এভাৰেষ্টৰ সপোন আৰু বিভীষিকা

এভাৰেষ্টৰ সপোন আৰু বিভীষিকা | Chapter 8 | Class 11 Assamese (MIL) – AHSEC

এভাৰেষ্টৰ সপোন আৰু বিভীষিকা | Chapter 8 | Class 11 Assamese (MIL) Question and Answer | Assam Class 11 Assamese (MIL) Solutions | AHSEC Class 11 HS Assamese (MIL) Chapter 8 Notes | AHSEC Class 11 HS Assamese (MIL) Chapter 8 Question and Answer | Questions and Answers for Class 11 Assamese (MIL) Chapter 8 এভাৰেষ্টৰ সপোন আৰু বিভীষিকা | HS 1st Year Assamese (MIL) Questions and Answers Assam


এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
(প্ৰণয় বৰদলৈ)

অতি চমু প্রশ্ন (মূল্যাংক: ১)

1. অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্রী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল?
উত্তৰঃ খুম্বু হিমবাহ।

2. লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায়?
উত্তৰঃ মানস বৰুৱাৰ নেতৃত্বত।

3. পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?
উত্তৰঃ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা প্ৰায় ২৯,০৩৫ ফুট উচ্চতাত অৱস্থিত।

4. নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায়?
উত্তৰঃ পুম’ৰি শিখৰক।

5. এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ হিতীর্থই কি পৰিধান কৰিছিল?
উত্তৰঃ এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীৰ্থই বতাহ আৰু বৰষুণৰ পানী প্ৰতিৰোধী জেকেট আৰু ট্রাওজাৰ পিন্ধিছিল।

চমু প্রশ্ন : (মূল্যাংক: ২/৩)

1. প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল?
উত্তৰঃ প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন হ’ল তৰুণ শ‍ইকীয়া আৰু মনিষ ডেকা।

2. দ্রুতবেগী হিমানী সম্প্রপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী কোন কোন ৰাষ্ট্ৰৰ আছিল?
উত্তৰঃ চিকিৎসক দুগৰাকীৰ এগৰাকী চীন দেশৰ মহিলা চিকিৎসক আছিল আৰু আনগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ আছিল।

3. কাৰ নেতৃত্বত কোন অঞ্চললৈ ট্রেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত এভাৰেষ্ট আৰোহণৰ সপোন ৰূপিত হৈছিল?
উত্তৰঃ ১৯৮২ চনত প্ৰায় নেছিম আখতাৰৰ নেতৃত্বত নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ ট্রেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল।

4. হিমানী সম্প্রপাতৰ প্ৰলয়ংকাৰী ৰূপক প্ৰতিহত কৰি ‘অসম এভাৰেষ্ট অভিযান’ৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অবলম্বন কৰিছিল?
উত্তৰঃ মৃত্যু অৱধাৰিত বুলি ভাবি ‘অসম এভাৰেষ্ট অভিযান’ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ শ্বেৰপাসকলৰ লগত লগ হৈ গোলাকাৰ ভাবে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠুত সামান্য ভৰ দি ভাঁজ কৰি লৈ অলপ চাপৰি এডালেন্স পজিশ্যন বা হিমস্খলনৰ সাৱধানতা হৈছিল। এয়া হ’ল হিমস্খলনে গ্ৰাস কৰি উৰুৱাই নিব নোৱাৰা এক ব্যৱস্থা।

READ MORE  কিতাপৰ কথা | Chapter 4 | Class 11 Assamese (MIL) - AHSEC

5. ‘KHUMBU ICE FALL’ বুলিলে কি বুজা?
উত্তৰঃ বেছ কেম্পৰ পৰা থুম্বু হিমবাহৰ মাজেদি ১ নং শিবিৰলৈ আৰোহণ কৰিব পৰা পথছোৱাত বৰফৰ নদীখন ভাঙি খণ্ড বিখণ্ড হৈ স্তুপীকৃত বৰফৰ যি প্ৰাচীৰৰ সৃষ্টি কৰিছিল তাকে খুম্বু আইচ ফল (KHUMBU ICEFALL) বোলা হয়।

দীঘল প্রশ্ন (মূল্যাংক: ৪/৫)

