মানুহৰ স্বাস্থ্য আৰু ৰোগ | Chapter 7 | Class 12 Biology Question and Answer | Assam Class 12 Biology Solutions Assamese Medium | AHSEC Class 12 HS Biology Chapter 7 Notes Assamese Medium | SEBA Class 12 HS Biology Chapter 7 Question and Answer Assamese Medium | Questions and Answers for Class 12 Biology Chapter 7 মানুহৰ স্বাস্থ্য আৰু ৰোগ | HS 2nd Year Science Biology Questions and Answers Assam


মানুহৰ স্বাস্থ্য আৰু ৰোগ
(Human Health and Diseases)

Very Short Type Questions and Answers

1. জন্মগত অসংক্ৰাম্যতাৰ প্ৰতিৰন্নন্ধক সমূহ কি কি?
উত্তৰঃ জন্মগত অসংক্ৰাম্যতাত থকা প্ৰতিবন্ধকসমূহ চাৰি প্ৰকাৰৰ। সেইবোৰে হৈছে – শাৰীৰিক প্ৰতিবন্ধক, আভ্যন্তৰীণ প্ৰতিবন্ধক, কোষীয় প্ৰতিবন্ধক আৰু কোষ প্ৰৰসীয় প্ৰতিবন্ধক।

2. ৰোগোৎপাদকৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰ, আদ্যপ্ৰাণী, অন্তঃপৰজীৱী আদিয়ে আক্ৰমণ কৰি মানুহৰ বেমাৰৰ সৃষ্টি কৰিব পৰা জীৱক ৰোগোৎপাদক বোলা হয়। সকলো পৰজীৱই ৰোগোৎপাদক যিহেতু সিবোৰ জীৱই শৰীৰৰ ভিতৰ বা বাহিৰত থাকি পোষকক যথেষ্ট হানি কৰে।

3. এলাৰ্জি কি? এলাৰ্জি হোৱা সময়ত উৎপন্ন হোৱা এন্টিবডিটোৰ নাম কি?
উত্তৰঃ পৰিৱেশত থকা বিশেষ কিছুমান এন্টিজেনৰ কাৰণে অসংক্ৰাম্যতাৰ তীব্ৰ সঁহাৰিকে এলাৰ্জি বোলে। এলাৰ্জি হোৱা সময়ত উৎপন্ন হোৱা এন্টিবডিটো হৈছে IgEI

4. সাধাৰণ চৰ্দী লগাৰ লক্ষণসমূহ লিখা।
উত্তৰঃ পানী লগা ৰোগ সৃষ্টি কৰে ৰাইন’ভাইৰাছে। এই ৰোগত নাক জ্বলা পোৰা কৰা, শেঙুণ ওলোৱা, ডিঙিৰ চৰ্চৰণি, কাহ, মূৰৰ বিষ, শৰীৰৰ অৱসাদ লগা আদি লক্ষণে দেখা দিয়ে।

5. স্বীয় অসংক্ৰাম্যতা কি? এটা স্বীয় অসংক্ৰাম্যতা ৰোগৰ নাম লিখা।
উত্তৰঃ স্মৰণ নিৰ্ভৰ আৰ্জিত অসংক্ৰাম্যতা যাৰ ফলত কোনো প্ৰাণীয়ে নিজৰ আৰু বাহিৰৰ কোষ বা এন্টিজেনক চিনি পায় তাকে স্বীয় অসংক্ৰাম্যতা বোলে। উদাহৰণস্বৰূপে – ৰিউম’ইটইড আৰ্থৰাইটিচ।

6. গোধ কি? ইয়াৰ লক্ষণসমূহ লিখা।
উত্তৰঃ উহচেৰিয়া নামৰ কৃমিবোৰে সৃষ্টি কৰা ৰোগক গোধ ৰোগ বোলে, যিয়ে ভৰিৰ লসিকা নলীত আক্ৰমণ কৰে। এই ৰোগত আক্ৰান্ত ৰোগীৰ দেহত বিশাল ৰূপ ধাৰণ কৰে। বহুদিন ধৰি আক্ৰান্ত হৈ থকা অংগত জ্বলা – পোৰা কৰে আৰু অস্থিৰতা হয়। ই যৌন অংগ পৰ্যন্ত বিয়পিব পাৰে।

7. মানুহৰ মেলেৰিয়া কি কি বিভিন্ন প্ৰজাতিয়ে সৃষ্টি কৰে?
উত্তৰঃ মেলেৰিয়া সৃষ্টিকাৰী তিনিটা প্ৰজাতিৰ আদ্যপ্ৰাণী হৈছে প্লাজমডিয়াম ভাইভেক্স, প্লাজমডিয়াম মেলেৰি আৰু প্লাজমডিয়াম ফেলচিপেৰাম।

8. ঘাতক মেলেৰিয়া কৰা জীৱ।
উত্তৰঃ প্লাজম’ডিয়াম ফেলচিপেৰাম নামৰ আদ্যপ্ৰাণী।

9. ৰোগৰ প্ৰধান গোট দুটা কি কি? প্ৰত্যেক গোটৰে একোটাকৈ উদাহৰণ দিয়া।
উত্তৰঃ ৰোগৰ প্ৰধান গোট দুটা হৈছে – সংক্ৰামক আৰু অসংক্ৰামক। উদাহৰণস্বৰূপে –
সংক্ৰামক – টাইফয়েড
অসংক্ৰামক – এলাৰ্জী।

10. এইডচ সৃষ্টি কৰা বীজাণুৰ নাম লিখা।
উত্তৰঃ এইডচ সৃষ্টি কৰা বীজাণুটো হৈছে HIV ভাইৰাছ (Human Immuno Deficiency) যি ৰিত্ৰোভাইৰাছৰ অন্তৰ্গত।

