পৰিকল্পিত বিকাশৰ ৰাজনীতি| Chapter 10 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 10 Notes | SEBA Class 12 HS Political Science Chapter 10 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 10 পৰিকল্পিত বিকাশৰ ৰাজনীতি | HS 2nd Year Political Science Questions and Answers Assam


পৰিকল্পিত বিকাশৰ ৰাজনীতি
(Politics of Planned Development)

Very Short Type Questions and Answers (Marks : 1)

1. ভাৰতৰ পৰিকল্পনা আযােগে______বাৰ্ষিক পৰিকল্পনাৰ দিহা দিছিল।
উত্তৰঃ পঞ্চবাৰ্ষিক।

2. একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল______ত।
উত্তৰঃ ২০০৭ চনত।

3. দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত গুৰু______ৰ ওপৰত জোৰ দিছিল।
উত্তৰঃ উদ্যোগৰ ওপৰত।

4. ভাৰতীয় পৰিকল্পনা কাৰীসকলে উদ্যোগৰ সলন সৃষ্টি কৰিছিল আৰু জটিলতাসমূহ______।
উত্তৰঃ নাইকিয়া কৰিছিল।

5. সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল______চনৰ এপ্ৰিলত।
উত্তৰঃ ১৯৮৫।

6. পৰিকল্পনা আযােগ স্থাপিত হৈছিল______চনৰ মাৰ্চত।
উত্তৰঃ ১৯৫০

7. পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা?
উত্তৰঃ পৰিকল্পিত উন্নয়ন হ’ল বিকাশৰ এটা আহি অথবা পৰিকল্পনাৰ জৰিয়তে সাধন কৰ বিকাশ। অৰ্থাৎ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ’ব ইয়াৰ এক পৰিকল্পিত অথবা আহি প্ৰস্তুত কৰাকে পৰিকল্পিত উন্নয়ন বােলা হয়।

8.খাদ্য সংকটৰ বাবে ভাৰতে কোনখন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল?
উত্তৰঃ আমেৰিকা।

9. POSCO ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ Pohang Iron and Steel Company.

10. ভাৰতত পৰিকল্পনাৰ ধাৰণাটো ক’ৰ পৰা লােৱা হৈছিল?
উত্তৰঃ ছােভিয়েট আৰ্হিৰ পৰা।

11. পি চি মহলানবীশ কোন আছিল?
উত্তৰঃ পি চি মহলানবীশ আছিল দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ স্ৰষ্টা আৰু ভাৰতৰ পৰিসংখ্যা প্ৰতিষ্ঠান প্ৰতিস্থাপক।

12. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৫১ চনত।

13. ভাৰতে পৰিকল্পনা কিয় গ্ৰহণ কৰিছিল?
উত্তৰঃ ভাৰতবৰ্ষই ৰাষ্টখনৰ সৰ্বাধিক বিকাশৰ হাৰ অৰ্জন কৰাৰ উদ্দেশ্যে পৰিকল্পনা গ্ৰহণ কৰিছিল।

14. FYP কি?
উত্তৰঃ Five Year Plan .

15. ‘ভাৰতৰ গােৱাল ‘ বুলি কাক কোৱা হৈছিল?
উত্তৰঃ ভাৰ্গিছ কুৰেনেক।

16. পৰিকল্পনা আযােগৰ গাঁথনিটো লিখা।
উত্তৰঃ পৰিকল্পনা আযােগ প্ৰধানমন্ত্ৰী অধ্যক্ষ হিচাপে, পৰিকল্পনা মন্ত্ৰী বা উপাধ্যক্ষ আৰু গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্তমন্ত্ৰীক সদস্য হিচাপে লৈ গঠন কৰা হয়।

17. উন্নয়নৰ দুটা আদৰ্শ আছেঃ এটা হ’ল পুঁজিবাদী আদৰ্শ, আনটো কি?
উত্তৰঃ সমাজবাদী ৰক্ষণশীল আদৰ্শ।

18. পৰিকল্পনা আযােগ কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৯৫০ চনত।

19. ভাৰতৰ সেউজ বিপ্লৱৰ নায়ক বুলি কাক সন্মান কৰা হয়?
উত্তৰঃ ড° নৰ্মান বৰলাউক।

20. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত অন্তৰ্ভুক্ত এটা বৃহৎ প্ৰকল্পৰ নাম লিখা।
উত্তৰঃ ভাক্ৰা নাঙ্গল বান্ধ।

21. দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্যটো উল্লেখ কৰা।
উত্তৰঃ সমাজৰ সামগ্ৰিক বিকাশ সাধন।

22. AMUL ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ Anand Milk Union Limited.

23. কেৰালাৰ আৰ্হি কি?
উত্তৰঃ ভাৰতৰ কেৰালা চৰকাৰে বিকাশৰ বাবে গ্ৰহণ কৰা এটা আৰ্হি হ’ল কেৰালা আৰ্হি। ইয়াৰত ৰাজহুৱা খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

24. এই পৰ্যন্ত কিমানটা পঞ্চবাৰ্ষিক পৰিকল্পনা সম্পূৰ্ণ হৈছে?
উত্তৰঃ ১২ খন।

25. ‘বম্বে আঁচনি’ কি?
উত্তৰঃ ১৯৪৪ চনত ভাৰতবৰ্ষৰ একাংশ উদ্যোগপতিযে ভাৰতবৰ্ষৰ। উন্নয়নৰ বাবে যি আঁচনি প্ৰস্তুত কৰি উলিয়াইছিল, তাকে বম্বে আঁচনি বােলা হয়।

26. ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ পি. চি. মহলানবীশ।

Short Type Questions and Answers (Marks : 2)

1. দহ বছৰীয়া পৰিকল্পনা কোনে আৰু কিয় যুগুত কৰিছিল ?
উত্তৰঃ স্বাধীন ভাৰতৰ পৰিকল্পনাৰ আহি মতে মানৱেন্দ্ৰ নাথ বযে দহ বছৰীয়া পৰিকল্পনা যুগুত কৰিছিল।

2. খাদ্যৰ পৰ্যাপ্ততা নিশ্চিত কৰিবলৈ ভাৰতে কি ধৰণৰ নীতি গ্ৰহণ কৰিছিল?
উত্তৰঃ ভাৰতবৰ্ষই খাদ্য – ভঁৰাল টনকিল কৰাৰ বাবে আমেৰিকাৰ পৰা সাহায্য গ্ৰহণ কৰিছিল। ভাৰতে গম আমদানি কৰিছিল। ভাৰত চৰকাৰে খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’বলৈ পৰিকল্পনা গ্ৰহণ কৰিছিল।

3. পৰিকল্পনা আযােগক কি সংবিধান বহিৰ্ভূত নিকায় বুলি কোৱা হয়?
উত্তৰঃ পৰিকল্পনা আযােগক সংবিধানৰ বহিৰ্ভূত নিকায় বুলি কোৱা হয় কাৰণ সংবিধানত এই অনুষ্ঠানৰ গঠনৰ বিষয়ে উল্লেখ নাই।

4. বিকাশ বুলিলে কি বুজা?
উত্তৰঃ ‘বিকাশ’ হ’ল এক প্ৰকাৰ ‘উন্নয়ন’ যি জনমূৰি আয়ৰ বৃদ্ধিৰ। লগতে উদ্যোগীকৰণ, নগৰীকৰণ, শ্ৰম বিভাজন আৰু বিনিযােগ বৃদ্ধিক বুজায় আৰু ইয়াৰ লক্ষ্য হ’ল জনসাধাৰণৰ জীবন নিৰ্বাহৰ মানদণ্ডৰ উৎকৰ্ষ সাধন কৰা।

5. পৰিকল্পিত অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ ফলাফলবােৰ কি কি?
উত্তৰঃ পৰিকল্পিত অৰ্থনীতিযে সমযৰ অপচয় ৰােধ আৰু সম্পদৰ উপযুক্ত ব্যৱহাৰ নিশ্চিত কৰে। পৰিকল্পিত অৰ্থনৈতিক ব্যৱস্থাই জনসাধাৰণৰ জনমূৰি আয় বৃদ্ধিত সহায় কৰে।

6. পৰিকল্পনাৰ যিকোনাে দুটা সুবিধা উল্লেখ কৰা।
উত্তৰঃ উন্নয়নৰ সম সুযােগ আৰু ন্যায়।

7. পৰিকল্পনা বাজেট কি?
উত্তৰঃ পৰিকল্পনা বাজেট হ’ল পাঁচ বছৰীয়া পৰিকল্পনা। এই বাজেটত অগ্ৰাধিকাৰ ভিত্তিত খৰচৰ ব্যৱস্থা কৰা হয়।

8. উৰিষ্যাৰ গঞাই POSCO পৰিকল্পনাৰ বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিছিল?
উত্তৰঃ উৰিষ্যাৰ গাঁওবাসীসকলে পস্ক’ ভাৰত তীখা উদ্যোগৰ বিৰােধিতা কৰিছিল। এই উদ্যোগ স্থাপনৰ ফলত বহু হেজাৰ। গাঁওবাসীযে নিজৰ বাসগৃহ আৰু খেতিপথাৰৰ অধিকাৰৰ পৰা উচ্ছেদিত হ’ব লগা হৈছিল।

9. ‘মিশ্ৰ অৰ্থনীতি’ বুলিলে কি বুজা?
উত্তৰঃ ‘মিশ্ৰ অৰ্থনীতি’ হ’ল সমাজবাদ আৰু পুঁজিবাদৰ মিশ্ৰণ। ভাৰতীয় অৰ্থনীতি হ’ল মিশ্ৰ অৰ্থনীতি।

10. কোন বছৰত পৰিকল্পনা আযােগ গঠন কৰা হৈছিল আৰু পৰিকল্পনা আযােগৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল?
উত্তৰঃ ১৯৫০ চনত পৰিকল্পনা আযােগ গঠন কৰা হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰু পৰিকল্পনা আযােগৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল।

11. বাওঁপন্থী আৰু সোঁপন্থী দল বুলিলে কি বুজা?
উত্তৰঃ বাওঁপন্থী দলবােৰ হ’ল – ৰক্ষণশীল আৰু দুখীয়া, নিপিড়িত শ্ৰেণীৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে। ‘আনহাতে, সোঁপন্থী দলবােৰ হ’ল উদাৰতাবাদী আৰু পুঁজিপতি ধনী। শ্ৰেণীৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ওপৰত মনােযােগ দিযে।

