পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা | ভূগােল | Chapter 7 | Class 10 Social Science Question and Answer | Assam Class 10 Social Science Solutions | SEBA Class 10 HSLC Social Science Chapter 7 Notes | SEBA Class 10 HSLC Social Science Chapter 7 Question and Answer | Questions and Answers for Class 10 Social Science Chapter 7 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা | HSLC Social Science Questions and Answers Assam


পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
(Evnironment and Environmental Problems)

Very Short Type Questions and Answers (Marks : 2/3)

1. প্ৰদুষণৰ অৰ্থ লিখা।
উত্তৰঃ অনিষ্টকাৰী দ্ৰব্যই যেনে : ধূলি, ধোঁৱা, ছাঁই দুৰ্গন্ধ, সীহ, ছালফাৰ ইত্যাদিয়ে পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াক প্ৰদুষণ বোলে।

2. ভৌগলিক দিশৰপৰা পৰিৱেশৰ সম্যাক কি কি ভাগত ভগাব পাৰি লিখা।
উত্তৰঃ (ক) স্থানীয় সমস্যা

(খ) আঞ্চলিক সমস্যা
(গ) গোলকীয় সমস্যা।

3. স্থলমণ্ডল বুলিলে কি বুজায় লিখা।
উত্তৰঃ শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলে। এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশকেইখনক সামৰি লৈছে। ই ভূ-পৃষ্টৰ প্ৰায় ২৯ শতাংশ আগুৰি আছে। স্থলমণ্ডলতে আমি পৃথিৱীৰ পাহাৰ-পৰ্ৱত, মালভূমি, সমভূমি, নদী-উপত্যকা, উপকূল আদি দেখিবলৈ পাওঁ।

4. পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দিয়া।
উত্তৰঃ উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা যিবোৰ পৰিৱেশিক সমস্যা একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকিব পাৰে, সেইবোৰ সমস্যাকে পৰিৱেশিক সমস্যা বোলে। উদাহৰণস্বৰূপে এটা ক্ষুদ্ৰ উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা আদি।

5. জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।
উত্তৰঃ পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে জলমণ্ডল গঠন কৰিছে। জলমণ্ডলে ভূ-পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ আগুৰি আছে। স্থলমণ্ডলত থকা নদ-নদী, হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত।

6. পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ (ক) অসম ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা।
(খ) বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰসমস্যা।

7. বায়ুমণ্ডল কিহৰে গঠিত লিখা।
উত্তৰঃ ভূ-পৃষ্ঠৰপৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় তৰপ। অক্সিজেন, নাইট্ৰ’জেন, হাইড্ৰ’জেন, কাৰ্বন -ডাই- অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত এই গেছীয় তৰপটোক বায়ুমণ্ডল বোলে।

8. মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?
উত্তৰঃ হয়, মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ যদিও ই এটা প্ৰত্যাহ্বানমূলক কাম। বনানিকৰণ,বৰষুণৰ পানী সংৰক্ষণ,ভুমিস্খলনত বাধা, কৃত্ৰিম জলসিঞ্চন সৃষ্টি ইত্যাদিৰ জৰিয়তে আমি মৰুকৰণৰ দৰে সমস্যা ৰোধ কৰিব পাৰো। যিহেতু, এই সমস্যাটো কেৱল এখন ৰাষ্ট্ৰৰে নহয়,গতিকে এই সমস্যাটো ৰোধ কৰিবৰ বাবে সকলো ৰাষ্ট্ৰই ভাগ ল’ব লাগিব। প্ৰত্যক ৰাষ্ট্ৰৰ মানুহেই ইয়াক ৰোধ কৰিবৰ বাবে হাতে -কামে আগভাগ ল’ব লাগিব।

9. পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।
উত্তৰঃ পৰিৱেশ বুলিলে আমি কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায়। চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলো উপাদানকে সামৰি লয়। এই উপাদানসমূহ জৈৱ অৰ্থাৎ জীৱমণ্ডলৰ অন্তৰ্গত আৰু আনটো অজৈৱ যেনে : মাটি, বায়ু, পানী ইত্যাদি উপাদানৰ ভিতৰত পৰে।

READ MORE  অসমৰ ভূগােল | Chapter 9 | Class 10 Social Science - SEBA

10. জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।
উত্তৰঃ জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে – স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট – পতংগ উৰি ফুৰা অংশ।

11. পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।
উত্তৰঃ জৈৱ উপাদান : জৈৱ উপাদানসমূহ মূলতঃ জীৱমণ্ডলৰ ভিতৰুৱা। বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে অণুজীৱসমূহকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পৰ্যন্ত জৈৱ উপাদানৰ ভিতৰত পৰে।

