে আৰু তীখা, ৰে’লৰ ইঞ্জিন, মটৰ গাড়ী, পামৰ যন্ত্ৰপাতি আদি নিৰ্মাণৰ উদ্যোগ বিকশিত হৈছে। তদুপৰি, পৃথিৱীৰ সৰ্ববৃহৎ মাংস বাণিজ্য কেন্দ্ৰ চিকাগাে ইয়াত অৱস্থিত।
(B) দক্ষিণ ঔদ্যোগিক অঞ্চলঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সছ ৰাজ্যৰ পৰা পূবে আটলান্টিক উপকূলৰ উত্তৰ কেৰােলিনা ৰাজ্যলৈকে দক্ষিণৰ ঔদ্যোগিক অঞ্চল বিস্তৃত। এই অঞ্চলৰ ঔদ্যোগিক বিকাশৰ মুখ্য কাৰণবােৰ হৈছে—
(i) জলবিদ্যুৎ, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, লাে আৰু অন্যান্য খনিজ সম্পদৰ উপলব্ধতা।
(ii) আপেলেছিয়ান অঞ্চলৰ বনজ সম্পদ।
(iii) কপাহ, ধপাত, কুঁহিয়াৰ আদিৰ দৰে এই অঞ্চলত পােৱা কৃষিজাত সম্পদ।
এই ঔদ্যোগিক অপলক দুটা ভাগত ভাগ কৰিব পাৰি—
(a) দক্ষিণ-পূৰ্ব ঔদ্যোগিক কেন্দ্ৰ।
(b) দক্ষিণ পশ্চিম ঔদ্যোগিক কেন্দ্ৰ।
দক্ষিণ-পশ্চিম ঔদ্যোগিক কেন্দ্ৰ আকাশী যান নিৰ্মাণ উদ্যোগৰ বাবে বিখ্যাত।
(C) প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চলঃ এই অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষুদ্ৰতম আৰু নৱতম ঔদ্যোগিক কেন্দ্ৰ। ই পশ্চিমে প্ৰশান্ত উপকূলত অৱস্থিত ৱাশিংটন, অগিন আৰু কেলিফোৰ্ণিয়া ৰাজ্যৰ দ্বাৰা গঠিত। বিখ্যাত ঔদ্যোগিক অঞ্চলবােৰ হৈছে লছ এঞ্জেলছ আৰু ছানফ্ৰান্সিকো। এই অঞ্চলত জলবিদ্যুৎ আৰু পেট্ৰলিয়াম ব্যৱহাৰ কৰি বিভিন্ন উদ্যোগ যেনে – লাে আৰু তীখা উদ্যোগ, বিমান উদ্যোগ, কাগজ আৰু সুৰা নিৰ্মাণ উদ্যোগ বিকশিত হৈছে। দেশৰ প্ৰায় ১০% শ্ৰমিকে এই অঞ্চলৰ উদ্যোগবােৰত কাম কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্ণিয়াৰ চলচ্চিত্ৰ উদ্যোগ বিশ্ব বিখ্যাত।
2. আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষিৰ ভূমিকা কেনে চমুকৈ লিখা।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত কৃষি উৎপাদনৰ এক উল্লেখযােগ্য স্থান আছে। দেশখনে মাকৈ, কপাহ আৰু ধপাত উৎপাদনত পৃথিৱীৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে আৰু বাৰ্লি, ঘেঁহু উৎপাদনত বিশ্বৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাকে আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ ক্ৰমে পৃথিৱীৰ মুঠ উৎপাদনৰ ৪৬ শতাংশ আৰু ১৮ শতাংশ। দেশৰ মুঠ আয়ৰ কৃষিয়ে দুই শতাংশ যােগান ধৰে আৰু ইয়াৰ বিপৰীতে উদ্যোগ খণ্ডই যােগান ধৰে ৩০ শতাংশ আৰু বাকী ৬৮ শতাংশ বাণিজ্য, যােগাযােগ, পৰিবহণৰ লগতে অন্যান্য সেৱা বােৰে যােগান ধৰে।
দেশৰ মুঠ মাটিকালিৰ প্ৰায় এক – চতুৰ্থাংশ স্থায়ীভাৱে কৃষিৰ অন্তৰ্গত আৰু দেশৰ মুঠ জনসংখ্যা মাত্ৰ পাঁচ শতাংশইহে কৃষিৰ সৈতে জড়িত। অৰ্থাৎ দেশৰ অধিকাংশ লােকে অনাকৃষি খণ্ডৰ সৈতে জড়িত। দেশখনৰ যদিও এক নগণ্য সংখ্যক লােকে কৃষিৰ ওপৰত নিৰ্ভৰশীল, তেওঁলােকৰ গড় জনমূৰি উৎপাদিকাৰ পৰিমাণ অধিক। যদিও গুৰুত্ব নুই কৰিব নােৱাৰি।
3. আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰাকৃতিক বিভাগত ভাগ কৰা। প্ৰতিটো বিভাগৰে এটি চমু আভাস দিয়া।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক ভূ – প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ তিনিটা প্ৰাকৃতিক বিভাগত ( Physical Division ) ভাগ কৰা হৈছে। সেই ভাগকেইটা হ’ল—
( ক ) আপেলেছিয়ান উচ্চভূমি অঞ্চল, (Appalachian Highlands)
( খ ) মধ্য সমভূমি অঞ্চল ( Central Plains )
( গ ) ৰকি পাৰ্বত্য অঞ্চল বা কৰ্ডিলেৰা অঞ্চল (Rocky Mountains or Cordillera)।
তলৰ চিত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগকেইটা দেখুৱা হ’ল—
আপেলেছিয়ান উচ্চভূমি অঞ্চলটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৱ অংশত থকা আটলান্টিক উপকূলৰ সমান্তৰালভাৱে বিস্তৃত হৈ আছে। এই উচ্চভূমি অঞ্চলটো উত্তৰে হাডছন উপত্যকা আৰু ইৰি – অন্টাৰিও হ্ৰদ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত। এই ভূখণ্ড পৰ্বত – পাহাৰ, মালভূমি, সমভূমি, উপত্যকা আদিৰে গঠিত। এই অঞ্চলৰ ভিতৰত উল্লেখযোগ্য হৈছে পশ্চিমৰ এলিঘেনি পৰ্বতশ্ৰেণী, দক্ষিণ – পশ্চিমৰ কাৰলেণ্ড মালভূমি, পূৱ দিশত থকা আপেলেছিয়ান পৰ্বতশ্ৰেণী আৰু উপত্যকা, দক্ষিণৰ বুজি পৰ্বত আৰু পূৱৰ উপকূলীয় মালভূমি। এই উচ্চভূমি অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰতে সৰ্বোচ্চ পৰিমাণে বৃষ্টিপাত হয় আৰু ইয়াৰ পৰ্বত – পাহাৰ তথা মালভূমিৰ মাজেৰে অসংখ্য সৰু – বৰ নৈ প্ৰৱাহিত হৈছে। আপেলেছিয়ান উচ্চভূমি অঞ্চলটো খনিজ সম্পদত চহকী, সেয়ে শিল্প – উদ্যোগৰ পৰিমাণ বেছি আৰু যাতায়ত ব্যৱস্থা উন্নত।
