হস্তিবিদ্যাৰ্ণৱ পুথি (Hastividyarnava Puthi) | Assam Class 12 Assamese (MIL) (অসমীয়া) Solutions | MCQs, Very Short, Short and Long Type Questions and Answers | Assam HS 2nd Year Assamese (MIL) Questions and Answers | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ অসমীয়া সমাধান | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া প্ৰশ্ন-উত্তৰ | Assam Class 12 Important Questions and Answers | AHSEC HS 2nd Year Assamese (MIL) Textbook Solutions | Sahitya Sourav XII | সাহিত্য সৌৰভ


হস্তিবিদ্যাৰ্ণৱ পুথি
লেখক- ড° সূর্যকুমাৰ ভূঞা

Very Short Type Questions and Answers (1 Marks)

1. ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি কʼৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি যোগেন্দ্ৰ নাৰায়ণ ভূঞা সম্পাদিত ‘সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

2. ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে কʼত প্ৰকাশ পাইছিল?
উত্তৰঃ শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত 1953 চনত প্ৰকাশ পাইছিল।

3. কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?
উত্তৰঃকটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম- ড° সূৰ্যকুমাৰ ভূঞা।

4. সূৰ্যকুমাৰ ভূঞাৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ সূৰ্যকুমাৰ ভূঞাৰ গৱেষণামূলক গ্ৰন্থখনৰ নাম- “Anglo-Assamese (MIL) relations 1771-1826.

5. ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ সুকুমাৰ বৰকাথে 1734 খৃষ্টাব্দত ৰচনা কৰে।

6. অসম সাহিত্য সভাৰ শ্বিলং অধিবেশনৰ (1953) সভাপতি কোন আছিল?
উত্তৰঃ অসম সাহিত্য সভাৰ শ্বিলং অধিবেশনৰ (1953) সভাপতি আছিল- ড° সূৰ্যকুমাৰ ভূঞা।

7. সুকুমাৰ বৰকাথে কাৰ আদেশ মতে আৰু কেতিয়া হস্তিবিদ্যাৰ্ণৱ পুথিখনি ৰচনা কৰে?
উত্তৰঃ সুকুমাৰ বৰকাথে শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ মতে 1656 শকত অৰ্থাৎ 1734 খৃষ্টাব্দত হস্তিবিদ্যাৰ্ণৱ পুথিখনি ৰচনা কৰে ৷

8. ‘বৃহৎ সংহিতা’ৰ ৰচক কোন?
উত্তৰঃ ‘বৃহৎ সংহিতা’ৰ ৰচক হ’ল— বৰাহমিহিৰ ৷

9. পালকাপ্য মুনিৰ ‘হস্তি আয়ুৰ্ব্বেদ’ কি ভাষাত ৰচিত?
উত্তৰঃ পালকাপ্য মুনিৰ ‘হস্তি আয়ুৰ্বেদ’ সংস্কৃত ভাষাত ৰচিত ৷

10. স্বৰ্গদেউসকলে শিৰবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বস্ত্ৰ বিধৰ নাম কি?
উত্তৰঃ স্বৰ্গদেউসকলে শিৰবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বস্ত্ৰ বিধৰ নাম আছিল- ফচৌ ৷

11. সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম- নিৰ্মালি।

12. সূৰ্যকুমাৰ ভূঞাৰ চুটিগল্পৰ পুথিখনৰ নাম কি?
উত্তৰঃ সূৰ্যকুমাৰ ভূঞাৰ চুটিগল্পৰ পুথিখনৰ নাম- পঞ্চমী।

13. কোন চনত সূৰ্যকুমাৰ ভূঞাই অসম সাহিত্য সভাৰ সভাপতি হৈছিল?
উত্তৰঃ 1953 চনত (শ্বিলং) সূৰ্যকুমাৰ ভূঞাই অসম সাহিত্য সভাৰ সভাপতি হৈছিল।

Short Type Questions and Answers (2 Marks)

1. ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিখন মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে 1734 খৃষ্টাব্দতে ৰচনা কৰে।

2. ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিখন মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে 1734 খৃষ্টাব্দতে ৰচনা কৰে।

3. পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা।
উত্তৰঃপুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম- শঙ্খচূড় বধ আৰু লৱকুশৰ যুদ্ধ।

4. হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ চিত্ৰবোৰ কোনে অংকন কৰিছে ?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিখনৰ চিত্ৰবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন চিত্ৰকৰে কৰিছে।

