অসমৰ জীৱ সম্পদ | Chapter 14 | Class 12 Biology Question and Answer | Assam Class 12 Biology Solutions Assamese Medium | AHSEC Class 12 HS Biology Chapter 14 Notes Assamese Medium | SEBA Class 12 HS Biology Chapter 14 Question and Answer Assamese Medium | Questions and Answers for Class 12 Biology Chapter 14 অসমৰ জীৱ সম্পদ | HS 2nd Year Science Biology Questions and Answers Assam


অসমৰ জীৱ সম্পদ
(Bioresources of Assam)

Very Short Type Questions and Answers

1. ফ্লেচাৰৰী দ্বাৰা আক্ৰান্ত হ’লে কি কি উপায় ল’ব লাগে?
উত্তৰঃ যিহেতু এই বেমাৰ অতি সোনকালে সংক্ৰমিত হৈ বহু পলুৰ অনিষ্ট কৰিব পাৰে সেয়ে বেমাৰী পলুবোৰ আঁতৰাই পেলাব লাগে। এই বেমাৰৰ পৰা পলুক বচাবলৈ থাদ্য উদ্ভিদ বিলাকৰো যতন লোৱা উচিত।সেমেকা ঠাইত এনে বেমাৰ ভয়ানক হৈ পৰে।

2. ব্যৱসায়িকভাৱে পালন কৰা ৰেচম কীটবোৰ কি কি? তচৰ কীটৰ দুবিধ খাদ্য উদ্ভিদৰ নাম লিখা।
উত্তৰঃ ব্যৱসায়িকভাৱে পালন কৰা দুবিধ তচৰকীট হৈছে – এন্থেৰিয়া মাইলিটা আৰু এন্থেৰিয়া পাফিয়া।ইয়াৰ দুবিধ খাদ্য উদ্ভিদ হৈছে – অৰ্জুন আৰু ডিমৰু।

3. ফ্লেচাৰৰী কাৰক প্ৰাণী আৰু ইয়াৰ লক্ষণসমূহ লিখা।
উত্তৰঃ ফ্লেচাৰী ৰোগ ভাইৰিচৰ দ্বাৰা সংঘটিত হয়। এই বেমাৰত আক্ৰান্ত পলু ক’লা পৰি যায় আৰু ক্ৰমে লৰচৰ কৰিব নোৱাৰা হৈ পৰে। বেমাৰী পলুবোৰ মূৰটো তললৈ কৰি ওলমি থকা দেখা যায়।

Short Type Questions and Answers

1. এড়ী আৰু মুগা পলুৰ বৈজ্ঞানিক নাম আৰু সিহঁতৰ এবিধ মুখ্য খাদ্য উদ্ভিদৰ নাম লিখা।
উত্তৰঃ (ক) এড়ী :- বৈজ্ঞানিক নাম – ফিল’চ’মিয়া ৰিচিনি মুখ্য খাদ্য উদ্ভিদ– এৰা গছৰ পাত।
(খ) মুগা – বৈজ্ঞানিক নাম- এন্থেৰিয়া আছামা মুখ্য খাদ্য উদ্ভিদ – চোম আৰু চোৱালু।

2. এড়ীপলুক কিয় বহুভোজী বোলা হয়। এড়ীপলুৰ বিভিন্ন খাদ্য উদ্ভিদৰ বিষয়ে লিখা।
উত্তৰঃ এড়ীপলুবোৰ বহুভোজী কিয়নো ; ই খাদ্যৰ বাবে বহুতো উদ্ভিদৰ ওপৰত নিৰ্নৰ কৰে আৰু অকল এবিধ উদ্ভিদেই ইয়াৰ থাদ্য উদ্ভিদ নহয়।ইয়াৰ খাদ্য উদ্ভিদবোৰ দুটা ভাগত ভগাব পাৰি মুখ্য আৰু গৌণ হিচাপে।
(ক) মুখ্য থাদ্য উদ্ভিদ :- এৰা গছ।
(খ) গৌণ থাদ্য উদ্ভিদ :- কেচেৰু, বৰকেচেৰু, টেপিঅ’কা আদি।

