স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ | ইতিহাস | Chapter 4 | Class 10 Social Science Question and Answer | Assam Class 10 Social Science Solutions | SEBA Class 10 HSLC Social Science Chapter 4 Notes | SEBA Class 10 HSLC Social Science Chapter 4 Question and Answer | Questions and Answers for Class 10 Social Science Chapter 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ | HSLC Social Science Questions and Answers Assam
স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
(Role of Assam in Freedom Movement)
Very Short Type Questions and Answers (Marks : 1)
1. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?
উত্তৰঃ সভাপতি- কুলধৰ চলিহা আৰু সম্পাদক – নবীন চন্দ্ৰ বৰদলৈ।
2. সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?
উত্তৰঃ ১৯৩৩ চনত।
3. যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত।
4. অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰঃ ১৮৩৬ চনত।
5. অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আৰু কেতিয়া নিৰ্বাচিত হৈছিল?
উত্তৰঃ গোপীনাথ বৰদলৈ ১৯৪৬ চনত।
6. য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰু্বাৰীত।
7. কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?
উত্তৰঃ সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত।
8. বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰঃ ১৮৭৩ চনত।
9. আহোম সভাৰ সম্পাদক কোন আছিল?
উত্তৰঃ পদ্মনাথ গোহাঁইবৰুৱা।
10. গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে।
11. ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰঃ কৃষকৰ বিভিন্ন সমস্যা দূৰ কৰা।
12. অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়?
উত্তৰঃ ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে।
13. কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয়?
উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈকে।
14. গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়?
উত্তৰঃ ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰ তাৰিখে।
15. অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল?
উত্তৰঃ অসমীয়া ভাষাৰ উন্নতি সাধন কৰা।
16. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমজন সভাপতি কোন আছিল?
উত্তৰঃ বিষ্ণৰাম মেধি।
Long Type Questions and Answers (Marks : 3/4)
1. আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?
উত্তৰঃ ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছচিয়েছন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। আছাম এছচিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ আছিল এনে ধৰণৰ বংগ বিভাজনৰ বিৰােধিতা কৰি অসমক পূব বংগৰপৰা পৃথক কৰিবলৈ ১৯০৭ চনত এছচিয়েছনে চৰকাৰৰ ওচৰত স্মাৰক-পত্ৰ দাখিল কৰিছিল। ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল।
2. অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ অসমত অসহযােগ আন্দোলনত নেতৃত্ব দিয়া চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদি অসমীয়া নেতাসকলৰ নেতৃত্বত যুৱকসকলে অসহযােগ আন্দোলনত সহযােগ কৰিবৰ বাবে চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰিছিল। তেওঁলােকৰ ভিতৰত আছিল ৰােহিনী কান্ত সমন হাতীবৰুৱা, বেণুধৰ শৰ্মা, বিমলাকান্ত বৰুৱা, লক্ষীধৰ শৰ্মা, কনকচন্দ্ৰ বৰুৱা, তিলক শৰ্মা। ইয়াৰ উপৰিও তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি, নবীন চন্দ্ৰ হ’ব বৰদলৈ, কুলধৰ চলিহা, কামিনী কুমাৰ চন্দ আদি সকলাে উকীলে ওকালতি ত্যাগ কৰি আন্দোলনত অংশ গ্ৰহণ কৰিছিল।
3. অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰঃ ১৯১৩ চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতেই ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি ক’ব পাৰি। যদিও এই কেন্দ্ৰসমূহে গৱেষণা আৰু প্ৰশিক্ষণ অবিৰামভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়েহে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যােৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এই দুয়ােখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিতহয় আৰু পশু চিকিৎসা মহাবিধ্যালয়খন নগাঁৱৰপৰা বৰ্তমানৰ অৱস্থান গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়।
4. গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ গােপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হােৱা সমস্যাসমূহৰ ভিতৰত প্ৰথমতেই সীমান্ত সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে আন আন অঞ্চলৰ যােগাযােগত সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। স্বাধীনতাৰ পিছত অৰ্থনৈতিক বিশৃংখলতাৰ মুখামুখি হােৱাৰ উপৰিও অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু ভৌগােলিক পুনৰগঠনৰ সমস্যাৰাে সন্মুখীন হৈছিল। ১৯৬২ চনৰ চীনৰ আক্ৰমণে উত্তৰ-পূব ভাৰতৰ নিৰাপত্তাৰ দিশটো স্পৰ্শকাতৰ কৰি তুলিছিল। উত্তৰ-পূব অঞ্চলটো ভৌগােলিকভাৱে বিচ্ছিন্ন হৈ পৰিছিল আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰিছিল। গতিকে দেখা যায় যে বৰদলৈ মন্ত্ৰীসভাই অসমত ৰাজনৈতিক, ভৌগােলিক আৰু অৰ্থনৈতিক সমস্যাৰ মুখামুখি হৈছিল।
5. ‘অসমীয়া লিটাৰেৰী ছচাইটি’ৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ দেৱীচৰণ বৰুৱা আৰু গুণগােৱিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত অসমীয়া লিটাৰেৰী ছ’চাইটী’ (Assamese Literary Society) নামৰ প্ৰথমটি সংগঠন কলিকতাত গঠন হৈছিল। এই অনুষ্ঠান প্ৰধান উদ্দেশ্য আছিল সাহিত্যচৰ্চা। কিন্তু ৰাজনৈতিক চিন্তাৰাে প্ৰকাশ ঘটিছিল।১৮৭২ চনত এই সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ’চাইটীৰ তৰফৰপৰা সেই সময়ৰ ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক এখন স্মাৰক-পত্ৰ দাখিল কৰিছিল সেই স্মাৰক-পত্ৰত তেওঁলােকে অসমৰ প্ৰাকৃতিক সম্পদ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযােগ স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছিল।এই সংগঠনটো ১৮৮৫ চনলৈকে সক্ৰিয় হৈ আছিল।
6. অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। ১৯০০ চনতে ডিব্ৰুগড়ত ড° জন বেৰী হােৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে বেৰী-হােৱাইট মেডিকেল স্কুল স্থাপন হৈছিল। জনহিতৈষী ড° জন বেৰী হােৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰপৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’লজী বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।
7. জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাষ দিয়া।
উত্তৰঃ ১৮৮৮ চনৰ পৰা ১৯১৬ চনৰ এই মাজৰ সময়ছােৱাক জোনাকী যুগ বুলি কোৱা হয়। অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰা ‘জোনাকী’ কাকতখনে। অসমত এক বিশেষ আলােড়ন সৃষ্টি কৰিছিল। এই কাকতৰ প্ৰথম সম্পাদক, আছিল চন্দ্ৰকুমাৰ আগৰৱালা। হেমচন্দ্ৰ গােস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা এই তিনিওজনে মিলি জোনাকীক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। এই তিনিওজনকে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। জোনাকীত প্ৰকাশিত প্ৰবন্ধ, নিবন্ধ, কবিতাসমূহৰ মাজেৰে লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল ব্ৰিটিছসকলে অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যৰ প্ৰতি দেখুৱা উদাসীনতাৰ প্ৰতি জোনাকীৰ জৰিয়তে অসমীয়াসকলক সচেতন কৰি দিছিল।
