গৌৰৱ

গৌৰৱ | Chapter 3 | Class 11 Assamese (MIL) – AHSEC

গৌৰৱ | Chapter 3 | Class 11 Assamese (MIL) Question and Answer | Assam Class 11 Assamese (MIL) Solutions | AHSEC Class 11 HS Assamese (MIL) Chapter 3 Notes | AHSEC Class 11 HS Assamese (MIL) Chapter 3 Question and Answer | Questions and Answers for Class 11 Assamese (MIL) Chapter 3 গৌৰৱ | HS 1st Year Assamese (MIL) Questions and Answers Assam


গৌৰৱ
(কালিৰাম মেধি)

অতি চমু প্রশ্ন ( মূল্যাংক: ১

1. নেপলিয়ান বোনাপার্ট কোন দেশৰ বীৰ আছিল?
উত্তৰঃ নেপলিয়ান বোনাপার্ট ফ্ৰান্স দেশৰ বীৰ আছিল।

2. বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে?
উত্তৰঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে।

3. কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ’ল- “অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব”।

4. জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে?
উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে ।

5. ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে? বুজাই লিখা।
উত্তৰঃ ৰূপৰ বলত পোৱা মান ভক্তি স্থায়ী নহয়। কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপ, স্বাস্থ্য আৰু বলৰো পতন ঘটে।

6. ‘ডিভাইন কমেডি’ কাৰ ৰচনা?
উত্তৰঃ ‘ডিভাইন কমেডি’ ইটালীৰ বিশ্ববিখ্যাত কবি ডাণ্টেৰ ৰচনা।

7. মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে?
উত্তৰঃ মৈথিলী আৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে।

8. শুদ্ধোধনৰ নাম মানুহে কিয় জানে?
উত্তৰঃ শুদ্ধোধন গৌতম বুদ্ধৰ পিতৃ আছিল বাবে মানুহে তেওঁৰ নাম জানে।

চমু প্রশ্ন ( মূল্যাংক: ২/৩)

1. দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?
উত্তৰঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে। কাৰণ বিজেতাই প্রথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে আৰু তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ পৰা যায়। বিজেতাই মানুহকে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে।

READ MORE  গিবন | Chapter 5 | Class 11 Assamese (MIL) - AHSEC

2. সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ ওপজে?
উত্তৰঃ গৌৰৱ তিনি ঠাইৰ পৰা উৎপন্ন হয় – সৌভাগ্য, শৰীৰ আৰু মন সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মান আহে। জন্মসূত্ৰে লাভ কৰা ধন আৰু মান পোৱা ব্যক্তিসকলে নিজস্ব ভাৱে কিবা ভাল কাম কৰক বা নকৰক সমাজত কিন্তু তেওঁলোকৰ স্থান সদায় একেই থাকে। উদাহৰণ স্বৰূপে নিধিৰাম বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি বৰুৱাৰ ঘৰৰ ল’ৰাই আগমালা আৰু আগ ঠগি পোৱাৰ নিয়ম সামাজিক আইনত বন্ধ আছে। কিন্তু সাধাৰণ মানুহৰ ল’ৰা-ছোৱালীয়ে জন্মসূত্ৰে সাধাৰণ হোৱা বাবে নিজৰ কৃতিত্বৰ বাবে কিন্তু সমাজত আগস্থান নাপায়।

দীঘল প্রশ্ন ( মূল্যাংক: ৪/৫)

1. জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখা।
উত্তৰঃ অসমত অতীতৰে পৰা বংশ মর্যাদাই প্ৰাধান্য লাভ কৰিছে। ইয়াৰ বিষয়ে ‘গৌৰৱ’ প্রবন্ধটিতো উল্লেখ আছে। বৰুৱাৰ ঘৰৰ ল’ৰাই আগ মালা আৰু আগ ঠগি পোৱাৰ নিয়ম অসমীয়া সামাজিক আইনত বন্ধা আছে। কোলামণি হাজাৰ হওক সাধাৰণ মানুহৰ ল’ৰা, তেওঁ মালা আৰু ঠগি পাছে পাব। বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি, ক’লামণি দাস বংশৰ বিদ্যাভূষণ হ’লেও সাধাৰণ সামান্য মানুহ । এনে ধৰণৰ বংশ পৰম্পৰাই অসমীয়া সমাজত আজিও প্রচলিত। অর্থাৎ উচ্চ বংশৰ লোকসকলে সদায় মৰ্যাদা আৰু নিম্ন বৰ্গৰ মানুহ গুণসম্পন্ন হ’লেও মৰ্যাদা নোপোৱাকৈ থকাটো কালিৰাম মেধিৰ ‘গৌৰৱ’ প্ৰবন্ধটিত কোৱা হৈছে। ই এক পৰম্পৰাগত আৰু প্ৰবাহিত ৰীতি ৰূপেই আজি প্ৰচলিত হৈ আছে।

