অসমত ব্ৰিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্ৰোহ | ইতিহাস | Chapter 3 | Class 10 Social Science Question and Answer | Assam Class 10 Social Science Solutions | SEBA Class 10 HSLC Social Science Chapter 3 Notes | SEBA Class 10 HSLC Social Science Chapter 3 Question and Answer | Questions and Answers for Class 10 Social Science Chapter 3 অসমত ব্ৰিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্ৰোহ | HSLC Social Science Questions and Answers Assam


অসমত ব্ৰিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
(Anti-British Uprising in Assam-Agrarian Revolutions)

Very Short Type Questions and Answers (Marks : 1)

1. লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ১৮৯৪ চনত।

2. মণিৰাম দেৱানক কোন বাঙালী মক্তিয়াৰে সহায় কৰিছিল?
উত্তৰঃ মধুমল্লিকা।

3. পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰঃ ১৮৯৪ চনত।

4. কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?
উত্তৰঃ কেপ্টেইন হলৰইডে।

5. ১৮৬১ চনত জয়ন্তীয়া উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ উকিয়াং নবা।

6. ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ১৮৯৩ চনত।

7. টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল?
উত্তৰঃ ইংৰাজ বাহিনীয়ে।

8. মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল?
উত্তৰঃ মণিৰাম দেৱান আৰু পিয়লি বৰুৱা।

9. জে ডব্লিউ কুইণ্টনক কোন হত্যা কৰিছিল?
উত্তৰঃ মণিপুৰীসকলে।

10. কোন চনত মফট মিলচ অসমলৈ আহিছিল?
উত্তৰঃ ১৮৫৩ চনত।

11. কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ।

12. কেঞাসকল কোন আছিল?
উত্তৰঃ মাৰোৱাৰীসকল।

13. লচিমা ক’ত অৱস্থিত?
উত্তৰঃ বজালীত।

14. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ মণিৰাম দেৱান।

15. ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ১৮৬১ চনত।

16. ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহানত বহুৱাব খুজিছিল?
উত্তৰঃ কন্দৰ্পেশ্বৰ সিংহ।

17. লেফটেনেণ্ট ছিংগাৰ কোন আছিল?
উত্তৰঃ নগাঁৱৰ উপাযুক্ত লেফটেনেণ্ট হাৰ্বাট স্কন্সৰ সহকাৰী উপায়ুক্ত আছিল লেফটেনেণ্ট ছিংগাৰ।

18. ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
উত্তৰঃ বিদেশী চৰকাৰখনে কৰ-কাটল সংগ্ৰহতহে বেছি গুৰুত্ৱ প্ৰদান কৰিছিল। তেওঁলোক টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহ কৰিছিল।

19. ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।
উত্তৰঃ (ক) কৃষকৰ ওপৰত বিভিন্ন ধৰণৰ কৰ-কাটল জাপি দিয়া যেনেঃ গ্ৰেজিং কৰ , ভূমি কৰ ইত্যাদি।

(খ) কৃষকৰ উন্নতি হকে ব্ৰিটিছ চৰকাৰে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰা।

20. অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ (ক) অসমৰ বিদ্ৰোহীসকলৰ প্ৰয়োজন অনুসৰি অস্ত্ৰ-শস্ত্ৰৰ যোগান নাছিল।

(খ) ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাপে বিদ্ৰোহত অংশ লোৱা নাছিল।

Long Type Questions and Answers (Marks : 4/5)

1. লচিমাৰ কৃষক বিদ্ৰোহ। —চমু টোকা লিখা।
উত্তৰঃ লচিমাৰ কৃষক বিদ্ৰোহ ও ব্ৰিটিছ প্ৰশাসনৰ দমনৰ বাবে বৰমাত যি শক্তিশালী ৰাইজমেল বহিছিল সেই ৰাইজমেলত লচিমাৰ লগতে অন্যান্য বহুতাে অঞ্চলৰ কৃষকসকলে অংশ গ্ৰহণ কৰিছিল। লচিমা অঞ্চলতেই ১৮৯৪ চনৰ ২১ জানুৱাৰীত মণ্ডল হলিৰাম মিশ্ৰক খাজনা ল’বলৈ যাওঁতে কৃষকসকলে তেওঁক হত্যা কৰে। এই ঘটনাৰ কাৰণে বৰপেটাৰ মহকুমাধিপতিয়ে‌ ২৫ জন লােকক আটক কৰে আৰু লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায়। কিন্তু কৃষকসকলে ৩০০০ লােকে শিবিৰৰ চাৰিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত আটক কৰা কৃষক বন্দীসকলক ৰিহাই দিয়ে। কিন্তু পিছত ৫৯ জন কৃষকক পুলিচ আৰু গােখা ৰেজিমেণ্টৰ লােকক লগত লৈ উপায়ুক্ত মেক কেবে গ্ৰেপ্তাৰ কৰে। ৬০০০ লােকে তেতিয়া বন্দীসকলৰ মুক্তি বিচাৰি।

স্বাক্ষৰিত আবেদন দিছিল। কিন্তু মেক কেবে তেওঁলােকক খেদি পঠিয়ায়। পিছলৈ লচিমা কৃষক বিদ্ৰোহ সংঘটিত কৰাৰ বাবে আৰু হলিৰাম মিশ্ৰক হত্যা কৰাৰ অপৰাধত ১৬ জনক শাস্তি দিয়ে।

