খাদ্য সম্পদৰ উৎকর্ষ সাধন

খাদ্য সম্পদৰ উৎকর্ষ সাধন | Chapter 15 | Class 9 General Science – SEBA

খাদ্য সম্পদৰ উৎকর্ষ সাধন | Chapter 15 | Class 9 General Science Question and Answer | Assam Class 9 General Science Solutions | SEBA Class 9 HSLC General Science Chapter 15 Notes | SEBA Class 9 HSLC General Science Chapter 15 Question and Answer | Questions and Answers for Class 9 General Science Chapter 15 খাদ্য সম্পদৰ উৎকর্ষ সাধন | HSLC General Science Questions and Answers Assam


খাদ্য সম্পদৰ উৎকর্ষ সাধন

Very Short Type Questions and Answers (Marks : 1)

1. হাঁহ আৰু মাছ একেলগে পালন কৰা পৰিশীলনটোক _____ বুলি কোৱা হয়।
উত্তৰঃ‌‌ সমন্বিত কৃষিকাৰ্য্য।

2. ভাৰতৰ জনসংখ্যাৰ বেছিভাগেই জীৱিকাৰ কাৰণে _____ ওপৰত নির্ভৰশীল।
উত্তৰঃ কৃষিৰ।

3. _____ আৰু _____ কাৰণে কুকুৰা পোৱালি কৰা হয়।
উত্তৰঃ‌‌ মাংস, কণীৰ।

4. প্রবর্তিত কৃষিকাৰ্য্য _____ বন্ধু।
উত্তৰঃ কৃষকৰ ।

5. আৰ _____ হৈছে যিকোনো খাদ্যদ্রব্য য়াক পোহনীয় জন্তুক খুৱাবৰ কাৰণে বিশেষকৈ ব্যাৱহাৰ কৰা হয়।
উত্তৰঃ‌‌ দানা-পানী, জন্তুৰ আহাৰ৷

6. _____ আৰু _____ কৌশলৰ সহায়ত ফচলত উন্নয়ণ কৰিব পাৰি।
উত্তৰঃ‌‌ শস্যাবৰ্তন, জিণৰ ৰূপান্তৰ।

7. _____ পালনৰ পৰিশীলনক পশুপালন বুলি কোৱা হয়।
উত্তৰঃ জীব-জন্তু।

8. গাখীৰ আৰু _____ ৰ কাৰণে মচ্ছ পালন কৰা হয়।
উত্তৰঃ‌‌ মাল টনা।

9. নালকাৰী জীৱ আৰু অপতৃণক নিয়ন্ত্ৰণ কৰিবলৈ _____ আৰু _____ এ ভেকুৰ, জীৱাণু আৰু বীজাণু প্ৰয়োগ কৰে।
উত্তৰঃ‌‌ জৈৱ কীটনাশক, জৈৱ অপতৃণ নাশক।

10. জীয়াই থাকিবৰ কাৰণে জীৱক _____ , _____ আৰু _____ লাগে।
উত্তৰঃ বায়ু, পানী, খাদ্য।

11. জন্তুৰ গোবৰক আৰু _____ হিচাপে ব্যাৱহাৰ কৰা হয়।
উত্তৰঃ‌‌ ইন্ধন, সাৰ।

12. জন্তুৰ দ্বাৰা উৎপন্ন হোৱা কিছুমান খাদ্য হৈছে _____ , _____ আৰু _____ ।
উত্তৰঃ গাখীৰ, কণী, মৌ।

13. _____ বোৰ কেৱল এবিধ প্ৰজাতৰ কীটৰ কাৰণেহে সুনির্দিষ্ট।
উত্তৰঃ‌‌ জৈৱ কীটনাশকবোৰ।

14. খাদ্যৰ উৎস হিচাপ _____ বা _____ ক বিভক্ত কৰিব পাৰি।
উত্তৰঃ প্রাণীজাত, উদ্ভিদজাত।

15. নাইট্ৰজেন, ফছফৰাছ আৰু পটেছিয়ামক _____ বুলি কোৱা হয়।
উত্তৰঃ‌‌ গুৰু পোষক দ্রব্য।

16. কৃষিৰ মাটি _____ আৰু _____ কাৰণে অপসৃত কৰা হৈছে।
উত্তৰঃ‌‌ ৰাসায়নিক সার, কীটনাশক দৰব।

17. মৌমাখিৰ পৰা পোৱা খাদ্য বিধ কি?
উত্তৰঃ মৌ।

18. অপতৃণনাশক কি?
উত্তৰঃ যিবোৰ পদাৰ্থই অপতৃণ ধ্বংস বা নিয়ন্ত্রণ কৰে সেইবোৰক অপতৃণনাশক বোলে।

19. জীৱসাৰ কি?
উত্তৰঃ জীৱসাৰ হৈছে জীৱিত বা ক্ষন্তেকৰ বাবে নিস্ক্ৰীয় প্ৰকাৰৰ উপকাৰী অনুজীৱ যেনে – বেক্টেৰিয়া, শেলাই বা ভেঁকুৰ।