মধ্য সমভূমি অঞ্চলটো আপেলেছিয়ান উচ্চভূমি আৰু ৰকি পৰ্বত শ্ৰেণীৰ মাজত উত্তৰ – দক্ষিণা আৰু পূৱা – পশ্চিমাকৈ বিস্তৃত। এই অঞ্চলটো উত্তৰে বৃহৎ সৰবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত। এই অঞ্চলৰ মাজেৰে বৈ যােৱা দুখন প্ৰধান নদী মিছিছিপি আৰু মিছৌৰিব লগতে ইয়াৰ উপনৈসমূহে গােটেই অঞ্চলটোক পলসুৱা আৰু সাৰুৱা কৰিছে। মধ্য সমভূমি অঞ্চলটোক পুনৰ চাৰিভাগত ভাগ কৰা হয় — উচ্চ সমভূমি, বৃহৎ সবােবৰ অঞ্চল ( Great Lake Region ), মিছিছিপি সমভূমি আৰু মেক্সিকো উপকূলীয় সমভূমি। মধ্যসমভূমি, অঞ্চলত কেইবাখনাে উল্লেখযােগ্য মহানগৰ আছে।
ৰকি পৰ্বত বা কৰ্ডিলেৰা অঞ্চলটো পূৱে উচ্চসমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত – পাহাৰ, মালভূমি, উপত্যকা, হ্ৰদ আদিৰে গঠিত আৰু অঞ্চলটো উত্তৰ – দক্ষিণাকৈ বিস্তৃত। অঞ্চলটোৰ একেবাৰে পূৱত উত্তৰ – দক্ষিণাকৈ উচ্চ ৰকি পৰ্বতশ্ৰেণী অৱস্থিত। এই পৰ্বতৰ শৃংগবােৰৰ উচ্চতা প্ৰায় ৪২০০ মিটাৰ। কৰ্ভিলেৰা অঞ্চলটোৰ পূৱ আৰু পশ্চিম প্ৰান্তৰ সমান্তৰালভাৱে পৰ্বত দুশাৰীৰ মাজত কেইবাটাও মালভূমি আছে আৰু এই মালভূমি অঞ্চলটো প্ৰশান্ত উপকূলীয় পৰ্বতমালাৰ বৃষ্টিচ্ছায়া অঞ্চলত অৱস্থিত। ইয়াত কেইবাটাও লুনীয়া পানীৰ হ্ৰদ আছে আৰু এই অঞ্চলৰ পৰা কেইবাটাও সৰু – বৰ নদীৰ সৃষ্টি হৈ প্ৰবাহিত হৈছে।
কৰ্ডিলেৰা অঞ্চলটোৰ পশ্চিম অংশত থকা পৰ্বত শ্ৰেণীৰ মাজত কেইবাটাও সাৰুৱা উপত্যকা আছে। এই অঞ্চলটো বিভিন্ন খনিজ সম্পদ কয়লা, পেট্ৰলিয়াম, সােণ, ৰূপ, তাম আদিত চহকী। এই অঞ্চলত ভূমধ্যসাগৰীয় জলবায়ু বিৰাজ কৰে আৰু সেয়ে শীতকালি বৰষুণ হয়। কৰ্ভিলেৰা অঞ্চলৰ কেইখনমান উল্লেখযােগ্য মহানগৰ হৈছে ছিয়াটন, পােৰ্টলেণ্ড, ছানফ্ৰান্সিস্কো, লাছ ভেগাছ, লছ এঞ্জেলছ আদি।
4. মানচিত্ৰ আঁকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা।
উত্তৰঃ তলৰ মানচিত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগ সমূহ দেখুওৱা হ’ল—
5. আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগােলিক বৈশিষ্ট্য চমুকৈ লিখা।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখন উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত। এই দেশখনত উত্তৰ দিশত আছে কানাডা, পূৱ দিশত আছে আটলান্টিক মহাসাগৰ, দক্ষিণ দিশত আছে মেক্সিকো উপসাগৰৰ লগতে মেক্সিকো দেশ আৰু পশ্চিম দিশত প্ৰশান্ত মহাসাগৰ আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী হৈছে কলােম্বিয়া জিলাৰ বাশিংটন ডি . চি .।
আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনৰ মূল ভূখণ্ড ২৫° উত্তৰৰ পৰা ৪৩° উত্তৰ অক্ষাংশ আৰু ৬৬° পশ্চিমৰ পৰা ১২৫° পশ্চিম দ্ৰাঘিমাংশলৈকে বিস্তৃত। এই দেশখনত নাতিশীতােষ্ণ জলবায়ু বিৰাজ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনৰ মুঠ মাটিকালি হৈছে ৯৬ লাখ বৰ্গ কিল’মিটাৰ অৰ্থাৎ ই পৃথিৱীৰ মাটিকালিৰ ৬.৩৭ শতাংশ। এই দেশখনৰ মুঠ জনসংখ্যা হৈছে প্ৰায় ৩০২ নিযুত। পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৪৬ শতাংশ লােক আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰে।
6. কৃষি বলয় বুলিলে কি বুজা ? আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানটা আৰু কি কি কৃষি বলয় চিনাক্ত কৰা হৈছে। মানচিত্ৰত দেখুওৱা আৰু প্ৰতিটো বলয়ৰ বিষয়ে চমু বৰ্ণনা দিয়া।
উত্তৰঃ কৃষি বলয় ( Agricultural Belt ) হৈছে ঠাইভেদে বা অঞ্চলভেদে উৎপাদন হােৱা বিশেষ কৃষি উৎপাদন। কৃষি বলয় চিহ্নিত কৰা হয় ভূ- প্ৰকৃতি, জলবায়ু, মাটিৰ গুণাগুণ আদিৰ ওপৰত নিৰ্ভৰ কৰি। যিবােৰ ঠাইত বিশেষ এবিধ শস্য অধিক পৰিমাণে উৎপাদন হয়, সেই ঠাই বা অঞ্চলুটোক একোটা কৃষি বলয় হিচাপে ভাগ বা নামাকৰণ কৰা হয়।
আমেৰিকা যুক্তৰাষ্ট্ৰত মূঠ নটা কৃষি বলয় চিনাক্ত কৰা হৈছে।
সেই বলয়কেইটা হৈছে—
( ক ) ধান আৰু কুঁহিয়াৰ বলয়।
( খ ) কপাহ বলয়।
( গ ) শীতকালীন গম আৰু ধপাত বলয়।
( ঘ ) মাকৈ বলয়।
( ঙ ) বসন্তকালীন গম বলয়।
( চ ) উত্তৰ – পূৱ প্ৰান্তীয় মিত্ৰ কৃষি বলয়।
( ছ ) শুকান কৃষি আৰু পশুপালন বলয়।
( জ ) ভূমধ্যসাগৰীয় কৃষি বলয়।
( ঝ ) উত্তৰ – পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়।
তলত মানচিত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়সমূহ দেখুওৱা হ’ল—
ধান আৰু কুঁহিয়াৰ বলয়ৰ অন্তৰ্গত অঞ্চল হৈছে মেক্সিকো উপকূলীয় অঞ্চলত অৱস্থিত ফ্লোৰিডা, জৰ্জিয়া, এলাবামা, মিছিছিপি আৰু লুছিয়ানা ৰাজ্যৰ দক্ষিণ অংশ। এই অঞ্চলত উপক্ৰান্তীয় জলবায়ু বিৰাজ কৰে আৰু ইয়াৰ মাটিভাগ পলসুৰা আৰু সাৰুৱা। এই অঞ্চলত ধান আৰু কুঁহিয়াৰ প্ৰচুৰ পৰিমাণে উৎপাদন হয়।
কপাহ বলয়ৰ অন্তৰ্গত অঞ্চল হৈছে মিছিছিপি অৱবাহিকাৰ দক্ষিণ অংশ। কপাহ বলয়ৰ উত্তৰ সীমা ৩৬° উত্তৰ অক্ষাংশই নিৰ্ধাৰণ কৰিছে। এই অঞ্চলটোত অধিক পৰিমাণে কপাহ উৎপাদন হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ, মিছিছিপি আৰু আৰকাচ্ছাছ ৰাজ্যত দেশৰ মুঠ উৎপাদনৰ আধাতকৈ বেছি কপাহ উৎপাদন হয়।