অজৈৱ উপাদান : মাটি, পানী আৰু বায়ুৰ দৰে জড় বা প্ৰাণহীন উপাদানবোৰ অজৈৱ বা জড় উপাদানৰ ভিতৰত পৰে।

12. পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।
উত্তৰঃ(ক) জনসংখ্যা বৃদ্ধি।

(খ) উদ্যোগীকৰণ।
(গ) নগৰীকৰণ।
(ঘ) যাতায়ত -পৰিবহণ।

13. গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি?
উত্তৰঃ (ক) সেউজ গৃহ গেছৰ পৰিমাণ হ্ৰাস কৰা।

(খ) বৃক্ষ ৰূপন কৰা আৰু বনাঞ্চল সুৰক্ষিত কৰা।
(গ) যান-বাহনৰ চলাচল কম কৰা।
(ঘ) চহৰৰ পৰা অলপ আঁতৰত উদ্যোগ স্থাপন কৰা আদি।

18. কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ ্সমস্যা বুলি কোৱা হয় লিখা।
উত্তৰঃ যিবোৰ পৰিৱেশ সমস্যাই সমগ্ৰ পৃথিৱীৰ সামৰি লয় আৰু প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, সেইবোৰ সমস্যাকে গোলকীয় সমস্যা বুলি কোৱা হয়। উদাহৰণ স্বৰূপে গোলকীয় উত্তাপ বৃদ্ধি। এই সমস্যা বায়ুমণ্ডলৰ লগত জড়িত হোৱাৰ কাৰণে বিস্তৃতিৰ ফালৰ পৰা অসীম। ইয়াৰ প্ৰভাৱ বায়ুমণ্ডলৰ লগতে পৃথিৱীৰ পৰিৱেশৰ জলভাগ, স্থলভাগ আৰু জীৱজগতৰ ওপৰতো পৰে।

15. মৰুভূমি কাক বোলে? মৰুকৰণৰ সংজ্ঞা দিয়া।
উত্তৰঃ যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি তেনে অঞ্চলকে সাধাৰণতে মৰভূমি বোলে।

মৰুকৰণ এনে এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অবস্থাৰ সৃষ্টি কৰে।

16.পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা।
উত্তৰঃ বহুদিন ধৰি পৰিৱেশৰ কোনো সমস্যা নাছিল আৰু ইয়াৰ একমাত্ৰ কাৰণ হয় প্ৰাকৃতিক উপাদান আৰু মানৱসৃষ্ট উপাদানৰ মাজত সম্পূৰ্ণ সম্পৰ্ক স্বাভাৱিক আছিল। কিন্তু মানৱ সভ্যতাৰ ক্ৰমাগত বিকাশ তথা জনসংখ্যা বৃদ্ধিৰ কবলত এই ভাৰসাম্য নাইকিয়া হ’ল। পৃথিৱীৰ প্ৰতিটো মণ্ডলত মানুহৰ ক্ৰিয়া -কলাপৰ চাপ পৰিলে যাৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হ’ল আৰু ফলস্বৰূপে ন ন সমস্যাৰ সূষ্টি হ’বলৈ ধৰিলে। পৰিৱেশৰ লগত জড়িত এই সমস্যাকে পৰিৱেশৰ সমস্যা বোলে।

Long Type Questions and Answers (Marks : 4)

1. গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।
উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধিয়ে তলত দিয়া ধৰণৰ সমস্যা সৃষ্টি কৰে—

(ক) মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন।
(খ) উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি।
(গ) ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন।
(ঘ) শস্যৰ উৎপাদন হ্ৰাস।
(ঙ) মৰুকৰণ।

READ MORE  স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ | Chapter 4 | Class 10 Social Science - SEBA

2. বায়ু কেনেকৈ প্ৰদুষিত হয় লিখা।
উত্তৰঃ বায়ু সাধাৰণতে দুটা মূখ্য কাৰণত হয় প্ৰদুষিত হয় আৰু সেই দুটা হ’ল—

(ক) প্ৰাকৃতিক কাৰক :
(১) আগ্নেয় উদগিৰণ : উদগিৰণৰ ফলত উদ্ভৱ হোৱা ধোঁৱা, ছাই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদুষিত কৰে।
(২) বনজুই : পৃথিৱীৰ বিভিন্ন ঠাইত বনজুই লগোৱাৰ ফলত বায়ু প্ৰদুষিত হৈছে।

