বিশ্বায়ন | Chapter 7 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 7 Notes | SEBA Class 12 HS Political Science Chapter 7 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 7 বিশ্বায়ন | HS 2nd Year Political Science Questions and Answers Assam


বিশ্বায়ন
(Globalisation)

Very Short Type Questions and Answers (Marks : 1)

1. সাংস্কৃতিক একত্ৰীকৰণৰ_____এটা ৰূপ।
উত্তৰঃ সাংস্কৃতিক একত্ৰীকৰণ বিশ্বায়নৰ এটা ৰূপ।

2. বিশ্ব সামাজিক মঞ্চৰ প্ৰথমথন বৈঠকৰ আযােজন কেতিয়া কৰা হৈছিল?
উত্তৰঃ ২০০১ চনত ব্ৰাজিলৰ পােৰ্লো এলেগ্ৰেত।

3. অৰ্থনৈতিক গােলকীকৰণে কি বুজায় ?
উত্তৰঃ বিশ্বায়ন হৈছে এক বহুমুখী প্ৰক্ৰিয়া, এক অবিৰত প্ৰবাহক বুজায়। গতিকে ই পৃথিৱীৰ বিভিন্ন দেশসমূহৰ মাজত অৰ্থনৈতিক আদান – প্ৰদানৰ ক্ষেত্ৰত ওতঃপ্ৰােতভাৱে জড়িত।

4. গােলকীকৰণৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰঃ প্ৰযুক্তি বিদ্যা গােলকীকৰণৰ এক গুৰুত্বপূৰ্ণ উপাদান। গােলকীকৰণে “ প্ৰযুক্তি বিদ্যা ” ৰ ওপৰত নিৰ্ভৰশীল হৈ গতি কৰে।

5. গােলকীকৰণ বুলিলে কি বুজা?
উত্তৰঃ গােলকীকৰণ সম্পূৰ্ণৰূপে এটা অৰ্থনৈতিক ধাৰণা বুলি গণ্য কৰা দেখা যায়। তৎসত্বেও ই্যাৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক পৃথিৱীৰ অন্যবােৰ দেশৰ সৈতে সংযুক্ত আৰু সেই দেশসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে – এই গােটেই পৰিস্থিতি আৰু প্ৰক্ৰিয়াটো। গােলকীকৰণ ‘বােলা হয়।

6. ভাৰতে ইয়াৰ অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিল?
উত্তৰঃ ১৯৯১ চনত।

7. ৰাষ্ট্ৰৰ সমৰ্থনত গােলকীকৰণৰ ইতিবাচক পৰিণতি এটা উল্লেখ কৰা।
উত্তৰঃ প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক প্ৰযােজনীয় তথ্য – পাতি প্ৰদান কৰিব পাৰে।

8. বিশ্ব সামাজিক মঞ্চ কি?
উত্তৰঃ উদাৰনৈতিক বিশ্বায়নৰ বিৰােধিতা কৰা এখন বিশ্ব মঞ্চ।

9. হয় নে নহয় লিখা।
গােলকীকৰণৰ ক্ষেত্ৰত প্ৰযুক্তি হ’ল গুৰুত্বপূৰ্ণ কাৰকসমূহৰ ভিতৰত এটা।
উত্তৰঃ হয়।

10. সাংস্কৃতিক একীভূতকৰণ মানে কি?
উত্তৰঃ বিশ্বায়নৰ ফলত সাংস্কৃতিক আদান – প্ৰদানৰ জৰিযতে সাংস্কৃতিক সমৰূপতা সৃষ্টি হয়।

Short Type Questions and Answers (Marks : 2/3)

1. গােলকীকৰণত প্ৰযুক্তিযে কিদৰে বৰঙণি যােগায়?
উত্তৰঃ প্ৰযুক্তি বিদ্যা বিশ্বায়নৰ এটা গুৰুত্বপূৰ্ণ উপাদান তাত কোনাে সন্দেহনাই। বিশেষকৈ যােগাযােগৰ বৰ্তমানৰ মাধ্যমবােৰে বিশ্বায়নৰ সকলাে কাম – কাজ, লেন – দেন, আদান – প্ৰদান ; দেশ – বিদেশৰ। দূৰত্ব সংকোচন কৰি আনিছে।

2. ৰাষ্ট্ৰীয় পৰ্যায়ত গােলকীকৰণৰ এটা ইতিবাচক পৰিণাম উল্লেখ কৰা।
উত্তৰঃ এটা ইতিবাচক পৰিণাম হ’ল অসমতা, বিশেষকৈ আৰ্থিক অসমতাৰ ক্ষেত্ৰত দেখা যায় বিভিন্ন দেশৰ মাজত থকা অসমতা গােলকীকৰণৰ দ্বাৰা সমাধান কৰিব পৰা যায়।

3. অৰ্থনৈতিক গােলকীকৰণৰ সৈতে জড়িত দুটা কাৰক উল্লেখ কৰা।
উত্তৰঃ অৰ্থনৈতিক গােলকীকৰণৰ সৈতে জড়িত দুটা কাৰক হ’ল—
(ক) বিশ্ব বাণিজ্য সংস্থা। আৰু
(খ) আন্তৰ্জাতিক মুদ্ৰা নিধি।