11. ৰোগ সৃষ্টিকাৰী জীৱ।
উত্তৰঃ ৰোগোৎপাদক।

12. কেন্নাবিনইড পাব পৰা গছডালৰ অংশবোৰৰ নাম লিখা।
উত্তৰঃ প্ৰাকৃতিক কেন্নাবিনইড ভাং নামৰ উদ্ভিদৰ পুষ্পবিন্যাসৰ পৰা সংগ্ৰহ কৰা হয়। এই গছৰ দেহৰস, পাত ফুল আদিৰ পৰা কেন্নাবিনইড পাব পাৰি।

13. কোনটো প্ৰণালী কেন্নবিনইডৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হয়?
উত্তৰঃ স্নায়ুতন্ত্ৰ কেন্নাবিনইৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হয়। ই ডোপামিন নামৰ স্নায়ু পৰিবাহকৰ সঞ্চালনত ব্যাঘাত জন্মায়।

14. কেঞ্চাৰৰ কাৰকসমূহ।
উত্তৰঃ অংক’জেনিক ভাইৰাছৰ লগতে বিভিন্ন ধৰণৰ ৰশ্মি যেনে – অতি বেগুনীয়া, গামা, এক্স-ৰে, অনা আয়নিত আদি।

15. টাইফয়েডৰ লক্ষণসমূহ লিথা।
উত্তৰঃ টাইফয়েন্ড ৰোগ আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত ক্ৰমে তীব্ৰ জ্বৰ (৩৯ ৪০°), দুৰ্বলতা, পেটৰ বিষ, কোষ্ঠকাঠিন্য, মূৰৰ বিষ আৰু থোৱা লোৱাৰ অনীহা আদি লক্ষণে দেখা যায়।

16. চাৰিটা বেক্টেৰিয়াৰ পৰা সংঘটিত হোৱা ৰোগৰ নাম লিখা।
উত্তৰঃ চাৰিটা বেক্টেৰিয়াৰ পৰা সংঘটিত হোৱা ৰোগ হ’ল— টাইফয়েড, নিউমোনিয়া, হাগনি আৰু ডিপথেৰিয়া।

17. এন্টামিবা হিষ্টলাইটিকাৰ সংক্ৰমণৰ প্ৰধান উৎসবোৰ কি কি?
উত্তৰঃ দূষিত খোৱা পানী আৰু খাদ্য বস্তু এই বেমাৰৰ সংক্ৰমণৰ প্ৰধান উৎস। বেমাৰী মানুহৰ মল-মূত্ৰৰ পৰা মাথি আৰু আন বাহকবোৰে খাদ্য বস্তু আদিৰ ওপৰত পৰি সংক্ৰমণ ঘটায়।

18. সাধাৰণতে হোৱা চৰ্দি এজনৰ পৰা আনজনলৈ কেনেদৰে বিয়পে?
উত্তৰঃ এই ৰোগ হাঁচি বা কাঁহৰ লগত ওলোৱা জীৱাণু প্ৰত্যেক্ষভাৱে গ্ৰহণ কৰা নাইবা সংক্ৰমিত কিতাপ আদি বস্তুত জৰিয়তে সুস্থ মানুহলৈ বিয়পিব পাৰে।

19. ড্ৰাগছৰ অপব্যৱহাৰ মানে কি?
উত্তৰঃ অত্যাধিক মাত্ৰাত কোনো এটা বস্তু বা ড্ৰাগছ ব্যৱহাৰৰ যি আকৰ্ষণ তাকেই ড্ৰাগ এবিউজ বা ড্ৰাগছৰ অপব্যৱহাৰ বোলা হয়। কৈশোৰৰ বয়সছোৱাত এই মাত্ৰা অধিক হোৱা দেখা যায়।

20. দুগ্ধক্ষৰণৰ প্ৰথম কেইদিনমানত মাতৃৰ নিঃসৰণ কৰা হালধীয়া গাথীৰ।
উত্তৰঃ ফেহু বা ক’লষ্টাম।

21. মেলেৰিয়া পৰজীৱী দুটা পোষক ব্যাখ্যা কৰা।
উত্তৰঃ মেলেৰিয়া বীজাণুয়ে জীৱন চক্ৰ সম্পূৰ্ণ কৰিবৰ বাবে দুটা পোষকৰ দৰকাৰ। এই দুটা হৈছে মানুহ আৰু মহ। মাইকী এনোফিলিচ মহ হৈছে এই বেমাৰৰ বাহক।

22. এটা ৰোগৰ লক্ষণসমূহ।
উত্তৰঃ Syndrome I

Short Type Questions and Answers

1. চিগাৰেট ধূমপান খোৱাৰ অপকাৰিতাৰ বিষয়ে লিখা।
উত্তৰঃ ধূমপানে ড্ৰাগছ অসক্তিত অৰিহণা যোগায়। ধপাত মানুহে ধূম্ৰ ৰূপ, চোবাই বা নাকেৰে টানি গ্ৰহণ কৰে। ইয়াত থকা ৰাগিয়াল পদাৰ্থৰ ভিতৰত নিক’টিন উল্লেখযোগ্য যিয়ে এড্ৰিনেল গ্ৰন্থিক উত্তেজিত কৰি এড্ৰিনেলিন আৰু নৰ এড্ৰিনেলিন নামৰ হ’ৰ্মন নিঃসৰিত কৰে আৰু এইবোৰে তেজত মিহলি হৈ উচ্চ ৰক্তচাপ, হৃদপিণ্ড ধপধপনি কৰে। ধূমপানে হাওঁফাওঁ, মূত্ৰানালী আৰু ডিঙিৰ ককৰ্টৰোগ হোৱাত অহিৰণা যোগায় আৰু শ্বাসকষ্ট আদি বিভিন্ন ৰোগৰো সৃষ্টি কৰে।