3. জনজাতীয় উদ্ভিদ বিদ্যা কি? কেনেদৰে ঔষধি উদ্ভিদৰ লগত জড়িত?
উত্তৰঃ অতীজপে পৰা জনজাতীয় লোকসকলে ব্যৱহাৰ কৰি অহা বিভিন্ন উদ্ভিদবোৰৰ চাৰিত্ৰিক আৰু গুণগত মান অধ্যয়নকে জনজাতীয় উদ্ভিদবিদ্যা বোলে ৷ ই সাধাৰণতে ঔষধি উদ্ভিদৰ লগতে জড়িত; কিয়নো, অতীজৰে পৰাই এই সকল লোকে তেওঁলোকৰ বিভিন্ন ৰোগ নিৰাময়ৰ বাবে বনাঞ্চলত সততে পোৱা বহুতো মূল্যৱান ঔষধি গছৰ ব্যৱহাৰ কৰি যথেষ্ট পৰিমাণে সুফল পাই আহিছে। তেনে ক্ষেত্ৰত এইবোৰ উদ্ভিদত থকা বিশেষ গুণবোৰৰ অধ্যয়ন কৰি তাৰে ভৱিষ্যতে নানা ৰোগৰ উপশম ঘটাব পৰা যাব।

4. ‘অৰণ্য হৈছে ভবিষ্যতৰ আনুবংশিক সম্পদ’ বাক্যশাৰীৰ বৰ্ণনা কৰা।
উত্তৰঃ আমাৰ অৰণ্যবোৰ অসংখ্য উদ্ভিদ আৰু প্ৰাণী সম্পদেৰে পৰিপূৰ্ণ। যিবোৰক ভৱিষ্যতৰ আনুবংশিক সম্পদ হিচাপে গণ্য কৰা হয়; কিয়নো,ইয়াতেই বহুতো ভিন্ন প্ৰকাৰৰ বনাঞ্চল আছে। এই বনাঞ্চলবোৰতেই বহুতো আপুৰুগীয়া উদ্ভিদ পোৱা যায় যিবোৰ হয়তো সংকটাপন্ন। ইয়াৰ উপৰিও এই উদ্ভিদবোৰৰ বহুতো উপকাৰিতা আছে। এই উদ্ভিদবোৰ, বিভিন্ন উদ্যোগৰ ভেঁটিস্বৰূপ হোৱাৰ লগতে কিছুমান আলংকাৰিক উদ্ভিদৰ সৌন্দৰ্য্যবৰ্দ্ধক গুণে মানুহৰ জীৱন উপভোগ্য কৰি তোলে।

5. অসমত ব্যৱসায়িকভাৱে ৰেচম পলু পালনত ব্যৱহাৰ হোৱা বিভিন্ন প্ৰজাতিবোৰ কি কি?
উত্তৰঃ অসমত ব্যৱসায়িকভাৱে ৰেচম পালনত চাৰি ধৰণৰ ৰেচম কীট ব্যৱহাৰ কৰা হয় –
(ক) পাট বা মানবেৰী ৰেচম কীট।
(খ) মুগা ৰেচম কীট।
(গ) এৰী ৰেচম কীট।
(ঘ) তচৰ ৰেচম কীট।

6. মানুহৰ লগতে প্ৰত্যেক প্ৰাণীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিয় আৰু কেনেকৈ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে লিখা।
উত্তৰঃ সকলো প্ৰাণী প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল।মানুহ আদি অৱস্থাৰ পৰাই জীয়াই থকাৰ সকলো সমলৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদে মানৱ জীৱনৰ বাবে অতি আৱশ্যকীয় তিনিওবিধ দ্ৰব্য যেনে – খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ যোগান ধৰে। আন প্ৰাণীসমূহো থাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ উপৰিও সূতা, জৈৱজ ইন্ধন ৰেচম, কাগজ, ঔষধীয় দ্ৰব্য, তেল, বিভিন্ন ৰাসায়নিক দ্ৰব্য আদি উদ্ভিদৰ পৰাই পোৱা যায়।

READ MORE  জৈৱ প্ৰযুক্তিবিদ্যা আৰু ইয়াৰ প্ৰয়োগ | Chapter 10 | Class 12 Biology - AHSEC