20. নীল বিপ্লৱ কি?
উত্তৰঃ নীল বিপ্লৱ হৈছে মীন মহলবোৰৰ এলেকা বৃদ্ধি কৰি মাছৰ উৎপাদন বৃদ্ধি কৰা আৰু বজাৰত মাছৰ ক্ৰয় বিক্ৰয়ৰ সুবিধা বেছি কৰা।

21. শ্বেত বিপ্লৱ কি?
উত্তৰঃ গাখীৰৰ উৎপাদন বৃদ্ধিৰ প্ৰযত্ন আৰু সমবায় আন্দোলনৰ জৰিয়তে গাখীৰৰ চাহিদা পূৰণৰ প্ৰচেষ্টাটোক শ্বেত বিপ্লৱ নামেৰে জনা যায়।

22. দুবিধ বৃক্ষদত্ত শাক-পাচলিৰ নাম লিখা।
উত্তৰঃ বাঁহ গছ আৰু কলৰ পচলা ।

23. তেল উৎপাদনকাৰী কিছুমান উদ্ভিদৰ নাম লিখা।
উত্তৰঃ সৰিয়হ, সূর্যমুখী ফুল, তিল, চীনাবাদাম আদি।

24. দুবিধ মাহজাতীয় শস্যৰ নাম লিখা।
উত্তৰঃ (i) মটৰ মাহ।
(ii) উৰহী।

25. জীৱজন্তুৰ পৰা আহৰণ কৰিব পৰা বিভিন্ন প্ৰকাৰৰ খাদ্যবোৰ কি ?
উত্তৰঃ প্ৰত্যক্ষভাৱে আহৰণ কৰিব পৰা খাদ্যবোৰ হৈছে— মাংস, পৰোক্ষভাৱে আহৰণ কৰিব পৰা খাদ্যবোৰ হৈছে গাখীৰ, পণিৰ, মাখন, কণী, মৌজোল ইত্যাদি।

26. বহনক্ষম কৃষিবিজ্ঞান কি?
উত্তৰঃ পৰিবেশৰ অনিষ্ট নকৰাকৈ অনির্দিষ্ট কাললৈ খাদ্য সামগ্রী প্রস্তুত কৰিব পৰাকে বহনক্ষম কৃষি বিজ্ঞান বুলি কোৱা হয়।

27. কীটনাশক কি?
উত্তৰঃ যিবোৰ পদাৰ্থই কীট পতংগ ধ্বংস কৰে বা নিয়ন্ত্রণ কৰে সেইবোৰক কীটনাশক বুলি কোৱা হয়। কীটনাশকবোৰে কীট পতংগ ধ্বংস বা নিয়ন্ত্রণ কৰে।

28. মাইকৰহাইযা কি?
উত্তৰঃ মাইকৰহাইযা হৈছে ভেঁকুৰৰ কিছুমান প্রজাতি যিবোৰে উদ্ভিদ শিপাৰ তন্ত্ৰৰ সৈতে সহজীৱীয় সমন্ধ গঢ়িব পাৰে। বেক্টেৰিয়াৰ নাম লিখা।

29. নীল-সেউজ শেলাই কি?
উত্তৰঃ নীল-সেউজ শেলাই বা ছিয়ানোবেক্টেৰিয়াবোৰ মুক্তভাৱে জীয়াই থকা নাইট্ৰজেন স্থিতীকৰণ কৰিব পৰা সালোকসংশ্লেষী শেলাই। এইবোৰক আৰ্দ্ৰ আৰু জলাশয়ৰ দৰে ঠাইত পোৱা যায়।

30. হালধীয়া বিপ্লৱ কি?
উত্তৰঃ তৈলবীজৰ উৎপাদন বৃদ্ধি কৰা প্ৰযত্নটোক হালধীয়া বিপ্লৱ বোলা হয়। এইক্ষেত্ৰত হোৱা সফলতাৰ কাৰণে দেশখনে তৈলবীজ আমদানি কৰাটো বহু পৰিমাণে কমি গৈছে।

31. যৌগিক আহাৰবোৰ কি?
উত্তৰঃ দৈনিক আৱশ্যক হোৱা পোষক দ্রব্যযুক্ত সম্পূর্ণ আহাৰক যৌগিক আহাৰ বোলা হয়। ঘাঁহ-খেৰ, গছৰ পাত, বিভিন্ন মিশ্রিত খাদ্য আদি যৌগিক আহাৰ।

READ MORE  শব্দ | Chapter 12 | Class 9 General Science - SEBA

32. উৎপাদন বৃদ্ধি কৰিবৰ বাবে ‘পল্ট্রিপাম’, মীন পাম আৰু মৌ-মাখি পালনত কি ব্যাবস্থা লোৱা হয় ?
উত্তৰঃ এইবোৰৰ উৎপাদন বৃদ্ধিৰ বাবে বৈজ্ঞানিক পদ্ধতিত পালন কৰা হয় আৰু উন্নত মান সচ ব্যাৱহাৰ কৰিব লাগে।