2. ফুলগুৰি ধাৱা। —চমু টোকা লিখা।
উত্তৰঃ ফুলগুৰিৰ ধাৱাৰ বিদ্ৰোহৰ প্ৰধান কাৰণ হ’ল চৰকাৰে আফু খেতি বন্ধ কৰাৰ সিদ্ধান্ত। ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰত বিভিন্ন অঞ্চলৰ পৰা বহুতাে কৃষক আহি ফুলগুৰিত ৰাইজ মেল’ অনুষ্ঠিত কৰে আৰু এই ৰাইজ মেলতেই বিদ্ৰোহ ঘােষণা কৰে। নগাঁৱৰ কিছু দূৰত ফুলগুৰি নামৰ অঞ্চলটোত প্ৰচুৰ পৰিমাণে আফু খেতি কৰিছিল আৰু সেই অঞ্চলৰ লােকসকলে এই খেতিৰ দ্বাৰাই জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু ব্ৰিটিছ চৰকাৰে এই আফু খেতি বন্ধ কৰি দিছিল আৰু ইয়াৰ কাৰণে আফু খেতিৰ দ্বাৰা পেট প্ৰৱৰ্তেৱা কৃষকসকল বিদ্ৰোহী হৈ উঠিছিল।

চৰকাৰ আফু খেতি বন্ধ কৰাৰ লগতে তামােল-পানৰ ওপৰতে কৰ লগােৱাৰ নিৰ্দেশ দিছিল। ফুলগুৰি ধাৱাৰ গঠিত ৰাইজমেলৰ কৃষকসকলে লেফটেনেন্ট হাৰ্বাৰ্ট স্কন্সক এই বিষয়ে এখন আবেদনাে প্ৰদান কৰিছিল। কিন্তু চৰকাৰে ইয়াৰ কোনাে গুৰুত্ব নিদিলে। যাৰ বাবে কৃষকসকলে ১৫ অক্টোবৰৰ পৰা পাঁচদিনলৈকে ফুলগুৰিত ৰাইজমেল পাতিছিল।

3. অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব। —চমু টোকা লিখা।
উত্তৰঃ অসমত ব্ৰিটিছৰ বিৰুদ্ধে কৃষকসকলে বহুতাে বিদ্ৰোহ কৰিবলগাত পৰিছিল। ইয়াৰ ভিতৰত উল্লেখনীয় কৃষক বিদ্ৰোহসমূহ হ’ল ফুলগুৰি ধাৱাৰ কৃষক বিদ্ৰোহ, লচিমাৰ কৃষক বিদ্ৰোহ, পথৰুঘাটৰ কৃষক বিদ্ৰোহ, জয়ন্তীয়াসকলৰ কৃষক বিদ্ৰোহ, ৰঙিয়াৰ কৃষক বিদ্ৰোহ, নামনি অসমৰ কৃষক বিদ্ৰোহ ইত্যাদি। অসমৰ কৃষকসকলৰ ওপৰত লগােৱা কৰসমূহ হ’ল টিকট কৰ, আয় কৰ, আমদানি কৰ, হাবিৰ কাঠ, বাঁহ, খেৰ আদিৰ ব্যৱহাৰৰ বাবদ অনুজ্ঞা কৰ, চৰ-চাপৰি বা চৰণীয়া পথাৰত গৰু-ম’হ চৰােৱাৰ বাবদ গ্ৰেজিং কৰ ইত্যাদি।

ইংৰাজে অসমৰ কৃষকসকলক কৰৰ নামত বহুতাে হাৰাশাস্তি কৰে আৰু সেই কাৰণেই কৃষকসকল অধিক বিদ্ৰোহী হৈ উঠে। বিদেশী চৰকাৰখনে অসমত যিসময়ত প্ৰাকৃতিক দুযােগ, মহামাৰী আনকি দুৰ্ভিক্ষৰ সময়তাে কৃষকসকলক কৰৰ পৰা ৰেহাই দিয়া নাছিল। যাৰ ফলস্বৰূপে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা শেষলৈ অসমত এলানি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। এই বিদ্ৰোহে স্বাধীনতা সংগ্ৰামত অসমীয়া জনগণক অনুপ্ৰেৰণা যােগাইছিল।

4. মণিৰাম দেৱান। —চমু টোকা লিখা।
উত্তৰঃ মণিৰাম দেৱানে প্ৰথমতে পুৰন্দৰ সিংহৰ অধীনত দেৱানৰ কাম কৰিছিল। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ যি সময়ত উত্তৰ ভাৰতত আৰম্ভ হৈছিল সেই সময়ত অসমত ইংৰাজ সৈন্যৰ দুটাকৈ ৰেজিমেন্ট আছিল। ভাৰতীয় সৈন্যই প্ৰথমতে যেতিয়া মিৰাটত বিদ্ৰোহ ঘােষণা কৰিছিল সেই সময়ত মণিৰাম দেৱান কলিকতাত আছিল। অসমৰ পৰা ইংৰাজক খেদিবৰ বাবে কলিকতাতে ষড়যন্ত্ৰ ৰচনা কৰিছিল। এই ক্ষেত্ৰত মণিৰাম দেৱানক সহায় কৰিছিল মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰে। মণিৰাম দেৱানৰ এই বিদ্ৰোহত অসমৰ বাহাদুৰ গাঁওবুঢ়া, ফৰ্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াম নাজিৰ, মহবিৰ মুক্তিয়াৰ আদি নেতাসকলে সহায় কৰিছিল।