7. অসমৰ তিনিবিধ উল্লেখযোগ্য জনপ্ৰিয় কাঠ উৎপাদনকাৰী গছৰ বৈজ্ঞানিক নাম আৰু তাৰ বৰ্গ লিখা।
উত্তৰঃ (ক) চেগুণ:- বৈজ্ঞানিক নাম– টেকটোনা গ্ৰেনছিচ; গোত্ৰ – ভাৰবিনেছি।
(খ) গমাৰি :- বৈজ্ঞানিক নাম-মেলিনা আৰবোৰিয়া; গোত্ৰ– ভাৰবিনেছি।
(গ) শিশু :- বৈজ্ঞানিক নাম – দালবাৰজিয়া শিশু; গোত্ৰ – ফেবেচি।

8. মুগাপলুৰ বৰ্গীকৰণ লিখা।
উত্তৰঃ মুগাপলুৰ বৰ্গীকৰণ তলত দিয়া হ’ল—
পৰ্ব – সন্ধিপদী
শ্ৰেণী — পতংগ
গোত্ৰ – ছেটাৰনিডি
প্ৰজাতি – এন্থেৰিয়া আছামা।

9. মুগাসূতা কেনেকৈ লেটা থোলাৰ পৰা পাব পাৰি চমুকৈ লিখা।
উত্তৰঃ মুগা সূতা তৈয়াৰ কৰিবলৈ লেটাবোৰ প্ৰথমে ১০ মিনিটমান সময়ছ’জাযুক্ত পানীত উতলাই লেটাখোলাৰ আঠা নাইকিয়া কৰা হয়। অৱশ্যে গৰম পানীত উতলোৱাৰ আগতে নিৰ্দিষ্ট উত্তাপেৰে ভিতৰৰ অপৈণত লেটাটো লেটাখোলাৰ ভিতৰতে মাৰি পেলোৱা হয়। লেটাখোলাৰ পৰা সূতা উলিয়াবলৈ ‘ভিৰ’ নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰা দেখা যায়। উল্লেখযোগ্য যে এক কেজি সূতা পাবলৈ ৪০০০ – ৫০০০ পৰ্যন্ত লেটা খোলাৰ প্ৰয়োজন।

10. বৰ্গমতে অসমত ব্যৱসায়িকভাৱে প্ৰস্তুত কৰা ৰেচমকীটৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ অসমৰ ৰেচম উদ্যোগৰ লগত জড়িত কেইবাটাও প্ৰজাতিৰ পতংগবোৰ সন্ধিপদী পূৰ্বৰ লেপিড’পটেৰা বৰ্গৰ অন্তৰ্গত। ইয়াৰ চাৰি ধৰণৰ ৰেচম কীট অসমত ব্যৱসায়িকভাৱে পালন কৰা হয়–
(ক) পাট বা মালবেৰী ৰেচম কীট।
(খ) মুগা ৰেচম কীট।
(গ) এৰী ৰেছম কীট
(ঘ) তচৰ ৰেচম কীট

11. দুবিধ এনে গছৰ উদ্ভিদ বৈজ্ঞানিক নাম আৰু গোত্ৰ লিখা যাৰ শিপা ঔষধ প্ৰস্তুতকৰণত ব্যৱহৃত হয়?
উত্তৰঃ দুবিধ এনে গছ হ’ল—
(ক) ৰাউলফিয়া:- উদ্ভিদৰ বৈজ্ঞানিক নাম– ৰাউলফিয়া
চাৰপেনটিনা গোত্ৰ- এপোচাইনোচি (কৰবী গোত্ৰ)।
(খ) বাহকতিতা:- উদ্ভিদ বৈজ্ঞানিক নাম– জাষ্টিচিয়া এধাতোদা গোত্ৰ- একান্থেচি।