33. শস্য, মাহ, ফলমূল আৰু শাক-পাচলিৰ পৰা আমি কি আহৰণ কৰো?
উত্তৰঃ শস্যৰ পৰা আমি কাৰ্বহাইড্ৰেট পাওঁ। মাহৰ পৰা প্ৰটিন পাওঁ। ফলমূল আৰু শাক-পাচলিৰ পৰা বেছি পৰিমাণৰ ভিটামিন, খনিজলবণ আৰু কম পৰিমাণে প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু তেল পাওঁ।

34. জন্তুৰ দানাপানী হিচাপে ব্যাৱহাৰ কৰা কিছুমান উদ্ভিদৰ নাম লিখা।
উত্তৰঃ সাধাৰণ ঘাঁহ, ঘেঁহু, বজৰা, চয়াবীণ, জোৱাৰ, ওট, বার্লি, গম, আলফালফা, ব্ৰাছিকা, কে’ল, ৰাইৰ গুটি, চালগোম ইত্যাদি।

35. উদ্ভিদে অনুপোষক দ্রব্যবিলাক কৰপৰা কেনেকৈ আহৰণ কৰে?
উত্তৰঃ উদ্ভিদে অনুপোষক দ্রব্যবিলাক বায়ু, পানী আৰু মাটিৰ পৰা আহৰণ কৰে। বায়ুৱে কাৰ্বন আৰু অক্সিজেনৰ যোগান ধৰে, পানীয়ে হাইড্ৰজেন আৰু মাটিয়ে আন 13 বিধ অনুপোষক যোগান ধৰে।

Very Short Type Questions and Answers (Marks : 2)

1. ফচলৰ উৎপাদনৰ বৃদ্ধি কৰিবলৈ অনুসৰণ কৰা তিনিটা পৰিশীলন উল্লেখ কৰা।
উত্তৰঃ (i) অনুপোষক দ্ৰব্যৰ ব্যাৱস্থাপন।
(ii) আন্তঃকৃষিকাৰ্য্য।
(iii) বীজৰ লগতে শস্যৰ বৈজ্ঞানিক সংৰক্ষণ।

2. শস্য উৎপাদনত জৈৱিক আৰু অজৈবিক কাৰকবোৰে কেনেদৰে প্ৰভাব পেলায়?
উত্তৰঃ জৈৱিক কাৰক যেনে – বেমাৰৰ বীজাণু, কীটপতংগ আৰু কৃমি আদিয়ে ভেঁকুৰ আৰু বেক্টেৰিয়া জনিত ৰোগৰ সৃষ্টি কৰে। ইয়াৰ ফলত শস্যৰ উৎপাদনত বাধাৰ সৃষ্টি হয়।
অজৈৱিক কাৰক যেনে – খৰাং, অধিক লৱণযুক্ত মাটি, বানপানী, উষ্ণতা, শীত আৰু হীম আদি পৰিবেশৰ ওপৰত প্রভাব পেলোৱা কাৰক সমূহেও শস্যৰ উৎপাদনত বাধাৰ সৃষ্টি কৰে।

3. কোনবিলাক কাৰকৰ বাবে ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতি সাধন হয়?
উত্তৰঃ জৈৱিক কাৰক — পোক, এন্দুৰ, ভেঁকুৰ, চাঁহী, বেক্টেৰিয়া।
অজৈৱিক কাৰক — ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাপ।

4. পশুপালন কি?
উত্তৰঃ পশুপালন হৈছে গৰু মহ পালন, গাহৰি পালন, হাঁহকুকুৰা পালন, ছাগলী পালন, মৎস্য পালন, মৌ-মাখি পালন আদি। পৰম্পৰাগত তথা আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰ জীৱ-জন্তুবোৰক পোহপাল দিয়াকে পশুপালন বুলি কোৱা হয়।

5. মাছ কেনেকৈ পাব পাৰি?
উত্তৰঃ নৈ, বিল, সাগৰ, মহাসাগৰৰ দৰে প্ৰাকৃতিক উৎসৰ পৰা মাছ পাব পাৰি। নলা-পুখুৰী, জলাশয়, জলাধাৰ আদিত মাছৰ খেতি কৰা হয়। ধান খেতিৰ লগে লগে ধাননি পথাৰতো মাছ পুহিব পাৰি। তদুপৰি মাছৰ খেতি অন্যান্য সম্বন্ধিত খেতিৰ লগতো কৰিব পাৰি।

6. মুখ্য অনুপোষকবিলাক কি কি আৰু এইবিলাকক কিয় মুখ্য অনুপোষক বুলি কোৱা হয়?
উত্তৰঃ মুখ্য অনুপোষক – নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম, কেলছিয়াম, মেগনেচিয়াম, ছালফাৰ।
উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে এই ছয়বিধ – অনুপোষক অতি বেছি পৰিমাণে প্রয়োজন হয় আৰু সেইবাবে ইহঁতক মুখ্য অনুপোষক বুলি কোৱা হয়।

