অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

অৰ্থনীতিৰ মৌলিক বিষয়সমূহ | Chapter 12 | Class 9 Social Science – SEBA

অৰ্থনীতিৰ মৌলিক বিষয়সমূহ | অৰ্থনীতি বিজ্ঞান | Chapter 12 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 12 Notes | SEBA Class 9 HSLC Social Science Chapter 12 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 12 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ | HSLC Social Science Questions and Answers Assam


অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

Very Short Type Questions and Answers (Marks : 1)

1. দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়হিছে?
উত্তৰঃ ছেমুৱেলছন আৰু নৰ্দহাছে আগবঢ়াইছিল।

2. জোনবিল মেলা কিমান শতিকাৰ পৰা প্ৰচলিত?
উত্তৰঃ পঞ্চদশ শতিকাৰ পৰা।

3. উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়?
উত্তৰঃ উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয়।

4. সঞ্চয় কাক বোলে?
উত্তৰঃ আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাক সঞ্চয় বোলে। সঞ্চয় হৈছে মূলধনৰ আহিলা। অৰ্থাৎ আয় = তেগ ব্যয় + সঞ্চয়।

5. ব্যষ্টিবাদী অৰ্থবিজ্ঞানত অধ্যয়ন কৰা দুটা বিষয় উল্লেখ কৰা।
উত্তৰঃ উপভোক্তাৰ আচৰণ আৰু উদ্যোগ প্ৰতিষ্ঠানৰ ভাৰসমতা।

6. বিনিময় প্ৰথাৰ এটা অসুবিধা উল্লেখ কৰা।
উত্তৰঃ অভাৱৰ সংগতিহীনতা।

7. অৰ্থবিজ্ঞানৰ সম্পদভিত্তিক সংজ্ঞাটা কোনে আগবঢ়াইছিল?
উত্তৰঃ এডাম স্মিথে আগবঢ়াইছিল।

8. দুবিধ মুদ্ৰা উল্লেখ কৰা।
উত্তৰঃ কাগজী মুদ্ৰা আৰু প্ৰতীক বা নিদৰ্শন মুদ্ৰা।

9. অৰ্থবিজ্ঞানৰ বিষয় আৰু সমস্যা অনুধাৱন আৰু বিশ্লেষণৰ বাবে নিৰ্দিষ্ট কৰা পদ্ধতি দুটা কি কি?
উত্তৰঃ ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থনীতি।

10. ভাৰতৰ মুঠ জনমূৰি আয় কিমান? (২০১৩)
উত্তৰঃ ৫৩৫০ পি পি পি ডলাৰ।

11. এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল?
উত্তৰঃ এডাম স্মিথৰ সংজ্ঞাটোক ৰাস্কিনে যক্ষৰ বাণী বুলি কৈছিল।

12. অৰ্থনীতি শব্দটো কোনটো শব্দৰ লোৱা হৈছে?
উত্তৰঃ গ্ৰীক শব্দ ‘Oikonomia’-ৰ পৰা।

13. অসমৰ প্ৰত্যক্ষ বিনিময় প্ৰথাৰ মেলা এখনৰ নাম লিখা।
উত্তৰঃ মৰিগাঁও জিলাৰ জোনবিল মেলা।

14. প্ৰবাহ কাক বোলে?
উত্তৰঃ প্ৰবাহ হ’ল মজুতৰ চলমান প্ৰক্ৰিয়া। এটা সময়ৰ ব্যৱধানত হোৱা আমদানি, ৰপ্তানি, মজুৰি, কৰ আদি প্ৰবাহিত হয়।

15. অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে?
উত্তৰঃ গ্ৰীক ভাষাৰ পৰা।

16. লায়নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ “An Essay on the Nature and significance of Economic Science”-ত 1932 চনত আগবঢ়াইছিল।

17. অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন?
উত্তৰঃ এডাম স্মিথ (Adam Smith) |

18. দুবিধ চৰকাৰী হস্তান্তৰ দেনাৰ নাম লিখা।
উত্তৰঃ বান সাহায্য, ৰাজ সাহায্য।

19. অৰ্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ কেমব্ৰিজ অৰ্থনীতিবিদ মাৰ্চেলে আগবঢ়াইছিল।

20. ভাৰতবৰ্ষ আয়তনত পৃথিৱীৰ কিমান স্থানত আছে?
উত্তৰঃ সপ্তম স্থানত। কাৰণ

21. এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ এডাম স্মিথ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল— “অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান।”