Long Type Questions and Answers

1. ‘অসম জীৱসম্পদৰ উষ্ণতাম অঞ্চল’ কাৰণ দৰ্শোৱা।
উত্তৰঃ দক্ষিণ এচিয়া দেশৰ সমূহ অঞ্চলৰ ভিতৰত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্ব অঞ্চলক জৈৱ বিচিত্ৰতাৰ ফালৰ পৰা জীৱ সম্পদত আটাইতকৈ চহকী বুলি ধৰা হয় আৰু লগতে জীৱ সম্পদৰ উষ্ণতম অঞ্চল হিচাপে চিনাক্ত কৰা হয় ; কিয়নো, ই হৈছে বহুতো আপুৰুগীয়া উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান। ভাৰতবৰ্ষত পোৱা সৰ্বমুঠ ৩১৫ টা গুপ্তবীজী উদ্ভিদ গোত্ৰৰ প্ৰায় ২০০ টা গোত্ৰৰ উদ্ভিদে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰে আৰু ৪০০ প্ৰকাৰ কপৌ জাতীয় উদ্ভিদৰ প্ৰায় ৩০০ প্ৰকাৰৰ এই অঞ্চলৰ।

ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কাঠ উৎপাদনকাৰী, সূতা বা আঁহ প্ৰস্তুতকাৰী গছ, ৰং উৎপাদনকাৰী বাঁহ, বেত, আঠা আৰু ৰজন গছ বিভিন্ন প্ৰকাৰৰ ফলৰ গছ, মাহ জাতীয় আৰু আন আন খাদ্য জাতীয় গছ আদি ভিন ভিন প্ৰকৃতিৰ উদ্ভিদেৰে উপচি পৰা। ইয়াৰ উপৰিও অসমৰ প্ৰাকৃতিক পৰিৱেশত ৰেচম উদ্যোগত লগত জড়িত কেইবাটাও প্ৰজাতিৰ পতংগও পোৱা যায়।

2. তলত উল্লেখ কৰা উদ্ভিদবোৰৰ বৈজ্ঞানিক নাম আৰু ব্যৱহাৰ উল্লেখ কৰা।
ৰাওলফিয়া, নিম, চিনকোনো, গমাৰি, শাল, শিশু।
উত্তৰঃ

উদ্ভিদৰ নাম বৈজ্ঞানিক নামব্যৱহাৰ
ৰাওলফিয়াৰাওলফিয়া চিৰ্পেন্টিনাউচ্চ ৰক্তচাপ, টোপনিহীনতা, চিফোফ্ৰেনিয়া আদিত
নিমএজাডিৰোক্তা ইণ্ডিকাপোক–পৰুৱা প্ৰতিৰোধী, ছালৰ বেমাৰ, ফোঁহা আদিত
চিনকোনাচিনকোনো অফিচিনেলিছমেলেৰিয়া ৰোগৰ চিকিৎসাত, বিষনাশত, উদফাই কাঁহ আদি
গমাৰিটেকটোনা গ্ৰেনদিচঘৰুৱা সাজসজ্জা, ঘৰৰ ভিতৰ ভাগ সজোৱা, মাল কঢ়িওৱা গাড়ী আৰু ৰেলৰ মালগাড়ীৰ কোঠা সজোৱা আদিত
শালচোৰিয়া ৰোবাষ্টাৰেলৰ শিপাৰ, ঘৰ, দলং আদিত
শিশুদলবাৰজিয়া শিশুকাঠৰ চৌকাঠ, বাদ্যযন্ত্ৰৰ সঁজুলি, হাতুৰীৰ নাল আদিত

3. উত্তৰ পূৰ্ব অঞ্চলৰ প্ৰধানকৈ অসমক কিয় উদ্ভিদ সম্পদত চহকী বুলি কোৱা হয় ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধানকৈ অসমক উদ্ভিদ সম্পদত চহকী বুলি কোৱা হয়। কিয়নো, ক্ৰান্তীয় বৰ্ষাৰণ্য, চিৰসেউজীয়া, পৰ্ণপাতী, জলাহ, ৰেপাৰিয়ান আদি বিভিন্ন প্ৰকাৰৰ বনাঞ্চল ইয়াত পোৱা যায়। গোটেই ভাৰতত পোৱা ৩১৫ টা গুপ্তবীজী উদ্ভিদৰ গোত্ৰৰ প্ৰায় ২০০ টা গোত্ৰৰ উদ্ভিদে ইয়াৰ পৰাই প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰিও অসমৰ বনাঞ্চলসমূহ কপৌ জাতীয় উদ্ভিদত অতি চহকী। সমগ্ৰ ভাৰতবৰ্ষত পোৱা ৪০০ টা কপৌ প্ৰজাতিৰ প্ৰায় ৩০০ কপৌ জাতিয় উদ্ভিদ প্ৰজাতিও ইয়াতেই পোৱা যায় ৷