12. পৰিকল্পনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ পৰিকল্পনাৰ দুটা উদ্দেশ্য হল— অৰ্থনৈতিক পুনৰ গঠন আৰু সম উন্নয়ন।

13. উন্নয়ন বুলিলে কি বুজা?
উত্তৰঃ ‘উন্নয়ন’ শব্দটো মূলতঃ অৰ্থনৈতিক দিশৰ লগত জড়িত। ইযে জনমূৰি আযৰ বৃদ্ধিৰ লগতে উদ্যোগী, নগৰীকৰণ, শ্ৰমবিভাজন আৰু বিনিযােগ বৃদ্ধিক বুজায়।

14. বিতৰণাত্মক ন্যায় কি?
উত্তৰঃ বিতৰণাত্মক’ন্যায হৈছে এনে প্ৰকাৰ ন্যায় যি ন্যাযে সম – ন্যায় আৰু সম – সুযােগ প্ৰদানত গুৰুত্ব দিয়ে।

15. বােম্বাই পৰিকল্পনা কি আছিল?
উত্তৰঃ ১৯৪৪ চনত ভাৰতবৰ্ষৰ এক পৰিকল্পিত অৰ্থনীতি প্ৰতিষ্ঠাৰ বাবে এক খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰা হৈছিল। ই্যাকে বােম্বাই পৰিকল্পনা বােলা হয়।

16. কোন বছৰত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল আৰু ভাৰতৰ হেষ্টেন ষ্টোনলি বুলি কোৱা অৰ্থনীতিবিদ গৰাকীৰ নাম লিখা।
উত্তৰঃ ১৯৫১ চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল আৰু ভাৰতৰ হেষ্টেন ষ্টোনলি বুলি কোৱা অৰ্থনীতিবিদ গৰাকী হৈছে কে, এন, ৰাজ।

17. পৰিকল্পনাৰ সংজ্ঞা দিয়া।
উত্তৰঃ পৰিকল্পনা হ’ল বিকাশৰ এটা আৰ্হি অথবা পৰিকল্পনাৰ জৰিয়তে সাধন কৰা বিকাশ। অৰ্থাৎ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন। কৰা হ’ব ই্যাৰ এক পৰিকল্পনা অথবা আৰ্হি প্ৰস্তুত কৰাকে পৰিকল্পনা বােলা হয়।

18. ভাৰতৰ নতুন অৰ্থনৈতিক নীতি কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল আৰু ইয়াৰ মুখ্য স্থপতিগৰাকী কোন আছিল?
উত্তৰঃ ভাৰতৰ নতুন অৰ্থনৈতিক নীতি ১৯৯১ চনত প্ৰৱৰ্তন কৰা হৈছিল আৰু ড ° মনমােহন সিং আছিল ইত্যাৰ মুখ্য স্থপতিগৰাকী।

19. চৰকাৰী বাজেট দুভাগত বিভক্ত এই দুই ধৰণৰ বাজেটৰ নাম লিখা।
উত্তৰঃ (ক) পৰিকল্পনামূলক বাজেট। আৰু
(খ) অপৰিকল্পিতমূলক বাজেট।

20. কোনগৰাকী ভাৰতীয় চিন্তাবিদে ভাৰতত পৰিকল্পনাৰ ওপৰত জোৰ দিছিল আৰু কেতিয়া দিছিল?
উত্তৰঃ ১৯২০ চনত জৱাহৰলাল নেহৰুৱে ভাৰতত পােন প্ৰথমে পৰিকল্পনাৰ প্ৰয়ােজনীয়তাৰ ওপৰত গুৰুত্ব দিছিল।

21. পৰিকল্পনাৰ দুটা সুফল জনােৱা।
উত্তৰঃ (ক) পৰিকল্পনাৰ জৰিয়তে দেশৰ সম্পদৰ উচিৎ ব্যৱহাৰ আৰু সম – উন্নয়ন সম্ভৱ হয়।
(খ) পৰিকল্পনাৰ জৰিয়তে সামাজিক ন্যায় প্ৰদান কৰিব পাৰি।

22. আধুনিকীকৰণ কিহৰ সৈতে সংযুক্ত ?
উত্তৰঃ (ক) আধুনিকীকৰণৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় সম্পদৰ সদ্ব্যৱহাৰ কৰি এখন আধুনিক সমাজ প্ৰতিষ্ঠা কৰা।

(খ) কোনাে এখন সমাজ কিমান পৰিৱৰ্তন হৈছে সেই বিষয়েও আধুনিকীকৰণৰ পৰা জানিব পাৰি।

(গ) আধুনিকীকৰণৰ নিৰ্ধাবিত পৰিৱৰ্তন কিমান দূৰ অগ্ৰসৰ হৈছে আৰু কেতিয়া সমাজত সেই পৰিৱৰ্তন হ’ব তাৰ ভৱিষ্যদ্বাণী কৰিব পাৰি। এনেদৰে আধুনিকীকৰণ বিভিন্ন উদ্দেশ্যৰ সৈতে সংযুক্ত।

23. কেৰালা আৰ্হিৰ জৰিয়তে কি বিশেষ বিষযৰ ওপৰত আলােকপাত কৰা হৈছিল?
উত্তৰঃ কেৰালা ৰাজ্যৰ দ্বাৰা ধাৰ্য কৰা পৰিকল্পনা আৰু উন্নয়নৰ যি পথ গ্ৰহণ কৰা হৈছিল তাকে কেৰালা আহি নামেৰে নামকৰণ কৰা হয়। এই কেৰালা আহি বিকেন্দ্ৰীভূত পৰিকল্পনাৰ ভিত্তিত প্ৰতিষ্ঠিত। কেৰালাৰ উন্নয়নৰ এই আৰ্হিত শিক্ষা, স্বাস্থ্য, ভূমি – সংস্কাৰ আৰু দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত যথােচিত গুৰুত্ব আৰােপ কৰা হয়।

24. পৰিকল্পনাৰ অৱকাশ দিন কি? কোন কোন বছৰক কিয পৰিকল্পনাৰ অৱকাশ দিন বুলি কোৱা হয়?
উত্তৰঃ ভাৰতত ১৯৫১ চনৰ পৰা প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে একোটা পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰাৰ ব্যৱস্থা আৰম্ভ হৈছিল যদিও তৃতীয়। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তত পঞ্চবাৰ্ষিক পৰিকল্পনা সাময়িকভাৱে স্থগিত ৰখা হৈছিল। ইয়াকে পৰিকল্পনাৰ অৱকাশ বােলা হয়।

১৯৬৬ চনত চতুৰ্থ পৰিকল্পনা আৰম্ভ হৈছিল। সেই সময়ত পৰিকল্পনাৰ অভিনৱম্বৰ প্ৰতি থকা উৎসাহ কমি আহিছিল আৰু ভাৰতবৰ্ষ তীব্ৰ অৰ্থনৈতিক সংকটৰে সন্মুখীন হৈছিল। সেইবাবে সেই বছৰক। পৰিকল্পনাৰ অৱকাশ দিন বুলি কোৱা হয়।

Long Type Questions and Answers (Marks : 4/6)

1. কাক ভাৰতৰ গােৱাল ‘ বুলি কোৱা হৈছিল? শ্বেত বিপ্লৱৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ ভাৰ্গিজ কুৰিযেনক ভাৰতৰ গােৱাল ‘ বুলি কোৱা হৈছিল। কৃষিখণ্ডত হােৱা সেউজ বিপ্লৱৰ দৰেইদুগ্ধ ক্ষেত্ৰৰৰ উৎপাদন প্ৰক্ৰিয়াত এক বিপ্লব সংঘটিত হৈছিল। এই বিপ্লৱক শ্বেত বিপ্লৱ বুলি জনা যায়। গাখীৰৰ পৰা উৎপাদিত দ্ৰব্যক কেন্দ্ৰ কৰি সংঘটিত হােৱা বাবেই ই্যাক শ্বেত বিপ্লৱ বুলি জনা যায়। এই বিপ্লৱৰ সূচনা হৈছিল সমবায়ভিত্তিক। দুগ্ধ পাৰ জৰিয়তে। ভাৰ্গিজ কুৰিযেনক ভাৰবৰ্ষৰ দুগ্ধ মানৱ বুলি জনা। যায়। আমুল উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গুজৰাটৰ সমবায় দুগ্ধ আৰু মাকেটিং ফেডাৰেচন লিমিটেড গঠনত ভাৰ্গিজ কুৰিযেনে মুখ্য ভূমিকা পালন কৰিছিল।

READ MORE  সাম্প্ৰতিক বিশ্বত নিৰাপত্তা | Chapter 5 | Class 12 Political Science - AHSEC

2. পৰিকল্পনা যুগুত কৰাৰ প্ৰক্ৰিয়া সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ দ্বাৰা প্ৰেৰিত নিৰ্দেশাৱলীৰ ভিতৰত পৰিকল্পনা আযােগ পৰিকল্পনা প্ৰস্তুত কৰে।
(ক) চুড়ান্ত পৰিকল্পনাৰ এক খচৰা কেন্দ্ৰীয় কেবিনেটে বিবেচনা কৰি অনুমােদনৰ বাবে ৰাষ্ট্ৰীয় উন্নয়ন পৰিদলৈ প্ৰেৰণ কৰে।

(খ) ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ আৰু কেবিনেটৰ অনুমােদনৰ পিছত পৰিকল্পনাৰ খচৰা সংসদত দাখিল কৰা হয়।

(গ) পৰিকল্পনাখন প্ৰস্তুতকৰণৰ পিছত পৰিকল্পনাখনৰ ফলপ্ৰসূ ৰূপায়ণ আৰু সম্পদৰ আৰনৰ অৰ্থে বাৰ্ষিক পৰিকল্পনা কৰাৰ ভিত্তিত। কৰা হয়।

3. দেশৰ আৰ্থ- সামাজিক উন্নয়নত পৰিকল্পনা আযােগৰ ভূমিকা কি?
উত্তৰঃ জনসাধাৰণক সুৰক্ষা প্ৰদান কাই পৰিকল্পনা আযােগৰ সকলাে নীতিৰ মূল উদ্দেশ্য।
(ক) সকলাে নাগৰিকক জৈৱিক প্ৰযােজনীয় মাধ্যম প্ৰদান কৰা।