5. হস্তিবিদ্যাৰ্ণৱ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিত গ্ৰন্থকাৰ-অনুসৰি সুকুমাৰ বৰকাথ, চিত্ৰকৰ দুগৰাকী-দিলবৰ, দোষায়, স্বৰ্গদেউ শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছে।

6. ড° সূৰ্যকুমাৰ ভূঞাৰ মতে অসমৰ কোন কেইটা জনগোষ্ঠীৰ মানুহৰ হাতীৰ বিষয়ে ভাল জ্ঞান আছে?
উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাৰ মতে অসমৰ খামতি, চিংফৌ, নৰা, ফাঁকিয়াল আৰু মৰাণ আদি জনগোষ্ঠীৰ মানুহৰ হাতীৰ বিষয়ে ভাল জ্ঞান আছে। তেওঁলোকৰ পৰাই সাধাৰণতে হাতীৰ ফান্দি আৰু মাউত বাছি লোৱা হৈছিল বুলি লেখকে অভিহিত কৰিছে।

7. সংস্কৃত ভাষাত ৰচিত দুখন পুৰণি হস্তীপুথিৰ নাম লিখা।
উত্তৰঃ সংস্কৃত ভাষাত ৰচিত দুখন পুৰণি হস্তীপুথিৰ নাম হ’ল—
(ক) গজেন্দ্ৰচিন্তামণি আৰু (খ)হস্তি আয়ুৰ্ব্বেদ (পালকাপ্য মুনিৰ বিৰচিত)।

8. হস্তীপুথিৰ লগত মান্তৰা ৰজা কিদৰে জড়িত?
উত্তৰঃ হস্তীপুথিৰ সূচনাবোৰ অতি মনোহৰ। এবাৰ মান্তৰা ৰজাৰ হাতী মৰিবলৈ ধৰাত ৰজাৰ বৰ চিন্তা লাগিছিল। এদিন পণ্ডিতে কাকত চাই বিধি দিয়াত হাতী মৰিবলৈ এৰিলে। যি ৰজাৰ হাতত এই কাকত থাকে, সেইমতে কাম কৰি দেউ-দেউতাক মাননি দিলে হাতী নমৰে। এই কাকতেই হৈছে গজশাস্ত্ৰৰ মূল কথা, গ্ৰন্থকাৰে ইয়াক শাস্ত্ৰ-জন্ম কথা বুলি কৈছে। এই হাতী মৰা আৰু প্ৰতিকাৰৰ বিষয়ৰে হস্তীপুথিৰ লগত মান্তৰা ৰজা জড়িত হৈ আছে।

READ MORE  সমাৰ্থক শব্দ | Samarthak Shobdo | Synonyms in Assamese

Long Type Questions and Answers (3 Marks)

1. ড° সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত তিনিখন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত তিনিখন জীৱনীমূলক গ্ৰন্থৰ নাম- ‘আনন্দৰাম বৰুৱা’, ‘গোপাল কৃষ্ণ গোখলে’ আৰু ‘অসম জীয়ৰী’।

2. পুৰণি কালত অসমীয়া সমাজত হাতী কি কি কামত ব্যৱহাৰ হৈছিল ?
উত্তৰঃ অসম হাতী-প্ৰধান দেশ। পুৰণি কালত, প্ৰতি সম্ভ্ৰান্ত মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল। বিয়া-বাৰুৱে আৰু সমাৰোহ-যাত্ৰাত হাতীৰ প্ৰচলন আছিল। দীঘলীয়া বাট যাবলৈ হ’লে হাতীৰ নিতান্ত প্ৰয়োজন আছিল। যুদ্ধক্ষেত্ৰতো হাতী সৈন্য-বাহিনীৰ এটি লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল। হাতী কাঠ টনা কামতো ব্যৱহৃত হৈছিল। অসমত হাতীৰ প্ৰাচুৰ্যৰ কাৰণে কামৰূপত প্ৰাচীন নৃপতিসকলে হাতীক অসমৰ ধ্বজা ৰূপে ব্যৱহাৰ কৰিছিল।

3. ‘হাতী-পুথি’ত কোনবোৰ বিষয় অন্তৰ্ভুক্ত হৈছিল ?
উত্তৰঃ হাতী-পুথি বা হস্তিবিদ্যাৰ্ণৱ পুথিৰ অন্তৰ্গত প্ৰধান বিষয়-বস্তু হৈছে- বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্ম্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্ব্বন্ধ, হাতীদাঁতৰ মূল্য, যাত্ৰা-কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্দ্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিৰ্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্ৰ আদি।