READ MORE  মানৱ প্ৰজনন | Chapter 2 | Class 12 Biology - AHSEC

এই অঞ্চল বহুতো দুষ্প্ৰাপ্য কাঠ উৎপাদনকাৰী, আঁহ বা সূতা উৎপাদনকাৰী, ঔষধি গছ, বাঁহ, বেত, তেল উৎপাদনকাৰী, আঠা আৰু ৰজন উৎপাদনকাৰী, বিভিন্ন ফল, মাহ জাতীয় আৰু আন বহুতো খাদ্য জাতীয় গছেৰে উপচি পৰা। বহুতো জনজাতীয় লোকে এই বনাঞ্চলৰ ওপৰতে জীৱন আৰু জীৱিকা নিৰ্ভৰ কৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষত পোৱা সৰ্বমুঠ উদ্ভিদৰ প্ৰায় পঞ্চাশ শতাংশই পোৱা যায় যাৰ বাবে ই উদ্ভিদ সম্পদত চহকী বুলি জনা যায়। এই বনাঞ্চলবিলাক হৈছে ভৱিষ্যতৰ আনুবংশিক সম্পদ।

4. মুগা পলুৰ জীৱন চক্ৰ আৰু পালনৰ বিষয়ে লিখা।
উত্তৰঃ ৰেচম মথৰ জীৱন বৃত্তান্তৰ চাৰিটা স্তৰ পোৱা যায়। স্তৰকেইটা হ’ল— – কণী, পলু, লেটা আৰু পৈনত কীট।

(ক) কণী:- মতা – মাইকীয়ে যোৰ পতাৰ পিছত মাইকীজনীয়ে কণী পাৰে।পালকসকলে মাইকীজনীক থৰিকাত বান্ধি থৈ দিয়ে আৰু বান্ধি থোৱা মাইকীজনীয়ে খৰিকাত প্ৰায় ৩৫০ টা মান কণী পাৰে (থৰিকা মানে হ’ল ধান খেৰৰ এডাল ৰচী)। পালকসকলে কণীবোৰ সংগ্ৰহ কৰি ২% ফৰমেলিন দ্ৰব্যত পাঁচ মিনিটমান ৰাখি বীজাণু মুক্ত কৰে। পুনৰ পৰিস্কাৰ পানীৰে ধুই শুকুৱাই লৈ উপযুক্ত কাগজৰ বাকচত ৰাখিব লাগে।

(খ) পলু:- সাধাৰণতে গৰমৰ দিনত কণীবোৰ ৬-৯ দিনৰ ভিতৰত আৰু শীতকালত কণীবোৰ ১১ – ১৬ দিনৰ ভিতৰত ফুটি পলু ওলাই আহে। এই সময়ত পলুৰ দৈৰ্ঘ্য ৩ – ৫ মি. মি. মান হয়। কণীৰ পৰা ওলোৱাৰ পৰা প্ৰথমবাৰ মোটা সলোৱাৰ মুহূৰ্তলৈ পলুবোৰক প্ৰথম পৰ্য্যায়ৰ পলু বোলা হয়। প্ৰথম পৰ্য্যায়ৰ পলুবোৰ কেৱল মাত্ৰ কুমলীয়া পাত হে হজম কৰিব পাৰে। পালকসকলে এনেবোৰ পলু বাঁহৰ চালনীৰ সহায়েৰে গছৰ ডালত (খাদ্য উদ্ভিদ) উঠাই দিব লাগে ৷ পলুবোৰকে যাতে কোনো শত্ৰু বা বেমাৰে নাপায় তাৰ বাবে পূৰ্ণ ব্যৱস্থা পালকসকলে ল’ব লাগে। নিৰ্দিষ্ট সময়ৰ মূৰত থাদ্য খাবলৈ এৰি ক্ৰমান্বয়ে মোট সলাই থাকে। প্ৰত্যেকবাৰ মোট সলোৱাৰ লগে লগে পলুৰ আকৃতি ডাঙৰ হয়। মুঠতে পলু অৱস্থাত চাৰিবাৰ মুট সলাই পঞ্চম পৰ্য্যায় পোৱালৈ পলুৰ দৈৰ্ঘ্য প্ৰায় ৬ ছে. মি. মান হয়।