(খ) মানৱসৃষ্ট কাৰক:
(১) উদ্যোগীকৰণ আৰু চহৰীকৰণ।
(২) জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ফলত।
(৩)যান=বাহনৰ বৰ্দ্ধিত ব্যৱহাৰ।
(৪)আণৱিক বিস্ফোৰণ।

3. পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা হ’ল—

(ক) স্থলমণ্ডল
(খ) জলমণ্ডল
(গ) বায়ুমণ্ডল আৰু জীৱমণ্ডল

এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপন কৰিছে। এই পৰিৱেশ পৰিৱৰ্তনশীল। স্থান আৰু কাল ভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে।

এই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে।এই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যিঅৱস্থাৰ সৃষ্টি হৈছে তাকে বহল অৰ্থত পৰিৱেশ বুলি কয়। পৃথিৱীৰ পৰিৱেশ এটা অতি বিশাল আৰু জটিলতন্ত্ৰ। এই বিশাল তন্ত্ৰৰ ভিতৰতে পৃথিৱীৰ প্ৰতিখন ঠাই বা অঞ্চলৰ পৰিৱেশে ক্ৰিয়া কৰি আছে। অৰ্থাৎ পৃথিৱীৰসকলো ঠাইৰ পৰিৱেশ গোলকীয় পৰিৱেশ তন্ত্ৰ একো একোটা অংশ মাথোন।

4. পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা।
উত্তৰঃ পৰিৱেশৰ প্ৰধান সমস্যা সমূহ হ’ল—

(ক) প্ৰদূষণ
(খ) মৰুকৰণ
(গ) ভূমিস্খলন
(ঘ) ভূমিক্ষয়
(ঙ) গোলকীয় উত্তাপ বৃদ্ধি
(চ) কৃত্ৰিম বান ইত্যাদি

5. পানী প্ৰদুষণ কি আৰু কেনেকৈ হয় লিখা।
উত্তৰঃবায়ুমণ্ডলৰ দৰে পৃথীৱীৰ পানীও প্ৰদূষিত হয়। পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, পদাৰ্থকণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিৱৰ্তন ঘটোৱা এনে প্ৰক্ৰিয়াকেপানী প্ৰদূষণ বোলা হয়।,সহজ ভাষাত দূষিত পদাৰ্থ মিহলি হৈ নিৰ্মল পানীক ব্যৱহাৰৰ অনুপযোগী কৰাকাৰ্যকে পানী প্ৰদূষণ বোলা হয়।

সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰপৰা নিৰ্গত অপদ্ৰৱ্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। প্ৰদূষিত পানীয়ে তাত থকা উদ্ভিদ আৰু প্ৰাণীৰক্ষতি সাধন কৰে। সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বাকাষেদি প্ৰৱাহিত নদ- নদীৰ পানী প্ৰদূষিত কৰে বৃহৎ ঔদ্যোগিক অঞ্চলৰ আশে পাশে থকা জলাশয়ৰ পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পালেও পানীপ্ৰদূষিত হয়। বায়ুমণ্ডলত জমা হোৱা ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ’জেন অক্সাইড এচিড বৰষুণৰূপে নামি আহি জলাশয় আদিৰ পানী প্ৰদূষিত কৰেপানী প্ৰদূষিত মানুহৰ স্বাস্থ্য হানিৰ লগতে মহাদেশৰ মাটিভাগৰো উৰ্বৰতা হ্ৰাস কৰে।

6. মৰুকৰণৰ কাৰণ দৰ্শোৱা।
উত্তৰঃ মৰুকৰণৰ দুটা মূখ্য কাৰণ হ’ল—

(ক) প্ৰাকৃতিক কাৰণঃ (১) খৰাংঃ খৰাং হ’লে শাক-পাচলিৰ লগতে বিভিন্ন গছ-গছনিৰ উৎপাদন ক্ষমতা হ্ৰাস পায়, ইয়াৰ ফলস্বৰূপে এইবোৰৰ বৃদ্ধি আৰু বিকাশ নহয়।

READ MORE  অৰ্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ | Chapter 6 | Class 10 Social Science - SEBA

(২) গোলকীয় উষ্ণতাঃ গোলকীয় উষ্ণতাই মৰুভূমিৰ পৰিৱেশক আৰু অধিক শুকান কৰি তোলে।

(খ) মানৱসৃষ্ট কাৰকঃ (১) মানৱীয় কাৰ্যঃ ঘাঁহনি কটা, কৃসিভূমি বৃদ্ধি কৰা আৰু হাবি-বননি ধ্বংস কৰা কাৰ্য্যই মৰুকৰণ সৃষ্টি কৰে।