শীতকালীন গম আৰু ধপাত বলয়ৰ বিস্তৃতি হৈছে আটলান্টিক উপকূলৰ পৰা পশ্চিমে কলােৰাডাে অঞ্চললৈকে। উত্তৰ কেৰােলিনা, কেণ্টকি, ভাৰ্জিনিয়া, মেৰিলেণ্ড আদি অঞ্চলত প্ৰচুৰ পৰিমাণে ধপাত উৎপাদন হয়। আকৌ নেব্ৰাস্কা, কেনছাছ, পূৱ কলােৰাডাে, ওহামা আৰু টেক্সছ ৰাজ্যত অধিক পৰিমাণে শীতকালীন গম উৎপাদন হয়।
মাকৈ বলয় অঞ্চলটো মধ্য অ’হিওৰ পৰা মধ্য নেব্ৰাস্কালৈ বিস্তৃত আৰু এই অঞ্চলৰ অন্তৰ্গত ঠাইসমূহ হৈছে — আইওৱা, ইলিনইছ ইণ্ডিয়ানা, মিনেছটা, পেঞ্চিলভেনিয়া আৰু নেব্ৰাস্কা ৰাজ্য। এইবােৰ ঠাইত যথেষ্ট পৰিমাণে মাকৈ উৎপাদন হয়।
বসন্তকালীন গম বলয় প্ৰেইৰী, অঞ্চলৰ উত্তৰ অংশত অৱস্থিত। আমৰিকা যুক্তৰাষ্ট্ৰৰ মন্টানা, উত্তৰ ডাকোটা, দক্ষিণ ডাকোটা আৰু পশ্চিম মিনেছ’টা ৰাজ্যত বসন্তকালীন গম উৎপাদন কৰা হয়।
উত্তৰ – পূৱ প্ৰান্তীয় মিশ্ৰ কৃষি বলয়ৰ অন্তৰ্গত ঠাইসমূহ হৈছে গ্ৰেট লেকৰ দক্ষিণ আৰু পূৱত থকা মিনেছ’টা, উইকনচিন, মিচিগান, পেঞ্চিলভেনিয়া আৰু নিউ ইংলেণ্ড। এই অঞ্চলত ৰাই, বাৰ্লি আদি খেতিৰ লগতে বাণিজ্যিক ভিত্তিত পশুপালন কৰা হয়।
শুকান কৃষি আৰু পশুপালন বলয়টো প্ৰধানকৈ মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কৰ্ডিলেৰা অঞ্চলৰ পূৱ অংশকলৈ গঠিত। এই অঞ্চলত বিস্তৃত ঘাঁহনি পথাৰ আছে বাবে পশুপালন উপযােগী। এই অঞ্চলৰ অন্তৰ্গত ঠাইসমূহ হৈছে — টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ, কলােৰাডাে, ৱাইয়ােমিং, ইডাহাে আৰু মণ্টানো আদি। এই অঞ্চলবােৰত শুকান কৃষিৰ জৰিয়তে জোৱাৰ – বজৰা জাতীয় শস্য, বালি, মাকৈ আদি শস্য উৎপাদন কৰা হয়।
ভূমধ্যসাগৰীয় কৃষি বলয়টো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূমধ্য সাগৰীয় জলবায়ু বিৰাজ কৰা প্ৰশান্ত মহাসাগৰীয় উপকূলত থকা কেলিফৰ্নিয়া অঞ্চল। এই অঞ্চলটোত অধিক পৰিমাণে, গম, কপাহৰ লগতে আপেল, সুমথিৰা, আঙুৰ আদি ফল উৎপাদন হয়।
উত্তৰ – পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয় অঞ্চলটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশিংটন, ওৰিগন আৰু ইডাহাে ৰাজ্যৰ অন্তৰ্গত। এই অঞ্চলটোত মাকৈ গম আদি উৎপাদনৰ উপৰিও বিস্তৃতভাৱে পশুপালন কৰে।
7. আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পৰ্কে মানচিত্ৰৰ সহায়ত আলােচনা কৰা।
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ১৭৭৬ চনত গঠিত হােৱাৰ সময়ত দেশখনৰ মুঠ জনসংখ্যা আছিল তিনি নিযুত। কিন্তু দেশখনে স্বাধীনতা পােৱাৰ পাছৰেপৰা ইউৰোপীয় দেশসমূহৰ পৰা হােৱা প্ৰব্ৰজনৰ লগতে আন আন সময়ত অন্যান্য ৩৭ খন ৰাজ্য যুক্তৰাষ্ট্ৰৰ সৈতে লগ লগাত দেশখনৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়। সম্প্ৰতি ২০০৭ চনৰ এক আনুমানিক তথ্যমতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা হৈছে ৩০২ নিযুত। তলৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি দেখুওৱা হ’ল—
আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি | |
লোকপিয়ল বৰ্ষ | জনসংখ্যা (নিযুত হিচাপত) |
১৭৭৬ | ৩ |
১৮০০ | ৫ |
১৮৫০ | ২৩ |
১৯০০ | ৭৬ |
১৯৫০ | ১৫১ |
১৯৭০ | ২০২ |
২০০০ | ২৮১ |
২০০৭ | ৩০২ |
বৰ্তমান জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু প্ৰব্ৰজন হ্ৰাস পােৱাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধিৰ হাব নিম্নগামী হৈছে। ২০০৭ চনৰ এক তথ্যমতে সমগ্ৰ পৃথিৱীৰ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিৰ বাৰ্ষিক গড় হাৰ হৈছে ১.২০ শতাংশ আৰু ইয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধিৰ বাৰ্ষিক হাৰ হৈছে ০.৬০ শতাংশ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ বিতৰণ সুষম নহয়। ইয়াৰ প্ৰধান কাৰণ হৈছে প্ৰাকৃতিক অৱস্থা, যোগাযােগ তথা পৰিবহণ ব্যৱস্থা আৰু উন্নয়ন প্ৰক্ৰিয়াৰ পাৰ্থক্য। দেশখনৰ পূবত থকা আপেলেছিয়ান উচ্চভূমি আৰু আটলান্টিক উপকূলীয় অঞ্চলৰ জনবসতি ঘন আৰু পশ্চিম দিশত থকা মধ্যভাগৰ সমভূমি আৰু কৰ্ডিলেৰা অঞ্চলত জনবসতি অতি পাতল। আকৌ পশ্চিম প্ৰান্তত থকা উপকূলীয় অঞ্চল ঘন জনবসতিপূৰ্ণ। মিচিগান ৰাজ্যৰ দক্ষিণ আৰু পূৱ অংশত দেশখনৰ প্ৰায় দুই – তৃতীয়াংশ লােক বসবাস কৰে। তলৰ মানচিত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ বিতৰণ দেখুওৱা হ’ল—
আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গকিল’মিটাৰত ৩২ জন। আনহাতে মাছাছুছেটছ, নিউজাৰ্ছি আৰু ৰড আইলেণ্ড ৰাজ্যত জনসংখ্যা ঘনত্ব ৩০০ ৰো অধিক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী বাশিংটন ডি . চি . থকা কলাম্বিয়া জিলাৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গকিল’মিটাৰত প্ৰায় ৩৬০০ জন, ইয়াৰ বিপৰীতে পশ্চিমত থকা মধ্য সমভূমি আৰু কৰ্ডিলেৰা অঞ্চলত জনসংখ্যা ঘনত্ব ১৫ জন। সমগ্ৰ পশ্চিম অঞ্চলটো ওখােৰা – মােখােৰা পাৰ্বত্য ভূমি আৰু বৰষুণৰ অভাৱৰ বাবে জনবসতি আৰু আৰ্থিক প্ৰগতিৰ বাবে অনুপযােগী। সম্প্ৰতি খনিজ সম্পদক কেন্দ্ৰ কৰি পাৰ্বত্য অঞ্চলত কিছুমান ঠাইত জনবসতি গঢ়ি উঠিছে যদিও সি সন্তোষজনক নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানকৈ উদ্যোগিক উন্নয়নৰ বাবে মুঠ জনসংখ্যাৰ তিনি – চতুৰ্থাংশতকৈ বেছি নগৰত বাস কৰে। দেশখনৰ অধিকাংশ লােক নগৰবােৰত বসবাস কৰে।
8. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চলকেইটাৰ নাম লিখা আৰু মানচিত্ৰত দেখুওৱা। তাৰে এটা অঞ্চলৰ বিতং বিৱৰণ দিয়া।
উত্তৰঃ ঔদ্যোগিক বিকাশৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰক তলৰ তিনিটা ঔদ্যোগিক অঞ্চলত ভাগ কৰিব পাৰি—
(A) উত্তৰ-পূব উদ্যোগ অঞ্চল ও উত্তৰ-পূব উদ্যোগ অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰপূৰ্ব অংশত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ মাটিকালিৰ মাত্ৰ ১০ শতাংশ ব্যাপ্ত হৈ থকা এই অঞ্চলটোত দেশখনৰ প্ৰায় ৫০ শতাংশ লােক বাস কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ উদ্যোগৰ ৭৫ শতাংশ ইয়াত অৱস্থিত। কয়লা, লাে,পেট্ৰলিয়াম আদিৰ দৰে খনিজ সম্পদৰ উপস্থিতি আৰু সু-বিকশিত পৰিবহণ আৰু যােগাযােগ ব্যৱস্থা এই অঞ্চলৰ উদ্যোগৰ উচ্চ বিকাশৰ কাৰণ।
এই অঞ্চলক তলত দিয়া পাঁচটা ঔদ্যোগিক কেন্দ্ৰত ভাগ কৰিব পাৰি—
(i) পিটছবাৰ্গ, হুইলিং-ক্লিভলেণ্ড উদ্যোগ কেন্দ্ৰঃ পেনিছিলভেনিয়া আৰু অহিঅ’ৰা চৌদিশে পােৱা আপেলেছিয়ান কয়লা এই ঔদ্যোগিক কেন্দ্ৰ বৃদ্ধিৰ ভিত্তি। এই অঞ্চলত উপলব্ধ উন্নত মানদণ্ডৰ কয়লা উন্নত পৰিবহণ ব্যৱস্থা আৰু চুপিৰিয়ৰ অঞ্চলত উপলব্ধ লােৰ আকৰক ভিত্তি কৰি পিটছবাৰ্গ ইয়াং ষ্টাউন, হুইলিং, ক্লিভলেণ্ড আদি ঠাইত বহুতাে বৃহৎ লাে-তীখাৰ উদ্যোগ স্থাপন হৈ উঠিছে। কাচ আৰু বস্ত্ৰ শিল্পও পিটছবাৰ্গত সুবিকশিত হৈছে। পৃথিবীৰ বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰ আৰাকননা ইয়াতেই অৱস্থিত।
(ii) নিউয়ৰ্ক, ফিলাডেলফিয়া, বাল্টিমােৰ উদ্যোগ কেন্দ্ৰঃ নিউয়ৰ্ক, ফিলাডেলফিয়া আৰু বাল্টিমােৰৰ দৰে বৃহৎ মহানগৰবােৰ এই বিশাল ঔদ্যোগিক কেন্দ্ৰৰ অন্তৰ্গত। ইয়াত অৱস্থিত কিছুমান বিশ্ববিখ্যাত উদ্যোগ হৈছে—
(a) বাল্টিমােৰৰ লাে আৰুতীখা উদ্যোগ। বস্ত্ৰ উদ্যোগ, টিন, পেট্ৰলিয়াম আৰু তাম শােধন উদ্যোগ।
(b) ফিলাডেলফিয়াৰ বস্ত্ৰ, বৈদ্যুতিক আহিলা, পেট্ৰ’লিয়াম, চেনি আৰু ৰবৰ উদ্যোগ।
(c) পূৰ্ব পেঞ্চিলভেনিয়া লাে আৰু তীখা উদ্যোগ, ৰেল ইঞ্জিন।
(d) নিউ জাচীৰ বস্ত্ৰ, বৈদ্যুতিক সামগ্ৰী, বাচন-বৰ্তনৰ উদ্যোগ ইত্যাদি।
(e) নিউয়ৰ্কত বিভিন্ন ধৰণৰ ঔদ্যোগিক কেন্দ্ৰ আছে।
(iii) দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্ৰঃ এই অঞ্চলৰ প্ৰধান ঔদ্যোগিক কেন্দ্ৰবােৰ হৈছে ৰড আইলেণ্ড, মাছচুছেটছ, নিউ হেল্পছায়াৰ আদি। এই অঞ্চলত কয়লা আৰু অন্যান্য খনিজ সম্পদৰ অভাৱ। গতিকে এই অঞ্চলৰ মুখ্য উদ্যোগবােৰ হৈছে বস্ত্ৰ শিল্প আৰু বস্তু উদ্যোগৰ যন্ত্ৰপাতি, চামৰা উদ্যোগ যিবােৰ প্ৰধানতঃ এই প্ৰান্তত উৎপাদিত জলবিদ্যুৎ শক্তিৰ ওপৰত নিৰ্ভৰশীল। এই অঞ্চলটোত কোমল কাঠৰ অৰণ্যৰ অৱস্থিতিৰ ফলত ইয়াত কাগজ আৰু কাগজৰ মণ্ডৰ উদ্যোগ গঢ়ি উঠিছে।
(iv) ডেট্ৰইট উদ্যোগ কেন্দ্ৰঃ ই পৃথিৱীৰ অন্যতম প্ৰধান মটৰগাড়ী নিৰ্মাণ কেন্দ্ৰ। লাে-তীখা, মটৰ গাড়ী নিৰ্মাণ আৰু ইয়াৰ লগত জড়িত উদ্যোগসমূহ থকা ঠাইবােৰ হৈছে লানচিং, ফ্ৰিণ্ট, পন্টিয়াক, জেছন আদি।
(v) দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰঃ লাে আৰু কয়লাৰ সহজ লভ্যতাৰ বাবে এই অঞ্চলত বহুতাে উদ্যোগ যেনে লাে আৰু তীখা, ৰে’লৰ ইঞ্জিন, মটৰ গাড়ী, পামৰ যন্ত্ৰপাতি আদি নিৰ্মাণৰ উদ্যোগ বিকশিত হৈছে। তদুপৰি, পৃথিৱীৰ সৰ্ববৃহৎ মাংস বাণিজ্য কেন্দ্ৰ চিকাগাে ইয়াত অৱস্থিত।
(B) দক্ষিণ ঔদ্যোগিক অঞ্চলঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সছ ৰাজ্যৰ পৰা পূবে আটলান্টিক উপকূলৰ উত্তৰ কেৰােলিনা ৰাজ্যলৈকে দক্ষিণৰ ঔদ্যোগিক অঞ্চল বিস্তৃত। এই অঞ্চলৰ ঔদ্যোগিক বিকাশৰ মুখ্য কাৰণবােৰ হৈছে—
(i) জলবিদ্যুৎ, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, লাে আৰু অন্যান্য খনিজ সম্পদৰ উপলব্ধতা।
(iii) আপেলেছিয়ান অঞ্চলৰ বনজ সম্পদ।
(iv) কপাহ, ধপাত, কুঁহিয়াৰ আদিৰ দৰে এই অঞ্চলত পােৱা কৃষিজাত সম্পদ।
এই ঔদ্যোগিক অপলক দুটা ভাগত ভাগ কৰিব পাৰি—
(a) দক্ষিণ-পূৰ্ব ঔদ্যোগিক কেন্দ্ৰ।