(গ) লেটা:- পঞ্চম পৰ্য্যায়ৰ পলুয়ে ১৫ দিনমান পাত থোৱাৰ পিছত লেটা হ’বলৈ প্ৰস্তুত হয়। এনে সময়ত সিহঁতে পাত থাবলৈ এৰি লেটা খোলা তৈয়াৰ কৰিবলৈ মুখৰ তলত থকা স্পিনাৰেটৰ দ্বাৰা আঁহ উলিয়াই। লেটাখোলাৰ ভিতৰত পলুটোৱে লেটালৈ ৰূপান্তৰিত হয়। লেটাখোলা দেখিবলৈ ডিম্বাকৃতিৰ আৰু বৰণত মুগা।

(ঘ) পৈনত কীট:- ঋতুৰ ওপৰত নিৰ্ভৰ কৰি লেটাখোলাৰ পৰা পৈনত ৰেচম চকৰী ওলাই আহে। গ্ৰীষ্মকালত ১৪-১৭ দিন আৰু শীতকালত ৩০ দিন পৰ্যন্ত দৰকাৰ হয়। লেটাখোলাৰ পৰা ওলাই আহি মতা আৰু মাইকী চক্ৰৰী যোৰ বান্ধিবলৈ আৰম্ভ কৰি জীৱন চক্ৰ পুনৰ সম্পন্ন কৰে।

5. অসমৰ উদ্ভিদ সম্পদ মানুহৰ অৰ্থনৈতিক বিকাশৰ বাবে কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তোমাৰ মতামত দি চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ অসমৰ উদ্ভিদৰ বনাঞ্চলসমূহ উদ্ভিদ সম্পদত অতিকৈ চহকী। এইবোৰৰ পৰা খাদ্য বস্তুৰ লগতে ঔষধি, কাঠ উৎপাদনকাৰী গছ, তেল, আঁহ, সূতা, বাঁহ, বেত আদি বিভিন্ন বস্তু উৎপাদনকাৰী উদ্ভিদো যথেষ্ট পৰিমাণে পোৱা যায়। এইবোৰ জীৱিকাৰ উৎকৃষ্ট অৱলম্বন। অসম হৈছে এখন বৃহৎ পৰিমাণৰ ঔষধি গছৰ গৃহভূমি। ইয়াত পোৱা বিভিন্ন ধৰণৰ ঔষধি গছ যেনে – ৰাওলফিয়া, চিনকোনা, অশ্বগন্ধা আদি আদিম কালৰে পৰাই মানুহে অসুস্থতাৰ নিবাৰণৰ বাবে ব্যৱহাৰ কৰি আহিছে আৰু স্বাস্থ্য অটুট ৰাখি দীৰ্ঘ জীৱন লাভ কৰি আহিছে। এই গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰিয়ে বহুতো আয়ুৰ্বেদিক আৰু এলোপেথিক উদ্যোগ গড় লৈ উঠিছে যিয়ে অৰ্থনৈতিক বিকাশ যথেষ্ট বৃদ্ধি কৰিছে।

ইয়াৰ উপৰিও বিভিন্ন কাঠ উৎপাদনকাৰী গছ যেনে – গমাৰি, চেগুণ, শাল আদি যথেষ্ট মূল্যৱান আৰু ইয়াৰ পৰাই আচবাব পত্ৰ, গৃহসজ্জাৰ সামগ্ৰী প্ৰস্তুতকৰণ আৰু আন বহুতো উদ্যোগ গঢ় লৈ উঠিছে আৰু মানুহে অৰ্থনৈতিকভাৱে যথেষ্ট লাভৱান হ’ব পাৰিছে। এই কাঠ আন সামগ্ৰীৰ লগতে জুইশলাৰ বাকচ, জুইশলাৰ কাঠি আৰু প্লাইউড আদি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