22. অৰ্থবিজ্ঞানৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়?
উত্তৰঃ আডাম স্মিথক।

23. ভাৰতবৰ্ষৰ জনসংখ্যা কিমান?
উত্তৰঃ ১.২ বিলিয়নতকৈ অধিক।

24. আলফ্ৰেড মাছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতি সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ “Principles of Economics”-ত 1890 চনত আগবঢ়াইছিল।

25. জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষ কিমান স্থানত আছে?
উত্তৰঃ দ্বিতীয় স্থানত।

26. ৰাষ্ট্ৰীয় আয় গণনা কৰা পদ্ধতি কেইটা কি কি?
উত্তৰঃ সাধাৰণতে এখন দেশ জাতীয় আয় তিনিটা পদ্ধতিৰে গণনা কৰা হয়। পদ্ধতিবোৰ হ’ল— আয় পিয়ল পদ্ধতি, উৎপাদন পিয়ল পদ্ধতি ব্যয় পিয়ল পদ্ধতি।

27. পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ কোনখন?
উত্তৰঃ ভাৰতবৰ্ষ।

28. এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰঃ An Enquiry into the Nature and Causes of the Wealth of Nation নামৰ গ্ৰন্থখনত 1776 চনত আগবঢ়াইছিল।

29. Micro আৰু Macro শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে?
উত্তৰঃ Micro শব্দটো গ্ৰীক শব্দ ‘Mikros’ৰ পৰা আৰু Macro শব্দটো গ্ৰীক শব্দ ‘Makros’ৰ পৰা আহিছে।

30. Mikros’ আৰু “Makros’ৰ শব্দৰ অৰ্থ কি?
উত্তৰঃ Mikros ৰ অৰ্থ হ’ল সৰু “Makros’ৰ অৰ্থ হ’ল ভাৰ।

31. বিনিেেয়াগ কাক বোলে?
উত্তৰঃ মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাক বিনিয়োগ বোলা হয়।

32. কোনো বস্তুৰ মানুহৰ অভাৱ পূৰ্ণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়?
উত্তৰঃ উপযোগিতা (Utility) বুলি কোৱা হয়।

33. কেইগৰাকীমান অৰ্থনীতিবিদ নাম লিখা।
উত্তৰঃ এডাম স্মিথ, আলফ্ৰেদ মাৰ্ছেল, লায়নেল ৰবিন্স, ছেমুৱেলছন আৰু নদীছ আদি।

34. ভাৰতবৰ্ষৰ একমাত্ৰ প্ৰত্যক্ষ বিনিময় চলা বজাৰখনৰ নাম কি?
উত্তৰঃ জোনবিল মেলা।

35. অৰ্থবিজ্ঞান শব্দটো ক’ৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ কি?
উত্তৰঃ অৰ্থবিজ্ঞান শব্দটো গ্ৰীক শব্দ ‘Oikonomia’-ৰ পৰা অনা হৈছে। ইয়াত ‘Oikos’ শব্দটোৰ অৰ্থ হৈছে পৰিয়াল আৰু ‘nomos’ শব্দটোৰ অৰ্থ হৈছে নিয়ম।

READ MORE  মানৰ অসম আক্রমণ | Chapter 4 | Class 9 Social Science - SEBA

36. কেইবিধমান অনা-অৰ্থনৈতিক কল্যাণৰ নাম লিখা।
উত্তৰঃ শিশু কল্যাণ, দৰিদ্ৰ শিশুৰ বাবে শিক্ষা, বিনামূলীয়া ঔষধ, দৰিদ্ৰক সহায়, দুখীয়া ছোৱালীৰ বিবাহ, দৰিদ্ৰ বৃদ্ধ লোকক সহায় ইত্যাদি।

37. অৰ্থনীতিৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ অৰ্থনীতিবিদ লায়নেল ৰবিন্সে আগবঢ়াইছিল।

38. মূলধন সামগ্ৰী কাক বোলে?
উত্তৰঃ যন্ত্ৰপাতি, সা-সৰঞ্জাম, গাড়ী আদি দ্ৰব্যইঅন্য দ্ৰব্যৰ উৎপাদনত সহায় কৰে। সেইবোৰক মূলধন সামগ্ৰী বোলে।

Short Type Questions and Answers (Marks : 2)

1. ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল— “দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ’ল অৰ্থনীতিৰ মূল বিষয়।”

2. ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে?
উত্তৰঃ ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটীয়াকৈ আলোচনা কৰা আৰু এজন ভোক্তা, এজন উদ্যোক্তা বা এখন উদ্যোগিক প্ৰতিষ্ঠান, এখন বজাৰ, এজন ঋণদাতা, এজন সঞ্চয়কাৰীৰ অৰ্থনৈতিক আচৰণ ব্যক্তিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত। অৰ্থবিজ্ঞান।

3. মাৰ্ভূেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰঃ মাছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল— “মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি।”

4. আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ পাৰ্থক্য লিখা।
উত্তৰঃ আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ মাজৰ পাৰ্থক্য তলত উল্লেখ কৰা হ’ল—
(ক) আৰ্থিক বস্তু অৰ্থ উপাৰ্জন, ব্যয় তথা বিতৰণৰ লগত জড়িত হয়। আনহাতে অনা আৰ্থিক বস্তুৰ ক্ষেত্ৰত অৰ্থ উপাৰ্জন, ব্যয় তথা বিতৰণৰ লগত জড়িত নহয়।

(খ) আৰ্থিক বস্তুবোৰৰ দৰ বা দাম থাকে; কিন্তু অনা আৰ্থিক বস্তুবোৰৰ দৰ বা দাম নাথাকে।

5. অৰ্থনৈতিক সমস্যা বা পছদৰ সমস্যা মানে কি?
উত্তৰঃ বিকল্প ব্যৱহাৰোপযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব সেয়ে লৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যা বোলে।

6. সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে?
উত্তৰঃ এয়ে হৈছে ব্যষ্টিবাদী এখন দেশৰ অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা, উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত। সামূহিক হৈছে সমষ্টিবাদী অৰ্থনীতিৰ অধ্যয়ন। জনসংখ্যা, নিয়োগ, ঔদ্যোগীকৰণ, কৃষি ইত্যাদি এখন দেশৰ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্গত।

7. অবিলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখ।
উত্তৰঃ ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হৈছে— “যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি।”

8. ৰাষ্ট্ৰীয় আয় কাক বোলে?
উত্তৰঃ এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি প্ৰস্তুত দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়।

9. ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণাকেইটা কি কি?
উত্তৰঃ ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণাকেইটা হ’ল—
(i) মানুহৰ অভাৱ অসীম।
(ii) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।
(iii) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।

Long Type Questions and Answers (Marks : 1)

1. প্ৰশ্ন ও মজুত আৰু প্ৰবাহৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰঃ মজুত আৰু প্ৰবাহ এই দুয়োটা পদেই পৰিমাণৰ নিৰ্দেশ দিয়াৰ লগতে সময়ৰ লগেলগেসিহঁতৰ পৰিমাণৰ হ্ৰাসবৃদ্ধি ঘটিব পাৰে। ইয়াৰ মাজত থকা পাৰ্থক্য বোৰ হ’ল—

(i) মজুত শব্দটোৱে নিৰ্দেশ দিয়া পৰিমাণৰ জোখ এখ নিৰ্দিষ্ট সময় বিন্দুৰ ভিত্তিত হয়। আনহাতে প্ৰবাহ শব্দটোৱে নিৰ্দেশ দিয়া পৰিমাণৰ
জোখ এক সময় কালিৰ ওপৰত ভিত্তি কৰি দিয়া হয়।

(ii) কিছুমান অৰ্থনৈতিক উপাদান যেনে মুদ্ৰাৰ যোগেদিমজুৰ অন্তৰ্ভুক্ত কিন্তু মুদ্ৰাৰ যোগানৰ পৰিৱৰ্তন প্ৰবাহৰ অন্তৰ্ভূক্ত কিন্তু মুদ্ৰাৰ যোহানৰ
পৰিৱৰ্তন প্ৰবাহৰ অন্তৰ্ভুক্ত।

(iii) সমষ্টিগত অৰ্থবিজ্ঞানৰ লগত মজুততকৈ প্ৰৱাহ শব্দটোৰ সম্পৰ্ক অধিক। কাৰণ সমষ্টিগত অৰ্থনৈতিক অধ্যয়ন হৈছেহ্ৰস্বকালীন অধ্যয়ন। হ্ৰস্বকালীন অৱস্থাত মজুৰৰ দ্বাৰা প্ৰবাহ প্ৰভাৱন্বিত
নহয়।