কনকলাল বৰুৱা, কমলাকান্ত ভট্টাচাৰ্যই অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধৰ জৰিয়তে অসমীয়াসকলৰ সামাজিক চেতনা জাগ্ৰত কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ মােৰ দেশ’, ‘অসম সংগীত’, বীন ব’ৰাগী’ আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰৰ ৰচনাৰ মাজেৰে দেশপ্ৰেমৰ জয়গান উচ্চাৰিত হৈছিল। এনেদৰেই জোনাকী যুগত জাতীয়তাবাদৰ উত্তৰণ ঘটিছিল।
8. কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা।
উত্তৰঃ গান্ধীৰ নেতৃত্বত আৰম্ভ হােৱা আইন-অমান্য আন্দোলন আৰু গান্ধীৰ দাণ্ডি যাত্ৰা আদিয়ে অসমীয়া ছাত্ৰ সমাজক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল আৰু তেওঁলােকে বিশেষ ভূমিকা লৈছিল। অসমৰ সেই সময়ত শিক্ষা সঞ্চালক মিঃ কানিংহামে অসমত আইন অমান্য আন্দোলনৰ ক্ষেত্ৰত পৰিস্থিতি অতি স্পৰ্শকাতৰ কৰি পেলাইছিল। ছাত্ৰসকলে যাতে আইন-অমান্য আন্দোলনত সক্ৰিয় ভূমিকা ল’ব নােৱাৰে তাৰ বাবে ছাত্ৰ আৰু অভিভাৱকসকলে লিখিত প্ৰতিশ্ৰুতি দিয়াৰ বাবে এখন জাননী বাহিৰ কৰিছিল। জাননীখনত এইটো ভালকৈ সন্নিৱিষ্ট কৰিছিল যে তেওঁলােকে কোনােধৰণৰ শােভাযাত্ৰা, ধৰ্মঘট আৰু ৰাজনৈতিক সভাত যােগদান কৰিব নােৱাৰিব আৰু অসমৰ স্কুল কৰ্তৃপক্ষ আৰু শিক্ষা বিভাগৰ নিয়ম-কানুন সম্পূৰ্ণৰূপে মানিব লাগিব।
চৰকাৰে এইটো বুজিছিল যে ছাত্ৰসকলে অসহযােগ আন্দোলনত ভূমিকা লােৱাৰ বাবেই সেই আন্দোলন বৰ সক্ৰিয় হৈ পৰিছিল। গতিকে ছাত্ৰক ইয়াৰ পৰাৰ আঁতৰত ৰখাৰ বাবে উপযুক্ত ব্যৱস্থা হৈ পৰিব। কিন্তু এই চাকুলাৰখন মানি ল’বলৈ অসমৰ ছাত্ৰ সমাজে কোনােপধ্যে সন্মত নহ’ল। বৰং এইখনৰ বিৰুদ্ধে অসমৰ বহু ঠাইত বিৰােধিত কৰি সভা-সমিতি পাতিলে। লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পৰিৱৰ্তে তেওঁলােকে স্কুল-কলেজ ত্যাগ কৰিলে।
9. আহোম সভাৰ ৰাজনৈতিক দাবী সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ পদ্মনাথ গােহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহােম সভাৰ প্ৰতিষ্ঠা হৈছিল। এই সভাৰ প্ৰথম অধিৱেশন ১৮৯৩ চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল। সংগঠিত হােৱাৰপৰা প্ৰায় ৪০ বছৰ ধৰি আহােম সভাৰ সম্পাদক আছিল পদ্মনাথ গােহাঁইবৰুৱা আহােম জনগােষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন কৰা হৈছিল। কানি বিৰােধী আন্দোলন আহােম সভাৰ এক অন্যতম কাৰ্য আছিল। আহােম জনগােষ্ঠীৰ মাজৰপৰা কানিৰ প্ৰচলন আঁতৰাবলৈ সভাই অহােপুৰুষাৰ্থ কৰিছিল।
১৯১০ চনত এই সভাক সদৌ অসম আহােম এছচিয়েছন নামেৰে নামকৰণ কৰা হৈছিল। এই এছচিয়েছনৰে এক উল্লেখযােগ্য ৰাজনৈতিক দাবী আছিল ‘আহােমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলােকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি (seperate electorate) গঠন কৰা। এই উদ্দেশ্যেৰে ১৯৩০ আৰু ৪০ৰ দশক দুটাত আহােম এছচিয়েছনে সক্ৰিয়ভাৱে দাবী উত্থাপন কৰিছিল। ১৯৪১ চনত আহােম এছচিয়েছনৰ ভিতৰচ’ৰাত বিভাজনে দেখা দিছিল। ইয়াৰ এচাম সদস্যই জাতীয় কংগ্ৰেছৰ দ্বাৰা অনুপ্ৰাণিত হৈ এছচিয়েছনৰপৰা ওলাই গৈ জাতীয়তাবাদী আহােম সন্মিলন গঠন কৰিছিল। ১৯৫০ চনৰ পিছৰপৰা এই এছ’চিয়েছন ক্ৰমাৎ দুৰ্বল হৈ পৰে।
Long Type Questions and Answers (Marks : 5/6)
