পৰিস্থিতিতন্ত্ৰ | পৰিৱেশতন্ত্ৰ | Chapter 12 | Class 12 Biology Question and Answer | Assam Class 12 Biology Solutions Assamese Medium | AHSEC Class 12 HS Biology Chapter 12 Notes Assamese Medium | SEBA Class 12 HS Biology Chapter 12 Question and Answer Assamese Medium | Questions and Answers for Class 12 Biology Chapter 12 পৰিস্থিতিতন্ত্ৰ | পৰিৱেশতন্ত্ৰ | HS 2nd Year Science Biology Questions and Answers Assam


পৰিস্থিতিতন্ত্ৰ | পৰিৱেশতন্ত্ৰ
(Ecosystems)

Very Short Type Questions and Answers

1. কোন ধৰণৰ পিৰামিড থিয় আৰু কিয়?
উত্তৰঃ স্থলজ খাদ্য শৃংখল লগত জড়িত পিৰামিড সদায় থিয়। ইয়াত আটাইতকৈ তলৰ ফালে থকা ট্ৰফিক স্তৰতসমূহ জীৱৰ সংখ্যা, ওজন আৰু আয়তন তাৰ ওপৰৰ প্ৰতি ট্ৰফিক স্তৰতকৈ অধিক। সেইবাবে ট্ৰফিক স্তৰবিলাক সজালে পিৰামিডটো থিয় হৈ থাকে।

2. বিয়োজনৰ কেঁচামাল কি? এই বিলাৰ কি কি উপাদান?
উত্তৰঃ জৈৱ পদাৰ্থ বিশেষকৈ উদ্ভিদজাত পদাৰ্থত বিয়োজনৰ কেঁচা মাল।এনে জৈৱ পদাৰ্থত চেলুল’জ, হেমিলেলু’জ লিগনিন আৰু জইলিন থাকে।

3. পৰিৱেশতন্ত্ৰৰ সেৱা কেনেকৈ সংক্ষেপে সংজ্ঞা দিবা।
উত্তৰঃ পৰিৱেশতন্ত্ৰৰ সেৱা বুলিলে পৰিৱেশৰ পৰা সকলো সেৱা যেনে— বায়ুমণ্ডল আৰু পানী দূষণ মুক্ত কৰা, মাটিৰ সাৰ বৃদ্ধি কৰা, খনিজাত বস্তুৰ চক্ৰাকাৰ ৰূপান্তৰ খৰাং বতৰ আৰু বানপানীৰ পৰা ক্ষয়-ক্ষতি লাঘৱ কৰা, পৰাগ যোগত সহায় কৰা ইত্যাদিক পৰিৱেশতন্দৰ সেৱা বোলে।

4. পৰিৱেশতন্ত্ৰ কাৰ্য্যকৰ উপাদান সম্পৰ্কে লিখা।
উত্তৰঃ পৰিৱেশতন্ত্ৰ অজৈৱ আৰু উপাদানসমূহৰ দ্বাৰা গঠিত। অজৈৱ উপাদানসমূহ হ’ল— বায়ু, পানী, মাটি আৰু সৌৰশক্তি। জৈৱ উপাদানসমূহ হ’ল— উৎপাদক (সেউজীয়া উদ্ভিদ), খাদক (জীৱজন্ত) আৰু বিয়োজক (অনুজীৱ আৰু ক্ষুদ্ৰ মাটিত বাস কৰা প্ৰাণী)

Short Type Questions and Answers

1. চৰণীয়া / খাদ্য শৃংখল আৰু অপৰদ খাদ্য শৃংখলৰ পাৰ্থক্য লিখা।
উত্তৰঃ চৰণীয়া থাদ্য শৃংখল সেউজীয়া উৎপাদকৰ পৰা আৰম্ভ হয় যেনে– ঘাঁহ – ছাগলী – মানুহ।
আপৰদ খাদ্য শৃংখল মৃত জৈৱ পদাৰ্থৰ পৰা আৰম্ভ হয় যেনে- মৃত গছৰ অংশ – কেঁচু – অণুজীৱ।

2. হাইড্ৰাক আৰু জেৰাকৰ মাজত পাৰ্থক্য দেখুওৱা।
উত্তৰঃ উদ্ভিদৰ অনুক্ৰম দুই ধৰণৰ হয়—
(ক) হাইড্ৰাকৰ পৰা মেছিক :- এনে অনুক্ৰমত জলভূমিত আৰম্ভ হয়। জলজ পৰিস্থিতিৰ পৰা ক্ৰমে আৰ্দ্ৰ (মেছিক) পৰিৱেশত উপনীত হয়। জলজ উদ্ভিদ কমি গৈ থাকে ; কাৰণ, জলাহ ঠাই ক্ৰমে পোত খায়। যিমানেই জলাহৰ আৱদ্ধ প্ৰাণী পৰিমাণ কমি গৈ থাকে সিমানেই আৰ্দ্ৰ ভূমিৰ উদ্ভিদৰ সংখ্যা বৃদ্ধি পাই আহে।

(খ) জেৰাকৰ পৰা মেছিক :- জেৰাক অৱস্থা অৰ্থাৎ শুকান অৱস্থাৰ পৰা ক্ৰমে আৰ্দ্ৰ অৱস্থালৈ অণুক্ৰম হোৱা। জেৰাক অৱস্থাত থকা উদ্ভিদে মাটিৰ আৰ্দ্ৰতা ধৰি ৰাখিবৰ চেষ্টা কৰে। তাৰ ফলত নতুন নতুন উদ্ভিদে জন্মে আৰু তাৰ ফলত ক্ৰমে মাটিৰ আৰ্দ্ৰতা বৃদ্ধি পায়।

3. ষ্টেনডিং ক্ৰপ কি?
উত্তৰঃ প্ৰতিটো ট্ৰফিক স্তৰত একোটা নিৰ্দিষ্ট সময়ত একোটা নিৰ্দিষ্ট আয়তনৰ জীৱগোষ্ঠী থাকে যাক Standing Crops বোলে। তলৰ ট্ৰফিক স্তৰত সদায় ওপৰৰ ট্ৰফিক স্তৰতকৈ অধিক Standing Crops থাকে। যিমানেই ট্ৰফিক স্তৰৰ ওপৰৰ ফালে যোৱা যায় Standing Crops ৰ সংখ্যা বা ওজন কমি গৈ থাকে কাৰণ, ই 10 শতাংশ নিয়ম মানি চলে।

4. পাললিক দশা কাক বোলে?
উত্তৰঃ পৰিৱেশতন্ত্ৰত পদাৰ্থৰ চক্ৰীয় ৰূপান্তৰ ঘটে। এই চক্ৰত পদাৰ্থ জৈৱ অৱস্থাৰ পৰা অজৈৱ আৰু অজৈৱ অৱস্থাৰ পৰা জৈৱ অৱস্থালৈ চক্ৰাকাৰে আৱৰ্তন হয়। এই চক্ৰক দুটা ভাগত ভাগ কৰা হয়। এটাক কোৱা হয় বায়বীয় দশা আৰু আনটোক কোৱা হয় পাললিক দশা। বায়বীয় দশাত গেছ আৰু পানী চক্ৰাকাৰে আৱৰ্ত হয়। পাললিক দশাত ছালফাৰ, ফছফৰাছ আদিৰ আৱৰ্ত হয়। পাললিক দশা এই কাৰণে কোৱা হয় যে এই পদাৰ্থসমূহ পাললিক শিলাৰ পৰা উৎপন্ন হয়।

5. উৎপাদক স্তৰতকৈ সৌৰস্তৰত শক্তি কিয় কম থাকে?
উত্তৰঃ শক্তি উৎসৰ পৰা বিতৰিত হ’বৰ সময়ত ক্ৰমাৎ আৱনমিত হয়।কাৰণ প্ৰতি স্তৰত ইয়াৰ ব্যৱহাৰ হয়। উৎপাদকে উৎপাদন কৰা শক্তিৰ কিছু নিজে ব্যৱহাৰ কৰে শাৰীৰিক ক্ৰিয়াৰ বাবে। গতিকে প্ৰাথমিক ভোক্তাই উৎপন্ন সকলো শক্তিৰ ভাগ নাপায়। প্ৰাথমিক ভোক্তাইও মজুত কৰা সকলো সহায় নকৰি নিজে কিছু ব্যৱহাৰ কৰে। গতিকে দ্বিতীয় স্তৰৰ ভোক্তাই প্ৰতম স্তৰৰ ভোক্তাতকৈ কম শক্তি আহৰণ কৰিব পাৰে।

