গোলকীয় উষ্ণতা বৃদ্ধি : কাৰণ আৰু প্ৰতিকাৰ | Golokio Ushnota Bridhi : Karon Aaru Protikar | Global Warming Essay in Assamese | Golokio Ushnota Bridhi Asomiya Rosona | Essay on Global Warming in Assamese | Global Warming Axomiya Essay
গোলকীয় উষ্ণতা বৃদ্ধি ৰচনা
আৰম্ভণি
পাৰিপাৰ্শ্বিক সমস্যা সমূহৰ ভিতৰত বৰ্তমান যুগত আটাইতকৈ গুৰুতৰ সমস্যাটো হৈছে– গোলকীয় উষ্ণতা বৃদ্ধি। বিভিন্ন কাৰণত সমগ্ৰ পৃথিৱীৰ উপৰিভাগত ক্ৰমাগত বৃদ্ধি হোৱা তাপমানকে গোলকীয় উষ্ণতা বৃদ্ধি বোলা হৈছে। এই বৰ্ধিত তাপ বা উষ্ণতাই পৃথিবীৰ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল আটাইকেইটা স্তৰলৈ ক্ৰমাগত পৰিবৰ্তন আনিছে আৰু এই পৰিবৰ্তন প্ৰধানকৈ প্ৰাণীজগতৰ বাবে ভাবুকি স্বৰূপ হৈ পৰিছে।
সূৰ্যৰ ৰশ্মি বা তাপ মানেই হৈছে বায়ুমণ্ডল আৰু স্থলমণ্ডলে লাভ কৰা তাপৰ মূল উৎস। সূৰ্যৰ পৰা অহা এই তাপমাত্ৰাৰ ভাৰসাম্যতা ৰক্ষা হয় শোষণ আৰু বিকিৰণ পদ্ধতিৰ দ্বাৰা : সূৰ্যৰ পৰা অহা মুঠ তাপমাত্ৰাৰ ৩০% পৃথিৱীৰ উপৰিভাগৰ পৰা বায়ুমণ্ডললৈ বিকিৰণ হয়; ১৯% বায়ু-মণ্ডলে শোষণ কৰে আৰু ৫১% পৃথিৱীৰ উপৰিভাগে শুহি লয়। এই ৫১% তাপ বাষ্পীভবনৰ যোগেদি লীন তাপ হিচাপে পুনৰ বায়ুমণ্ডললৈ এৰি দিয়ে। এনেদৰে বাষ্পীকৰণ আৰু বিকিৰণৰ দ্বাৰা তাপমাত্ৰাৰ সমতা বৰ্তী থাকে। কিন্তু কিবা কাৰণত এই সমতা ৰক্ষাত ব্যাঘাত জন্মিলেই সমস্যাৰ সৃষ্টি হয়।
বায়ুমণ্ডলত কেইটামান নিৰ্দ্দিষ্ট গেছ আছে, যি কেইটাই পৃথিবী পৃষ্ঠৰ পূৰা বিকিৰিত তাপ ধৰি ৰাখি বায়ুমণ্ডল গৰম কৰি ৰখাত সহায় কৰে। এই গেছ সমূহ হৈছে- কাৰ্বন-ডাই অক্সাইড, মিথেইন, নাইট্ৰাচ অক্সাইড, ক্লৰ’ ফ্লৰ’ কাৰ্বন আৰু জলীয় ভাগ। এই গেছ সমূহক গ্ৰীণ হাউচ গেছ বোলা হয়। বায়ুমণ্ডলত এই গেছ সমূহৰ পৰিমাণ মাত্ৰ ০.১%। কিন্তু যদি কিবা কাৰণত ইয়াৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া বায়ুমণ্ডলৰ ভাৰসামতা নাইকীয়া হয় আৰু উষ্ণতা বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হয়।
গোলকীয় উষ্ণতাবৃদ্ধিৰ মূল কাৰণ সমূহ
গোলকীয় উষ্ণতা বৃদ্ধিৰ কৰিণ সমূহ দুই ধৰণৰ – মানব সৃষ্ট আৰু প্ৰাকৃতিক। তলত এটি বিশ্লেষণ দিয়া হ’ল—
জীৱাশ্ম ইন্ধনৰ প্ৰচুৰ ব্যৱহাৰ
গ্ৰীণ হাউচ গেছ সমূহৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইডে উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগায়। সমগ্ৰ পৃথিবীৰ প্ৰায়বোৰ দেশতে দ্ৰুত হাৰত কল-কাৰখানা বা উদ্যোগৰ সংখ্যা বৃদ্ধি পোৱাৰ উপৰিও পৰিবহনৰ ক্ষেত্ৰটো গাড়ী-মটৰৰ সংখ্যা অত্যধিক হাৰত বৃদ্ধি পাইছে। এই কল-কাৰখানা আৰু গাড়ী-মটৰ সমূহত জীৱাশ্ম ইন্ধন (Fossil Fuel) ব্যবহাৰ কৰা হয়। ফলত এইবোৰৰ পৰা ওলোৱা ধোঁৱাত প্ৰচুৰ পৰিমাণে কাৰ্বন-ডাই-অক্সাইড নিহিত থাকে, সি বায়ুমণ্ডল দুষিত কৰাৰ উপৰিও উষ্ণতা বৃদ্ধিত সহায় কৰে।
