মানৰ অসম আক্রমণ

মানৰ অসম আক্রমণ | Chapter 4 | Class 9 Social Science – SEBA

মানৰ অসম আক্রমণ | ইতিহাস | Chapter 1 | Class 9 Social Science Question and Answer | Assam Class 9 Social Science Solutions | SEBA Class 9 HSLC Social Science Chapter 1 Notes | SEBA Class 9 HSLC Social Science Chapter 1 Question and Answer | Questions and Answers for Class 9 Social Science Chapter 1 মানৰ অসম আক্রমণ | HSLC Social Science Questions and Answers Assam


মানৰ অসম আক্ৰমণ

Multiple Choice Questions and Answers (MCQs)

1. মান সেনাই আৰাকান দখল কৰিছিল—
(a) ১৭৬৫ চনত।
(b) ১৭৮২ চনত।
(c) ১৭৮৪ চনত।
(d) ১৭৯৮ চনত।
উত্তৰঃ (c) ১৭৮৪ চনত।

2. পানীমুৱাৰ বিদ্ৰোহৰ সময়ত আহোমৰ ৰজা আছিল—
(a) ৰুদ্ৰসিংহ।
(b) গৌৰীনাথ সিংহ।
(c) শিৱ সিংহ।
(d) কমলেশ্বৰ সিংহ।
উত্তৰঃ (d) কমলেশ্বৰ সিংহ।

3. বদনৰ নেতৃত্বত মান সেনা আছিল—
(a) ৬০০০ জন।
(b) ৮০০০ জন।
(c) ১৪০০০ জন।
(d) ১৬০০০ জন।
উত্তৰঃ (a) ৬০০০ জন।

4. ওৱেলছৰ সামৰিক অভিযানৰ সময়ত অসমৰ প্ৰধানমন্ত্ৰী আছিল—
(a) পূণানন্দ বুঢ়াগোহাঁই।
(b) বদন চন্দ্ৰ বৰফুকন।
(c) ৰুচিনাথ বুঢ়াগোহাঁই।
(d) কীৰ্তি চন্দ্ৰ বৰবৰুৱা।
উত্তৰঃ (a) পূণানন্দ বুঢ়াগোহাঁই।

5. ৰুচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্ত সিংহক সিংহাসনচ্যুত কৰিছিল—
(a) ১৮১৭ চনৰ আগষ্টত।
(b) ১৮১৮ চনৰ ছেপ্তেম্বৰত।
(c) ১৮১৭ চনৰ জুনত।
(d) এটাও নহয়।
উত্তৰঃ (d) এটাও নহয়।

Very Short Type Questions and Answers (Marks : 1/2)

1. বদনচন্দ্ৰ চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল?
উত্তৰঃ সন্ধী বৰফুকন।

2. বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোঁহাই।

3. মানৰ অসম আক্ৰমণৰ এটি ঋণাত্মক দিশৰ উল্লেখ কৰা।
উত্তৰঃ ই অসমত আহোম সকলৰ ৰাজত্বৰ অৱসান ঘটায়।

4. বদনচন্দ্ৰই অসমত সোমায়েই কিমান অতিৰিক্ত সৈন্য গোটাইছিল?
উত্তৰঃ ৮,০০০।

5. ভদৰী কোন আছিল?
উত্তৰঃ ভদৰী এজন ৰোগগ্ৰস্ত লোক আছিল যাক পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে, বৰবৰুৱা পদ দিছিল।

6. ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মান, ফলে কোনখন দেশ জয় কৰিছিল?
উত্তৰঃ আৰাকান প্ৰদেশ।

7. মানৰ আক্ৰমণ কোন কোন চনত হৈছিল?
উত্তৰঃ ১৮১৭, ১৮১৯, ১৮২১ চনত।

8. মানৰ অসম আক্ৰমণৰ এটি ধনাত্মক দিশৰ উল্লেখ কৰা।
উত্তৰঃ মানৰ আক্ৰমণৰ এটা ধনাত্মক দিশ হ’ল অসমৰ আধুনিকীকৰণ।

9. কোন চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল?
উত্তৰঃ ১৮১৭ চনত।

10. মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা বিৰাজ কৰিছিল?
উত্তৰঃ মান আৰু ইংৰাজ দুয়ো একে আন্তঃৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হোৱাত মান আৰু ব্ৰিটিছসকলৰ মাজত শত্ৰুতা বিৰাজ কৰিছিল।

11. বদনৰ সৈতে অহা মান সৈন্য কোন মাহৰ পৰা কোন মাহলৈ অসমত আছিল?
উত্তৰঃ মাৰ্চৰ পৰা এপ্ৰিললৈ।

12. বদনচন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল?
উত্তৰঃ ১৬,০০০।

13. পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুত্ৰ কোন আছিল?
উত্তৰঃ ৰুচিনাথ বুঢ়াগোহাঁই।

14. শিৱনাথ তামলী ফকন কোন আছিল?
উত্তৰঃ শিৱনাথ তামুলীয়ে ভদৰি বৰবৰুৱাৰ কামসমূহ তদাৰক কৰিছিল।

15. মানসকলে, মণিপুৰত দ্বিতীয় অভিযান কেতিয়া চলাইছিল?
উত্তৰঃ ১৭৫৯ চনত।

16. ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল?
উত্তৰঃ আৰাকান প্ৰদেশ।

17. জগন্নাথ ঢেকিয়াল ফুকন কোন আছিল?
উত্তৰঃ ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ।

18. মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল?
উত্তৰঃ মান আৰু ইংৰাজ দুয়ো একে আন্তঃৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হোৱাৰ পৰা।

19. বৈশালী মুং-ডুনচুন খাম কি?
উত্তৰঃ ব্ৰহ্মদেশৰ লিপিকাৰে অসম সম্বন্ধে লিখা এটি টোকা।

20. বদৌপায়াৰ পিছত ব্ৰহ্মদেশৰ ৰজা কোন হৈছিল?
উত্তৰঃ বাগিদাও।

21. পুৰন্দৰ সিঙৰ দেউতাকৰ নাম কি?
উত্তৰঃ পুৰন্দৰ সিঙৰ দেউতাকৰ নাম ব্ৰজনাথ গোহাঁই আছিল।

22. মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যৈাৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ গোবিন্দ চন্দ্ৰ।

23. ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
উত্তৰঃ ইংৰাজ আৰু মানসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল।

24. কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল?
উত্তৰঃ ঘিলাধাৰীৰ যুদ্ধ।

25. বৈশালী হুকুং কি?
উত্তৰঃ ব্ৰহ্মদেশৰ লিপিকাৰে অসমত মানৰ সামৰিক অভিযান সম্পৰ্কে লিখা এটি টোকা।

26. বৈশালী হুকুং কি?
উত্তৰঃ ব্ৰহ্মদেশৰ লিপিকাৰে: অসমত মানৰ সামৰিক অভিযান সম্পৰ্কে লিখা এটি টোকা।

27. বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল?
উত্তৰঃ ৰূপসিংহ চুবেদাৰ আৰু ৰহমান খাঁ জামাদাৰ।

28. বৈশালী মুংডুনচুন-খাম কি?
উত্তৰঃ ব্ৰহ্মদেশৰ লিপিকাৰে অসম সম্বন্ধে লিখা এটি টোকা।

29. প্ৰকৃততে মানৰ আক্ৰমণ কোন চনত হৈছিল?
উত্তৰঃ ১৮১৯ চনত।

30. বদনক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল?
উত্তৰঃ মন্ত্ৰী বৰফুকন।

31. চন্দ্ৰকান্ত সিংহৰ সেনাপতিজনৰ নাম লিখা।
উত্তৰঃ চন্দ্ৰকান্ত সিংহৰ সেনাপতিজনৰ নাম আছিল লুকো জেকা ফুকন।

32. গৌৰীনাথৰ মৃত্যু সংবাদটো কোনে গোপনে ৰাখিছিল?
উত্তৰঃ গৌৰীনাথৰ মৃত্যু সংবাদটো পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে গোপনে ৰাখিছিল।

33. ঘিলাধাৰী যুদ্ধত পূৰ্ণানন্দ বুঢ়গগাহাঁইৰ সেনাবাহিনীৰ নেতৃত্ব কোনে কোনে দিছিল?
উত্তৰঃ ঘিলাধাৰী যুদ্ধত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সেনাবাহিনীৰ নেতৃত্ব দিছিল— দামান গগৈ আৰু হাও বৰা।