READ MORE  ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য | Chapter 5 | Class 10 Social Science - SEBA

তেওঁলােকে ভাবিছিল যে কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতি অসমত চিপাহী বিদ্ৰোহ আৰম্ভ কৰিব। কিন্তু ১৮৫৭ চনত মণিৰাম দেৱানৰ ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বহুকেইখন চিঠি শিৱসাগৰৰ প্ৰিন্সিপাল এছিছটেণ্ট কেপ্টেইন হলৰয়ডে ধৰা পেলাইছিল। ইয়াৰ পিছত কন্দপেশ্বৰ সিংহক আটক কৰে। তাৰ পিছত মণিৰাম দেৱান আৰু তেওঁৰ লগৰ মধুমল্লিক, কমলা বৰুৱা, দুতিৰাম বৰুৱা, মায়াম নাজিৰ আদি সকলােকে গ্ৰেপ্তাৰ কৰে। ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যােৰহাট কাৰাগাৰত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়ে।

5. টিকেন্দ্ৰজিৎ। —চমু টোকা লিখা।
উত্তৰঃ ভালেমান ধৰি মণিপুৰ অসম ৰাজ্যৰ শাসনৰ বাহিৰত আছিল। মণিপুৰত সিংহাসন লাভৰ বাবে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা হৈছিল। এই উত্তৰাধিকাৰীৰ যুদ্ধত অসমৰ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্ৰহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহানচ্যুত কৰি নিজেই ৰজা হয়। সুৰচন্দ্ৰই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল যদিও তেওঁলোকে কুলচন্দ্ৰকহে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। কিন্তু তলে তলে চলি থকা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্ৰজিতেক দেশান্তৰিত কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্ৰয়োগ কৰিলে।

কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্ৰিয় নেতাজনক ব্ৰিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ কাৰণে সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কউইণ্টন আৰু চাৰিজন ইউৰোপীয়া বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাকেইজনক হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনী বীৰ সেনাপতি টিকেন্দ্ৰজিতেক ধৰিবলৈ সক্ষম হয়। ব্ৰিটিছ বিষয়াক হত্যা কৰা , ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচী দিয়া হয়।

6. অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা। —চমু টোকা লিখা।
উত্তৰঃ অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা ও ব্ৰিটিছসকতে ৰাজহ ব্যৱস্থাৰ ক্ষেত্ৰত বেছি পৰিমাণে অসমত কৰ-কাটল সংগ্ৰহ কৰিছিল। আগতে অসমত কেতিয়াও ৰাজহ সংগ্ৰহ মুদ্ৰাৰে কৰা নাছিল। কিন্তু ব্ৰিটিছে খাজনা বা অন্যান্য কৰ-কাটল আদি মুদ্ৰাৰ জৰিয়তে সংগ্ৰহ কৰিছিল।

যাৰকাৰণে অসমবাসীক অতি শােচনীয় কৰি তুলিছিল। অসমত ব্ৰিটিছসকলে কৰ লােৱা মুদ্ৰা অৰ্থনীতিয়ে সুদখােৰ মহাজন জাতীয় লােক সৃষ্টি কৰিছিল। যে সুদখােৰ মহাজনৰ পৰা ধাৰ লৈও খাজনা দিব পৰা ব্যৱস্থা কৰি দিছিল। এই সুদখােৰবােৰ অসমৰ বাহিৰৰ বেপাৰী, বাঙালী, মাৰােৱাৰী (কেঞা) আছিল। ইংৰাজে অসমৰ কৃষি ব্যৱস্থাতাে ৰাজহ বিচাৰিছিল। ১৮৬৮-৮৯ চনত মাটিৰ খাজনা শতকৰা ২৫ৰ পৰা ৫০ ভাগ বৃদ্ধি কৰিছিল।

7. পথৰুঘাটৰ ৰণ। —চমু টোকা লিখা।
উত্তৰঃ পথৰুঘাটৰ ৰণ ১৮৯৪ চনত সংঘটিত হৈছিল। এই বিদ্ৰোহৰ মূল কাৰণ আছিল খাজনা বৃদ্ধি আৰু খাজনা সংগ্ৰহত বাধা প্ৰদান কৰা। এই বিদ্ৰোহত কলাইগাঁও, মঙলদৈ, পথৰুঘাট, ছিপাঝাৰ আদি অঞ্চলত কৃষকসকলে অংশগ্ৰহণ কৰিছিল। ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ‌ পথৰুঘাটত কৃষকসকলে বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ একগােট হােৱাৰ কথা ভাবিছিল। কিন্তু ইয়াৰ বিষয়ে মহকুমাধিপতিয়ে গম পােৱাত ৰাইজমেল ভালদৰে অনুষ্ঠিত হ’ব পৰা নাছিল। কৃষকসকলে এই কাৰ্যত বাধা প্ৰদান কৰা কাৰণে কৃষকসকল উত্তেজিত হৈ হাতে হাতে লাঠি জোং লৈ পুলিচ-মিলিটাৰী, প্ৰশাসনিক বিষয়া আদিৰ ওপৰত মাটি চপৰা আদি দলিয়ায়।

