জীৱ আৰু আবাদী | জীৱ আৰু জনসংখ্যা | Chapter 11 | Class 12 Biology Question and Answer | Assam Class 12 Biology Solutions Assamese Medium | AHSEC Class 12 HS Biology Chapter 11 Notes Assamese Medium | SEBA Class 12 HS Biology Chapter 11 Question and Answer Assamese Medium | Questions and Answers for Class 12 Biology Chapter 11 জীৱ আৰু আবাদী | জীৱ আৰু জনসংখ্যা | HS 2nd Year Science Biology Questions and Answers Assam


জীৱ আৰু আবাদী
(Organisms and Populations)

Very Short Type Questions and Answers

1. পৰোপকাৰিতা কি? পৰোপকাৰিতাৰ উদাহৰণ দিয়া।
উত্তৰঃ উত্তৰঃ পৰোপকাৰিতাত দুটা প্ৰজাতিৰ এটা প্ৰজাতিৰ অনিষ্ট সাধন হয় আৰু আনটোৰ ওপৰত কোনো বিৰূপ প্ৰতিক্ৰিয়া নহয়।

2. স্থিতিৰক্ষণশীলতাই কি বুজায়?
উত্তৰঃ জীৱই বাহ্যিক পৰিপাৰ্শ্বৰ তাৰতম্যৰ মাজতো আভ্যন্তৰীণ পাৰিপাৰ্শ্বৰ স্থিৰতা বজাই ৰাখিবৰ বাবে কৰা প্ৰচেষ্টাকে স্থিতিৰক্ষণশীলতা বোলে।

3. পৰোপকাৰিতা- ব্যাখ্যা কৰা।
উত্তৰঃ এই প্ৰক্ৰিয়াত দুটা একেলগে বা ওচৰা উচৰিকৈ থকা প্ৰজাতিৰ এটাৰ অনিষ্ট সাধন হয় যদিও আনটোৰ ওপৰত কোনো বিৰূপ প্ৰতিক্ৰিয়া নহয়।

4. বায়’ম কি? বায়’মৰ উদাহৰণ দিয়া।
উত্তৰঃ এটা বায়’ম হৈছে এক প্ৰকাৰ ডাঙৰ সমুদায় য’ত বিভিন্ন ধৰণৰ উদ্ভিদ আৰু প্ৰাণী থাকে। যেনে – তুন্দ্ৰা বায়’ম ৷

5. জৈৱিক সংগঠনবোৰ কি কি?
উত্তৰঃ প্ৰকৃততে চাৰি প্ৰকাৰৰ জৈৱিক সংগঠন আছে। সেই কেইটা হ’ল— জীৱ, আৱাদী (জনসংখ্যা), জীৱ সম্প্ৰদায় আৰু বায়’ম।

6. জৈৱিক আৰু অজৈৱ উপাদান কোনবোৰ?
উত্তৰঃ উত্তাপ , পানী , পোহৰ আৰু মাটি হৈছে অজৈৱ উপাদানৰ অন্তৰ্ভুক্ত, আনহাতে পৰজীৱী পৰভক্ষক ৰোগজনক জীৱাণু আৰু প্ৰতিযোগী জীৱসমূহ জৈৱ উপাদান।

7. এন্টিবায়’চিছ আৰু এলিলো’পেথী পদ্ধতি কি?
উত্তৰঃ এন্টিবায়’চিছ হৈছে দুটা বা ততোধিক প্ৰাণীৰ মাজৰ সংযোগ য’ত এটা অনিষ্ট হয়। এলিলোপেথী হৈছে এনে এটা পদ্ধতি য’ত এবিধ গছৰ প্ৰজাতিয়ে উৎপন্ন কৰা ৰাসায়নিক দ্ৰব্য (হ’ৰ্মন) আন এটা প্ৰজাতিৰ গছৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

8. উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত পোহৰে কেনেদৰে সহায় কৰে?
উত্তৰঃ আমি সকলোৱে জানো যে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে থাদ্য প্ৰস্তুত কৰে আৰু এই প্ৰক্ৰিয়াটো তেতিয়াহে সম্ভৱ যেতিয়া সূৰ্য্যৰ ৰশ্মি বা সৌৰশক্তি শক্তিৰ উৎস হিচাপে ব্যৱহৃত হয়। আৰু এই খাদ্যই উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে অতি প্ৰয়োজনীয়।

Short Type Questions and Answers

1. গজ’ৰ প্ৰতিযোগিতাত বহিগৰ্মন নীতিৰ আধাৰ বৰ্ণনা কৰা।
উত্তৰঃ গ’জৰ প্ৰতিযোগিতাত বহিগৰ্মন নীতিয়ে কয় যে দুটা ওচৰ সম্বন্ধীয় প্ৰতিযোগীয়ে অনিৰ্দিষ্টকাললৈ সহ – অৱস্থান কৰিব নোৱাৰে। ইহঁতৰ মাজৰ নিম্নমানৰ প্ৰতিযোগী নাইকিয়া হ’বই। যদিহে সম্পৰাজি সীমিত এই পৰিঘটনা হ’বই অন্যথা ই নহয়। উদাহৰণস্বৰূপে, মেক আৰ্থাৰে দেখুৱাইছিল যে একেডাল গছত বাস কৰা পাঁচটা প্ৰজাতিৰ warbler বা টিপচী জাতীয় চৰায়ে প্ৰতিযোগিতা এৰাই চলিবলৈ ভক্ষণৰ বেলেগ বেলেগ আচৰণ কৰে।