(b) দক্ষিণ পশ্চিম ঔদ্যোগিক কেন্দ্ৰ। দক্ষিণ-পশ্চিম ঔদ্যোগিক কেন্দ্ৰ আকাশী যান নিৰ্মাণ উদ্যোগৰ বাবে বিখ্যাত।
(C) প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চলঃ এই অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষুদ্ৰতম আৰু নৱতম ঔদ্যোগিক কেন্দ্ৰ। ই পশ্চিমে প্ৰশান্ত উপকূলত অৱস্থিত ৱাশিংটন, অগিন আৰু কেলিফোৰ্ণিয়া ৰাজ্যৰ দ্বাৰা গঠিত। বিখ্যাত ঔদ্যোগিক অঞ্চলবােৰ হৈছে লছ এঞ্জেলছ আৰু ছানফ্ৰান্সিকো। এই অঞ্চলত জলবিদ্যুৎ আৰু পেট্ৰলিয়াম ব্যৱহাৰ কৰি বিভিন্ন উদ্যোগ যেনে – লাে আৰু তীখা উদ্যোগ, বিমান উদ্যোগ, কাগজ আৰু সুৰা নিৰ্মাণ উদ্যোগ বিকশিত হৈছে। দেশৰ প্ৰায় ১০% শ্ৰমিকে এই অঞ্চলৰ উদ্যোগবােৰত কাম কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্ণিয়াৰ চলচ্চিত্ৰ উদ্যোগ বিশ্ব বিখ্যাত।
9. মধ্য সমভূমি অঞ্চলৰ নদ-নদী৷ চমুটোকা লিখা৷
উত্তৰঃ পশ্চিমৰ ৰকি পৰ্বতশ্ৰেণী আৰু পূবৰ আপেলেছিয়ান উচ্চভূমিৰ মাজৰ বিস্তৃত সমভূমি অঞ্চলটোৱেই হৈছে মধ্য সমভূমি অঞ্চল। এই অঞ্চলটো উত্তৰে বৃহৎ সৰােবৰ অঞ্চলৰ ৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত। এয়া মিছিছিপি-মিছেৰি অৱবাহিকাৰ অংশ। মিছিছিপি, মিছৌৰি আৰু ইয়াৰ উপনৈসমূহে মধ্য সমভূমি অঞ্চলক আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক অন্যতম উৰ্বৰ পলসুৱা সমতল ভূমিত পৰিণত কৰিছে। এই সমভূমি অঞ্চলটোক চাৰিভাগত ভগাব পাৰি—
(a) উচচ সমভূমি অঞ্চলঃ ৰকি পৰ্বতৰ পূৰ্বফালৰ নামনি অঞ্চলৰ ওখ অংশটোক উচ্চ সমভূমি বুলি কোৱা হয়।
(b) মিছিছিপি সমভূমিঃ আপেলেছিয়ান উচ্চভূমি আৰু উচ্চ সমভূমিকৰ মাজৰ মিছিছিপি মিছেৰি নদীই সৃষ্টি কৰা সমতল ভূমিয়েই হৈছেমিছিছিপি সমভূমি। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ৩০০ মিটাৰতকৈ অধিকনহয়। এই বিস্তীৰ্ণ সমভূমি অঞ্চলটোত কিছুমান টিলা সদৃশ গঠন পৰিলক্ষিত হয়।
(c) বৃহৎ সৰবৰ অঞ্চলঃ হিমবাহৰ ক্ৰিয়াৰ ফলত সৃষ্টি হােৱা চুপিৰিয়ৰ মিছিগান, হুৰন, ইৰি, অণ্টেৰিঅ’আদিৰ কাষৰীয়া সমতল ভাগেই হৈছে বৃহৎ সৰােবৰ অঞ্চল।
(d) মেক্সিকো উপকূলীয় সমভূমিঃ মধ্য সমভূমি অঞ্চলৰ দক্ষিণে মেক্সিকো উপকূলীয় সমভূমি অৱস্থিত। সাগৰপৃষ্ঠৰ পৰা এই অঞ্চলৰ উচ্চতা ২০০ মিটাৰৰ অধিক নহয়। এই অঞ্চলত সঘনে বানপানী হয়। মিছিছিপি নদীৰ বদ্বীপ এই সমভূমিত অৱস্থিত। মধ্য সমভূমি অঞ্চলৰ কিছুমান গুৰুত্বপূৰ্ণ মহানগৰ হৈছে- মিনিয়া পলিচ, চিকাগাে, কেনছাছ, ছেন্ট-লুইছ, বাৰ্মিংহাম, নিউ অলিয়েঞ্চ, মিয়ামি,হ’ষ্টন আদি।
10. আপেলেছিয়ান উচ্চভূমিৰ ভূ-প্ৰকৃতি৷ চমুটোকা লিখা৷
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলান্টিক মহাসাগৰৰ প্ৰায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি বুলি কোৱা হয়। আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ উত্তৰে হাডছন উপত্যকা আৰু ইৰি-অন্টাৰিও হ্ৰদৰ পৰা দক্ষিণে এলবামা পৰ্যন্ত বিস্তৃত। আপেলেছিয়ান উচ্চভূমিৰ কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে—
(a) ই পাহাৰ, পৰ্বত, মালভূমি, সমতল আদিৰে গঠিত হােৱা বাবে ইয়াৰ ভূপ্ৰকৃতি অতি জটিল। এইবােৰৰ মাজত গুৰুত্বপূৰ্ণ কেইটা হৈছে পশ্চিমৰ এলিঘেনী পৰ্বতশ্ৰেণী, দক্ষিণ-পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি, পূৰৰ আপেলেছিয়ান পৰ্বতশ্ৰেণী আৰু উপত্যকা, দক্ষিণৰ ব্ল’ৰিজ পৰ্বত আৰু পূৰ্ব উপকূলীয় নিম্নভূমি।
(b) ইয়াৰ উৎপত্তি পশ্চিম দিশত অৱস্থিত ৰকিতকৈ বহুত আগতে হৈছে আৰু গতিকে ইয়াত ৰকিতকৈ অধিক পৰিমাণে বিচূৰ্ণীভৱন ঘটিছে।
(c) এই উচ্চ ভূমিবােৰৰ গড় উচ্চতা সাগৰ পৃষ্ঠতকৈ ২০০০ মিটাৰৰ অধিক নহয়।
(d) এই অঞ্চলৰ মাজেৰে অহিও, টেনিছি, হাড়ছন, এলাবামা আদি নদী বৈ গৈছে।
(e) আপেলেছিয়ান পৰ্বতৰ পূব আৰু দক্ষিণফালে অৱস্থিত আটলান্টিক উপকূলীয় সমভূমি অঞ্চলৰ উত্তৰ অংশ সংকীৰ্ণ আৰু দক্ষিণ অংশ কিছু বহল।
(f) এই অঞ্চল খনিজ সম্পদত বৰ সমৃদ্ধ আৰু নিউয়ৰ্ক, বষ্টন,ফিলাডেলফিয়া বাল্টিম্যেৰ আটলান্টা ইত্যাদি বহু সংখ্যক মহানগৰ আৰু চহৰ ইয়াত গঢ় লৈ উঠিছে। আমেৰিকাৰ আপেলেছিয়ান উচ্চভূমি অঞ্চল এক অন্যতম উদ্যোগিক আৰু অৰ্থনৈতিকভাৱে বিকশিত অঞ্চল, এয়া কয়লা, পেট্ৰলিয়াম, ললা ইত্যাদি গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ উপলব্ধতাৰ ফল, যিয়ে বিভিন্ন উদ্যোগৰ বিকাশত সহায় কৰিছে।
11. ৰকি পৰ্বত অঞ্চলৰ ভূ-প্ৰকৃতি৷ চমুটোকা লিখা।