1. প্রয়াত পৰ্বতাৰোহী নেছিম আখতাৰ আৰু লেখকৰ মাজত হোৱা কথোপকথনৰ এটি চমুটোকা যুগুত কৰা।
উত্তৰঃ লিখকে এভাৰেষ্ট আৰোহণৰ সপোন দেখিছিল, নেছিম আখতাৰৰ নেতৃত্বত কৰা এক ট্রেকিং অভিযানত অংশ গ্ৰহণ কৰাৰ সময়তে। নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ আহিছিল এই ট্রেকিং অভিযান। এই অভিযানৰ সময়ত তেওঁ এঠাইত দেখিছিল গিৰিৰাজ হিমালয়ৰ বহুবোৰ শুভ্ৰ কিৰীটি পৰিহিত শিখৰৰ মাজত ২৯,০৩৫ ফুট উচ্চতাৰ মাউন্ট এভাৰেষ্টক। তেতিয়াৰ পৰাই তেওঁৰ মনত এক সপোন তথা হেঁপাহে থিতাপি লৈছিল বিশ্বৰ সৰ্বোচ্চ চূড়াত থিয় হৈ তলৰ পৃথিৱী চোৱাৰ। তাৰ পিছত আৰু বহু অভিযানত অংশ গ্ৰহণ কৰিছিল যদিও তেওঁৰ এভাৰেষ্ট জয়ৰ সপোন পূৰণ হোৱা নাছিল। বয়স বঢ়াৰ লগে লগে সেই সপোন ক্রমাৎ স্তিমিত হৈ পৰিছিল। কিন্তু নেছিম আখতাৰে লিখকৰ মনত পুনৰ জগাই তুলিছিল এভাৰেষ্ট জয়ৰ সপোন। তেখেতে লিখকক লগ পালেই কৈছিল দেশৰ অন্য প্ৰান্তৰ পৰ্বতাৰোহীয়ে যেতিয়া পাৰিছে অসমৰ পৰ্বতাৰোহীয়ে এভাৰেষ্টৰ শীৰ্ষত থিয় দিব নোৱাৰিব কিয়? আনকি তেখেতে এই সপোন বাস্তৱায়িত কৰাৰ বাবে পদক্ষেপ লৈ পাক্‌ এভাৰেষ্ট অভিযানৰ আয়োজন কৰিছিল যদিও তেখেতৰ অকাল বিয়োগ এই সৎ উদ্দেশ্যেত যতি পেলালে, পিছত লিখকে এই সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে দুবাৰো চেষ্টা চলাই যদিও প্রাকৃতিক বিভীষিকাৰ বাবেই এভাৰেষ্ট জয়ৰ সপোন অসম্পূৰ্ণ হৈছিল।

2. হিমানী সম্প্রপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল?
উত্তৰঃ হিমানী সম্প্রপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ দেখিছিল এক বিধ্বস্ত পৰিবেশ। তাত শিবিৰ পতা দলসমূহৰ টেণ্ট তথা অন্য সমগ্ৰীসমূহ ভাঙি চূর্ণীকৃত হৈ চৌপাশে সিঁচৰিত হৈ আছিল। এক অতি দুখজনক পৰিস্থিতিৰ সৃষ্টি হৈছিল। কেইবাজনো বিদেশী পর্বতাৰোহিৰ সৈতে শ্বেৰপাৰ মৃত্যু হৈছিল। অভিজানকাৰীসকলে দেখিছিল তেওঁলোকৰ শিবিৰ এলেকাত দুটা মৃতদেহ পৰি আছে যি দুটা আছিল দুটা ভিন্ন অভিজানকাৰী দলৰ চিকিৎসকৰ যিসকলে তেওঁলোকৰ পৰা কিছু আঁতৰত বাঁহৰ পাতি আছিল। মৃত চিকিৎসক দুজনৰ এজন চীনৰ মহিলা আৰু আনজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ। পিছত তেওঁলোকে জানিব পাৰিছিল যে এই দুৰ্ঘটনাত মুঠতে ২০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হোৱাৰ লগতে ৫০ ৰো অধিক আহত হৈছিল।