6. কেঁচুৱে কিয় কৃষকৰ বন্ধু বোলা হয়?
উত্তৰঃ কঁচুৱে জৈৱ পদাৰ্থ ভাঙি টুকুৰা টুকুৰা কৰি দি জৈৱ পদাৰ্থ পচনত সহায় কৰে। তাৰোপৰি মাটিৰ তলত নলা খান্দি বায়ু চলাচলৰ সুবিধা কৰি দিয়ে। যি ডৰা মাটিৰ কেঁচু থাকে সেই ডৰা মাটি থেতিৰ বাবে উত্তম। যিহেতু কেঁচুৱে মাটি সাৰুৱা ৰখাত সহায় কৰে ; সেই বাবে কেঁচুক খেতিয়কৰ বন্ধু বোলা হয়।

7. খাদ্যজাল কি?
উত্তৰঃ খাদ্য শৃংখল সদায় এক নাথাকে আৰু ইমান সহজতে ব্যাখ্যাও কৰিব নোৱাৰি কাৰণ, এটা নিৰ্দ্দিষ্ট জীৱই সদায় একে থাদ্য শৃংখলৰ একোটা জীৱকেই ভক্ষণ কৰে এনে নহয়। ই অন্য খাদ্য শৃংখলৰ জীৱত খাদ্য হিচাপে গ্ৰহণ কৰে। অৰ্থাৎ ঘাঁহ কেৱল ফৰিঙে না থায়, সাপে কেৱল বেং নাখায় আৰু চিলনীয়ে সদায় সাপ নেখাই অন্য খাদ্য শৃংখলৰ খাদ্যও গ্ৰহণ কৰে। দেখা যায় যে অনেক খাদ্য শৃংখল এটাৰ লগত আনটো লগ লাগি থাকি এক বৃহৎ খাদ্য শৃংখল তৈয়াৰ কৰে। এনে বৃহৎ আৰু জটিল খাদ্য শৃংখলক খাদ্যজাল বোলে।

8. হিউমাছ কি? ইয়াৰ গুৰুত্ব সম্পৰ্কে লিখা।
উত্তৰঃ হিউমাছ হ’ল এনে এক বস্তু যি বিয়োজনৰ ফলত উৎপন্ন হয়। জৈৱ পদাৰ্থ বিয়োজনৰ সৰ্বশেষ পৰ্য্যায়ত হিউমাছ উৎপন্ন হয়। ই অতি ধীৰ গতিত বিয়োজন হয়।
হিউমাছৰ গুৰুত্ব হ’ল ইয়াত উদ্ভিদৰ বাবে প্ৰয়োজনীয় সকলো পোষক দ্ৰব্য সঞ্চিত থাকে বাবে সাৰুৱা। হিউমাছত অনেক উপকাৰী অণুজীৱই বাস কৰে।

9. প্ৰাথমিক আৰু গৌণ অনুক্ৰমৰ পাৰ্থক্য লিখা।
উত্তৰঃ প্ৰাথমিক অনুক্ৰম সদায় এনে স্থানত হয় য’ত কেতিয়াও কোনো উদ্ভিদ নাছিল। যেনে আগ্নেয়গিৰিৰ পৰা উৎপন্ন হোৱা স্থান প্ৰকাণ্ড শিলাভূমি ইত্যাদি। এনে স্থানত অনুক্ৰমণ অতি ধীৰ গতিত আগবাঢ়ে।

প্ৰথমে সদায় লাইকেন জাতীয় উদ্ভিদ যাৰ কাৰণে মাটি নালাগে উৎপন্ন হয়। পিছত যেতিয়া ক্ৰমে ক্ৰমে জৈৱ পদাৰ্থ গোট থায় অন্যান্য উদ্ভিদ জন্মে আৰু শেষত অটব্য হাবিলৈ ৰূপান্তৰ হয়।

দ্বিতীয় বা গৌণ অনুক্ৰম সদায় প্ৰাকৃতিক বা অন্যান্য কাৰণত ধ্বংস হোৱা কোনো পৰিস্থিতিতন্ত্ৰত নতুনকৈ উদ্ভিদ জন্মিবলৈ ধৰে। ইয়াত প্ৰথমৰ পৰাই মাটি থকা বাবে অনুক্ৰমণ প্ৰথম বিধতকৈ দ্ৰুত হয়। কিন্তু কেতিয়াও আগৰ নিচিনা পৰিস্থিতিতন্ত্ৰ নহয়গৈ।

10. প্ৰাথমিক উৎপাদনতা কি কি ধৰণৰ? এইবিলাকৰ পৰস্পৰ সম্পৰ্কে সম্বন্ধে লিখা।
উত্তৰঃ দুই ধৰণৰ প্ৰাথমিক উৎপাদকতা আছে—
(ক) মুঠ প্ৰাথমিক উৎপাদকতা আৰু

(খ) অৱশিষ্ট প্ৰাথমিক উৎপাদকতা। মুঠ প্ৰাথমিক উৎপাদকতা হৈছে পৰিস্থিতিতন্ত্ৰত সালোক সংশ্লেষণৰ ফলত উৎপন্ন হোৱা মুঠ জৈৱ পদাৰ্থ। অৱশিষ্ট প্ৰাথমিক উৎপাদকতা হৈছে উৎপন্ন জৈৱ পদাৰ্থ উদ্ভিদে শৰীৰ ক্ৰিয়াৰ বাবে (শ্বসনত) ব্যৱহাৰৰ পিছত ৰৈ যোৱা অৱশিষ্ট উৎপাদন যিটো উদ্ভিদ শৰীৰত স্থায়ী হৈ ৰয়।

11. লম্ব স্তৰণৰ সংজ্ঞা দিয়া।
উত্তৰঃ পৰিৱেশতন্ত্ৰত বিভিন্ন স্তৰত থকা বিভিন্ন প্ৰজাতিৰ লম্বভাৱে থকা বিতৰণক স্তৰণ বোলা হয়। অৰণ্যত বিভিন্ন ধৰণৰ গছে বিভিন্ন স্তৰত অৱস্থান কৰে। কিছুমান অতি ওথ হয়, আকৌ কিছুমান এইবিলাকৰ তলত আৰু কিছুমান একেবাৰে তলখাপত প্ৰায় মাটিত বাস কৰে। সূৰ্য্যৰ পোহৰৰ চাহিদা অনুসৰি এনে ধৰণে বিভিন্ন স্তৰত অৱস্থান কৰে।

12. শক্তিৰ 10% নিয়মৰ সংজ্ঞা দিয়া। চৰণীয়া খাদ্য শৃংখলত কিয় স্তৰৰ সংখ্যা সীমিত?
উত্তৰঃ ট্ৰফিক স্তৰবিলাক লক্ষ্য কৰিলে দেখা যায় যে ওপৰৰ প্ৰতি স্তৰত জীৱৰ সংখ্যা বা ওজন কমি গৈ থাকে। তাৰ কাৰণ প্ৰতি স্তৰৰ জীৱই তলৰ স্তৰৰ পৰা যি শক্তি আহৰণ কৰে সেই শক্তিৰ 90% নিজে ব্যৱহাৰ কৰে অৰ্থাৎ শ্বসনত ব্যয় হয়। গতিকে মাত্ৰ 10% শক্তি হে তাৰ ওপৰৰ স্তৰত জীৱৰ বাবে থাকেগৈ। প্ৰতি স্তৰত এনেকৈ প্ৰাপ্ত শক্তিৰ 90% শৰীৰ ক্ৰিয়াত ব্যৱহাৰ হয় আৰু 10% শক্তিহে ওপৰৰ স্তৰৰ জীৱ গোষ্ঠীয়ে গ্ৰহণ কৰে।