4. টিকি থকা অসম (অসমান ) বিশ্ব দুখন কি কি?
উত্তৰঃ উত্তৰ আৰু দক্ষিণ গােলাৰ্ধৰ ৰাষ্ট্ৰসমূহৰ মাজত দৃষ্টিভংগীৰ পাৰ্থক্য আছে। বিশ্ব পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ৰ বাবে উত্তৰ গােলাৰ্ধৰ উন্নত ৰাষ্ট্ৰবােৰ উদ্যোগীকৰণৰ অনিষ্টকাৰী ফলাফলৰ বাবে জগৰীয়া, কিন্তু দক্ষিণৰ উন্নয়নশীল ৰাষ্ট্ৰবােৰ অৱক্ষযৰ বাবে কোনাে প্ৰকাৰে জগৰীয়া নহয়। উত্তৰ গােলাৰ্ধৰ ৰাষ্ট্ৰবােৰ উন্নত ধনী আনহাতে দক্ষিণ গােলাৰ্ধৰ ৰাষ্ট্ৰবােৰ উন্নয়নশীল দুখীয়া। এই দুখনকে অসমান বিশ্ব বুলি ক’ব পাৰি।

5. সাংস্কৃতিক একীভূতকৰণে কি সূচায়?
উত্তৰঃ সাংস্কৃতিক একীভূতকৰণে মিশ্ৰিত সংস্কৃতিৰ সৃষ্টি কৰে। মুঠতে বিশ্বায়ণে একো একোটা সংমিশ্ৰিত সংস্কৃতি সৃষ্টি কৰা দেখা যায়।

6. অৰ্থনীতি আৰু সামাজিক অগ্ৰাধিকাৰৰ মুখ্য নিৰ্ণায়ক কি?
উত্তৰঃ আধুনিক কল্যাণকামী ৰাষ্ট্ৰত বজাৰে (Market) ই হ’ল অৰ্থনীতি আৰু সামাজিক অগ্ৰাধিকাৰৰ মুখ্য নিৰ্ণায়ক।

7. গােলকীকৰণৰ কাৰণবােৰ কি কি?
উত্তৰঃ (ক) টেলিগ্ৰাফ, টেলিফোন আৰু মাইক্ৰ’ছফটৰ নবীনতম আবিষ্কাৰে পৃথিৱীৰ বিভিন্ন দেশৰ যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ ক্ষেত্ৰত এক বৈপ্লবিক পৰিৱৰ্তন সাধন কৰে আৰু বিশ্বায়নৰ প্ৰবাহক। তৰান্বিত কৰে।
(খ) পৃথিবীৰ এখন দেশৰ পৰা আন এখন দেশলৈ পুঁজি, বস্তু – বাহানি আৰু মানুহৰ প্ৰৱাহ তৰান্বিত হােৱা বিশ্বায়নৰ আন এটা কাৰণ।

8. গােলকীকৰণৰ ফলত অনিষ্ট হােৱা দুটা ক্ষেত্ৰ কি কি?
উত্তৰঃ (ক) কৃষিকাৰ্যত বিফলতাৰ বাবে কৃষকৰ আত্ম হত্যা।
(খ) বাণিজ্যৰ ক্ষেত্ৰত খুচৰা ব্যবসায়ীৰ আন্দোলনৰ পৰা হােৱা অনিষ্টকাৰী ফলাফল।

9. গােলকীকৰণৰ বিভিন্ন দিশবােৰ কি কি ?
উত্তৰঃ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক।

10. বাণিজ্যিক উদাৰীকৰণ কি কি?
উত্তৰঃ উদাৰীকৰণ মানে উদ্যোগৰ বাবে উদাৰ নীতি গ্ৰহণ কৰা। এই ব্যৱস্থাই দূটা কথাক বুজায়।
প্ৰথমতে – যিবােৰ ঔদ্যোগিক কাৰ্য আগেযে ৰাজহুৱা খণ্ডৰ দ্বাৰা কৰা হৈছিল সেইবােৰ বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ দ্বাৰা কৰা হয়।
দ্বিতীয়তে, উদ্যোগ নীতিৰ সকলাে নীতি নিয়ম শিথিল কৰি আগেযে আৰােপ কৰা বাধানিষেধ ব্যক্তিগত খণ্ডৰ প্ৰতি শিথিল কৰা হয়। বাণিজ্যিক কৰ আদিও হ্ৰাস কৰা হয়।

11. ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক গােলকীকৰণে কিদৰে প্ৰভাৱিত – কৰে?
উত্তৰঃ ৰাষ্ট্ৰীয় সাৰ্বভৌমত্বৰ পৰম্পৰাগত ধাৰণাৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ তিনিটা দিশ আছে। ৰাষ্ট্ৰীয় সামৰ্থ্য কমি যায়। আগৰ জনকল্যাণৰ ঠাইত এতিযা বজাৰসমূহে অৰ্থনৈতিক আৰু সামাজিক তাগ্ৰাধিকাৰসমূহ নিৰ্ণয় কৰে। বহু জাতিক নিগমৰ বৰ্দ্ধিত ভূমিকাই চৰকাৰসমূহৰ সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ্য কমাই পেলাইছে।

READ MORE  কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃপ্ৰতিষ্ঠা | Chapter 12 | Class 12 Political Science - AHSEC

12. কি কাৰণৰ বাবে ভাৰতে নতুন অৰ্থনৈতিক নীতি গ্ৰহণৰ বাবে বাধ্য হ’ব লগা হ’ল?
উত্তৰঃ ভাৰত চৰকাৰে ১৯৯১ চনত নতুন অৰ্থনৈতিক নীতি অবলম্বন কৰিব লগা হল। তলত উল্লেখ কৰা সমস্যাবােৰৰ বাবে নতুন অৰ্থনৈতিক নীতি অৱলম্বন কৰিবলৈ বাধ্য হল।
(i) বহুতাে চৰকাৰী খণ্ডৰ অনুষ্ঠান ভীতিগ্ৰস্তভাৱে লােকচান হৈছিল, যদিও সেইবােৰত অপৰ্যাপ্ত বিনিয়ােগ কৰা হৈছিল।
(ii) বজাৰত মূল্য বৃদ্ধি, অপৰ্যাপ্ত মূলধনৰ নাটনি, মন্থৰ অৰ্থনৈতিক উন্নয়ন আৰু কাৰিকৰী দিশত অতি পিছপৰা প্ৰযুক্তি আদিযে চৰকাৰক নতুন নীতি গ্ৰহণ কৰিবলৈ বাধ্য কৰায়। এনেবােৰ কাৰণতে নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰা হৈছিল।