READ MORE  জীৱ আৰু আবাদী | Chapter 11 | Class 12 Biology - AHSEC

2. স্বাস্থ্যক প্ৰভাৱিত কৰি ৰোগৰ সৃষ্টি কৰা তিনিটা দিশৰ উল্লেখ কৰা।
উত্তৰঃ স্বাস্থ্যক অৱনমিত কৰা দিশ কেইটা হৈছে—
(ক) বংশগতিময় বৈষ্যমতা।
(খ) কোনো ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা।
(গ) জীৱন ধাৰণৰ ধাৰা লগতে খাদ্য আৰু পানীয় গ্ৰহণ, দৈহিক পৰিশ্ৰম আৰু বিশ্ৰাম সুঅভ্যাস থকা নথকা আদি।

3. অসংক্ৰাম্যতা কি? DNA পুনৰ যোজন প্ৰক্ৰিয়াই কেনেদৰে অধিক অসংক্ৰাম্যতাত সহায় কৰে?
উত্তৰঃ শৰীৰে নিজ ব্যৱস্থাপনাৰ ৰোগ সৃষ্টিকাৰী বীজাণু প্ৰতিহত কৰিব পৰা সক্ষমতাকে অসংক্ৰাম্যতা বোলে IDNA পুনৰ যোজন প্ৰক্ৰিয়াৰ দ্বাৰা বেক্টেৰিয়া আৰু ইষ্টত জীৱাণু – এন্টিজেনিক পলিপেপ্টাইড উৎপন্ন কৰিব পাৰি। উক্ত প্ৰক্ৰিয়াৰ দ্বাৰা ছিটা তৈয়াৰ কৰিলে ব্যাপক উৎপাদন তথা সহজলভ্য হয়। উদাহৰণস্বৰূপে – হেজাটাইটিজ B ছিটা ইষ্টৰ পৰা তৈয়াৰ হয়।

4. কেঞ্চাৰাচ বৃদ্ধি কেনেকৈ হয়?
উত্তৰঃ কৰ্কট আক্ৰান্ত কোষত কোষৰ বৃদ্ধি নিয়ন্ত্ৰণ ভাঙি যাৰ ফলত কোষৰ দ্ৰুত বৃদ্ধি আৰু বিভাজন হয় আৰু সমীপৱৰ্ত্তী স্বাভাৱিক কলা বা কোষক আক্ৰমণ কৰি ক্ষতি সাধন কৰে। ইয়াৰ অতি সক্ৰিয় বিভাজন আৰু বৃদ্ধিয়ে স্বাভাৱিক কোষৰ বৃদ্ধিত বাধা দিয়ে আৰু ইয়াৰ পৰা খহি পৰা কোষ তেজেৰে আন ঠাইলৈ যায়। য’ত ই থিতাপি লয় তাতেই নতুন টিউমাৰৰ সৃষ্টি কৰে।

5. কোনবিধ গছৰ পৰা কোকেইন পোৱা যায়? থেলুৱৈসকলে কিয় এইবিধ ড্ৰাগৰ প্ৰতি আসক্ত হয়? অতিমাত্ৰা কোকেইন সেৱনৰ প্ৰভাৱ লিখা।
উত্তৰঃ কোকা উদ্ভিদৰ পৰা কোকা এলকালইড বা কোকেইন পোৱা যায়।খেলুৱৈসকলক এইবিধ দ্ৰব্যৰ প্ৰতি বেছিকৈ আসক্ত হোৱা দেখা যায় ; কিয়নো , কোকেইনে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উত্তেজিত কৰি উদ্মাদনা আৰু অতিৰিক্ত উৎসাহ যোগান ধৰে, যাৰ ফলত কাৰ্য্যক্ষমতা বৃদ্ধি পায়। অতিমাত্ৰা কোকেইন সেৱনে ভ্ৰমৰ সৃষ্টি কৰে।

6. এমিবিয়াছিছ ৰোগ সৃষ্টিকাৰী প্ৰাণীটোৰ নাম লিখা। এই ৰোগৰ লক্ষণসমূহ লিখা।
উত্তৰঃ এন্টামিবা হিষ্টলিইটিকা নামৰ আদ্য প্ৰাণীৰ অন্তৰ্গত প্ৰাণীটোৱে এমিবিয়াছিছ ৰোগৰ সৃষ্টি কৰে। এই ৰোগৰ লক্ষণসমূহ হ’ল— কৌষ্টকাঠিন্য, পেটৰ বিষ, শিৰামূৰী, শৌচৰ লগত শ্লেষ্মা আৰু চেকুৰা তেজ নিঃসৰণ।

7. এজন স্বাস্থ্যবান লোকৰ কেনেদৰে নিউমোনিয়া হ’ব পাৰে? নিউমোনিয়াৰ লক্ষণসমূহ লিখা।
উত্তৰঃ ষ্টুপট’ক’ক্কাছ নিউমনি আৰু হেম’ফিলাছ ইনফ্লুয়েনজি নামৰ বেক্টেৰিয়া দুবিধ মানুহৰ নিউম’নিয়া ৰোগৰ সৃষ্টি কৰে। এই বেমাৰৰ বীজাণু উশাহ – নিশাহৰ দ্বাৰা বা বেমাৰীয়ে ব্যৱহাৰ কৰা বাচন – বৰ্তনৰ পৰা সুস্থ মানুহলৈ সংক্ৰমিত হ’ব পাৰে। এই ৰোগত সাধাৰণতে হাওঁফাওঁৰ এলভিওলাইবোৰ আক্ৰান্ত হয়। ইয়াৰ লক্ষণসমূহ হ’ল ক্ৰমে – জ্বৰ, জাৰ, কাহ আৰু মূৰৰ বিষ। অধিক সংক্ৰমণে ওঁঠ আৰু আঙুলিৰ নখ ছাই বৰণৰ পৰা নীলাগেৰীয়া কৰিব পাৰি।