READ MORE  মানুহৰ স্বাস্থ্য আৰু ৰোগ | Chapter 7 | Class 12 Biology - AHSEC

ইয়াকে শক্তিৰ 10% নিয়ম বোলে। চৰণীয়া খাদ্য শৃংখলত ট্ৰফিক স্তৰ সীমাবদ্ধ। কাৰণ, ইয়াত উৎপাদকৰ পৰা ক্ৰমে প্ৰাথমিক উপভোক্তা দ্বিতীয় শৰীৰ উপভোক্তা আৰু তৃতীয় শাৰীৰ উপভোক্তাতেই খাদ্য শৃংখল বা ট্ৰফিক স্তৰ শেষ হৈ যায়। জলজ থাদ্য শৃংখলত কিন্তু ট্ৰফিক স্তৰ সীমিত নহয় কাৰণ, কেবাটাও স্তৰৰ ভোক্তা থাকে।

Long Type Questions and Answers

1. পুখুৰীৰ কিয় পৰিৱেশতন্ত্ৰত উৎকৃষ্ট উদাহৰণ বুলি গণ্য কৰা হয়? পুখুৰী এটি পৰিৱেশতন্ত্ৰ হিচাপে আলোচনা কৰা।
উত্তৰঃ পুখুৰী পৰিস্থিতিতন্ত্ৰ (Pond Ecosystem) এটা সৰু পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ। ইয়াত পানীখিনি নিশ্চল। প্ৰকৃতিত পুখুৰীবোৰ ঋতুৰ লগত জড়িত। অৰ্থাৎ বাৰিষা প্ৰচুৰ পানী থাকে। অন্য সময়ত কম পানী থাকে। গাঁও অঞ্চলত ইয়াৰ গুৰুত্ব বেছি। ই বিভিন্ন ধৰণৰ শেলাই, জলজ উদ্ভিদ, পৰুৱা, মাছ, চৰাই আদিৰ বাসস্থান। পুখুৰীত মানুহে বহু কাৰ্য্য সম্পাদন কৰে। ইয়াক কাপোৰ ধোঁৱা, সাঁতোৰ, গা – ধোঁৱা, গৰু, ম’হ ধুওৱা পানী থোৱা আদি কামত ব্যৱহাৰ কৰা হয় আৰু ফলত প্ৰদূষিত হয়।
(ক) জৈৱিক উপাদান—
(১) উৎপাদক :- শেলাই, মেটেকা, এজ’লা, ভেঁট, পানীত গজা ঘাঁহ, ভেলিচনেৰিয়া, হাইড্ৰিলা, লতা জাতীয় উদ্ভিদ ইত্যাদিয়ে সৌৰশক্তিৰ দ্বাৰা থাদ্য উৎপাদন কৰে।

(২) প্ৰাথমিক উপভোক্তা :- বিভিন্ন ধৰণৰ পোক-পৰুৱা, সৰু মাছ, পেৰামোচিয়াম, শামুক, কেঁচু ইত্যাদিয়ে উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে।

(৩) দ্বিতীয় স্তৰ উপভোক্তা :- মাছ, ভেকুলী, জোক, কেকোঁৰা, মিছামাছ ইত্যাদিয়ে প্ৰাথমিক উপভোক্তাৰ পৰা খাদ্য পায়।

(৪) উচ্চস্তৰৰ উপভোক্তা :- মানুহ, চৰাই, উদ, সাপ আদিয়ে দ্বিতীয় স্তৰৰ উপভোক্তাৰ পৰা শক্তি সংগ্ৰহ কৰে। মানুহ চৰাই আৰু উদে মাছ খায়। চৰাইয়ে জোক · সাপ , ভেকুলী ইত্যাদি খায়।

(৫) বিয়োজক :- উৎপাদক আৰু উপভোক্তাৰ মৃত্যুৰ পিছত মাটি আৰু পানীত থকা জীৱাণুবিলাকে সেইবিলাক পচাই পেলাই খাদ্য সংগ্ৰহ কৰে। বয়োজকৰ কাৰ্য্যৰ ফলত জৈৱিক পদাৰ্থ অজৈৱিক পদাৰ্থলৈ ৰূপান্তৰিত হৈ পৰিৱেশত মুকলি হৈ পৰে।

(খ) অজৈৱিক উপাদান :- আন পৰিৱেশতন্ত্ৰত চলি থকাৰ নিচিনাকৈ কাৰ্বন- চক্ৰ, অক্সিজেন চক্ৰ, নাইট্ৰ’জেন চক্ৰ, ফছফৰাছ চক্ৰ আদি নিয়ম মতে চলি থাকে। নাইট্ৰ’জেন, ফছফ’ৰাছ, ছালফাৰ আদি পাৰৰ পৰা বাগৰি অহা পানী আৰু মাটিৰ পৰা পোৱা হয়। পানীত উপৰিভাগত অক্সিজেন বেছিকৈ পোৱা যায় বাবে জৈৱিক প্ৰক্ৰিয়া পানীৰ তলতকৈ উপৰিভাগতহে বেছি হয়। এটি পৰিৱেশতন্ত্ৰত যিমানবিলাক উপাদান থাকিব লাগে তাৰ সকলোবিলাক পুখুৰীত থাকে বাবে পুখুৰীক পৰিৱেশতন্ত্ৰৰ এটি উৎকৃষ্ট উদাহৰণ বুলি গণ্য কৰা হয়।

2. কাৰ্বন চক্ৰ বৰ্ণনা কৰা।
উত্তৰঃ বায়ুমণ্ডলত জমা হৈ থকা কাৰ্বন চক্ৰ হৈছে এক গুৰুত্ব পূৰ্ণ গেছীয় চক্ৰ। সকলোবোৰ জীৱিত জীৱ দেহত এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে কাৰ্বন থাকে। সকলোবোৰ জৈৱিক অণু, যেনে, কাৰ্বহাইড্ৰেট, লিপি প্ৰ’টিন আদি জীৱৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ যি কাৰ্বনেৰে তৈয়াৰী। সালোক সংশ্লেষণ নামৰ এক মৌলিক প্ৰক্ৰিয়া জৰিয়তে সূৰ্যৰ পোহৰ আৰু বায়ুমণ্ডল থকা CO ৰ সহায়ত কাৰ্বন যৌগ থকা গ্লুকজ উৎপন্ন হয়। এই গ্লু’কজৰ অণুক অন্য জীৱিত জীৱই ব্যৱহাৰ কৰে সেইবাবে বায়ুমণ্ডলত থকা কাৰ্বন জীৱিত আকাৰত সংযোজিত হৈ পৰে।

এতিয়া এই শোষণ কৰা CO পুনঃচক্ৰৰ বাবে পুনৰ বায়ুমণ্ডললৈ ঘূৰি যোৱাটো প্ৰয়োজন হৈ পৰে। প্ৰকৃতিত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আছে যা সহায়ত কাৰ্বনৰ চক্ৰীয় পৰিৱৰ্তন হৈ কাৰ্বন ডাই অক্সাইড হিচাপে পুনৰ বায়ুমণ্ডললৈ ঘূৰি যাব পাৰে। শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াৰ জৰিয়তে গ্লুকজ অণুৰ ভাঙোন ঘটি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। ইয়াৰ উপৰি বিয়োজন প্ৰক্ৰিয়াৰ জৰিয়তে মৃত উদ্ভিদ আৰু প্ৰাণীৰ পৰা কাৰ্বন – ডাই- অক্সাইড মুকলি হৈ বায়ুমণ্ডললৈ যায়। আনহাতে ইন্ধনৰ দহন, উদ্যোগীকৰণ, বনাঞ্চল ধ্বংস, আগ্নেয়গিৰি উদগীকৰণ গছ গছনি জ্বলাবলৈ যথেষ্ট পৰিমাণ বায়ুমণ্ডললৈ CO উভতি যায়।