7. জৈৱ কীটনাশকৰ দুটা অসুবিধা লিখা।
উত্তৰঃ (i) তাপ, শুস্কীকৰণ বা অতিবেঙুনীয়া ৰশ্মিয়ে বিভিন্ন প্ৰকাৰৰ জৈৱ কীটনাশকৰ কাৰ্য্যক্ষমতা লঘু কৰে।
(ii) কেতিয়াবা কিছুমান জৈৱকীটনাশকৰ নিজা জীৱনকাল অতিকৈ সীমিত হয় আৰু বেছিদিনৰ কাৰণে সংৰক্ষণ কৰিব নোৱাৰি।

8. জিনীয় সালসলনি কৌশলকি ?ই কৃষি পদ্ধতিত কিয় উপযোগী?
উত্তৰঃ নিৰ্ধাৰিত গুণসম্পন্ন বিভিন্ন উদ্ভিদৰ মিলনৰ দ্বাৰা উৎপাদিত ফচলসমূহক বৰ্ণসংকৰ ফচল বুলি কোৱা হয়। ফচল উন্নত কৰিবলৈ নিৰ্ধাৰিত উদ্ভিদৰ জিন প্ৰয়োগ কৰা হয়। এই পদ্ধতিক জিনীয় সালসলনি কৌশল বোলে। এই পদ্ধতিত উৎপাদিত ফচলবোৰ উন্নত মানদণ্ডৰ হয়। ৰোগ প্ৰতিৰোধী হয়। ফচলৰ আকাৰ ডাঙৰ হয়। কম সময়তে ফচল উৎপাদন হয়।

9. মিশ্ৰিত মীন পালনৰ সুবিধাসমূহ কি কি ?
উত্তৰঃ মিশ্ৰিত মীন পালনত একেটা পুখুৰীতে কেইবাপ্ৰকাৰৰ মাছৰ খেতি কৰা হয়। এনে পদ্ধতিত প্রত্যেক প্ৰকাৰৰ মাছৰ খাদ্যভ্যাস বেলেগ বেলেগ হয় যাতে প্ৰজাতিবোৰে খাদ্যৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব নালাগে। লগতে এই পদ্ধতিত মাছবোৰৰ থকা ঠাইৰো ভিন্নতা দেখা যায়।

10. ভঁৰালত মজুত কৰি ৰখা শস্যৰ কেনেদৰে ক্ষতি সাধন হয়?
উত্তৰঃ ভঁৰালত মজুত কৰি ৰখা শস্যৰ ক্ষতিৰ প্ৰধান কাৰক বিলাক হ’ল জৈৱিক কাৰক যেনে – পোক, এন্দুৰ, ভেঁকুৰ, চাঁহী, বেক্টেৰিয়া, জলীয় ভাপ। এইবিলাক কাৰকে শস্যৰ বীজৰ গুণাগুণ হ্রাস কৰে, ওজন কমায়, অংকুৰণ ভালদৰে নহয়, শস্যৰ বৰণ সলনি কৰে যাৰ বাবে বাণিজ্যিকভাৱে ক্ষতি হয়।

11. জৈৱ ভেঁকুৰনাশকবোৰ কি? কেইটামান উদাহৰণ দিয়া।
উত্তৰঃ জৈৱ ভেকুৰ নাশকবোৰ হৈছে অণুজীৱৰ সহায়ত ভেকুৰ নাশ কৰা কিছুমান জৈৱ কীটনাশক পদার্থ। জৈৱ ভেঁকুৰ নাশকবোৰে পোনে পোনে পোষক কীট-পতংগৰ কৃত্তিকাৰ ভিতৰত সোমাব পাৰে।
উদাহৰণস্বৰূপে নিম আৰু নিমৰ পৰা উৎপাদিত দ্রব্য পদার্থ যেনে—নিম, তেল, নিম পিঠা, ধঁপাতৰ ক্কাথ আদিৰ পৰা উৎপাদিত দ্রব্য জৈৱ কীটনাশক।

READ MORE  অণু আৰু পৰমাণু | Chapter 3 | Class 9 General Science - SEBA

12. শস্য সুৰক্ষাত কিয় প্ৰতিৰোধ ব্যাৱস্থা আৰু জৈৱিক নিয়ন্ত্ৰণক অগ্ৰাধিকাৰ দিয়া হয়?
উত্তৰঃ (i) এই পদ্ধতিত প্ৰদূষণ নহয়।
(ii) শস্যসমূহ জৈৱিক কাৰক যেনে – পোক, এন্দুৰ, ভেঁকুৰ, চাঁহী বেক্টেৰিয়া আদিৰ দ্বাৰা ক্ষতিগ্রস্থ হয়। এই বিলাক কাৰকে শস্যৰ বীজৰ গুণাগুণ হ্রাস কৰে, ওজন কমায়, অংকুৰণ ভালদৰে নহয়, শস্যৰ বৰণ সলনি কৰে, যাৰ বাবে বাণিজ্যিকভাৱে ক্ষতি হয়। সেইবাবে জৈৱিক নিয়ন্ত্রণক অগ্ৰাধিকাৰ দিয়া হয়।