34. গোৰীনাথ মৃত্যু সংবাদ গোপন কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কি কৰিছিল?
উত্তৰঃ গোৰীনাথ সিংহৰ মৃত্যুৰ সংবাদ গোপনে ৰাখি উত্তৰাধিকাৰৰ প্ৰশ্নটো পূৰ্ণানন্দই নিজাববীয়াকৈ মীমাংসা কৰিছিল। মৃত্যু সংবাদ নিদি গৌৰীনাথে মতা বুলি বাস্কটীয়া বৰবৰুৱাক ৰাজপ্ৰসাদলৈ নি নিষ্ঠুৰভাৱে হত্যা কৰিছিল।

35. ইংৰাজৰ কৱলৰপৰা অসম ভাৰতবৰ্ষৰ অংগ ৰাজ্যৰূপে কিমান চনৰ কিমান তাৰিখে স্বাধীনতা লাভ কৰিছিল?
উত্তৰঃ ইংৰাজৰ কৱলৰপৰা অসমে ভাৰতবৰ্ষৰ অংগ ৰাজ্যৰূপে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল।

36. মানৰ অসম আক্ৰমণৰ কাৰণ দুটা কি কি?
উত্তৰঃ মানৰ অসম আক্ৰমণৰ কাৰণ দুটা হল—
(১) বদন চন্দ্ৰ বৰফুকনৰ হত্যাকাণ্ড।
(২) চন্দ্ৰকান্ত সিংহক সিংহাসনচ্যুত।

37. মানসকলৰ অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ ঘটনাটো কাৰ সামৰিক অভিযানৰ লগত সাদৃশ্য আছে?
উত্তৰঃ মানসকলৰ অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ ঘটনাটো কেপ্তেইন থমাছ ওৱেলছৰ সামৰিক অভিযানৰ লগত সাদৃশ্য আছে।

38. বদন চন্দ্ৰ বৰফুকনক কেনেকৈ হত্যা কৰিছিল?
উত্তৰঃ প্ৰয়াত পূৰ্ণানন্দ আৰু ৰুচিনাথৰ পৰিয়াল, ৰাজমাও নুমলী আৰু কেইজনমানৰ প্ৰৰোচনাত ভাৰতীয়া আততায়ী ৰূপসিং চুবেদাৰ আৰু ৰহমান খাঁ জমাদাৰে প্ৰাতঃস্নান কৰি থকা অৱস্থাত বদনক হত্যা কৰে।

39. পানীমুৱা বিদ্ৰোহ কি?
উত্তৰঃ পূৰ্ণানন্দৰ দৌৰাত্ম সহ্য কৰিব নোৱাৰি দেশৰ ভালেমান মুখিয়াল লোক আৰু ডা- ডাঙৰীয়াসকলে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল। এই বিদ্ৰোহৰ নেতৃত্ব দিছিল পানীমুৱা নামৰ লোক এজনে সেই কাৰণে এই বিদ্ৰোহক পানীমুৱা বিদ্ৰোহ বোলে।

40. বদন চন্দ্ৰ বৰফুকনে ব্ৰহ্মদেশলৈ গৈ পূৰ্ণানন্দৰ বিৰুদ্ধে সামৰিক সাহায্য বিচৰা ৰজাজনৰ নাম কি?
উত্তৰঃ বদন চন্দ্ৰ বৰফুকনে ব্ৰহ্মদেশলৈ গৈ পূণানন্দৰ বিৰুদ্ধে সামৰিক সাহাৰ্য বিচৰা ৰজাজনৰ নাম আছিল বদৌপায়া।

41. বদন চন্দ্ৰ বৰফুকনক হত্যা কৰা ভাৰাতীয়া আততায়া কেইজনৰ নাম কি?
উত্তৰঃ বদন চন্দ্ৰ বৰফুকনক হত্যা কৰা ভাৰতীয়া আততায়ী -কেইজনৰ নাম আছিল ৰূপসিং চুবেদাৰ আৰু ৰহমান খ জামাদাৰ।

42. মানসকলৰ আৰাকান, মণিপুৰ আৰু কাছাৰত ৰাজনৈতিক হস্তক্ষেপ কৰাৰ পৰিণতিস্বৰূপে কি হৈছিল?
উত্তৰঃ মানসকলে আৰাকান, মণিপুৰ আৰু কাছাৰত ৰাজনৈতিক হস্তক্ষেপ কৰাৰ পৰিণতিস্বৰূপে অতি সোনকালে তেওঁলোকে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰাৰ সুযোগ পাইছিল।

43. মানসকলে মণিপুৰৰ ওপৰত সম্পূৰ্ণ ৰাজনৈতিক কৰ্তৃত্ব স্থাপন কৰাৰ সময়ত মণিপুৰত থকা ৰাজকুমাৰ তিনিজনৰ নাম লিখা।
উত্তৰঃ মানসকলে মণিপুৰৰ ওপৰত সম্পূৰ্ণ ৰাজনৈতিক কতৃত্ব স্থাপন কৰাৰ সময়ত মণিপুৰত থকা ৰাজকুমাৰ তিনিজনৰ নাম হ’ল মৰজিৎ সিং, গম্ভীৰ সিং আৰু সুৰজিৎ সিং।

44. পূৰ্ণানন্দ আৰু বদন চন্দ্ৰৰ মাজত কেনেকৈ পাৰস্পৰিক সংঘাত সৃষ্টি হৈছিল?
উত্তৰঃ স্বেচ্ছাচাৰী হৈ পূৰ্ণানন্দই বদনক বৰফুকন পদৰ পৰা আতৰাই কলীয়া ভোমোৰাক বৰফুকন পাতে। কলীয়া ভোমোৰাৰ মৃত্যুৰ পিছত পুনৰ বদন চন্দ্ৰক বৰফুকন পাতিবলৈ বাধ্য হয়। তেতিয়াৰ পৰাই দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হয়।

45. দোৱনীয়া কোন? তেওঁলোকে কি কৰিছিল?
উত্তৰঃ মানৰ আক্ৰমণৰ সময়ত কিছুমান অৱস্থাপন্ন অসমীয়া লোকে মানৰ ছদ্মবেশ লৈ কিছুমান বেয়া কাম কৰিছিল। এওঁলোকেই দোৱনীয়া। এওঁলোকে অসমীয়া প্ৰজাক যথেষ্ট অত্যাচাৰ কৰিছিল।

46. প্ৰথম ইংগবৰ্মী যুদ্ধৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ মান অসমত থকা সময়ত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ মাজত চাৰিখন ৰণাংগনত ১৮২৪ চনৰ ফেব্ৰুৱাৰীত সংঘৰ্ষ হৈছিল। ইয়েই প্ৰথম ইংগ-বৰ্মী যুদ্ধ। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ মাধ্যমত এই যুদ্ধৰ সামৰণি পৰে।

READ MORE  মোৱামৰীয়া গণ বিদ্রোহ | Chapter 3 | Class 9 Social Science - SEBA

47. বদনচন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৮১৮ চনৰ আগষ্ট মাহত। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ ১৮১৭ চনৰ।

48. ইয়াণ্ডাবু সন্ধি ১৮১৪/১৮২৬/১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ ১৮২৬ চনৰ।।

49. ১৮১৬/১৮১৭/১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ ১৮১৭ চনত।

50. ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ /পূৰ্ণানন্দ বুঢ়াগোহাঁই ব্ৰিজনাথ গগাহাঁইৰ মাতৃ আছিল। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ চন্দ্ৰকান্ত সিংহৰ।

51. জগন্নাথ, ঢেকিয়াল ফুকন/ বদনচন্দ্ৰ বৰফুকন/ চন্দ্ৰকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
উত্তৰঃ জগন্নাথ ঢেকিয়াল ফুকন।

52. কোনটো বিদ্ৰোহক ‘পানীমুৱা বিদ্ৰোহ’ বুলি কোৱা হয়?
উত্তৰঃ পূৰ্ণানন্দৰ দৌৰাত্ম সহ্য কৰিব নোৱাৰি দেশৰ ভালেমান মুখিয়াল লোক আৰু ডা- ডাঙৰীয়াসকলে কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্ৰোহ সংগঠিত কৰিছিল। এই বিদ্ৰোহৰ নেতৃত্ব দিছিল পানীমুৱা নামৰ লোক এজনে। সেই কাৰণে এই বিদ্ৰোহক পানীমুৱা বিদ্ৰোহ বোলে।

53. ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা।
উত্তৰঃ (১) মানৰ অসম আক্ৰমণে অসমৰ আহোম ৰাজত্বৰ ওৰ পেলাইছিল। আক্ৰমণৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ আহোম ৰাজ্য মানৰ অধীনলৈ আহিছিল আৰু ১৮১৯-১৮২৬ চনলৈ মানে অসমত শাসন চলাইছিল।

(২) মানৰ আক্ৰমণত অসমৰ সমাজ জীৱন বহুলাংশে বিপৰ্যস্ত হৈ পৰিছিল। অসমৰ বহু লোক উজনিৰপৰা নামনিলৈ, কাছাৰ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা শাসিত বংগদেশলৈ প্ৰব্ৰজন কৰিছিল।

Long Type Questions and Answers (Marks : 4/5/6)

1. গোবিন্দচন্দ্ৰ। —চমুটোকা লিখা।
উত্তৰঃ গোবিন্দচন্দ্ৰ কাছাৰৰ ৰজা আছিল। ইতিমধ্যে মান ৰজাৰ ভয়ত মণিপুৰৰ তিনি ৰাজকুমাৰ পলাই গৈ কাছাৰত প্ৰৱেশ। কৰে। কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰক কাছাৰৰপৰা খেদি, মণিপুৰৰ সুৰজিৎ সিং আৰু গম্ভীৰ সিঙে কাছাৰ অধিকাৰ কৰে। গোবিন্দ চন্দ্ৰই উপায় নাপাই ইংৰাজৰ আশ্ৰয় লয়। মানসেনাৰ অত্যাচাৰত ইতিমধ্যে অতিষ্ঠ হোৱা ইংৰাজ চৰকাৰে, গোবিন্দ চন্দ্ৰৰ কাছাৰত’ মানে প্ৰৱেশ কৰাত প্ৰতিবাদ জনালে। মান সেনাৰ যুক্তিহীন হস্তক্ষেপৰ বাবে ইংৰাজে মানৰ বিৰুদ্ধে আক্ৰমণ চলাই মানসেনাক কাছাৰৰ পৰা খেদিগ গোবিন্দ চন্দ্ৰক পুনৰ ৰজা পাতে। কিন্তু তেওঁৰ ওপৰত সততে নজৰ ৰাখিছিল। ১৮৩০ চনত মণিপুৰৰ ৰজাই ষড়যন্ত্ৰ কৰি গোবিন্দ চন্দ্ৰক হত্যা কৰে।

2. লক ডেকাফকন। —চমুটোকা লিখা।
উত্তৰঃ ৰুচিলাহ বুঢ়াগোহাঁয়ে যেতিয়া তেওঁ গুৱাহাটীত হিন্দুস্থানী আৰু স্থানীয় লোকৰ দ্বাৰা গঠন কৰা সৈন্যবাহিনীটো লৈ যোৰহাট অভিমুখে ৰাওনা হৈছিল, তেতিয়া কথা বিষম দেখি আহোম। ৰজা চন্দ্ৰকান্ত সিংহই লুকু ডেকাফুকনক সেনাপতি পাতি এটা শকত বাহিনী দি ৰুচিনাথৰ বিৰুদ্ধে পঠালে আৰু তেওঁ নিজে ৰংপুৰলৈ আতঁৰি যায়। আহোম ৰজা চন্দ্ৰকান্ত সিংহৰ সেনাবাহিনীটো ৰুচিনাথৰ বাহিনীৰ হাতত পৰাজিত হয় আৰু সেনাপতি লুকু ডেকাফুকন ৰণত নিহত হয়। ৰুচিনাথে এই যুদ্ধত জিকি যোৰহাটত প্ৰৱেশ কৰে।

3. ঘিলাধাৰী যুদ্ধ। —চমুটোকা লিখা।
উত্তৰঃ ১৮১৬ খৃঃৰ শেষৰ ফালে বদনচন্দ্ৰ বৰফুকনে মানৰজাৰ পৰা প্ৰায় আঠ হাজাৰমান সৈন্য লৈ অসমলৈ যাত্ৰা কৰিলে। বাটত আহোঁতে মানৰজাৰ তলতীয়া ৰাজ্যবিলাকৰ পৰা বহুতো সৈন্য আহি লগলাগি ইয়াৰ সংখ্যা প্ৰায় ষোল্ল হাজাৰমান হয়। ১৮১০ খৃঃৰ মাৰ্চ মাহত মানসেনা আহি অসমৰ দুৱাৰমুখ পালেহি। মান অহা শুনি পূৰ্ণানন্দ বুঢ়াগোহাঁইদেৱে মানক ভেটা দিবলৈ এদল সৈন্য পঠায়। ঘিলাধাৰী নামে ঠাইত মানসেনা আৰু অসমীয়া সৈন্যৰ মাজত যুদ্ধ হয়। যুদ্ধত অসমীয়া সেনা মানৰ হাতত হাঁৰিল। এয়া মানৰ প্ৰথম আক্ৰমণ। এই ঘিলাধাৰী যুদ্ধত হৰাৰ পিছতে পূৰ্ণানন্দ বুঢ়গোহাঁইৰ মৃত্যু হয়। কোনো কোনোৰ মতে তেওঁ কালহীৰা চেলেকি আত্মহত্যা কৰে।

4. গম্ভীৰ সিং। —চমুটোকা লিখা।
উত্তৰঃ গম্ভীৰ সিং আছিল এজন মণিপুৰৰ ৰাজকুমাৰ। তেওঁৰ দুজন ভায়েক আছিল মনজিৎ সিং আৰু সুৰজিৎ সিং মানসকলে ১৮১৯-২৩ ৰ কালছোৱাত মণিপুৰৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ ৰাজনৈতিক কতৃত্ব স্থাপন কৰি তিনিওজন ৰাজকুমাৰকে, দেশৰপৰা। বহিস্কাৰ কৰে। এই মণিপুৰী ৰাজকুমাৰ কেইজন নিজা দেশৰপৰা বহিস্কাৰ। হৈ মণিপুৰৰপৰা কাছাৰলৈ পলাই যায়। সেই সময়ত কাছাৰৰ ৰজা আছিল গোবিন্দ চন্দ্ৰ। গোবিন্দ চন্দ্ৰই মণিপুৰী ৰাজকুমাৰসকলৰ উপদ্ৰৱ সহ্য কৰিব নোৱাৰি শ্ৰীহট্ট লৈ গৈ ইংৰাজৰ সহায় ভিক্ষা কৰে। কিন্তু ইংৰাজে সহায় কৰিবলৈ অস্বীকাৰ কৰাত গোবিন্দ চন্দ্ৰ মানৰ শৰণাপন্ন হয় আৰু মানসকলে কাছাৰত নিজৰ আধিপত্য স্থাপনৰ আশাত ১৮২৩ চনত গোবিন্দ চন্দ্ৰৰ সমৰ্থনত গম্ভীৰ সিঙৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হয়।

5. দোৱনীয়া। —চমুটোকা লিখা।
উত্তৰঃ ব্ৰহ্মদেশৰ ৰজাই ১৮১৯ চনত, বদনচন্দ্ৰৰ হত্যা আৰু চন্দ্ৰকান্ত সিংহক সিংহাসনচ্যুত কৰা খবৰ পাই সেনাপতি আলুমিংগিৰ অধীনত এটা ১০ হাজাৰ সৈন্যৰ শকত বাহিনী অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। এই বাহিনীয়ে আহোম ৰজা পূণানন্দক পৰাজিত কৰি ৰাজধানী দখল কৰি পূৰ্ণানন্দক সিংহাসনচ্যুত কৰি চন্দ্ৰকান্তক পুনৰ ৰজা পাতে। এই মানসকলে অসমীয়া প্ৰজাৰ ওপৰত বৰ অত্যাচাৰ, উৎপীড়ন কৰিছিল। কিন্তু এই মানসকলৰ লগতে কিছুমান অসমীয়া প্ৰজাই ছদ্মবেশী মান হৈ অসমীয়া লোকৰ ওপৰত অত্যাচাৰ-উৎপীড়ন। চলাইছিল। এইদৰে ছদ্মবেশী মান সেনা হৈ অসমীয়া প্ৰজাক অত্যাচাৰ উৎপড়ন কৰা লোকসকলকে দোৱনীয়া বুলি জনা যায়। এই ডকাইতৰ দলটোৱে অসমীয়া প্ৰজাক নানা অত্যাচাৰ কৰাৰ লগতে ধন-সম্পত্তি লুট কৰি নিছিল। এই অত্যাচাৰী ছদ্মবেশী মনসকলক দোৱনীয়া বুলিছিল।