2. ৰাষ্ট্ৰীয় আয় আৰু জনমুৰি আয়ৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ ৰাষ্ট্ৰীয় আয় হ’ল ৰাষ্ট্ৰৰ এটা নিৰ্দিষ্ট বছৰত উৎপাদিত দ্ৰব্য আৰু সেৱা কাৰ্যৰ মুঠ সমষ্টি। ইয়াক সাধাৰণতে মুদ্ৰা মূল্যত প্ৰকাশ কৰা হয়। মাহেঁলৰ মতে এখন দেশৰ প্ৰাকৃতিক সম্পদৰ ওপৰত শ্ৰম আৰু মূলধন প্ৰয়োগ কৰি ভৌতিক আৰু অনা-ভৌতিক দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ বাৰ্ষিক শুদ্ধ উৎপাদনেইহ’ল ৰাষ্ট্ৰীয় আয়।

আনহাতে, জনমুৰি আয় হ’ল গড় আয়। ই ৰাষ্ট্ৰীয় আয় আৰু মুঠ জনসংখ্যাৰ অনুপাত। ৰাষ্ট্ৰীয় আয়ক মুঠ জনসংখ্যাৰে ভাগ কৰিলে জনমুৰি আয় পাব পাৰি। জনমুৰি আয় ৰাষ্ট্ৰীয় আয়ৰ ওপৰত নিৰ্ভৰ কৰিলেও ৰাষ্ট্ৰীয় আয় বাঢ়িলেও জনমুৰি আয় নাবাঢ়িবও পাৰে। ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰতকৈ যদি জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হয় তেনে অৱস্থাত জনমুৰি আয় হ্ৰাসহে পাব। গতিকে এখন দেশৰ অৰ্থনৈতিক বিকাশৰাষ্ট্ৰীয় আয়ৰ ওপৰত নিৰ্ভৰ নকৰে, জনমুৰি আয়েহেৰাষ্ট্ৰৰ অৰ্থনৈতিক বিকাশৰ এখন সুস্পষ্ট ছবি দাঙি ধৰিব পাৰে।

3. অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা।
উত্তৰঃ অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা অধিক বেছি কিয়নো এই অধ্যয়নৰ জৰিয়তে এখন ৰাষ্ট্ৰৰ কৰদাতা, নাগৰিক এগৰাকীয়ে চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে, সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰে, ব্যয় কৰোতে কি নীতি মানি চলে, সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই তাক ভালদৰে জানিব পাৰে। অৰ্থবিজ্ঞান অধ্যয়নৰ জৰিয়তে সমাজ সংগঠক বা সংস্কাৰক এগৰাকীয়ে ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফঁহিয়াই চাব পাৰিব। এই অধ্যয়নৰ দ্বাৰাই এজন ব্যক্তিয়ে তেওঁৰ হৈ থকা দৰিদ্ৰতাৰ কাৰণসমূহ বা সমস্যাসমূহ ভালদৰে বুজি পাব।

READ MORE  অসমৰ ভূগোল | Chapter 9 | Class 9 Social Science - SEBA

উদাহৰণ স্বৰূপে সচেতন গ্ৰাহক হিচাপে সকলোৱে জানিব বিচাৰিব বজাৰত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণ সমূহ কি কি? বিশ্বায়ন বা গোলকীকৰণ কি? অৰ্থনৈতিক বিকাশ কিদৰে কৰিব পাৰি? পৰিৱেশীয় অৰ্থনীতি কি? এই গুৰুত্বপূৰ্ণ বিষয়সমূহ আমি অৰ্থনীতি অধ্যয়নৰ জৰিয়তে ভালদৰে জানিব পৰা যায়। গতিকে অৰ্থ বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা যথেষ্ট বেছি।

4. ব্যক্তিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্য কি?
উত্তৰঃ (ক) Micro শব্দ অৰ্থাৎ ব্যষ্টিগত অৰ্থবিজ্ঞানৰ উৎপত্তি। হৈছে গ্ৰীক শব্দ Micors শব্দৰ পৰা। Micro-ৰ অৰ্থ হ’ল ক্ষুদ্ৰ। ব্যষ্টিগত অৰ্থবিজ্ঞানে এখন দেশৰ অৰ্থনৈতিক উপাদানসমূহৰ বিষয়ে সুকীয়া সকীয়াকৈ অধ্যয়ন কৰে।