(খ) সম্প্ৰদায়ৰ উৎপাদিত সম্পদৰ অধিকাৰ আৰু নিয়ন্ত্ৰণ জনসাধাৰণৰ ভালৰ কাৰণে সুৰক্ষিত কৰি ৰখা।

(গ) অৰ্থনৈতিক ব্যৱস্থা কাৰ্যকাৰিতাৰ ক্ষেত্ৰত সম্পত্তিৰ কেন্দ্ৰীকৰণ আৰু উৎপাদন মাধ্যম জনসাধাৰণে নিৰ্ধাৰণ কৰিব।

4. বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ বিকেন্দ্ৰীকৃত পৰিকল্পনা হ’ল স্থানীয় পৰ্যায়ত আঁচনি প্ৰস্তুত আৰু প্ৰণয়ন কৰাত গুৰুত্ব প্ৰদান কৰা। যি পৰিকল্পনাৰ দ্বাৰা স্থানীয় তথা আঞ্চলিক পৰ্যাযলৈ বিভিন্ন কাৰ্য আঁচনিৰ জৰিয়তে বিতৰণ কৰা হয়, তেনে পৰিকল্পনাক বিকেন্দ্ৰীকৃত পৰিকল্পনা বুলি কোৱা হয়।

পঞ্চায়তীৰাজ শাসন ব্যৱস্থা প্ৰচলন কৰি দেশৰ বিভিন্ন আঞ্চলিক পৰ্যায়ত দ্ৰুতগতিত বিকাশ সাধন কৰিবলৈ এই পৰিকল্পনাৰ জৰিয়তে চৰকাৰে স্থানীয় স্বায়ত্তশাসিত কৰ্তৃপক্ষ হাতত বিভিন্ন ক্ষমতা অৰ্পণ কৰি কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ কাৰ্যকৰী হােৱাকৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছিল। বিকেন্দ্ৰীকৃত পৰিকল্পনাৰদ্বাৰা সাধাৰণ জনগণে যাতে গণতান্ত্ৰিক মনােভাৱেৰে অংশগ্ৰহণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল।

5. ১৯৫০ চনৰ কেবিনেট সিদ্ধান্তটো কি আছিল? মিশ্ৰ অৰ্থনীতি লক্ষ্য সম্পৰ্কে ব্যাখ্যা কৰা।
উত্তৰঃ মিশ্ৰ অৰ্থনীতিৰ লক্ষ্য সম্পৰ্কত ১৯৫০ চনৰ কেবিনেট সিদ্ধান্তই পৰিকল্পনা আযােগৰ পৰিসৰৰ আধাৰত নিম্নোক্ত উদ্দেশ্যসমূহ স্থিৰ কৰিছিল—
(ক) পুৰুষ – মহিলা সকলাে নাগৰিকৰ বাবে জীৱন নিৰ্বাহৰ উপযুক্ত উপাযৰ অধিকাৰ থাকিব।

(খ) অৰ্থনৈতিক ব্যৱস্থা কাৰ্যকৰী কৰােতে যাতে সম্পদ আৰু উৎপাদনৰ উপায়সমূহ কেন্দ্ৰীভূত হৈ সামূহিক মংগলৰ পৰিপন্থী নহ’ব।

(গ) সমূহীয়া সম্পদৰ মালিকীস্বত্ব এনেদৰে বিতৰণ কৰা হ’ব যাতে উৎকৃষ্টভাৱে সামূহিক মংগল সাধন হয়।

6. পৰিকল্পনা অৱকাশ কি? কিছুমান বছৰক পৰিকল্পনা অৱকাশ বুলি কি কোৱা হয়?
উত্তৰঃ ভাৰতত ১৯৫১ চনৰ পৰা প্ৰতি পাঁচ বছৰ মূৰে মূৰে একোটা পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণৰ ব্যৱস্থা আৰম্ভ হৈছিল যদিও তৃতীয়। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অন্তত পঞ্চবাৰ্ষিক পৰিকল্পনা সাময়িকভাৱে স্থগিত ৰখা হৈছিল। ই্যাকে পৰিকল্পনাৰ অৱকাশ ‘বােলা হয়।

১৯৬৬ চনত চতুৰ্থ পৰিকল্পনা আৰম্ভ হৈছিল। সেইসময়ত পৰিকল্পনাৰ অভিনৱত্বৰ প্ৰতি থকা উৎসাহ কমি আহিছিল আৰু ভাৰতৱৰ্ষ তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছিল। সেইবাবে, সেই বছৰক পৰিকল্পনাৰ অৱকাশ দিন বুলি কোৱা হয়।

7. প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে ব্যাখ্য কৰা।
উত্তৰঃ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই (১৯৫১-৫৬ ) ৰাষ্ট্ৰৰ অৰ্থনীতিক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰিব বিচাৰিছিল। প্ৰথম পঞ্চবাৰ্ষিক। পৰিকল্পনাই বান্ধ আৰু জলসিঞ্চনত কৰা বিনিয়ােগকে ধৰি প্ৰধানকৈ কৃষিখণ্ডক অগ্ৰাধিকাৰ দিছিল। দেশ বিভাজনৰ ফলত কৃষিখণ্ডটো ব্যোকৈ ক্ষতিগ্ৰস্ত হৈছিল আৰু সেইবাবে জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰযােজন হৈ পৰিছিল। ভাক্ৰা নাঙ্গল বান্ধৰ দৰে বৃহৎ প্ৰকল্পৰ বাবে প্ৰচুৰ পুঁজিৰ আৱণ্টন দিয়া হৈছিল। কৃষিৰ বিকাশৰ ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ ভূমিৰ বিতৰণ প্ৰক্ৰিাটো প্ৰধান বাধা হিচাপে পৰিকল্পনাটোৱে চিহ্নিত কৰিছিল। ই ৰাষ্ট্ৰৰ বিকাশৰ বাবে চাবিকাঠী হিচাপে ভূমি – সংস্কাৰৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল।

জাতীয় আয় বৃদ্ধিৰ ওপৰতাে এই পৰিকল্পনাই যথেষ্ট গুৰুত্ব দিছিল। জাতীয় আয় বৃদ্ধিৰ লক্ষ্য হিচাপে জনসাধাৰণৰ সঞ্চযৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। জনসাধাৰণৰ ব্যয় বা ক্ৰয় ক্ষমতা কম হােৱা সত্ত্বেও সঞ্চযৰ ওপৰত চৰকাৰে দিয়া প্ৰধান্যৰ ওপৰত জনসাধাৰণৰ সঞ্চয ক্ষমতা প্ৰথমাৱস্থাত বৃদ্ধি পাইছিল। অৱশ্যে তৃতীয় পৰিকল্পনাৰ সমযলৈ এই সঞ্চয় ক্ষমতা দ্ৰুতভাৱে হ্ৰাস পালে।

8. ব্যক্তিগত খণ্ড কি? ৰাজহুৱা খণ্ডৰ পৰা ই কিদৰে পৃথক?
উত্তৰঃ পুঁজিবাদী আৰ্হিৰে দেশৰ বিকাশ সাধনত সহায় কৰা অথবা যিবােৰ খণ্ডত চৰকাৰী নিয়ন্ত্ৰণ নাথাকে কেৱল ব্যক্তিগতভাৱে পুঁজি নিযােগ কৰিব পাৰি, তেনেবােৰ খণ্ডক ব্যক্তিগত খণ্ড বােলা হয়।

(ক) চৰকাৰী প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত চৰকাৰী নিয়ম আৰু নীতি মানি চলা হয়, আনহাতে ব্যক্তিগত খণ্ডত নিজা নিয়ম – নীতি মানি চলা হয়।

(খ) চৰকাৰী প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত কৰ্মচাৰীক চৰকাৰে নিযুক্তি দিয়ে। আনহাতে বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ গৰাকীয়ে নিজা ইচ্ছামতে ব্যক্তিক নিযুক্তি প্ৰদান কৰে।

9. সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ মাজৰ পাৰ্থক্যসমূহ আলােচনা কৰা।
উত্তৰঃ সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱ হৈছে ঘেহু আৰু দুগ্ধ উৎপাদনৰ লগত জড়িত দুটা বৃহৎ বিপ্লৱ। দুটো বিপ্লৱৰ মাজত থকা পাৰ্থক্যসমূহ হ’ল—
(ক) নতুন কৃষিজাত কৌশল অনুসৰি সেউজ বিপ্লৱ ঘেহু। উৎপাদনকলগত জড়িত আৰু শ্বেত বিপ্লৱ হৈছে দুগ্ধ উৎপাদনৰ বিষৰ লগত জড়িত।

(খ) পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিম অঞ্চলত সেউজ বিপ্লৱ সংঘটিত হৈছিল। আনহাতে গুজৰাটৰ আনন্দ নগৰত শেত বিপ্লৱৰ উত্থান হৈছিল।

(গ) সেউজ বিপ্লৱে উচ্চ উৎপাদনক্ষম বিভিন্ন বীজ, সাৰ, কীটনাশক দ্ৰব্য আৰু উন্নত জলসিঞ্চন বিশেষ ৰেহাই হাৰত যােগান ধৰাৰ জৰিয়তে কৃষিজাত উৎপাদনশীলতা বৃদ্ধিক উৎসাহিত কৰিছিল। আনহাতে দুগ্ধ সমবায় সমাজ সংঘবদ্ধ কৰাৰ জৰিয়তে শ্বেত বিপ্লৱে দুগ্ধ উৎপাদনক উৎসাহিত কৰিছিল।

10. দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ স্থপতিগৰাকী কোন আছিল? ইত্যাৰ লক্ষ্য বিষয়ে আলােচনা কৰা।
উত্তৰঃ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰধান স্থপতিগৰাকী আছিল পি, চি. মহলানবীশ। তেওঁৰ নেতৃত্বত, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। এই পৰিকল্পনাত বৃহৎ উদ্যোগসমূহৰ ওপৰত প্ৰধানকৈ। গুৰুত্ব প্ৰদান কৰা হৈছিল। এই পৰিকল্পনাতে সমাজবাদী আৰ্হিৰে উন্নয়ন তথা বিকাশৰ জৰিয়তে সমাজ গাঁথনিত পৰিৱৰ্তন সাধনৰ ওপৰত জোৰ দিয়া হৈছিল। এই পৰিকল্পনা মতে সমাজৰ নিম্ন শ্ৰেণীৰ লােকসকলৰ আয, সম্পদ আদিৰ যাতে কেন্দ্ৰীভূতকৰণ নহয় তাৰ ওপৰত জোৰ দিয়া হৈছিল। এনেদৰে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত দ্ৰুত বিকাশৰ ক্ষেত্ৰত বৃহৎ উদ্যোগ প্ৰতিষ্ঠা আৰু অৰ্থনৈতিক ভাৰসাম্যৰ ওপৰত জেৰ দিয়া হৈছিল।

11. পৰিকল্পনা আযােগে ইয়াৰ কাৰ্যাৱলী কিদৰে পৰিচালনা কৰে ?
উত্তৰঃ পৰিকল্পনা হ’ল বিকাশৰ এটা আৰ্হি। অৰ্থাৎ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ’ব ইয়াৰ এক আহি প্ৰস্তুত কৰা। ১৯৫০ চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰৰ এটা সাধাৰণ প্ৰস্তাৱৰ দ্বাৰা পৰিকল্পনা আযােগ গঠন কৰা হৈছিল। দৰাচলতে, এই আযােগে এক ধৰণৰ উপদেষ্টাৰ ভূমিকা পালন কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমােদন জনালেহে আযােগৰ পৰামৰ্শসমূহ কাৰ্যকৰী হ’ব পাৰে। আন আন বিষয়সমূহৰ উপৰি তলত উল্লেখ কৰা উদ্দেশ্যসমূহত উপনীত হ’বলৈ আযােগে নিজৰ নীতিসমূহ পৰিচালিত কৰে—
(ক) পুৰুষ আৰু মহিলা সকলাে নাগৰিকৰ বাবে উপযুক্ত জীবন নিৰ্বাহৰ উপায়ৰ অধিকাৰ থাকিব।

(খ) সমুহীয়া সম্পদৰ মালিকীস্বত্ব এনেদৰে বিতৰণ কৰা হ’ব যাতে উৎকৃষ্টভাৱে সামূহিক মংগল সাধন হয়।

(গ) অৰ্থনৈতিক ব্যৱস্থা কাৰ্যকৰী কৰােতে যাতে সম্পদ আৰু উৎপাদনৰ উপায়সমূহ কেন্দ্ৰীভূত হৈ সামূহিক মংগলৰ পৰিপন্থী নহ’ব।

12. ভাৰতৰ পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ কৰা।
উত্তৰঃ ভাৰতৰ পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ হ’ল—
(ক) ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰা।
(খ) জনমূৰি আয় বৃদ্ধি কৰা।
(গ) দ্ৰুত উদ্যোগীকৰণ।
(ঘ) খাদ্যৰ ভঁৰাল টনকিযাল কৰা।
(ঙ) জীৱনৰ মানদণ্ড উন্নত কৰা।

13. দেশৰ আৰ্থসামাজিক উন্নয়নত পৰিকল্পনা আযােগৰ ভূমিকা আলােচনা কৰা।
উত্তৰঃ ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ উদ্দেশ্যে পৰিকল্পনা আযােগ গঠন কৰা হৈছিল। ই এটা অতি শক্তিশালী সংস্থা আছিল। পৰিকল্পনা আযােগত এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু দহ – বাৰ জন সদস্য আছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী পৰিকল্পনা আযােগৰ অধ্যক্ষ। পৰিকল্পনা আযােগে ভাৰতৰ সামগ্ৰী, পুঁজি আৰু মানৱ সম্পদ নিৰ্ধাৰণ কৰিছিল আৰু ৰাষ্ট্ৰখনৰ সম্পদসমূহৰ সুদক্ষ আৰু সন্তলিত ব্যৱহাৰৰ বাবে। পৰিকল্পনা প্ৰস্তুত কৰিছিল।

পৰিকল্পনা আযােগে ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ ক্ষেত্ৰত এক অতি তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল। এই আযােগে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰে। পৰিকল্পনা আযােগৰ প্ৰচেষ্টা আৰু কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদানৰ ফলস্বৰূপে ১৯৬৬-৬৭ চনত সেউজ বিপ্লৱ আৰম্ভ হয়। আযােগে ঔদ্যোগিক খণ্ডৰ বিকাশতাে যথেষ্টবৰঙণি আগবঢ়ায়।

14. বিহাৰৰ খাদ্য সংকটৰ বিষয়ে লিখা।
উত্তৰঃ কুৰি শতিকাৰ যাঠিৰ দশকত কৃষিৰ অৱস্থা বোৰ পৰা অধিক ব্যোলৈ অৱনতি ঘটিছিল। চল্লিছ আৰু পঞ্চাছৰ দশকত খাদ্যশস্য। উৎপাদন বৃদ্ধিৰ হাৰ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ সামান্য বেছি আছিল। ১৯৬৫ আৰু ১৯৬৭ চনৰ মাজত দেশখনৰ বহু অংশত তীব্ৰ খৰাং হৈছিল।

বিহাৰৰ খাদ্যসংকট অতি তীব্ৰভাৱে অনুভৱ কৰা হৈছিল আৰু ৰাজ্যখনত প্ৰায় দুৰ্ভিক্ষৰ নিচিনা অবস্থা হৈছিল। বিহাৰৰ সকলাে জিলাতে খাদ্যৰ নাটনি হৈছিল আৰু ৯ খন জিলাত স্বাভাৱিক অৱস্থাৰ তুলনাত আধাতকৈও কম শস্য উৎপাদন হৈছিল। কৃততে এই জিলাকেইখনৰ ৫ খন জিলাই তেওঁলােকে সাধাৰণতে উৎপাদনৰ ২/২/অংশতকৈও কম উৎপাদন কৰিছিল। খাদ্যৰ পৰা বঞ্চিত হােৱাৰ ফলত তাৰ পিছত ব্যাপক হাৰত পৰিপুষ্টিৰ অভাৱ হৈছিল। ৰাজ্যখনৰ বহু অঞ্চলত দৈনিক জনমূৰি কেলৰি ২২০০ ৰ পৰা ১২০০ লৈ কমি গৈছিল। ১৯৬৭ চনত বিহাৰত মৃত্যুৰ হাৰ পিছৰ বছৰৰ তুলনাত ৩৪ % বেছি আছিল। চৰকাৰে গ্ৰহণ কৰা মণ্ডলৰণ’ নীতিযে ৰাজ্যবােৰৰ মাজত খাদ্যদ্ৰব্যৰ বাণিজ্যত বাধা দিছিল। ই নাটকীয়ভাৱে বিহাৰত খাদ্যৰ সুলভ নােহােৱা কৰিছিল। এনে অৱস্থাত সমাজৰ দৰিদ্ৰতম শ্ৰেণীটোৱে আটাইতকৈ বেছি কষ্ট ভােগ কৰিছিল।

15. বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ সুবিধা আৰু অসুবিধাসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ যি পৰিকল্পনাৰ দ্বাৰা স্থানীয় তথা আঞ্চলিক পৰ্যাযলৈ বিভিন্ন কাৰ্য আঁচনিৰ বিতৰণ কৰা হয়, তেনে পৰিকল্পনাক বিকেন্দ্ৰীকৃত পৰিকল্পনা বুলি কোৱা হয়। বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ কিছুমান সুবিধা হৈছে—
(ক) বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ জৰিয়তে জনসাধাৰণক উন্নয়নমূলক আঁচনিত অংশগ্ৰহণ কৰাৰ বাবে সুযােগ আৰু উৎসাহ প্ৰদান কৰাৰ। ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

(খ) বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ জৰিয়তে চৰকাৰে স্থানীয় স্বায়ত্তশাসিত কৰ্তৃপক্ষৰ হাতত বিভিন্ন ক্ষমতা অৰ্পণ কৰি কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ কাৰ্যকৰী হােৱাকৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছিল।

(গ) বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ দ্বাৰা সাধাৰণ জনগণে যাতে গণতান্ত্ৰিক মনােভাবেৰে অংশগ্ৰহণ কৰবি পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ কিছুমান অসুবিধা হৈছে –

READ MORE  কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্ৰতিষ্ঠা | Chapter 12 | Class 12 Political Science - AHSEC

(ক) ভাৰতবৰ্ষত বিকেন্দ্ৰীকৃত পৰিকল্পনাই কৃতকাৰ্যতা লাভ কৰাৰ ক্ষেত্ৰত পিছহুহকে স্থানীয় পৰ্যায়ত পৰিকল্পিত আঁচনিসমূহ ৰূপায়ণৰ অভাৱ হেতুকে।

16. পৰিকল্পনা বুলিলে কি বুজা? উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব কি?
উত্তৰঃ পৰিকল্পনা হ’ল বিকাশৰ এটা আহি অথবা পৰিকল্পনাৰ জৰিয়তে। সাধন কৰা বিকাশ। অৰ্থাৎ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন। কৰা হ’ব ইত্যাৰ এক পৰিকল্পনা অথবা আহি প্ৰস্তুত কৰাকে পৰিকল্পনা বােলা হয়।

পৰিকল্পনাৰ জৰিয়তে সকলাে নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰাত গুৰুত্ব প্ৰদান কৰা। এই পৰিকল্পনাৰ দ্বাৰা জাতীয় আয় বৃদ্ধিৰ জৰিয়তে অৰ্থনৈতিক বিকাশত প্ৰদান কৰা হৈছে। সম্প্ৰদাযৰ উৎপাদিত সম্পদৰ অধিকাৰ আৰু নিয়ন্ত্ৰণ যাতে জনসাধাৰণৰ হিতৰ হকে সুৰক্ষিত কৰি ৰাখিব পাৰি আৰু সদ্ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অৰ্থনৈতিক অসমতা হ্ৰাস কৰিবলৈ পৰিকল্পনাৰ দ্বাৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে। বিভিন্ন জনকল্যাণমূলক আঁচনিৰ জৰিয়তে দৰিদ্ৰতা দূৰীকৰণ, নিবনুৱা সমস্যা সমাধান আদি কাৰ্যপন্থা হাতত লােৱা, সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে নূন্যতম। প্ৰযােজনীখিনি দেশৰ যাতে সকলাে জনসাধাৰণে লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছিল।