2. ‘গৌৰৱ’ প্ৰবন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?
উত্তৰঃ প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায়। ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্ৰহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদানৰ ইতিহাসো গৌৰৱৰ বিষয়। ছেক্সপীয়েৰ, কবিৰ, মাধৱদেৱ আদি মহাপুৰুষৰ পূৰ্ণাংগ জীৱনী পোৱা নাযায়। কিন্তু প্ৰজাই ৰাজ্যৰ সম্ৰাট বা ৰজাক যেনে – আকবৰ, চ্যুকাফা, নৰনাৰায়ণ, জুলিয়াছ ছিজাৰ, আলোকজেণ্ডাৰ, নেপলিয়ন বোনাপার্ট আদিক যিমান ভালদৰে জানে তাতকৈ বেছি ভালদৰে জানে ক্ৰমে গৌতম বুদ্ধ, শংকৰদেৱ, ভার্জিল, প্লেটো, মাৰ্টিন লুথাৰ আদি একো একোজন সন্ত মহাপুৰুষ জীৱনী। কিন্তু মহা মহা সম্ৰাটৰ বিস্তৃত জীৱনীহে পোৱা যায়। প্ৰকৃততে জ্ঞান, আত্মসংযম, আত্মদান আদিয়ে সন্ত মহাপুৰুষ, সতী সাৱিত্ৰী আদিক অমৰত্ব প্ৰদান কৰিছে।

READ MORE  এভাৰেষ্টৰ সপোন আৰু বিভীষিকা | Chapter 8 | Class 11 Assamese (MIL) - AHSEC

3. প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা।
“ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।”
উত্তৰঃ উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

ৰূপৰ বাবেই যে বিভিন্ন কাৰণ সংঘটিত হয় আৰু বহুবোৰ কাৰ্যৰ আৰু যে ৰূপেই ক্ৰিয়া কৰে সেয়া উদ্ধৃত বাক্যশাৰীত প্ৰকাশিত হৈছে।

গৌৰৱ উৎপন্ন হোৱা দ্বিতীয় বিধ উপাদান শৰীৰৰ ভিতৰতো ৰূপে অন্যতম। ৰূপে জ্ঞানীৰ অজ্ঞানী কৰে, যুদ্ধ বিগ্ৰহৰ সৃষ্টি কৰে। ৰূপে জগতৰ বুৰঞ্জী পৰিৱৰ্তন কৰে আৰু নিৰ্বলীক বলী কৰে। মহাদেৱৰ নিচিনা যোগিকো ভগৱানৰ বিশ্ববিমোহন ৰূপে বলিয়া কৰিছিল। ৰাম ৰাৱণৰ যুদ্ধ আৰু গ্ৰীক ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ। ডাণ্টেৰ ‘ডিভাইন কমেডি’ৰূপৰ পৰাই ওলাইছে। ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে। হিৰোৰ লাৱন্য শক্তিৰ প্ৰভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাঁতুৰি সাঁতুৰি পাৰ হ’বলৈ ভয় নকৰিছিল। সাপ যেনেকৈ ৰোগীৰ মন্ত্ৰত মুগ্ধ হয়, মানুহে তেনেকৈ ৰূপ মুগ্ধ হয়। এই ৰূপৰ বলতে বহুতে বহুত ঠাইত মান আৰু ভক্তি পায়। মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূৰ্তিয়ে তেওঁৰ প্ৰতিদ্বন্ধীৰ পৰাও ভাক্ত শ্ৰদ্ধা আকৰ্ষণ কৰিছিল। ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল। ৰূপ ঈশ্বৰদত্ত। কামদে এণ্ডিমিয়ান, তিলোত্তমা আৰু হলেনৰ ৰূপ মধুৰী নিজৰ আৰ্জিত নহয়। কিন্তু সেইবুলিয়ে ৰূপৰ ওপৰত যে আমাৰ হাত নাই এনে নহয়। হৰমোহন ৰূপ পাবলৈ নোৱাৰিলেও নিজ চেষ্টাৰ বলত কুৎসিত আকাৰ কিছু পৰিমানে কমাব পাৰি । জাপানিবিলাকে তেওঁলোকৰ গঢ় কুকেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে। কিঞ্চিত কৃতকাৰ্যও হৈছিল। ৰূপ সৌন্দৰ্য্য বঢ়োৱাত স্বাস্থ্যই বৰ সহায় কৰে। ভাল স্বাস্থ্য থাকিলে আৰু তেজ পৰিষ্কাৰ থাকিলে মুখৰ গঢ় বেয়া হ’লেও আৰু মানুহ দেখিবলৈ কুশ্ৰী নহয়। কিন্তু ৰোগীয়া মানুহৰ মুখ কাৰ্তিক, নাৰ্চিছাছৰ দৰে সুন্দৰ হ’লেও দেখিবলৈ কুৎচিত আৰু ঘিন লগা হয়। শৰীৰৰ মানসিক আৰ অন্তৰ্লিন বলে ৰূপৰ জেউতি চৰায়।