2. সহভোজিতা কি? সহভোজিতা উদাহৰণ দিয়া?
উত্তৰঃ সহভোজিতা এনে এটা প্ৰণালী য’ত দুটা প্ৰজাতিৰ এটা উপকৃত হয় আৰু আনটোৰ উপকাৰ বা অপকাৰ একো নহয়।
উদাহৰণস্বৰূপে- সামুদ্ৰিক এনিমুন আৰু ক্লাউন মাছৰ মাজৰ সহভোজিতা। ইয়াত সামুদ্ৰিক এনিমুনবোৰে ইয়াৰ দংশন শুং বা স্পৰ্শকৰ সহায়ত ক্লাউন মাছবোৰৰ শৰীৰত লাগি নিজক আন পৰভক্ষীৰ পৰা ৰক্ষা কৰে। ইয়াত মাছবোৰ আশ্ৰয়দাতা আৰু সামুদ্ৰিক এনিমুনৰ পৰা কোনো উপকাৰ নাপায়।

3. পৰিভ্ৰমণ প্ৰক্ৰিয়াটো বৰ্ণনা কৰা। প্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন কি?
উত্তৰঃ যেতিয়া কোনো এটা জীৱই এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্ৰতিকূল পৰিৱেশ বা থাদ্য আদি কাৰণত এটা নিৰ্দিষ্ট সময়সীমাৰ কাৰণে গতি কৰি পুনৰ নিজৰ ঠাইলৈ ঘূৰি আহে তাকে পৰিভ্ৰমণ বোলে। প্ৰব্ৰজন হৈছে এখন ঠাই এৰি এটা জীৱ যেতিয়া আন এখন ঠাইলৈ গুচি যাব তেনে অৱস্থা। ইয়াৰ ফলত এখন নিৰ্দিষ্ট ঠাইৰ জনসংখ্যা বৃদ্ধি হয়। আনহাতে বহিঃপ্ৰব্ৰজনত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গুচি যায়। এই বহিঃপ্ৰব্ৰজনৰ ফলত এখন ঠাইৰ বা ঐটা আৱাদীৰ জনসংখ্যা হ্ৰাস হয়।

4. তীব্ৰ বতাহে গছৰ কেনে ধৰণে ক্ষতি সাধন কৰে?
উত্তৰঃ তীব্ৰ বতাহে গছৰ প্ৰস্বেদন প্ৰক্ৰিয়া বৃদ্ধি কৰি পানীৰ বাষ্পীভৱনৰ হাৰ বঢ়ায়, ফলত গছত বেছি পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। ইয়াৰ উপৰিও বতাহে গছৰ পাত ডাঙৰ হ’লে সেইবোৰ ফালি চিঙি পেলায়, ফলত উদ্ভিদৰ সালোক সংশ্লেষণত সহায় কৰে।

5. সহোপকাৰিতা প্ৰক্ৰিয়াটো উদাহৰণৰ সৈতে বৰ্ণনা কৰা।
উত্তৰঃ এই প্ৰক্ৰিয়াৰ ফলস্বৰূপে দুয়োটা প্ৰজাতিয়েই উপকৃত হয়। উদাহৰণস্বৰূপে সালোক সংশ্লেষী শেলাই বা চায়ান’বেক্টেৰিয়া আৰু ভেঁকুৰৰ নিবিড় সম্বন্ধীয় সহোপকাৰিতাৰ দ্বাৰা উভয় প্ৰজাতিয়েই উপকৃত হয়। ইয়াত পানী আৰু প্ৰয়োজনীয় মণিক শোষণত ভেঁকুৰে সহায় কৰে আৰু ইয়াৰ সহায়ত শেলাইয়ে খাদ্য লাভ কৰে। তেনেদৰে উদ্ভিদে পৰাগযোগ সাধনকাৰী প্ৰাণীক ৰসাল পৰিপোষক, পুষ্টিকৰ ফল বীজ যোগান ধৰে পৰাগযোগৰ বিনিময়ত ৷

6. সূচকীয় বৃদ্ধি বা লগ স্তৰ আৰু লেগ স্তৰ কি?
উত্তৰঃ লগ স্তৰ বা সূচকীয় বৃদ্ধি স্তৰ :- কোনো এটা আৱাদীত যদি সম্পদ অপৰ্যাপ্ত হয়, তেতিয়া প্ৰতিটো প্ৰজাতিৰ ক্ষেত্ৰতে বৃদ্ধিৰ দক্ষতা দেখা যায়।
লেগ বা পশ্চতা স্তৰ:- কোনো আবাসত সীমিত সম্পদেৰে আবাদীৰ বৃদ্ধি ঘটিলে ই প্ৰাৰম্ভিক অৱস্থাত পাশ্চ্যতা স্তৰ দেখুৱায়। ইয়াত বৃদ্ধি প্ৰায় নহয়েই বাবে ইয়াক অনুসৰণ কৰে মন্থৰণ স্তৰে।

7. ইউৰিথাৰ্মেল আৰু ষ্টেনোথাৰ্মেল বুলিলে কি বুজা? প্ৰত্যেকটোৰে উদাহৰণ দিয়া।
উত্তৰঃ কিছুমান জীৱই বিস্তৃত পৰিসৰত তাপৰ তাৰতম্য সহ্য কৰিব পাৰে। এনে ধৰণৰ জীৱক বিবিধ তাপ সহনশীল বা ইউৰিথাৰ্মেল বোলা হয়। যেনে – পইতাচোৰা।
আনহাতে বেছি বা গৰিষ্ঠ সংখ্যাক জীৱই তাপৰ এক সংকীৰ্ণ পৰিসৰত অৰ্থাৎ খুব কম তাৰতম্যহে সহ্য কৰি জীয়াই থাকিব পাৰে। সিহঁতক ষ্টেনোথাৰ্মেল বোলে। যেনে – তুনা মাছ।

READ MORE  খাদ্য সামগ্ৰী উৎপাদনৰ উন্নতিকৰণৰ কৌশলসমূহ | Chapter 9 | Class 12 Biology - AHSEC