4. সংস্কৃত ভাষাত লিখা তিনিখন হস্তীপুথিৰ নাম লিখা।
উত্তৰঃ সংস্কৃত ভাষাত লিখা তিনিখন হস্তীপুথিৰ নাম হ’ল— পালকাপ্য মুনি বিৰচিত ‘হস্তি আয়ুৰ্ব্বেদ’, নীলকন্ঠ বিৰচিত ‘মাতঙ্গলীলা তাঞ্জোৰত থকা অসম্পূৰ্ণ সংস্কৃত পুথি’ আৰু ‘গজেন্দ্ৰচিন্তামণি’।

5. আহোম স্বৰ্গদেউসকলে মোগলী প্ৰথা মতে পৰিধান কৰা তিনি বিধ সাজ-পাৰৰ নাম লিখা।
উত্তৰঃ আহোম স্বৰ্গদেউসকলে মোগলী প্ৰথা মতে পৰিধান কৰা তিনি বিধ সাজ-পাৰৰ নাম হ’ল— জামা, পাগ আৰু ইজাৰ।

Long Type Questions and Answers (4 Marks)

1. ব্যবহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যবহাৰিক সাহিত্য পুথিৰ নাম লিখা l
উত্তৰঃ মানুহৰ ব্যহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্ৰ, বাসস্হান অথবা জীৱ-জন্ত্তৰ গুণাগুণ,পুথিসমূহক ব্যবহাৰিক সাহিত্য বুলি কোৱা হয়।স্থ প্ৰধানত মধ্যুগৰ সৃষ্টি।এই সাহিত্যৰ ভিতৰুৱা পুথিসমূহৰ বিষয়সমূহ হʼল- দʼল-দেৱালয়, কাৰেং-মৈদাম, ঘৰ-দুৱাৰ আদি নিৰ্মানৰ কৌশলক কেন্দ্ৰ কৰি ৰচিত ব্যবহাৰিক সাহিত্য কবিতা, চুটিগল্প, উপন্যাস আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয় যদিও ব্যৱহাৰিক জীৱনত এই পুথিসমূহৰ মৰ্যাদা অপৰিসীম।অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথৰ হস্তি-বিদ্যাৰ্নৱ সাৰ-সংগ্ৰহ এই শ্ৰেণীৰ শ্ৰেষ্ঠ পুথি।তাৰোপৰি ঘোঁৰা নিদান, চাংৰুং ফুকনৰ বুৰঞ্জী উল্লেখযোগ্য পুথি।এই পুথিসমূহৰ ঐতিহাসিক গুৰুত্বও অপৰিসীম।

2. ড° সূৰ্যকুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ অসমীয়া সাহিত্যজগতত প্ৰখ্যাত ইতিহাসবিদ ড° সূৰ্যকুমাৰ ভূঞাই কবি হিচাপে প্ৰথমতে আত্ম-প্ৰকাশ কৰিছিল।যদিও ইতিহাসবিদ হিচাপেহে খ্যাতি অৰ্জন কৰে।তেওঁ কেইবাখনো মূল্যবান গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।তেখেতৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হʼল-নিৰ্মালি, চুটিগল্পৰ পুথি-পন্ঞমি।উল্লেখযোগ্য প্ৰৱন্ধ সংকলন হʼল- ত্ৰিপদী, সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ তেখেতৰ জীৱনী মূলক গ্ৰন্থ হʼল-গোপাল কৃষ্ণ গোখলে, আনন্দৰাম বৰুৱা, অসম জীয়ৰী, জোনাকী, চানেকী, ঐতিহাসিক তথ্যপূৰ্ণ পুথি-কোঁৱৰ বিদ্ৰোহ, বুৰঞ্জীৰ বাণী, ৰমণী গাভৰু, মীৰজুমলাৰ অসম আক্ৰমণ আৰু লাচিত বৰফুকন।

ইংৰাজীত ৰচিত উল্লেখযোগ্য গ্ৰন্থবোৰ হʼল- An Assamese (MIL) Nur Jahan, Early British Relations with Assam, Lachit Borphukan and His Times, Atan Buragohain And His Times, Men I have Met, London Memories. আৰু গবেষণা গ্ৰন্থ Anglo-Assamese (MIL) Relations 1771-1826. ইয়াৰ উপৰিও তেওঁ কেইবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰিছিল।এনেদৰে ড° সূৰ্যকুমাৰ ভূঞাই অসমীয়া সাহিত্য জগতলৈ বহুতো পুথিৰে অৱদান আগবঢ়াই গৈছে।

3. হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া।
উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাদেৱৰ ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ পাঠটিত হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ বিষদ আলোচনা দাঙি ধৰিছে।সুকুমাৰ বৰকাথৰ দ্বাৰা বিৰচিত ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিক হাতীক কেন্দ্ৰ কৰি বিষয় বস্তুৰ জুমুঠি বণ্দ্ধা হৈছে। সুকুমাৰ বৰকাথে যাৱতীয় সংস্কৃত গ্ৰন্থ, অসমত প্ৰচলিত কিছুমান হাতী বিষয়ক পুথি, দাঁতি-কাষৰীয়া জাতিৰ মাজত প্ৰচলিত হাতীৰ ব্যাধিৰ প্ৰতিকাৰ-এই সকলোবোৰ হস্তীজ্ঞান একত্ৰীকৰণ কৰি কাহিনীৰ বিষয়বস্তু ৰক্ষিত কৰিছে। গতিকে পুৰণি অসমীয়া সাহিত্যত এই পুথিৰ গুৰুত্বও অসীম।

হস্তিবিদ্যাৰ্ণৱ পুথিৰ প্ৰধান বিষয়বস্তু এনেধৰনৰ। এই পুথিত বিবিধ হাতিৰ লক্ষণ সম্পৰ্কে বৰ্ণনা কৰা হৈছে।ভাল হাতী,বেয়া হাতীৰ লক্ষণ বৰ্ণনা কৰাৰ লগতে অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্দ্ধক হাতিৰ লক্ষণো বৰ্ণনা কৰা হৈছে।হাতীশাল নিৰ্মাণৰ নিয়মো বৰ্ণনা কৰিছে।হাতীশালত কি কাঠ নিৰ্ব্বদ্ধ কৰা হব, হাতীবন্ধা খুটাৰ মান কিমান উচ্চতাৰ হব, বতাহ-ৰʼদ সোমাব পৰাৰ কেনে ব্যৱস্থাৰ কৰিব লাগিব সকলো কথা কোৱা হৈছে।তদুপৰি হাতীক শুভকাৰ্যৰ প্ৰতীক বুলিও গণ্য কৰা হয়। আগৰ দিনত হাতিক যাত্ৰাকালত আৰু উভতি অহাৰ কালত দেখা বা ব্যহাৰ কৰাটো শুভ বুলি গন্য কৰা হয়। হাতীক যুদ্ধ কালত ব্যহাৰ কৰা, উপঢৌকন হিচাপে প্ৰেৰণ কৰা, ৰজাৰ গড়ৰ বাহিৰ ৰাখি ৰজাৰ প্ৰতিপত্তি প্ৰদৰ্শন কৰা এই সকলো কথা লিখা আছে। তদুপৰি সোণ জপৰ দৰে হাতীদাঁতৰ মূল্যও আছিল যথেষ্ট।

READ MORE  যতি চিহ্নৰ ব্যৱহাৰ | অসমীয়া ব্যাকৰণ | Assamese Grammar

কামন্দকীয় নীতিসাৰত উল্লেখ মতে হস্তীক কৰ্মত প্ৰয়োগ কৰাৰ নিয়মো নিধান আছিল।যদ্ধক্ষেত্ৰত কেনে হাতী প্ৰয়োগ কৰিব, কোন হাতীত উঠিলে ৰজাৰ মঙ্গল আৰু সমৃদ্ধি হব, কোন হাতীত উঠিলে বেয়া তাৰো নিয়ম ব্যাখ্যা কৰা আছে।ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথাও কোৱা হৈছে। স্বৰ্গদেৱৰ ঘাই হাতীক শিকোৱাৰ নিৰ্ৱন্ধও যুগুত কৰা আছে। ময়দাৰ, মেদ বৃদ্ধি, মন পুষ্টি, মনচোকা এই সকলো বিলাকৰ বুজ লৱা হৈছিল। হাতী কেনেদৰে অধিক বলৱন্ত হব, হাতীক কেনেদৰে মন্ত্ৰৰে বশ কৰিব পাৰো বিধান হস্তিপুথিত উল্লেখ আছে।