READ MORE  সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন | Chapter 1 | Class 12 Biology - AHSEC

6. মুগা ৰেচম কীটৰ জীৱন বৃত্তান্ত আৰু পালন বৰ্ণনা কৰা।
উত্তৰঃ

মুগাৰ্চেম চক্ৰী পালন প্ৰাকৃতিক পৰিৱেশতহে সম্ভৱ। এনে কীটৰ জীৱন চক্ৰৰ চাৰিটা স্তৰ থাকে – কণী. `, পলু, লেটা আৰু পৈণত চকৰী।

কণী:- মতা – মাইকী যোৰ তাৰ পিছত, মাইকীজনীয়ে খৰিকাত ৩৫০ টা মান কণী পাৰে। কণীবোৰ ঘূৰণীয়া আৰু মুগা বৰণৰ। পালকসকলে কণীবোৰ ২% ফমেলিন দ্ৰব্যত ৰাখি বীজাণুমুক্ত কৰে।

পলু:- গ্ৰীষ্মকালত কণীবোৰ ৬-৯ দিনৰ ভিতৰত আৰু শীতকালত ১০- ১৫ দিনৰ ভিতৰত ফুটি পলু ওলাই আহে। কণীৰ পৰা ওলাই প্ৰথমে গোট সলোৱাটোকে প্ৰথম পৰ্য্যায় বোলে আৰু ইহঁতে কেৱল কুমলীয়া পাতহে থায়। পলু অৱস্থাত চাৰিবাৰ মোটা সলাই পঞ্চম পৰ্য্যায় পায়, যাৰ দৈৰ্ঘ্য ৬ ছেঃ মিঃ মান হয়।

লেটা:- পঞ্চম পৰ্য্যায়ৰ পলুই ১৫ দিন মান পাত খোৱাৰ পিছত লেটা হ’বলৈ প্ৰস্তুত হয় আৰু তেতিয়া ইহঁতে পাত থাবলৈ এৰি দিয়ে। সিহঁতে মুখৰ তলত থকা স্পিনাৰেটৰ সহায়ত আঁহ উলিয়াই পলুটো লেটালৈ ৰূপান্তৰিত হয়।

পৈণত কীট:- ঋতুৰ ওপৰত নিৰ্ভৰ কৰি লেটাখোলাৰ পৰা পৈণত ৰেচম চকী ওলাই আহে। গৰম দিনতদ ই ১৫-১৭ দিন আৰু ঠাণ্ডাত ৩০ দিন পৰ্য্যন্ত দৰকাৰ হয়। মাতা আৰু মাইকী চকৰী ইয়াৰ পিছত যোৰ বান্ধিবলৈ আৰম্ভ কৰি জীৱনচক্ৰ সম্পূৰ্ণ কৰে। এই পলুক মুক্ত আকাশৰ তলত উপযুক্ত খাদ্য উদ্ভিদৰ।

7.’অসম ৰেচন সম্পদত বৰ চহকী’ বাক্যষাৰৰ বৰ্ণনা কৰা।
উত্তৰঃ অসমৰ প্ৰাকৃতিক পৰিৱেশত ৰেচম উদ্যোগৰ লগত জড়িত কেইবাটাও প্ৰজাতি চিনাক্তকৰণ হৈছে যাক ৰেচম চক্ৰী বুলি জনা যায়।প্ৰজাতি ভেদে ৰেচম চকৰীবোৰৰ জীৱন বৃত্তান্ত আৰু সিহঁতৰ পৰা তৈয়াৰ কৰা সূতাৰ পাৰ্থক্য আছে। ৰেচম উদ্যোগবোৰৰ বাবে তেনে ৰেচম কীট পালন কৰি সূতা তৈয়াৰ কৰাটো অসমৰ এটা পুৰণি কুটীৰ শিল্প যিয়ে অসমৰ কলা-সংস্কৃতি তথা সামাজিক জীৱনত অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে আৰু ইয়াৰ চাহিদাও ক্ৰমান্বয়ে বিশ্বৰ দৰবাৰত বৃদ্ধি হৈ আহিছে। অসমত ব্যৱসায়িকভাৱে চাৰি ধৰণৰ ৰেচম কীচ পালন কৰা হয়—
(ক) পাট বা মালবেৰী ৰেচম কীট।
(খ) মুগা ৰেচম কীট।
(গ) এৰী ৰেছম কীট।
(ঘ) তচৰ ৰেচম কীট।

