মূল্যবোধ শিক্ষা (Mulyabodh Shiksha) | Assam Class 12 Assamese (MIL) (অসমীয়া) Solutions | MCQs, Very Short, Short and Long Type Questions and Answers | Assam HS 2nd Year Assamese (MIL) Questions and Answers | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ অসমীয়া সমাধান | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া প্ৰশ্ন-উত্তৰ | Assam Class 12 Important Questions and Answers | AHSEC HS 2nd Year Assamese (MIL) Textbook Solutions | Sahitya Sourav XII | সাহিত্য সৌৰভ


মূল্যবোধ শিক্ষা
লেখক- ড° দুলুমণি গােস্বামী

Very Short Type Questions and Answers (1 Marks)

1. ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত কৰে?
উত্তৰঃ ব্যক্তিয়ে মূল্যবোধ শিক্ষণ আৰু সামাজিকীকৰণৰ পৰা আয়ত্ত কৰে ৷

2. নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি?
উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ’ল— ‘ম’ৰেল’ (Moral)।

3. লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ অৰ্থ কি ?
উত্তৰঃ লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ অৰ্থ হ’ল— ‘আচাৰ-ব্যৱহাৰ’ আৰু ‘লোকাচাৰ’।

4. ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে ?
উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে 84 টা/বিধ মূল্যবোধ চিনাক্ত কৰিছে।

5. প্ৰথম অৱস্থাত ‘মূল্য’ শব্দটোক কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰঃ প্ৰথম অৱস্থাত মূল্য শব্দটো কেৱল অৰ্থনৈতিক উদ্দেশ্যতহে ব্যৱহাৰ কৰা হৈছিল।

6. মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?
উত্তৰঃ মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় ৷

7. কেনেধৰণৰ মূল্যবোধৰ পৰিৱৰ্তন নাই?
উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকবিন্দৰ মতে সত্যম-শিৱম-সুন্দৰম, এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ; যাৰ কোনো পৰিৱৰ্তন নাই।

8. মূল্যবোধৰ ‘ত্ৰিনীতি’ বুলিলে কাক বুজায়?
উত্তৰঃ মূল্যবোধৰ ‘ত্ৰিনীতি’ বুলিলে ‘সত্যম, শিৱম আৰু সুন্দৰম’ বুজায়।

9. নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠি কি?
উত্তৰঃ নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠি হ’ল— মনোযোগ।

10. কোন চনত ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰিছিল?
উত্তৰঃ ১৯৭৯ চনত ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰিছিল।

11. ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল ?
উত্তৰঃ ভাৰতৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ আধাৰিত। মূল্যবোধৰ জৰিয়তেহে মানুহে প্ৰকৃত জীৱন-নিৰ্বাহৰ পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰে।

12. নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে ?
উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি লেটিন ভাষাৰ পৰা হৈছে যাৰ অৰ্থ হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ।

Short Type Questions and Answers (2 Marks)

1. মূল্যবোধে সমাজত প্ৰচলিত কোনবোৰ দিশক সামৰি লয়?
উত্তৰঃ মূল্যবোধে সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী- এই সকলোবোৰ দিশকে মূল্যবোধে সামৰি লয়। কিয়নো, মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা-নীতি যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ হয় আৰু সামাজিক পৰিৱেশত এইসমূহ নীতি আৰু আদৰ্শক আয়ত্ব কৰা হয়।

2. প্ৰয়োগবাদী দাৰ্শনিক সকলৰ মূল্যবোধ সম্পৰ্কে ধাৰণা কেনেকুৱা?
উত্তৰঃ প্ৰয়োগবাদী দাৰ্শনিকসকলৰ মতে, মূল্যবোধৰ সৃষ্টি যেনেকৈ সমাজে কৰে তেনেদৰে পৰিৱৰ্তনো কৰে সমাজে। প্ৰকৃততে মূল্যবোধ সম্পূৰ্ণৰূপে সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়।

3. অনৈতিক আচৰণ বুলিলে কি বুজা?
উত্তৰঃ নৈতিক আচৰণ বা নৈতিকতাই সমাজৰ ৰীতি-নীতিসমূহক মানি চলাটোক বুজায়। যদি সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ আদিৰ বিপৰীতে চলে বা যায়, তেন্তে তাক অনৈতিক আচৰণ বুলি বুজা যায়।