Long Type Questions and Answers

1. HIV সংক্ৰমণ সঞ্চাৰণ কেনেদৰে হয় লিখা।
উত্তৰঃ AIDA আৰু HIV ৰ দ্বাৰা হয়। ই বিয়পাৰ ধৰণসমূহ হৈছে—
(ক) আক্ৰান্ত ৰোগীৰ সৈতে অসুৰক্ষিত যৌন সম্পৰ্ক।

(খ) আক্ৰান্ত ৰোগীৰ তেজৰ সংৰচনৰ দ্বাৰা স্বাস্থ্যাৱান ব্যক্তি আক্ৰান্ত হোৱা।
(গ) ৰোগাক্ৰান্ত বেজী আৰু চিৰিঞ্জৰ ব্যৱহাৰ।
(ঘ) আক্ৰান্ত মাতৃৰ অমৰাৰ পৰা সন্তানৰ দেহলৈ বিয়পে।

2. মেলেৰিয়া পৰজীৱীটোৰ জীৱনচক্ৰ চিত্ৰৰ সহায়ত দৰ্শোৱা।
উত্তৰঃ মেলেৰিয়া পৰজীৱীটোৱে জীৱন চক্ৰ সম্পূৰ্ণ কৰিবৰ বাবে দুটা পোষক – মানুহ আৰু মহৰ দৰকাৰ। তলৰ চিত্ৰত ইয়াৰ জীৱন চক্ৰটো দেখুওৱা হ’ল—
জ্বৰ – চক্ৰ সম্পন্ন কৰে আৰু বিভিন্ন দশাসমূহ

3. এন্টিবডি অণু এটাৰ গঠন বৰ্ণনা কৰা।
উত্তৰঃ এন্টিবডি অণু গঠন—
(ক) প্ৰতিটো ইমিউন’গ্ল’বুলিন অণুৰ 4 ডাল প’লিপেপ্টাইড শিকলি থাকে। অৰ্থাৎ, 2H বা গধুৰ শিকলি 2 আৰু L ডাল বা চুটি শিকলি।
(খ) এই Y আকৃতিৰ অণুৰ মূৰবিলাক এন্টিজেন – এন্টিব’ডি যৌগ গঠন কৰা বিশেষ এন্টিজেনৰ সতে বন্ধা থাকে।
(গ) প্ৰতিটো এন্টিজেনৰে এন্টিজেনিক ফল নিৰ্ধাৰণৰ ক্ষমতা থাকে যিটোৱে বিশেষ এন্টিব’ডিৰ লগত মিলিব নে নাই সেইটো নিৰ্ধাৰণ কৰে।
(ঘ) এন্টিব’ডিসমূহ কোষাবৰণৰ লগত লাগি থাকিব পাৰে বা মুক্ত হৈ থাকিব পাৰে।
(ঙ) ইমিউন’গ্লবুলিনসমূহক এইদৰে শ্ৰেণীবিভাগ কৰা হৈছে – IgA, IgD, IgE, IgG

4. মেলেৰিয়াৰ পৰজীৱীবোৰ কোনটো স্তৰত সংক্ৰমিত হয়? মেলেৰিয়া পৰজীৱীবিধৰ জীৱন চক্ৰ চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ মেলেৰিয়াৰ পৰজীৱীবোৰ স্পৰ’জ’ইট স্তৰত সংক্ৰমিত হয়। মেলেৰিয়া পৰজীৱীবোৰে জীৱন চক্ৰ সম্পূৰ্ণ কৰিবৰ বাবে দুটা পোষক— মানুহ আৰু মহৰ দৰকাৰ। মাইকী এনোফিলিচ মহ হৈছে ইয়াৰ বাহক। এই মহে আক্ৰান্ত ব্যক্তিৰ তেজ গ্ৰহণ মানুহক কামুৰিলে এই পৰজীৱী সহজে তেজত সোমাই পৰে আৰু স্পৰ’জ’ইট স্তৰৰ পৰজীৱীবোৰে যকৃতত প্ৰৱেশ কৰি বংশ বৃদ্ধি কৰি তেজৰ লোহিত ৰক্ত কণিকাক আক্ৰমণ কৰে।

এই আক্ৰান্ত RBC বা লোহিত ৰক্ত কণিকাবোৰ ভাঙি যায় আৰু বিষাক্ত পদাৰ্থ নিঃসৰণ কৰে যাক হিম’জইন বোলে, যিয়ে প্ৰতি তিনি-চাৰি দিনৰ মূৰত তীব্ৰ জ্বৰ আৰু জাৰৰ সৃষ্টি কৰিব পাৰে। মেলেৰিয়াত ভোগা ব্যক্তিৰ তেজ গ্ৰহণ কৰা মহৰ দেহলৈ ইয়াৰ বীজাণু সোমাই পৰে আৰু পৰৱৰ্তী পৰ্য্যায়ৰ বৃদ্ধি আৰু বিকাশ সাধন কৰে আৰু বিভিন্ন দশা পাৰ ৰৈ স্পৰ’জ’ইট হিচাপে মহৰ লালটি গ্ৰন্থিত আশ্ৰয় লৈ থাকে। এই মহে কামুৰিলে কামোৰ ব্যক্তিজন মেলেৰিয়াত ভোগে।
জ্বৰ – চক্ৰ সম্পন্ন কৰে আৰু বিভিন্ন দশাসমূহ

READ MORE  বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ | Chapter 4 | Class 12 Biology - AHSEC

5. হিউমৰেল অসংক্ৰাম্য সঁহাৰি আৰু কোষ মাধ্যমৰ দ্বাৰা পোৱা সঁহাৰি- পাৰ্থক্য লিখা।
উত্তৰঃ