8. পৰভক্ষিতা- ব্যাখ্যা কৰা।
উত্তৰঃ পৰভক্ষীবোৰে থাদ্যৰ বাবে সম্পূৰ্ণকৈ বা আওপকীয়াভাৱে নিৰ্ভৰ কৰা প্ৰক্ৰিয়াটোকে পৰভক্ষিতা বোলে। ইহঁতে শক্তি স্থানান্তৰকৰণৰ বাহক ৰূপে কাম কৰে। ইয়াৰ উপৰিও ইহঁতে চিকাৰ’ৰ আৱাদীক নিয়ন্ত্ৰণ কৰি ৰাখে। যদি কোনো পৰভক্ষী অত্যধিক সক্ৰিয় হয় তেনেহ’লে ই সেই পৰিস্থিতিতন্ত্ৰত থকা তাৰ সকলো চিকাৰ ভক্ষণ কৰি বিলুপ্ত কৰে আৰু ফলত ই নিজেও বিলুপ্ত হৈ যায়।
উদাহৰণস্বৰূপে – বাঘ আৰু হৰিণা।

9. বৰ্ণিল বা কেম’ফ্লেজ- ব্যাখ্যা কৰা।
উত্তৰঃ এই ধৰণৰ ক্ৰিয়া – কলাপ চিকাৰ হ’ব লগা প্ৰজাতিয়ে চিকাৰীৰ পৰা ৰক্ষা পাবলৈ প্ৰদৰ্শন কৰে। জীৱবোৰ বিভিন্ন বৰণযুক্ত হোৱাৰ ফলত পৰিস্থিতিৰ সৈতে থাপ থুৱাই সহজে ৰং বা আকৃতিৰ পৰিৱৰ্তন ঘটাই চিকাৰীৰ পৰা হাত সাৰিব পাৰে। ভেকুলী আৰু পতংগৰ বহুকেইটা প্ৰজাতিয়ে পৰিস্থিতিৰ সৈতে খাপ খুৱাই কেম’ফ্লেজ ধৰ্ম প্ৰদৰ্শন কৰে যাতে নিজকে চিকাৰীৰ পৰা ৰক্ষা কৰিব পাৰে।

10. পৰভক্ষীবোৰে পৰিস্থিতিতন্ত্ৰত কেনে ভূমিকা পালন কৰে?
উত্তৰঃ শক্তি স্থানান্তৰকৰণ ৰূপে কাম কৰাৰ উপৰিও পৰভক্ষীসমূহৰ পৰিস্থিতিতন্ত্ৰত অন্য গুৰুত্ব পূৰ্ণ ভূমিকা আছে। সিহঁতে চিকাৰৰ আবাদীক নিয়ন্ত্ৰণ কৰি পৰিস্থিতিতন্ত্ৰক ভাৰসাম্য কৰি ৰাখে। ইহঁতে জনসংখ্যা নিয়ন্ত্ৰণত এক বিশেষ ভূমিকা পালন কৰে। কৃষিখণ্ডত নাশক জীৱ নিয়ন্ত্ৰণ বাবে প্ৰয়োগ কৰা জৈৱ নিয়ন্ত্ৰণ কৌশলবোৰ পৰভক্ষীসমূহৰ চিকাৰ আৱাদী নিয়ন্ত্ৰণ কৰিব পৰা সামৰ্থ্য্যৰ ভিত্তিত নিৰূপন কৰা হৈছিল। পৰভক্ষীসমূহে চিকাৰ প্ৰজিতিবোৰৰ মাজত চলা প্ৰতিযোগিতাৰ প্ৰাবল্যও হ্ৰাস কৰে আৰু তেনেদৰে জীৱ সম্প্ৰদায়ৰ একোটা প্ৰজাতি বৈচিত্ৰ বৰ্ত্তি থকাত সহায় কৰে।

Long Type Questions and Answers

1. ‘পৰজীৱিতা এটা বিশেষ ক্ৰিয়া প্ৰতিক্ৰিয়া য’ত এটা প্ৰজাতি – আনটোৰ জৰিয়তে লাভান্বিত হয়’। পৰৱীজিতাত এনে কি ঘটনা পৰিলক্ষিত হয়?
উত্তৰঃ পৰজীৱিতা এনে এটা প্ৰক্ৰিয়া য’ত দুটা প্ৰজাতিৰ এটাৰ উপকাৰ হয় আৰু আনটো প্ৰজাতিৰ অপকাৰ হয়। ইয়াত লাভান্বিত হোৱা প্ৰজাতিটোক পৰজীৱী আৰু আনটোক আশ্ৰয়দাতা বোলে। উদ্ভিদৰ পৰা উচ্চ মেৰুদণ্ডী প্ৰাণীলৈকে বহু জীৱ গোটতে পৰজীৱী জীৱন পদ্ধতিৰ বিকাশ দেখা যায়। সৰহভাগ পৰজীৱীয়ে আশ্ৰয়দাতাৰ জীৱনকাল হ্ৰাস কৰে, বৃদ্ধি আৰু প্ৰজননত ব্যাঘাত ঘটায় আৰু আৱাদীৰ ঘনত্ব হ্ৰাস কৰে। সিহঁতে আশ্ৰয়দাতাৰ শৰীৰ দুৰ্বল কৰি পেলায় আৰু আশ্ৰয় দাতাৰ শৰীৰ পৰজীৱীৰ বাবে সহজসাধ্য কৰি পেলায়। বহুতো পৰজীৱিয়ে আশ্ৰয় ভিত্তিক পৰজীৱিতা দেখুৱায় য’ত ইহঁতে মাথোন এবিধ আশ্ৰয়দাতাৰ ওপৰতহে পৰজীৱী হিচাপে বাস কৰে। উদাহৰণস্বৰূপে, স্বৰ্ণলতা নামৰ পৰজীৱী উদ্ভিদবিধে আন গছত বগাই তাৰ পৰা পোষক দ্ৰব্য শোষণ কৰে।