6. হাও বৰা। —চমুটোকা লিখা।
উত্তৰঃ হাও বৰা আৰু দামান গগৈয়ে পূৰ্ণানন্দৰ সৈন্যবাহিনীৰ নেতৃত্ব দিছিল। তেওঁলোকৰ নেতৃত্বত অহা সৈন্যবাহিনীটোৱে ঘিলাধাৰীত বদনৰ আগমন ৰোধ কৰিবলৈ গৈছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰীৰ যুদ্ধত পৰাজিত হয়। ঘিলাধাৰীৰ হাও বৰা আৰু দামান গগৈৰ নেতৃত্বত অহা সৈন্যবাহিনীৰ পৰাজয়ৰ বাতৰিটোৱে পূৰ্ণানন্দ অধিক মৰ্মাহত কৰি মুত্যুমুখত পেলায়। হাও আৰু দামান গগৈৰ যুটীয়া নেতৃত্বত অহা সৈন্যবীহিনী টোৱে বদনৰ সৈন্যবাহিনীৰ হাতত পৰে।

7. দামান গগৈ। —চমুটোকা লিখা।
উত্তৰঃ পূৰ্ণানন্দৰ অতপালি সহ্য কৰিব নোৱাৰি বদনে। বদৌপায়াৰ ওচৰত সামৰিক সাহাৰ্য বিচাৰিলে। বদৌপায়াই এই ক্ষেত্ৰত ইতিবাচক সহাৰি দি পূৰ্ণানন্দৰ বিৰুদ্ধে বদনৰ নেতৃত্বত প্ৰায় ৬০০০ সৈনিকৰ যোগান দি অসম অভিমুখে যাত্ৰা কৰিবলৈ আদেশ দিলে। বদৌপায়াৰ সৈন্য আৰু অসমত সংগ্ৰহ কৰা সৈন্যসহ বদন অসমত প্ৰৱেশ কৰে। বদনৰ আগমন ৰোধ কৰিবলৈ পূণানন্দ বুঢ়াগোহাঁইয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্যবাহিনী প্ৰেৰণ কৰিছিল। কিন্তু দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত অহা সৈন্যবাহিনীটো বদনৰ সৈন্যবাহিনীৰ হাতত পৰাজিত হয়। ঘিলাধাৰীত দামান গগৈ আৰু দাও বৰাৰ নেতৃত্বত অহা সৈন্যবাহিনীৰ পৰাজয়ৰ বাতৰিয়ে পূৰ্ণানন্দক মৰ্মাহত কৰি মৃত্যুমুখত পেলায়।

8. আলুমিংগি। —চমুটোকা লিখা।
উত্তৰঃ বদন চন্দ্ৰ বৰফুকনৰ হত্যাকাণ্ড আৰু চন্দ্ৰকান্ত। সিংহাসনচ্যুত এই দুয়োটা কাৰণৰ বাবেই মানে অসম আক্ৰমণ কৰিছিল। এই দুয়োটা কথা পলমকৈ হ’লেও মান দেশৰ ৰাজধানী আভাত সদৰি হৈ পৰে। মান ৰজাই উক্ত ঘটনাত অসন্তুষ্ট হৈ অসম আক্ৰমণ কৰিবলৈ সিদ্ধান্ত লয়। সেই সিদ্ধান্ত মৰ্মে মান ৰজাই কিয়ামিংগি ওৰফে আলুমিংগিক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায়। আলুমিংগিৰ নেতৃত্বত প্ৰায় ১০,০০০ সৈন্য আছিল। মানৰ এই আক্ৰমণ ১৮১৯ চনত জানুৱাৰী-ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈছিল। ১০,০০০ সৈন্যৰ লগত আলুমিংগিয়ে নেতৃত্ব দিয়া এই আক্ৰমণখনকেই মানৰ প্ৰথম অসম আক্ৰমণ বুলিব পাৰি।

9. পুৰন্দৰ সিংহ। —চমুটোকা লিখা।
উত্তৰঃ পুৰন্দৰ সিংহ ব্ৰজনাথ গোহাঁইৰ পুত্ৰ আছিল। তেওঁ অতি কম বয়সতেই ৰজা হোৱাৰ সুভাগ্য লাভ কৰিছিল। ব্ৰজনাথ আৰু পুৰৰ দুয়ো ১৮০৯ চনৰপৰা কোম্পানীৰ চৰকাৰৰপৰা পেঞ্চন লাভ কৰি কোম্পানীৰ ৰাজ্য চিলামাৰীত সুখে শান্তিৰে দিন কটাইছিল। বদনৰ হত্যাৰ পাছত ৰুচিনাথে চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা সিংহাসনচ্যুত কৰে আৰু ব্ৰজনাথ গোহাঁইক সেই সিংহাসনত বহুৱাবৰ চেষ্টাত ব্যস্ত হৈ পৰে। সেইকাৰণে ৰুচিনাথে তেওঁৰ ভাতৃ জগন্নাথৰ হতুৱাই ব্ৰজনাথ আৰু পুৰন্দৰক চিলামাৰীৰ পৰা গুৱাহাটীলৈ লৈ আহে। কচিনাথে নিজ অভিৰুচি পুৰণাৰ্থে গুৱাহাটীত এটি সেনাবাহিনী গঠন কৰে। এই সেনাবাহিনীৰ সহায়ত ব্ৰজনাথ আৰু পুৰন্দৰক লগত লৈ যোৰহাটলৈ যাত্ৰা কৰে। চন্দ্ৰকান্তক ৰুচিনাথে চল কৰি যোৰহাটলৈ মাতি আনি ৰুচিনাথৰ এজন ভাতৃৰ হতুৱাই এখন কাণ কাটি তেওঁক ভৱিষ্যতৰ সিংহাসন প্ৰাপ্তিৰপৰা বঞ্চিত কৰে। আনফালে ব্ৰজনাথ পূৰ্বতে অংগক্ষত হোৱাৰ বাবে ৰজা হোৱাৰ যোগ্যতা হেৰুৱাইছিল। সেই কাৰণে। চিনাথে ব্ৰজনাথৰ ১৩ বছৰীয়া পুত্ৰ পুৰন্দৰক সিংহাসনত বহুৱাই ৰাজ্য শাসন কৰিবলৈ লয়।

10. বদৌপায়া। —চমুটোকা লিখা।
উত্তৰঃ বদৌপায়া ব্ৰহ্মদেশৰ ৰজা আছিল। তেওঁৰ আমোলত ১৭৮৪ চনত মান সেই আৰাকান জ কৰি দখল কৰে। আৰাকালত থিতাপি লৈ বদৌপায়া আৰু তেওঁৰ নাতি বাণিস তেওঁলোকৰ ৰাজ্য বিস্তাৰৰ নীতি মণিপুৰ আৰু অসমৰ পিনে সম্প্ৰসাৰিত কৰাৰ চেষ্টা কৰে। পূৰ্ণানন্দ আৰু বদনৰ মাজত থকা সংঘৰ্ষৰ ফলস্বৰূপে বদনে বদৌপায়াৰ ওচৰত পূৰ্ণানন্দৰ বিৰুদ্ধে সামৰিক সাহাৰ্য বিচাৰিছিল। বদৌপায়াই এই ক্ষেত্ৰত ইতিবাচক সহাৰি দি ৬০০০ সৈনিকৰ যোগান দি অসম অভিমুখে যাত্ৰা কৰিবলৈ আদেশ দিলে। তেওঁৰ সৈনিক আৰু বদনৰ নিজাববীয়াকৈ থকা সৈনিকৰ সহায়ত পূৰ্ণানন্দৰ বিৰুদ্ধে ঘিলাধাৰী যুদ্ধত বদনে অৱতীৰ্ণ হৈছিল। এই মান ৰজা বদৌপায়াৰ ১৮১৯ চনৰ মে মাহত মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ নাতি বাগিদও ব্ৰহ্মদেশৰ ৰজা হয়।