17. গুজৰাটৰ শ্বেত বিপ্লৱৰ বিষযে এটা টোকা লিখা।
উত্তৰঃ কৃষি খণ্ডত হােৱা সেউজ বিপ্লৱৰ দৰে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰটো এক বিপ্লৱ সংঘটিত হৈছিল। এই বিপ্লৱক শ্বেত বিপ্লৱ বুলি জনা যায়। গাখীৰৰ পৰা উৎপাদিত দ্ৰব্যক কেন্দ্ৰ কৰি সংঘটিত হােৱাৰ বাবে ই্যাক শ্বেত বিপ্লৱ বুলি জনা যায়। এই বিপ্লৱৰ সূচনা হৈছিল সমবায়ভিত্তিক দুগ্ধপামৰ জৰিয়তে। এই বিপ্লৱৰ অন্যতম নেতা আছিল ভাৰ্গিজ কুৰিযেন আৰু তেখেতক ভাৰতৰ দুগ্ধমানৱ ‘ বুলিও জনা যায়।

গুজৰাটৰ আনন্দ নামৰ চহৰত আৰম্ভ হােৱা আমুল নামৰ দুগ্ধ সমবায়। আন্দোলন ৰাজ্যখনত ২.৫ নিযুত দুগ্ধ উৎপাদনকাৰীয়ে যােগদান। কৰিছিল। আমুল আৰ্হি দেশৰ গ্ৰাম্য বিকাশৰ আৰ্হিৰূপে গা কৰি উঠিছিল। ১৯৭০ ৰ দশকত আৰম্ভ কৰা অপাৰেশ্যন ফ্লাড ‘ নামৰ আঁচনিৰ জৰিয়তে অধিক দুগ্ধ উৎপাদনৰ লক্ষ্য আগত ৰাখি দেশজুৰি দুগ্ধ। উৎপাদনকাৰীসকলক সংগঠিত কৰা হয়। দুগ্ধ দ্ৰব্য ক্ৰেতাসকলক উৎপাদনকাৰীসকলৰ সৈতে লগ লগাই দিয়া হয় আৰু মধ্যভােগীসকলক আঁতৰাই পঠিওৱা হয়।

‘অপাৰেশ্যন ক্লাডে ‘ গ্ৰাম্য অঞ্চলৰ বিকাশ আৰু দৰিদ্ৰতা দূৰীকৰণৰ দৰে আঁচনি ৰূপায়ণ কৰিবলৈ ধৰিলে। এই আচনিৰ সহায়ত মহিলাসকলে। মহিলা দুগ্ধ সমবায় সমিতি’সমূহ গঠন কৰিবলৈ ধৰিলে। অৰ্থাৎ, এই বিপ্লৱে মহিলাসকলক অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হােৱাৰ ক্ষেত্ৰতাে অৰিহণা যােগায়।

18. সেউজ বিপ্লৱৰ ফলাফল আলােচনা কৰা।
উত্তৰঃ ভাৰত চৰকাৰে কৃষিখণ্ডৰ উন্নয়ন আৰু আধুনিকীকৰণ আৰু অধিক শস্য উৎপাদন বাবে বহুবােৰ নতুন কৌশল গ্ৰহণ কৰিছিল। এই কৌশল বানীতিসমূহে ভাৰতবৰ্ষৰ কৃষিখণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি দাবী কৰা হয়। এই নীতিসমূহক ‘সেউজ বিপ্লৱ ‘ নামেৰে জানা যায়। সেউজ বিপ্লৱৰ ফলাফলসমূহ হ’ল—

(ক) ৰাজনৈতিক ফলাফল :-
(১) সেউজ বিপ্লৱৰ জৰিয়তে ভাৰত এখন ভােকাতুৰ ৰাষ্ট্ৰৰ পৰা খাদ্যশস্য ৰপ্তানি কৰাৰ সামৰ্থ্য থকা। ৰাষ্ট্ৰৰূপে পৰিগণিত হয়। ভাৰতে এই সফলতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ পৰা সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হয়।

(২) সেউজ বিপ্লৱে ইন্দিৰা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক অধিক শক্তিশালী কৰাত পৰােক্ষভাৱে যথেষ্ট সহায় কৰে।

(খ) অৰ্থনৈতিক ফলাফল :-
(১) সেউজ বিপ্লৱৰ প্ৰধান সফলতা আছিল ঘেঁহু আৰু ধান। এই দুইবিধ প্ৰধান শস্যৰ উৎপাদনৰ অভাৱনীয় বৃদ্ধি।

(২) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষিক্ষেত্ৰত পদ্ধতিগত পৰিৱৰ্তন সূচনা হয়।

19. সেউজ বিপ্লৱ কি? ই কেনেকৈ আৰম্ভ হৈছিল ?
উত্তৰঃ ১৯৬০ ৰ দশকত ভাৰতত উদ্ভৱ হােৱা খাদ্য সংকটৰ ফলস্বৰূপে ভাৰতত খাদ্য দ্ৰব্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ কৃষিখণ্ডত নতুন কৌশল প্ৰৱৰ্তন কৰাকে সেউজ বিপ্লৱ হিচাপে জনা যায়।

১৯৬০ ৰ দশকৰ খাদ্যসংকটৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছিল। এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ নতুন উন্নত জাতৰ বীজ আৰু সাৰৰ লগতে জলসিঞ্চনৰ ব্যৱস্থা ভাৰত চৰকাৰে গ্ৰহণ কৰে। এই নতুন পদ্ধতিটোক আধুনিক কৃষি প্ৰযুক্তিবিদ্যা অথবা সেউজ বিপ্লৱ বুলি কোৱা হয়।

সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতত খাদ্যশস্যৰ উৎপাদন বৃদ্ধি পায়। নতুন জাতৰ বীজ আৰু উন্নত জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে এটুকুৰা কৃষিভূমিত বছৰত এবাৰৰ পৰিৱৰ্তে দুবাৰ তিনিবাৰকৈ খেতি কৰা আৰম্ভ হয়। সেউজ বিপ্লৱৰ অধিকাংশ সুবিধা লাভ কৰে উত্তৰ আৰু উত্তৰ – পশ্চিম ভাৰতৰ ধনী আৰু অধিক ভূমিৰ গৰাকী কৃষকসকলে। পঞ্জাৱ, হাৰিানা, দিল্লী, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পশ্চিম প্ৰান্তৰ কৃষকসকলৰ মাজত নতুন উন্নত জাতৰ ঘেঁহু বীজৰ বাবে অভূতপূৰ্ব উৎসাহ উদ্দীপনাৰ সৃষ্টি হয়। বহু সময়ত চৰকাৰে ধীজ যােগান ধৰিব নােৱাৰা পৰিস্থিতিৰ উদ্ভৱ হয়। ১৯৬৫ চনৰ পৰা ১৯৮০ ৰ দশকলৈ বিশেষকৈ ঘেঁহু আৰু ধানৰ। উৎপাদন সাংঘাতিক বৃদ্ধি পায়।

20. ভাৰতত কেত্যি পৰিকল্পনা আযােগ স্থাপন কৰা হৈছিল ? ই্যাৰ পৰিসৰ আলােচনা কৰা।
উত্তৰঃ ভাৰতত ১৯৫০ চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰৰ এক সাধাৰণ প্ৰস্তাৱৰ দ্বাৰা পৰিকল্পনা আযােগ গঠন কৰা হৈছিল। ভাৰতৰ পৰিকল্পনা আৰু উন্নয়নৰ প্ৰক্ৰিয়াটোত আযােগে এক বিস্তৃত পৰিসৰ সামৰি লয়। আয়ােগৰ মুখ্য পৰিসৰ হ’ল—
(ক) দেশৰ পাৰ্থিব, মূলধন আৰু মানৱ সম্পদ ৰাজিৰ সঠিক মূল্যায়ন কৰা।

(খ) দেশৰ সম্পৰাজিৰ অধিক ফলপ্ৰসূ আৰু ভাৰসাম্যপূৰ্ণ ব্যৱহাৰৰ উপযােগীকৈ এক আঁচনি যুগুত কৰা।

(গ) আঁচনিখনৰ প্ৰতিটো পৰ্যায়ত সকলােবিলাক দিশৰ সফল ৰূপায়ণৰ নিশ্চয়তা প্ৰদান বাবে যাৱতীয় ৰূপায়নকাৰীৰ প্ৰকৃতি নিৰ্ধাৰিত কৰা।

(ঘ) অগ্ৰাধিকাৰ নিৰূপণ কৰা, আঁচনিখন ৰূপায়িত কৰিব পৰা পৰ্যায়ক সংজ্ঞায়িত কৰা আৰু সম্পদ আৱণ্টনৰ প্ৰস্তাৱ আগবঢ়োৱা যাতে প্ৰতিটো পৰ্যায়ৰ কথা সম্পূৰ্ণ হয়।

(ঙ) আঁচনিখনৰ প্ৰতিটো পৰ্যায়ৰ কাৰ্যকৰীকৰণৰ অগ্ৰগতি সম্পৰ্কে সময়ে সমযে নিৰীক্ষণ কৰা আৰু নীতিৰ সামঞ্জস্যৰ বাবে প্ৰযােজন। সাপেক্ষে পৰামৰ্শ আগবঢ়োৱা।

21. খাদ্য সংকট সমস্যাটো আলােচনা কৰা।
উত্তৰঃ কুৰি শতিকাৰ ষাঠিৰ দশকত ভাৰতবৰ্ষৰ কৃষিৰ অৱস্থা বোৰ। পৰা অধিক ব্যোলৈ অৱনতি ঘটিছিল। চল্লিশ আৰু পঞ্চাশৰ দশকত। খাদ্যশস্য উৎপাদন বৃদ্ধিৰ হাৰ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ সামান্য বেছি আছিল। ১৯৬৫ আৰু ১৯৬৭ চনৰ মাজত দেশখনৰ বহু অংশত তীব্ৰ থৰাং হৈছিল। বিহাৰত খাদ্যসংকট অতি তীব্ৰভাৱে অনুভৱ কৰা হৈছিল আৰু ৰাজ্যখনত প্ৰায় দুৰ্ভিক্ষৰ নিচিনা অৱস্থা হৈছিল।