3. এটি উন্মুক্ত শিলত অনুক্ৰম কেনেকৈ হয় চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ উন্মুক্ত শিলত কোনো ধৰণৰ মাটি আৰু পানী নথকাৰ বাবে উদ্ভিদ গজিব নোৱাৰে। এনে স্থানত Lichen নামৰ এক ধৰণৰ সহজীৱীয়ে প্ৰথম বসতি স্থাপন কৰে। Lichen এনে চৰম অৱস্থাত জীয়াই থাকিব পাৰে। Lichen যে এক ধৰণৰ এছিডৰ দ্বাৰা খনিজ লোণ দ্ৰৱিত কৰে। এই খনিজ লোণ লাইকেন পুষ্টি হিচাপে গ্ৰহণ কৰে। শিলৰ ফাটবিলাকত আৰু থেলাছৰ আশে আশে জমা হোৱা ধূলিৰ পৰাও পুষ্টি গ্ৰহণ কৰে। পুৰণি লাইকেনৰ দেহ মৰি যোৱাৰ পিছত পচি গৈ সামান্য কিছু মাটি বা হিউমাছৰ সৃষ্টি হয়। এই অৱস্থা মছ জাতীয় ক্ষুদ্ৰ উদ্ভিদৰ বাবে উপযোগী। মছে ক্ৰমে লাইকেনক আঁতৰাই সম্পূৰ্ণ আধিপত্য স্থাপন কৰে।

যেতিয়া মছবিলাক মৰি পচিগৈ অধিক মাটি সৃষ্টি কৰে। তেতিয়া তাৰ ফলত সেই ঠাইত ক্ৰমে ঢেকীয়া জাতীয় উদ্ভিদ আৰু শেষত অন্যান্য সপুষ্পক উদ্ভিদে বসতি স্থাপন কৰি এটি চৰম সম্প্ৰায় প্ৰতিষ্ঠা কৰে। শেষত শিলডোখৰ সম্পূৰ্ণ মাটিৰে ঢাক থাই পৰে আৰু তাত বিভিন্ন ধৰণৰ উদ্ভিদে জন্মে। এটি উন্মুক্ত শিলত যেনেকৈ বিভিন্ন সম্পদায়ৰ অনুক্ৰমণ হয় তেনেকৈ একোটা বিৰাট অঞ্চলতো হয়। তাৰ ফলত এটা সময়ত কোনো উদ্ভিদ নথকা অঞ্চলত এখন অটব্য বননি সৃষ্টি হ’ব পাৰে।এটা উন্মুক্ত অঞ্চলত প্ৰথম বসতি স্থাপন কৰা। সম্প্ৰদায়ক প্ৰাথমিক সম্প্ৰদায় বুলি কোৱা হয়। পৰৱৰ্তী সম্প্ৰদায়ক গৌণ সম্প্ৰদায় বোলে। সৰ্বশেষতে আৱিৰ্ভাৱ হোৱা সম্প্ৰদায়ে যি স্থায়ী ৰূপ পায় তাক চৰম সম্প্ৰদায় বোলা হয়।

কোনো সময়ত প্ৰাকৃতিক কাৰণত কোনো অঞ্চল প্লাৱিত হৈ মাটি খহি গৈ সেই অঞ্চলত থকা জীৱ সম্প্ৰদায় নিশ্চিহ্ন হ’ব পাৰে। পুখুৰী এটি ক্ৰমে পোত যাব পাৰে আৰু তাৰ আগতে থকা জীৱ সম্প্ৰদায় নাইকিয়া হ’ব পাৰে। প্ৰথমে থকা জীৱ সম্প্ৰদায় নোহোৱা হ’লে বা পৰিস্থিতিৰ পৰিৱৰ্তন হ’লে নতুন জীৱ সম্প্ৰদায়ৰ অনুক্ৰমণ ঘটে।

4. ফছফৰাছ চক্ৰ বৰ্ণনা কৰা।
উত্তৰঃ ফছফ’ৰাছ উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয়। ফছফ’ৰাছ অবিহনে উদ্ভিদত প্ৰটিন সৃষ্টি নহয়। উদ্ভিদৰ অন্যান্য জৈৱিক কামৰ বাবে 1 ফছফৰাছ প্ৰয়োজন। উদ্ভিদে ফছফৰাছ মাটিৰ পৰা শোষণ কৰে। মাটিত পোৱা ফছফৰাছ শিলত থকা ফছফেটৰ পৰা সৃষ্টি হয়। সামান্য কিছু ফছফেট্ শিলৰ অৱক্ষয় জনিত কাৰণত মাটিত জমা হয় আৰু ইয়াৰ পৰা উদ্ভিদে শিপাৰে শোষণ কৰে। জৈৱ বস্তুত থকা জৈৱিক ফছফেট্ কিছুমান জীৱাণুয়ে মুক্ত কৰি দিয়াৰ ফলতো উদ্ভিদে পায়। তৃণভোজী আৰু অন্য প্ৰাণীয়ে উদ্ভিদৰ পৰা ফছফৰাছ চক্ৰ কাৰ্বন চক্ৰতকৈ পৃথক এই কাৰণে যে ফছফ’ৰাছ চক্ৰৰ পৰা ফছফৰাছ পায়। ফছফ’ৰাছ গেছ হিচাপে ওলাই নাযায় আৰু বায়ুমণ্ডলৰ পৰাও ফছফ’ৰাছ চক্ৰত ফছফৰাছ প্ৰৱেশ নকৰে।


চিত্ৰ : স্থলজ ফছফ’ৰাছ চক্ৰ।

5. পুষ্টি চক্ৰ কি? কি কি বিভিন্ন ধৰণৰ পুষ্টি চক্ৰ আছে। প্ৰত্যেকৰে উদাহৰণ দিয়া।
উত্তৰঃ খাদ্যৰ অভ্যাস অনুযায়ী প্ৰাণী আৰু উদ্ভিদক কিছুমান পৌষ্টিক স্তৰত ভাগ কৰা হৈছে। খাদ্য শৃংখলৰ জৰিয়তে প্ৰাণীয়ে পৰিপুষ্টি লাভ কৰে। পৰিপুষ্টি সাধন কৰোঁতে এটা স্তৰৰ পৰা আন এটা স্তৰলৈ শক্তিৰ পৰিবহণ হয়।

উদ্ভিদে নিজৰ থাদ্য নিজে উৎপাদন কৰে, সেয়েহে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। উদ্ভিদ প্ৰাথমিক পৌষ্টিক স্তৰৰ উৎপাদক। তৃণভোজী প্ৰাণীয়ে উদ্ভিদ থাই পৰিপুষ্টি লাভ কৰা বাবে ইহঁতক দ্বিতীয় পৌষ্টিক স্তৰত স্থান দিয়া হৈছে। তৃণভোজী প্ৰাণীয়ে উদ্ভিদ ভক্ষণ কৰি পৰিপুষ্টি সাধন কৰা বাবে সিহঁত প্ৰাথমিক উপভোক্তা হিচাপে পৰিচিত। আকৌ মাংসভোজী জীৱ – জব্ৰুৱে তৃণভোজী জীৱক থাই পৰিপুষ্টি লাভ কৰে। গতিকে মাংসভোজী জীৱ জন্তুক তৃতীয় পৌষ্টিক স্তৰত ধৰা হয়। এইবোৰ গৌণ উপভোক্তা। কিছুমান মাংসভোজী জীৱই কেৱল মাংসভোজী জীৱকহে থায়। সিহঁতক চতুৰ্থ বা পঞ্চম স্তৰত ধৰা হয়। পৰিস্থিতিতন্ত্ৰত কিছুমান প্ৰজাতিৰ জীৱে এটাতকৈ অধিক পৌষ্টিকস্তৰ অধিকাৰ কৰিব পাৰে। যেনে- মানুহ। মানুহে পৰিপুষ্টি সাধনৰ বাবে মাছ, মাংস, ফলমূল, শাক – পাঁচলি, ভাত থায়। গতিকে মানুহে মাংসভোজী হোৱাৰ উপৰিও তৃণভোজী প্ৰাণী তথা উদ্ভিদ খাই জীয়াই থাকে।

READ MORE  বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ | Chapter 4 | Class 12 Biology - AHSEC