এওঁলোকৰ অধিক সংখ্যকেই অবিৰাম তুষাৰপাতৰ বাবে টেণ্টৰ ভিতৰত নিৰাপদ আশ্ৰয় লৈ আছিল। তেওঁলোকে অনুশীলনলৈ নোযোৱা হ’লে নিশ্চয় তেওঁলোকৰ অৱস্থাটো একে হ’লহেঁতেন। তেওঁলোকৰ মাজৰ বেছ কেম্প মেনেজাৰ শৈলেন আৰু অমৰ শিবিৰতে আছিল যদিও নেদেখাজনৰ অজান কৃপৰ গুণত তেওঁলোকো বাছি গৈছিল। প্ৰায় ১১ মান বজাত প্ৰশিক্ষণ ল’বলৈ যোৱা অভিযানকাৰী দলটোক চাহ দিবলৈ যোৱাৰ সময়ত অমৰে শৈলেনক লগ ধৰোঁতে শৈলেন যাব বিচৰা নাছিল যদি অমৰে এক প্ৰকাৰ জোৰ কৰি শৈলেনক লৈ গৈছিল। দুয়ো গৈ তেওঁলোকৰ ওচৰ পোৱাৰ লগে লগে দুৰ্ঘটনাটো ঘটিছিল। সৌভাগ্যৰ বলত তেওঁলোক দুয়োজনো বাছি গৈছিল। প্ৰায় ৩ কিলোমিটাৰ দীঘল বেছ কেম্প এলেকাৰ মাজৰ অংশত যিহেতু ক্ষতিগ্ৰস্ত হৈছিল। বৰফে টেণ্টবিলাক ছিটিকাই দূৰৈত পেলাইছিল। টেণ্টবিলাক ফাটি ছিৰি ভিতৰৰ বস্তুবোৰ ওলাই পৰিছিল। মুঠতে গোটেই ঠাইখনতে যেন এক দুখঃজনক পৰিৱেশ।

READ MORE  ধনৰ ব্যৱহাৰ | Chapter 1 | Class 11 Assamese (MIL) - AHSEC

3. ‘অসম এভাৰেষ্ট অভিযান’ দলটিৰ উভতনি যাত্ৰা কেনেকুৱা আছিল ব্যাখ্যা কৰা।
উত্তৰঃ ‘অসম এভাৰেষ্ট অভিযান’ দলটিৰ যাত্ৰা সুখদায়ক নাছিল। প্ৰকৃতিৰ সংহাৰি মূৰ্তি দেখি, বেছ কেম্পত আশ্ৰয় আৰু খাদ্য সামগ্ৰী অভাৱৰ কথাও অনুভৱ কৰি দলটিয়ে উভতি আহিবলৈ সিদ্ধান্ত লৈছিল। বেছ কেম্পত শিবিৰ কৰি থকা সকলো দলৰে সেই সময়ত একেই অৱস্থা হৈছিল। বহুতো দলৰ সতীৰ্থ সকলে আহত সকলক চাঙী কৰি বান্ধি, দাং কোলাকৈ তললৈ লৈ আহিছিল। লিখকৰ দলটিও তললৈ নামি আহিছিল। ভোক, পিয়াহ, দুখ ভাগৰত জৰ্জৰিত দলটি আহি আশ্ৰয় লৈছিল এভাৰেষ্ট বেছ কেম্পত থকা ‘গোৰখশ্বেপ’ নামৰ অন্তিমখন পৰ্যটন নিবাসত।

গোৰখশ্বেপ পোৱাৰ সময়লৈকে সন্ধিয়া নামি আহিছিল। কিন্তু তাত বৰফ পৰা বন্ধ হোৱা নাছিল। দলটিৰ নিশাৰ আশ্ৰয়ৰ বাবে দলৰ শ্বেৰপকেইজন আগতেই নামি আহি গোৰখশ্বেপৰ সন্মুখত থকা বিশাল উপত্যকাটোত বৰফৰ ওপৰতে টেণ্ট তৰিছিল। কিন্তু দলটিৰ সকলোকে অত্যন্ত ভাগৰুৱা গৈ পৰা দেখি লিডাৰ মানসে শ্বেৰপা কেইজনক লজ কেইটাতহে ৰূম বিচাৰিবলৈ নিৰ্দেশ দিছিল। তাৰে এটা লজত দলটিৰ থকাৰ ব্যৱস্থা হ’ল। ৰূমত সকলো শান্তিৰে নিশাটো কটায়। পিছদিনা পুৱাই আহাৰ গ্ৰহণ কৰি যাত্ৰা কৰিছিল নিজ ঘৰ অভিমুখে বেছ কেম্পত প্ৰকৃতিৰ সেই মুহুৰ্তৰ তাণ্ডৱে সম্পূৰ্ণ অনিশ্চয়তাৰ মাজত পেলাই দিছিল তেওঁলোকৰ বছৰ জোৰা এভাৰেষ্ট অভিযানৰ প্ৰস্তুতি।