4. শিশুৰ নৈতিক বিকাশৰ অৰ্থ কেনেকুৱা?
উত্তৰঃ শিশুৰ নৈতিক বিকাশৰ অৰ্থ হৈছে- সমাজৰ প্ৰচলিত আচৰণবোৰ আয়ত্ব কৰিবলৈ শিকোৱা। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশ আৰু আচৰণৰ বাবে যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্ৰতা, এই চাৰি বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে।

5. আদৰ্শবাদী দাৰ্শনিক সকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি ?
উত্তৰঃ আদৰ্শবাদী দাৰ্শনিক সকলৰ মতে মূল্যবোধ তিনিটা আৰু সেয়া হ’ল— সত্যম, শিৱম আৰু সুন্দৰম।

6. ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি?
উত্তৰঃ ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা ভাগত ভাগ কৰিছে। সেইবোৰ হʼল—
১। ধৰ্ম
২। অৰ্থ
৩। কাম আৰু
৪। মোক্ষ।

7. প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হʼয় ?
উত্তৰঃ প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হʼয়।

8. সহজ অৰ্থত মূল্যবোধ মানে কি ?
উত্তৰঃ সহজ অৰ্থত মূল্যবোধ হৈছে- আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ব কৰে।

READ MORE  কৰুণতম | Class 12 Assamese (MIL) - AHSEC

9. মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি ?
উত্তৰঃ মনোবিজ্ঞানী সকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা আচৰণৰ কথা চিনাক্ত কৰিছে।
(ক) যুক্তিনিষ্ঠতাঃ- শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ-বিশ্লেষণ কৰা।
(খ) পৰোপকাৰিতাঃ- অন্য মানুহৰ সুখ-দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা।
(গ) দায়িত্ববোধঃ- সমাজত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভূল-ক্ৰুটিসমূহ স্বীকাৰ কৰি লোৱা।
(ঘ) নৈতিক স্বতন্ত্ৰতাঃ- নিজস্বভাবে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা।

10. মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি ?
উত্তৰঃ মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে। তেওঁৰ মতে, সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত। আমি যেতিয়া এটা কবিতা অধ্যয়ন কৰো বা এখন ছবি চাওঁ বা এটা মূৰ্তিৰ সৌন্দৰ্য উপলব্ধি কৰো সেই সৌন্দৰ্যবোধৰ উপলব্বিখিনি আমাৰ নিজস্ব গ্ৰহণযোগ্য দৃষ্টিভঙ্গীৰ ওপৰতহে সম্পৰ্ণভাৱে নিৰ্ভৰ কৰে।

Long Type Questions and Answers (3 Marks)

1. ভাৰতবৰ্ষত মূল্যবোধৰ শিক্ষা প্ৰদান কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলি কিয় ভবা হৈছে ?
উত্তৰঃ বিচিত্ৰ সংস্কৃতিৰ দেশ ভাৰতবৰ্ষৰ শিক্ষানুষ্ঠানসমূহলৈ বিভিন্ন শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে শিক্ষা আহৰণ কৰিবলৈ আহে। বিভিন্ন আৰ্থ-সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ পৰা অহা ল’ৰা-ছোৱালীবোৰে আয়ত্ত কৰি অহা মূল্যবোধবোৰ বেলেগ বেলেগ হোৱাটোৱেই স্বাভাৱিক। আনহাতে, বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বিকাশ তথা পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধৰ খেলি-মেলি হোৱা পৰিলক্ষিত হৈছে। তেনে ক্ষেত্ৰত মূল্যবোধ শিক্ষা প্ৰদান কৰাটো সেয়েহে এক ডাঙৰ প্ৰত্যাহ্বান বুলি ভবা হৈছে।

2. “প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়” – চমুকৈ বুজাই লিখা।
উত্তৰঃ ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেতিয়া তেনে কাৰ্যৰ কোনো মূল্য আছে বুলিব পৰা নাযায়। সেয়েহে প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ নিমিত্তেহে মূল্যবোধসমূহৰ প্ৰয়োজনীয়তে আছে। সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ অৰ্থে মূল্যবোধৰ নীতি আৰু আদৰ্শই মুখ্য ভূমিকা গ্ৰহণ কৰে। সেইবাবে, সমাজৰ সকলো মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ মাধ্যমেৰে মূল্যবোধক প্ৰয়োগ কৰিলে তাক প্ৰকৃত মূল্যবোধ বুলি বিচাৰ কৰা হয়।