1. স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰঃ স্বদেশী আন্দোলনৰ ভূমিকা অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গােৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদিৰ নগৰ অঞ্চলত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গােবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলােকে অসমৰ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। ফলত অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি, বিদেশী বস্ত্ৰৰ বিপৰীতে থলুৱা এড়ী, মুগা, কপাহী আৰু খাদী বস্ত্ৰ ব্যৱহাৰ কৰিছিল। গুৱাহাটীৰ এদল ছাত্ৰই সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। অম্বিকাগিৰীয়ে বন্দিনী ভাৰত’ নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিল। কটন কলেজিয়েট হাইস্কুলত নাটকখনৰ অভিনয় (৩১ জুলাই, ১৯০৬) চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত কৰিছিল।
2. অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা।
উত্তৰঃ ১৯১৬ চনত অসম ছাত্ৰ সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। এই সন্মিলনৰ প্ৰথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদানপ্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনে যদিও প্ৰথম অৱস্থাত ৰাজনৈতিক আলােচনা বা ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হােৱা নাছিল, কিন্তু পিছলৈদেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
এই সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদআৰু ৰাজনীতিবিদসকলে অংশগ্ৰহণ কৰিছিল। তেওঁলােকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গােহাঁই বৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ উল্লেখযােগ্য। ছাত্ৰ সন্মিলনৰ মুখপত্ৰ আছিল মিলন এইদৰে ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল।
3. যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা।
উত্তৰঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যােৰহাট সাৰ্বজানিক সভা স্থাপিত হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয়া ৰজা আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা। কলিকতাত পঢ়ি থকা সময়তে বংগৰ কেইবাটাও সংস্থা যেনে— আত্মীয় সভা, ভাৰতীয় সংস্থা আদিৰপৰা অনুপ্ৰাণিত হৈ বৰুৱাই অসমতাে অসমীয়া সমাজৰ উন্নতিৰ হকে এক সংগঠন স্থাপন কৰিবলৈ প্ৰচেষ্টা চলাইছিল। জগন্নাথ বৰুৱাৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই সভাখনেই আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। এই সভাৰ মূল উদ্দেশ্যসমূহ আছিল।
(১) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰােৱা
(২) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু
(৩) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা।সভাই গ্ৰহণ কৰা কেইটামান উল্লেখযােগ্য কাৰ্যাৱলী তলত উল্লেখ কৰা হ’ল—
(i) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ (Assam Land Revenue Regulation, 1886) বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
(ii) ১৮৯২-৯৩ চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰােধ কৰিছিল।
(iii) ১৮৯৩ চনত সভাই ৰাজকীয় কানি আয়ােগৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল। কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰােধ কৰিছিল।
4. ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰঃ ৰায়ত সভাসমূহৰ উদ্দেশ্য আছিল গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ব বংগৰ পৰা হােৱা প্ৰব্ৰজন ৰােধ কৰা। ইয়াৰ লগতে এই সভাই নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে মাত মাতিছিল। ৰায়ত সভাই আইন অমান্য আন্দোলনৰ কাৰ্যসূচী মতে ৫০ শতাংশ। ভূমি ৰাজহ হ্ৰাস কৰিবৰ দাবী জনাইছিল। ৰায়ত সভাৰ আন এটা উদ্দেশ্য আছিল কৃষকসকলৰ সমস্যাসমূহ সমাধান কৰা। ১৯ শতিকাৰ শেষৰফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল। তেজপুৰ ৰায়ত সভাৰ সংগঠনত আৰু তাৰ কাৰ্যসূচী ৰূপায়ণত বিশেষকৈ লক্ষ্মীকান্ত বৰকাকতি, হৰিবিলাস আগৰৱালা, লম্বােদৰ বৰা, ভৱানীচৰণ ভট্টাচাৰ্য আৰু অন্যান্য ভালেমান মধ্যবিত্ত শ্ৰেণীৰ লােকে মুখ্য ভূমিকা লৈছিল।