নিবনানীকৰণ (Deforestation)
প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ কাৰণে সুঠ মাটি কালিৰ ৩৩% বনাঞ্চল থকা প্ৰয়োজন। কিন্তু দ্ৰুত হাৰত বৃদ্ধি হোৱা উদ্যোগীকৰণ, নগৰীকৰণ, ৰাস্তা-ঘাট নিৰ্মাণ, গৃহ নিৰ্মাণ, কৃষি ভূমিৰ চাহিদা পূৰণ আদি বিভিন্ন কাৰণত গছ-গছনি কাটি বনাঞ্চলৰ পৰিমাণ হ্ৰাস কৰি অনা হৈছে। যি গছ-গছনিয়ে বায়ুৰ কাৰ্বন-ডাই-অক্সাইড গেছ গ্ৰহণ কৰি জীৱকূলৰ বাবে অতি প্ৰয়োজনীয় অক্সিজেন গেছ এৰি দিয়ে, আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত বিশেষ অৰিহণা যোগায়, তেনে গছ- গছনি অবাধে ধ্বংস কৰাৰ ফলত বায়ুত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হৈছে আৰু উষ্ণতা বৃদ্ধিৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে।
আগ্নেয়গিৰি উদিগৰণ
বায়ুমণ্ডলত উষ্ণতা বৃদ্ধিৰ কাৰক গ্ৰীণ হাউচ গেছ বৃদ্ধিৰ এটা প্ৰাকৃতিক উপাদান হৈছে আগ্নেয়গিৰি উদিগৰণ। আগ্নেয়গিৰি উদিগৰণৰ সময়ত ভূ-গৰ্ভৰ পৰা নিৰ্গত হোৱা গলিত পদাৰ্থ, ধোঁৱা আদিত প্ৰচুৰ পৰিমাণে নাইট্ৰাচ অক্সাইড, কাৰ্বন-ডাই-অক্সাইড আদি গেছ মিহ’লি হৈ থাকে আৰু সেইবোৰ বায়ুমণ্ডলত মিলি যায়।
উপৰোক্ত কাৰণসমূহৰ বাবে বিগত ১৫০ বছৰত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ ৩০% বৃদ্ধি হৈছে। এই হাৰ অপৰিবৰ্তিত থাকিলে অহা ৫০ বছৰত ইয়াৰ পৰিমাণ দুগুণ হব আৰু পৃথিবী পৃষ্ঠৰ উষ্ণতা ইমানেই বৃদ্ধি হব যে ই বসতিৰ বাবে উপযুক্ত হৈ নাথাকিব।
প্ৰতিকাৰ
গোলকীয় উষ্ণতা বৃদ্ধি সমগ্ৰ পৃথিবীৰ জীৱকূলৰ বাবে এটা গুৰুতৰ সমস্যা। ইয়াক সম্পূৰ্ণ ৰূপে নাইকীয়া কৰিব নোৱাৰি যদিও কিছুমান পদক্ষেপ মানি চলিলে কিছু পৰিমাণে হ্ৰাস কৰিব পৰা হ’ব। যেনে—
(ক) সিমান পাৰি গছ-গছনি ৰোৱা আৰু প্ৰতিপালন কৰাত সকলো তৎপৰ হ’ব লাগে।
(খ) সামান্য অজুহাতত গছ-গছনি কটা বন্ধ কৰা।
(গ) বনজ ভিত্তিক উদ্যোগৰ সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰি অন্য ধাতুৰ সামগ্ৰী ব্যৱহাৰ বৃদ্ধি কৰা।
(ঘ) জীবাশ্ম ইন্ধনৰ সলনি সৌৰ শক্তি বা অন্য প্ৰদূষণহীন ইন্ধন ব্যবহাৰ কৰা, প্লাষ্টিক জাতীয় সামগ্ৰী জ্বলাই নিদি পুনঃ ব্যবহাৰৰ ব্যৱস্থা কৰা।
(চ) জাবৰ-জোথৰ বা পেলনীয়া বস্তুৰ সঠিক নিষ্কাষণৰ ব্যৱস্থা কৰা।
সামৰণি
মানুহ সৃষ্টিশীল প্ৰাণী। সৃষ্টিৰ অন্ত নহয়। কিন্তু এই সৃষ্টিয়েই যাতে ধ্বংসৰো কাৰণ নহয়, তাৰ বাবে সকলো সচেতন হ’ব লাগে। গোলকীয় উষ্ণতা বৃদ্ধিৰ এই ভয়াবহ সমস্যাৰ আঁৰত প্ৰধানকৈ মানব জাতিয়েই জগৰীয়া। বৰ্ধিত জনসংখ্যাও ইয়াৰ অন্যতম কাৰণ। ভগৱানৰ অপূৰ্ব সৃষ্টি সেউজীয়া পৃথিবীখনেই সকলো প্ৰাণীৰ আশ্ৰয় স্থল। গতিকে, সেউজীয়া পৃথিৱীখনক সেউজীয়া আৰু জীপাল কৰি ৰাখিবলৈ সকলোৱে যত্নপৰ হোৱা উচিত, তেতিয়া গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে জটিল সসস্যাৰ কিছু পৰিমাণে হ’লেও হ্ৰাস পাব।