অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ | Chapter 2 | Class 11 Assamese (MIL) – AHSEC

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদৰ্পণ | Chapter 2 | Class 11 Assamese (MIL) Question and Answer | Assam Class 11 Assamese (MIL) Solutions | AHSEC Class 11 HS Assamese (MIL) Chapter 2 Notes | AHSEC Class 11 HS Assamese (MIL) Chapter 2 Question and Answer | Questions and Answers for Class 11 Assamese (MIL) Chapter 2 অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদৰ্পণ | HS 1st Year Assamese (MIL) Questions and Answers Assam


অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদৰ্পণ
(পদ্মনাথ গোহাঞি বৰুৱা)

অতি চমু প্রশ্ন ( মূল্যাংক: ১)

1. ‘আগৰৱালা পকী’ ক’ত অৱস্থিত?
উত্তৰঃ ‘আগৰৱালা পকী’ তেজপুৰ চহৰত অৱস্থিত।

2. ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ’ শীর্ষক পাঠতি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ ‘মোৰ সোঁৱৰণি’ নামৰ আত্মজীৱনী খনৰ পৰা সংগ্ৰহ কৰা হৈছে।

3. গান্ধীজীৰ সন্মানার্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজলিছত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা।

4. মহাত্মা গান্ধীয়ে প্ৰথমবাবৰৰ বাবে কেতিয়া অসম ভ্ৰমণ কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ইংৰাজী ১৯২১ চনৰ প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল।

5. পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল- ‘মোৰ সোঁৱৰণি’।

চমু প্রশ্ন (মূল্যাংক: ২/৩)

1. পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্রন্থ হ’ল— ‘গাঁও বুঢ়া’, ‘গদাধৰ’ আৰু ‘শ্ৰীকৃষ্ণ’।

2. পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল— ‘টেটোন তামুলী’ আৰু জয়মতী।

3. ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ’ শীর্ষক পাঠতিত উল্লেখ কৰা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা।
উত্তৰঃ মৌলানা মহম্মদ আলি আৰু তৰুণৰাম ফুকন।

4. পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা।
উত্তৰঃ ‘বিজুলী’, ‘আসাম বন্তি’, আৰু ‘ঊষা’।

5. মহাত্মা গান্ধীয়ে ভাৰতৰ গবৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি ‘Your Excellency’ ৰ সলনি উকাকৈ অকল ‘Your ‘ বুলি চিঠি লিখিছিল।

দীঘল প্রশ্ন (মূল্যাংক: ৪/৫)

1. “আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।” -এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা।
উত্তৰঃ উক্ত কথাফাকি মহাত্মা গান্ধীয়ে পদ্মনাথ গোহাঞিবৰুৱাক কৈছিল। মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ সময়ত যেতিয়া গান্ধীজীৰ জাহাজ গৈ তেজপুৰৰ জাহাজ ঘাটত চাপিছিল, তেতিয়া অধিৰ আগ্ৰহেৰে বাট চাই থকা পদ্মনাথ গোহাঞিবৰুৱাই প্ৰথমেই গৈ সেই জাহাজত উঠিছিল। জাহাজত উঠিয়েই তেওঁ তৰুণৰাম ফুকনৰ আঙুলিৰ নিৰ্দেশ অনুসৰি হৈ মহাত্মা গান্ধীজীক নমস্কাৰ জনাইছিল। এনে সময়তে তৰুণৰাম ফুকনে আহি পদ্মনাথ গোহাঞিবৰুৱাক গান্ধীজীৰ ওচৰত পৰিচয় কৰাই দিছিল এনেদৰে-“এখেত এজন তেজপুৰৰ আগৰণুৱা দেশ হিতৈষী অসমীয়া নেতা – ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা।” এই কথা শুনি গান্ধীজী উপচ খাই উঠাৰ দৰে হৈছিল আৰু আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে আদিৰিবলৈ আহে।’ কথাষাৰ কৈছিল। ইয়াৰ কাৰণ এনে ৰায়চাহাব হ’ল চৰকাৰৰ ফালৰ পৰা প্ৰদত্ত খিতাপ। সেই সময়ত এনেলোক সকলে চৰকাৰৰ ভয়ত এনে অনুষ্ঠানত অংশগ্ৰহণ নকৰিছিল আৰু ৰাইজৰ মঙ্গলৰ হকে মাত মাতিবলৈ কণ্ঠবোধ কৰিছিল। তেনেস্থলত এনে খিতাপধাৰী এজনে মুকলিভাৱে গান্ধীজীক লগ পাব অহাত তেখেত (গান্ধীজী) আচৰিত হৈ গৈছিল। তৰুণৰাম ফুকনে তেতিয়া বুজাই দিছিল যে গোহাঞিবৰুৱাই ‘ৰায়চাহাব’ যাচি দিয়া চৰকাৰী খিতাপ পিন্ধিলেও সৰ্বতোভাৱে ৰাইজৰ ফলীয়া হৈ হে কাৰ্যক্ষেত্ৰত আগবাঢ়ে। কথা শুনি গান্ধীজীয়ে গোহাঞিবৰুৱাক এনেদৰে কৈছিল যিহওক, আশাকৰোঁ খিতাপৰ কিৰীটীয়ে পাক ঘুৰণি খুৱাই আপোনাক প্ৰতিকূলমুখীয়া নকৰক যেন।” পদ্মনাথ গোহাঞিবৰুৱাই মূৰ দোৱাই তেখেতৰ কথাত সন্মতি প্ৰকাশ কৰিছিল।