আনহাতে, গ্ৰীক ভাষাৰ Micr’s ৰ পৰা Micro শব্দৰ উৎপত্তি হৈছে। Micro-ৰ অৰ্থ হ’ল বিশাল। এই অৰ্থবিজ্ঞান অৰ্থনীতিৰ বিষয়বোৰ সামগ্ৰিক দৃষ্টিভংগীৰে অধ্যয়ন কৰে।

(খ) ব্যষ্টিগত অৰ্থবিজ্ঞানৰ আলোচনাৰ ক্ষেত্ৰখন সীমিত। ব্যষ্টিবাদী অৰ্থনীতিয়ে অধ্যয়ন কৰা অৰ্থনৈতিক বিষয়বোৰ হ’ল উপভোক্তা আচৰণ, কোনো এটা দ্ৰব্যৰ মূল্য চাহিদা আৰু ইয়াৰ যোগান, ব্যক্তিগত আয় এটা উৎপাদনৰ উপানৰ গোট ইত্যাদি। কিন্তু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰিসৰ যথেষ্ট বিশাল। সমষ্টিবাদী অৰ্থনীতিয়ে অধ্যয়ন কৰা অৰ্থনৈতিক বিষয়বোৰ হ’ল-মুঠ চাহিদা, মুঠ যোগান, সাধাৰণ মূল্যস্তৰ, পূৰ্ণ নিয়োগ, জাতীয় আয় ইত্যাদি।

(গ) ব্যষ্টিগত অৰ্থবিজ্ঞানত আংশিক বিশ্লেষণ পদ্ধতি প্ৰয়োগ কৰা হয়। কিয়নো ইয়াত অৰ্থবিজ্ঞানৰ চলকসমূহৰ অংশ বিশেষৰ অধ্যয়ন কৰা হয়।

আনহাতে, সমষ্টিগত অৰ্থবিজ্ঞানত সামগ্ৰিক বিশ্লেষণ (General Analysis) প্ৰয়োগ কৰা হয়। কাৰণ এই বিজ্ঞানত আয়, দৰৰ দৰে অৰ্থনৈতিক চলকবোৰ সমষ্টিগতভাৱে অধ্যয়ন কৰা হয়।।

(ঘ) ব্যষ্টিগত অৰ্থবিজ্ঞানৰ মূল সমস্যা হ’ল সম্পদৰ বিতৰণ কেনেকৈ নিৰ্ণয় কৰিব। আনহাতে আয় আৰু উৎপাদন স্তৰ কিধৰণে কি পদ্ধতিত নিৰ্ণয় কৰিব সেইটো সমষ্টিগত অৰ্থবিজ্ঞানৰ মূল সমস্যা।

5. অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয় ব্যাখ্যা কৰা।
উত্তৰঃ অৰ্থবিজ্ঞানৰ সংজ্ঞাসমূহৰ ভিতৰত আটাইতকৈ বেছি গ্ৰহণযোগ্য হিচাপে লায়’নেল ৰবিন্সৰ সংজ্ঞাকেই কোৱা হয়। তেওঁৰ “An Essay on the Nature and significance of Economic Science” নামৰ গ্ৰন্থখনত তেওঁৰ সংজ্ঞাটো আগবঢ়াইছে। তেওঁৰ মতে, “যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি।” তেওঁৰ সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে।

এই মৌলিক ধাৰণাকেইটা হ’ল—
(i) মানুহৰ অভাৱ অসীম,
(ii) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত।
(iii) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য।

স্মিথৰ মতে, “অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান”। তেওঁৰ সংজ্ঞাটোক সম্পদভিত্তিক সংজ্ঞা আখ্যা দিছে। সমালোচক সকলৰ মতে সম্পদ মানৱ জীৱনৰ মূল লক্ষ্য কেতিয়াও হ’ব নোৱাৰে। গতিকে স্মিথৰ সংজ্ঞাটো গ্ৰহণযোগ্য নহয়।

মাৰ্ভূেলৰ মতে, “মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি।” স্মিথৰ সংজ্ঞাতকৈ মাছেলৰ সংজ্ঞাটো বহু ক্ষেত্ৰত উন্নত, কিন্তু ইও গ্ৰহণযোগ্য সংজ্ঞা নহয়। কিয়নো মাছেলে কেৱল পাৰ্থিৱ কল্যাণৰ কথাহে উল্লেখ কৰিছে। অন্যহাতে ছেমুৱেলছন আৰু নৰ্ডহাছৰ মতে, “দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ’ল অৰ্থনীতিৰ মূল বিষয়।” কিন্তু ই সৰ্বোত্তম সংজ্ঞা নহয়।