এনেদৰে বিশ্লেষন কৰিলে দেখা যায় হাতীক কেন্দ্ৰ কৰি পুৰণিকালত ৰজা মহাৰজা সকলে বিবিধ মাধ্যম প্ৰয়োগ কৰিছিল।যিবোৰ হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তু হিচাপে ৰক্ষিত হৈছিল।

4.‘মংগলদায়ক হাতী’ৰ লক্ষণ সম্পৰ্কে আলোচনা কৰা।
অথবাঃ ‘মংগলদায়ক হাতী’ৰ লক্ষণ সম্পৰ্কে হস্তিবিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।
উত্তৰঃ সুকুমাৰ বৰকাথৰ ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিত মংগলদায়ক হাতীৰ বিস্তৃত বৰ্ণনা দাঙি ধৰিছে।

হস্তিবিদ্যাৰ্ণৱ পুথিত হাতীৰ বৰ্ণনা দাঙি ধৰিবলৈ যওঁতে বিবিধ হাতীৰ দোষ-গুণৰ বৰ্ণনা দাঙি ধৰিছে।ভাল হাতী বেয়া হাতী, যুদ্ধ হস্তী, অপ্ৰীতিবৰ্দ্ধক হাতী স্বৰ্গদেৱৰ গড়ৰ ৰাজত থকা হাতী, স্বৰ্গদেউৰ শুভকাৰ্যত প্ৰয়োগ হোৱা হাতী, শোভাযাত্ৰাত ব্যৱহাৰ্য হাতী ইত্যাদি বিবিধ হাতীৰ বৰ্ণনা দাঙি ধৰিছে।

মঙ্গলদায়ক হাতীৰ বৰ্ণনা কৰিছে এনেদৰে শৰীৰৰ বৰণ হʼব লাগে শ্যামবৰ্ণ, দেখাত সুন্দৰ হʼব লাগে।প্ৰকাণ্ড প্ৰাণী যদিও শৰীৰ হʼব লাগে স্থূল।দুয়োটা দাঁত সমান দীঘল হোৱা উচিত।সমানে ৰঙ্গ কৰা হʼব লাগে।কামৰ সময়ত আগলৈ চাপি যোৱা হাতীৰ লক্ষণ ভাল।কালশিলি বৰ্ণৰ হʼব লাগে। আগছোৱা জোঙা, নখ অলপ কʼলা অৰ্থাত্ পাতল কলা বৰণৰ হোৱা উচিত।বলৱন্ত হাতীৰ মূল্য অধিক।তেনে হাতীয়ে ৰজাক গড়ৰ ভিতৰ-বাহিৰ সকলোতে ভাল কাম দেখুৱায়।তেনে লক্ষণৰ হতীক উত্তম আহাৰ দি সোনকালে বশ কৰিব পৰা যায়।

এনেদৰে পুৰণি কালত ভাল হাতী বা উন্নত গুণসম্পন্ন হাতীক মঙ্গলদায়ক হাতী বুলি কোৱা হৈছিল আৰু এনে হাতীক ৰজা-মহাৰজা সকলে গুৰুত্ব সহকাৰে বিষয়া নিযুক্তিৰে পোহপালো দিছিল।

5. হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথি সুকুমাৰ বৰকাথৰ অনবৈদ্য সৃষ্টি।বিভিন্ন হাতীৰ গুণাগুণ ব্যাখ্যাৰে পুথিখনে অসমীয়া সাহিত্যলৈ এক বিশিষ্ট বৰঙণি আগবঢ়াইছে।গদ্যত ৰচিত পুথিখনিৰ ৰচনাশৈলী ওজঃগুণযুক্ত।সংস্কৃত ভাষাত প্ৰাপ্য কেইখনমান গজশাস্ত্ৰ পুথি যেনে-পালকাপ্য মুনি বিৰচিত হস্তি আয়ুৰ্বেদ, নীলকণ্ঠ বিৰচিত মাতঙ্গলীলা, গজেন্দ্ৰচিন্তামণি, কামন্দকীয় নীতিসাৰ, বৰাহ মিহিবৰ যশস্তিলক ইত্যাদি পুথিৰ সমাহাৰ আৰু অসমত প্ৰচলিত পুৰণি হাতী বিষয়ক পুথি লগতে দাঁতি কাষৰীয়া জাতিৰ মাজত প্ৰচলিত হাতীৰ ব্যাধিৰ নানান প্ৰতিকাৰ বিষয়ক পুথিক বিষয়বস্তু হিচাপে লৈ হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিৰ জুমুঠি বন্ধা হৈছে।এই গ্ৰন্থৰ পুথিৰ ভাষা গদ্য।প্ৰশস্তি অংশৰ ভাষা সংস্কৃতগন্ধী।