প্ৰথমতে চিপাহীকেইজনে বন্দুকৰ নলীৰে ৰাইজক ঠেলি পঠাবলৈ চেষ্টা কৰি বিফল হােৱাত গুলী চালনা কৰে। এই সংঘাতত ১৫০ জন কৃষক আহত হয় আৰু ১৪০ জন নিহত হয়। ইফালে চৰকাৰী বিষয়া ১৫ জনৰ মৃত্যু হয় আৰু ৩৭ জন আহত হয়।পথৰুঘাটৰকৃষকবিদ্ৰোহস্বাধীনতা সংগ্ৰামবাবে অসমবাসীক যথেষ্ট অনুপ্ৰেৰণা যােগাইছিল।

8. কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা।
উত্তৰঃ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ ব্যৰ্থতাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল—
(১) অসমত চিপাহী বিদ্ৰোহৰ ব্যৰ্থতাৰ প্ৰধান কাৰণ আছিল বিদ্ৰোহীসকল অতিশয় কম আছিল। চিপাহী বিদ্ৰোহৰ সময়ত মণিৰাম দেৱানৰ লগত অসমৰ মাত্ৰ কেইখনমান ৰাজ্যইহে সহযােগ কৰিছিল।

(২) ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ ব্যৰ্থতাৰ এক অন্য কাৰণ আছিল যে অসমৰ বিদ্ৰোহীসকলৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ নাছিল।

(৩) মণিৰাম দেৱান তথা তেখেতৰ সহযােগীসকলে এই বিদ্ৰোহত সকলাে। জনসাধাৰণে জড়িত হ’বলৈ কোনাে প্ৰচেষ্টা হাতত লােৱা নাছিল।

(৪) মণিৰাম দেৱানে তেওঁ নিজৰ প্ৰতিপক্ষক দুৰ্বল বুলি অৱজ্ঞা কৰিছিল আৰু বিদ্ৰোহৰ নেতৃত্বৰ বাবে প্ৰয়ােজনীয় দক্ষতাৰ অভাৱ আছিল।

(৫) মণিৰাম দেৱানৰ অসমৰ চিপাহী বিদ্ৰোহৰ সকলাে গােপনীয় ষড়যন্ত্ৰ বিষয়ে ব্ৰিটিছ চৰকাৰে আগতেই গম পাইছিল।

9. ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ তলত আলােচনা কৰা হ’ল—
(১) ভাৰতৰ বিভিন্ন ৰাজ্যক লৰ্ড ডেলহাউচীয়ে স্বত্ববিলােপ নীতি আৰু তেওঁৰ বশ্যতামূলক মিত্ৰতা নীতিয়ে ব্ৰিটিছ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰিব বিচাৰিছিল।

(২) অসমতাে ব্ৰিটিছ শাসনত আঁতৰাই অভিজাত শ্ৰেণীক পূৰ্বৰ ৰাজতন্ত্ৰ শাসনৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল।

(৩) আহােম ৰাজ পৰিয়ালৰ কোনাে এজন কোঁৱৰক ৰজা পাতিব খুজিছিল। ‘

(৪) অসমৰ পৰা ইংৰাজসকলক খেদিবৰ বাবেও বিদ্ৰোহ ঘােষণা কৰিছিল।

10. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষমহৈছিল, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগতঅসম জড়িত হৈছিল। দ্বিতীয়তে, ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হােৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰদ্বাৰা কিছু পৰিমাণে অনুপ্ৰাণিত হৈছিল। তৃতীয়তে, অসমতাে হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায়ে একগােট হৈ‌ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবােধৰ বিকাশত ইন্ধন যােগাইছিল।

১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মণিৰাম দেৱান তথা সহযােগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।

11. ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ ১৮৫০ চনৰ ব্ৰিটিছসকলৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ নেতৃত্ব লৈছিল ওকিয়াং নবাহৰে। জোৱাইৰ ওচৰৰে এখন সভাত সকলাে মিলিত হৈ ব্ৰিটিছৰ ৰাজনৈতিক কৰ্তৃত্ব জয়ন্তীয়া পাহাৰৰ পৰা আঁতৰাই সেই ঠাইত জয়ন্তীসকলৰ স্বাধিকাৰ প্ৰতিষ্ঠা কৰিবৰবাবে প্ৰতিজ্ঞাবদ্ধ হৈছিল। সেই হেতুকে ১৮৬২ চনত জোৱাইত থকা ব্ৰিটিছ ছাউনীত জয়ন্তীয়াসকলে আক্ৰমণ কৰে। ১৮৩৫ চনত জয়ন্তীয়া ৰাজ্যখন ইংৰাজৰ হাতলৈ যায়। জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছসকলে নানান অত্যাচাৰ কৰিবলৈ ধৰে। ইয়াৰ উপৰিও মাছ। ধৰা, খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চল সমূহৰ ওপৰত নিষেধাজ্ঞা আৰােপ কৰিছিল। লগতে জয়ন্তীয়াসকলৰ ধৰ্মৰ ওপৰতত হস্তক্ষেপ কৰিছিল। এই অত্যাচাৰৰ বাবে জয়ন্তীয়াসকল বিদ্ৰোহী হৈ উঠিছিল।

READ MORE  আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য | Chapter 11 | Class 10 Social Science - SEBA