Short Type Questions and Answers (Marks : 4/5/6)

1. গােলকীকৰণে সংস্কৃতিক বহুধাবিভক্ত কৰা যুক্তিত তুমি একমত নে?
উত্তৰঃ হয় ; গােলকীকৰণে সংস্কৃতিক বিভিন্ন প্ৰকাৰে প্ৰভাৱিত কৰি বহুধাবিভক্ত কৰি মিশ্ৰিত সংস্কৃতিৰ সৃষ্টি কৰে। মুঠতে গােলকীকৰণে। প্ৰত্যেক সংস্কৃতিকে এটা বেলেগ ৰূপ দিয়ে আৰু তাক স্পষ্ট কৰি তােলে। এনে এক বাতাবৰণকে সংস্কৃতিক সংমিশ্ৰণ কৰি বিভিন্ন ৰূপ দিয়ে। গােলকীকৰণৰ ফলত উন্নত দেশবােৰে বিভিন্ন টি ভি চেনেলৰ যােগেৰে জনপ্ৰিয় সাংস্কৃতিক দৃশ্য, নাচ, গান চিনেমা আদিৰে পৃথিৱীৰ। উন্নয়নশীল দেশৰ সংস্কৃতিক নানাভাৱে প্ৰভাৱিত কৰিছে। কাৰণ সকলাে দেশৰ লােকে সহজে দূৰদৰ্শনৰ জৰিয়তে বিভিন্ন আমােদ প্ৰমােদৰ দৃশ্য, গান নাচ উপভােগ কৰি নিজৰ সংস্কৃতিক পৰােক্ষভাৱেৰে হলেও কিছু পৰ্মিাণে প্ৰভাৱিত কৰিছে।

2. বিশ্বায়নৰ বিভিন্ন মাত্ৰাসমূহ কি কি?
উত্তৰঃ বিশ্বায়ন এটা বহুমুখী ধাৰণা। বিশ্বায়ন ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক প্ৰতিফলন আছে যিবােৰক আমি যথােপ যুক্তভাৱে পৃথক কৰিব পাৰাে। কিন্তু আমি এইটো ধৰি লােৱাটো ভুল হ’ব যে ই কেৱল এট্য অৰ্থনৈতিক প্ৰতিফলনহে, আনহাতে ইযাক কেৱল বিশুদ্ধ সাংস্কৃতিক বাতাবৰণ বুলিও কোৱাটো ভুল হ’ব। বিশ্বায়ন অসমানভাৱে পৰা বিশাল প্ৰভাৱ। বিশ্বায়নে কোনাে এখন সমাজক আন কোনাে এখন সমাজতকৈ বৈছি প্ৰভাৱ পেলায় আৰু সমাজৰ কোনাে এটা। অংশত আৰু বেছি প্ৰভাৱ পেলাব পাৰে। মুঠতে কোনাে এটা নিৰ্দিষ্ট বিষ্যত যথেষ্ট গুৰুত্ব নিদিয়াকৈ, বিশ্বায়নৰ প্ৰভাৱৰ বিষয়ে সাধাৰণ সিদ্ধান্ত লােৱাটো এৰাই চলিব লাগে।

3. ভাৰতৰ গােলকীকৰণৰ প্ৰভাৱ দেখুওৱা।
উত্তৰঃ ভাৰতবৰ্ষত প্ৰকৃত অৰ্থত বিশ্বায়ন ১৯৯১ চনৰ পৰা আৰম্ভ হয়—
(ক) বাণিজ্যিক নীতিৰ ক্ষেত্ৰত সংস্কাৰ :- ভাৰতৰ বাণিজ্যিক নীতিৰ – ক্ষেত্ৰত বিশ্বায়নৰ প্ৰভাৱ পৰিছে। আমদানিকৃত বস্তুৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা প্ৰদান কৰা হয়।

(খ) ঔদ্যোগিক নীতিৰ সংস্কাৰ :- ঔদ্যোগিক ক্ষেত্ৰত সংস্কাৰ সম্পূৰ্ণৰূপে উঠাই লােৱা হয়। অৱশ্যে কেইটামান বিশেষ উদ্যোগৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ এতিয়াও প্ৰযােজন।

(গ) বিত্তীয় সংস্কাৰ :- বিত্তীয় ক্ষেত্ৰতাে আমূল পৰিৱৰ্তন সাধন কৰা হয়। ব্যক্তিগত খণ্ডৰ, বেংকসমূহৰ লগতে যৌথভাৱে পৰিচালিত বিদেশী বেংকসমূহকো তেওঁলােকৰ বিত্তীয় কাৰ্যৰ পৰিধি বৃদ্ধি কৰাৰ অনুমতি প্ৰদান কৰা হয়।