13. জৈৱিক কৃষিকাৰ্য্য কি ?
উত্তৰঃ প্ৰকৃতিৰ নিয়মবোৰ ৰক্ষা কৰি ফচল উৎপাদন কৰা পদ্ধতিবোৰকেই জৈৱিক কৃষিপদ্ধতি বুলি কোৱা হয়। ইয়াৰ প্ৰধান লক্ষ্য হৈছে আমাৰ ভৱিষ্যতৰ পুৰুষৰ পৰিপাৰ্শ্বক সংৰক্ষণ কৰি প্ৰবৰ্তিত পশুপালনৰ পৰিশীলন।

14. শস্যৰ উৎকর্ষ সাধনত কোনবিলাক শস্য সম্বন্ধীয় আকাংক্ষিত বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বিবেচনা কৰা হয়?
উত্তৰঃ পশুধনৰ খাদ্যৰ বাবে প্ৰয়োজনীয় শস্যবিলাক ওখ হোৱাৰ উপৰিও জোপোহা হ’ব লাগে। ধান জাতীয় শস্যৰ ক্ষেত্ৰত চাপৰ হ’ব লাগে। ইয়াৰ ফলত এইবিলাক শস্যৰ কম পৰিমাণৰ পুষ্টিৰ প্ৰয়োজন হয়। সেইদৰেই শস্য সম্বন্ধীয় আকাংক্ষিত চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰি পৰিবৰ্তন ঘটাই ল’লে অধিক উৎপাদনত সহায়ক হয়।

Long Type Questions and Answers (Marks : 3/4)

1. সমন্বিত কৃষিকাৰ্য্য কি ?
উত্তৰঃ সমন্বিত কৃষিকাৰ্য্য হ’ল একে সময়তে দুটা প্ৰজাতিৰ খেতি কৰা প্ৰজাতি দুটা একেদৰে নিৰ্বাচন কৰা হয় যাতে এটাই উৎপন্ন কৰা অপচয়বোৰ আনটো প্ৰজাতিয়ে খায় ৷ উদাহৰণস্বৰূপে হাঁহ আৰু মাছৰ সমন্বিত খেতিত হাঁহৰ গৰালবোৰ মাছৰ পুখুৰীৰ ওপৰত সজা হয়। মাছে হাঁহৰ বিষ্ঠা ভক্ষণ কৰে আৰু হাঁহে পুখুৰীত পোৱা কীট-পতংগ আৰু তৃণ আদি খায়। এইদৰেই দুয়োটা প্ৰজাতিৰ এটা আনটোৰ দ্বাৰা উপকৃত হয় আৰু অলাগতীয়াল বস্তুবোৰৰ সমস্যা দূৰ হয়।

2. ভাৰতত সেউজ বিপ্লৱৰ প্ৰভাব কি?
উত্তৰঃ সেউজ বিপ্লৱৰ ফলত এসময়ত খাদ্য সংকট আৰু দুর্ভিক্ষত জৰ্জৰিত হৈ থকা ভাৰতক অন্য দেশলৈ খাদ্যদ্রব্য ৰূপ্তানি কৰিব পৰা অৱস্থালৈ উন্নীত কৰিলে। ইয়াৰ কাৰণ হৈছে খেতিত উচ্চ উৎপাদনক্ষমতা সম্পন্ন ধান, ঘেঁহু আৰু মাকৈৰ বীজ প্ৰয়োগৰ লগতে উন্নত মানৰ জলসিঞ্চন ব্যৱস্থাৰ সৈতে খেতিপথাৰত ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্যৰ প্ৰয়োগ।

3. গো-পালনৰ দ্বাৰা কি কি লাভালাভ হয়?
উত্তৰঃ (i) গো-পালনৰ ফলত গাখীৰ পোৱা যায়।
(ii) গোৱৰ সাৰ পোৱা যায়। গৰুৰ গোৱৰ ইন্ধন হিচাপে ব্যাৱহাৰ কৰিব পাৰি।
(iii) গো-মাংস খাদ্য হিচাপে ব্যাৱহাৰ হয়।
(iv) হাল বোৱা, গাড়ী টনা আদি কামত গৰুক ব্যাৱহাৰ কৰা হয়।