2. অভিযোজন কি? পৰিৱেশৰ চৰম অৱস্থাৰ সৈতে কৰা জীৱৰ অভিযোজনৰ বিষয়ে লিখা।
উত্তৰঃ পৰিৱেশৰ চৰম অৱস্থাৰ সৈতে থাপ থাই বৰ্ত্তি থাকিবৰ বাবে জীৱসমূহে ভালেমান বিকল্প ব্যৱস্থাৰ আশ্ৰয় লয় যাক অভিযোজন বোলে।
পৰিৱেশৰ চৰম অৱস্থাৰ সৈতে কৰা জীৱৰ কেইটামান অভিযোজন প্ৰক্ৰিয়াৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—
(ক) বহুতো মৰুজ উদ্ভিদে প্ৰস্বেদন কাৰ্য্যত ত্যাগ কৰা পানীৰ পৰিমাণ কম কৰিবৰ বাবে পাতসমূহ কাঁইটলৈ ৰূপান্তৰিত হয় আৰু ইহঁতৰ চেপেটা কাণ্ডই সালোক সংশ্লেষণ কাৰ্য্য সম্পন্ন কৰে।

(খ) শীত প্ৰধান ঠাইৰ স্তন্যপায়ী প্ৰাণীসমূহৰ কাণ আৰু বাহু বা ঠেং চুটি হয় তাপ ক্ষয় ৰোধ কৰিবৰ বাবে।

(গ) কিছুমান প্ৰাণীয়ে মাটিৰ ওপৰত তাপৰ পৰা আঁতৰি থাকিবলৈ মাটিৰ তলত গাত কৰি লুকাই থাকে।

3. শীতনিদ্ৰা আৰু গ্ৰীষ্ম নিষ্ক্ৰিয়তা- পাৰ্থক্য লিখা।
উত্তৰঃ

শীতনিদ্ৰাগ্ৰীষ্ম নিষ্ক্ৰিয়তা
শীতনিদ্ৰা হৈছে এনে এক প্ৰক্ৰিয়া য’ত কিছুমান জীৱই শীতকালত নিজৰ বিপাক ক্ৰিয়া বন্ধ কৰি ৰাখে বা কমাই দিয়ে।নিষ্ক্ৰিয়তা হৈছে এনে এক প্ৰক্ৰিয়া য’ত কিছুমান জীৱই গ্ৰীষ্মকালত শুষ্কতা আৰু গৰমৰ পৰা ৰক্ষা পাবলৈ নিজৰ বিপাক ক্ৰিয়া বন্ধ কৰে ৷
শীত অঞ্চলত বাস কৰা ভালুক আৰু কেৰ্কেটুৱা হৈছে ইয়াৰ উদাহৰণ।মাছ আৰু শামুক হৈছে ইয়াৰ উদাহৰণ।

4. গছে পৰভক্ষীৰ পৰা নিজকে বচাবলৈ কৰা বিভিন্ন প্ৰকাৰৰ অভিযোজনৰ বিষয়ে লিখা।
উত্তৰঃ যিহেতু আন প্ৰাণীৰ দৰে পৰভক্ষীবোৰৰ পৰা উদ্ভিদে পলাই সাৰিব নোৱাৰে সেয়েহে উদ্ভিদে নিজৰ দেহৰ আশ্চৰ্যজনকভাৱে ৰূপান্তৰ ঘটাই পতিৰক্ষাৰ উপায় অৱলম্বন কৰে। উদাহৰণস্বৰূপে—
(ক) একাচিয়া আৰু সাগৰফেনাৰ কাঁইট বা কন্টক যাতে তৃণভোজীয়ে খাব নোৱাৰে।

(খ) বহুতো উদ্ভিদে বিভিন্ন ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে বা সঞ্চয় কৰি ৰাখে আৰু দ্ৰব্যথিনি শোষণ কৰি লয়। যেনে – কলচী উদ্ভিদ।

(গ) বহুতো উদ্ভিদে কিছুমান বিষাক্ত পদাৰ্থ নিঃসৰণ কৰি দেহত সঞ্চিত কৰি থয় যেনে নিক’টিন, কেফেইন, কুইনাইন আদি যাৰ বাবে তৃণভোজীবোৰে ইহঁতক এৰাই চলে।

5. শীতলৰক্তী আৰু উষ্ণৰক্তী- পাৰ্থক্য লিখা।
উত্তৰঃ

শীতলৰক্তীউষ্ণৰক্তী
এক্ট’থাৰমছবোৰ শীতলৰক্তী প্ৰাণী। ইহঁতৰ পৰিৱেশৰ সৈতে থাপ থাই উষ্ণতাৰ পৰিৱৰ্তন হৈ থাকে।এণ্ড’থাৰমছবোৰ উষ্ণৰক্তী প্ৰাণী। ইহঁতৰ দেহৰ উষ্ণতাৰ পৰিৱৰ্তন নহয় ৷
মাছ, উভচৰ, সৰীসৃপ হৈছে এক্টথাৰমেল প্ৰাণী।চৰাই আৰু স্তন্যপায়ী প্ৰাণীবোৰ এণ্ডথাৰমেল প্ৰাণী।

6. বিভিন্ন প্ৰজাতিৰ মাজত হোৱা আৱাদীৰ বিভিন্ন ধনাত্মক আৰু ঋণাত্মক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ বৰ্ণনা কৰা।
উত্তৰঃ দুই ভিন্ন প্ৰজাতিৰ আৱাদীৰ মাজত ক্ৰয়া – বিক্ৰিয়া ঘটি আন্তঃপ্ৰজাতিক বিক্ৰিয়া সংঘটিত হয়। সেই বিক্ৰিয়াসমূহ এটা প্ৰজাতিৰ বাবে অথবা দুয়োটাৰে ক্ষেত্ৰত উপকাৰী, অপকাৰী বা অনিষ্টকাৰী অথবা নিৰপেক্ষ হ’ব পাৰে। সহোপকাৰিতা দুয়োবিধ প্ৰজাতিৰ উপকাৰ হয় আৰু প্ৰতিযোগিতাত দুয়োৰে ক্ষতি হয়। পৰজীৱিতা আৰু পৰভক্ষিতাত এটা প্ৰজাতিহে উপকৃত হয় (পৰজীৱী আৰু পৰভক্ষী) আৰু আনটো প্ৰজাতিৰ উপকৃত হয় আৰু আনটোৰ উপকাৰ বা অপকাৰ একো নহয়। পৰোপকাৰিতাত এটা প্ৰজাতিৰ অনিষ্ট সাধন হয় আৰু আনটোৰ ওপৰত কোনো বিৰূপ প্ৰতিক্ৰিয়া নহয়।