4. লেখকৰ অনুশীলন অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্রপাতে অভিযানকাৰী দলক কি পৰিস্থিতিৰ মুখামুখি কৰাইছিল?
উত্তৰঃ সেই দিনটো আছিল ১৯১৫ চনৰ ২৫ এপ্ৰিল। ৮ জন শ্বেৰপাসহ অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্ৰীৰ দলটোৱে বৰফৰ প্ৰাচীৰ আৰোহণৰ কৌশল অনুশীলনৰ উদ্দেশ্য এভাৰেষ্টৰ প্ৰখ্যাত খুম্বু হিমবাহলৈ গৈছিল। ভালেখিনি অনুশীলন কৰাৰ পিছত তেওঁলোকৰ অনুশীলনৰ সামৰি মাৰিবলৈ মাত কিছুসময় আছিল (নেপালৰ স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১১.৫৫ বজাত) তেনেতে হঠাৎ পৃষ্ঠভাগৰ পৰা ওলোৱা গুমগুমণি শব্দৰ লগতে জোকাৰণিও অনুভৱ কৰিছিল উপস্থিত সকলোটিয়ে। ক’ত কি হৈছে উমান পোৱা আগতেই পাহাৰখনত প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি হৈছিল। সেই মূহুৰ্তত তেওঁলোকৰ ভাব হৈছিল, তেওঁলোক থিয় হৈ থকা বৰফৰ পৃষ্ঠভাগ ভাগি পৰিব আৰু আটাইকেইজন তললৈ সোমাই পৰিব। তেওঁলোকে সেইয়া ভূমিকম্প বুলি জানি সতৰ্ক হৈ পৰিছিল আৰু আটাইকেইজন সদস্য আৰু শ্বেৰপা এঠাইত গোট খোৱাৰ চেষ্টা কৰিছিল। প্ৰায় ২ মিনিট সময় ধৰি অব্যাহত আছিল সেই জোকাৰণি। তেনেতে তেওঁলোকে প্রচণ্ড শব্দ শুনিবলৈ পাই মূৰ তুলি চাই দেখিবলৈ পাইছিল যে নাপচে আমা, দাবলাম্, লোলা আদি দাঁতিকাষৰীয়া শিখৰবোৰত জমা হৈ ওলমি থকা সেই ভূমিকম্পৰ জোকাৰণিত তললৈ খহি আহিছে। সেই অঞ্চলত বৰফৰ খণ্ড দ্ৰুত গতিত খহি পৰাটো নিত্য নৈমিত্তিক ঘটনা যদিও ৮.২ প্ৰবল্যৰ সেইদিনাৰ ভূমিকম্পিই বৰফৰ পাহাৰসমূহ জোকাৰি দিয়া বাবে সম্পূৰ্ণ পৰিবেশ সলনি হৈ পৰিছিল। চাৰিওফালৰ এভালেন্সৰ বা হিম সম্প্রপাতৰ দৃশ্য চাই থাকোঁতেই তেওঁলোকে আকৌ শুনিছিল এক প্রচণ্ড গৰ্জন। ঘূৰি চাই দেখিলে তেওঁলোকে কেম্প কৰি থকা বেছ কেম্পৰ পৰা প্রায় দুই তিনি কিলোমিটাৰ মান নিলগৰ পুম’ৰি শিখৰৰ প্ৰায় শীৰ্ষৰ পৰা বাগৰি পৰিছিল এক বিশাল বৰফ খণ্ড। সেই বৰফখণ্ডই সৃষ্টি কৰা হিমানী সম্প্রপাতে ভয়ংকৰ দৈত্য ৰূপ ধাৰণ কৰি দ্ৰুত গতিত ৭-৮ চেকেণ্ড মানৰ ভিতৰতে বেছ কেম্পত আঘাত কৰি টেন্টসহ সকলো চুমাৰ কৰি দৰে উৰুৱাই লৈ আহিছিল। আৰু হিম সম্প্রপাতৰ এই সংহাৰি ৰূপ কিংকর্তব্যবিমূঢ় হৈ চাই থাকোঁতেই তেওঁলোকে ধৰিব পাৰিলে যে বৰফৰ দৈত্যৰূপী সম্প্রপাতে তেওঁলোকলৈ চোঁচা লৈছিল।