READ MORE  অসমৰ ভূগোল | Chapter 9 | Class 9 Social Science - SEBA

11. ব্ৰজনাথ। —চমুটোকা লিখা।
উত্তৰঃ আহোম ৰজা ৰাজেশ্বৰ সিংহৰ বংশধৰ ব্ৰজনাথ কোঁৱৰ, তেওঁৰ পুত্ৰ পুৰন্দৰৰ সৈতে ১৮০৯ চনৰ পৰা কোম্পানীৰ ৰাজ্যৰ চিলমাৰীত আশ্ৰয় লৈ আছিল। পিতা- পুত্ৰ দুয়োজনে ইংৰাজ কোম্পানীৰ চৰকাৰৰ পৰা পেঞ্চন লাভ কৰি চিলমাৰীতে স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল। ৰুচিনাথ বুঢ়াগোহাঁইৰ ভায়েক জগন্নাথ ঢেকীয়ালফুকনে ককায়েকৰ আদেশ পাই ব্ৰজনাথ আৰু পুৰন্দৰক গুৱাহাটীলৈ আনে। ৰুচিনাথ বুঢ়াগোহাঁয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে গুৱাহাটীতে কিছুমান স্থানীয় লোক আৰু হিন্দুস্থানী লোক গোটাই এটা সেনাবাহিনী গঠন কৰে। এই বাহিনীটোৰ লগতে ব্ৰজনাথ আৰু পুৰন্দৰক লৈ যোৰহাটলৈ যাত্ৰা কৰে। যোৰহাটত ৰজা চন্দ্ৰকান্ত সিংহৰ সৈন্যবাহিনীৰ লগত বুঢ়াগোহাঁই ৰুচিনাথ বাহিনীৰ এখন যুদ্ধ হয়। ৰজাৰ বাহিনী পৰাজিত হয়। ৰুচিনাথে সগৌৰৱেৰে যোৰহাটত প্ৰৱেশ কৰে আৰু চন্দ্ৰকান্তক সিংহাসনচ্যুত কৰি, ব্ৰজনাথৰ অংগক্ষত থকা কাৰণতে তেওঁক সিংহাসনত বহুৱাব নোৱাৰাত ৰুচিনাথ বুঢ়াগোহাঁয়ে ব্ৰজনাথৰ। পুতেক পুৰন্দৰকে সিংহাসনত বহুৱাই নিজে ৰাজ্য শাসন কৰিবলৈ লয়। পুৰন্দৰ সিংহই ১৮১৮ চনত ৰজা হৈছিল। তেওঁ মাত্ৰ এবছৰ পোন্ধৰ দিন ৰাজত্ব কৰিছিল। তাৰ পিছত মান সেনাই পুৰন্দৰক আৰাই চন্দ্ৰকান্ত সিংহক পুনৰ ৰজা পাতিছিল।

12. ইয়াণ্ডাবু সন্ধি। —চমুটোকা লিখা।
উত্তৰঃ ইয়াণ্ডাবু সন্ধি স্থাপন কৰাৰ লগে লগে প্ৰথম ইংগ-বৰ্মী যুদ্ধৰে সামৰণি পৰে। ১৮২৬ খৃঃৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানী আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত এই সন্ধি স্বাক্ষৰিত হয়। এই সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছসকলৰ অনুকূলে হৈছিল। তেওঁলোক উল্লেখযোগ্যভাৱে লাভৱান হৈছিল। ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে—
(১) বমী ৰজাই ব্ৰিটিছৰ যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ এক কোটি টকা পৰিশোধ কৰিবলগীয়া হৈছিল।

(২) আৰাকান আৰু তেনাছেৰিম প্ৰদেশ দুখন ইংৰাজ কোম্পানীক সমৰ্পন কৰিব লগা হৈছিল।

(৩) অসম কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত কৰ্মীসকলে আৰু কোনো প্ৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰা হ’ল মণিপুৰক স্বাধীন ৰাজ্য হিচাপে বৰ্মী। ৰজাই স্বীকৃতি দিব লগা হ’ল।

(৪) আভাত এজন ব্ৰিটিছ ৰেছিডেণ্ড ৰাখিবলগীয়া হ’ল। ইয়াৰ বিনিয়মত বুমীৰজাই এজন দূত ৰাখিবলৈ অধিকাৰ পালে। তদুপৰি ব্ৰিটিছৰ আৰু বৰ্মীসকলৰ মাজত এখন বাণিজ্যিক চুক্তিও সম্পন্ন কৰা হ’ল। ইয়াৰ দ্বাৰা বৃটিছসকলে ব্ৰহ্মদেশত বাণিজ্য কৰাৰ সুবিধা পালে।

13. ইয়াণ্ডাবু সন্ধিৰ গুৰুত্ব সম্পৰ্কে লিখা।
উত্তৰঃ অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইয়াণ্ডাবু সন্ধি আছিল অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তৰ সন্ধি। এই সন্ধিয়ে অসম বুৰঞ্জীৰ ধাৰা সলনি কৰিছিল। এই সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল। মানৰ ৰাজত্বৰ ওৰ পেলাই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে শাসনভাৰ গ্ৰহ কৰিছিল। উল্লেখযোগ্য যে এই সন্ধিৰ আগৰে পৰাই মানসকলক বিতাৰিত কৰাৰ অজুহাতত ব্ৰহ্মপুত্ৰ উপত্যকাত ব্ৰিটিছে। নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।

14. ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ উল্লেখ কৰা।
উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ উল্লেখযোগ্য ফলাফলসমূহ হ’ল—
(ক) ইয়াণ্ডাবু সন্ধিৰ ফলত ইঙ্গ বাৰ্মা যুদ্ধৰ সামৰণি পৰিছিল।
(খ) এই সন্ধিয়ে অসমত মানৰ দিনৰ অন্ত পেলাইছিল।
(গ) এই সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমত শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ পাতনি মেলে।

15. মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমুকৈ উল্লেখ কৰা।
উত্তৰঃ মানসকলৰ নিজৰ ৰাজ্য বিস্তাৰৰ হাবিয়াস পূৰণৰ উদ্দেশ্যে মণিপুৰ আৰু আৰাকান জয় কৰিবলৈ মন মেলি অৱশেষত অসম আক্ৰমণ কৰিছিল। কিন্তু সেই আশা পূৰণ নহ’ল।

মানৰ ৰাজ্য বিস্তাৰৰ অভিলাষঃ ব্ৰহ্মদেশৰ ৰজা আলাংপায়াই প্ৰথমে মণিপুৰ আক্ৰমণ কৰিছিল। তাৰ পিছত দ্বিতীয় ১৭৫৯ চনত, আৰু ছিংবুছিম ৰজাই ১৭৬৫ চনত মণিপুৰ আক্ৰমণ কৰি বহুতো মণিপুৰী লোকক ব্ৰহ্মদেশলৈ ধৰি লৈ গৈছিল। তাৰ পিছতো ব্ৰহ্মৰজাই বাৰে বাৰে মণিপুৰ আক্ৰমণ কৰি দেশখন জুৰুলা কৰিছিল। এইদৰে ১৭৮২ চনলৈ আক্ৰমণ চলাই গৈছিল। ১৭৯৮ চনৰ পৰাহে দেশখনত শান্তি আহিছিল।

১৭৮৪ চনত মান ৰজা বদৌপায়াৰে আৰাকান জয় কৰে। পিছত ও মানসেনাই মাৰগুই দ্বীপৰ পৰা চট্টগ্ৰাম বন্দৰলৈ ৰাজ্যৰ সীমা বিস্তৃত কৰে। ইয়াৰ ফলত ব্ৰহ্মদেশৰ সীমা ব্ৰিটিছ সাম্ৰাজ্যৰ লগ লাগে আৰু ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা বৃদ্ধি পায়। মানৰজা
বদৌপায়া আৰু নাতিয়েক বাগিদাত্তৰে আৰকান জয়ৰ পিছতে মণিপুৰ আৰু অসম দখল কৰাৰ প্ৰয়াস কৰিছিল।

মান ৰজা বাগিদত্তই ১৮১৯-২৩ ৰ সময়ছোৱাত মণিপুৰৰ ওপৰত সম্পূৰ্ণ কৰ্তৃত্ব স্থাপন কৰি তাৰ তিনিওজন ৰাজকুমাৰক দেশান্তৰ কৰে। তিনিওজনে কাছাৰলৈ পলাই গৈ কাছাৰৰ ৰজা গোবিন্দচন্দ্ৰক শ্ৰীহট্টলৈ পলাই যাবলৈ বাধ্য কৰে। গোবিন্দচন্দ্ৰই ইংৰাজৰ সহায় ভিক্ষা কৰি . বিমুখ হয়। পিছত মান ৰজাৰ সহায়ত কাছাৰত মণিপুৰৰ ৰাজকুমা গম্ভীৰ সিংৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হয়।

16. বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ ১৮১৭ চনৰ মাৰ্চ মাহত বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত প্ৰায় ৬০০০ জন মান সেনা আছিল। আৰু বদন চন্দ্ৰই নিজাববীয়াকৈ প্ৰায় ৮০০০ অসমীয়া সেনা সংগ্ৰহ কৰিছিল। মাল অসমত প্ৰৱেশ কৰাত পূণানন্দৰ সেনাবাহিনীয়ে বাধা দিছিল। তেতিয়া দুয়োপক্ষৰ মাজত ঘিলাধাৰীত হোৱা যুদ্ধত পূৰ্ণানন্দৰ সেনাবাহিনী পৰাজিত হৈছিল আৰু এই খবৰ শুনিয়েই পূণানন্দ ও মৃত্যুমুখত পৰিছিল। তাৰ পিছত ৰুচিনাথে বুঢ়াগোহাঁই পদবী লৈ বদনক বাধা দিবলৈ কঠালবাৰীত যুদ্ধ কৰি বিফল হৈছিল আৰু গুৱাহাটীলৈ পলাই গৈছিল। বদনে ৰজা চন্দ্ৰকান্ত সিংহক সেৱা কৰি ৰাজভক্তি প্ৰদৰ্শন কৰিছিল আৰু ৰজাই বদনক প্ৰধানমন্ত্ৰী পাতিছিল। বদনক মন্ত্ৰী বৰফুকন নামৰ নতুন পদবী দিছিল। বদনে মান স্ন্যৈক যোৰহাটৰ পূৰ্বাংশত কঠোৰ নিয়ন্ত্ৰণত ৰাখিছিল আৰু তেওঁলোকে অসমীয়া প্ৰজাক কোনো ধৰণৰ উপদ্ৰৱ কৰা নাছিল।

বদনৰ নেতৃত্বত অহা মানসেনাই অসমত কোনো ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ কৰা নাছিল। ঐতিহাসিক ড০ সূৰ্য কুমাৰ ভূঞাৰ মতে ১৮১৭ চনৰ এপ্ৰিল মাহত মান সেনা যোৰহাটৰ সমীপৰ পৰা প্ৰত্যাবৰ্তন কৰিছিল। বিভিন্ন দিশ চালি জাৰি চাই ক’ব পাৰি যে এয়া অসমত মানৰ আক্ৰমণ নাছিল, সামৰিক অভিযানহে আছিল।

17. পূণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাৰিতাই কেনেকৈ ৰাজনৈতিক স্বযন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা।
উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দৌৰাত্ম সহ্য কৰিব নোৱাৰি আহোমৰ ৰাজ্যৰ বহুতো ডু-ডাঙৰীয়া তেওঁৰ বিৰুদ্ধে বিদ্ৰোহত লিপ্ত হৈ পৰে। কমলেশ্বৰ সিংহৰ ৰাজত্বকালত পানীমুৱাৰ নামৰ ব্যক্তি এজনৰ নেতৃত্বত তেওঁৰ বিৰুদ্ধে এটা বিদ্ৰোহ হৈছিল কিন্তু তেওঁ তাক দমন কৰি বিচাৰৰ ভেকোভাওনা কৰি বহুতো লোকক অমানুষিক শাস্তি দি হত্যা কৰিছিল।

১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যু হোৱাত নাবালিকা শিশু এটাক চন্দ্ৰকান্ত নাম দি ৰজা পাতি পূৰ্ণানন্দই নিজেই ৰাজকীয় মৰ্যাদাৰে দেশ শাসন কৰিবলৈ আৰম্ভ কৰে। কমলেশ্বৰৰ শাসনকালতে সৰাম চাৰিঙীয়া হফুকনৰ নেতৃত্বত ৰাজ্যৰ বহুতো মুখীয়াল লোক বিদ্ৰোহী হৈ উঠে। পূৰ্ণানন্দই প্ৰায়বোৰকে বন্দী কৰি প্ৰায় ৭৭ জন মানক নিষ্ঠুৰভাৱে হত্যা কৰে আৰু কিছুমানৰ নাক-কাণ কাটি এৰি দিয়ে। সত্ৰামক অটব্য হাবিলৈ নি নিবাসন দিয়ে। তাতে তেওঁক হত্যা কৰা বুলি সন্দেহ কৰা হয়। কিন্তু গুৱাহাটীৰ বদন বৰফুকনক ধৰিব নোৱাৰিলে, তেওঁ আগতীয়াকৈ খবৰ পাই তেওঁ পলাই গৈ বংগদেশত ইংৰাজ চৰকাৰক সহায় ভিক্ষা কৰে। কিন্তু ইংৰাজৰ সহায় নাপাই তেওঁ পূৰ্ণানন্দৰ বিৰুদ্ধে ব্ৰহ্মদেশৰ মান ৰজা সহায় ভিক্ষা কৰে। মান ৰজা বদৌপায়াই সহায়। কৰিবলৈ মান্তি হয়। বদন চন্দ্ৰই প্ৰায় ৬০০০ মান সেনা লৈ অসম অভিমুখে ৰাওনা হয়। অসম দেশত সোমাই তেওঁ আন বহুতো সৈন্য-সামন্ত গোটাই আৰু প্ৰায় ৮০০০ মান সৈন্য লতা লগাই প্ৰায় ১৪ হাজাৰ সৈন্য-সামন্ত লৈ অসমত প্ৰৱেশ কৰে। ঘিলাঝাৰী নামৰ ঠাইত পূৰ্ণানন্দ সৈন্যবাহিনীৰ লগত এখন যুদ্ধ হয়। এই যুদ্ধত পূণানন্দৰ বাহিনী পৰাজিত কৰি বদনবৰফুকন ৰাজধানীমুখে আগবাঢ়ে। পৰাজয়ৰ খবৰ পায় হঠাতে পূৰ্ণানন্দৰ মৃত্যু হয়। তেওঁৰ পিছত পুতেক ৰচিনাথ বুঢ়াগোহাঁইৰ পদত নিযুক্ত হয়। চিনাথে কঠালবাৰীৰ যুদ্ধত হাৰি গুৱাহাটীলৈ পলাই যায়। বদনচন্দ্ৰই সসৈন্য ৰাজধানীত প্ৰৱেশ কৰি ৰজা চন্দ্ৰকান্ত সিংহৰ ওচৰত আঁঠু লৈ ৰজাক প্ৰণাম জনাই আনুগত্য প্ৰকাশ কৰে। ৰজাই তেওঁক ৰাজ্য প্ৰধান মন্ত্ৰী পাতে। এই অভিযানে পূৰ্ণান পতন ঘটায়। মান। সৈন্যই চন্দ্ৰকান্তক সিংহাসনত প্ৰতিষ্ঠা কৰি এমাহতে সকলো বিদ্ৰোহ দমন কৰি, নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰে। মানসকলে এই অভিযান প্ৰজাৰ ওপৰত কোনে অত্যাচাৰ, উৎপীড়ন কৰা নাছিল। বদনচন্দ্ৰই মানৰ সেনাপতিজনক ধনসম্পদেৰে পুৰস্কৃত কৰি এজনী আহোম গাভৰুসহ ঘোঁৰা-হাতী, সোণৰূপ উপহাৰ দি বিদায় দিছিল।

18. মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰঃ বদনচন্দ্ৰ বৰফুকনৰ হত্যাঃ বদনচন্দ্ৰ বৰফুকনে আহোম ৰাজ্যৰ মন্ত্ৰী বৰফুকন হোৱাৰ কেইমাহমানৰ পিছতে তেওঁৰ বিৰুদ্ধে এটা গভীৰ ষড়যন্ত্ৰ চলিছিল। এই ষড়যন্ত্ৰৰ মূল কেন্দ্ৰীয় শক্তি ৰুচিনাথ বুঢ়াগোহাঁইৰ পৰিয়াল বুলি বহুতে সন্দেহ প্ৰকাশ কৰে। এওঁলোকৰ প্ৰৰোচনাতে ৰূপসিং চুবেদাৰ আৰু ৰহমান খা জামাদাৰে ১৮১৭ চনত বদনচন্দ্ৰক হত্যা কৰে। এই হত্যাকাণ্ডই মানৰ অসম আক্ৰমণৰ প্ৰধান কাৰণ বুলি গণ্য কৰা হয়।

READ MORE  ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ | Chapter 2 | Class 9 Social Science - SEBA