READ MORE  জীৱৰ প্ৰজনন | Chapter 1 | Class 12 Biology - AHSEC

উপকাৰী, অপকাৰী বা অনিষ্টকাৰী আৰু নিৰপেক্ষ প্ৰজাতি সমূহক যদি যথাক্ৰমে ‘—’ আৰু ‘O’ চিনেৰে বুজোৱা হয় তেন্তে দুই ভিন্ন প্ৰজাতিৰ মাজৰ ক্ৰিয়া প্ৰতিক্ৰিয়া সমূহ তলৰ তালিকাৰ পৰা বুজাব পাৰি। আৱাদীৰ জীৱসমূহৰ মাজত বিক্ৰিয়া—

প্ৰজাতি ‘ক’প্ৰজাতি’খ’বিক্ৰিয়াৰ নাম
++সহোপকাৰিতা
প্ৰতিযোগিতা
+পৰভক্ষিতা
+পৰজীৱিতা
+0সহভোজিতা
+পৰোপকাৰিতা

‘+’ = উপকাৰ হয়।
” = অপকাৰ হয়।
‘0’ = উপকাৰ বা অপকাৰ কোনোটোৱেই নহয়।

7. ‘চিকাৰে’ পৰভক্ষীৰ পৰা হাত সাৰিবলৈ লোৱা পদ্ধতিসমূহ কি কি?
উত্তৰঃ চিকাৰে পৰভক্ষীৰ পৰা হাত সাৰিবলৈ লোৱা পদ্ধতিসমূহ হ’ল—
(ক) কিছুমান পতংগ আৰু ভেঁকুলী প্ৰজাতি নিজকে লুকুৱাব পৰাকৈ বৰ্ণিল – ইয়াৰ কাৰণ হৈছে ইহঁতে পৰভক্ষীৰ পৰা লুকাই থাকিব বিচাৰে।

(খ) যিহেতু উদ্ভিদে আন প্ৰাণীৰ নিচিনাকৈ পৰভক্ষীৰ পৰা পলাই যাব নোৱাৰে, সেয়েহে ইহঁতে নিজৰ দেহত আশ্চৰ্যজনভাৱে ৰূপান্তৰ ঘটাই অথবা ৰাসায়নিক দ্ৰব্যৰ নিঃসৰণ ঘটাই প্ৰতিৰক্ষাৰ উপায় অৱলম্বণ কৰে। যেনে – সাগৰ ফেনাৰ কাঁট আৰু কলচী উদ্ভিদৰ পাতৰ ৰূপান্তৰকৰণ ; যিয়ে ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে আৰু পৰভক্ষী পোক পতংগ আঠা লগাই ধৰি ৰাখে অথবা ভক্ষণ কৰে।

(গ) ম’নাৰ্ক পথিলাৰ দেহত থকা বিশেষ ৰাসায়নিক দ্ৰব্যৰ বাবে ইহঁত স্বাদবিহীন হৈ পৰে — সেয়েহে পৰভক্ষী (চৰাই) বোৰে ইহঁতক নাখায়।

8. আৱাদীৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কেনেকৈ হয়? আৱাদীত হোৱা বিভিন্ন প্ৰকাৰৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ বিষয়ে লিখা।
উত্তৰঃ প্ৰকৃতিত দৰাচলতে প্ৰাণী, উদ্ভিদ আৰু অণুজীৱ ইহঁতৰ কোনোৱে অকলশৰে নাথাকে। সকলোবোৰ পৰস্পৰে পৰস্পৰৰ ওপৰত খাদ্য আদিৰ বাবে নিৰ্ভৰশীল আৰু এটাই আনটোৰ সৈতে ক্ৰিয়া – বিক্ৰিয়া কৰি এটা জীৱ সম্প্ৰদায় গঠন কৰে।

দুই ভিন্ন প্ৰজাতিৰ আৱাদীৰ মাজত ক্ৰিয়া-বিক্ৰিয়া ঘটি আন্তঃপ্ৰজাতিক বিক্ৰিয়া সংঘটিত হয়। সেই বিক্ৰিয়াসমূহ এটা প্ৰজাতিৰ বাবে অথবা দুয়োটাৰে ক্ষেত্ৰত উপকাৰী, অপকাৰী বা অনিষ্টকাৰী অথবা নিৰপেক্ষ হ’ব পাৰে।

সহোপকাৰিতাত দুয়োবিধ প্ৰজাতিৰ উপকাৰ হয় আৰু প্ৰতিযোগিতাত দুয়োৰে ক্ষতি হয়। পৰজীৱিতা আৰু পৰভক্ষিতাত এটা প্ৰজাতিহে উপকৃত হয় (পৰজীৱী আৰু পৰভক্ষী) আৰু আনটো প্ৰজাতিৰ উপকৃত হয় আৰু আনটোৰ উপকাৰ বা অপকাৰ একো নহয়। পৰোপকাৰিতাত এটা প্ৰজাতিৰ অনিষ্ট সাধন হয় আৰু আনটোৰ ওপৰত কোনো বিৰূপ প্ৰতিক্ৰিয়া নহয়।