১৯৬৭ চনত বিহাৰত মৃত্যুৰ হাৰ পিছৰ বছৰৰ তুলনাত ৩৮ % বেছি আছিল। চৰকাৰে গ্ৰহণ কৰা মণ্ডলকৰণ’ নীতিযে ৰাজ্যবােৰৰ মাজত খাদ্যদ্ৰব্যৰ বাণিজ্যত বাধা দিছিল। ই নাটকীয়ভাৱে বিহাৰত খাদ্যৰ। সুলভতা নােহােৱা কৰিছিল। এনে অৱস্থাত সমাজৰ দৰিদ্ৰতম। শ্ৰেণীটোৱে আটাইতকৈ বেছি কষ্ট ভােগ কৰিছিল।

খাদ্যসংকটৰ ফলস্বৰূপে চৰকাৰে গােম আমদানি কৰিবলগীয়া হৈছিল আৰু প্ৰধানকৈ আমেৰিকাৰ পৰা বৈদেশিক সাহায্য গ্ৰহণ কৰিবলগীয়া হৈছিল। সেইবাবে সেইসময়ত যিকোনাে উপায়ে খাদ্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হােৱাটোৱে পৰিকল্পনাকাৰীসকলৰ প্ৰথম প্ৰাধান্য আছিল।

22. স্বাধীনতাৰ প্ৰথম দশকটোত পৰিকল্পিত বিকাশত বহুবােৰ বিতৰ্কৰ অৱতাৰণা হৈছিল – কি?
উত্তৰঃ ভাৰতৰত স্বাধীনতাৰ প্ৰথম দশকটোত পৰিকল্পিত বিকাশৰ সৈতে কেইবাটাও বিতৰ্ক সৃষ্টি হৈছিল। তাৰ ভিতৰত প্ৰধান বিতৰ্কসমূহ। হ’ল—
(ক) কৃষি বনাম উদ্যোগ :- পৰিকল্পনাৰ জৰিয়তে ভাৰতৰ কৃষি খণ্ডত নে উদ্যোগ খণ্ডত অধিক গুৰুত্ব দিয়া হ’ব তাকে লৈ বিতৰ্ক সৃষ্টি হৈছিল। কাৰণ, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কৃষিখণ্ডৰ ওপৰত আৰু দ্বিতীয়। পঞ্চবাৰ্ষিক পৰিকল্পনাত উদ্যোগখণ্ডৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। পৰিকল্পনাকাৰীসকলে অৱশ্যে দ্ৰুত উদ্যোগীকৰণৰ সপক্ষে মত আগবঢ়াইছিল। তেওঁলােকৰ মতে—
(১) বৃহৎ প্ৰাকৃতিক আৰু মানৱ সম্পদৰ অধিকাৰী ভাৰত উদ্যোগৰ বাবে উপযুক্ত।
(২) কৃষিভূমিৰ ওপৰত অত্যধিক হেচা ৰােধ কৰিবলৈ হ’লে উদ্যোগীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব।
(৩) দ্ৰুত উদ্যোগীকৰণ হ’ল সকলাে বিকাশৰ এক অন্যতম চৰ্ত।

(খ) ৰাজহুৱা খণ্ড বনাম ব্যক্তিগত খণ্ড :- ভাৰতীয় অৰ্থনীতিত ৰাজহুৱা খণ্ডৰ ওপৰত অধিক গুৰুত্ব আৰােপ কৰা হ’ব তাক লৈযে। বিতৰ্কৰ সূচনা হৈছিল। আৰম্ভণিতে পুঁজিবাদী অৰ্থনীতি আৰু সমাজবাদী অৰ্থনীতি গ্ৰহণক লৈ বিতৰ্ক সৃষ্টি হৈছিল আৰু অৱশেষত মিশ্ৰ অৰ্থনীতি গ্ৰহণ কৰা হয়।

ভাৰতত দুটো খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হয় যদিও ১৯৮০ ৰ দশকলৈ সামগ্ৰিকভাৱে ৰাজহুৱা খণ্ডই প্ৰাধান্যতা লাভ কৰি আহিছিল। কিন্তু চৰকাৰী এই সিদ্ধান্তক তীব্ৰভাৱে সমালােচনা কৰা হয়। ১৯৯১ চনত ভাৰতে নতুন অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ আৰু ক্ৰমাৎ ব্যক্তিগত খণ্ডই অধিক গুৰুত্ব লাভ কৰিবলৈ আৰম্ভ কৰে।

23. ভাৰতৰ পৰিকল্পনা ৰূপায়ণকাৰীৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৫০ চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰৰ এক সাধাৰণ প্ৰস্তাৱৰ দ্বাৰা পৰিকল্পনা আযােগ ভাৰতত গঠন হৈছিল। ভাৰতত পৰিকল্পনা আৰু উন্নয়ন প্ৰক্ৰিয়াটোত আযােগে এক বিস্তৃত পৰিসৰ সামৰি লয়। আযােগ প্ৰধান পৰিসৰ হ’ল—
(ক) দেশৰ পাৰ্থিব, মূলধন আৰু মানৱ সম্পদৰাজিৰ সঠিক মূল্যায়ন কৰা।

(খ) দেশৰ সম্পদৰাজিৰ অধিক ফলপ্ৰসূ আৰু ভাৰসাম্যপূৰ্ণ ব্যৱহাৰৰ উপযােগীকৈ এক আঁচনি যুগুত কৰােৱা হয়।

(গ) আঁচনিখনৰ প্ৰতিটো পৰ্যায়ত সকলােবিলাক দিশৰ সফল ৰূপায়ণৰ নিশ্চয়তা প্ৰদানৰ বাবে যাৱতীয় ৰূপায়ণকাৰীৰ প্ৰকৃতি নিৰ্ধাৰণ কৰা।

(ঘ) অগ্ৰাধিকাৰ ৰূপায়ণ কৰা, আঁচনিখন ৰূপায়িত কৰিব পৰা পৰ্যায়ক সংজ্ঞায়িত কৰা আৰু সম্পদ আৱণ্টনৰ প্ৰস্তাৱ আগবঢ়োৱা যাতে প্ৰতিটো পৰ্যায়ৰ কথা সম্পূৰ্ণ হয়।

(ঙ) আঁচনিখনৰ প্ৰতিটো পৰ্যায়ৰ কাৰ্যকৰীকৰণৰ অগ্ৰগতি সম্পৰ্কে সময়ে সময়ে নিৰীক্ষণ কৰা আৰু নীতিৰ সামঞ্জস্যৰ বাবে প্ৰযােজন। সাপেক্ষে পৰামৰ্শ আগবঢ়োৱা।

24. বজাৰ অৰ্থনীতিৰ যুগত পৰিকল্পনাৰ প্ৰাসংগিকতা কি?
উত্তৰঃ নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰ এখন জাতীয় নেতৃত্বৰ সন্মুখত থকা এক গুৰুত্বপূৰ্ণ আৰু কঠিন প্ৰত্যাহ্বান হ’ল ৰাষ্ট্ৰখনৰ বিকাশ। সাধাৰণতে ঔপনিবেশিক শাসনৰ অধীনত থকা ৰাষ্ট্ৰসমূহৰ অৰ্থনীতি সুপৰিকল্পিতভাৱে ধ্বংস কৰি দিয়া হয়। সেয়েহে স্বাধীনতা লাভৰ। পিছত ৰাষ্ট্ৰসমূহৰ প্ৰধান দায়িত্ব আছিল ৰাষ্ট্ৰথনৰ বিধ্বস্ত অৰ্থনীতিৰ পুনৰ সঞ্জীৱন কৰা। সেইহেতুকে পৰিকল্পনাৰ প্ৰাসংগিকতা আহি পৰিছিল আৰু ফলস্বৰূপে ১৯৫০ চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰৰ এটা সাধাৰণ প্ৰস্তাৱৰদ্বাৰা পৰিকল্পনা আযােগ গঠন কৰা হৈছিল।

ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ উদ্দেশ্যে পৰিকল্পনা আযােগ গঠন কৰা হৈছিল। পৰিকল্পনা আযােগে ভাৰতৰ আধুনিকীকৰণ আৰু বিকাশৰ। ক্ষেত্ৰত এক অতি তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল। এই আযােগে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰে। পৰিকল্পনাৰ ফলস্বৰূপে ১.৭ শতাংশ বছৰি জনমূৰি আয় বৃদ্ধি পায়। পৰিকল্পনা আযােগৰ প্ৰচেষ্টা আৰু কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ। ওপৰত গুৰুত্ব প্ৰদানৰ ফলস্বৰূল্পে ১৯৬৬-৬৭ চনত সেউজ বিপ্লৱ আৰম্ভ হয়।
ভাৰতৰ সম্পদসমূহ দক্ষতাৰে ব্যৱহাৰ কৰাটো পৰিকল্পনাৰ অন্যতম উদ্দেশ্য আছিল। সামগ্ৰী আৰু সেৱাৰ বৃদ্ধিৰে পৰিকল্পনাই ভাৰতৰ। অৰ্থনৈতিক বিকাশ সাধন কৰিবলৈ চেষ্টা কৰিছিল।

25. ভাৰতৰ শ্বেত বিপ্লৱ আলােচনা কৰা।
উত্তৰঃ কৃষিখণ্ডত হােৱা সেউজ বিপ্লৱৰ দৰে দুগ্ধ ক্ষেত্ৰৰাে উৎপাদনত এক বিপ্লৱ সংঘটিত হৈছিল। এই বিপ্লৱক শ্বেত বিপ্লৱ বুলি জনা যায়। গাখীৰৰ পৰা উৎপাদিত দ্ৰব্যক কেন্দ্ৰ কৰি সংঘটিত হােৱা বাবেই ই্যাক শ্বেত বিপ্লৱ বুলি জনা যায়। এই বিপ্লৱৰ সূচনা হৈছিল সমবায়ভিত্তিক দুগ্ধ পামৰ জৰিয়তে। এই বিপ্লৱৰ অন্যতম নেতা হ’ল ভাৰ্গিজ কুৰিযেন। তেওঁক ভাৰতবৰ্ষৰ দুগ্ধ মানৱ’ বুলি জনা যায়। আমুল উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গুজৰাটৰ সমবায় দুগ্ধ আৰু মাকেটিং ফেডাৰেচন লিমিটেড গঠনত ভাৰ্মিজ কুৰিযেনে মুখ্য ভূমিকা পালন কৰিছিল।