হিউমৰেল অসংক্ৰাম্যতাকোষ মাধ্যমৰ দ্বাৰা পোৱা অসংক্ৰাম্যতা
এনে এন্টিডিসমূহ তেজত থকাৰ কাৰণে ভাক হিউমৰেল অসংক্ৰম্যতা বোলে।এই অসংক্ৰাম্যতা কোষ মাধ্যমৰ পৰা পোৱা সঁহাৰিৰ ফলত সৃষ্টি হয়।
ইয়াত T লিম্ফ’ছাইটে এন্টিবডি গঠন কৰাত B লিম্ফ’ছাইটক সহায় কৰে।ইয়াত T লিম্ফ’ছাইটে কোষ মাধ্যমক সক্ৰিয়তা দিয়ে।

6. এইচ আই ভি ভাইৰাছৰ সংক্ৰমণ পদ্ধতিটো বৰ্ণনা কৰা।
উত্তৰঃ এইডচ্ ৰোগ এইচ আই ভি বীজাণুৰ দ্বাৰা যৌন সংস্পৰ্শ বা তেজৰ সংস্পৰ্শত বিয়পে। মানুহৰ দেহত প্ৰৱেশ কৰাৰ পাছত এইচ আই ভি ভাইৰাছে আক্ৰমণ কৰে আৰু মেক্ৰ’ফেজত প্ৰৱেশ কৰে। মেক্ৰ’ফেজৰ ভিতৰত , ভাইৰাছৰ RNA ই ৰিভাৰ্চ ট্ৰন্সক্ৰিপটেজ উৎসচেকৰ সহায়ত অনুকৃত্যায়িত হয় আৰু ভাইৰাছযুক্ত DNA উৎপন্ন কৰে। তাৰ পিছত ভাইৰাছযুক্ত DNA ই পোষক DNA লৈ ৰূপান্তৰিত হয় আৰু ভাইৰাছ অণুৰ সংশ্লেষণৰ নিৰ্দেশনা দিয়ে।

একে সময়ত HIV সহায়কাৰী T লিমফ’চাইটত প্ৰৱেশ কৰে। ই অনুকৃত্যায়িত হয় আৰু তাত ভাইৰাছ উৎপন্ন কৰে। এই নতুনকৈ উৎপন্ন হোৱা ভাৰাছবোৰ তেজত যুক্ত কৰি দিয়া হয়, যাতে দেহৰ অন্য স্বাস্থ্যৱান সহায়কাৰী লিমফ’চাইটসমূহক আক্ৰমণ কৰিব পাৰে। ফলস্বৰূপে, আক্ৰান্ত ব্যক্তিৰ T লিমফ’চাইসমূহৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পায় আৰু এইদৰেই ব্যক্তি এজনৰ দেহৰ অসংক্ৰাম্যতা টুটি আহে।

7. জন্মগত অসংক্ৰাম্যতা আৰু আৰ্জিত অসংক্ৰাম্যতা- পাৰ্থক্য লিখা।
উত্তৰঃ

জন্মগত অসংক্ৰাম্যতাআৰ্জিত অসংক্ৰাম্যতা
ই বিশেষ বীজাণুনথাক এক বাধা দিয়া প্ৰক্ৰিয়া।ই বিশেষ বীজাণু বাধা দিয়া প্ৰক্ৰিয়া।
ই পিতৃ – মাতৃৰ পৰা সন্তানৰ দেহলৈ আহ আৰু ব্যক্তিক জন্মৰ পৰাই সুৰক্ষা প্ৰদান কৰে।ই ব্যক্তিৰ জন্মৰ পিছত আহৰণ কৰা হয়।
বাহিৰৰ ৰোগ সৃষ্টিকাৰী বীজাণুক দেহত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে।ই প্ৰাথমিক আৰু দ্বিতীয় প্ৰকাৰৰ সহাৰিৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰে সমূহ ‘বি’ লিম্ফ’ছাইট আৰু ‘টি’ লিম্ফ’ছাইটৰ দ্বাৰা উৎপন্ন হয়।
ইয়াৰ কোনো বিশেষ স্মৃতি নাথাকে।ইয়াৰ এক অসংক্ৰাম্য স্মৃতি থাকে।

8. কৰ্কটৰোগ কেনেকৈ চিনাক্ত কৰিব পাৰি? কৰ্কটৰোগ চিকিৎসাৰ বিষয়ে লিখা।
উত্তৰঃ ই এবিধ মাৰাত্মক ৰোগ। এই বেমাৰত শৰীৰৰ যিকোনো অংশত কেতবোৰ অংশত কোষ অস্বাভাৱিকভাৱে বৃদ্ধি পায় আৰু সংখ্যাত বাঢ়িবলৈ ধৰে। কোনো কোনো ঠাইত ই টেমুনা হৈ দেখা দিয়ে। কৰ্কট বেমাৰৰ লক্ষণসমূহ—
(ক) নশুকুৱা বিধৰ ঘা।

(খ) মানুহৰ বুকুত বা অন্য ঠাইত টেমুনা দেখা যায়।

(গ) অস্বাভাৱিক ধৰণৰ ৰক্তক্ষৰণ হোৱা।

(ঘ) হজম কৰাত বা কোনো বস্তু গিলাত বাধা পোৱা।

(ঙ) বন্ধ নোহোৱা কাহ আৰু ডিঙি থেচ – খেচাই থকা।

(চ) শৌচৰ নিয়ম বা প্ৰকৃতিৰ হেৰফেৰ আৰু শৰীৰত থকা তিল বা মাহৰ কোনো পৰিৱৰ্তন।
কৰ্কটৰোগ চিকিৎসা কৰ্কটৰোগী এজনৰ প্ৰথম অৱস্থাত ৰোগটো ধৰা পৰিলে তাক আৰোগ্য কৰিব পাৰি। প্ৰায় ২০ বিধমান ঔষধ ওলাইছে যদিও এই বেমাৰৰ পৰা কিছু পৰিমানে আৰোগ্য লাভ কৰিব পাৰি দুটা উপায়েৰে—
(ক) অস্ত্ৰোপচাৰ আৰু
(খ) সোণ, কোবাল্ট, আয়োডিন, ৰেডিয়াম আদিৰ ৰশ্মি বিকিৰণ কৰি। খুব শক্তিশালী ৰঞ্জন ৰশ্মি বিকিৰণেও সুফল দিয়া দেখা যায়।