উত্তৰঃ পূবে উচ্চ সমভূমি অঞ্চল আৰু পশ্চিমৰ প্ৰশান্ত উপকূলৰ মাজৰ পাহাৰ, পৰ্বত, মালভূমি, উপত্যকা হ্ৰদ আদিৰে গঠিত ভূখণ্ডটোৱেই হৈছে কৰ্ডিলেৰা অঞ্চল। এই অঞ্চলটো উত্তৰা-দক্ষিণাকৈ বিস্তৃত আৰু এই অঞ্চলৰ পশ্চিমে অৱস্থিত উচ্চ অংশই হৈছে ৰকি পৰ্বতশ্ৰেণী। ৰকি হৈছেনবীন ভংগিল পৰ্বত। ৰকিৰ কিছুমান শৃংগৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৪,২০০ মিঃতকৈ অধিক। কৰ্ডিলেৰা অঞ্চলৰ পশ্চিমে অৱস্থিত কিছুমান গুৰুত্বপূৰ্ণ পৰ্বতমালা হৈছে চিয়ে নেভাডা, কাস্কেড আৰু কষ্টৰেঞ্জ বা উপকূলীয় পৰ্বতমালা। কৰ্ডিলেৰা অঞ্চলটোৰ দুশাৰী সমান্তৰাল পৰ্বতৰ মাজৰ মালভূমিকেইটা হৈছে-কলম্বিয়া মালভূমি, গ্ৰেট বেছিন, কলােৰাডাে ইত্যাদি। গ্ৰেট বেছি সমন্বিতে এই সমগ্ৰ অঞ্চলটো প্ৰশান্ত উপকুলীয় পৰ্বতশ্ৰেণীৰ বৃষ্টিচ্ছায়া অঞ্চলত অৱস্থিত। গ্ৰেট ছল্ট লেক এই অঞ্চলতে অৱস্থিত। কৰ্ডিলেৰা অঞ্চলৰ পৰা কেইবাখনাে নদীৰ সৃষ্টি হৈ অঞ্চলটোৰ মাজেৰে প্ৰবাহিত হৈছে।
এই নদীবােৰৰ ভিতৰত কলম্বিয়া, স্নেক আৰু কলােৰাডাে পশ্চিম দিশে প্ৰবাহিত হৈ প্ৰশান্ত মহাসাগৰত পৰিছে। আনহাতে মিছেীৰী, আৰকানছাছ, ৰেড আদি নদী মিছিছিপিৰ লগ লাগিছে আৰু দক্ষিণ দিশে প্ৰবাহিত হৈ মেক্সিকো উপসাগৰত পৰিছে। ৰিও গ্ৰেণ্ড নদীও দক্ষিণ-পূৰ্ব দিশে প্ৰবাহিত হৈ মেক্সিকো উপসাগৰত পৰিছে। কৰ্ডিলেৰা অঞ্চলটোৰ পশ্চিমফালে অৱস্থিত পৰ্বত শ্ৰেণীৰ মাজত পিউগেট ছাউণ্ড, উইলামেন্ট আৰু কেলিফোৰ্ণিয়া উপত্যকা আদি আছে। বিশ্ববিখ্যাত কলােৰাডাে নদীৰ গ্ৰেণ্ড কেনিয়ন আৰু মৃত্যু উপত্যকা এই কৰ্ডিলেৰা অঞ্চলতে আছে। কৰ্ডিলেৰা সােণ, ৰূপ, তাম, কয়লা, পেট্ৰলিয়াম আদিৰ দৰে খনিজ সম্পদত চহকী। কেলিফোৰ্ণিয়া উপকূল অঞ্চলটো কৃষিৰ বাবে অতিশয় উপযােগী। এই অঞ্চলত ভূমধ্য সাগৰীয় জলবায়ুৰ প্ৰভাৱত বৃষ্টিপাত শীতকালত হয়। এই অঞ্চলৰ কিছুমান গুৰুত্বপূৰ্ণ মহানগৰ হৈছে, ছিয়াটল পােৰ্টলেণ্ড, ছানফ্ৰান্সিকো লছ এঞ্জেলছ, লাছ ভােগাছ ইত্যাদি।
12. আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উদ্যোগ অঞ্চল৷ চমুটোকা লিখা৷
উত্তৰঃ উত্তৰ-পূব উদ্যোগ অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰপূব অংশত অৱস্থিত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ মাটিকালিৰ মাত্ৰ ১০ শতাংশ ব্যাপ্ত হৈ থকা এই অঞ্চলটোত দেশখনৰ প্ৰায় ৫০ শতাংশ লােক বাস কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ উদ্যোগৰ ৭৫ শতাংশ ইয়াত অৱস্থিত। কলা, লল,পেট্ৰলিয়াম আদিৰ দৰে খনিজ সম্পদৰ উপস্থিতি আৰু সু-বিকশিত পৰিবহণ আৰু যােগাযোগ ব্যৱস্থা এই অঞ্চলৰ উদ্যোগৰ উচ্চ বিকাশৰ কাৰণ।
এই অঞ্চলক তলত দিয়া পাঁচটা ঔদ্যোগিক কেন্দ্ৰত ভাগ কৰিব পাৰি—
(i) পিটছবাৰ্গ, হুইলিং-ক্লিভলেণ্ড উদ্যোগ কেন্দ্ৰঃ পেনিছিলভেনিয়া আৰু অহিঅ’ৰা চৌদিশে পােৱা আপেলেছিয়ান কয়লা এই ঔদ্যোগিক কেন্দ্ৰ বৃদ্ধিৰ ভিত্তি। এই অঞ্চলত উপলব্ধ উন্নত মানদণ্ডৰ কয়লা উন্নত পৰিবহণ ব্যৱস্থা আৰু চুপিৰিয়ৰ অঞ্চলত উপলব্ধ লােৰ আকৰক ভিত্তি কৰি পিটছবাৰ্গ ইয়াং ষ্টাউন, হুইলিং, ক্লিভলেণ্ড আদি ঠাইত বহুতাে বৃহৎ লাে-তীখাৰ উদ্যোগ স্থাপন হৈ উঠিছে। কাচ আৰু বস্ত্ৰ শিল্পও পিটছবাগত সুবিকশিত হৈছে। পৃথিবীৰ বৃহত্তম ৰবৰ উদ্যোগ কেন্দ্ৰ আৰাকননা ইয়াতেই অৱস্থিত।
(ii) নিউয়ৰ্ক, ফিলাডেলফিয়া, বাল্টিমােৰ উদ্যোগ কেন্দ্ৰ ও নিউয়ৰ্ক, ফিলাডেলফিয়া আৰু বাল্টিমােৰৰ দৰে বৃহৎ মহানগৰবােৰ এই বিশাল ঔদ্যোগিক কেন্দ্ৰৰ অন্তৰ্গত। ইয়াত অৱস্থিত কিছুমান বিশ্ববিখ্যাত উদ্যোগ হৈছে—
(a) বাল্টিমোেৰৰ লাে আৰুতীখা উদ্যোগ। বস্ত্ৰ উদ্যোগ, টিন, পেট্ৰলিয়াম আৰু তাম শােধন উদ্যোগ।
(b) ফিলাডেলফিয়াৰ বস্ত্ৰ, বৈদ্যুতিক আহিল, পেট্ৰলিয়াম,- চেনি আৰু ৰবৰ উদ্যোগ।
(c) পূব পেঞ্চিলভেনিয়া লে আৰুতীখা উদ্যোগ, ৰে’ল ইঞ্জিন।
(d) নিউ জাৰ্চীৰ বস্ত্ৰ, বৈদ্যুতিক সামগ্ৰী, বাচন-বৰ্তনৰ উদ্যোগ ইত্যাদি।
(e) নিউয়ৰ্কত বিভিন্ন ধৰণৰ ঔদ্যোগিক কেন্দ্ৰ আছে।
(iii) দক্ষিণ নিউইংলেণ্ড উদ্যোগ কেন্দ্ৰঃ এই অঞ্চলৰ প্ৰধান ঔদ্যোগিক কেন্দ্ৰবােৰ হৈছে ৰড় আইলেও, মাছচুছেটছ, নিউ হেল্পছায়াৰ আদি। এই অঞ্চলত কয়লা আৰু অন্যান্য খনিজ সম্পদৰ অভাৱ। গতিকে এই অঞ্চলৰ মুখ্য উদ্যোগবােৰ<p>হৈছে বস্ত্ৰ শিল্প আৰু বস্ত্ৰ উদ্যোগৰ যন্ত্ৰপাতি, চামৰা উদ্যোগ যিবােৰ প্ৰধানতঃ এই প্ৰান্তত উৎপাদিত জলবিদ্যুৎ শক্তিৰ ওপৰত নিৰ্ভৰশীল। এই অঞ্চলটোত কোমল কাঠৰ অৰণ্যৰ অৱস্থিতিৰ ফলত ইয়াত কাগজ আৰু কাগজৰ মণ্ডৰ উদ্যোগ গঢ়ি উঠিছে।
(iv) ডেট্ৰ ইট উদ্যোগ কেন্দ্ৰঃ ই পৃথিৱীৰ অন্যতম প্ৰধান মটৰগাড়ী নিৰ্মাণ কেন্দ্ৰ। লাে-তীখা, মটৰ গাড়ী নিৰ্মাণ আৰু ইয়াৰ লগত জড়িত উদ্যোগসমূহ থকা ঠাইবােৰ হৈছে লানচিং, ফ্লিন্ট, পন্টিয়াক, জেকচ্ছন আদি।
(v) দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰঃ লাে আৰু কয়লাৰ সহজ লভ্যতাৰ বাবে এই অঞ্চলত বহুতাে উদ্যোগ যেনে লাে আৰু তীখা, ৰে’লৰ ইঞ্জিন, মটৰ গাড়ী, পামৰ যন্ত্ৰপাতি আদি নিৰ্মাণৰ উদ্যোগ বিকশিত হৈছে। তদুপৰি, পৃথিৱীৰ সৰ্ববৃহৎ মাংস বাণিজ্য কেন্দ্ৰ চিকাগাে ইয়াত অৱস্থিত।
13. আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়৷ চমুটোকা লিখা৷
উত্তৰঃ শস্যৰ কৃষিকাৰ্যৰ ভিত্তিত বা কিছুমান কৃষিগত বিশেষত্বৰ ভিত্তিত দেশ এখনৰ বিভাজন কৰাকে ‘কৃষি বলয়’ৰ দ্বাৰা সূচোৱা হয়। ভূ-প্ৰকৃতি, জলবায়ু,ভূমি ইত্যাদিৰ ভিত্তিত আমেৰিকা যুক্তৰাষ্ট্ৰকনটা কৃষি বলয়ত ভাগ কৰা হৈছে। সেইবােৰৰ প্ৰত্যেকৰে বিস্তৃত ব্যাখ্যা তলত দিয়া হৈছে—
(i) ধান আৰু কুঁহিয়াৰ বলয়ঃ এই কৃষি বলয় মেক্সিকো উপকূলত অৱস্থিত। ই ফ্ল’ৰিডা, জৰ্জিয়া, এলাবামা, মিছিছিপি, লুছিয়ানা ৰাজ্যৰ দক্ষিণ অংশ আৱৰি আছে। এই অঞ্চলত উপক্ৰান্তীয় জলবায়ু বিৰাজ কৰে। ইয়াৰ প্ৰভাৱত উষ্ণতা<p>অধিক হােৱাৰ লগতে বৰষুণৰ পৰিমাণ অধিক হয়।
(ii) কপাহ বলয়ঃ এই কৃষি মণ্ডল ধান আৰু কুঁহিয়াৰ বলয়ৰ উত্তৰত অৱস্থিত আৰু মিছিছিপি উপত্যকাৰ দক্ষিণ অংশ আৱৰি আছে। কপাহ বলয়ৰ উত্তৰ সীমা নিৰ্ধাৰণ কৰিছে ৩৬° উত্তৰ অক্ষাংশই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ৫০% কপাহ টেক্সাছ, মিছিছিপি আৰু আৰকানছাছ ৰাজ্যত উৎপন্ন হয়।
(iii) শীতকালীন ঘেঁহু আৰু ধঁপাত বলয়ঃ কপাহ বলয়ৰ উত্তৰে অৱস্থিত এই কৃষি বলয় আটলান্টিক উপকূলৰ পৰা পশ্চিমে কলােৰাডাে পৰ্যন্ত বিস্তৃত। ধপাত বলয়ৰ অন্তৰ্গত উত্তৰ কেৰােলিনা, কেন্টুকি, ভাৰ্জিনিয়া, মেৰিলেণ্ড আদি অৱস্থিত। এই বলয়ৰ পূব অংশত প্ৰচুৰ পৰিমাণে যথেষ্ট পৰিমাণৰ<p>ধপাত উৎপন্ন হয় আৰু ইয়াৰ পশ্চিম অংশত থকা নেব্ৰাস্কা, কেনছাছ, পূৰ্ব কলােৰাডাে, ওকলাহামা আৰু টেক্সাছ ৰাজ্যত শীতকালীন ঘেঁহু খেতি হয়। ইয়াত উৎপাদন হােৱা অধিকাংশ ঘেঁহু অন্য দেশলৈ ৰপ্তানি কৰা হয়।
(iv) মাকৈ বলয়ঃ শীতকালীন ঘেঁহু বলয়ৰ উত্তৰে মধ্য অ’হিঅৰ পৰা মধ্য নেব্ৰাস্কালৈ বিস্তৃত অঞ্চলটোৱেই হৈছে মাকৈ বলয়। আমেৰিকা যুক্তৰাষ্ট্ৰত উৎপন্ন মাকৈৰ অধিকাংশ আইওৱা, ইলিনইছ, ইণ্ডিয়ানা, মিনেছ’টা, পেঞ্চিলভেনিয়া আৰু নেব্ৰাস্কাৰ পৰা আহৰণ কৰা হয়।
(v) বসন্তকালীন ঘেঁহু বলয়ঃ এই বলয়টো প্ৰেইৰী অঞ্চলৰ উত্তৰে অৱস্থিত। এই বলয়ত শীতৰ প্ৰকোপ বেছি হােৱা বাবে ইয়াত বসন্তকালত ঘেঁহু খেতি কৰা হয়। এই বলয়ৰ অন্তৰ্গত মণ্টাজা, উত্তৰ ডাকোটা, দক্ষিণ ডাকোটা, পশ্চিম মিনেছ’টা অৱস্থিত। এই অঞ্চলত উৎকৃষ্ট মানৰ ঘেঁহু উৎপন্ন হয় আৰু ৰাহি হােৱা অংশ কিছুমান দেশলৈ ৰপ্তানি কৰা হয়।
(vi) উত্তৰ-পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয়ঃ এই বলয়ৰ অন্তৰ্গত গ্ৰেট লেকৰ দক্ষিণ আৰু পৃথৰ ৰাজ্যবােৰ অন্তৰ্ভুক্ত। এই ৰাজ্যবােৰ হৈছে মিনেছটা, উইকনচিন, মিচিগান, পেঞ্চিলভেনিয়া আৰু নিউ ইংলেণ্ড। এই বলয়টোক দুগ্ধপাম বলয় বুলিও জনা যায়। এই বলয়ৰ তৃণভূমি অঞ্চলত বিস্তৃতভাৱে পশুপালন কৰা হয়। তদুপৰি ৰাই, বাৰ্লি আদিৰাে ইয়াত খেতি কৰা।
(vii) শুকান কৃষি আৰু পশুপালন বলয়ঃ এই কৃষি বলয়টো মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কৰ্ডিলেৰা অঞ্চলৰ পূব অংশত অৱস্থিত। এই অঞ্চলত কম বৃষ্টিপাত হােৱা বাবে ইয়াত প্ৰচুৰ পৰিমাণে ঘাঁহ উৎপন্ন হয় যাৰ ফলত ইয়াৰ পশুপালনৰ বিকাশ সাধন হৈছে। ইয়াৰ ভৌগােলিক পৰিৱেশ গৰুম’হ, ভেড়া পালনৰ বাবে উপযােগী। এই বলয়ৰ অন্তৰ্ভুক্ত প্ৰধান অঞ্চলবােৰ হৈছে টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ, কলােৰাড, নেভাডা, বাইয়ােনিং, ইড়াহহা, মন্টানা আদি শুকান কৃষিৰ জৰিয়তে জোৱাৰ বজৰা জাতীয় শস্যৰ উৎপাদন হয়, আনহাতে জলসিঞ্চন পদ্ধতিৰে বালি, মাটক আদি শস্য উৎপাদন কৰা হয়। পশুপালনৰ জৰিয়তে আহৰণ কৰা প্ৰধান সামগ্ৰীবােৰ হ’ল গাখীৰ, মাংস আৰু উল।
(vii) ভূমধ্য সাগৰীয় কৃষি বলয়ঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত মহাসাগৰীয় উপকূলত থকা কেলিফোৰ্ণিয়া অঞ্চলটো এই বলয়ৰ অন্তৰ্গত। ঘেঁহু আৰু কপাহৰ উপৰিও অঞ্চলটোত কমলা টেঙা, আঙুৰ, আপেল আদি ফল-মূল যথেষ্ট পৰিমাণে উৎপন্ন হয়।
(ix) উত্তৰ-পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয়ঃ এই বলয়ৰ অন্তৰ্ভুক্ত প্ৰধান অলবােৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পশ্চিম প্ৰান্তত থকা ৱাশিংটন, ইভাহাে, ওৰিগন আদি। ঘেঁহু আৰু মাটকৰ খেতিৰ বাবে এই অঞ্চলটো অতি উপযোগী। শস্যৰ উৎপাদনৰ লগতে অঞ্চলটোত গাখীৰ আৰু মাংসৰ বাবে পশুপালনাে কৰা হয়। সেইবাবে এই অঞ্চলটোক মিশ্ৰ কৃষি বলয় বুলি কোৱা হয়।
14. আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বৈশিষ্ট্য৷ চমুটোকা লিখা৷