READ MORE  বিশ্বায়ন | Chapter 7 | Class 12 Political Science - AHSEC

গুজৰাটৰ আনন্দ নামৰ চহৰত আৰম্ভ হােৱা আমূল নামৰ দুগ্ধ সমবায় আন্দোলনত ৰাজ্যখনত ২.৫ নিযুত দুগ্ধ উৎপাদনকাৰীয়ে যােগদান কৰিছিল। আমুল আহি দেশৰ গ্ৰাম্য বিকাশৰ আহিৰূপে গা কৰি উঠিছিল। ১৯৭০ ৰ দশকত আৰম্ভ কৰা অপাৰেশ্যন ফ্লাড় ‘ নামৰ আঁচনিৰ জৰিয়তে অধিক দুগ্ধ উৎপাদনৰ লক্ষ্য আগত ৰাখি দেশজুৰি দুগ্ধ। উৎপাদনকাৰীসকলক সংগঠিত কৰা হয়। দুগ্ধ দ্ৰব্য ক্ৰেতাসকলক উৎপাদনকাৰীসকলৰ সৈতে লগ লগাই দিয়া হয় আৰু মধ্যভােগীসকলক। আঁতৰাই পঠিওৱা হয়। অপাৰেশ্যন ক্লডে ‘ গ্ৰাম্য অঞ্চলৰ বিকাশ আৰু দৰিদ্ৰতা দূৰীকৰণৰ দৰে আঁচনি ৰূপায়ণ কৰিবলৈ ধৰিলে। এই আঁচনিৰ সহাযত মহিলাসকলে মহিলা দুগ্ধ সমবায় সমিতি ‘ সমূহ গঠন কৰিবলৈ ধৰিলে। অৰ্থাৎ, এই বিপ্লৱে মহিলাসকলক অৰ্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হােৱাৰ ক্ষেত্ৰত অৰিহণা যােগাইছিল।

26. সেউজ বিপ্লৱৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ফলাফল আলােচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষই খাদ্যসংকট দূৰ কৰাৰ কাৰণে কৃষিখণ্ডৰ আধুনিকীকৰণ আৰু অধিক শস্য উৎপাদনৰ বাবে গ্ৰহণ কৰা নতুন নতুন কৌশল বা পদক্ষেপে ভাৰতবৰ্ষৰ কৃষিখণ্ডত এক বৈপ্লবিক। পৰিৱৰ্তন অনা বুলি দাবী কৰা হয়। এই পদক্ষেপক ‘সেউজ বিপ্লৱ বুলি আখ্যা দিয়া হয়।

সেউজ বিপ্লৱৰ ৰাজনৈতিক ফলাফল হৈছে—
(ক) সেউজ বিপ্লৱৰ জৰিয়তে ভাৰত এখন ভােকাতুৰ ৰাষ্ট্ৰৰ পৰা। খাদ্যশস্য ৰপ্তানি কৰাৰ সামৰ্থ্য থকা ৰাষ্ট্ৰৰূপে পৰিগণিত হয়। ভাৰতে এই সফলতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় আৰু বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ পৰা সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হয়।

(খ) সেউজ বিপ্লৱে ইন্দিৰা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছক অধিক শক্তিশালী কৰাত পৰােক্ষভাৱে যথেষ্ট সহায় কৰে।

আনহাতে, সেউজ বিপ্লৱৰ অৰ্থনৈতিক ফলাফল হৈছে—
(ক) সেউজ বিপ্লৱৰ প্ৰধান সফলতা আছিল ঘেঁহু আৰু ধান – এই দুইবিধ প্ৰধান শস্যৰ উৎপাদনৰ অভাৱনীয় বৃদ্ধি।

(খ) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষিক্ষেত্ৰত পদ্ধতিগত পৰিৱৰ্তন সূচনা হয়।

27. পৰিকল্পনা কালৰ ভিতৰত ভূমি সংস্কাৰৰ বিষয়ে এটা টোকা লিখা।
উত্তৰঃ কৃষিখণ্ডত গুৰুত্ব সহকাৰে ভূমি সংস্কাৰৰ প্ৰচেষ্টা চলােৱা হৈছিল পৰিকল্পনাৰ কালছােৱাত। কৃষিৰ প্ৰতি আগ্ৰহী নােহােৱা শ্ৰেণীটোৰ হাতৰ পৰা ভূমি মুক্ত কৰাই নহয় ই জমিদাৰসকলৰ ৰাজনৈতিক। আধিপত্যও হ্ৰাস কৰিছিল। একত্ৰীকৰণ অৰ্থাৎ ভূমিৰ ক্ষুদ্ৰ খণ্ডসমূহ একত্ৰিত কৰি কৃষিৰ উপযােগী কৰি লােৱাৰ প্ৰচেষ্টাও বহু পৰিমাণে সফল হৈছিল। আনহাতে, ভূমি সংস্কাৰৰ আন দুটা উপাদান অতি কম পৰিমাণেহে সফল হৈছিল—

প্ৰথমতে, এজন ব্যক্তিযে নিজৰ নামত কিমান পৰিমাণ কৃষি ভূমি ৰাখিব পাৰে তাৰ বাবে উচ্চসীমা নিৰ্ধাৰণ কৰি আইন ৰূপায়ণ কৰা হৈছিল কিন্তু অতিৰিক্ত ভূমি থকা মানুহখিনিয়ে আইন ফাঁকি দিবলৈ ব্যৱস্থা কৰিছিল।

দ্বিতীয়তে, আনৰ ভূমিত খেতি কৰা কৃষকক উচ্ছেদৰ বিৰুদ্ধে অধিক আইনগত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল যদিও এই ব্যৱস্থাটো কাচিৎহে কাৰ্যকৰী কৰা হৈছিল।
অৱশ্যে, কৃষিসম্পৰ্কীয় জনহিতকৰ আঁচনি আৰু নীতিসমূহক প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰাটো সহজ কথা নাছিল। গাঁৱৰ দৰিদ্ৰ ভূমিহীন লােকসকলক একত্ৰিত কৰিব পাৰিলেহে এযা সম্ভব হ’লহেঁতেন কিন্তু ভূমি মালিকসকল অতি আঢ্যৱন্তশালী আছিল। ভূমি সংস্কাৰৰ বহুতাে প্ৰস্তাৱ আইনত পৰিণত হ’ব পৰা নাছিল। যিবিলাক আইনত পৰিণত হৈছিল সেইবােৰ কাগজতেই আছিল, বাস্তৱক্ষেত্ৰত কাৰ্যকৰী হােৱা নাছিল।

28. ভাৰতত পৰিকল্পনাৰ মুখ্য উদ্দেশ্যবােৰ কি কি?
উত্তৰঃ ভাৰতত পৰিকল্পনাৰ মূল উদ্দেশ্যসমূহ হল—
(ক) জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি :- পঞ্চবাৰ্ষিক পৰিকল্পনাৰ প্ৰথম উদ্দেশ্য আছিল জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা।

(খ) জাতীয় আয় বৃদ্ধি :- প্ৰতিটো পৰিকল্পনাৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্দেশ্য আছিল জাতীয় আয় বৃদ্ধি কৰা যিযে ভাৰতৰ অৰ্থনৈতিক বিকাশত যথেষ্ট সহায় কৰিব।

(গ) সম্পদৰ দক্ষ বৃদ্ধি :- ভাৰতৰ সম্পদসমূহ দক্ষতাৰে ব্যৱহাৰ কৰাটো পৰিকল্পনাৰ আন এক অন্যতম উদ্দেশ্য আছিল।

(ঘ) অৰ্থনৈতিক অসমতা হ্ৰাস :- দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা ভাৰতৰ অসমতা হ্ৰাস কৰাৰ অৰ্থে বিভিন্ন ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে সমাজবাদী আহিৰ সমাজ আৰু কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা পৰিকল্পনাৰ জৰিয়তে কাৰ্যকৰী কৰা হয়।

(ঙ) সামাজিক ন্যায় :- পৰিকল্পনাই সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে। এযা কাৰ্যকৰী কৰাৰ অৰ্থে ন্যূনতম প্ৰযােজনীয় কৰ্মসূচী গ্ৰহণ কৰি অহা হৈছে।

(চ) আঞ্চলিক বিকাশ :- স্বাধীনতাৰ সময়ত ভাৰতত আঞ্চলিক ভাৰসাম্য নাছিল। সেয়েহে পৰিকল্পনাৰ জৰিয়তে তুলনামূলকভাৱে পিছ পৰি থকা ৰাজ্যসমূহৰ দ্ৰুত বিকাশ সাধনেৰে আঞ্চলিক সমতা স্থাপনৰ চেষ্টা কৰা হৈছে।

29. ১৯৬৫ আৰু ১৯৬৭ চনৰ সময়ছােৱাত বিহাৰত সৃষ্টি হােৱা খাদ্যসংকট বিষযে ব্যখ্যা কৰা। ইাৰ চমু লেখ দিয়া।
উত্তৰঃ ১৯৬০ ৰ দশকটো আছিল ভাৰতীয় ৰাজনীতি আৰু অৰ্থনীতিৰ বাবে মহা দুৰ্যোগৰ কাল। ১৯৬২ চনত চীনৰ সৈতে আৰু ১৯৬৫ চনত পাকিস্তানৰ সৈতে হােৱা যুদ্ধ আৰু ১৯৬৫-৬৭ চনত হােৱা খৰাং বতৰে ভাৰতীয় অৰ্থনীতিক দুৰ্বল কৰি পেলাইছিল। এই দুৰ্যোগৰ ভয়াৱহ। ফলশ্ৰুতি আছিল দেশৰ বিভিন্ন প্ৰান্তত সৃষ্টি হােৱা দুৰ্ভিক্ষৰ পৰিস্থিতি আৰু ব্যাপক খাদ্যসংকট।