9. সক্ৰিয় অসংক্ৰাম্যতা আৰু নিষ্ক্ৰিয় অসংক্ৰাম্যতা- পাৰ্থক্য লিখা।
উত্তৰঃ

সক্ৰিয় অসংক্ৰাম্যতানিষ্ক্ৰিয় অসংক্ৰাম্যতা
ছিট দিয়া বা সংক্ৰামণৰ ফলত যি অসংক্ৰাম্যতা সৃষ্টি হয় সেয়াই সক্ৰিয় অসংক্ৰাম্যতা।পূৰ্ব প্ৰস্তুত এন্টিবডি দেহত সুমুৱাই দিয়াত ফলত যি অসংক্ৰাম্যতাৰ সৃষ্টি হয়। তাক নিষ্ক্ৰিয় অসংক্ৰাম্যতা বোলা হয়।
এই অসংক্ৰাম্যতা দীৰ্ঘস্থায়ী আৰু অধিক কাৰ্য্যকৰী।এই অসংক্ৰাম্যতা ক্ষণস্থায়ী আৰু কম কাৰ্য্যকৰী।
এই নিষ্ক্ৰিয় প্ৰক্ৰিয়াৰ পিছত এই অসংক্ৰাম্যতা কাৰ্য্যকৰী হয়।এই ধৰণৰ অসংক্ৰাম্যতা তৎক্ষণাৎ কাৰ্য্যকাৰী হয়।
স্মৃতিকোষ সৃষ্টি হয়। ফলত পৰৱৰ্তী সংক্ৰমণ দ্ৰুতভাৱে প্ৰৱাহিত হয়।স্মৃতিকোষ সৃষ্টি নহয়। ফলত একাধিকবাৰ সংক্ৰমণ হ’লে প্ৰত্যেকবোৰত এন্টিবডি ইনজেকছন দিব লগা হয়।
এইধৰণৰ অসংক্ৰাম্যতাই প্ৰাণীদেহৰ কোনো ক্ষতি নকৰে।বেলেগ প্ৰাণীৰ দেহত উৎপাদিত এন্টিবডি সুমুৱাই দিয়া বাবে পাৰ্শ্বক্ৰিয়া হোৱা দেখা যায়।

10. কেঞ্চাৰ ৰোগৰ কাৰকসমূহৰ বিষয়ে লিখা।
উত্তৰঃ বৰ্তমান অৱস্থাত কৰ্কট ৰোগৰ প্ৰকৃত কাৰণ জনা নাযায় যদিও
কৰ্কট ৰোগৰ হ’ব পৰা বিভিন্ন কাৰণসমূহ উল্লেখ কৰা হ’ল-
(ক) ধূমপান আদি কৰিলে কৰ্কটৰোগ হ’ব পাৰে।
(খ) কেতবোৰ ৰঞ্জক, ৰাসায়নিক পদাৰ্থ, গধূৰ ধাতু , বেছি সময় ৰঞ্জন ৰশ্মি আৰু ৰ’দৰ দ্বাৰা প্ৰভাৱিত হোৱাটোও এই বেমাৰৰ কাৰণ হ’ব পাৰে।
(গ) প্ৰদূষিত বায়ু, এলক’হল আদিৰ কাৰণে কৰ্কট ৰোগ হ’ব পাৰে।
(ঘ) ভাইৰাছৰ কাৰণে কৰ্কট ৰোগ হ’ব পাৰে।

11. T লিম্ফ’ছাইট আৰু B লিম্ফ’ছাইট- পাৰ্থক্য লিখা।
উত্তৰঃ

T- লিম্ফ’ছাইটB- লিম্ফ’ছাইট
T- কোষবিলাক কোষ উদগত অসংক্ৰাম্যতাৰ সতে জড়িত।B- কোষবিলাক দেহৰসজাত অসংক্ৰাম্যতাৰ সতে জড়িত।
ইহঁতৰ পূৰ্ব প্ৰস্তুতি থাইমাছ ত হয় আৰু সেয়ে ইহঁতক T- কোষ বোলা হয়।ইহঁতৰ পূৰ্ব প্ৰস্তুতি অস্থিসজ্জাত হয় আৰু সেইবাবেই ইহঁতক B- কোষ বোলা হয়।
অংগ সংস্থাপন কৰ্কট ৰোগ আদিৰ ক্ষেত্ৰত দেহত প্ৰৱেশ কৰা বিজাতীয় দ্ৰব্য বা কোষৰ বিৰুদ্ধে ইহঁতে কাৰ্য্য কৰে।ইহঁত বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে সক্ৰিয়।
ইহঁতে কোনো ধৰণৰ এন্টিবডি সৃষ্টি নকৰে, বৰঞ্চ পোনে পোনে ৰোগৰ বীজণুক ক্ৰমণ কৰি ধ্বংস কৰে।ইহঁতে লসিকাত এন্টিবডি ক্ষৰণ কৰে পাছত তেজৰ মাধ্যমেৰে গৈ ৰোগজনকক ধ্বংস কৰে।
READ MORE  জনন স্বাস্থ্য | Chapter 3 | Class 12 Biology - AHSEC