4. গােলকীকৰণে গােলকীয় সংস্কৃতি হানিকাৰক প্ৰভাৱ পেলােৱা উপাযবােৰ লিখা।
উত্তৰঃ গােলকীয় সংস্কৃতিত গােলকীকৰণৰ প্ৰভাৱ পৰা সাধাৰণতে তিনিটা প্ৰকাৰে পৰা দেখা যায়—
(i) সাধাৰণতে গােলকীয় সংযােগ থকা বৃত্তিধাৰী আৰু বিশেষকৈ বাণিজ্যিক শ্ৰেণীৰ লােকৰ দ্বাৰা নতুন সংস্কৃতিৰ বিকাশত প্ৰভাৱ পেলায়

(ii) কিছুমান প্ৰাক সংস্কৃতি দ্ৰুতগতিত বিকাশ ঘটা কাৰ্য।

(iii) মানৱ অধিকাৰ আৰু অন্যান্য সামাজিক বিশালতৰ বিষয়বােৰৰ ওপৰত থকা বিশ্বাস আৰু মূল্যবােধৰ দ্ৰুত প্ৰসাৰণ অধপতন ঘটে।

5. গােলকীকৰণৰ অৰ্থনৈতিক সংস্কাৰ কি কি?
উত্তৰঃ অৰ্থনৈতিক বিশ্বায়নে পৃথিৱীৰ ধনী – দুখীয়াৰ মাজত ব্যৱধান বৃদ্ধি কৰিছে যদিও ইয়াৰ সমৰ্থকসকলে বিশ্বায়নৰ সকাৰাত্মক দিশ। সম্পৰ্কে এনেদৰে উল্লেখ কৰিছে—
(ক) বিশ্বায়নত বিশ্বৰ চাৰিও কাষৰ বৃহৎ সামগ্ৰীৰ ব্যৱসায় জড়িত হৈ থাকে। আন দেশৰ পৰা সম্পদ আমদানিৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰই। আৰােপ কৰা বাধা নিষেধসমূহ ইাত কমােৱা হয়।

(খ) একেদৰে বিভিন্ন ৰাষ্ট্ৰৰ মাজত মূলধনৰ চলাচলৰ ক্ষেত্ৰত থকা বাধাবােৰাে কমােৱা হয়।

(গ) কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ জৰিয়তে বিশ্বায়নে জাতীয় সীমা পাৰ হৈ ভাবৰ আদান – প্ৰদান নিশ্চিত কৰে।

6. গােলকীকৰণৰ কেইটিমান সুবিধা উল্লেখ কৰা।
উত্তৰঃ তলত কেইটিমান সুবিধা উল্লেখ কৰা হ’ল—
(১) গােলকীকৰণে উপযুক্ত প্ৰতিযােগীক প্ৰতিযােগিতাৰ সুবিধা প্ৰদান কৰে আৰু উন্নয়ন গতি বৃদ্ধি কৰে।

(২) সমৰ্থকসকলে যুক্তি দিয়ে যে দুখন ৰাষ্ট্ৰৰ মাজৰ বাণিজ্যিক ব্যৱসাযে দুয়ােখন ৰাষ্ট্ৰৰে সম্পদৰ পৰিমাণ বৃদ্ধি কৰে।

(৩) পুঁজিবাদ আৰু সমাজবাদ এই দুয়ােটাৰে পৰম্পৰ সংমিশ্ৰিত বুলি। কব লাগিব, দুটোৰে যুদ্ধৰ মাজেৰেহে প্ৰকৃত শ্ৰেষ্ঠত্বৰ পৰিণতি ঘটাব পৰা যাব।

(৪) যিবােৰ দুখীয়া দেশে আন দেশৰ লগত বাণিজ্যত লিপ্ত হৈছে, প্ৰায়বােৰ দেশেই উচ্চ হাৰত আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে জনমূৰি আয় বাঢ়িছে।

7. বিশ্বায়নৰ সপক্ষে দুটা আৰু বিপক্ষে দুটা যুক্তি লিখা।
উত্তৰঃ পক্ষে—
(ক) বিশ্বায়নৰ ফলত অৰ্থনৈতিক পৰস্পৰ নিৰ্ভৰশীলতা দেশসমূহৰ মাজত বৃদ্ধি হৈছে।
(খ) দেশসমূহৰ মাজত সংহতি স্থাপনত সহায়ক হৈছে।

বিপক্ষে—
(ক) কৃষিকাৰ্যত বিফলতাৰ বাবে কৃষকৰ আত্মহত্যা আৰু
(খ) বাণিজ্যৰ খুচুৰা ব্যৱসায়ীৰ আন্দোলনৰ পৰা হােৱা অনিষ্টকাৰী ফলাফল।

8. গােলকীকৰণৰ পৰিণতিবােৰ কি কি?
উত্তৰঃ (ক) গােলকীকৰণে ৰাজনৈতিক ক্ষেত্ৰত উল্লেখযােগ্য প্ৰভাৱ বিস্তাৰ কৰিছে। এই ধাৰণাই পাৰস্পৰিক সাৰ্বভৌমত্বৰ অৰ্থৰ পৰিৱৰ্তন কৰিছে।

READ MORE  ভাৰতৰ বৈদেশিক সম্পৰ্ক | Chapter 11 | Class 12 Political Science - AHSEC

(খ) গােলকীকৰণৰ প্ৰসাৰৰ বাবে বহুজাতিক সংস্থাৰ প্ৰৱেশ আৰু ইয়াৰ গুৰুত্ব সকলাে দেশত বৃদ্ধি পােৱাৰ বাবে চৰকাৰৰ ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাইছে।

(গ) গােলকীকৰণে মানুহৰ জীৱনশৈলী, বিচাৰধাৰা, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতাে পৰিৱৰ্তন আনিছে।