এই সভাৰ জৰিয়তে কৃষকসকলক সহায় কৰিবলৈ বহুতাে কংগ্ৰেছ নেতাই ওতঃপ্ৰােতভাৱে জড়িত হৈছিল। যি সময়ত আইন অমান্য আন্দোলন হৈছিল তেতিয়াই অসমত ৰায়ত সভাক সক্ৰিয় ৰূপ দিছিল অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিয়ে। এই ৰায়ত সভাসমূহক অধিক শক্তিশালী কৰিবৰ বাবে ‘সদৌ অসম ৰায়ত সভা গঠন কৰা হৈছিল ১৯৩৩ চনত। এই সদৌ অসম ৰায়ত সভা’ৰ প্ৰথমখন অধিবেশন যােৰহাটৰ টিলিকি আমত হৈছিল ১৯৩৩ চনত। এই অধিৱেশনৰ প্ৰথম সভাপতি আছিল নবীন চন্দ্ৰ বৰদলৈ।
5. আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰঃ ১৯২৮ চনত পুনৰ সক্ৰিয় ৰাজনীতিলৈ ঘূৰি অহা মহাত্মা গান্ধীয়ে ১৯৩০ আইন অমান্য আন্দোলনৰ আহ্বান জনায়। প্ৰশাসন ব্যৱস্থাটোক অচল কৰিবলৈ নিৰ্দিষ্ট আইনসমূহ অমান্য কৰাটোৱে ইয়াৰ উদ্দেশ্য আছিল। অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত গুৱাহাটীৰ জজ খেলপথাৰত সকলাে একত্ৰিত হৈ গান্ধীৰ লােণ সত্যাগ্ৰহৰ প্ৰতি নিজৰ আনুগত্য প্ৰদৰ্শন কৰিছিল। সেই সময়ত কলিকতাৰ চি টি কলেজত পঢ়ি থকা লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। সিদ্ধান্ত মতে আইন অমান্য কাৰ্যসূচী পালন কৰাৰ ক্ষেত্ৰত অসমত মতভেদ দেখা দিছিল।
যাৰ বাবে অসমত এখন নতুন সমিতিৰ গঠন হৈছিল আৰু ইয়াৰ কিছুমান উদ্দেশ্য আছিল এনে ধৰণৰ-বিদেশী বস্তু বৰ্জন কৰা, পুঁজি বৃদ্ধি কৰা, দমনমূলক আৰু শােষণমূলক আইন অধ্যাদেশৰ বিৰােধ কৰা আৰু সুৰা আৰু কানি প্ৰচলন বন্ধ কৰা। প্ৰথমতে এই আন্দোলনৰ প্ৰতি অসমৰ ছাত্ৰসকল উৎসাহিত নাছিল যদিও যেতিয়া নেহৰু আৰু গান্ধীজীক গ্ৰেপ্তাৰ কৰিছিল তেতিয়া ছাত্ৰসকলে তেওঁলােকৰ শিক্ষানুষ্ঠানসমূহ ত্যাগ কৰিছিল। কিন্তু কানিংহামে ছাত্ৰ আৰু তেওঁলােকৰ অভিভাৱকসকলৰ পৰা লিখিত প্ৰতিশ্ৰুতি লৈছিল যে তেওঁলােকে কোনাে ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশ গ্ৰহণ নকৰে।
অৱশ্যে ছাত্ৰসকলে ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাইছিল আৰু অসমত আইন অমান্য আন্দোলনৰ দ্ৰুতগতিত বুদ্ধি হৈছিল। সেই সময়ৰ কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ ছাত্ৰ তেজপুৰৰ বিষ্ণুপ্ৰসাদ ৰাভাই নিজ ঘৰলৈ আহি তেজপুৰ আইন অমান্য ছাত্ৰ সকলক নেতৃত্ব দিছিল। গােলাঘাটত শংকৰ বৰুৱা, কনক দাস আদিয়ে ধীৰেন দত্তৰ দিহা-পৰামৰ্শৰ মৰ্মে সেই নেতৃত্ব দিছিল। আইন-অমান্য আন্দোলনত অংশগ্ৰহণকাৰী লােকৰ ৯৯ শতাংশই আছিল গাঁৱৰ খেতিয়ক তথা কৃষক পৰিয়ালৰ পৰা অহা ছাত্ৰ-যুৱক।
6. অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ অসমত ১৮৫৭ চনত জ্ঞান প্ৰদায়িনী নামৰ সভাখন অনুষ্ঠিত কৰা হৈছিল আনন্দৰাম ঢেকীয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ নেতৃত্বত এইখন সভাৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ হকে আনন্দৰাম ঢেকীয়াল ফুকনে চেষ্টা কৰিছিল। অসমীয়া ভাষা প্ৰচলনৰ আগতে চৰকাৰী কাৰ্যালয়, বিদ্যালয়, আদালতত কেৱল বাংলা ভাষাৰহে প্ৰচলন আছিল। আনন্দৰাম ঢেকীয়াল ফুকনে এই বাংলা ভাষাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। চৰকাৰী কাৰ্যালয়, বিদ্যালয়, আদালতত অসমীয়া ভাষাৰ প্ৰচলনৰ বাবে এক আন্দোলনৰ সৃষ্টি হৈছিল।
এই আন্দোলনৰ চেষ্টাতেই ১৮৭৩ চনত অসমত অসমীয়া ভাষাক চৰকাৰী কাৰ্যালয়, বিদ্যালয়, আদালত সমূহত পুনৰ প্ৰচলন কৰা হৈছিল। ইয়াৰ লগতে যিসকল ছাত্ৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল সেইসকল ছাত্ৰয়াে অসমীয়া ভাষা সহিত্যৰ উন্নতিৰ বাবে অহহাপুৰুষাৰ্থ কৰিছিল। ইয়াৰ পিছতেই ‘অসমীয়া লিটাৰেৰী ছ’চাইটি’ নামৰ প্ৰথম সংগঠন কলিকতাত গঠন হৈছিল। এই ছ’চাইটিখনৰ নেতৃত্ব লৈছিল ১৮৭২ চনত গুণগােৱিন্দ ফুকন আৰু দেৱীচৰণ বৰুৱাই।