4. জৈৱিক কৃষিকাৰ্য্যৰ সুবিধাবোৰ কি?
উত্তৰঃ জৈৱিক কৃষিকাৰ্য্যত মাটিৰ উৰ্বৰতা আৰু জৈৱিক কাৰ্য্যকলাপবোৰ সংৰক্ষণ বা বৃদ্ধি কৰা হয় । এনে কাৰ্য্য শস্যাবর্তন কাৰ্য্যসূচীৰ সহায়ত উৰহী জাতীয় উদ্ভিদ, জৈৱিক সাৰ আৰু বহু তললৈ শিপা থকা উদ্ভিদৰ খেতি কৰি আৰু পামবোৰৰ পৰা সংগ্ৰহ কৰা বা প্ৰস্তুত কৰা জৈৱিক সাৰ প্ৰয়োগ কৰি অনিষ্টকাৰী পোক-পতংগ, বেমাৰ আৰু অপতৃণ নিয়ন্ত্ৰণ কৰা হয় । উপযুক্ত প্ৰজাতিৰ বিভিন্ন ধৰণৰ ফচল নিৰ্বাচিত কৰি, সৰল কৃষিপদ্ধতি আৰু নিৰাপদ জৈৱ প্ৰযুক্তি আৰু জৈৱিক নিয়ন্ত্রণ পদ্ধতি প্ৰয়োগ কৰা হয় ।

5. মাটিৰ গুণাগুণ নষ্ট হোৱাৰ চাৰিটা কাৰণ লিখা।
উত্তৰঃ (i) অধিক পৰিমাণে আৰু অবৈজ্ঞানিকভাৱে সাৰ প্ৰয়োগ কৰা।
(ii) অত্যাধিকভাৱে মাটি চহ কৰা।
(iii) উপযুক্ত জলসিঞ্চনৰ ব্যাৱস্থা নকৰা ৷
(iv) অধিক পৰিমাণে কীটনাশক আৰু অপতৃণনাশক ব্যাৱহাৰ কৰা।

6. শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বর্ণনা দিয়া ।
উত্তৰঃ অনুপোষক দ্ৰব্যৰ ব্যাৱস্থাপনাঃ উদ্ভিদৰ বৃদ্ধিৰ বিভিন্ন সময়ত বিভিন্ন পোষক দ্ৰব্যৰ আবশ্যক। এইবোৰৰ কিছুমান পৰ্য্যাপ্ত পৰিমাণে আৱশ্যক হয় আৰু এইবোৰক গুৰুপোষক দ্রব্য বুলি কোৱা হয়। নাইট্ৰজেন, ফছফৰাছ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ হৈছে গুৰু পোষক দ্ৰব্য। আয়ৰণ, মেংগানিজ, ব’ৰণ, জিং, কপাৰ, মলিবডেনাম আৰু কুৰিণ অতি কম পৰিমাণে আবশ্যক হয় আৰু এইবোৰক অনুপোষক দ্রব্য বুলি কোৱা হয়। এই পোষক দ্ৰব্যসমূহ ৰাসায়ণিক সাৰ বা জৈৱ সাৰৰ ৰূপত প্ৰয়োগ কৰা হয়। সাৰে উদ্ভিদক জীৱনদায়ক পোষক দ্ৰব্যৰ যোগান ধৰে আৰু লগতে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। ফলত শস্য স্বাস্থ্যবান হয় আৰু উৎপাদন বৃদ্ধি হয়।

7. বহণক্ষম কৃষিকাৰ্য্য কি ? বহণক্ষম কৃষিকাৰ্য কেনেকৈ নিশ্চিত কৰিব পাৰি?
উত্তৰঃ বহনক্ষম কৃষিকাৰ্য্যই পৰিবেশৰ ক্ষতিসাধন নকৰাকৈ অনিৰ্দিষ্ট কাললৈ খাদ্য উৎপাদন কৰাটো বুজায়। বহণক্ষম কৃষিকাৰ্য্য তলত দিয়া ধৰণে নিশ্চিত কৰিব পাৰি—
(a) মাটিৰ পোষক দ্ৰব্য এনে ধৰণৰ পূৰণ কৰিব লাগে যাতে জৈৱিক সাৰ প্রয়োগ কৰোতে পৰিবেশ নষ্ট নহয়। দীঘলীয়া সময়ৰ বাবে চহ নকৰাকৈ মাটি পেলাই থলে মাটিৰ শোষক দ্ৰব্য পূৰণ হয়।
(b) বাৰেমিহলি শস্যৰ গুটি সিঁচি কৃষিৰ বৈচিত্ৰ বৃদ্ধি কৰি আৰু শস্যাবর্তন প্ৰবৰ্তন কৰি।
(c) নৱীকৰণ অযোগ্য উৎসৰ সীমিত প্ৰয়োগৰ দ্বাৰা।