12. বয়সন্ধি কি? কৈশোৰ আৰু ড্ৰাগছযমাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বিষয়ে এখন ৰচনা লিখা।
উত্তৰঃ কৈশোৰ বা বয়স সন্ধি হ’ল এটা সময় আৰু প্ৰক্ৰিয়া ; যাৰ জৰিয়তে শিশুৱে আচাৰ আৰু মনৰ বিশ্বাসত পৈণত হৈ সমাজত সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিব পাৰে। ১২ বছৰৰ পৰা ১৮ বছৰৰ সময়খিনিকে কৈশোৰ বোলা হয়, যি শৈশৱ আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সেতুবন্ধন।

সুৰা আৰু ড্ৰাগচৰ আসক্তিৰ বিৰুদ্ধে সুৰক্ষিত ব্যৱস্থা—
(ক) পিতৃ – মাতৃয়ে সন্তানক মৰম আৰু উৎসাহ দিব লাগে আৰু সন্তানৰ ইচ্ছাশক্তি বৃদ্ধি কৰাত সহায় কৰিব লাগে।

(খ) পিতৃ – মাতৃয়ে সুৰাৰ অপকৰিতাৰ বিষয়ে সন্তানিক শিক্ষিত কৰি তুলিব লাগে। তেওঁলোকে সুৰাৰ আসক্তিৰ বিৰুদ্ধে শুদ্ধ জ্ঞান প্ৰদানৰ কাউন্সেলিঙৰ ব্যৱস্থা কৰিব লাগে।

(গ) সন্তানক সুৰাপানৰ অভিজ্ঞতা লোৱাৰ পৰা নিৰুৎসাহ কৰি ৰখাটো পিতৃ- – মাতৃৰ কৰ্তব্য। ড্ৰাগছ সেৱন কৰা বন্ধু বান্ধৱৰ সংগৰ পৰা সন্তানক আঁতৰত ৰাখিব লাগে।

(ঘ) সন্তান অন্যান্য পাৰদৰ্শী সৃষ্টিশীল কামৰ প্ৰতি উৎসাহিত কৰিব লাগে।

(ঙ) যদি সন্তানৰ মাজত হতাশাৰ লক্ষণ দেখা যায়, তেন্তে লৰালৰিকৈ অভিজ্ঞা মনোৰোগ বিশেষজ্ঞৰ সহায় ল’ব লাগে।

13. মৃদু টিউমাৰ আৰু প্ৰাণনাশক টিউমাৰ- পাৰ্থক্য লিখা।
উত্তৰঃ

মৃদু টিউমাৰপ্ৰাণনাশক টিউমাৰ
ই সাধাৰণতে উৎপত্তি স্থানতে সীমাবদ্ধ হৈ থাকে, ইয়াৰ বিস্তাৰ নহয়।ই বৃদ্ধি হৈ থকা টিউমাৰ, দ্ৰুতভাৱে বৃদ্ধি হৈ সমীপৱৰ্ত্তী কলা কোষক আক্ৰমণ কৰি ক্ষতি সাধন কৰে।
ই অতি ক্ষতিকাৰক।মৃদু টিউমাৰৰ ক্ষতি অতি নগণ্য।

14. আমাৰ দেহৰ প্ৰতিৰক্ষা ব্যৱস্থাটো চিত্ৰৰ সৈতে বৰ্ণনা কৰা।
উত্তৰঃ শৰীৰত ৰোগ সৃষ্টি কৰিব পৰা বা স্বাভাৱিক জীৱন ক্ৰিয়া বাধাগ্ৰস্থ কৰিব পৰা বস্তুৰ বৈশিষ্ট্য পূৰ্ণ আণৱিক গঠনৰ ভৌতিক ৰূপক (বিশেষকৈ উপৰিভাগৰ) এন্টিজেন বা প্ৰতিজনক বোলা হয়। শৰীৰত এন্টিজেনৰ সংক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে তেনে সংক্ৰমণৰ প্ৰতিকাৰৰ কাৰণে B – লিম্ফ’ছাইটবোৰে যিবোৰ দ্ৰব্য (ইমুন’গ্লবিউলিন) সৃষ্টি কৰে, সেইবোৰক এন্টিব’ডি বা প্ৰতিদেহ বোলে।

চিত্ৰ : এন্টিবডি বিক্ৰিয়াৰ চিত্ৰ ৰূপ

15. ড্ৰাগছ আৰু মদৰ আসক্তি প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বিভিন্ন উফায় আলোচনা কৰা।
উত্তৰঃ সুৰা আৰু ড্ৰাগছৰ আসক্তিৰ বিৰুদ্ধে সুৰক্ষিত ব্যৱস্থা—
(ক) পিতৃ – মাতৃয়ে সন্তানক মৰম আৰু উৎসাহ দিব লাগে আৰু সন্তানৰ ইচ্ছশক্তি বৃদ্ধি কৰাত সহায় কৰিব লাগে।
(খ) পিতৃ-মাতৃয়ে সুৰাৰ অপকৰিতাৰ বিষয়ে সন্তানক শিক্ষিত কৰি তুলিব লাগে। তেওঁলোকে সুৰাৰ আসক্তিৰ বিৰুদ্ধে শুদ্ধ জ্ঞান প্ৰদানৰ কাউন্সেলিঙৰ ব্যৱস্থা কৰিব লাগে।
(গ) সন্তানক সুৰাপানৰ অভিজ্ঞতা লোৱাৰ পৰ নিৰুৎসাহ কৰি ৰখাটো পিতৃ- – মাতৃৰ কৰ্তব্য। ড্ৰাগছ সেৱন কৰা বন্ধু বান্ধৱৰ সংগৰ পৰা সন্তানক আঁতৰত ৰাখিব লাগে।
(ঘ) সন্তান অন্যান্য পাৰদৰ্শী সৃষ্টিশীল কামৰ প্ৰতি উৎসাহিত কৰিব লাগে।
(ঙ) যদি সন্তানৰ মাজত হতাশাৰ লক্ষণ দেখা যায়, তেন্তে লৰালৰিকৈ অভিজ্ঞ মনোৰোগ বিশেষজ্ঞৰ সহায় ল’ব লাগে।