গতিকে ওপৰৰক্ত সংজ্ঞাসমূহৰ ভিতৰত ৰবিন্সৰ সংজ্ঞাটোৱেই হৈছে গ্ৰহণযোগ্য সংজ্ঞা।

6. সমষ্টিবাদী অৰ্থবিজ্ঞানে এটা অৰ্থনীতিক চাৰিটা খণ্ডৰ সমন্বয়ৰূপে বিশ্লেষণ কৰে। ব্যাখ্যা কৰা।
উত্তৰঃ সমষ্টিবাদী অৰ্থবিজ্ঞানত অৰ্থনীতি এটাক চাৰিটা খণ্ড, যেনে— পৰিয়ালবৰ্গ, উৎপাদন প্ৰতিষ্ঠান, চৰকাৰ আৰুবাহ্যিক খণ্ডৰ এক সমন্বয় ৰূপে কৰা হয়।
পৰিয়ালসমূহবুলি কওঁতে উৎপাদন, উপভোগ আদিৰ সিদ্ধান্ত গ্ৰহণকাৰী একক গোটৰ কথা বুজোৱা হৈছে। পৰিয়ালবৰ্গ হ’ল শ্ৰমিকৰ যোগান ধৰোতা, চৰকাৰী কৰ্মচাৰী, উৎপাদন প্ৰতিষ্ঠনৰ স্বত্বাধিকাৰী আৰু লাভ গ্ৰহণ কৰোতা। আনহাতে, অৰ্থনীতিটোত উৎপাদিত দ্ৰব্যৰ উফডোকা তথা ক্ৰেতা। পৰিয়ালবৰ্গই সঞ্চয় কৰাৰ লগতে কৰো প্ৰদান কৰে।

উৎপাদন প্ৰতিষ্ঠান হৈছে উৎপাদনৰ একক। উদ্যোক্তা হৈছে উৎপাদনৰ প্ৰতিষ্ঠানৰ সৰ্বময় কৰ্তা। উদোক্তাই শ্ৰম আৰু মূলধান আৰু মূলধন নিয়োগ কৰে আৰুসিহঁতকপাৰিশ্ৰমিক প্ৰদান কৰে। উদ্যোক্তাইউৎপাদিত দ্ৰব্যৰবাবে বজাৰৰ সন্ধান কৰে, দ্ৰব্যৰ ক্ৰয়-বিক্ৰয়ৰব্যৱস্থা কৰে আৰু লাভ অৰ্জন কৰে।

অৰ্থনীতিটোৰ আন এক খণ্ড হৈছে ৰাষ্ট্ৰ বা চৰকাৰ। ৰাষ্ট্ৰই আইন প্ৰণয়ন কৰা, জনসাধাৰণক ন্যায় প্ৰদান কৰা, কৰ আৰোপ কৰা, ৰাজহুৱা সেৱাসমূহক দ্ৰব্য উৎপাদন কৰা, আন্তঃগাঁথনিমূলক সুবিধা প্ৰদান কৰা। আদি কাম কৰে।

চতুৰ্থ খণ্ডটো হ’ল বাহ্যিক খণ্ড। বাহ্যিক খণ্ড দুই প্ৰকাৰৰ বাণিজ্যৰ সৈতে জড়িত। বাহ্যিক খণ্ডৰ সৈতে সম্পৰ্কীত বাণিজ্যৰ দুই প্ৰকাৰৰ– আমদানি আৰু ৰপ্তানি। আমদানি আৰু ৰপ্তানি বাণিজ্যৰ লগতে বাহ্যিক খণ্ডত ঘৰুৱা দেশ আৰু বিদেশৰ মাজত মূলধনৰ প্ৰবাহৰ বিষয়টো সাঙোৰ খাই থাকে।

READ MORE  ভূ-পৃষ্ঠৰ পৰিৱৰ্তন | Chapter 6 | Class 9 Social Science - SEBA

এই চাৰিটা খণ্ডৰ সমন্বয়ত অৰ্থনীতি এটাক সামগ্ৰিক ৰূপত বিশ্লেষণ কৰা হয়।

7. অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা।
উত্তৰঃ অৰ্থবিজ্ঞানৰ পৰিসৰে সাধাৰণতে নিম্নোক্ত বিষয়কেইটা সামৰি লয়।
(i) ভোগকাৰ্যঃ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ। ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ, ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্ত।