চন্দ্ৰকান্ত সিংহক সিংহাসনচ্যুতঃ আহোম ৰাজ্যৰ বুঢ়াগোহাঁইৰুচিনাথে, গুৱাহাটীৰ পৰা কিছুমান স্থানীয় লোক আৰু ভেৰোনীয়া হিন্দুস্থানী সৈন্য গোটাই এটা সেনাবাহিনী গঠন কৰি পুৰন্দৰক লগত লৈ যোৰহাটলে আহি চন্দ্ৰকান্ত সিংহক সিংহাসনৰ পৰা অপসাৰণ কৰে। তাৰ পিছত তেওঁৰ কাণ এখন কাটি ভৱিষ্যতে যাতে ৰজা হ’ব নোৱাৰে তাৰ ব্যৱস্থা কৰে। ৰুচিনাথে ব্ৰজনাথৰ ১০ বছৰীয়া পুত্ৰ পুৰন্দৰ সিংহক ৰজা পাতি তেওঁ নিজে দেশ শাসনৰ কাম হাতত লয়। এইটোৱেই আছি। মানৰ অসম আক্ৰমণৰ দ্বিতীয় কাৰণ।

ব্ৰহ্ম ৰজাৰ অসন্তুষ্টিঃ ব্ৰহ্মদেশৰ মান ৰজাই বদনচন্দ্ৰৰ হত্যা আৰু চন্দ্ৰকান্তৰ সিংহাসনচ্যুতিৰ কথা জানিব পাৰি বৰ অসন্তুষ্ট হৈ অসম আক্ৰমণৰ সিদ্ধান্ত লয়। সেই বাবে আলুমিংগিৰ নামৰ সেনাপতি এজনক ১০ হাজাৰ সৈন্য দি অসম আক্ৰমণলৈ পঠিয়ায়। ১৮১৯ চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত এই আক্ৰমণ হৈছিল।

মানৰ অসম আক্ৰমণঃ মানে অসম অধিকাৰ কৰি পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰি চন্দ্ৰকান্তক পনৰ ৰজা পাতে। মানৰ অধীনত তেওঁ প্ৰায় দুবছৰ আঠ মাহ ৰাজত্ব কৰিছিল। পিছত তেওঁ মানৰ অধীনতা অস্বীকাৰ কৰি কোম্পানীৰ ৰাজ্যলৈ পলাই যায়। মানসকলে তেওঁৰ পিছত যোগেশ্বৰ সিংহক ৰজা পাতি শাসন চলাইছিল। এইজন ৰজাই ৩ বছৰ ৩ মাহ শাসন কৰিছিল।

19. বদন বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্ৰমণ কৰিছিল?
উত্তৰঃ গুৱাহাটীৰ বৰফুকন কলীয়া েেমাৰাৰ মৃত্যুৰ পাছত, বদনচন্দ্ৰ বৰফুকন গুৱাহাটীৰ বৰফুকন হয়। তেওঁ বৰ দাম্ভিক আৰু অত্যাচাৰী আছিল। এওঁ ভিতৰে ভিতৰে পূণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ষড়যন্ত্ৰ লিপ্ত আছিল। সত্ৰামৰ বিচাৰৰ সময়ত বদনচন্দ্ৰৰ অভিসন্ধি প্ৰকাশ পোৱাত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে পৰমেশ্বৰ পৰ্বতীয়া ফুকনক বদনক ধৰি নিবলৈ পঠায়। বদনৰ জীয়েক পিজৌ গাভৰু পূণনিন্দৰ বোৱাৰীয়েক আছিল। পিজৌ গাভৰুৱে এই কথাৰ গম পাই আগধৰি উতাকলে। খবৰ পঠালে। পৰমেশ্বৰ ফুকন গুৱাহাটী পোৱাৰ আগতে বদনে। পুতেকহঁতৰ সৈতে কলিকতালৈ পলাই যায়। বদনে কলিকতালৈ গৈ পূণানন্দৰ বিৰুদ্ধে ইংৰাজৰ সহায় ভিক্ষা কৰিলে। কিন্তু ইংৰাজে বদক : সহায় কৰিবলৈ অমান্তি হয়। বদনচন্দ্ৰ বিফল হৈ ব্ৰহ্মদেশৰ কটকী এজনৰ লগত গৈ মান ৰজাৰ ওচৰ চাপে। বদনচন্দ্ৰই মান ৰজা বদৌয়াপাক জনালে অসমৰ ৰাজপাটত আহোম ৰজা নাই, পূণানন্দ বুঢ়াগোহাঁইহে ৰজা, গতিকে ভাই ৰজাক সিংহাসনত বহুৱাবলৈ মান সেনাৰ সহায়। লাগে। এই ক্ষেত্ৰত অসমীয়া কুঁৱৰী ৰঙ্গিলীয়ে বদনক সদায় কৰিছিল। তেওঁৰ খাটনিতে মান ৰজাই বদনক সহায় কৰিবলৈ মান্তি হয়।

১৮ ১৬ খ্ৰীঃত প্ৰায় ৯০০০ সৈন্য লৈ বদনচন্দ্ৰই অসমলৈ যাত্ৰা কৰে। বাটত আহোতে আৰু কিছুমান সৰু ৰজাই বদনক সহায় কৰে। মুঠতে প্ৰায় ১৬ হাজাৰ মান সৈন্য লৈ ১৮১৭ চনৰ মাৰ্চ মাহত অসম সোমায়। পূৰ্ণানন্দ বুঢ়াগোহাঁহয়ে মানক ভেটিবলৈ ব্যৱস্থা কৰে, ঘিলাধাৰীত দুই পক্ষৰ ৰণ হয়। ৰণত আহোম সেনা পৰাস্ত হয়, সেই সময়তে পূৰ্ণানন্দৰ মৃত্যু হয়। নতুন বুঢ়াগোহাঁই ৰুচিনাথে কঠালবাৰীত মানক ভেটা দিয়ে। তাতো যুদ্ধত আহোম সৈন্য হাৰে। ইতিমধ্যে মানৰ সেনাই ৰাজধানী যোৰহাট অধিকাৰ কৰে আৰু চন্দ্ৰকান্ত সিংহক ৰজা পাতে। বদনচন্দ্ৰই নিজে বুঢ়াগোহাঁই হয়। বহুতো ধন-সোণ লৈ মানসেনা নিজ দেশলৈ উভতি গ’ল। মানসেনাৰ লগতে হেমো আইদেউক মান বজালৈ উপহাৰ হিচাপে পঠিওৱা হয়। বদনচন্দ্ৰ প্ৰধানমন্ত্ৰী হৈ দেশৰ সময়কতা হৈ উঠিল।

20. প্ৰথম ইংগবাৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এই যুদ্ধন কত সংঘটিত হৈছিল?
উত্তৰঃ অসমখন সম্পূৰ্ণৰূপে মানৰ অধীনলৈ অহাৰ পিছত মানসকলে ইংৰাজৰ ৰাজ্যত প্ৰৱেশ কৰি উপদ্ৰৱ কৰিবলৈ ধৰিলে। মান চৰকাৰৰ সাম্ৰাজ্যবাদী কাৰ্যকলাপবোৰেও ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰক শংকিত কৰি তুলিছিল। গোৱালপাৰাৰ শ্ৰীহট্ট আৰু চট্টগ্ৰামৰ পথেৰে মানসকল ইংৰাজৰ ৰাজ্যত সোমাই লুট-পাত আৰম্ভ কৰিছিল। ক্ৰমে মানৰ ৰাজ্য লিঙ্গা বাঢ়ি আহে। মানে নগাঁৱৰ পৰা ১৮১৯ চনত তেওঁলোকে জয় কৰা মণিপুৰ ৰাজ্যৰ মাজেৰে কাছাৰ ৰাজ্যত প্ৰৱেশ কৰে। ইতিমধ্যে কাছাৰৰ ৰজা গোবিন্দ সিংহই মণিপুৰী ৰাজ্য গম্ভীৰ সিংহৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি ইংৰাজৰ শৰণাপন্ন হৈছিল। ইংৰাজসকলে বুজিছিল যে কাছাৰ যদি মানসকলে অধিকাৰ কৰে তেন্তে কাছাৰৰ সীমান্তৱৰ্তী ইংৰাজ অধিকৃত শ্ৰীহট্ট বিপন্ন হ’ব পাৰ। সেইবাবে মানৰ আক্ৰমণৰ প্ৰতিবোধ কৰিবৰ বাবে তেওঁলোকে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিলে।