READ MORE  ৰাজপথ | Chapter 15 | Class 11 Assamese (MIL) - AHSEC

2. গান্ধীজী আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা।
উত্তৰঃ মহাত্মা গান্ধীৰ জাহাজখন যেতিয়া ১৯২১ চনৰ ২১ আগষ্টৰ ৰাতিপুৱা ৯ বজাত তেজপুৰ জাহাজঘাটত লাগিলেহি, তেতিয়া অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা পদ্মনাথ গোহাঞিবৰুৱাই পোন প্ৰথমে গৈ জাহাজত উঠিলেগৈ আৰু তৰুণৰাম ফুকনৰ আঙুলিৰ নিৰ্দেশৰে দেখুৱাই দিয়া মাত্ৰকে গৈ গান্ধীজীক নমস্কাৰ কৰিলে। পদ্মনাথ গোহাঞিবৰুৱাই তেওঁৰ কল্পনাৰ গান্ধীজী আৰু বাস্তৱত দেখা পোৱা গান্ধীজীৰ শাৰীৰিক গঠনৰ পাৰ্থক্যৰ কথা ভাবি তেওঁলৈ একেথৰে চাই থাকোঁতেই তৰুণৰাম ফুকনে আহি গান্ধীজীৰ লগত পৰিচয় কৰাই দিলে এইদৰে ‘এখেত তেজপুৰৰ আগৰণুৱা দেখহিতৈষী অসমীয়া নেতা ৰায় চাহাব পদ্মনাথ গোহাঞিবৰুৱা’। কথাখিনি শুনি গান্ধীজীয়ে আচৰিত হৈ সুধিলে যে ৰায়চাহাব উটাধিধাৰী মানুহে তেখেতক কিয় আদৰিবলৈ আহিছে। তেতিয়া তৰুণৰাম ফুকনে গান্ধীক বুজাই কলে যে ৰায়চাহাব উপাধি ল’লেও পদ্মনাথ গোহাঞিবৰুৱাই আচলতে ৰাইজৰ হৈ হে কাম কৰে। গান্ধীয়ে এই কথা শুনি সেই বিষয়টোৰ সামৰণি পেলাবলৈ গোহাঞিবৰুৱালৈ চাই ক’লে তেওঁ আশাকৰে খিতাপ কিৰীটিয়ে যাতে গোহাঞিবৰুৱাক পাক ঘূৰণী থুৱাই ৰাইজৰ প্ৰতিকূলমুখী নকৰে। পদ্মনাথ গোহাঞি বৰুৱাইও তেওঁক তেনে কাম নকৰা প্ৰতিশ্ৰুতি হিচাপে মূৰ দুৱাই সন্মত হোৱাটো জনালে।