বিদ্ৰোহীসকলে জোৱাই-চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী-জয়ন্তীপুৰৰ মাজৰ দুয়ােটা পথ অৱৰােধ কৰিছিল। বিদ্ৰোহীসকলে অসংখ্য লােকক হত্যা কৰিছিল। যি সময়ত দুয়ােফালৰ পৰাই তীব্ৰ সংঘৰ্ষ হৈছিল তেতিয়া ইষ্টাৰ্ণ কামাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল জি ডি শ্বাৱাৰছক ইংৰাজে জয়ন্তীয়া পাহাৰৰ ওপৰত সামৰিক আৰু অসামৰিক কৰ্তৃত্ব প্ৰদান কৰে আৰু বি ডব্লিউ মৰ্টনক খাচী-জয়ন্তীয়া পাহাৰৰ ডেপুটী কমিচনাৰ নিয়ােগ কৰিছিল। চৰকাৰী দমন নীতিৰ বাবেই লাহে লাহে বিদ্ৰোহীসকলৰ শক্তি হ্ৰাস পাবলৈ ধৰিলে। নং বাহক কোনেও যদি জীৱন্তে ধৰি দিব পাৰে তেওঁক ১০০০.০০ টকাৰ পুৰস্কাৰ দিয়াৰ কথা ঘােষণা কৰিছিল। অৱশেষত চৰকাৰে নং বাহক ধৰা পেলায় তাৰ জোৱাইত ভালেমান লােকৰ উপস্থিতিত তেওঁক ফঁচি দি হত্যা কৰে। শেষত ১৮৩৩ চনৰ ভিতৰত বাকী বিদ্ৰোহীসকলেও আত্মসমৰ্পণ কৰে। এনেকৈয়েজয়ন্তীয়া বিদ্ৰোহৰাে কৰুণ সমাপ্তি হয়।

12. ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ ফুলগুৰিৰ ধাৱাৰ বিদ্ৰোহৰ প্ৰধান কাৰণ হ’ল চৰকাৰে আফু খেতি বন্ধ কৰাৰ সিদ্ধান্ত। ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰত বিভিন্ন অঞ্চলৰ পৰা বহুতাে কৃষক আহি ফুলগুৰিত ৰাইজ মেল’ অনুষ্ঠিত কৰে আৰু এই ৰাইজ মেলতেই বিদ্ৰোহ ঘােষণা কৰে। নগাঁৱৰ কিছু দূৰত ফুলগুৰি নামৰ অঞ্চলটোত প্ৰচুৰ পৰিমাণে আফু খেতি কৰিছিল আৰু সেই অঞ্চলৰ লােকসকলে এই খেতিৰ দ্বাৰাই জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু ব্ৰিটিছ চৰকাৰে এই আফু খেতি বন্ধ কৰি দিছিল আৰু ইয়াৰ কাৰণে আফু খেতিৰ দ্বাৰা পেট প্ৰৱৰ্তোৱা কৃষকসকল বিদ্ৰোহী হৈ উঠিছিল।

চৰকাৰ আফু খেতি বন্ধ কৰাৰ লগতে তামােল-পানৰ ওপৰতাে কৰ লগােৱাৰ নিৰ্দেশ দিছিল। ফুলগুৰি ধাৱাৰ গঠিত ৰাইজমেলৰ কৃষকসকলে লেফটেনেন্ট হাৰ্বাৰ্ট স্কন্সক এই বিষয়ে এখন আবেদনাে প্ৰদান কৰিছিল। কিন্তু চৰকাৰে ইয়াৰ কোনাে গুৰুত্ব নিদিলে। ইয়াৰ অপমানৰ বাবে কৃষকসকলে ১৫ অক্টোবৰৰ পৰা পাঁচদিনলৈকে ফুলগুৰিত ৰাইজমেল পাতিছিল। উপায়ুক্ত হাৰ্বাৰ্ট স্কলে তেওঁৰ সহকাৰী লেফটেনেন্ট ছিংগাৰক সভাস্থলালৈ পঠিয়ায়। কিন্তু ছিংগাৰৰ অভব্য আচৰণৰ বাবে কৃষকসকলে তেওঁক আক্ৰমণ কৰে। ফলত ছিংগাৰৰ মৃত্যু হয়। এই ঘটনাকে ফুলগুৰিৰধাৱা নামেৰে অভিহিত কৰা হয়।

13. ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।
উত্তৰঃ মণিপুৰত সিংহাসন লাভৰ বাবে ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্যসকলৰ মাজত এক গৃহ কন্দলৰ সূচনা ইতিহাস হৈছিল। এই উত্তৰাধিকাৰীৰ যুদ্ধত অসমৰ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্ৰহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি নিজেই ৰজা হয় (২১ ছেপ্টেম্বৰ, ১৮৯০)। সুৰচন্দ্ৰ‌ই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল। যদিও তেওঁলােকে কুলচন্দ্ৰকহে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে।

কিন্তু তলে তলে চলি থকা ব্ৰিটিছ বিৰােধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কুলচন্দ্ৰক হেঁচা প্ৰয়ােগ কৰিলে। কিন্তু দেশৰ স্বাধীনতা ৰক্ষাৰ হকে কাম কৰা জনপ্ৰিয় নেতাজনক ব্ৰিটিছৰ কথা মতে দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ কাৰণে সহজ কথা নাছিল। সেয়ে অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু চাৰিজন ইউৰােপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজেই অহাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে।

আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশােধ ল’বলৈ এটা শক্তিশালী সৈন্য বাহিনী। মণিপুৰলৈ পঠিয়ায়। ইংৰাজ বাহিনী বীৰ সেনাপতি টিকেন্দ্ৰজিতক ধৰিবলৈ সক্ষম হয়। ব্ৰিটিছ বিষয়াক হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰােধিতা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচী দিয়া হয়। ৰজা কুলচন্দ্ৰক নিৰ্বাসন দণ্ড দিয়া হয়। এজন মণিপুৰী কোঁৱৰ নাবালক চুড়চন্দ্ৰক ৰজা ঘােষণা কৰা হয় (ছেপ্টেম্বৰ, ১৮৯১)।ব্ৰিটিছচৰকাৰৰপ্ৰতিনিধিজনক ৰজা নাবালক হােৱা বাবে মণিপুৰৰ প্ৰশাসনিক দায়িত্ব অৰ্পণ কৰা হয়। মণিপুৰে আঢ়ৈ টকা বিদ্ৰোহৰ ক্ষতিপূৰণ ব্ৰিটিছ চৰকাৰক দিয়াৰ উপৰি বছৰি ৫০,০০০ টকা পৰিশােধ কৰিব লগা হৈছিল। এইদৰেই মণিপুৰ ৰাজ্যত ইংৰাজৰ আধিপত্য স্থাপিত হৈছিল।

14. ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এঠি খতিয়ান দাঙি ধৰা।
উত্তৰঃ ১৮৯৪ চনৰ জানুৱাৰীৰ মাজভাগৰপৰাই ৰাইজমেলৰ যােগেদি খাজনা বৃদ্ধি প্ৰতিবাদ কৰাই নহয়, খাজনা সংগ্ৰহতে বাধা প্ৰদান কৰি আহিছিল কৃষক বিদ্ৰোহে , বৰ্ধিত হাৰত ভূমিৰ খাজনা নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈছিল। কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত পথৰুঘাটত জানুৱাৰী মাহৰ ২৬ তাৰিখৰপৰা ২৮ তাৰিখলৈ তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত গােট খােৱাৰ কথা আছিল। সেই অঞ্চলৰ তহচিলদাৰসকলৰপৰা পথৰুঘাটৰ এই প্ৰস্তাৱিত ৰাইজমেলৰ প্ৰস্তুতিৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি জে ডি এণ্ডাৰছনক সেই সম্পৰ্কে অৱগত কৰিছিল।

গতিকে জিলাধিপতি এণ্ডাৰছন কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেৰিংটনৰ সৈতে ২৬ তাৰিখে পথৰুঘাটলৈ যাত্ৰা কৰি ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল। পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই কৃষকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল প্ৰায় ২০০জন লােকে সম্পত্তি ক্ৰোক কৰিবলৈ যােৱা বেৰিংটন চাহাবক আগুৰি ধৰে। কোনােমতে তেওঁ ৰাইজৰ হাতৰপৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এণ্ডাৰছনক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰ পিছত প্ৰায় ২০০০ উত্তেজিত কৃষক জিৰণি শিবিৰৰ ফালে ধাৱমান হয়। এই কৃষকসকলৰ প্ৰায় প্ৰত্যেকৰে হাতে হাতে আছিল লাঠি আৰু বাঁহৰ কামি।

কৃষকসকলে এইদৰে দলেবলে জিৰণি শিবিৰত উপস্থিত হােৱাত উপায়ুক্ত এণ্ডাৰছনে তেওঁলােকক তৎকালেই ঘৰঘৰি যাবৰ কাৰণে নিৰ্দেশ দিয়ে যদিও তেওঁলােকে তাতেই অৱস্থান কৰি থকাত উপায়ুক্তই পুলিচ অধীক্ষকক শক্তি প্ৰয়ােগ কৰি হ’লেও কৃষকসকলক তাৰপৰা আঁতৰাই পঠিয়াবলৈ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশনা অনুযায়ী পুলিচ অধীক্ষকে কৃষকসকলক শক্তি প্ৰয়ােগ কৰি খেদিবলৈ চেষ্টা কৰােতে কৃষকসকল উত্তেজিত হৈ লাঠি জোকাৰি, দলি-ফৰ্মুটি মাৰি ওচৰ চাপিহে আহিল। দলি-চপৰাৰ খুন্দাত পুলিচমিলিটাৰী, প্ৰশাসনিক বিষয়া কোনেও চকু মেলিব পৰা নাছিল।

READ MORE  অৰ্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ | Chapter 6 | Class 10 Social Science - SEBA

তেনে অৱস্থাত উপায়ুক্তই পুলিচ অধীক্ষকক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ ফলত বেচৰকাৰী হিচাপ অনুযায়ী ১৪০জন কৃষকৰ মৃত্যু আৰু ১৫০জন আহত হয়। আনহাতে, চৰকাৰী হিচাপমতে ১৫জনৰ মৃত্যু আৰু ৩৭জন আহত হয়। অসীম সাহস আৰু প্ৰেৰণাৰ বলতেই কৃষকসকলে সশস্ত্ৰ বাহিনীৰ লগত মাটিৰ চপৰাৰে যুঁজ দিছিল। বাধ্যত পৰি চৰকাৰে বৰ্ধিত হাৰৰ খাজনা ৩২.৭ শতাংশ হ্ৰাস কৰাৰ কথা ঘােষণা কৰিলে।

15. অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানে উল্লেখযােগ্য ভূমিকা গ্ৰহণ কৰিছিল। ১৮৫৩ চনত মিছ চাহাব অসমলৈ আহিছিল। সেই সময়ত মণিৰাম দেৱানে ব্ৰিটিছৰ আমােলত অসমৰ সমাজখনে সন্মুখীন হােৱা বিপৰ্যয়ৰ কথা‌ মিলছৰ জৰিয়তে চৰকাৰৰ ওচৰত দাঙি ধৰিছিল। অসমৰ মানুহৰ সামাজিক আৰু অৰ্থনৈতিক দুৰ্দশাৰ কাৰণ যে দেশৰ ৰাজনৈতিক পৰাধীনতা সেই কথা ব্ৰিটিছৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা মণিৰামে সুন্দৰকৈ উপলব্ধি কৰিব পাৰিছিল। সেই দুৰ্দশাৰ পৰা উদ্ধাৰ পাবৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰৰ বাহিৰে আন উপায় নাছিল। সেইবাবে মণিৰাম দেৱান আৰু চাৰিং ৰজা কন্দপেশ্বৰ সিংহই এই বিদ্ৰোহত আগভাগ লৈছিল।

মণিৰাম দেৱানে যি কোনাে পৰিস্থিতিতে চাৰিং ৰজা কন্দপেশ্বৰ সিংহক উজনি অসমৰ সিংহাসন দিয়াৰ‌ বাবে উঠি-পৰি লাগিল। সেই উদ্দেশ্যে ১৮৫৭ চনৰ আদি ভাগত তেওঁ কলিকতাত উপস্থিত হয়, কিন্তু তেওঁৰ সেই উদ্দেশ্য ব্যৰ্থ হয়। সেই সময়ত চিপাহী বিদ্ৰোহৰ ঢৌৱে গােটেই ভাৰতক স্পৰ্শ কৰিছিল। মিট দিল্লী, লক্ষৌ, কানপুৰ আদি ঠাইত হােৱা বিদ্ৰোহৰ সৈতে সাধাৰণ লােকৰ অংশগ্ৰহণৰ খবৰে মণিৰামক যথেষ্ট উৎসাহিত কৰিছিল। তেওঁ কন্দৰ্পেশ্বৰ সিংহ, আহােম ডা-ডাঙৰীয়া আৰু কমলাবাৰীৰ সত্ৰাধিকাৰ আদি লােকলৈ কলিকতাৰ পৰাই পত্ৰযােগে বিদ্ৰোহৰ বাবে সাজু হ’বলৈ পৰামৰ্শ দিছিল।

আনহাতে, অসমত থকা হিন্দুস্তানী চিপাহীসকলেও বিভিন্ন মাধ্যমৰ জৰিয়তে তেওঁলােকৰ নিজ নিজ অঞ্চলত সংঘটিত হােৱা বিদ্ৰোহৰ খা-খবৰ সময়মতে পাই আছিল। ইতিমধ্যে চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহৰ পৰামৰ্শ মতে পিয়লি বৰুৱা আৰু নিৰ্মল হাজাৰীয়ে গােলাঘাটত থকা চিপাহীসকলৰ লগত আলােচনা কৰি বিদ্ৰোহৰ বাবে আঁচনি আৰু কাৰ্যসূচী তৈয়াৰ কৰিছিল। তেওঁলােকে ডিব্ৰুগড়, শিৱসাগৰ আৰু”চৈখােৱাত থকা চিপাহীসকলৰ সৈতেও যােগাযােগ ৰাখিছিল। এই চিপাহীসকলে যােৰহাটলৈ গৈ তাত চাৰিং ৰজা কন্দৰ্পেশ্বৰৰ সৈতে গােপনে মিলিত হৈ বিদ্ৰোহৰ পৰিকল্পনা সম্পৰ্কে আলােচনা কৰিছিল আৰু আগন্তুক অক্টোবৰৰ মাজত মণিৰাম দেৱান কলিকতাৰ পৰা আহি পােৱাৰ লগে লগেই বিদ্ৰোহ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিদ্ৰোহী নেতাসকলৰ এই প্ৰস্তুতিয়ে চৰকাৰী পক্ষৰ লােকক ভীতিসন্ত্ৰস্ত কৰি তুলিছিল।

এই বিদ্ৰোহৰ বিষয়ে জানিব পাৰি শিৱসাগৰ প্ৰিন্সিপাল এছিছটেণ্ট কেপ্টেইন হলৰয়দে কেপ্টেইন লাউথাৰৰ সৈতে যুটীয়াভাৱে ১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহত চাৰিং ৰজা কন্দপৈশ্বৰ সিংহ আৰু বিদ্ৰোহী নেতা মধু মল্লিকক গ্ৰেপ্তাৰ কৰিছিল। সেই সময়তে কেপ্টেইন হলৰয়দে মণিৰাম দেৱানে কলিকতাৰ পৰা পঠিওৱা ভালেমান চিঠি-পত্ৰ হস্তগত কৰি কলিকতাত মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰি কিছুদিন মণিৰামক আলীপুৰ জেইলত আৱদ্ধ কৰি ৰখাৰ পিছত ‘কোলাডাইন’ জাহাজেৰে অসমলৈ আনি যােৰহাটত ৰাজদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰি বিচাৰ কৰাৰ ব্যৱস্থা কৰিছিল। বিচাৰৰ ৰায় অনুসৰি ১৮৫৮ চনৰ ফেব্ৰুৱাৰী মাহত ২৬ তাৰিখে মণিৰাম দেৱান আৰু মহেশচন্দ্ৰ বৰুৱা ওৰফে পিয়লি বৰুৱাক‌ ফাঁচী দি হত্যা কৰিছিল।