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ আৰ্থিকভাৱে সবাতােকৈ বিকশিত দেশ। দেশখনৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনমুৰি আয় বৰ্তমান ৩৮,০০০ ডলাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ ২০% কয়লা, তাম আৰু পেট্ৰলিয়াম উৎপাদন কৰে। ই মাকৈ, কপাহ আৰু ধঁপাতৰ সৰ্বোচ্চ উৎপাদনকাৰী আৰু ঘেঁহু আৰু য’ৱৰ দ্বিতীয় সৰ্বাধিক উৎপাদনকাৰী। ই পৃথিৱীৰ মাকৈ আৰু ঘেঁহু উৎপাদনৰ ক্ৰমান্বয়ে ৪৬% আৰু ১৮% উৎপাদন কৰে। পৃথিৱীৰ ৰপ্তানীৰ ১০% ত কৈও অধিক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৰপ্তানি হয়।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিৰ অন্যতম উল্লেখযােগ্য বৈশিষ্ট্য হৈছে যে ইয়াৰ মুঠ ৰাষ্ট্ৰীয় আয়ৰ মাত্ৰ ২% কৃষিয়ে অৰিহণা যােগায়, উদ্যোগে প্ৰায় ৩০% অৱদান যােগায় আৰু বাণিজ্য, পৰিবহণ আৰু যােগাযােগে প্ৰায় ৬৮% অৱদান যােগায়। ১৫-৬৪ বছৰ বয়সৰ মুঠ জনসংখ্যাৰ ৭৯% বিভিন্ন অৰ্থনৈতিক গতিবিধিত জড়িত। মাত্ৰ ৫% লােকহে জীৱন ধাৰণৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ লােক বাণিজ্য আৰু সেৱা, মাছ মৰা, পশু পালন, খনন আৰু কাঠ কটা ইত্যাদি বিভিন্ন অৰ্থনৈতিক ক্ৰিয়াকলাপত জড়িত। আমেৰিকা যুক্তৰাষ্ট্ৰ, মুখ্যতঃ এক কৃষি ভিত্তিক দেশতকৈ এক উদ্যোগ ভিত্তিক দেশ হিচাপেহে পৰিচিত।
15. আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদ৷ চমুটোকা লিখা৷
উত্তৰঃ বহুতাে খনিজ সম্পদৰ উপলব্ধতা আৰু উপযােগীকৰণৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ প্ৰথম স্থান অধিকাৰ কৰিছে। প্ৰকৃততে, ইয়াৰ খনিজ সম্পদ, পৃথিৱীৰ যিকোনাে বিকশিত দেশতকৈ অধিক। আমেৰিকা যুক্তৰাষ্ট্ৰত পেট্ৰলিয়াম,প্ৰাকৃতিক গেছ, তােৰ আকৰ, তাম, বক্সাইট, সীহ, জিংক, সােণ, ৰূপ আৰু ইউৰেনিয়াম প্ৰচুৰ পৰিমাণে পােৱা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীৰ কয়লা, তাম আৰু পেট্ৰ’লিয়ামৰ প্ৰায় ২০% উৎপাদন কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই পেট্ৰলিয়াম আৰু লােৰ উৎপাদনৰ ক্ষেত্ৰত পৃথিৱীত ক্ৰমান্বয়ে তৃতীয় আৰু চতুৰ্থ স্থান অধিকাৰ কৰিছে। ইয়াত সীহ, জিংক, বক্সাইট, ৰূপ, সােণ আদি খনিজ সম্পদো উপলব্ধ হয়। গতিকে, আমেৰিকা যুক্তৰাষ্ট্ৰত ঔদ্যোগিক বিকাশৰ বাবে প্ৰয়ােজনীয় সকলাে খনিজ সম্পদেই পােৱা যায়। এয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ অত্যধিক ঔদ্যোগিক বিকাশ আৰু অৰ্থনৈতিক প্ৰগতিৰ অন্যতম প্ৰধান কাৰণ।
16. আমেৰিকা যুক্তৰাষ্ট্ৰৰ শুকান কৃষি আৰু পশুপালন বলয়৷ চমুটোকা লিখা৷
উত্তৰঃ এই কৃষি বলয়টো মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কৰ্ডিলেৰা অঞ্চলৰ পূব অংশত অৱস্থিত। এই অঞ্চলত কম বৃষ্টিপাত হােৱা বাবে ইয়াত প্ৰচুৰ পৰিমাণে ঘাঁহ উৎপন্ন হয় যাৰ ফলত ইয়াৰ পশুপালনৰ বিকাশ সাধন হৈছে। ইয়াৰ ভৌগােলিক পৰিৱেশ গৰুম’হ, ভেড়া পালনৰ বাবে উপযােগী। এই বলয়ৰ অন্তৰ্ভুক্ত প্ৰধান অঞ্চলবােৰ হৈছে টেক্সাছৰ পশ্চিম অংশ, নিউ মেক্সিকো, উটাহ, কলােৰাড, নেভাডা, বাইয়ােনিং, ইড়াহহা, মন্টানা আদি শুকান কৃষিৰ জৰিয়তে জোৱাৰ বজৰা জাতীয় শস্যৰ উৎপাদন হয়, আনহাতে জলসিঞ্চন পদ্ধতিৰে বালি, মাটক আদি শস্য উৎপাদন কৰা হয়। পশুপালনৰ জৰিয়তে আহৰণ কৰা প্ৰধান সামগ্ৰীবােৰ হ’ল গাখীৰ, মাংস আৰু উল।
17. আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ৷ চমুটোকা লিখা৷
উত্তৰঃ এই অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষুদ্ৰতম আৰু নৱতম ঔদ্যোগিক কেন্দ্ৰ। ই পশ্চিমে প্ৰশান্ত উপকূলত অৱস্থিত ৱাশিংটন, অৰিগ’ন আৰু কেলিফোৰ্ণিয়া ৰাজ্যৰ দ্বাৰা গঠিত। বিখ্যাত ঔদ্যোগিক অঞ্চলবোৰ হৈছে লছ এঞ্জেলছ আৰু ছানফ্ৰান্সিকো। এই অঞ্চলত জলবিদ্যুৎ আৰু পেট্ৰলিয়াম ব্যৱহাৰ কৰি বিভিন্ন উদ্যোগ যেনে– ললা আৰু তীখা উদ্যোগ, বিমান উদ্যোগ, কাগজ আৰু সুৰা নিৰ্মাণ উদ্যোগ বিকশিত হৈছে। দেশৰ প্ৰায় ১০% শ্ৰমিকে এই অঞ্চলৰ উদ্যোগবােৰত কাম কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্ণিয়াৰ চলচ্চিত্ৰ উদ্যোগ বিশ্ব বিখ্যাত।
18. আমেৰিকা যুক্তৰাষ্ট্ৰৰ নগৰীকৰণ আৰু প্ৰধান নগৰসমূহ৷ চমুটোকা লিখা৷
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ অৰ্থনৈতিকভাৱে আৰু ঔদ্যোগিকভাৱে পৃথিৱীৰ সবাতােকৈ বিকশিত দেশ। দেশখনৰ মুঠ জনসংখ্যাৰ (৩০২ লাখ) ৭৬ শতাংশতকৈ অধিক লােক নগৰীয়া কেন্দ্ৰবােৰত বাস কৰে।
এইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ এক প্ৰধান অংশ নগৰ আৰু মহানগৰত বাস কৰে। ২২ নিযুত জনসংখ্যাৰে নিউয়ৰ্ক সবাতােকৈ বৃহৎ আৰু অধিক জনবসতিপূৰ্ণ মহানগৰ, দ্বিতীয় স্থানৰ জনবহুল মহানগৰ হৈছে লছ এঞ্জেলছ যাৰ জনসংখ্যা ১৮ নিযুত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্যান্য মুখ্য কেন্দ্ৰবােৰ হৈছে মাছচুছেছ, নিউ জাছি, বড় আইলেণ্ড, ফিলাডেফিয়া, বাল্টিমােৰ, পিটচবৰ্গ, হুইলিং, ক্লাইভলেণ্ড, ডেট্ৰইট, মিছিগান, ছান ফ্ৰান্সিস্কো, লছ এঞ্জেলছ ইত্যাদি।