(ঘ) অৰ্থনৈতিক গােলকীকৰণে পৃথিৱীৰ ৰাজনৈতিক চেহেৰাৰ পৰিৱৰ্তন সাধন কৰিছে। অৰ্থনৈতিক বিশ্বায়নৰ বিভিন্ন আন্তৰ্জাতিক বিত্তীয় সংগঠন যেনে আন্তৰ্জাতিক মুদ্ৰানিধি, বিশ্ববেংক আদিৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে।

9. গােলকীকৰণৰ সময়ত ৰাষ্ট্ৰবােৰৰ পৰিবৰ্তিত ভূমিকাৰ প্ৰভাৱ উন্নয়নশীল ৰাষ্ট্ৰবােৰৰ ওপৰত কেনেদৰে পৰিছে সমালােচনামূলক ভাবে মূল্যায়ণ কৰা।
উত্তৰঃ এইটো যুক্তিৰে কোৱা হয় যে উন্নয়নশীল ৰাষ্ট্ৰৰ ভূমিকাত। গােলকীকৰণে কাৰ্য কৰে। অৰ্থাৎ ৰাষ্ট্ৰৰ চৰকাৰে কৰিব খােজা কামত সক্ষমতা আনে। যেতিয়া কোনাে এখন দেশে আন এখন দেশৰ লগত বাণিজ্যিক কাম কাজত ব্যস্ত হয়, দুয়ােখন চৰকাৰে এটা চুক্তি উপনীত হয়, দুযােথন দেশতে বাণিজ্যিক কাম কাজ কৰাৰ সুবিধা কৰি লয়। আনহাতে পৃথকভাৱে বিশ্ব বাণিজ্যিক সংস্থাৰ নিচিনা আন্তৰ্জাতিক সংস্থাৰ বাৰেও নীতি – নিয়ম প্ৰণয়ন কৰে সকলাে – দেশৰ বাবে আৰু চৰকাৰে সেই নীতি – নিযমবােৰ নিজৰ দেশত বলবৎ কৰিব লাগে। বহুতাে সময়ত তেওঁলােকে কিছুমান নীতি নিমৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হয় যাৰ দ্বাৰা তেওঁলােকৰ অধিকাৰ আৰু কাম কৰাৰ পৰিস্থিতিৰ ৰক্ষণাবেক্ষণ দিয়া হয়।

এইটো সাব্যস্ত যে, প্ৰাচীন কল্যাণকামী ৰাষ্ট্ৰৰ ঠাইত বৰ্তমান বজাৰেহে অৰ্থনীতি আৰু সামাজিক অগ্ৰাধিকাৰ নিৰ্ণ্য কৰে। কোনাে এখন দেশত বহুজাতিক কোম্পানীৰ প্ৰৱেশে চৰকাৰৰ নিজে নিজৰ বাবে সিদ্ধান্ত লােৱাৰ সক্ষমতা বহুগুণে কমাই পেলায়।

যিযে নহওক এইটো দেখা যায় যে গােলকীকৰণে ৰাষ্ট্ৰৰ সক্ষমতা সকলাে সময়তে কমায়। উন্নয়নশীল দেশৰ ৰাষ্ট্ৰই নিজৰ অত্যাৱশ্যকীয় কাৰ্যাৱলী সঠিক ভাবেই চলাই থাকে। যেনে আইন শৃংখলা বজাই ৰখা, ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা কৰা আদি। এইদৰে ৰাষ্ট্ৰ সদাযে এক গুৰুত্বপূৰ্ণ। আৰু এনেকি উন্নয়নশীল ৰাষ্ট্ৰইযাে গােলকীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ। ভূমিকা গ্ৰহণ কৰে। ইয়াৰ উপৰিও ৰাষ্ট্ৰই উন্নত কাৰিকৰী শিল্প প্ৰযুক্তিৰ জৰিয়তে নাগৰিকৰ সকলাে খা – খবৰ সংগ্ৰহ কৰি সঠিকভাৱে দেশ। শাসন কৰিব পাৰিছে। ইয়াৰ ফলস্বৰূপে নতুন কাৰিকৰী শিল্প – প্ৰযুক্তি। সহাযত নীতি – নিযমকে বেছি শক্তিশালী ৰূপত কাৰ্যকৰী কৰিব পাৰিছে।

10. গােলকীকৰণত শিল্প প্ৰযুক্তিযে কিদৰে বৰঙণি যােগাইছে ব্যাখ্যা কৰা।
উত্তৰঃ গােলকীকৰণত শিল্প – প্ৰযুক্তিৰবৰঙণিযে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
(১) টেলিগ্ৰাফ, টেলিফোন, টেলিভিশন, ইনটাৰনেট, ই – মেইল, ফেক্স আদি বৈদ্যুতিক ব্যৱস্থাৰ আৱিষ্কাৰে পৃথিৱীত যােগাযােগ ব্যৱস্থাত এক আমূল পৰিবৰ্তনৰ সৃষ্টি কৰিছে।

(২) পৃথিৱীৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ মানুহৰ ভাৱধাৰা, মূলধন, বিভিন্ন সামগ্ৰী, আৰু জনসাধাৰণে অতি সহজে গতি কৰি থকাটো সম্ভৱ কৰি তুলিছে আজিৰ উন্নত শিল্প প্ৰযুক্তিযে আৱিষ্কাৰ কৰা নানা যন্ত্ৰপাতি, ইঞ্জিন, কল – কাজাৰ বাবেই।