ইয়াৰ পিছত পদ্মনাথক গান্ধীজীয়ে লগত অহা মৌলানা মহম্মদ আলিৰ লগত চিনাকি কৰি দিলে আৰু তাৰ পিছত তিনিও জনে লগলাগি ‘স্বৰাজ সম্বন্ধে দুই এটা কথা পাতিলে। এনেকৈ কথা পাতি থাকোতে পদ্মনাথ হাজপাৰৰ ওপৰত তেওঁলোকৰ চকু পৰিল। পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া পাটৰ চুৰিয়া, কুৰ্ভাচোলা পিন্ধাৰ লগতে আশী নম্বৰী সূতাৰ ঘৰতে বোৱা চেলেং চাদৰ লৈ গৈছিল। দুয়োজনে গোহাঞিবৰুৱাৰ চোলা চুৰিযাৰ প্ৰশংসা কৰিলে। গান্ধীজীয়ে চেলেংচাদৰৰ সূতা স্বদেশী নে সুধিলে। পদ্মনাথ গোহাঞিবৰুৱাই উত্তৰত ক’লে যে ‘সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি ঘৰত বোৱা কাপোৰহে’। এই কথা শুনি গান্ধীজীৰ মুখমণ্ডলত অসন্তোষৰ ভাব পৰিস্ফুট হ’ল আৰু পদ্মনাথৰ মুখলৈ চাই এনেদৰে ক’লে- এই চাদৰৰ সূতা বিদেশী-বিলাসী আশাকৰোঁ, আপোনাৰ চোলা-চুৰীয়াৰ দৰে চাদৰো অনতি পলমে সম্পূর্ণে স্বদেশী হয় যেন। এনেদৰে কিছু কথা পতাৰ পিছত তেওঁলোক আটাইয়ে জাহাজৰ পৰা নামি আহিল।

READ MORE  গিবন | Chapter 5 | Class 11 Assamese (MIL) - AHSEC

3. পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিল?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ভালেমান দিনৰ পৰাই ঘুনুক-ঘাঁনাককৈ মহাত্মা গান্ধীৰ কথা শুনি আছিল। দক্ষিণ আফ্ৰিকা বাসী ভাৰত সন্তানৰ দুখ নির্যাতন মোচন আৰু অভাৱ-অভিযোগ নিৰাকৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কাৰ্যকলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি-শুনি তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তিৰে পদ্মনাথ গোহাঞিবৰুৱাৰ অন্তৰ ভৰি পৰিছিল। সেই সময়ছোৱাত আমাৰ দেশৰ মানুহে মহাত্মা গান্ধীৰ এই অসাধাৰণ কাৰ্যকলাপ আৰু কীর্তি-কাহিনীৰ বিষয়ে বৰ বিশেষ নাজানিছিল যদিও দূৰ-দূৰণিৰ আমেৰিকা যুক্তৰাষ্ট্ৰত গান্ধীজীৰ মহামানৱিক কাৰ্যকলাপৰ বহুলভাৱে আলোচনা আৰু সমালোচনা চলিছিল। বিশেষকৈ আমেৰিকাৰ খ্ৰীষ্টিয়ান মিছনেৰী সম্প্রদায়ে গান্ধীজীৰ মানৱ জাতিৰ মঙ্গলার্থে কৰা অলৌকিক আত্মোৎসর্গত বিস্ময় মানি তেখেতক ভূয়সী প্ৰশংসা কৰিছিল, আনকি সেই সম্প্ৰদায়ৰ পুৰিহিত পাদ্রীসকলে মহাত্মা গান্ধীজিক যিশু খ্ৰীষ্টতকৈও ওপৰত স্থান দিয়া কথাটোৱে গোহাঞিবৰুৱাক স্তম্ভিত কৰি তুলিছিল। এনেকুৱা এটা সময়তে মহামানৱ মহাত্মা গান্ধীজী নিজ জন্মভূমিলৈ উভটি আহিছিল। বুজা কঢ়িয়াই ধ্বংসৰ মুখলৈ আগুৱাই যোৱা ভাৰতবাসীক উদ্ধাৰৰ অৰ্থে উঠি পৰি লাগিছিল। ইয়াৰ বাবে গান্ধীয়ে নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক আদি বিবিধ বিষয়ক দেশহিতকৰ কাৰ্যত আত্ম নিয়োগ কৰিছিল।