উদাহৰণস্বৰূপে “ইন্দ্ৰ সৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা নীতিবিদ্যাৰো আনন্দিত হুই বৃহস্পতিক উপালম্ভ কৰিছে যি মহাৰাজা আৰু গম্ভীৰ ধীৰ ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰীযুক্ত শ্ৰীমন্ত শিৱসিংহ যি মহাৰাজা, আপোনাৰ ছন্দৰ বিলাস বিদগ্ধতা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰী গনৰ গৰ্ববকচুৰ কৰিছে যি মহাদেৱীয়ে সেই কাৰণে অতিশয় বিৰাজমান হৈছে যি শ্ৰী শ্ৰী অম্বিকানাম মহাদেৱী, সেই দুজনাৰ আজ্ঞাৰত্ন মালাক শিৰত ধৰি সুকুমাৰ বৰকাথে এই হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ কৰি ৰচিল l” দেখা যায় মূলত সংস্কৃত পুথিক অনুকৰণ কৰা হেতুকে ভাষা সংস্কৃতগন্ধী আনহাতে দাঁতি কাষৰীয়া অঞ্চল সমূহৰ পৰা আহৰণ কৰা পুথিৰ জ্ঞানে সৰল অসমীয়া ভাষাৰ নিদৰ্শন দাঙি ধৰিছে। সাধাণ শ্ৰেণীৰ মানুহৰ মুখৰ ভাষাৰ গুৰুত্বও দেখা যায়।যেনেদৰে-“পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুটি যায়, মূৰ জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলনখৰ।আৰু টিপৰ কথা। বহুত বহুনাত বহিব, কলা ফুলেৰে চেপি ডাবি ধৰি অলপ কৰি আঙ্গুলি কাণত লগাব।আকুহি থিয় কৰি যাব।পাচ মাউতে ডাবি মাৰিব, তেবে মূৰ দাঙ্গি যাব l”

এনেদৰে বিশ্লেষন কৰি চালে দেখা যায় যে হস্তিবিদ্যাৰ্ণৱ পুথিৰ ভাষা এফালে সংস্কৃতগন্ধী আৰু গভীৰ, যদিও আনহাতে সহজ সৰল।অসমীয়া মানুহে বুজিব পৰাকৈ বাক্যৰ গাঁথনি তেনেই সৰল। মুঠতে হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যই পুথিখনৰ মৰ্যাদা বহুগুণে বৃদ্ধি কৰিছে।

READ MORE  সন্ধি | অসমীয়া ব্যাকৰণ | Conjunction in Assamese Grammar

Long Type Questions and Answers (5 Marks)

1. হস্তিবিদ্যাৰ্ণৱ পুথিত থকা ছবিবোৰৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিত থকা ছবিবোৰৰ বৈশিষ্ট আছে। এই উল্লেখযোগ্য বৈশিষ্ট্যসমূহ হ’ল—
(ক) বিবিধ হাতীৰ দোষ-গুণৰ বৰ্ণনাৰ সূত্ৰে হস্তিবিদ্যাৰ্ণৱ পুথিৰ লগতে ছবি দিয়া হৈছে।
(খ) ৰজা কোন হাতীত উঠিলে ভাল, কোন হাতীত উঠিলে বেয়া, কোন হাতী ৰজাৰ কুশল আৰু সমৃদ্ধি বাঢ়ে, সেইবোৰ বৰ্ণনা কৰোঁতে চিত্ৰকৰে পৃষ্ঠপোষক ৰজা শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ চ’ৰাৰ বিষয়াসকলৰ প্ৰতিমা দিয়াৰ সুবিধা অনেকবাৰ লৈছে।
(গ) শিৱসিংহ ৰজাৰ ৰাজচ’ৰাৰ বিবিধ অৱস্থাৰ ছবি হস্তিবিদ্যাৰ্ণৱ পুথিত পোৱা যায়।
(ঘ) ‘আঠোদেশৰ যশস্যাৰূপ চন্দ্ৰতাপে আচ্ছাদন কৰিছে’- এই বুলি কৈ ভাৰতৰ আঠজন ৰজাৰ ছবি হস্তিবিদ্যাৰ্ণৱ পুথিত দিয়া হৈছে।
(ঙ) স্বৰ্গদেৱৰ সমৃদ্ধি আৰু সৌভাগ্য দেখুৱাবলৈ স্বৰ্গদেৱক নানান উপহাৰ বস্তু দিয়াৰ ছবি হস্তিবিদ্যাৰ্ণৱ পুথিত অঙ্কিত কৰিছে।
(চ) হস্তিবিদ্যাৰ্ণৱ পুথিত থকা ৰজা, বিষয়া, দোলাকাষৰীয়া আদিৰ ছবিত অৰ্পিত কৰা কিছু সাজ-পাৰ মোগলী ধৰণৰ, বিশেষকৈ স্বৰ্গদেৱসকলৰ শিৰবস্ত্ৰ- ফচৌ আৰু ৰুদ্ৰসিংহ ৰজাৰ দিনৰ পৰা প্ৰচলিত হোৱা জামা, আগ আৰু ইজাৰ।
এনেদৰে হস্তিবিদ্যাৰ্ণৱ পুথিসমূহত ছবিবোৰৰ বৈশিষ্ট্যসমূহ বিভিন্ন ধৰণে সুন্দৰভাৱে প্ৰতিফলিত হৈছে।