READ MORE  কিতাপৰ কথা | Chapter 4 | Class 11 Assamese (MIL) - AHSEC

4. ‘ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি কুল’ —কথাষাৰ বুজাই লিখা।
উত্তৰঃ উদ্ধৃত কথাফাঁকিৰ দুয়োপিনে যুক্তি আছে। আজিকালি ধন থকা জনে মৰ্যাদা আৰু শ্ৰদ্ধা লাভ কৰে। ধন থকা জনৰ পুত্ৰই কু-কৰ্ম কৰিলেও তেওঁলোকৰ মানহানি নহয়। ধন থকাজনৰ গোন্ধই সকলোকে তেওঁৰ ওচৰত বিনীত, বিনয়ী, শিষ্টাচাৰী আৰু নম্ৰ কৰি ৰাখে। ধন থাকিলে দান নিদিয়া লোকেও দানী হিচাপে মর্যাদা পায়। ধন থাকিলে মান-মর্যাদা আপুনা-আপুনি নিজৰ ওচৰলৈ আহে। পৃথিৱীত এনে মানুহ নাই, যি ধনীক ভয়, মান আৰু ভক্তি নকৰে। সেয়েহে আজিকালি ধনেই আলাউদ্দিনৰ বন্তি যেন হৈছে।

কিন্তু, ধন নাথাকিলেও মানুহ ভাল হ’ব পাৰে। ধনেই গৌৰৱ বঢ়ালেও দুখীয়াজনৰ মনৰ গৌৰৱৰো স্থায়িত্ব আছে। আজিকালি জ্ঞানীক লোকে চকুৰে চায়, উচ্চ আসনত বহুৱায়। আজিকালি জ্ঞানীয়ে মর্যাদা পায়। ধনীৰ জ্ঞান নহ’লে মানুহে ভাল নোবোলে। আজিকালি সেয়ে ধনেই সৰ্বস্ব নহয়। ধনে মর্যাদাক হ্ৰাস কৰিবও পাৰে। আজিকালি জ্ঞানে প্ৰাসগীকতা বহন কৰিছে ।

5. প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা —”বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনত পৰাস্ত কৰিব নোৱাৰে।
উত্তৰঃ উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

দেশ বিজয় কৰা বীৰসকলক আমি গৌৰৱৰ পাত্ৰ বুলি ভাবো। কিন্তু বিজেতাই প্রথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ পৰা যায়। বিজেতাই মানুহক পৰাস্ত কৰে কিন্ত মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে। উদাহৰণ স্বৰূপে জুলিয়াছ ছিজাৰে বাস্তৱিকতে দেশ জয় কৰা নাছিল, কিন্তু ভার্জিলে কৰিছিল। আলোকজেণ্ডাৰে দেশ লৈছিল হয়, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিছিল। ইউৰোপত নেপলিয়ন বোনাপার্টতকৈ মাৰ্টিন লুথাৰ বেছি জনপ্রিয়। আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হ’ল,কিন্তু গৌতম বুদ্ধৰ হোৱা নাই। চ্যুকাফাৰ ৰাজ্য আৰু নৰনাৰায়ণৰ ৰাজ্য কালে ধ্বংস কৰিলে হয়, কিন্তু শংকৰদেৱৰ ৰাজ্য ধ্বংস কৰিব পৰা নাই। মহাপুৰুষ ৰাজ্য টুটক ছাৰি বাঢ়িছেছে। নিউটন, ডাৰউইন আদি পণ্ডিতে তেওঁলোকৰ নিজৰ মনৰ ভাৱ আনৰ মনত সুমুৱাই দি তেওঁলোকৰ নিচিনা সকলোকে চিন্তা কৰিবলৈ দিছে। অর্থাৎ চিন্তা, কর্ম, জ্ঞান, আত্মসংযম, আত্মদান আদি সদায় মানুহৰ মনত ৰৈ যায় বিলীন নহয়।

Leave a Comment

error: Content is protected !!
Scroll to Top