সেই আলমতে গান্ধীজীয়ে সেই কালৰ ভাৰত গৱৰ্ণৰ জেনেৰেল লৰ্ড ৰীডিং চাহাবলৈ যি পত্ৰ লিখিছিল তাত জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি ‘Your Excellency’ ৰ সলনি উকাকৈ অকল ‘Your’ বুলি লিখিছিল, যি কাৰ্য সেই সময়ছোৱাত আন কোনেও কৰিবলৈ সাহস কৰা গোহাঞিবৰুৱাৰ চকুত পৰা নাছিল। এই কাৰ্যবোৰৰ বাবেই মহান স্বাধীনচেতিয়া মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু গান্ধীজীৰ দৰ্শন লাভৰ সুযোগ বিচাৰি ফুৰিছিল।

4. গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিছ বৈঠকৰ আয়োজন কৰিছিল, বুজাই লিখা।
উত্তৰঃ মহাত্মা গান্ধীৰ প্ৰথম অসম ভ্ৰমণৰ সময়ত যেতিয়া তেজপুৰ চহৰলৈ গৈছিল জাহাজ ঘাটৰ পৰা তেখেতক প্ৰথমে হৰিবিলাস আগৰৱালাৰ ‘পকী কুঠিলৈ’ নিয়া হৈছিল। তাত আদৰনী সমিতিৰ সদস্য সকলে তেখেতৰ আলপৈচান ধৰে তেওঁলোকে পকিধৰৰ ভিতৰত তেওঁক যতনাই ৰখা ছাগলীৰ গাখীৰেৰে জলপান কৰায়। ইফালে গান্ধীক চাবলৈ অহা মানুহেৰে পকীঘৰৰ বাহিৰ ভিতৰ ভৰি পৰিছিল। আলিবাটত চলাচল কৰিবৰ উপায় নোহোৱা হৈছিল। হাজাৰ বুজাইও কোনো জনকে সেই ঠাইৰ পৰা লৰচৰ কৰিব নোৱাৰিলে। উপায় নাপায় আলোচনা কৰি গান্ধীজীক পকীঘৰৰ চাদলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছিল। সেই অনুসৰি মহাত্মা গান্ধী চাদৰ ওপৰলৈ উঠি উদং গাৰে কৃষ্ণভঙ্গীৰে থিয় দিলেগৈ, উদগ্ৰীৱ ৰাইজে হেঁপাহ পলুৱাই গান্ধী দৰ্শন কৰিলে। গান্ধীয়ে সন্মোহিনী মূৰ্তিৰে পোন্ধৰ মিনিট মান পকীৰ ওপৰত পৰমানন্দে দৰ্শকক দৰিশন দি দৰ্শকৰ আগ্ৰহ দেখি নিজেও আনন্দত আপ্লুত হৈ পৰিছিল। তেখেতে অংগীভঙ্গীৰে প্ৰণাম সম্ভাষণ জ্ঞাপন কৰি ৰাইজৰ পৰা সাম্প্ৰতিক ভাবে বিদায়লৈ তললৈ নামি আহিছিল।

READ MORE  এভাৰেষ্টৰ সপোন আৰু বিভীষিকা | Chapter 8 | Class 11 Assamese (MIL) - AHSEC