অসমীয়া ভাষা-সাহিত্য উন্নয়নৰ এক প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। তেওঁলােকে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে মাণিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱাই ‘অসমীয়া লিটাৰেৰী ছ’চাইটি’ৰ তৰফৰ পৰা ভাইচৰয় লৰ্ড নৰ্থব্ৰুকক স্মাৰক-পত্ৰ দাখিল কৰিছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভা অনুষ্ঠিত হৈছিল ১৮৮৮ চনত। এই সভাৰ নেতৃত্ব লৈছিল হেমচন্দ্ৰ গােস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতীয়ে। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জৰিয়তেই অসমীয়া সকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাবধাৰা গঢ়ি উঠিছিল। হেমচন্দ্ৰ বৰুৱাই এই সভাৰ প্ৰচেষ্টাতে চৰকাৰৰ জৰিয়তে ‘হেমকোষ’ প্ৰকাশৰ কাম কৰিছিল। এই সভাই বুৰঞ্জী, সংস্কৃতি, সাহিত্য আদি ভাষা সম্বন্ধে বৌদ্ধিক আলােচনা কৰিছিল।
নিজৰ মতে আৰু ইয়াক অসমৰ ভিন্ন ঠাইত প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল। মানাকী’ নামৰ আলােচনীখনিয়ে এই সভাৰ জৰিয়তে প্ৰকাশ পাইছিল আৰুএক নতুন যুগৰ সূচনা কৰিছিল। জোনাকীৰ জৰিয়তেই জাতীয়তাবাদী ভাবধাৰাৰ প্ৰতিফলন ঘটিছিল। ইয়াৰ সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীৰ গুৰি ধৰিছিল হেমচন্দ্ৰ গােস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা যাক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়।
7. বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰঃ গােপীনাথ বৰদলৈৰ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত বহুতো শিক্ষানুষ্ঠান স্থাপিত হােৱাৰ লগতে কৃষি বিশ্ববিদ্যালয় আদি স্থাপিত হৈছিল ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে অসমত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয় স্থাপন হৈছিল যিখন হ’ল গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়। গুৱাহাটী অৰ্থাৎ অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ’ব পাৰে এই অভিমত পােনতে প্ৰকাশ কৰিছিল ১৯১৭ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া কলিকতা বিশ্ববিদ্যালয় আয়ােগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে। সেই বছৰৰে ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হােৱা আছাম এছচিয়েছনৰ বাৰ্ষিক বৈঠকত এখন বিশ্ববিদ্যালয়ৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছিল।
ইয়াৰ পৰৱৰ্তী কালত যাৱতীয় তথ্য-পাতি সংগ্ৰহ আৰু এক উপযুক্ত স্থানৰ বিচাৰ কৰিবৰ বাবে ১৯৪০ চনত সূৰ্য্যকুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ৰ অধীনত ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰি তাৰিখে অনুষ্ঠিত হােৱা বিশ্ববিদ্যালয়ৰ প্ৰথমখন আদৰণি সভা (কৰ্ট সভা)ৰ দিনটোকে বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। প্ৰতিষ্ঠাকালত ইয়াৰ অধীনত ১৭খন মহাবিদ্যালয় আৰু ৮টি স্নাতকোত্তৰ বিভাগ আছিল। মহানগৰীৰ কেন্দ্ৰৰপৰা কাৰ্যক্ৰম আৰম্ভ কৰা বিশ্ববিদ্যালয়খন ১৯৫৫-৫৬ চনত বৰ্তমানৰ জালুকবাৰী চৌহদলৈ স্থানান্তৰিত হয়। বৰ্তমান বিশ্ববিদ্যালয় চৌহদ অঞ্চলটো গােপীনাথ বৰদলৈ নগৰ নামেৰে জনাজাত।
ইয়াৰ পিছত ১৯৪৭ চনত অসমত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হয়। ইয়াৰ বিপৰীতে ১৯৪৮ চনত নগাঁৱত এখন পশু মহাবিদ্যালয় আৰু এখন কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
8. আছাম এছ’চিয়েনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা।