এনেদৰে জীৱৰ খাদ্য অনুসৰি বেলেগ বেলেগ পৌষ্টিক স্তৰত ধৰা হয়। বেক্টেৰিয়া, কাঠফুলা, ভেঁকুৰ আদিক বিয়োজক জীৱ হিচাপে গণ্য কৰা হয়। ইহঁতে মৃত প্ৰাণী বা উদ্ভিদৰ পৰা শক্তি আহৰণ কৰি জটিল জৈৱ পদাৰ্থ ভাঙি সৰল অজৈৱ পদাৰ্থলৈ ৰূপান্তৰ কৰে। মাটিৰ লগত অজৈৱ পদাৰ্থ মিহলি হোৱাৰ পিছত উদ্ভিদে সালোক সংশ্লেষণৰ সময়ত মাটিৰ পৰা পোষক দ্ৰব্য আহৰণ কৰি খাদ্য প্ৰস্তুত কৰে। এনেদৰে পোষক দ্ৰব্যবোৰ পৰিস্থিতি তন্ত্ৰত চক্ৰীয়ভাৱে গতি কৰি থাকে আৰু এই গতি অপৰিৱৰ্তনীয় হৈ থাকে। এনেদৰে বিভিন্ন প্ৰজাতিৰ জীৱ আৰু উদ্ভিদে পৰিস্থিতিতন্ত্ৰত পৰিপুষ্টি লাভ কৰি পৰিৱেশ সঙ্কুলিত কৰি ৰাখে।

সকলো জীৱ – জন্তুৱে শ্বাস-প্ৰশ্বাসৰ জৰিয়তে শক্তিৰ সঞ্চালন কৰে আৰু অক্সিজেনৰ সহায়ত জৈৱিক আহাৰ হজম কৰি শক্তি সঞ্চয় কৰে। এই প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড, পানী আৰু খনিজ অপচয় বাহিৰ ওলাই আহে। জীৱ-জন্তুৰ নিঃশ্বাসত ওলোৱা এঙাৰ গেছ উদ্ভিদে বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে। পানী আৰু খনিজ অপচয় মাটিৰ লগত মিহলি হয়। উদ্ভিদে মাটিৰ পৰা পানী গ্ৰহণ কৰি খাদ্য প্ৰস্তুত কৰে আৰু পৰিপুষ্টি সাধন কৰে। এনেদৰে পৰিস্থিতি তন্ত্ৰত শক্তিৰ পৰিৱৰ্তন আৰু সঞ্চালন প্ৰক্ৰিয়া নিৰন্তৰভাৱে চলি আছে।

6. ওলোটা পিৰা ক’ত দেখা যায়? এটি সংখ্যাৰ ওলোটা পিৰামিড সংক্ষেপে বৰ্ণনা কৰা।
উত্তৰঃ সাধাৰণতে স্থলজ পৰিৱেশতন্ত্ৰত ট্ৰফিক স্তৰসমূহৰ গঠন এনেভাৱে হয় যে পিৰামিড বিলাক থিয় হৈ থাকে। এনে পিৰামিডৰ সদায় জীৱৰ সংখ্যা বা ভৰ সদায় তলৰটো ট্ৰফিক স্তৰতকৈ অধিক থাকে। উৎপাদকৰ সংখ্যা বা জীৱভৰ বা শক্তিৰ পৰিমাণ সদায় প্ৰাথমিক উপভোক্তাতকৈ অধিক। সেইদৰে প্ৰাথমিক উপভোক্তাও দ্বিতীয় শাৰীৰ উপভোক্তাতকৈ অধিক।

কোনো কোনো ক্ষেত্ৰত যেনে এজোপা ডাঙৰ গছ বা সাগৰৰ ক্ষেত্ৰত ওলোটা পিৰামিড হয়। যেনে এজোপা গছত যিমান পোক – পতঙ্গ থাকে তাৰ তুলনাত সেইবিলাক থাই জীয়াই থকা চৰাইৰ সংখ্যা অধিক। এই সৰু চৰাই বিলাক ভক্ষণ কৰা চৰাইৰ সংখ্যা সৰু চৰাই বিলাকতকৈ অধিক। এনেদৰে ট্ৰফিক স্তৰ সজালে এটি ওলোটা পিৰামিড গঠন হয়। সাগৰতো শেলাই ভক্ষণ কৰা মাছৰ সংখ্যা শেলাইতকৈ অধিক। সৰু মাছক ভক্ষণ কৰা ডাঙৰ মাছ সৰু মাছতকৈ অধিক। ইয়াৰ পৰাও ওলোটা পিৰামিড গঠন হয়।

7. বিয়োজন কি? বিয়োজনৰ প্ৰণালী ব্যাখ্যা কৰা।
উত্তৰঃ বিয়োজন হৈছে এনে এক প্ৰক্ৰিয়া যাৰ সহায়ত মৃত প্ৰাণী বা উদ্ভিদৰ জটিল দৈৱ অণুবোৰ বিয়োজকৰ উপস্থিতিত ভাঙি ক্ষুদ্ৰ ক্ষুদ্ৰ অজৈৱ অণু যেনে CO পানী আদি উৎপন্ন কৰে। বিয়োজনত থকা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াবোৰ হৈছে তলত দিয়া ধৰণৰ –
(ক) খণ্ডন :- বিয়োজনৰ এইটো প্ৰথম স্তৰ। ইয়াত ডেট্ৰিটাচবোৰ ভাঙি ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰালৈ পৰিণত হয়। এই প্ৰক্ৰিয়াত ডেট্ৰিটিভৰাছবোৰ জড়িত হৈ থাকে। (যেনে – কেঁচু আদি)

(খ) নিষ্কালন :- এই প্ৰক্ৰিয়া জৰিয়তে পানীত দ্ৰবীভূত হোৱা পুষ্টিকৰ উপাদানবোৰ মাটিৰ তলত থকা তৰপলৈ যায় আৰু লৱণ হিচাপে বন্ধ হৈ পৰে।

(গ) অপচয় :- এই প্ৰক্ৰিয়াৰ জৰিয়তে মৃত প্ৰাণী বা উদ্ভিদবোৰ বেক্টেৰিয়া বা ভেঁকুৰৰ সহায়ত ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ ৰূপান্তৰিত হয়।

(ঘ) হিউমিফিকেছন :- এই প্ৰক্ৰিয়াৰ জৰিয়তে ডাঠ বৰণৰ কলয়ডীয় দ্ৰব্য উৎপন্ন হয় যাক হিউমাছ বোলে। এই হিউমাছে উদ্ভিদৰ বাবে পুষ্টিকৰ দ্ৰব্য জমা কৰি ৰাথে।

(ঙ) খনিজীভৱন :- এই হিউমাছবোৰৰ অণুজীৱৰ উপস্থিতিত পুনৰ ভাঙোন ঘটে আৰু শেষত অজৈৱিক অণুবোৰ মাটিলৈ মুকলি কৰি দিয়ে। হিউমাছৰ পৰা অজৈৱিক অণুবোৰ মুকলি কৰি দিয়া এই প্ৰক্ৰিয়াটোক খনিজীভবন বোলে। বিয়োজনৰ ফলত ডাঠ ৰঙৰ, পুষ্টিকৰ দ্ৰব্যৰে পৰিপূৰ্ণ হিউমাছ উৎপন্ন হয়। শেষত হিউমাছৰ ভাঙোন ঘটি অজৈৱিক যৌগ যেনে, CO, HO, অন্য খনিজ পদাৰ্থ মাটিলৈ মুকলি হয়।

8. উৎপাদনতা কি? পৰিৱেশতন্ত্ৰৰ উৎপাদনতা কেনেকৈ প্ৰকাশ কৰা হয়?
উত্তৰঃ পৰিৱেশতন্ত্ৰ উৎপাদন মানে পৰিৱেশতন্ত্ৰত সালোক সংশ্লেষণৰ ফলত জমা হোৱা জৈৱিক পদাৰ্থৰ সমূহ গোটক বুজায়। প্ৰাথমিক উৎপাদন বুলি ক’লে একোটা একক বৰ্গ অচল্ যেনে – 1 বৰ্গ মিঃ, 100 বৰ্গ মিঃ 1 বৰ্গ কিঃ মিঃ ইত্যাদিৰ ভিতৰত একোটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত উৎপাদিত সমস্ত জৈৱিক পদাৰ্থৰ বুজায়। গতিকে উৎপাদন বুলি ক’লে একোটা নিৰ্দিষ্ট স্থানত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত উৎপন্ন হোৱা জৈৱিক পদাৰ্থৰ থূপটোক বুজায়।

