ঈদৰ বিষয়ে ৰচনা | ঈদৰ ৰচনা | ঈদ উৎসৱ ৰচনা | ঈদৰ বিষয়ে অসমীয়া ৰচনা | Eidor Bishoye Rosona Assamese | Eid Utsav Rosona | Essay on Eid Festival in Assamese for Class 10 and 12 | Eid Festival Essay


ঈদৰ বিষয়ে ৰচনা

আৰম্ভণিঃ 

পৃথিৱীৰ সকলাে জাতি, সকলাে ধৰ্মৰে নিজৰ নিজৰ কিছুমান উৎসৱ আছে। এই উৎসৱবােৰে মানুহৰ মাজত ঐক্য-শান্তি স্থাপন কৰে। পৃথিৱীৰ মুছলমান সকলেও বছৰত দুটা প্ৰধান উৎসৱ পালন কৰে। এই দুয়ােটাকে ‘ঈদ’ বুলি কোৱা হয়। ঈদে মুছলমানসকলৰ মাজত অপৰিসীম আনন্দ, সুখ আৰু ঐক্যবোধ কঢ়িয়াই আনে, যাৰ ফলত সমাজৰ ভিতৰত এক শক্তিশালী বন্ধন গঢ়ি তোলে। ঈদ কেৱল উদযাপনৰ সময় নহয়, চিন্তা, কৃতজ্ঞতা, দান-বৰঙণিৰ সুযোগো। প্ৰতি বছৰে পালন কৰা ঈদ দুটা হ’ল ঈদুল ফিতৰ আৰু ঈদ-উল-আজহা।

 ঈদুল ফিতৰঃ

ঈদ-উল ফিতৰ আমাৰ (মুছলমান) সকলোৰ এক পবিত্ৰ উৎসৱ। মুছলমানী মাহ মতে, ৰমজান মাহ মুছলমান সকলৰ বাবে অতি পবিত্ৰ মাহ। এই মাহৰ আৰম্ভনিৰ পৰা শেষলৈকে গোটেই মাহ তেওঁলোকে ৰোজা ৰাখে। ৰোগী, বিদেশ ভ্ৰমনকাৰী সকলৰ বাহিৰে সকলো মুছলমানেই এই ৰোজা ৰাখে। গোটেই দিনটো তেওঁলোকে এটুপিও নাখায়, উপবাসে থাকি ব্ৰত পালন কৰে। ৰমজান মাহ শেষ হোৱাৰ পিছত শওৱাল মাহৰ এক-দুই তাৰিখে ঈদ-উল্-ফিতৰ পালন কৰা হয়। এই ঈদত সকলােৱেই নতুন কাপােৰ-টুপি আদি লয়। ঈদৰ দিনা সকলো ইছলামধৰ্মী লোকসকলে ৰাতিপুৱা গা-পা ধুই নতুন কােপাৰ পিন্ধে। দুখীয়াক ফিৎৰা (দান) প্ৰদান কৰে। ফিতৰা দিয়াটো মুছলমান সকলৰ এটা প্ৰধান কৰ্ত্তব্য।

এই ফিতৰাৰ পৰা পোৱা ধন দুখীয়া, মগনীয়া, ৰূগীয়া আদি সামৰ্থহীন লোকক দান দিয়া হয়। পিছত, মিঠাই, পায়স আদি নানা ধৰণৰ সুস্বাদু খাদ্য গ্ৰহণ কৰে। সৰুৱে ডাঙৰক  সেৱা কৰে। ডাঙৰে  সৰুক আৰ্শীবাদ কৰে। ঈদৰ দিনা ৰাতিপুৱা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত ঈদগাহ (প্রার্থনা কৰা পথাৰ) বা মছজিদ প্ৰাঙ্গনত সকলােৱে একেলগে নামাজ উপাসনা কৰে। ইজনে-সিজনক আলিঙ্গণ কৰি ‘ঈদ মােবাৰক’ জনায়। উৎসৱৰ পৰিৱেশটো হাঁহি, কথা-বতৰা, সুস্বাদু পৰম্পৰাগত খাদ্যৰ সুগন্ধেৰে ভৰি পৰে।। আলহীক মিঠাই আদিৰে আপ্যায়ন কৰা হয়।

READ MORE  পুথিভঁৰাল ৰচনা | Puthibharal Essay

ঈদ উল আজহাঃ

ঈদ-উল-আজহা ত্যাগৰ উৎসৱ। আৰবী বছৰৰ শেষ মাহত অর্থাৎ জেলহজ্জ মাহৰ ১০ তাৰিখে এই উৎসৱ পালন কৰা হয়।  ঈদ-উল-আজহাৰ দিনা সমূহীয়া নামাজৰ অন্তত ধনী লোকসকলে ভেড়া, ছাগলী, গৰু, ম’হ আদি কোৰবানী (ঈশ্বৰৰ নামত উৎসৰ্গা) কৰে। এই উৎসৱ পালনৰ লগত এটি সুন্দৰ কাহিনী আছে। কোৰবানী কৰা প্ৰথাটো হজৰত মহম্মদ (ছাঃ) ৰ পূৰ্বপুৰুষ হজৰত ইব্রাহিম (ছাঃ) নামৰ পয়গম্বৰৰ পৰা আহিছে।

এদিনাখন পয়গম্ব ইব্রাহিমে (ছাঃ) নিজৰ শিশু পুত্ৰ হজৰত ইছমাইলক (ছাঃ) আল্লাহৰ নামত উৎসৰ্গা কৰিব লাগে বুলি আল্লাহই তেওঁক সপোন যোগে জনায়। আল্লাহৰ আদেশ পাই আল্লাহক সন্তুষ্ট কৰিবলৈ আনন্দমনে পুত্ৰ ইছমাইলক কোৰবানী কৰিবলৈ পথাৰলৈ লৈ যায়। কিন্তু আচৰিত যে কোৰবানী কৰাৰ পিছত পুত্ৰৰ সলনি এটি দুম্বা (ছাগলী জাতীয় জন্তু) পোৱা যায় । ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মহম্মদ (ছাঃ) এই প্ৰথাটো সংস্কাৰ কৰি পালন কৰিবলৈ লয় আৰু তেতিয়াৰ পৰা এই প্ৰথাটো চলি আছে।

সামৰণিঃ

ঈদ উৎসৱ হৈছে মিলা-প্ৰীতি, আনন্দ, শান্তি, সুখ, একতা আৰু ভাতৃত্ববোধৰ প্ৰতীক। ইছলামিক সংস্কৃতিত ঈদৰ গুৰুত্ব অপৰিসীম। ঈদত আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক দিশসমূহ সামৰি হৈছে। ঈদে ৰমজান মাহত ৰোজা, নামাজ, পৰ কালৰ চিন্তা কৰাত সহায় কৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top