(৩) পৃথিৱীত ডিজিটেল, খা – খবৰৰ প্ৰভাৱে পৃথিৱীৰ শিক্ষা ব্যৱস্থাত, যােগাযােগ ব্যৱস্থাত, বেপাৰ – বাণিজ্যত, চিকিৎসা সেৱাৰ পদ্ধতি আদি সকলাে দিশতে এক আমূল পৰিবৰ্তন আনিবলৈ শিল্প প্ৰযুক্তিৰ ফলতে সম্ভৱ হৈছে।

(৪) কম্পিউটাৰৰ শিল্পোন্নতিযে দূৰ – দূৰণিৰ পৰা শিক্ষাৰ প্ৰসাৰণ কৰাৰ ব্যৱস্থা অতি সহজ কৰি তুলিছে। ইংলেণ্ড আমেৰিকা আদি দেশৰ উন্নত শিক্ষা ব্যৱস্থা সহজে বিভিন্ন দেশত প্ৰসাৰিত হৈছে।

গতিকে বৈজ্ঞানিক শিল্পকলাৰ কৌশলে বিশাল পৃথিৱীখনক সকলাে ক্ষেত্ৰতে গােলকীকৰণৰ দ্বাৰা এক কৰি তুলিছে।

11. গােলকীকৰণে ভাৰতক কিদৰে প্ৰভাৱিত কৰিছে আৰু ভাৰতে গােলকীকৰণক কিদৰে প্ৰভাৱিত কৰিছে ?
উত্তৰঃ গােলকীকৰণে বিভিন্ন প্ৰকাৰে ভাৰতক বৰঙণি যােগাইছে বা প্ৰভাৱিত কৰিছে। যেনে – অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে। স্বাধীনতাৰ পৰবৰ্তীকালত ভাৰতে মিশ্ৰিত অৰ্থনীতি অনুসৰণ কৰি উন্নয়নৰ পথ অবলম্বন কৰিছিল। ইয়াৰ দ্বাৰা বহুতাে বৃহৎ উদ্যোগ ৰাজহুৱা খণ্ডৰ সহায়ত প্ৰতিষ্ঠা কৰিছিল আৰু ভালেমান ব্যক্তিগত খণ্ডৰ উন্নয়নৰ কাম কাজ কৰিছিল। কিন্তু এই অৰ্থনৈতিক নীতিৰে ভাৰতে আশানুৰূপ উন্নয়নৰ পথ প্ৰশস্ত নহ’ল। ইয়াৰ ফলত ১৯৯১চনৰ পৰা নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰিবলৈ বাধ্য হ’ল। কাৰণ বহুতাে ৰাজহুৱা খণ্ডৰ উদ্যোগত অপৰ্যাপ্ত বিনিয়ােগ কৰা সত্বেও বৃহৎ পৰিমাণ ক্ষতি হৈছিল; মূল্য বৃদ্ধি, মূলধনৰ নাটনি, মন্থৰ আৰ্থিক উন্নয়ন, শিল্প প্ৰযুক্তি পিছপৰা আৰু অনুন্নত অৱস্থাৰ।

এনে এক সংকটৰ অৱসানৰ বাবে অৰ্থনীতিৰ সংস্কাৰ সাধন আৱশ্যক হৈ পৰে। আৰু এক উদাৰীকৰণ নীতি গ্ৰহণ কৰে এনেকি বাণিজ্যিক আৰু বৈদেশিক মূদ্ৰা বিনিয়ােগ নীতিৰ সংস্কাৰ সাধন। কৰা হয়। বহুতাে বহু ৰাষ্ট্ৰীয় কোম্পানীক আকৰ্ষণ কৰিবলৈ আৰ্থিক নীতিৰ বহুতাে বাধা – নিষেধ হ্ৰাস কৰি, বিদেশী মূলধন বিনিযােগৰ গতি বৃদ্ধি কৰিব লগা হৈছে। আনহাতে গােলকীকৰণৰ কাৰণতে বহুতাে ভাৰতীয় নাগৰিকে উন্নত সংস্থাপন বিচাৰি বিদেশলৈ যাব লগা হৈছে।

সংস্কৃতিৰ ক্ষেত্ৰতাে, আমেৰিকান আৰু ইউৰােপীয় সংস্কৃতিযে ভাৰতত ভয়াৱহভাৱে প্ৰসাৰতা লাভ কৰিছে। আমাৰ খাদ্যভ্যাস, সাজপােছাক। ধৰণকৰণ পৰিবৰ্তন হৈছে। যেনে বাৰ্গাৰ থােৱা, গাত লিপিত থাই ধৰা জীনছ পেন্ট পিন্ধা আদিযে আমাৰ জীৱনত এক সাংঘাটিক পৰিবৰ্ত আনিছে। গােলকীকৰণ আমাৰ পৰিয়াল জীৱনতাে পৰিবৰ্তন আনিছে যুটীয়া পৰিয়ালৰ ঠাইত একক পৰিয়ালৰ সৃষ্টি কৰিছে।

আনহাতে ভাৰতবৰ্ষইয়াে গােলকীকৰণৰ ওপৰতাে প্ৰভাৱ বিস্তাৰ কৰিছে। ভাৰতত যােগাযােগ কাৰিকৰী শিল্প প্ৰযুক্তি আকাশ মাৰ্গ কাৰিকৰী। শিল্প প্ৰযুক্তি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। উন্নয়নশীল দেশৰ বাৰে বেপাৰ বাণিজ্যত লিপ্ত হ’বৰ বাবে যেতিয়া উন্নত দেশবােৰৰ লগত। দৰদাম কৰিব লগা হয় ভাৰতে নেতৃত্ব দিবলৈ এক সংকটপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লগা হয়।

READ MORE  সাম্প্ৰতিক দক্ষিণ এছিয়া | Chapter 3 | Class 12 Political Science - AHSEC