2. আহোম ৰজাসকলে হাতীক কি কি কামত ব্যৱহাৰ কৰিছিল ?
উত্তৰঃ অসম হাতী-প্ৰধান দেশ। পুৰণি কালত, প্ৰতি সম্ভ্ৰান্ত মানুহৰ ঘৰত হাতী থকাৰ নিয়ম আছিল। বিয়া-বাৰুৱে আৰু সমাৰোহ-যাত্ৰাত হাতীৰ প্ৰচলন আছিল। দীঘলীয়া বাট যাবলৈ হ’লে হাতীৰ নিতান্ত প্ৰয়োজন আছিল। যুদ্ধক্ষেত্ৰতো হাতী সৈন্য-বাহিনীৰ এটি লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল। নতুন হাতীক শিকোৱা, হাতীৰ চঁক ভঙ্গা, হাতীৰে কাঠ টনা আদি কামত হাতী ব্যৱহৃত হৈছিল।

ৰজাৰ কোঁৱৰ আৰু ডাঙৰীয়া, লগতে ফুকনসকলৰ ল’ৰাও হাতী চলোৱা কামত পৈণত আছিল। অসমত হাতীৰ প্ৰাচুৰ্যৰ কাৰণে কামৰূপত প্ৰাচীন নৃপতিসকলে হাতীক অসমৰ ধ্বজা ৰূপে ব্যৱহাৰ কৰিছিল। সেই নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল। ৰঘুবংশৰ মতে ইন্দুমতীৰ স্বয়ম্বৰত ৰাজকুমাৰ অজই বিবাহৰ মণ্ডপত কামৰূপেশ্বৰৰ হাতত ধৰি হাতীৰ পৰা অৱতৰণ কৰিছিল। প্ৰাচীন তামৰ ফলিবিলাকত আৰু বুৰঞ্জী পুথিবোৰত অসমত হাতীৰ প্ৰচলনৰ বিষয়ে বিৱৰিত কৰা হৈছিল।

3. হস্তিবিদ্যাৰ্ণৱ পুথি ৰচনাৰ কাৰণে লেখকে ক’ৰপৰা কিদৰে সমল সংগ্ৰহ কৰিছিল ?
উত্তৰঃ অসমীয়া হাতেলিখা সচিত্ৰ পুথিবোৰৰ ভিতৰত হস্তিবিদ্যাৰ্ণৱ পুথিখনিয়েই শ্ৰেষ্ঠ আছিল। হস্তিবিদ্যাৰ্ণৱ পুথিখন মহাৰাজ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে 1734 খৃষ্টাব্দত ৰচনা কৰে। দিলবৰ আৰু দোষায় নামৰ দুজন চিত্ৰকৰ দুজনে পুথিখনৰ ছবিবোৰ অংকন কৰে। হাতীৰ বিষয়ে লিখা পুথিখনৰ এইসকল লোকৰ চিত্ৰ অংকিত হৈছে – গ্ৰন্থকাৰ, চিত্ৰকৰ দুগৰাকী, ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকা দেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰ।