16. ১৮৯৪ চনত উত্ত কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ ব্ৰিটিছ চৰকাৰৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকসকলে সমবেত হৈ চৰকাৰৰ ওচৰত লিখিত আৱেদন দাখিল কৰিছিল। কৃষকৰ তীব্ৰ প্ৰতিবাদ সত্ত্বেও খাজনা বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰি বৰ্ধিত হাৰত খাজনা আদায় কৰিবলৈ লােৱাত কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে বিদ্ৰোহত মিলিত হৈছিল। উত্তৰ কামৰূপৰ কৃষকসকলৰ মাজতাে এই বিদ্ৰোহে গা কৰি উঠিছিল। এই অঞ্চলৰ শ শ কৃষক ৰাইজমেলত মিলিত হৈ বৰ্ধিত হাৰত খাজনা নিদিবলৈ সংকল্পবদ্ধ হৈছিল। ১৮৯৩ চনৰ ডিচেম্বৰ মাহত ৰঙিয়া আৰু তাৰ আশে-পাশে কেইবা শ কৃষকে ৰঙিয়া আৰু তামােলপুৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক কেইবাবাৰাে লঘু লাঞ্ছনা কৰিছিল আৰু ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ ভাঙি-ছিঙি লণ্ডভণ্ড কৰাৰ উপৰি মাৰােৱাৰী সুদখােৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্ৰ লুট কৰিছিল।

১৮৯৪ চনত নলবাৰীৰ ওচৰৰ ৰাইজ কদমতলত হােৱা ৰাইজমেলৰ সিদ্ধান্তমৰ্মে উত্তৰ কামৰূপৰ হাজাৰ হাজাৰ কৃষকৰ উপস্থিতিত ৰঙিয়াত এক বিশাল ৰাইজমেল অনুষ্ঠিত কৰা হৈছিল। ৰাইজ মেলত বাধা প্ৰদান কৰাৰ উদ্দেশ্যে কামৰূপ জিলাৰ জিলাধিপতি আৰ বি মেকাৰে আৰু ৰেইলী নামৰ পুলিচ বিষয়া এজনে পূৰ্বৰে পৰা খাপ পিটি আছিল। ফলত কৃষক আৰু চৰকাৰৰ মাজত সংঘৰ্য হৈছিল। চৰকাৰে পুলিচৰ সহায়ত ৰঙিয়া অঞ্চলৰ বিদ্ৰোহ দমন কৰি খাজনা সংগ্ৰহ কৰিছিল। বৰ্মৰ ৰাইজমেল বৰ শক্তিশালী আছিল। তাত এই ৰাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনী গঢ়ি তােলা হৈছিল আৰু যােগাযােগৰ সুবিধাৰ কাৰণে ডাকপিয়নৰ নিযুক্তি দি নিজস্ব চোৰাংচোৱা ব্যৱস্থাও গঢ়ি তুলিছিল। এই অঞ্চলৰ আটাইতকৈ বৃহৎ ৰাইজমেলখন বহিছিল পানাগাঁৱৰ চাপৰিত। ইয়াত লচিমা, চৌখুটি, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুছি, ৰঙিয়া, নলবাৰী, ধৰ্মপুৰ বজালী আদি উত্তৰ কামৰূপৰ বিভিন্ন অঞ্চলৰ কৃষক মিলিত হৈছিল।

এই ৰাইজমেলতেই ৰাইজৰ প্ৰতি অশালীন ব্যৱহাৰ কৰাৰ শাস্তি স্বৰূপে সেই সময়ৰ ৰপেটাৰ মহকুমাধিপতি মাধৱচন্দ্ৰ বৰদলৈক ৫টকা জৰিমনা কৰি এৰি দিছিল। কাপলা গাঁৱত বলপূৰ্বক খাজনা আদায় কৰাৰ অপৰাধত ৰাইজে মৌজাদাৰ দাসােৰাম চৌধুৰী আৰু হলিৰাম মিশ্ৰ মণ্ডলক মাৰধৰ কৰিছিল। কাপলা গাঁৱৰ ঘটনাৰ সৈতে জড়িত প্ৰায় ৭৫ জন লােকক পুলিচে গ্ৰেপ্তাৰ কৰি চৰকাৰী জিৰণি ঘৰত থকা মহকুমাধিপতি মাধৱচন্দ্ৰ বৰদলৈৰ ওচৰলৈ লৈ গৈছিল। কিন্তু ওচৰ-পাজৰৰ বহু কৃষক তালৈ গৈ উপস্থিত হােৱাত বৰদলৈয়ে সকলােকে মুকলি কৰি দি বৰপেটালৈ আঁতৰি যায়।

জিলাধিপতি মেকলে চাহাবে ৩০ জনমান পুলিচ লােক লৈ উক্ত অঞ্চলসমূহত উপস্থিত হয় আৰু ৫৯ জনবিদ্ৰোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল আৰু নিজেই এই বিদ্ৰোহীসকলৰ বিচাৰ কৰি শাস্তি বিহিছিল। পিছত কলিকতা হাইকোৰ্ট নিৰ্দেশ মৰ্মে এইসকল লােকৰ শাস্তিৰ পৰিমাণ লাঘৱ কৰা হৈছিল। এইদৰে কামৰূপৰ বিভিন্ন অঞ্চলত কৃষক বিদ্ৰোহ গা কৰি উঠা দেখা গৈছিল।

Leave a Comment

error: Content is protected !!
Scroll to Top