উত্তৰঃ ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছচিয়েছন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। ১৯০৫ চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হােৱা এই এছচিয়েছনৰ প্ৰথমখন অধিৱেশনত গৌৰীপুৰৰ ৰাজা প্ৰভাতচন্দ্ৰ বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপ-সভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছিল। আছাম এছ’চিয়েছনে অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লােৱা নাছিল। ই শান্তিপূৰ্ণভাৱে আৰু সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰেহে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পােষকতা কৰিছিল। এছ’চিয়েছনৰ কেইবাজনাে সদস্য আইন সভাৰাে সদস্য হােৱা বাবে সভাৰ প্ৰস্তাৱসমূহ আইন সভাত কাৰ্যকৰী কৰােৱাৰ সুবিধা পাইছিল। আছাম এছ’চিয়েছনে কৰা কামৰ কেইটামান উদাহৰণ হ’ল ঃ
(১) পৌৰসভাত চৰকাৰী বিষয়া আৰু লােকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰােধিতা কৰিছিল।
(২) এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিল।
(৩) বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰােধিতা কৰিছিল।
(৪) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছচিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।
আছাম এছচিয়েছনৰ জৰিয়তেই অসমত স্থাপন হােৱা কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি হৈছিল আৰু অসমক শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছিল। ইয়াৰ লগতে তেওঁলােকে অসমত কাৰিকৰী শিক্ষানুষ্ঠানৰ হকে চিন্তা কৰিছিল। আছাম এছ’চিয়েছনে বংগ বিভাজনৰ বিৰােধিতা কৰিছিল আৰু পূৰ্ব বংগৰ পৰা অসমক পৃথক কৰিবলৈ চৰকাৰৰ ওচৰত ১৯০৭ চনত স্মাৰক পত্ৰ দাখিল কৰিছিল। আছাম এছচিয়েছনে অসমক মন্টেগু আঁচনিত অন্তৰ্ভুক্ত কৰিবৰ বাবে ১৯১৭ চনত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাক সঁজাতি দল হিচাপে লণ্ডনলৈ পঠিয়াইছিল। অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও তেওঁলােকে দাবী প্ৰদান কৰিছিল।
9. অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰঃ অসমত প্ৰথমতে অসহযােগ আন্দোলনৰ ওপৰত অধিক গুৰুত্ব দিয়া নাছিল। পাছলৈ অৱশ্যে ১৯২১ চনত মহাত্মা গান্ধীৰ আগমনে জনসাধাৰণক যথেষ্ট উৎসাহিত কৰিছিল। অসহযােগ আন্দোলন বৰ্তি থাকিব। বাবে অমিয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, মুহিবুদ্দিন আহমেদ আদি নেতাসকলে চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিছিল। তাৰােপৰি লক্ষীধৰ শৰ্মা, ৰােহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা বেণুধৰ শৰ্মা, তিলক শৰ্মা আদিয়ে অসহযােগ আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰিছিল।
এওঁলােকৰ উপৰিও তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কামিনী কুমাৰ চন্দ্ৰ, কুলধৰ চলিহা, বিষ্ণুৰাম মেধি আদি নেতাসকলে নিজৰ ওকালতি ত্যাগ কৰিছিল আৰু আন্দোলনত অংশ গ্ৰহণ কৰিছিল। এই আন্দোলনৰ ফলত অসমৰ বিভিন্ন স্থানত শিক্ষানুষ্ঠান প্ৰতিষ্ঠিত হৈছিল। ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্ৰথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত তিলক সোঁৱৰণী স্কুল প্ৰতিষ্ঠা হৈছিল।
অসমত এই আন্দোলনৰ এক উল্লেখযােগ্য প্ৰভাৱ আছিল– কানিৰ প্ৰচলন বন্ধ। এই আন্দোলনৰ আন এটা উল্লেখযােগ্য গঠনমূলক কাম আছিল— খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তােলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা।
১৯২১ চনৰ মে মাহত কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰাগােলা আৰু লংগাই উপত্যকাৰ ১৩খন চাহ বাগিচাৰ প্ৰায় ৮০০০ বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একলগ হৈ তেওঁলােকৰ ঔপনিবেশিক শাসকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। মজুৰি বৃদ্ধিৰ দাবী জনােৱাৰ লগতে গান্ধী মহাৰাজৰ জয়’ ধ্বনি দি তেওঁলােকে এই আন্দোলনত অংশ গ্ৰহণ কৰিছিল। এই অসহযােগ আন্দোলনৰ প্ৰভাৱ অসমত যথেষ্ট পৰিমাণে আছিল।
10. অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু ভূমিকা সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ দিয়া।
উত্তৰঃ ১৮৮৫ চনত স্থাপন হােৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন অধ্যায়ৰ পাতনি মেলে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত ১৯২১ চনত মহাত্মা গান্ধীক অসমত অহসযােগ আন্দোলন প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল। সেই বছৰৰ আগষ্ট মাহত গান্ধীৰ অসম ভ্ৰমণে নৱগঠিত কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত আলােড়ন সৃষ্টি কৰিছিল। ফলস্বৰূপে অসহযােগ আন্দোলন অসমত অতি সক্ৰিয় হৈ পৰিছিল। অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিয়ে ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ ৪১তম বাৰ্ষিক অধিৱেশন আয়ােজন কৰিছিল।
অসমত প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হােৱা প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। গােপীনাথ বৰদলৈয়ে ১৯৪৬ চনত নিৰ্বাচত সংখ্যাগৰিষ্ঠতা লাভ কৰি এক বৃহৎ জয়েৰে অসমৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হ’বলৈ সক্ষম হৈছিল। অসমক ‘গ’ গােটত ভাগ কৰিব ধৰিছিল কেবিনেট মিছনে। কিন্তু মহাত্মা গান্ধীৰ সমৰ্থনত গােপীনাথ বৰদলৈয়ে ইয়াৰ প্ৰতিবাদ কৰিছিল। ফলত অসমক উত্তৰ-পূবক পূৰ্ব বংগৰ লগত একগােট কৰাৰ পৰা ৰক্ষা পৰিল। অসমৰ আন আন নেতাসকলেও কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকৰী হ’বলৈ প্ৰতিবাদ কৰিছিল। অসমৰ জাতীয়তাবাদী সকলক উৎসাহিত হ’বলৈ আকৰ্ষিত কৰা প্ৰধান কাৰণটো আছিল জাতীয় কংগ্ৰেছৰ অধিবেশনত ভাষাৰ ওপৰত ভিত্তি কৰি পুনৰ ৰাজ্য গঠন কৰাৰ প্ৰস্তাৱটোৱে।
11. অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।
উত্তৰঃ ১৯৪২ চনৰ ৮ আগষ্টত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে বােম্বাইত বিখ্যাত ভাৰত ত্যাগ’ আন্দোলনৰ ঘােষণা কৰিছিল। গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত বােম্বাইৰ গােৱালিয়া টেংকত নিজৰ ভাষণ দিছিল, যিখন ঠাইক পৰবৰ্তী সময়ত ‘আগষ্ট ক্ৰান্তি মৈদান’ নামেৰে নামকৰণ কৰা হৈছে।
অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শােভাযাত্ৰা, সমাৰােহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই যােৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবােৰক হাৰাশাক্তি কৰা হৈছিল। হবিগঞ্জৰ চাহাবী বজাৰ, গােলাঘাটৰ সৰুপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া আৰু শিৱসাগৰৰ চাফ্ৰাইত ৰেলপথ বগৰােৱাৰ ঘটনা সংঘটিত হৈছিল। সৰুপথাৰত ৰেল বগৰােৱাৰ অভিযােগ কুশল কোৱৰক ফাঁচি দিয়া হৈছিল। উল্লেখযােগ্য যে এই আন্দোলনৰ সময়তেই গহপুৰৰ থানা ঘেৰাও কৰি তাত পতাকা উত্তোলন কৰিবলৈ যােৱা ১৪ বছৰীয়া কনকলতা বৰুৱা পুলিচৰ গুলীত শ্বহীদ হৈছিল।
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আছিল এক গণ আন্দোলন। এই আন্দোলনৰ বাবে চৰকাৰে ৰাইজৰ বাক স্বাধীনতা, অ-সামৰিক অধিকাৰ সংবাদ মাধ্যমৰ অধিকাৰ খৰ্ব কৰিছিল। অসমত কেইজনমান নেতাই আত্মগােপন কৰি আছিল। তেওঁলােকে পিছত আত্মগােপনকাৰী সংগঠনৰ নেতৃত্ব বহন কৰা শংকৰ চন্দ্ৰ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, মহেন্দ্ৰনাথ হাজৰিকা, লক্ষ্মীপ্ৰসাদ গােস্বামী আদি নেতাসকলৰ সৈতে মিলিত হৈ ৩২টা গােপন স্বেচ্ছাসেৱী কেন্দ্ৰ গঠন। কৰিছিল। ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ প্ৰধান কাৰ্যসূচী আছিল যেব্ৰিটিছৰ সমান্তৰালভাৱে চৰকাৰ গঠন কৰা। তাৰ পৰিপ্ৰেক্ষিততে অসমৰ বিভিন্ন ঠাইত আন্দোলনকাৰী নেতাসকলে গাঁও পঞ্চায়ত গঠন কৰিছিল আৰু স্থানীয় শাসন গাঁওবাসীক অৰ্পণ কৰিছিল।