READ MORE  বিয়াৰ প্ৰেজেন্ট | Chapter 9 | Class 11 Assamese (MIL) - AHSEC

মৃত্যু অৱধাৰিত বুলি ভাবি সকলোৱে গোলাকাৰে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠু সামান্য ভৰি ভাঁজ খুৱাই অলপ চাপৰি এভালেন্স পজিশ্যন লৈছিল যাতে বৰফৰ দৈত্যই উৰুৱাই নিব নোৱাৰে। তেতিয়া তেওঁলোক সোমাই পৰিল এভালেন্সৰ গ্ৰাসত। এভালেন্সৰ বৰফে তেওঁলোকক পুতি পেলাইছিল। তেওঁলোকৰ উশাহ নিশাহ বন্ধ হোৱাৰ দৰে হৈছিল আৰু চকুৰে অন্ধকাৰ দেখিছিল। লগে লগে আটাই কেইজনে মূৰ উলিয়াই পুনকৈ থিয় হৈ উশাহ নিশাহ লোৱাৰ পিছত গালৈ তত্‌ ঘূৰি আহিছিল। সৌভাগ্যক্রমে বেছ কেম্পৰ পৰা তেওঁলোক এশ মিটাৰ মান উচ্চতাত হোৱা বাবে হিমানী সম্প্রপাতৰ গতি হ্ৰাস হৈছিল আৰু তেওঁলোকক অতিক্ৰম কৰাৰ পিছত সেই দৈত্যৰ শক্তি নোহোৱা হৈ পৰিছিল।

5. এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো কি আছিল?
উত্তৰঃ এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো এনেকুৱা- যিহেতু ৩ ঘৰ এৰাৰ দিনৰ পৰা প্রায় ২৫ এপ্ৰিললৈ সুদীর্ঘ ২২ দিন পর্যন্ত লিখক সহিতে তেওঁলোকৰ অভিযানকাৰী দলটিয়ে মাছৰ সোৱাদ ল’ব পৰা নাছিল, সেয়ে বেছ কেম্প মেনেজাৰ অমৰ ডেকাই দুদিনমান আগৰে পৰা প্ৰস্তুতি চলাই কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে মাছ অনাৰ ব্যৱস্থা কৰিছিল তেওঁলোকৰ দলটোৰ বাবে।

অমৰে থেকেৰাৰে মাছৰ টেঙা বনাবলৈ দলটোৰ ৰান্ধনীৰ জৰিয়তে বিশেষ ব্যৱস্থাও কৰিছিল। জলপান খাই প্ৰশিক্ষনলৈ ওলাই যোৱাৰ সময়ত লিখকে আশা কৰিছিল বহুদিনৰ পাছত মাছেৰে এসাজ জুটি লগাই খাব পাৰিব। কিন্তু হিমানী সম্প্রপাতে তেওঁলোকৰ আশাত চেঁচা পানী ঢালিছিল। তেওঁলোকৰ আশ্ৰয় লোৱা টেণ্ট সমূহৰ লগত পাকঘৰত থকা তম্বু আৰু ডাইনিং টেণ্ট আদিও উৰি গৈ ছিন্ন ভিন্ন হৈ পৰিছিল। বৰফৰ দৈত্যজনে তেওঁলোকৰ আন খাদ্য সামগ্ৰী সমূহৰ লগতে কাঠমাণ্ডুৰ পৰা অনা মাছৰ টেঙাৰ আঞ্জাও গ্ৰাস কৰিছিল।

Leave a Comment

error: Content is protected !!
Scroll to Top