উৎপাদনৰ হাৰ সাধাৰণতে g-2 yr-1 বা KCalm 2 yr-1 হিচাপে উল্লেখ কৰা হয়। বিভিন্ন পৰিৱেশতন্ত্ৰৰ উৎপাদন হাৰ ইয়াৰ দ্বাৰা তুলনা কৰা হয়। উৎপাদন দুই ভাগত ভাগ কৰা হয়। মুঠ প্ৰাথমিক উৎপাদন বুলিলে সালোক সংশ্লেষণৰ মুঠ উৎপাদনক বুজায়। আচল প্ৰাথমিক উৎপাদন বুলি ক’লে মুঠ প্ৰাথমিক উৎপাদনৰ পৰা উদ্ভিদে নিজৰ বৃদ্ধিৰ বাবে (শ্বসনত ব্যয় হোৱা শক্তি) খৰচ কৰা উৎপাদন বাদ দি সৰ্বশেষত যি থাকেগৈ তাকেই বুজায়।

NPP (Net Primary Productivity) = GPPR (Gross Primary Productivity) পৰভোজী জীৱই কেৱল আচল উৎপাদন খাদ্য হিচাপে ব্যৱহাৰ কৰে। আচল উৎপাদন ভক্ষণ কৰি থাদ্যকে যি জৈৱিক পদাৰ্থ জমা কৰে তাক গৌণ উৎপাদন বোলা হয়।

9. পৰিস্থিতিতন্ত্ৰত শক্তিৰ প্ৰবাহ কেনেদৰে হয়?
উত্তৰঃ পৰিস্থিতিতন্ত্ৰ এটাত শক্তিৰ প্ৰবাহ খাদ্য শৃংখলৰ দ্বাৰা হয়। এই শক্তি প্ৰবাহ একমুখী প্ৰয়োজনীয় পুষ্টিবোৰ (যেনে – কাৰ্বন, নাইট্ৰ’জেন , ফছফৰাছ আদি) চক্ৰীয়ভাৱে চলে আৰু শেষত পুনৰ উৎপাদকে ব্যৱহাৰ কৰে। ইয়াত শক্তিৰ পুনৰ ব্যৱহাৰ নহয়। এই শক্তিৰ প্ৰবাহত তাপ গতিবিদ্যাৰ সূত্ৰসমূহ প্ৰযোজ্য।

তাপ গতি বিদ্যাৰ প্ৰথম সূত্ৰ অনুসৰি সূৰ্যৰ পোহৰ সেজীয়া গছে গ্ৰহণ কৰি জৈৱ ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ হয় আৰু শেষত সেই শক্তি ভক্ষকবোৰ গ্ৰহণ কৰে। তাপ গতি বিদ্যাৰ দ্বিতীয়সূত্ৰ অনুসৰি খাদ্য শৃংখলৰ মাজেৰে শক্তি প্ৰৱাহিত হওঁতে, প্ৰত্যেক পৌষ্টিক স্তৰতে শক্তি সিঁচৰিত হয়। শক্তিৰ ক্ষয় হয় শ্বাস-প্ৰশ্বাস, গতি কৰা, দৌৰা আদি কামৰ জৰিয়তে।
পৰিৱেশতন্ত্ৰৰ উপাংশসমূহ প্ৰধানকৈ দুই ধৰণৰ—
(ক) অজৈৱিক উপাংশ (A biotic components) :- অ’ডাম (১৯৭১) ৰ মতে পৰিৱেশতন্ত্ৰৰ অজৈৱিক উপাংশ তিনি ধৰণৰ হ’ব পাৰে –
(১) অজৈৱ দ্ৰব্য (Inorganic materials) – যেনে – পানী CO2, O2, N, CA, P আৰু ইয়াৰ বিভিন্ন যৌগসমূহ – নাইট্ৰেট, কাৰ্বনেট ইত্যাদি।

(২) জৈৱ যৌগ (Organic compounds) – যেনে – প্ৰ’টিন, কাৰ্বহাইড্ৰেট, স্নেহ।

(৩) জলবায়ুৱিক উপাংশ (Climatic factors) – যেনে – বতাহ, বৰষুণ, বায়ুমণ্ডলৰ আৰ্দ্ৰতা, উত্তাপ, পোহৰ ইত্যাদি।

(খ) জৈৱিক উপাংশ (Biotic components)
(১) উৎপাদক (Producers)— সেউজীয়া উদ্ভিদ।

(২) উপভোক্তা (Consumers)— প্ৰাথমিক উপভোক্তা (Primary consumers) – তৃণভোজী প্ৰাণী, – যেনে – গৰু ম’হ, ছাগলি, ফৰিং, হৰিণা ইত্যাদি।
গৌণ উপভোক্তা (Secondary consumers) – মাংসভোজী প্ৰাণী, যেনে – বাঘ, সিংহ আদি।

তৃতীয় শ্ৰেণীৰ উপভোক্তা (Consumers of the third order) – শগুন, বাঘ আদি।

(৩) বিয়োজক (Decomposers) – ভেঁকুৰ, বেক্টেৰিয়া আদি অণুজীৱবোৰ।

10. খাদ্য শৃংখল কাক বোলে? প্ৰধান দুই ধৰণৰ খাদ্য শৃংখল বৰ্ণনা কৰা।
উত্তৰঃ পৰিৱেশতন্ত্ৰ প্ৰকৃত শক্তিৰ উৎস হ’ল সূৰ্য। সৌৰ শক্তিৰ একমাত্ৰ সেউজীয়া উদ্ভিদে গ্ৰহণ কৰি তাক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে। উদ্ভিদৰ পৰা ক্ৰমে এই শক্তি ক্ৰমে প্ৰাথমিক উপভোক্তা দ্বিতীয় শাৰীৰ আৰু তৃতীয় শাৰীৰ উপভোক্তাই পায় – নিজে থোৱা আৰু নিজত আনে খাব দিয়াৰ যোগেদি। সৰ্বশেষত এই শক্তি বিয়োজকে পায়। শক্তিৰ এই বিতৰণ সুশৃংখলৰ বাবে হয় আৰু প্ৰতি জীৱ শক্তিৰ (খাদ্য) বাবে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি থাকে বাবে এটি এৰাব নোৱাৰা শৃংখল সৃষ্টি কৰি প্ৰত্যেক বান্ধ থাই থাকে। তলত দুই ধৰণৰ খাদ্য শৃংখল উদাহৰণেৰে উল্লেখ কৰা হ’ল। খাদ্য শৃংখল প্ৰধানতে দুই ধৰণৰ—

(ক) চৰণীয় খাদ্য শৃংখল :- এই খাদ্য শৃংখল সেউজীয়া উদ্ভিদ (উৎপাদক) ৰ পৰা আৰম্ভ হয় আৰু বিয়োজকত শেষ হয়। উৎপাদকৰ পৰা প্ৰাথমিক ভোক্তা তাৰ পিছত দ্বিতীয় শাৰীৰ আৰু তৃতীয় শাৰীৰ ভোক্তাৰ পিছত বিয়োজকত থাদ্য শৃংখল চক্ৰ শেষ হয়। এই খাদ্য শৃংখলত প্ৰতি ট্ৰফিক স্তৰত শক্তি খৰচ হয়। গতিকে প্ৰতি ওপৰত স্তৰৰ আবাদীৰ ভৰ আৰু সংখ্যা কমি গৈ থিয় পিৰামিড আকৃতি লয়। এই থাদ্য শৃংখল সৌৰশক্তি আহৰণৰ পৰা আৰম্ভ হয়।
উদাহৰণ– ঘাঁহ – ফৰিং
ঘাঁহ – হৰিণা – বাঘ।

READ MORE  মানৱ কল্যাণত অণুজীৱ | Chapter 8 | Class 12 Biology - AHSEC

(খ) অপৰদ থাদ্য শৃংখল :- ই আৰম্ভ হয় মৃত জৈৱিক বস্তুৰ পৰা আৰু শেষ হয় খনিজীভৱনত। ইয়াত জৈৱিক বস্তুৰ পচন ক্ৰিয়া হয়। প্ৰথমতে ক্ষুদ্ৰ প্ৰাণীয়ে জৈৱ পদাৰ্থৰ থণ্ডণ কৰে। তাৰ পিছত নিষ্কালন হয় আৰু শেষত অণুজীৱই উৎসেচকৰ দ্বাৰা পচন কাৰ্য্য সম্পূৰ্ণ কৰে। ইয়াৰ ফলত জৈৱ বস্তু অজৈৱ লোণত ৰূপান্তৰিত হয়। কাৰ্বন – ডাই-অক্সাইড ওলাই যায়। অৱশেষত হিউমাছ থাকি যায়।