16. এইডছৰ প্ৰতিৰোধৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ বৰ্তমান কোনো ধৰণৰ ৰাসায়নিক ঔষধ ওলোৱা নাই যাৰদ্বাৰানেকি এইডছ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰতিৰোধেই ইয়াৰ একমাত্ৰ উপায়। ইয়াক প্ৰতিৰোধ কৰিবলৈ হ’লে—
(ক) যৌন কাৰ্য্যৰ সময়ত কনডম ব্যৱহাৰ কৰিব লাগে।
(খ) তেজ গ্ৰহণ কৰিবলগীয়া হ’লে সতৰ্ক হ’ব লাগে যাতে কোনো এইডছ ৰোগীৰ পৰা তেজ গ্ৰহণ কৰা নহয়। এইডছ ৰোগীয়ে ব্যৱহাৰ কৰা বেজী আদি ব্যৱহাৰ কৰিব নালাগে।
(গ) এইডছ ৰোগত আক্ৰান্ত মাতৃয়ে ল’ৰা ছোৱালী জন্ম দিব নালাগে।

17. ড্ৰগছ / মদ অপব্যৱহাৰ প্ৰতিক্ৰিয়াবোৰ লিখা।
উত্তৰঃ সুৰা আৰু ড্ৰাগছ সেৱনৰ ফলত ব্যক্তি তেওঁৰ পৰিয়াল আৰু সমাজত বহুতো বিৰূপ প্ৰভাৱ পৰে ৷

(ক) সুৰা সেৱনৰ ফল :- ব্যক্তিৰ ওপৰত পৰা প্ৰভাৱ : যেতিয়া কোনো এক ব্যক্তিয়ে অত্যাধিক সুৰাপান কৰে, তেতিয়া সুৰাই ব্যক্তিৰ দেহৰ যকৃত আৰু স্নায়ুতন্ত্ৰৰ ক্ষতি সাধন কৰে। ইয়াৰ ফলস্বৰূপে, আন লক্ষণসমূহ যেনে, হতাশা, উগ্ৰতা, শৰীৰৰ ওজন কমি যোৱা, ভোক নলগা আদিবোৰ ব্যক্তিৰ মাজত লক্ষ্য কৰা যায়। কেতিয়াবা, অত্যাধিক সুৰাপানৰ ফলত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু পৰ্যন্তও হ’ব পাৰে। তদুপৰি গৰ্ভৱতী মহিলাসকল সুৰাপানৰ পৰা দূৰত থাকিব লাগে, কাৰণ ইয়ে সন্তানৰ স্বাভাৱিক বৃদ্ধিত ব্যাঘাত জন্মায়। পৰিয়ালৰ ওপৰত পৰা প্ৰভাৱ : পৰিয়ালৰ কোনো সদস্যই যদি অত্যাধিক সুৰাপান কৰে, তেন্তে ইয়াৰ প্ৰভাৱ গোটেই পৰিয়ালটোৰ ওপৰতেই পৰে। ইয়াৰ ফলত ঘৰুৱা বিভিন্ন সমস্যা, যেনে, হাই কাজিয়া, হতাশা, নিৰাপত্তাহীন আদিৰ উদ্ভৱ হয়।

সমাজৰ ওপৰত পৰা প্ৰভাৱ—
(১) দুৰ্ঘ্যৱহাৰ।
(২) হিংসুক ব্যৱহাৰ আৰু ভয়াবহতা প্ৰদৰ্শন।
(৩) সামাজিক সম্পৰ্ক নোহোৱা হোৱা।
(৪) সামাজিক আৰু অইন কাম – কাজ প্ৰতি আগ্ৰহ নোহোৱা হোৱা।

(খ) ড্ৰাগচৰ প্ৰভাৱ :- কোনো এক ব্যক্তি যদি ড্ৰাগছ সেৱনৰ প্ৰতি গভীৰভাৱে অনুৰাগী হৈ পৰে, তেন্তে ই কেৱল তেওঁকে নহয়, তেওঁৰ পৰিয়ালৰ মাজতো সমস্যাৰ সৃষ্টি কৰে। ব্যক্তিৰ ওপৰত পৰা প্ৰভাৱ : ড্ৰাগছে ব্যক্তি এজনৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত এক বিৰূপ প্ৰভাৱ পেলায়। ইয়ে দেহৰ কেইবাটাও অংগ যেনে, বৃক্ক, যকৃতৰ কাম নোহোৱা কৰি পেলায়। ড্ৰগচ সেৱন কৰাসকলৰ মাজত ভাইৰাছ সহজে বিয়পে, কাৰণ তেওঁলোকে এটা বেজীৰ পৰাই ড্ৰাগছ তেওঁলোকৰ দেহত সুমুৱাই দিয়ে। পুৰুষ আৰু মহিলাৰ দেহত ড্ৰাচগে দীৰ্ঘস্থায়ী পাৰ্শ্ব প্ৰভাৱ পেলায়। এই পাৰ্শ্ব প্ৰভাৱবোৰৰ ভিতৰত আছে – উগ্ৰতা, মানসিক অসঞ্চলন আৰু হতাশা।

পৰিয়াল আৰু সমাজত পৰা প্ৰভাৱ : ড্ৰাগছ সেৱনৰ প্ৰতি গভীৰ অনুৰাগী লোকসকলে তেওঁৰ পৰিয়াল আৰু সমাজত সমস্যাৰ সৃষ্টি কৰে। ড্ৰাগচৰ ওপৰত নিৰ্ভৰ কৰা লোকসকল হতাশ, অসহ্যকৰ আৰু অ সামাজিক হৈ পৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top