১৯৬৫ আৰু ১৯৬৬ এই দুটো বছৰতে বৰষুণ সাংঘাতিকভাৱে কমি আহিছিল, ইৰাজীত যাক Monsoon Failure ‘ বুলি কোৱা হয়। ইত্যাৰ ফলত দেশত কৃষিখণ্ডৰ উৎপাদন ১৭ শতাংশ আৰু খাদ্য দ্ৰব্যৰ উৎপাদন ২০ শতাংশ কমি আহিছিল। ইয়াৰ ফলত মূল্যবৃদ্ধি ব্যাপক হাত বাঢ়িছিল আৰু খাদ্য দ্ৰব্যৰ দামাে অভূতপূৰ্বভাৱে বাঢ়িছিল। দেশৰ বৈদেশিক মুদ্ৰাৰ ভৰালাে দুৰ্বল হােৱা হেতুকে ব্যাপক হাৰত খাদ্য। আমদানি কৰাটোও ভাৰতবৰ্ষৰ বাবে সম্ভৱপৰ কথা নাছিল।

ভাৰত চৰকাৰৰ পঞ্চবাৰ্ষিক পৰিকল্পনা ১৯৬৯ চনৰ এপ্ৰিল মাহত আৰম্ভ হয়। এই খাদ্যসংকটৰ সময়ত পৃথিৱীৰ উন্নত দেশসমূহে। বিশেষকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰই ভাৰতবৰ্ষলৈ। আগবঢ়োৱা অৰ্থ সাহায্য পাক – ভাৰত যুদ্ধৰ পৰিপ্ৰেক্ষিতত বাতিল কৰে। আন্তৰ্জাতিক মুদ্ৰানিধি বিশ্ববেংক আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই এই পৰিস্থিতি মােকাবিলা কৰিবৰ বাবে ভাৰত চৰকাৰে স্বাধীনতাৰ সময়ৰ পৰা গ্ৰহণ কৰা আত্মনিৰ্ভৰশীল’ নীতি পৰিৱৰ্তন কৰাৰ বাবেও হেঁচা প্ৰযােগ কৰিবলৈ আৰম্ভ কৰে।

30. উন্নয়নৰ বা বিকাশৰ ধাৰণাটো আলােচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ মুহুৰ্তৰ পৰাই উন্নয়নৰ। ধাৰণাটোক লৈ বিতৰ্ক হৈ আহিছে। সাধাৰণতে যেতিয়া উন্নয়ন বুলি কোৱা হয় তেতিযা মানুহৰ মনলৈ তলত উল্লেখ কৰা ধাৰণাবােৰ আহে—
(ক) আধুনিকীকৰণ।
(খ) ঔদ্যোগীকৰণ।
(গ) উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰ।
(ঘ) উৎপাদন বৃদ্ধি।
(ঙ) প্ৰতিযােগিতামূলক অৰ্থনীতি পুঁজিবাদী আহি আৰু সমাজবাদী আৰ্হিৰ এই দুটো আহিৰ মাজত প্ৰধান পাৰ্থক্য আছিল যে উদাৰ। পুঁজিবাদী আহিত অধিক উৎপাদনৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল। ব্যক্তিগত পুঁজিবাদীসকলে এই উন্নয়ন প্ৰক্ৰিত অগ্ৰাধিকাৰ লাভ কৰিছিল। উৎপাদিত পণ্য বা সেৱা সকলােৰে সম সুযােগ সুবিধাৰ বাবে বিতৰণ কৰিব লাগে বুলি কোনাে কথা নাই।

সমাজবাদী আৰ্হিত উন্নয়ন প্ৰক্ৰিয়াটো প্ৰধানতঃ নিয়ন্ত্ৰণ কৰিছিল ৰাষ্ট্ৰই। লক্ষ্য আছিল সমাজৰ সকলােৰে বাবে সম সুযােগ – সুবিধা সৃষ্টি কৰা। অৰ্থাৎ এই আৰ্হিৰ উৎপাদন বৃদ্ধিৰ লগত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ প্ৰশ্নটোও জড়িত হৈ আছিল।

উন্নয়নৰ জৰিয়তে উৎপাদিত সেৱা বা পণ্যৰ নিয়ন্ত্ৰণ আৰু বিতৰণৰ ক্ষেত্ৰত এই দুই আহিৰ মাজত পাৰ্থক্য থাকিলেও উন্নয়ন’বুলি কওঁতে সমাজবাদী ৰাষ্ট্ৰসমূহেও আধুনিকীকৰণ, ঔদ্যোগীকৰণ আৰু উচ্চ প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিছিল।

31. ভূমি সংস্কাৰ বুলিলে কি বুজা? ভূমি সংস্কাৰৰ বিধানসমূহ আলােচনা কৰা।
উত্তৰঃ কৃষিখণ্ডত গুৰুত্ব সহকাৰে ভূমি সংস্কাৰৰ প্ৰচেষ্টা চলােৱা হৈছিল পৰিকল্পনাৰ কালছােৱাত। কৃষিৰ প্ৰতি আগ্ৰহী নােহােৱা শ্ৰেণীটোৰ হাতৰ পৰা ভূমি মুক্ত কৰাই নহয়, ই জমিদাৰসকলৰ ৰাজনৈতিক আধিপত্যও হ্ৰাস কৰিছিল। একত্ৰীকৰণ অৰ্থাৎ ভূমিৰ ক্ষুদ্ৰ খণ্ডসমূহ একত্ৰিত কৰি কৃষিৰ উপযােগী কৰি লােৱাৰ প্ৰচেষ্টাও বহু পৰিমাণে সফল হৈছিল। আনহাতে, ভূমি সংস্কাৰৰ আন দুটা উপাদান অতি কম পৰিমাণেহে সফল হৈছিল—

(ক) প্ৰথমতে, এজন ব্যক্তিয়ে নিজৰ নামত কিমান পৰিমাণৰ কৃষিভূমি ৰাখিব পাৰে তাৰ বাবে উচ্চসীমা নিৰ্ধাৰণ কৰি আইন ৰূপায়ণ কৰা হৈছিল কিন্তু অতিৰিক্ত ভূমি থকা মানুহখিনিযে আইন ফাঁকি দিবলৈ ব্যৱস্থা কৰিছিল।

(খ) দ্বিতীয়তে, আনৰ ভূমিত খেতি কৰা কৃষক উচ্ছেদৰ বিৰুদ্ধে অধিক আইনগত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল যদিও এই ব্যৱস্থাটো কাচিৎহে কাৰ্যকৰী কৰা হৈছিল।

অৱশ্যে কৃষি সম্পৰ্কীয় এই জনহিতকৰ আঁচনি আৰু নীতিসমূহক। প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰাটো সহজ কথা নাছিল।গাঁৱৰ দৰিদ্ৰ ভূমিহীন লােকসকলক একত্ৰিত কৰিব পাৰিলেহে সেই কথা সম্ভৱ হ’লহেঁতেন। কিন্তু ভূমি মালিকসকল অতি আঢ্যৱন্তশালী আছিল। ভূমি সংস্কাৰৰ বহুতাে প্ৰস্তাৱ আইনত পৰিণত হ’ব পৰা নাছিল। যিবিলাক আইনত। পৰিণত হৈছিল সেইবােৰৰ কাগজতেই আছিল, বাস্তৱক্ষেত্ৰত কাৰ্যকৰী হােৱা নাছিল।

32. সেউজ বিপ্লৱ কি? ইয়াৰ দুটা ইতিবাচক আৰু দুটা নেতিবাচক দিশ উল্লেখ কৰা।
উত্তৰঃ ভাৰত চৰকাৰে কৃষিখণ্ডৰ উন্নয়ন, আধুনিকীকৰণ আৰু অধিক শস্য উৎপাদন বাবে বহুবােৰ নতুন কৌশল গ্ৰহণ কৰিছিল। এই কৌশল বানীতিসমূহে ভাৰতবৰ্ষৰ কৃষিখণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি দাবী কৰা হয়। এই নীতিসমূহক ‘সেউজ বিপ্লৱ ‘ হিচাপে জানা যায়।

সেউজ বিপ্লৱৰ দুটা ইতিবাচক ফলাফল হৈছে—
(ক) এই বিনিয়ােগ আৰু আঁচনিসমূহে দেশত জলসিঞ্চন ব্যৱস্থাৰ দ্ৰুত প্ৰসাৰণ সাধন কৰে। উদাহৰণস্বৰূপে, সেউজ বিপ্লৱৰ পূৰ্বে দেশখনত বছৰি ১ নিযুত হেক্টৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা সংযােজিত হৈছিল। কিন্তু সেউজ বিপ্লৱ সূচনা হােৱাৰ পিছত ১৯৭০ দশকত বছৰি ২.৫ নিযুত হেক্টৰ মাটিত জলসিঞ্চন সংযােজিত হৈছিল।

(খ) এই ব্যৱস্থাসমূহে কৃষিখণ্ডৰ উন্নয়ন ক্ষমতা বৃদ্ধিত অৰিহণা। যােগায়। উদাহৰণস্বৰূপে, ১৯৬৭-৬৮ আৰু ১৯৭০-৭১ চনৰ সময়ছােৱাত দেশত খাদ্যদ্ৰব্যৰ উৎপাদন ৩০ শতাংশ বৃদ্ধি পালে। তাৰ ফলত খাদ্যদ্ৰব্য আমদানিৰ পৰিমাণে হ্ৰাস পাবলৈ ধৰিলে।

সেউজ বিপ্লৱৰ দুটা নেতিবাচক ফলাফল—
(ক) সেউজ বিপ্লৱ দেশৰ সকলাে ৰাজ্যত সংঘটিত হােৱা নাছিল। হাৰিয়ানা, পাঞ্জাৱৰ দৰে কিছুমান বিশেষ ৰাজ্যতহে এই বিপ্লৱ সংঘটিত হৈছিল। ফলত দেশৰ ভিতৰতে কৃষিখণ্ডত আঞ্চলিক বৈষম্য বৃদ্ধি পাব ধৰিলে।

(খ) সেউজ বিপ্লৱে দেশত এক শক্তিশালী কৃষক শ্ৰেণীৰ উত্থান ঘটাইছে। এই শ্ৰেণীটো ক্ৰমান্বযে ৰাজনৈতিকভাৱে শক্তিশালী হৈ উঠে আৰু কৃষিখণ্ডলৈ আগবঢ়োৱা ৰাজ সাহায্য তেওঁলােকে হস্তগত কৰিবলৈ ধৰে।

(গ) কৃষি বিপ্লৱৰ দ্বাৰা অৱহেলিত অঞ্চল আৰু কৃষকসকলৰ মাজত মাওবাদী শক্তিসমূহ শক্তিশালী হৈ উঠে।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top