11. পৰিৱেশতন্ত্ৰ মানে কি বুজা? পৰিৱেশতন্ত্ৰৰ বিভিন্ন উপাদান বৰ্ণনা কৰা।
উত্তৰঃ পৰিৱেশতন্ত্ৰ :- পৰিৱেশতন্ত্ৰ বুলিলে এনে একোটা নিৰ্দিষ্ট পৰিৱেশক বুজায় য’ত তাত থকা জৈৱ আৰু অজৈৱ কাৰকসমূহে পৰস্পৰ এনেভাৱে ক্ৰিয়া কৰে যে তাৰ ফলত সকলো জীৱৰ জীৱন ধাৰণৰ বাবে ই এটা যৌথ সম্পদ ৰূপে পৰিগণিত হয় যাক স্বয়ং চালিত প্ৰণালী বোলা হয়।
পৰিৱেশতন্ত্ৰ উপাদান বা কাৰক – পৰিৱেশতন্ত্ৰৰ কাৰক প্ৰধানকৈ দুবিধ – জৈৱিক কাৰক আৰু অজৈৱিক কাৰক।

জৈৱিক কাৰকসমূহ :- পৰিৱেশ সংৰক্ষণৰ কাৰণে সম্পাদন কৰা কৰ্য্য অনুসৰি জৈৱিক কাৰকসমূহক তিনিটা ভাগত বিভক্ত কৰিব পাৰি। যেনে—
(১) উৎপাদক- পৰিৱেশত থকা সেউজীয়া উদ্ভিদবিলাকক উৎপাদক বোলে।

(২) উপভোক্তা– সেউজীয়া উদ্ভিদবোৰৰ বাহিৰে আন কোনো জীৱই সৌৰশক্তি পোনে পোনে আহৰণ কৰি জৈৱ দ্ৰব্য প্ৰস্তুত কৰিব নোৱাৰে। সেই আটাইবোৰেই উদ্ভিদৰ শৰীৰত থকা শক্তিপূৰ্ণ দ্ৰব্যবোৰ ব্যৱহাৰ কৰিহে দেহ গঠন কৰে আৰু শক্তিও লাভ কৰে। সেই কাৰণে তেনে জীৱসমূহক উপভোক্তা বোলা হয়। উপভোক্তাৰ ভিতৰত পৰে সকলো প্ৰাণী, কেতবোৰ ‘প্ৰটিষ্টা’ আৰু কেতবোৰ ‘মনেৰা’।

অধিক সূক্ষ্মভাৱে চালে দেখা যায় যে উপভোগৰ দ্ৰব্যবোৰ ক’ৰপৰা কেনেকৈ লাভ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰি উপভোক্তা জীৱবোৰ ইটোৰ পিছত সিটোকে কেইবাটাও স্তৰত অৱস্থিত হৈ থাকে। উপভোক্তাবোৰক সেইবাবে—
(a) প্ৰাথমিক স্তৰৰ উপভোক্তা
(b) দ্বিতীয় স্তৰৰ উপভোক্তা আৰু
(c) তৃতীয় স্তৰৰ উপভোক্তা ভগোৱা হয়।

(৩) বিয়োজক – জীৱজগতত আৰু এক প্ৰকাৰৰ উপভোক্তা থাকে যিবিলাকক অনুজীৱ বোলা হয়। এইবোৰ জীৱন্ত উৎপাদক বা উপভোক্তাৰ পৰা শক্তি আহৰণ কৰিব নোৱাৰে। সেইবোৰে মৃত প্ৰাণী বা মৃত উদ্ভিদদেহৰ পৰাহে শক্তি আহৰণ কৰে। সেইবোৰ জীৱই বিভিন্ন এনফাইমৰ সহায়েৰে মৃতজীৱ দেহৰ জৈৱ দ্ৰব্যসমূহ বিশ্লেষণ কৰি, অৰ্থাৎ ৰাসায়নিকভাৱে বিয়োজন কৰি তাত থকা শক্তিমুক্ত কৰি নিজে ব্যৱহাৰ কৰে। ইয়াৰ ফলত মৃতজীৱ দেহৰ গঠনকাৰী জৈৱ দ্ৰব্যসমূহ বিভিন্ন অজৈৱ বস্তুলৈ পৰিণত হয়।

ইয়াৰ কেতবোৰ বিভিন্ন লৱণ হিচাপে মাটিৰ লগত মিহলি হয়। আৰু কেতবোৰ গেছ হৈ বায়ুৰ লগত মিলি যায়। কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰ’জেন আদি গেছ বায়ুমণ্ডললৈ ঘূৰি যায়। ফছফৰাছ, পটাছিয়াম, কেলছিয়াম আদি বিভিন্ন লৱণ হিচাপে মাটিত ৰৈ যায়। এইদৰে মৃত জীৱৰ দেহ ক্ৰমাত পচি নাইকীয়া হৈ যায়। ইয়াকে পচন হোৱা বোলে। এনেবোৰ পচনকাৰী অণুজীৱক বিয়োজন বোলা হয়। যেনে – ভেঁকুৰ, মনেৰা, প্ৰটিষ্টা ইত্যাদি।

অজৈৱ কাৰক—
(১) পানী আৰু বায়ু :- পানী জীৱকোষ গঠন আৰু ক্ৰিয়াৰ এটা প্ৰধান উপাদান। কোষপ্ৰৰসত থকা 70-80% পানীয়ে দ্ৰাৱক অথবা বিক্ৰিয়ক হিচাপে কোষৰ প্ৰায় সকলো ক্ৰিয়াতে ভাগ লয়। পানীৰ অবিহনে প্ৰ’ট’প্লাজম সজীৱ নহয়। পানীৰ মাধ্যমত অজৈৱ লৱণ প্ৰাথমিক উৎপাদক উদ্ভদ দেহৰ শৰীৰত সোমায়। জীৱদেহ গঠন আৰু বৃদ্ধিত পানীৰ ভূমিকা সৰ্বাধিক। বায়ুমণ্ডলত থকা অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰ’জেন জীৱজগতৰ বাবে অপৰিহাৰ্য।

(২) মাটি :- মাটিৰ গুণাগুণৰ ওপৰত পৰিৱেশৰ প্ৰবৃতি নিৰ্ভৰ কৰে। মাটি হ’ল জীৱজগতৰ প্ৰয়োজনীয় অজৈৱ লৱণসমূহৰ ভাণ্ডাৰ। পৰিৱেশত একমাত্ৰ উৎপাদক সেউজীয়া উদ্ভিদবোৰে দেহ গঠন আৰু জীৱন ক্ৰিয়াৰ কাৰণে প্ৰয়োজনীয় নাইট্ৰ’জেন, কেলছিয়াম, পটাছিয়াম, ছালফাৰ, ফছফৰাছ, লৌহ আদি মাটিৰ পৰাই আহৰণ কৰে।

(৩) তাপ :- তাপ পৰিৱেশৰ ভৌতিক আৰু জৈৱিক ক্ৰিয়াসমূহক প্ৰভাৱিত কৰে। পৰিৱেশৰ তাপমাত্ৰাৰ পৰিৱৰ্তন হ’লে জীৱসমূহৰ জৈৱিক ক্ৰিয়াত ব্যাঘাত সৃষ্টি কৰে। স্থানৰ অক্ষাংশ, কাল, উচ্চতা, মাটিৰ ঢাল, সাগৰ বা বৃহৎ জলাশয়ৰ সান্নিধ্য আদিয়ে পৰিৱেশৰ তাপমান নিয়ন্ত্ৰণ কৰে।

(৪) পোহৰ :- পৃথিৱীৰ সকলো জীৱৰ কাৰণে শক্তিৰ একমাত্ৰ উৎস হৈছে সূৰ্যৰ পোহৰ। এই পোহৰ শক্তি সেউজীয়া উদ্ভিদে আহৰণ কৰি আন সকলো জীৱক যোগান ধৰে।

(৫) বৰষুণ :- পৃথিৱীৰ বিভিন্ন ঠাইত বৰষুণৰ তাৰতম্য অনুসৰি উদ্ভিদৰ বিভিন্নতা দেখা যায় আৰু তাৰ ফলস্বৰূপে প্ৰাণীৰো বিচিত্ৰতা আহি পৰে।