ভাৰতত গােলকীকৰণৰ ক্ষেত্ৰত বাধা – নিষেধ বিভিন্ন দিশৰ পৰা আহিছে। অৰ্থনৈতিক উদাৰীকৰণৰ বিৰুদ্ধেও ৰাজনৈতিক দল আৰু ভাৰতীয় সামাজিক মঞ্চ আদিৰ পৰাও বিৰােধিতা আহিছে। বাণিজ্যিক। শ্ৰমিক সংস্থা, কৃষক সংস্থা আৰু সৰু সৰু উদ্যোগীসকলেও সংগঠিতভাৱে বহুৰাষ্ট্ৰীয় কোম্পানীৰ প্ৰৱেশৰ বিৰুদ্ধে বাধা প্ৰদান কৰিছে। গােলকীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ হােৱাৰ আন এটা কাৰণ হ’ল কেবল নেটৱৰ্কৰ জৰিয়তে প্ৰচাৰ কৰা বিদেশী TV. চেনেলত . স্কুল – কলেজ ছাত্ৰ সাজ – পাৰৰ ফেচনৰ সােৱাদেৱে পাশ্চাত্যকৰণ পথ মুকলি কৰা।

12. গােলকীকৰণৰ সময়ত ৰাষ্ট্ৰবােৰৰ পৰিবৰ্তিত ভূমিকাৰ প্ৰভাৱ উন্নয়নশীল ৰাষ্ট্ৰবােৰৰ ওপৰত কেনেদৰে পৰিছে সমালােচনামূলক ভাৱে মূল্যায়ণ কৰা।
উত্তৰঃ এইটো যুক্তিৰে কোৱা হয় যে উন্নয়নশীল ৰাষ্ট্ৰৰ ভূমিকাত গােলকীকৰণে কাৰ্য কৰে। অৰ্থাৎ ৰাষ্ট্ৰৰ চৰকাৰে কৰিব খােজা কামত সক্ষমতা আনে। যেতিয়া কোনাে এখন দেশে আন এখন দেশৰ লগত বাণিজ্যিক কাম কাজত ব্যস্ত হয়, দুয়ােখন চৰকাৰে এটা চুক্তিত। উপনীত হয়, দুয়ােখন দেশতে বাণিজ্যিক কাম কাজ কৰাৰ সুবিধা কৰি ল্য। আনহাতে পৃথকভাৱে বিশ্ব বাণিজ্যিক সংস্থাৰ নিচিনা আন্তৰ্জাতিক সংস্থাৰ বাৰেও নীতি – নিয়ম প্ৰণয়ন কৰে সকলাে দেশৰ বাবে আৰু চৰকাৰে সেই নীতি – নিযমবােৰ নিজৰ দেশত বলবৎ কৰিব লাগে। বহুতাে সময়ত তেওঁলােকে কিছুমান নীতি নিযমৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হয় যাৰ দ্বাৰা তেওঁলােকৰ অধিকাৰ আৰু কাম কৰাৰ পৰিস্থিতিৰ ৰক্ষণাবেক্ষণ দিয়া হয়।

এইটো সাব্যস্ত যে, প্ৰাচীন কল্যাণকামী ৰাষ্ট্ৰৰ ঠাইত বৰ্তমান বজাৰেহে অৰ্থনীতি আৰু সামাজিক অগ্ৰাধিকাৰ নিৰ্ণয় কৰে। কোনাে এথন দেশত বহুজাতিক কোম্পানীৰ প্ৰৱেশে চৰকাৰৰ নিজে নিজৰ বাবে সিদ্ধান্ত। লােৱাৰ সক্ষমতা বহুগুণে কমাই পেলায। যিযে নহওক এইটো দেখা যায় যে গােলকীকৰণে ৰাষ্ট্ৰৰ সক্ষমতা সকলাে সময়তে নকমায। উন্নয়নশীল দেশৰ ৰাষ্ট্ৰই নিজৰ অত্যাৱশ্যকীয় কাৰ্যাৱলী সঠিক ভাবেই চলাই থাকে যেনে আইন শৃংখলা বজাই ৰখা, ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষা কৰা আদি। এইদৰে ৰাষ্ট্ৰ সদাযে এক গুৰুত্বপূৰ্ণ আৰু এনেকি উন্নয়নশীল ৰাষ্ট্ৰইয়াে গােলকীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ উপৰিও ৰাষ্ট্ৰই উন্নত কাৰিকৰী শিল্প প্ৰযুক্তিৰ জৰিয়তে নাগৰিকৰ সকলাে খা – খবৰ সংগ্ৰহ কৰি সঠিকভাৱে দেশ শাসন কৰিব পাৰিছে। ইয়াৰ। ফলস্বৰূপে নতুন কাৰিকৰী শিল্প – প্ৰযুক্তি সহায়ত নীতি – নিয়মকে বেছি শক্তিশালী ৰূপত কাৰ্যকৰী কৰিব পাৰিছে।

13. গােলকীকৰণৰ লগত আৰ্থিক যােগসূত্ৰ কি? ভাৰতত গােলকীকৰণ কিদৰে প্ৰভাৱিত, বিশেষকৈ আৰ্থিক দিশত ?
নাইবাঃ বিশ্বায়ন অথবা গােলকীকৰণৰ কাৰণসমূহ কি কি?
উত্তৰঃ গােলকীয় অৰ্থনীতি সাধাৰণতে পৃথিৱীৰ বিভিন্ন দেশৰ ভিতৰত প্ৰবাহিত বৃহৎ অৰ্থনীতিৰ লগত জড়িত। এই প্ৰবাহ বা বিনিময়ে বিভিন্ন ৰূপ ল্য— ভাবধাৰা, সামগ্ৰী, মূলধন আৰু জনগণ হিচাপে। এই যােগসূত্ৰৰ জেটসমূহ হ’ল—