8. ৰেচম পলুৰ প্ৰতিটো বেমাৰৰ কাৰক জীৱৰ নাম লিখি বেমাৰৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ ৰেচম পলুৰ দেহত ঘটা ৰোগসমূহ হ’ল—
(ক) পেব্ৰিন বা ফুটুকা ৰোগ (Pebrine)।
(খ) ফ্লেচাৰী বা মুখলগা ৰোগ (Flacheria)।
(গ) গ্ৰেছাৰী বা ফুলা ৰোগ (Grassaria)।
(ঘ) মাছকাৰ ডাইন বা ভেঁকুৰ ব্যাধি (Muscardine)।

(ক) পেব্ৰিন বা ফুটুকা ৰোগ:- ই এবিধ ন’ছিমা নামৰ আদ্য প্ৰাণীৰ দ্বাৰা আক্ৰান্ত হয় ফলত পলুবোৰৰ দেহ ফুটুকা ফুটুকী হৈ সকলো দেহ – কলালৈ বেমাৰ বিয়পি যায়। পলুবোৰ এনে বেমাৰত পৰিলে লৰচৰ কৰিব নোৱাৰে আৰু খাব – ল’বও নোৱাৰা হৈ যায়। চিল্ক গ্ৰন্থিও এই বেমাৰত আক্ৰান্ত হৈ সূতা উৎপাদন কৰিব নোৱাৰা হৈ পৰে। এই বেমাৰৰ পৰা ৰক্ষা পাবলৈ নিৰোগী সঁচ বা কণী সংগ্ৰহ কৰা উচিত। এই ৰোগত আক্ৰান্ত কণী, পলু, , চকৰী বা লেটা পুৰি বা পুতি পেলোৱা উচিত।

(খ) ফ্লেচাৰী বা মুখলগা ৰোগ :- ই এবিধ ভাইৰাছ জনিত ৰোগ। এইবিধ বেমাৰ হ’লে পলুবোৰ ক’লা পৰি যায়। লৰচৰ কৰিব নোৱাৰে আৰু মূৰটো তললৈ কৰি ওলমি থকা দেখা যায়। ঠেক পৰিসৰত এনে বেমাৰ সোনকালে সংক্ৰমিত হৈ বহু পলুৰ অনিষ্ট কৰিব পাৰে। বেমাৰী পলুবোৰ সোনকালে আঁতৰাই পুতি বা পুৰি পেলাব লাগে। এই বেমাৰৰ পৰা ফলুথ বচাবলৈ খাদ্য উদ্ভিদবিলাকৰো যতন লোৱা উচিত আৰু পলুবোৰ সেমেকা ঠাইত ৰাখিব নালাগে।

(গ) গ্ৰেছাৰী বা ফুলা ৰোগ:- ফুলা ৰোগ পলুৰ দেহত অতি সঘনে হোৱা বেমাৰ। এনে ৰোগত পলুটো ফুলি উঠে আৰু গোটেই দেহৰস গাথীৰ সদৃশ হৈ সমগ্ৰ দেহ অকামিলা কৰি পেলায়। বতৰ পৰিৱৰ্তনে এই বেমাৰৰ বীজাণুক সক্ৰিয় কৰি তোলে। পলুবোৰ লৰচৰ কৰিব নোৱাৰা হৈ শেষত মৃত্যুৰ মুখত পৰে। পালকসকলে পলু অৱস্থাত সতৰ্কতাৰে খাদ্য যোগান ধৰিলে এই বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে।

(ঘ) মাছকাৰ ডাইন বা ভেঁকুৰ ব্যাধি :- এইবিধ ৰোগ ভেঁকুৰৰ দ্বাৰা সংঘটিত হয়। এই ৰোগ কণী অৱস্থাৰ পৰা হোৱা দেখা যায়। সাধাৰণতে মুগা পলুত এই ৰোগ কমকৈ দেখা যায়।

Leave a Comment

error: Content is protected !!
Scroll to Top