কোম্পানী চৰকাৰৰ অধীনস্থ অঞ্চলৰ গাতে লাগি থকা অসমত এনে সামগ্ৰিক অৱনতি আৰু মানৰ অতপালি দেখি শুনি ইংৰাজ চৰকাৰ নিষ্ক্ৰিয় হৈ থাকিব নোৱাৰিলে। মান সেনা কাছাৰত সোমোৱাত ইংৰাজ। আৰমান বজাৰ লগত সংঘৰ্ষ অনিবাৰ্য হৈ পৰিল। অৱশেষত ১৮২৪ খ্ৰীষ্টাব্দৰ ৫ মাৰ্চত গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মষ্টে ব্ৰহ্মদেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। ইয়েই প্ৰথম ইংগবৰ্মী যুদ্ধ। ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধিৰ মাধ্যমত এই যুদ্ধৰ সামৰণি পৰে। এই যুদ্ধ সংঘটিত হোৱা ৰণাংগন চাৰিখন হ’ল— ব্ৰহ্মপুত্ৰ উপত্যকা, মণিপুৰ, কাছাৰ আৰু ব্ৰহ্মদেশ।

21. পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্ৰ শেষ পৰিণতি কি আছিল?
উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগোহাঁই অত্যন্ত ক্ষমতাশালী আৰু স্বেচ্ছাচাৰী আছিল। তেওঁৰ দৌৰাত্ম সহ্য কৰিব নোৱাৰি দেশৰ মুখিয়াল আৰু ডা ডাঙৰীয়াসকলে বিদ্ৰোহ সংঘটিত কৰিছিল। পূৰ্ণানন্দই প্ৰধানমন্ত্ৰী হৈ থকাৰ কালছোৱাত কম বয়সীয়া ল’ৰাবোৰক ৰাজপাটত বহুৱাই নিজেই সৰ্বময় কৰ্তৃত্বৰ গৰাকী হৈ পৰিছিল। তেওঁজনসাধাৰণৰ ওপৰত কৰা পাশবিক অত্যাচাৰক সহ্য কৰিব নোৱাৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ কেইজনমান বিদ্ৰোহী আগবাঢ়ি আহিছিল। তাৰ ভিতৰত কেইজনমান হ’ল দৈচুঙীয়া বামুন, জগধৰ চাৰিঙীয়া বৰুৱা, লক্ষ্মীহৰি, বদন চন্দ্ৰ বৰফুকন আদি। বদন চন্দ্ৰ বৰফুকনে পূৰ্ণানন্দৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ কথা গম পাই তেওঁ বদনক ধৰিবৰ বাবে চিপাহী পঠিয়ায়। কিন্তু বদনে তেওঁক ধৰিবলৈ পঠিওৱা চিপাহীৰ কথা আগতীয়াকৈ গম পাই ব্ৰিটিছ শাসনাধীন বংগদেশৰ ৰংপুৰলৈ গৈ ডেভিদ স্কটক সাক্ষাত কৰে আৰু পূৰ্ণানন্দৰ বিৰুদ্ধে চন্দ্ৰকান্ত আৰু তেওঁৰ সমৰ্থনত সামৰিক সাহাৰ্য বিচাৰে। জানি।

বৰফুকনৰ সামৰিক সাহায্য বিচৰা কাৰ্যত আইন সংগতভাৱে দেশৰ সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী ৰজা চন্দ্ৰকান্ত সিংহৰ পূৰ্ণ সমৰ্থন আছিল। কোম্পানীৰ চৰকাৰ সেই সময়ত নেপালত থকা কাৰণে পূৰ্ণানন্দৰ বিৰুদ্ধে বদন চন্দ্ৰ বৰফুকন আৰু চন্দ্ৰকান্তক ইংৰাজ চৰকাৰে সামৰিক সাহায্য প্ৰদান নকৰিলে।

কোম্পানীৰ তৰফৰপৰা সামৰিক সাহায্য নাপাই বদনে ব্ৰহ্মদেশৰ ৰজা বদৌপায়াৰাৰ ওচৰত হাত পাতিলে। বদৌপায়াই ইতিবাচক সহাৰি দি বদনৰ লগত ৬০০০ সৈনিকৰ যোগান দি অসম অভিমুখে যাত্ৰা কৰিবলৈ আদেশ দিলে। পূৰ্ণানন্দৰ দৌৰাত্মত মানুহ অতীষ্ঠ হৈ পৰি তেনে অৱস্থাৰপৰা পৰিত্ৰাণ পাবলৈ চন্দ্ৰকান্ত আৰু বদনৰ প্ৰতি সহায়ৰ আগবঢ়াই ৮০০০ সৈন্যই বদনৰ লগ লাগিছিল। তেওঁ এই ৮০০০ সৈন্য অসমত সোমাইয়ে লাভ কৰিছিল।

বদৌপায়াৰ ৬০০০ আৰু নিজৰ ৮০০০ সৈন্য লগত লৈ বদনে। পূণনন্দৰ লগত বিদ্ৰোহ কৰিবলৈ আগবাঢ়ি যায়। বদনৰ আগমনৰ বাতৰি পাই পূৰ্ণানন্দই আগমন ৰোধ কৰিবলৈ দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটা সৈন্যবাহিনী প্ৰেৰণ কৰে। কিন্তু বদনৰ নেতৃত্বত অহা। মান সেনাৰ হাতত তেওঁলোক ঘিলাধুলীৰ যুদ্ধত পৰাজিতায়। ঘিলাধাৰীৰ যুদ্ধৰ পৰাজয়ৰ বাতিৰ পোৱাৰ লগে লগে পূৰ্ণানন্দ মৃত্যুমুখত পৰে।

22. মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফহিঁয়াই দেখুওৱা।
উত্তৰঃ মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ তলত ফহিয়াই দেখুওৱা হ’ল—
(১) মানৰ অসম আক্ৰমণে অসমৰ আহোম ৰাজত্বৰ ওৰ পেলাইছিল। আক্ৰমণৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ আহোম ৰাজ্য মানৰ, অধীনলৈ আহিছিল আৰু ১৮১৯-১৮২৬ চনলৈ মানে অসমত শাসন চলাইছিল।

(২) মানৰ আক্ৰমণত অসমৰ সমাজ জীৱন বহুলাংশে বিপৰ্যস্ত হৈ পৰিছিল। অসমৰ বহু লোক উজনিৰপৰা নামনিলৈ, কাছাৰ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা শাসিত বংগদেশলৈ প্ৰব্ৰজন কৰিছিল।

(৩) মানৰ হাতৰপৰা অসমূখন উদ্বাৰ কৰি পুনৰ স্বাধীন কৰিবলৈ . যিখিনি সামৰিক শক্তিৰ প্ৰয়োজন আছিল সেই সকলোখিনি প্ৰায় নিঃশেষ হৈ আহিছিল।

(৪) সিংহাসন প্ৰাপ্তিৰ বাবে চলা উত্তৰাধিকাৰৰ সংগ্ৰামে আহোম ৰাজতন্ত্ৰক দুৰ্বল কৰি আনিছিল।

(৫) মানৰ আক্ৰমণৰ ফলত ৰাজ্য শাসনত প্ৰধান আৰু মূখ্য ভূমিকা লৈ থকা অভিজাত শ্ৰেণীটোৱে ৰাজনৈতিক নেতৃত্ব দিবপৰা দক্ষতা, ক্ষমতা আৰু শক্তি সামৰ্থ একেবাৰে হেৰুৱাই পেলা ছিল।

(৬) অসমত মানৰ অৱস্থানে বংগদেশত থকা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ টোপনি হৰণ কৰিছিল। ইংৰাজসকলে থমাছ ওৱেলছে ১৭৯৪ চনত প্ৰেৰণ কৰা গোপন প্ৰতিবেদনৰ জৰিয়তে অসম সম্পৰ্কে বিস্তৃত খা-খবৰ লৈ আছিল। তেতিয়াৰ পৰাই তেওঁলোকৰ ৰত্ন প্ৰসৰিনী অসমৰ ওপৰত লুভীয়া দৃষ্টি আছিল। গতিকে তেওঁলোকে নকৰা কামটো মানসকলে ১৮১৯ চনত কৰাত ইংৰাজসকল অস্থিৰ হৈ পৰিছিল।

১৮২৪ চনৰ ফেব্ৰুৱাৰী মাহত মান আৰু ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত সামৰিক সংঘৰ্ষৰ সুত্ৰপাত হৈছিল আৰু ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ মাধ্যমত যুদ্ধৰ সামৰণি পৰিছিল।

Leave a Comment

error: Content is protected !!
Scroll to Top