READ MORE  কলা | Chapter 6 | Class 9 General Science - SEBA

8. আধুনিক কৃষিকাৰ্য্যৰ আঁসোবাহবোৰ কি?
উত্তৰঃ আধুনিক কৃষিকাৰ্য্যত প্ৰচুৰ পৰিমাণে ৰাসায়নিক সাৰ আৰু উদ্ভিদৰ প্ৰতিৰক্ষা কৰে। ৰাসায়নিক কীটনাশক ব্যাৱহাৰ কৰি উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰা হয়। অত্যাধিক হাৰত প্ৰয়োগ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধে বায়ু, মাটি
আৰু পানী প্ৰদূষিত কৰে। কীটনাশকৰ বিষক্ৰিয়াত বহুতো লোকে মৃত্যুমুখত পৰে। কৃষি কাৰ্য্যত কীটনাশকৰ ভুল পৰিমাণ আৰু আবতীয় প্রয়োগে কৃষিভূমিত অবশিষ্ট হিচাপে কিছু পৰিমাণে কীটনাশকবোৰ ৰৈ যায় যিয়ে মাটিৰ উৰ্বৰতাশক্তি হ্রাস কৰে। আধুনিক কৃষিকাৰ্য্যই পৰিবেশ প্ৰদূষিত কৰাৰ উপৰিও মাটিৰ গুণাগুণ নষ্ট কৰি মানব সমাজক বিপদৰ পিনে ঠেলি দিয়ে।

9. পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্রিম সাৰ প্ৰয়োগ কৰা হয়?
উত্তৰঃ জৈৱ আৰু কৃত্ৰিম সাৰৰ প্ৰয়োজনীয়তা :
(i) জৈৱ আৰু কৃত্ৰিম সাৰে মাটিত পোষক দ্ৰব্যৰ যোগান ধৰে।
(ii) জৈৱ আৰু কৃত্ৰিম সাৰে মাটিৰ গঠন আৰু গুণাগুণৰ উৎকৰ্ষ সাধন কৰে। বালিঅঁহীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰাত সহায় হয়। বোকা মাটিক পানী বন্ধ বা জমা হৈ থকাৰ পৰা ৰক্ষা কৰে।
(iii) মাটিত থকা অণুজীৱবিলাকক খাদ্য যোগন ধৰে।

10. উন্নীত শস্যৰ বিভিন্ন প্ৰকাৰবোৰ কি?
উত্তৰঃ উন্নীত শস্যৰ বিভিন্ন প্ৰকাৰবোৰ হৈছে—
(i) অধিক উৎপাদনশীল।
(ii) কীট পতংগ প্ৰতিৰোধ শস্য।
(iii) যিবোৰ শস্যৰ বৃদ্ধি আৰু বিকাশৰ কাল চুটি আৰু যিবোৰ শস্য বানপানী আৰু অনাবৃষ্টিৰ দ্বাৰা প্ৰভাৱিত নহয়।
(iv) যিবোৰ শস্যত কম পানীৰ প্ৰয়োগজন হয় আৰু যাতে শুকান অঞ্চলতো উৎপাদিত হ’ব পাৰে সেইবোৰেই উন্নীত মানব শস্যৰ প্ৰকাৰ।

11. পশুপালনৰ দ্বাৰা কৃষকসমূহে কেনেকৈ লাভাম্বিত হয়?
উত্তৰঃ পশুপালনৰ দ্বাৰা কৃষকসমূহ তলত দিয়া ধৰণে লাভাম্বিত হয়—
(i) এইবোৰে আমাক মাংস, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যৰ যোগান ধৰে।
(ii) এইবোৰৰ গোৱৰ সাৰ আৰু ইন্ধন হিচাপে ব্যাৱহাৰ হয়।
(iii) এই জন্তুবোৰক বাহন হিচাপে, বোজা কঢ়িয়াবলৈ আৰু মাল-গাড়ী টানিবলৈ প্ৰয়োগ কৰা হয়।
(iv) উদ্ভিদৰ প্ৰটিনৰ তুলনাত জন্তুৱে উচ্চমানৰ প্ৰটিনৰ যোগান ধৰে।
(v) জন্তুৱে ঘাঁহ আৰু কৃষিজাত পেলনীয়া দ্রব্য খায়।

12. মাটিৰ উৰ্বৰতা ৰক্ষা কৰাত জৈৱসাৰ আৰু কৃত্রিম সাৰৰ প্ৰয়োগৰ ভূমিকাৰ মাজত তুলনা কৰা।
উত্তৰঃ জৈৱিক সাৰে মাটিত অনুপোষক দ্ৰব আৰু জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধিত সহায় কৰি মাটিক সাৰুৱা বা উর্বৰ কৰি তোলে। জৈৱিক সাৰত থকা জৈৱ পদার্থবিলাকে মাটিৰ গঠন আৰু গুণাগুণৰ উকৰ্ষ সাধন কৰে। ইয়াৰ দ্বাৰাই বালিঅঁহীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰাত সহায় কৰে। একেদৰে প্ৰচুৰ পৰিমাণে জৈৱ পদার্থ থকা বোকা মাটিকো পানী বন্ধ বা জমা হৈ থকাৰ পৰা ৰক্ষা কৰে।
এডোখৰ ভূমিত একেৰাহে কৃত্ৰিম সাৰ প্ৰয়োগ কৰি থাকিলে সেই মাটিৰ উৰ্বৰতা নাশ হয়, কাৰণ কৃত্রিম সাৰে জৈৱিক পদার্থবিলাক পুণৰাই মাটিলৈ ওভোতাই আনিব নোৱাৰে আৰু মাটিৰ অনুজীৱবিলাকৰো অপকাৰ সাধন ককেৰ। কৃক্রিম সাৰ ব্যাৱহাৰ কৰি এককালীনভাৱেহে উপকৃত হ’ব পাৰি, কিন্তু জৈৱিক সাৰ প্ৰয়োগ কৰিলে মাটিৰ উৰ্বৰ্তা ধৰি ৰাখে বাবে দীর্ঘকালীনভাৱ উপকৃত হ’ব পাৰি।