উপকাৰী, অপকাৰী বা অনিষ্টকাৰী আৰু নিৰপেক্ষ প্ৰজাতি সমূহক যদি যথাক্ৰমে ‘+’ ‘-‘ আৰু ‘0’ চিনেৰে বুজোৱা হয় তেন্তে দুই ভিন্ন প্ৰজাতিৰ মাজৰ ক্ৰিয়া প্ৰতিক্ৰিয়া সমূহ তলৰ তালিকাৰ পৰা বুজাব পাৰি। আৱাদীৰ জীৱসমূহৰ মাজত বিক্ৰিয়া—

প্ৰজাতি ‘ক’প্ৰজাতি’খ’বিক্ৰিয়াৰ নাম
++সহোপকাৰিতা
প্ৰতিযোগিতা
+পৰভক্ষিতা
+পৰজীৱিতা
+0সহভোজিতা
+পৰোপকাৰিতা

‘+’ = উপকাৰ হয়।
” = অপকাৰ হয়।
‘0’ = উপকাৰ বা অপকাৰ কোনোটোৱেই নহয়।

9. এটা একুৱাৰিয়ামত দুটা তৃণভোজী প্ৰজাতিৰ মাছ ৰখা হৈছে যিয়ে উদ্ভিদ প্লাংকটৰ থাই জীয়াই আছে। গ’জৰ তত্ব মতে সময়ৰ লগে লগে এটা প্ৰজাতি নোহোৱা হৈ যাব লাগিছিল। কিন্তু দেখা যায় যে একুৱাৰিয়ামত দুয়োটা প্ৰজাতিয়েই জীয়াই আছে। সম্ভৱ্য কাৰণ দৰ্শোৱা।
উত্তৰঃ গ’জৰ তত্ব মতে একুৱাৰিয়ামটোৰ পৰা এটা সময়ত এটা প্ৰজাতি নোহোৱা হৈ যাব লাগিছিল যদিও প্ৰকৃততে তেনে হোৱা দেখা নাযায়। কিয়নো, গ’জৰ তত্বতেই আৰু এটা কথাৰ উল্লেখ আছিল যে তেওঁৰ তত্বটো নিৰ্ভৰ কৰিব সম্পদৰাজিৰ ওপৰত। যদি সম্পদৰাজি সীমিত এই পৰিঘটনা হ’বই, নহ’লে নহয়।

আমি জানো যে একুৰিয়াম এটা কৃত্ৰিম পৰিস্থিতিতন্ত্ৰ আৰু সেয়ে উদ্ভিদ প্লাংকটনো নিজে নিজে সৃষ্টি হ’ব নোৱাৰে। মাছৰ আৱাদীৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক বাহিৰৰ পৰা যোগান ধৰিব লাগে। গতিকে ইয়াত দুয়োটা প্ৰজাতিৰ মাজত সংগ্ৰাম নহয় আৰু দুয়োটা প্ৰজাতিয়েই জীয়াই থাকে।

10. লঘু গণকীয় আৱাদী বৃদ্ধিৰ ৰেখা উপযুক্ত উদাহৰণৰ সহায়ত বৰ্ণনা কৰা।
উত্তৰঃ পৰীক্ষাগাৰৰ পৰিৱেশত ইষ্ট কোষৰ বৃদ্ধিৰ জৰিয়তে আবাদীৰ বৃদ্ধিৰ লজিষ্টিক ৰেখা সাধাৰণতে নিৰীক্ষণ কৰিব পাৰি। ইয়াত পাঁচটা স্তৰ আছে, লেগ স্তৰ, ধনাত্মক দ্বৰণৰ স্তৰ, সূচকীয় স্তৰ, ঋণাত্মক ত্বৰমৰ স্তৰ আৰু স্থবিৰ স্তৰ।
(ক) লেগ স্তৰ বা পশ্চতা স্তৰ :- প্ৰাৰম্ভিক অৱস্থাত ইষ্ট কোষৰ সংখ্যা একেবাৰে নগণ্য। সীমি পৰিমাণৰ খাদ্য সম্পদ পৰিৱেশত থকাৰ বাবে এনে হয়।

(খ) ধনাত্মক স্বৰণৰ স্তৰ :- এই স্তৰত ইষ্টকোষে নতুন পৰিৱেশত লগত অভিযোজন কৰি বংশবৃদ্ধি কৰে। যিয়েই হওক এই দশা আৰম্ভণি কোষৰ বৃদ্ধি যথেষ্ট সীমিত।

(গ) সূচকীয় স্তৰ :- এই স্তৰৰ সময়ত ইষ্ট কোষৰ সংখ্যা হঠাতে তীব্ৰগতিত বৃদ্ধি পায়। যথেষ্ট পৰিমাণৰ খাদ্য সম্পদ সুস্থিৰ পৰিৱেশ আৰু আন্তঃপ্ৰজাতিক সংগ্ৰামৰ অবিহনে ইষকোষৰ সংখ্যা সূচকীয়ভাৱে বৃদ্ধি পায়। ফলস্বৰূপে বক্ৰডাল ক্ৰমান্বয়ে ওপৰমূৰাকৈ আগবাঢ়ে।

(ঘ) ধনাত্মক ত্বৰণৰ স্তৰ :- এই স্তৰত পৰিৱেশৰ প্ৰতিৰোধ বৃদ্ধি পায় ফলস্বৰূপে , আবাদী বৃদ্ধিৰ হায় ক্ৰমান্বয়ে হ্ৰাস পায়। খাদ্য আৰু বাসস্থানৰ বাবে ইষ্ট কোষবোৰৰ মাজত হোৱা প্ৰতিযোগিতাৰ বাবে এই প্ৰক্ৰিয়াটো সংগঠিত হয়।

(ঙ) স্থবিৰ বা ষ্টেচনাৰী স্তৰ :- ই স্তৰত জনসংখ্যা স্থবিৰ হৈ থাকে। আবাদীত নতুনকৈ জন্ম হোৱা কোষৰ সংখ্যা ইয়াত মৃত্যুৰ হাৰৰ সৈতে সমান থাকে। ইয়াৰ উপৰি পৰিৱেশটোত আবাদী প্ৰকৃতিয়ে বহন কৰিব পৰা ক্ষমতাত উপনীত হয়। এই গোটেই বক্ৰডালক আকৃতিৰ বৃদ্ধিবক্ৰ বুলিও জনা যায়।