(i) গােলকীয় অৰ্থনীতিযে সমগ্ৰ বিশ্বত সামগ্ৰীৰ বেপাৰ – বাণিজ্য বৃদ্ধি কৰে। আন দেশৰ পৰা সামগ্ৰী আমদানী কৰাৰ ত্ৰেত দেশবােৰে যথেষ্ট বাধানিষেধ আৰােপ কৰে যাতে আমদানি হ্ৰাস কৰিব পৰা যায়।

(ii) ঠিক তেনেদৰে, এখন দেশৰ পৰা আন এখন দেশলৈ মূলধনৰ গতি বা চলাচলৰ ওপৰতাে বাধা নিষেধ আৰােপ কৰা হয়, যাতে ই্যাক। কমাব পৰা যায়।

(iii) গােলকীকৰণৰ দ্বাৰা জনগণৰ ভাৱধাৰা, ৰাষ্ট্ৰীয় চাৰিসীমাৰ বাহিৰৰ পৰা কম্পিউটাৰ আৰু ইনটাৰনেটৰ জৰিয়তে প্ৰবাহিত কৰা হয়

(iv) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা উন্নত দেশবােৰেও অতি সাৱধানে। ভিচা নীতিৰে নিশ্চিত কৰিব বিচাৰে যাতে আন দেশৰ নাগৰিকে নিজৰ দেশৰ কৰ্মসংস্থানবােৰ দখল কৰিব নােৱাৰে।

(v) গােলকীকৰণে বহুতাে আন্তঃৰ্জাতিক আৰ্থিক সংগঠন যেনে— বিশ্ব বেংক IM.F. আৰু W.T.O. ক জড়িত কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

(vi) অৰ্থনৈতিক গােলকীকৰণে গােটেই পৃথিৱীতে মতামতৰ এক উগ্ৰবিভাজন অনা দেখা যায়।

(vii) যিসকলে গােলকীকৰণৰ বিৰােধিতা কৰে, তেওঁলােকে ক’ব খােজে যে ই এক সামান্য সংখ্যক লােকক হে উপকৃত কৰে আনহাতে সৰহসংখ্যককে যিসকলে এটা কৰ্ম সংস্থাপন বা শিক্ষা, চিকিৎসা আদিৰ নিচিনা সুবিধাৰ পৰাও বঞ্চিত হ’ব লগা হৈছে। মুঠতে তেওঁলােকে ভাবে যে গােলকীকৰণে অৰ্থনৈতিক ধ্বংসহে আনে বিশেষকৈ সংখ্যাগৰিষ্ঠ। দুখীয়া লােকৰ বাবে।

(viii) গােলকীকৰণৰ সমৰ্থক সকলে যুক্তি দিয়ে যে ই সমাজত বেছি অৰ্থনৈতিক উন্নয়ন আনে আৰু সৰহ সংখ্যক লােকৰ কল্যাণ সাধন কৰে। পৃথিৱীৰ বিভিন্ন দেশৰ মাজত বাণিজ্যিক কাৰ্যৰ প্ৰসাৰণ ঘটায় আৰু উন্নতি সাধন কৰায়।

১৯৯১ চনত, অৰ্থনৈতিক সংকটৰ সময়ত আৰু উচ্চ হাৰৰ আৰ্থিক বিকাশৰ প্ৰতি আগ্ৰহী হৈ, ভাৰত চৰকাৰে এক নতুন অৰ্থনৈতিক। নীতিৰ প্ৰতি আকৃষ্ট হয়। এই নতুন নীতি মতে ৰাজহুৱা খণ্ডৰ প্ৰৱৰ্তনৰ লগতে বেচৰকাৰী, ব্যক্তিগত খণ্ডতা কিছু ব্যৱস্থা কৰা হয় আৰু গুৰুত্ব আৰােপ কৰা হয়। বহুতাে ব্যক্তিগত খণ্ডৰ কোম্পানীক বহুতাে বাধা। নিষেধৰ পৰা মুক্ত কৰি দিয়া হয়। অন্যদেশৰ উদ্যোগ আৰু কোম্পানীক বহুতাে শিথিল নিমৰ মাজত উৎপাদন আৰু বাণিজ্য – বেপাৰ কৰাৰ সুবিধা প্ৰদান কৰা হয়। ইতিমধ্যে আন দেশৰ পৰা অহা উদ্যোগপতি আৰু বাণিজ্যিক গােষ্ঠীযে তেওঁলােকৰ সামগ্ৰী উৎপাদন আৰু বিক্ৰী কৰিবলৈ বিভিন্ন ভাৰতৰ ৰাজ্য পৰিদৰ্শন কৰিছে আৰু সেৱা আগবঢ়াবলৈ আগ্ৰহী হৈছে। যােৱা কেইটামান বছৰত বহুতাে বিদেশী কোম্পানীযে ভাৰতৰ বিভিন্ন ৰাজ্যত যােগাযােগ ব্যৱস্থা খা – খবৰ। প্ৰেৰণ কৰা সেৱা। যথেষ্ট উন্নত কৰি তুলিবলৈ সক্ষম হৈছে।

[wpdatatable id=2 table_view=regular]

1 thought on “বিশ্বায়ন | Chapter 7 | Class 12 Political Science – AHSEC”

Leave a Comment

error: Content is protected !!
Scroll to Top