13. অন্তৰাৱৰ্তী কৃষি পদ্ধতি আৰু শস্যাবৰ্তনৰ সুবিধাসমূহ কি কি?
উত্তৰঃ অন্তৰাৱৰ্তী কৃষি পদ্ধতিৰ সুবিধা—
(i) এই পদ্ধতিত একে সময়তে দুই বা ততোধিক ফচল পাব পাৰি।
(ii) এই পদ্ধতিত পোষক দ্ৰব্যৰ সঠিক প্রয়োগ হয়।
(iii) কীটনাশক পতংগৰ বৃদ্ধি বন্ধ কৰে।
(iv) এই পদ্ধতিত মাটিৰ উৰ্বৰতা ৰক্ষা হয়।
শস্যাবৰ্তনৰ সুবিধা সমূহ—
(i) মাটিৰ উৰ্বৰতা বৃদ্ধি হয়। ফলত শস্যৰ উৎপাদন বাঢ়ে।
(ii) মাটিত নাইট্ৰ’জেনৰ পৰিমাণ বৃদ্ধি হয়। কাৰণ এই পদ্ধতিত মাহজাতীয় উদ্ভিদবোৰ বায়ুৰ পৰা নাইট্ৰজেন শোষণ কৰি মাটিত স্থিতিকৰণ কৰে।
(iiii) কীট-পতংগৰ আক্ৰমণৰ পৰা উদ্ভিদক ৰক্ষা কৰে। কাৰণ বেলেগ বেলেগ শস্যৰ খেতি কৰাৰ ফলত কীট-পতংগ তিত্তি থাকিব নোৱাৰে।
(iv) সশ্যৰ গুণাগুণ উন্নত হয়।
(v) মাটিৰ পোষক দ্রব্যসমূহ সঠিকভাৱে ব্যাৱহাৰ হয়।

14. তলৰ কোনবিলাক অৱস্থাৰ পৰা অধিক লাভবান হ’ব পাৰি?
(a) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যাৱহাৰ কৰা, জলসিঞ্চনৰ ব্যাৱস্থা অৱলম্বন নকৰা বা কৃত্রিম সাৰৰ প্ৰয়োগ কৰা।
(b) খেতিয়কে সাধাৰণ বীজ ব্যাৱহাৰ কৰা, জলসিঞ্চনৰ ব্যাৱস্থা কৰা আৰু কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা।
(c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যাৱহাৰ কৰা, জলসিঞ্চনৰ ব্যাবস্থা কৰা, কৃত্রিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যাৱস্থাপনা গ্রহণ কৰা।
উত্তৰঃ (c) খেতিয়কে উন্নত মানদণ্ডৰ বীজ ব্যাৱহাৰ কৰা, জলসিঞ্চনৰ ব্যাৱস্থা কৰা, কৃত্ৰিম সাৰৰ প্ৰয়োগ কৰা আৰু শস্য সুৰক্ষাৰ ব্যাৱস্থাপনা গ্ৰহণ কৰি অধিক লাভবান হ’ব পাৰে। কাৰণ—
(i) উন্নত মানদণ্ডৰ বীজৰ পৰা অধিক ফচল পাব পাৰি।
(ii) কৃত্ৰিম সাৰ প্ৰয়োগৰ ফলত উদ্ভিদৰ গা-গছ ভালদৰে বিকাশ, বৃদ্ধি হৈ শ্রীবৃদ্ধি হোৱাত নিশ্চয়তা থাক।
(iii) শস্যৰ বৃদ্ধি কালছোৱাত প্রয়োজনীয় পানী সঠিক সময়ত নিৰ্দিষ্ট পৰিমাণে দিব পাৰিলে আশা কৰা মতে উৎপাদন পাব পাৰি।
(iv) কীট-পতংগ, গৰু-ছাগলী, বিভিন্ন ৰোগৰ পৰা উদ্ভিদক সুৰক্ষা দিব পাৰিলে উৎপাদিত শস্যৰ হানি বিঘিনি নহয়।

Leave a Comment

error: Content is protected !!
Scroll to Top