ৰাইজসকলো ঘৰাঘৰি গৈদিল ইয়াৰ পিছত সন্ধিয়া সাত বজাৰ পৰা ‘পকী’ৰ সন্মুখত বহল ঘাঁহনি চোতালত দলিচা সতৰঞ্চি, ত্ৰিপাল আদি পাৰি মজলিছ বৈঠক পতা হৈছিল। পূৰ্বনিৰ্ধাৰিত কার্যতালিকা অনুসৰি টাউনৰ গণ্যমান্য লোকসকল দূৰৈৰ পৰা আহি অভ্যর্থনাত যোগ দিয়া ৰাইজৰ নেতা শ্রেণী, ৰাইজৰ এভাগ আৰু টাউনবাসী সৰ্বসাধাৰণ মানুহ চাপি আহি নিজ নিজ আসনত বহিছিল। ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱাৰ বাহিৰে আন কোনো চৰকাৰী চাকৰীয়াল,পেঞ্চনীয়া আৰু গৱৰ্ণমেণ্ট খিতাপ ধাৰীলোকে সেই মজলিছত যোগ দিয়া নাছিল। ৭ বজাত গান্ধীজী যেতিয়া আহি সেই মজলিছত থিয় দিছিল তেতিয়া সমবেত সমজুৱাই একেচাবে উঠি থিয় দি তেখেতক সন্মান জনাইছিল। গান্ধীজী আহি তেখেতৰ বাবে সজাই থোৱা সৰু চালপীৰাত পিচ্ গৰু দিয়া সুনির্দিষ্ট আসনত বহি পৰিছিল। আসন গ্ৰহণ কৰি তেখেতে হিন্দী গুজৰাটী ভাষাত তেখেতৰ ভাৰত ভ্ৰমণৰ উদ্দেশ্য ব্যাখ্যা কৰি সুগভীৰ সাৰুৱা বক্তৃতা দিবলৈ আৰম্ভ কৰিছিল, সমবেত ৰাইজে তেখেতৰ বক্তৃতা মন্ত্ৰ মুগ্ধৰ দৰে শুনি গৈছিল। বক্তৃতাত গান্ধীজীয়ে ‘স্বৰাজ’ আৰু ‘অসহযোগিতা’ এই জটিল বিষয় দুটাৰ বিষয়ে বিশদ ভাৱে বিৱৰণ দাঙি ধৰিছিল – যি দুটা বিষয়ৰ ওপৰত তেজপুৰ চহৰত আগেয়ে তেনে কোনো আলোচনা কৰা হোৱা নাছিল। সেই বক্তৃতা সন্ধিয়া আঠ বজাৰ পৰা দহ বজালৈকে ‘পূৰা দুঘণ্টা সময় বিৰতি নোলোৱাকৈ দিয়া হৈছিল’ আৰু শ্ৰোতাসকলেও একমন হৈ নীৰৱে শুনিছিল। বক্তৃতাৰ অন্তত, গান্ধীজীয়ে পিছদিনাখনৰ কাৰ্যতালিকাৰ আভাস দি বিনীত ভাৱে বৈঠকত উপস্থিত ৰাইজৰ পৰা বিদায় লৈ পকীৰ ভিতৰ চৰালৈ সোমাই গৈছিল।

5. গান্ধীজীৰ প্ৰথম অসম ভ্রমণ সম্পর্কে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিদ্বন্ধী নেতা মহাত্মা গান্ধীয়ে ভাৰত পৰ্যটনৰ উদ্দেশ্যে যি যাত্ৰা আৰম্ভ কৰিছিল সেই যাত্ৰাৰে এটা অংশ আছিল তেখেতৰ অসম ভ্ৰমণ। ১৯২১ চনৰ আগষ্ট মাহত গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিবলৈ আহে। অসম নেতাসকলৰ আক্ৰমণক্ৰমে ১৯২১চনৰ ১৮ আগষ্টত তেওঁ তেওঁৰ সহযোগী আৰু সতীৰ্থ মহম্মদ আলি, আজাদ সুভানী, যমুনা লাল বাজাজ, আব্দুল হায়াত আদি লোকেৰে গঠিত ১১ জনীয়া দল এটি লৈ গোলকগঞ্জত উপস্থিত হয় আৰু তাৰ পিছত তেওঁলোকে পর্যায়ক্রমে গুৱাহাটী, তেজপৰ নগাওঁ, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আদি ভ্ৰমণ কৰি অসহযোগৰ বাণী প্ৰচাৰ কৰে আৰু শেষত শ্ৰীহট্টৰ পৰা ৩০ আগষ্টত কলিকতালৈ যাত্ৰা কৰে। গুৱাহাটীত আহি তেওঁ সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ নেতা তৰুণৰাম ফুকনৰ ঘৰত (এদিন এৰাতিলৈ সদলবলে আলহী হৈছিল। মহাত্মা গান্ধীৰ এই ভ্রমণে অসমত অসহযোগ আন্দোলনৰ শক্তি বৃদ্ধি কৰাৰ লগতে কংগ্ৰেছৰ সাংগঠনিক স্থিতিও মজবুত কৰি তুলিছিল। মহাত্মা গান্ধীয়ে নিজেই স্বীকাৰ কৰিছে যে তেওঁৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিততেই ৭৫ জন উকিলৰ ভিতৰত মুঠতে ১৫ জনে ওকালতি বৰ্জন কৰি আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। অৱশ্যে চৰকাৰী চাকৰি ইস্তফা দি আন্দোলনত অংশগ্ৰহণ কৰা লোকৰ সংখ্যা তাকৰীয়া আছিল।

Leave a Comment

error: Content is protected !!
Scroll to Top