12. পানীত হোৱা প্ৰাথমিক অনুক্ৰম বৰ্ণনা কৰা।
উত্তৰঃ কোনো নতুনকৈ সৃষ্টি হোৱা জলাধাৰত প্ৰথমতে কোনো উদ্ভিদ আৰু অন্যান্য জীৱগোষ্ঠী নাথাকে। এনে অৱস্থাত ইয়াৰ প্ৰাথমিক অনুক্ৰম হয়। এনে অনুক্ৰমত প্ৰথমতে ফাইটপ্লেংটন আৰু তাৰ লগতে ক্ষুদ্ৰ কীটৰ বসতি আৰম্ভ হ’ব। ক্ৰমে ক্ৰমে পানীত জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধি পাব আৰু ফলত সেই ঠাইত ভাসমান সৰু সৰু উদ্ভিদ আৰু ক্ৰমে কাষত ঘাঁহ আৰু সৰু ডাঙৰ উদ্ভিদে জন্মলাভ কৰিব। ক্ৰমে ক্ৰমে জলাশয়ৰ তলি উঠি আহিব আৰু জলজ ঘাঁহ, মেটেকা আদি জন্মিবলৈ ল’ব। আৰু অধিক কাল পিছত তলি সম্পূৰ্ণ কম হৈ যোৱাৰ ফলত ডাঙৰ গছ গজিবলৈ ল’ব। এনেকৈ এটা সময়ত হাইড্ৰাক অৱস্থাৰ পৰা মেছিক অৱস্থা পাব। ফাইটপ্লেংটন – প্লাৱিত উদ্ভিদ – জনজ ঘাঁহ – অন্যান্য সৰু ডাঙৰ গছ – বৃহৎ অৰণ্য।

13. ইক’লজিকেল পিৰামিড কাক বোলে?
উত্তৰঃ এটা পৰিৱেশৰ পিৰামিড হৈছে বিভিন্ন পৰিৱেশৰ আধাৰবোৰ যেনে প্ৰতিটো ট্ৰফিক স্তৰত থকা একক জীৱৰ সংখ্যা, শক্তিৰ পৰিমাণ বা প্ৰতিটো ট্ৰফিক স্তৰত থকা জৈৱ আয়তনৰ পৰিমাণ আদিক একোটা গ্ৰাফৰ সহায়ত উপস্থাপন। পৰিৱেশৰ পিৰামিডৰ একেবাৰে তলত স্তৰত উৎপাদকবোৰ থাকে আৰু একেবাৰে ওপৰৰ স্তৰত উচ্চ শ্ৰেণীৰ উপভোক্তাবোৰ থাকে।

মুঠতে তিনি প্ৰকাৰৰ পিৰামিড হৈছে–
(ক) সংখ্যাৰ পিৰামিড
(খ) শক্তিৰ পিৰামিড
(গ) জৈৱ আয়তনৰ পিৰামিড।

সংখ্যাৰ পিৰামিড:- এটা পৰিস্থিতিতন্ত্ৰক থকা খাদ্য শৃংখলৰ প্ৰতিটো ট্ৰফিক স্তৰত থকা স্বতন্ত্ৰৰ সংখ্যাক গ্ৰাফৰ সহায়ত উফস্থাপন কৰি দেখুওৱাকে সংখ্যাৰ পিৰামিড বোলে। এই পিৰামিডটো উৎপাদকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি উৰ্ধমুখী বা নিম্নমুখী হ’ব পাৰে। উদাহৰণস্বৰূপে এখন ঘাঁহনিৰ পৰিস্থিতিতন্ত্ৰৰ সংখ্যাৰ পিৰামিড হৈছে উৰ্ধমুখী। ইয়াৰ খাদ্য শৃংখলত উৎপাদকৰ সংখ্যাৰ (উদ্ভিদ) ওপৰত তৃণভোজী নিগনি থাকে তাৰ ওপৰত দ্বিতীয় শ্ৰেণীৰ উপভোক্তা সাপ থাকে আৰু তাৰো ওপৰত তৃতীয় শ্ৰেণীৰ উপভোক্তা ঈগল থাকে। এতেকে উৎপাদকৰ স্তৰত একথ জীৱৰ সংখ্যা আটাইতকৈ বেছি হয়। আনহাতে দি আটাইতকৈ ওপৰত থকা মাংসহাৰী সংখ্যা খুব কম হয়।

আনহাতে, পৰজীৱী খাদ্য শৃংখলত সংখ্যাৰ পিৰামিড খাদ্য শৃংখলত সংখ্যাৰ পিৰামিড নিম্নগামী বা ওলোটা হয়। এই ধৰণৰ খাদ্য শৃংখলত, এজোপা গছে (উৎপাদক) খাদ্যৰ যোগান ধৰে বিভিন্ন ফল খোৱা চৰাইলৈ, যিয়ে পৰৱৰ্তী পৰ্যায়ত বিভিন্ন কীট-পতংগক সহায় কৰে।

জৈৱ ভৰৰ পিৰামিড :- এটা পিৰামিডৰ জৈৱ ভৰ হৈছে পৰিৱেশতন্ত্ৰৰ ট্ৰফিক স্তৰত থকা জৈৱিক দ্ৰব্যবোৰৰ মুঠ পৰিমাণ যাক গ্ৰাফৰ জৰিয়তে উপস্থাপন কৰিব পাৰি। ই থিয় বা ওলোটা হ’ব পাৰে। ই ঘাঁহনি পৰিস্থিতি তন্ত্ৰৰ ক্ষেত্ৰত থিয় হ’ব পাৰে, কাৰণ উৎপাদক স্তৰত থকা জৈৱ ভৰ ট্ৰফিক স্তৰৰ উচ্চ স্তৰত থকা মাংসভোজীতকৈ বহু বেছি হয়। এই জৈৱ ভৰৰ পিৰামিডটো এটা পুখুৰী পৰিস্থিতিতন্ত্ৰৰ সৈতে ওলোটা হ’ব পাৰে। কাৰণ জুপ্লাংকটনৰ জৈৱ ভৰতকৈ মাছৰ জৈৱ ভৰৰ সংখ্যা বহু বেছি।

14. পৰিৱেশতন্ত্ৰৰ প্ৰাথমিক উৎপাদনতা নিয়ন্ত্ৰণৰ কাৰক সম্পৰ্কে চমুকৈ লিথা।
উত্তৰঃ পৰিৱেশতন্ত্ৰত সেউজীয়া উদ্ভিদেই হ’ল প্ৰাথমিক উৎপাদক। প্ৰাথমিক উৎপাদন নিৰ্ভৰ কৰে কেইবাটাও কাৰকৰ ওপৰত। এই কাৰকসমূহ হ’ল—
(ক) সৌৰশক্তি।
(খ) তাপ।
(গ) প্ৰাণী।
(ঘ) মাটি।
(ঙ) পৰিৱেশতন্ত্ৰত থকা অন্যান্য জীৱ। আৰু
(চ) পদাৰ্থৰ চক্ৰাকাৰ ৰূপান্তৰ ইত্যাদি।

এইবিলাকৰ ভিতৰত সৌৰশক্তিয়েই প্ৰধান। কাৰণ, সৌৰশক্তিয়েই একমাত্ৰ শক্তি যাক স্থিতি শক্তি হিচাপে উদ্ভিদে আহৰণ কৰি সঞ্চয় কৰে। সৌৰশক্তি অবিহনে উদ্ভিদ জীয়াই থাকিব নোৱাৰে। ভৌতিক কাৰকৰ ভিতৰত মাটি সাৰ পানী, তাপ CO অক্সী ইত্যাদি অতি প্ৰয়োজন। অন্য জীৱ আৰু বিশেষকৈ অনুজীৱই ক্ৰিয়া নকৰিলে উদ্ভিদ জীয়াই থকা আৰু বৃদ্ধি পোৱা অসম্ভৱ। অনুজীৱই পদাৰ্থৰ চক্ৰাকাৰ ৰূপান্তৰ ঘটাই অজৈৱ মৌল যোগায়। গতিকে প্ৰাথমিক উৎপাদনতা অনেক কাৰকৰ ওপৰত নিৰ্ভৰশীল।

Leave a Comment

error: Content is protected !!
Scroll to Top