(ii) উৎপাদনঃ উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন। উৎপাদনৰ চাৰিটা উপাদান— ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ উপৰি উৎপাদনৰ বিধি, উৎপাদকৰ ভাৰসাম্য, আৰ্থিখ ব্যৱস্থা আদি সম্পৰ্কে অৰ্থবিজ্ঞানৰ আলোচনা কৰে।

(iii) বিতৰণঃ বিতৰণ প্ৰক্ৰিয়া যাতে সঠিক হয় তাৰ বাবে যিবোৰ নীতি বা তত্ত্ব অনুসৰণ কৰাৰ প্ৰয়োজন সেই সকলোবোৰ তত্ত্ব বিতৰণ’ বিষয়ৰ মাজত আলোচনা কৰা হয়।

(iv) বিনিময়ঃ বিনিময় হ’ল অৰ্থবিজ্ঞানৰ এটি গুৰুত্বপূৰ্ণ বিষয়। বিনিময়ৰ অৰ্থ হ’ল কোনো বস্তু আন কোনো বস্তুৰ পোনপটীয়াকৈ বিনিময় কৰা। যিকোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্ৰতিবিধ সামগ্ৰী নিজে উৎপাদন কৰি ল’ব নোৱাৰে। এনে ক্ষেত্ৰত ব্যক্তি, অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয়। সেয়েহে, দেশীয় বাণিজ্য আৰু আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তৰ্জাতিক বিনিময় হয়। গতিকে দুয়ো প্ৰকাৰৰ বিনিময়ৰ বিষয়ে অৰ্থনীতিত আলোচনা কৰা হয়।

(v) মুদ্ৰাঃ দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় প্ৰথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময়, ব্যৱস্থাক সৰলতা প্ৰদান কৰাৰ বাবেই মুদ্ৰাৰ সৃষ্টি হৈছিল। মুদ্ৰাৰ ভূমিকা অৰ্থনীতিৰ পৰিসৰৰ এক উল্লেখযোগ্য অংশ। বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্য যিকোনো এবিধ সামগ্ৰী যাৰ সহায়ত সকলো বস্তু আৰু সেৱা কাৰ্যৰ মূল্য প্ৰকাশ কৰা হয় আৰু যাৰ যোগেদি সঞ্চয়, ঋণ গ্ৰহণ আৰু ঋণ পৰিশোধ কাৰ্য সম্পাদন কৰা হয় তাক মুদ্ৰা বোলে।

(vi) আয়ঃ জনমূৰি আয়, ৰাষ্ট্ৰীয় বা জাতীয় আয়, ইয়াৰ বৃদ্ধি তথ্য বিতৰণ অৰ্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰাটো অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্গত।

(vii) ৰাজস্ব বা ৰাজহুৱা বিও বিজ্ঞানঃ চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণ আলোচনাই হৈছে ৰাজস্ব বা ৰাজহ্বা বিত্ত বিজ্ঞান।

(viii) কল্যাণকামী অৰ্থনীতিঃ কেৱল ভোগকাৰ্য, উৎপাদন তথ্য বিতৰণেই অৰ্থনীতিৰ মূল বিষয়বস্তু হ’ব নোৱাৰে। এনেবোৰ কাৰ্যৰ লগত ব্যক্তি তথা সমাজৰ কল্যাণৰ দিশটোও জড়িত হৈ থাকে।

(ix) পৰিৱেশীয় অৰ্থনীতিঃ পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অৰ্থনীতি বিষয়ত অন্তৰ্ভুক্ত কৰা হৈছে।

(x) দক্ষতাঃ সীমিত সম্পদৰাজিক দক্ষতাপূৰ্ণ ব্যৱহাৰৰ যোগেদি সমাজ গঠন কৰাটো অৰ্থনীতিৰ মূল বিষয়।

ওপৰোক্ত বিষয়সমূহ অৰ্থনীতিৰ পৰিসৰৰ ভিতৰত পৰিলেও গতিশীল পৃথিৱীত সময়ৰ লগে লগে অৰ্থনীতিৰ পৰিসৰ সীমাবদ্ধ হৈ থকা নাই। অৰ্থবিজ্ঞানৰ ভিতৰত গোলকীয় অৰ্থনীতিৰ নতুন ধাৰণা, বহনক্ষম উন্নয়ন আদি নতুন নতুন বিষয় অন্তৰ্ভুক্ত হৈ ইয়াৰ পৰিসৰে ব্যাপকতা লাভ কৰিছে।