হাতীৰ বিষয়ে অসমৰ খাম্তি, চিংফৌ, নৰা, ফাঁকিয়াল, মৰাণ আদি জনজাতীয় মানুহে ভালকৈ জানিছিল। সেইসমূহ মানুহৰ পৰা পুথিখনৰ বহু সমল সংগ্ৰহ কৰিছিল। হস্তিবিদ্যাৰ্ণৱ পুথিত বিভিন্ন প্ৰকাৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ আগবঢ়োৱা হৈছিল। লগতে আছিল, হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীদাঁতৰ মূল্য আদিৰ উল্লেখ আছে। প্ৰাচীন অসমৰ চিত্ৰকলা আৰু ব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰে এওলোকৰ পুথিখনৰ বৰঙণিৰ বিষয়ে জ্ঞাত হওঁ।

4. ‘অসম হাতী-প্ৰধান দেশ’। – হস্তীবিদ্যাৰ্ণৱ পুথি শীৰ্ষক প্ৰবন্ধটোৰ লেখকে কি প্ৰসংগত এই কথাষাৰ অৱতাৰণা কৰিছে বুজাই লিখা।
উত্তৰঃ অসম হাতী-প্ৰধান দেশ। অসমৰ পৰ্বতে-কন্দৰে হাতী গেঁজখাই আছিল আৰু এতিয়াও বিৰাজমান। প্ৰতি সম্ভান্ত মানুহৰ ঘৰত আগতে হাতী থকাৰ নিয়ম আছিল। বিয়া-বাৰুৱে আৰু সমাৰোহ-যাত্ৰাত হাতীৰ প্ৰচলন আছিল। দীঘলীয়া বাট যাবলৈ হাতীৰ নিতান্ত প্ৰয়োজন হৈছিল। যুদ্ধক্ষেত্ৰতো হাতী সৈন্য-বাহিনীৰ এক অতি লাগতিয়াল অংগ বুলি পৰিগণিত হৈছিল।

হাতীক শিকোৱা, হাতীৰ চঁক ভঙ্গা, হাতীৰে কাঠ আদি টনা কাম কৰা হৈছিল। হাতী ব্যাধিৰ প্ৰতিকাৰ আৰু হাতীৰ সন্দৰ্ভত আন বহু বিষয়ে অসমত উপযুক্ত শিক্ষা থকা ডাঙৰ-সৰু হাতী-পুথি অপৰ্য্যাপ্ত প্ৰচলিত আছিল। সেয়েহে, এই প্ৰসংগত হস্তীবিদ্যাৰ্ণৱ পুথি শীৰ্ষক প্ৰবন্ধটোৰ লেখকে ‘অসম হাতী-প্ৰধান দেশ’, এই কথাষাৰ অৱতাৰণা কৰিছে।

5. প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ
‘হস্তিবিদ্যাৰ্ণৱ পুথি অসমীয়া জাতিৰ এটি অমূল্য সম্পত্তি।’
উত্তৰঃ উদ্ধিত কথাফাকি, আমাৰ দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ড° সূৰ্যকুমাৰ ভূঞাদেৱৰ দ্বাৰা ৰচিত ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

অসমীয়া জাতিৰ এক মূল্যবান সম্পত্তি হিচাপে ‘হস্তিবিদ্যাৰ্ণৱ পুথি’খন প্ৰতিষ্ঠিত কৰাৰ মানসেৰে লেখকজনে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে।

লেখকৰ মতে, হস্তিবিদ্যাৰ্ণৱ পুথিখনি অসমীয়া জাতিৰ এটি অমূল্য সম্পদ। মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ডাঃ ৰাজেন্দ্ৰ প্ৰসাদ, এই সকলকে আদি কৰি অনেক খ্যাতনামা পুৰুষে এই পুথিখনি আদ্যোপান্ত চাই তাৰ বিচিত্ৰ চিত্ৰকলাৰ বিষয়ে প্ৰশংসা কৰি গৈছে। সকলো ছবিৰ সৈতে এই পুথিখনি প্ৰকাশ কৰিবলৈ হ’লে দুই লাখমান টকা খৰচ পৰিব। সময়ত এই পুথিখনি প্ৰকাশিত হ’লে বৰ্তমানে অসমীয়া জাতিৰ কৃষ্টি-বৈভৱ চিনি নোপোৱাসকলেও তাক ভালকৈ চিনি পাবৰ সুবিধা হ’ব।

Leave a Comment

error: Content is protected !!
Scroll to Top