(২) জনসংখ্যা বৃদ্ধিঃ দ্ৰূতগতিত বৃদ্ধি হোৱা জনসংখ্যাৰ চাপৰ প্ৰভাৱত ডাঙৰৰ লগতে সুক্ষ্ম মৰুভূমিক আৰু ডাঙৰ মৰুকৰণলৈ পৰিৱৰ্তন কৰে।

7. What is global warming? Mention its causes . (গোলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰণবোৰ উল্লেখ কৰা।)
উত্তৰঃ গোলকীয় উত্তাপন কিঃ সাধাৰণতে পৃথিৱীত স্বাভাৱিক CO2 ৰ পৰিমাণতকৈ যদি অতিৰিক্ত CO2ৰ পৰিমাণ বাঢ়ি গৈ থাকে তেন্তে পৃথিৱীৰ উত্তাপ বাঢ়ি যায়, পৃথিৱীৰ এই উত্তাপকে গোলকীয় উত্তাপণ (Global Warming) বুলি কোৱা হয়। বায়ুমণ্ডলত CO2 গেছৰ শতকৰা পৰিমাণ দিনক দিনে বাঢ়ি গৈছে। যাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈছে। এই ঘটনাটোকে সেউজগৃহ প্ৰভাৱ(The Greenhouse Effect) বোলা হয়।

উত্তাপনৰ কাৰণঃ গোলকীয় উত্তাপন বৃদ্ধি হোৱাৰ একমাত্ৰ কাৰণ হৈছে সেউজগৃহ গেছ কাৰ্বন ডাই-অক্সাইড (CO2)ৰ পৰিমাণ দিনক দিনে বাঢ়ি যোৱা। পৃথিৱীৰ সাধাৰণ উত্তাপনৰ পৰা অতিৰিক্ত উত্তাপ বাঢ়ি যায়। এই কাৰ্বন ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যোৱাৰ কাৰণ সমূহ হ’ল—

(i) গাড়ী-মটৰ, যান-বাহনৰ পৰিমাণ বাঢ়ি যোৱা।
(ii) বিভিন্ন উদ্যোগ বা কল-কাৰখানাৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত।
(iii) জীৱাষ্ম ইন্ধনৰ দহনৰ ফলত।
(iv) ঘৰুৱা কাৰ্যত আৰু ঔদ্যোগিক ক্ৰিয়াকলাপত কাঠ আৰু কয়লাৰ দহন।
(v) নিৰ্বনানীকৰণ যিয়ে সালোক সংশ্লেষণৰ সময়ছোৱাত উদ্ভিদৰ দ্বাৰা CO2­ ৰ ব্যৱহাৰ হ্ৰাস কৰে।

8. মাটি প্ৰদুষণৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰঃ মাটি প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান। মানুহৰ বাবে ই এক অপৰিহাৰ্য সম্পদ। মানৱ সভ্যতাৰ বিকাশ প্ৰধানকৈ এই সম্পদৰ ওপৰত ভিত্তি কৰিয়েই সম্ভৱ হৈ উঠিছে মানৱজনিত কাৰণতেই মাটিসম্পদ প্ৰদূষণৰ কবলত পৰিছে। সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিকআৱৰ্জনা, তেলষ্ক্ৰিয়া পদাৰ্থ। এচিড বৰষুণ আদি মিহলি হ’লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰুউৰ্বৰতা হ্ৰাস পায়।

সাধাৰণতে আধুনিক কৃষিকৰ্য, উদ্যোগৰ ধ্বংসই মাটি প্ৰদূষণৰ প্ৰধান কাৰণ। কৃষিৰ আধুনিকীকৰণ কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰৱ আদিৰ প্ৰয়োগ বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰৰপ্ৰয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়, সেইদৰে ভূমিৰ গুণাগুণৰ পৰিৱৰ্তনঘটে। তদুপৰি কীটনাশক আৰু অপতৃণনাশক দৰৱ প্ৰযোগৰ কৰিলেও নিৰ্দিষ্ট কীট পতংগ আৰুঅলাগতিয়াল উদ্ভিদৰ মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্ৰাকৃতিকগুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। তদুপৰি উদ্যোগিক আৰ্বজনা আৰু ৰাসায়নিক পদাৰ্থয়ো মাটিতমিহলি হৈ মাটি প্ৰদূষিত কৰে। ভূগৰ্ভৰ পৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছুঅংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ প্ৰদূষিত কৰে। এইদৰে মাটি প্ৰদূষণে এটা ডাঙৰ সমস্যাৰসৃষ্টি কৰিছে।

Leave a Comment

error: Content is protected !!
Scroll to Top