8. অৰ্থবিজ্ঞানৰ মৌলিক ধাৰণাসমূহ কি কি?
উত্তৰঃ অৰ্থবিজ্ঞানৰ কেইটামান মৌলিক ধাৰণা হ’ল—
(১) বস্তু বা সামগ্ৰীঃ মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী আৰু সেৱা কাৰ্যকেই অৰ্থবিজ্ঞানত বস্তু বুলি কোৱা হয়।

(২) উপযযাগিতাঃ বস্তু বা সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক অৰ্থবিজ্ঞানত উপযোগিতা বুলি কোৱা হয়।

(৩) সম্পদঃ সকলো বস্তু সম্পদ নহয়। বস্তু এটা সম্পদ হ’বলৈ হ’লে বস্তুৰ উযযাগিতা অৰ্থাৎ ব্যৱহাৰযোগ্য, অপ্ৰচুৰতা বা দুৰ্লভ আনক দিব পৰা অৰ্থাৎ হস্তান্তৰযোগ্যতা আৰু ভৌতিক অস্তিত্ব অৰ্থাৎ বাহ্যিকতা এই চাৰিটা বৈশিষ্ট্য থাকিব লাগিব।

(৪) অভাৱঃ কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হোৱাকে অভাৱ বোলে।

(৫) কল্যাণঃ কল্যাণ দুই প্ৰকাৰৰ— অৰ্থনৈতিক কল্যাণ আৰু অনা-অৰ্থনৈতিক কল্যাণ। মুদ্ৰাৰ মাধ্যমত সাধন কৰা কল্যাণক অৰ্থনৈতিক কল্যাণ বোলা হয়। আনহাতে যিবোৰ কল্যাণ মুদ্ৰাৰ মাধ্যেমেৰে জুখিব নোৱাৰি, যিবোৰ নৈতিক আৰু সামাজিক কল্যাণ সেইবোৰ কল্যাণেই হ’ল অনা- অৰ্থনৈতিক কল্যাণ।

(৬) দবঃ কোনো বস্তুৰ মুদ্ৰা মূল্যই হৈছে বস্তুটোৰ দুৰ বা দাম।

(৭) চাহিদাঃ এজন ভোক্তাৰ তেওঁৰ ক্ৰয় কৰিব পৰা সামৰ্থৰ ভিতৰত (কোনো বস্তু এটা পাবলৈ যি হাবিয়াস তাকে চাহিদা বুলি কোৱা হয়।

(৮) যোগানঃ কোনো এটা নিৰ্দিষ্ট সময়ত বিভিন্ন দৰত সামগ্ৰীৰ যিখিনি বিক্ৰীৰ বাবে বজাৰত উলিয়াই দিয়া হয় তাকেই যোগান বোলে।

(৯) বজাৰঃ অৰ্থবিজ্ঞানত বজাৰ বুলি ক’লে এনে এটা ব্যৱস্থাক বুজায় য’ত কোনো এটা নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত কোনো এটা বস্তুৰ ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিনা বেচা হয়। ষ্টক বজাৰ, অনলাইন বজাৰ আদি বজাৰৰ উদাহৰণ।

(১০) মূলধনঃ উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন।

(১১) সঞ্চয়ঃ সঞ্চয় হৈছে মূলধনৰ আহিলা। উৎপাদনৰ যিটো। অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বোলা হয়। অৰ্থাৎ আয় = ভোগ ব্যয় + সঞ্চয়।।

(১২) বিনিয়োগঃ মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাক বিনিয়োগ বোলা হয়।

(১৩) ৰাষ্ট্ৰীয় আয়ঃ এটা নিৰ্দিষ্ট বছৰত এখন দেশত উৎপাদিত হোৱা সকলো দ্ৰব্য সেৱা কাৰ্যৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয়। উৎপাদনৰ আটাইবোৰ উপাদানৰ পৰা উপাৰ্জন কৰা আয়ৰ সমষ্টিয়েই হৈছে ৰাষ্ট্ৰীয় আয়।

Leave a Comment

error: Content is protected !!
Scroll to Top