READ MORE  ক্ৰমবিকাশ | Chapter 6 | Class 12 Biology - AHSEC

11. প্ৰতিযোগিতা মানে কি? অন্তঃপ্ৰজাতি আৰু আন্তঃপ্ৰজাতি প্ৰতিযোগিতা কি বৰ্ণনা কৰা।
উত্তৰঃ প্ৰতিযোগিতা হৈছে দুটা একে বা বেলেগ প্ৰজাতিৰ জীৱসমূহৰ মাজত খাদ্য, বাসস্থান আৰু প্ৰজননৰ বাবে হোৱা সংঘাত ৷

অন্তঃপ্ৰজাতিক সংগ্ৰাম :- যেতিয়া একে প্ৰজাতিৰ জীৱসমূহৰ মাজত খাদ্য, বাসস্থান আৰু প্ৰজননৰ বাবে সংঘাত হয় তেতিয়া তেনে ধৰণৰ সংঘাতক অন্তঃপ্ৰজাতিক সংগ্ৰাম বোলে।

আন্তঃপ্ৰজাতিক সংগ্ৰাম :- যেতিয়া দুটা ভিন ভিন প্ৰজাতিৰ মাজত এটা কাৰণ যেনে খাদ্য বা বাসস্থানৰ বাবে সংগ্ৰাম হয় তেতিয়া তেনে সংগ্ৰামক আন্তঃপ্ৰজাতিক সংগ্ৰাম বোলে। যেনে – আমেৰিকাৰ অগভীৰ হ্ৰদত থকা মাছ আৰু ফ্লেমিগবোৰৰ মাজত একে ধৰণৰ প্লাৱক প্ৰাণীসমূহৰ বাবে হোৱা সংঘাত।

12. অজৈৱ কাৰকবোৰে গছৰ বৃদ্ধি আৰু বিকাশত কেনেদৰে প্ৰভাৱ পেলায় লিখা।
উত্তৰঃ
(ক) উষ্ণতাঃ
উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পায় বিষুব ৰেথাৰ পৰা মেৰু অঞ্চললৈ আৰু সমতল ভূমিৰ পৰা পৰ্বতপ ওপৰলৈ। উষ্ণতা 0°C হয়, মেৰু অঞ্চলত আনহাতে, মেৰুভূমি অঞ্চলত 50°C হয়।
(১) উষ্ণতাই এনজাইম গতিশক্তিক প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও ই জীৱৰ বিপাক ক্ৰিয়াৰ লগতে দেহতত্বৰ ওপৰতো পৰ্বতৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে।

(২) যিবোৰ জীৱই উষ্ণতাৰ তাৰতম্য সহ্য কৰি জীয়াই থাকিব পাৰে তাক ইউৰিথাৰৰ্মেল বোলে। যেনে – চকু ভেকুলী, বেৰত থকা জেঠী আদি।

(৩) যিবোৰ জীৱৰ কম পৰিমাণৰ তাপৰ প্ৰতিবন্ধকতা আছে তাক ষ্টেন’থাৰমেল বোলে। যেনে – সাপ, মাছ আদি।

(খ) পানীঃ জীৱই বেছিকৈ পানী ওপৰত নিৰ্ভৰ কৰে ইয়াৰ উপৰি জলজ উদ্ভিদবোৰৰ থকা পানীত যদি ৰাসায়নিক দ্ৰব্য pH আৰু লৱণৰ গাঢ়তা থাকে তেন্তেই উদ্ভিদক প্ৰভাৱান্বিত কৰে।
(১) লৱণৰ গাঢ়তা আভ্যন্তৰীণ পানী ভাগত 5% সাগৰত 30-35% আৰু 100 তকৈও বেছি হাইপাৰচেলাইন লেগুন বোৰত থাকে।

(২) বেছিকৈ লৱণতা সহ্য কৰিব পৰা জীৱক ইউৰিহেলাইন বোলে আৰু যিবোৰ জীৱই কম পৰিমাণৰ লৱণতা সহ্য কৰিব পাৰে তাক ষ্টেন’হেলাইন বোলে।

(৩) আসৃতিৰ সমস্যাৰ বাবে বহুতো জীৱই, যেনে বিশুদ্ধ পানীৰ জীৱই সাগৰত বা সাগৰৰ জীৱই বিশুদ্ধ পানীত বাস কৰিব নোৱাৰে।

(গ) পোহৰঃ- উদ্ভিদবোৰে বিভিন্ন পোহৰৰ প্ৰাবল্য আৰু সময়ৰ বাবে নিজকে অভিযোজন কৰি লয়।
(১) সৰু উদ্ভিদে ডাঙৰ গছৰ ছাঁত সালোক সংশ্লেষণ কৰিবলৈ নিজকে অভিযোজন কৰি লয়।

(২) ফুল ফুলাৰ বাবে ফুল ফুলাৰ সময় থাকে।

(৩) প্ৰাণীৰ দিনত ক্ৰিয়া বা ৰাতিৰ ক্ৰিয়াৰ বাবে পোহৰৰ ওপৰত নিৰ্ভৰ কৰে।

(৪) গভীৰ সাগৰত থকা উদ্ভিদে আন্ধাৰত সালোক সংশ্লেষণ যাতে কৰিব পাৰে তাৰ বাবে অভিযোজন কৰি লয়।

(ঘ) মাটিঃ মাটিৰ প্ৰকাৰ নিৰ্ভৰ কৰে জলবায়ু, বতৰ, মাটিৰ, পৰিবহন, গেছীয় মাটি আদিৰ ওপৰত।
(১) মাটিৰ বৈশিষ্ট্য যেনে ইয়াৰ গাঁঠনি, ইয়াৰ কণিকাৰ আকাৰ আৰু পঞ্জীভূত হোৱাৰ ধৰ্ম ঠাইভেদে ভিন্ন হয়।

(২) এডোখৰ ঠাইত থকা গছ – গছনি ইয়াৰ মাটিত থকা pH ৰ মান, খনিজাত মৌলৰ অৱস্থিতি আদিৰ ওপৰত নিৰ্ভৰ কৰে।

13. পৰজীৱিতা কি? অন্তঃপৰজীৱী আৰু বহিঃপৰজীৱীৰ বহু বিষয়ে উদাহৰণসহ লিখা।
উত্তৰঃ পৰজীৱী প্ৰাণীয়ে আশ্ৰয় দাতাৰ দেহত বাস কৰি তাৰ পৰা খাদ্য আহৰণ কৰা পদ্ধতিকেই পৰজীৱিতা বোলে। এই পৰজীৱীবোৰ সাধাৰণতে দুই প্ৰকাৰৰ—
(ক) অন্তঃপৰজীৱী :- যিবোৰ পৰজীৱীয়ে আশ্ৰয় দাতাৰ শৰীৰৰ ভিতৰত বিভিন্ন স্থানত বসবাস কৰে আৰু তাৰ পৰাই খাদ্য আহৰণ কৰে তাকেই অন্তঃপৰজীৱী বোলে। যেনে– চৰাইৰ ঘুমনি লগা পৰজীৱিতা য’ত পৰজীৱী চৰাইবোৰে তাৰ আশ্ৰয় দাতাৰ চৰাইৰ বাহত কণী পাৰে।

(খ) বহিঃপৰজীৱী :- যিবোৰ পৰজীৱীয়ে আশ্ৰয় দাতাৰ শৰীৰৰ বাহিৰৰ বিভিন্ন স্থানত বসবাস কৰে আৰু তাৰ পৰাই নিজৰ বাবে খাদ্য সংগ্ৰহ কৰে তাকেই বহিঃপৰজীৱী বোলে। যেনে – মানুহৰ ওকণি।

14. বয়সৰ পিৰামিড কি? প্ৰজননৰ আগৰ প্ৰজননৰ সময়ৰ আৰু প্ৰজননৰ পিছৰ বয়সৰ পিৰামিড উপযুক্ত চিত্ৰৰ সহায়েৰে বৰ্ণনা কৰা।
উত্তৰঃ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত আৱাদীত বিভিন্ন বয়সৰ ব্যক্তিৰ সমাহাৰ ঘটে। যদি কোনো ব্যক্তি সমুদায়ৰ বয়সৰ বিস্তাৰ আবাদীৰ কাৰণে চক কাগজত বিন্দুৰে স্থাপন কৰা হয় তেতিয়া তাৰ ফলশ্ৰুতি ৰূপে এটা বয়সৰ পিৰামিড গঢ় লৈ উঠে। পিৰামিডৰ আকৃতিয়ে আৱাদীৰ বৃদ্ধিৰ স্তৰ প্ৰতিফলিত কৰে যেনে—
(ক) ই বৃদ্ধি হৈছে নে নাই।
(খ) সুস্থিৰ।
(গ) অধোগামী।

15. এটা প্ৰাণী আৰু এটা আৱাদীৰ লক্ষণসমূহৰ নাম লিখি বৰ্ণনা কৰা।
উত্তৰঃ এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত এক নিৰ্দিষ্ট একক সময়ত বসবাস কৰা একোটা একক জীৱৰ গোটক আবাদী বোলে। উদাহৰণস্বৰূপে, এডোখৰ নিৰ্দিষ্ট ঠাইত এক নিৰ্দিষ্ট সময়ত একগোট হৈ জীৱন নিৰ্বাহ কৰা মানুহক আবাদী হিচাবে ধৰিব পাৰি। আবাদীৰ মৌলিক লক্ষণবোৰ হৈছে—
(ক) জন্মহাৰ :- আবাদী থকা এডোখৰ নিৰ্দিষ্ট ঠাইত শিশু জন্মৰ অনুপাতক জন্ম হাৰ বোলে। ই আবাদী থকা মুঠ সদস্যৰ লগত নতুনকৈ জন্ম হৈ যোগ হোৱা সদস্য সংখ্যাৰ অনুপাতক বুজায়।

(খ) মৃত্যু হাৰ :- আবাদী থকা এক নিৰ্দিষ্ট ঠাইত মৃত্যু হোৱা সদস্য সংখ্যাৰ অনুপাতক মৃত্যু হাৰ বোলে। ই আবাদীত থকা মুঠ সদস্য সংখ্যাৰ লগত নতুনকৈ মৃত্যু হোৱা সদস্যৰ সংখ্যাৰ অনুপাতক বুজায়।

(গ) লিংগৰ অনুপাত :- এইটো হৈছে প্ৰতি হাজাৰত পুৰুষৰ সংখ্যা বা মহিলাৰ সংখ্যাৰ মাজত অনুপাত ৷

(ঘ) বয়সৰ বিতৰণ :- এটা নিৰ্দিষ্ট আবাদীৰ বিভিন্ন বয়সৰ একক জীৱবোৰৰ মাজত থকা শতাংশক বয়সৰ বিতৰণ বুলিব পাৰি। একক জীৱবোৰে একগোট হৈ আবাদী গঠন কৰে। বয়সৰ বিতৰণৰ আৰ্হিক সধাৰণতে বয়সৰ পিৰামিডৰ সহায়ত নিৰূপণ কৰিব পাৰি।

(ঙ) আবাদীৰ ঘনত্ব :- এটা আবাদীৰ প্ৰতি ক্ষেত্ৰত এক নিৰ্দিষ্ট সময়ত থকা একক জীৱৰ সংখ্যা আবাদীৰ ঘনত্ব বোলে।

Leave a Comment

error: Content is protected !!
Scroll to Top