4. ‘অহিংসা হৈছে ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোজন’ – বুজাই লিখা।
উত্তৰঃ ভাৰতীয় দৰ্শনে মূল্যবোধৰ ক্ষেত্ৰত অতুলনীয় অৱদান আগবঢ়াইছে। ‘অহিংসা হৈছে ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোজন’। ভাৰতৰ সংবিধানে অহিংসাৰ মাধ্যমেৰে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপ প্ৰতিষ্ঠা কৰিছে। ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ বাবে অহিংসাৰে স্বাধীনতা, সমতা, ন্যায় আৰু ভ্ৰাতৃত্ববোধ প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন মূল্যবোধসম্পন্ন আদৰ্শ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। ভাৰতীয় সংবিধানে নাগৰিকৰ মৌলিক কৰ্তব্যসমূহ হিংসাৰ আশ্ৰয় নোলোৱাকৈ পালন কৰাৰ বাবে নিৰ্দ্দেশাত্মক নীতি প্ৰদান কৰিছে। জাতিৰ পিতা মহাত্মাগান্ধীৰ আদৰ্শস্বৰূপ ‘অহিংসা পৰম ধৰ্ম’ এক মূল্যবোধৰ মূল নীতি হিচাপে আজিও ভাৰতীয় মূল্যবোধত উচ্চ আসন দখল কৰি আহিছে।

5. মানুহে জন্ম লাভ কৰিয়ে সামাজিক ধাৰণাসমূহ আয়ত্ত কৰেনে ? — বুজাই লিখা।
উত্তৰঃ মানুহে জন্ম লাভ কৰিয়ে সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে। ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ জৰিয়তে প্ৰভাৱিত হৈ সামাজিক নীতি-নিয়মসমূহ আয়ত্ত কৰে। কেৱল জন্মগতভাৱে লাভ কৰা প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। জন্মগত প্ৰবৃত্তিসমূহৰ সংশোধনৰো প্ৰয়োজন হয়। সেয়েহে, মানুহক ইয়াৰ বাবে প্ৰয়োজন হয় উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ।

Long Type Questions and Answers (4 Marks)

1. মূল্যবোধৰ ধাৰণাটো ভাৰতীয় শিক্ষা ব্যৱস্থাত কেনেধৰণে আহিছে বুজাই লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থা মূল্যবোধ আধাৰিত আছিল। শিক্ষাৰ আন এক মূল উদ্দেশ্য হৈছে মূল্যবোধ সৃষ্টি কৰা। ভাৰতীয় শিক্ষা ব্যৱস্থা আৰু আন সমাজত মানুহে মৰ্যাদাসম্পন্নভাৱে জীয়াই থকাৰ নিমিত্তে মূল্যবোধৰ সৃষ্টি আৰু বিকাশ অতিকৈ প্ৰয়োজনীয়। মূল্যবোধ অবিহনে প্ৰকৃততে মানুহ আৰু অন্য জীৱ-জন্তৰ মাজত বিশেষ প্ৰভেদ নাথাকে। মূল্যবোধৰ মাধ্যমেৰে মানুহে প্ৰকৃত জীৱন-নিৰ্বাহৰ পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰে। মূল্যবোধে মানুহৰ সামাজিক জীৱন পৰিচালিত কৰে।

ভাৰতৰ শিক্ষানুষ্ঠানবোৰলৈ বিভিন্ন শ্ৰেণীৰ শিক্ষাৰ্থসকল/ল’ৰা-ছোৱালীবোৰ শিক্ষা আহৰণ কৰাৰ নিমিত্তে আহে। বিভিন্ন আৰ্থ-সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ পৰা অহা শিক্ষাৰ্থসকল/ল’ৰা-ছোৱালীবোৰে আয়ত্ত কৰি অহা মূল্যবোধবোৰ স্বাভাৱিকতে বেলেগ-বেলেগ হয়। লগতে, বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বিকাশ আৰু পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত নতুন পুৰুষৰ মাজত মূল্যবোধ খেলি-মেলি হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত মূল্যবোধ শিক্ষা প্ৰদান কৰাটো ভাৰতৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে।

2. ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনে ৰূপত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে ?
উত্তৰঃ ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক এখন সাৰ্বভৌম গণতান্ত্ৰিক, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। ভাৰতবৰ্ষৰ প্ৰত্যেক নাগৰিকৰ বাবে স্বাধীনতা, সমতা, ন্যায় আৰু ভ্ৰাতৃত্ববোধ প্ৰতিষ্ঠা কৰি ভাৰতবৰ্ষক এখন মূল্যবোধসম্পন্ন আদৰ্শ ৰাষ্ট্ৰ হিচাএ প্ৰতিষ্ঠা কৰিবৰ বাবে বিচৰা হৈছে। ভাৰতীয় সংবিধানে নাগৰিকৰ মৌলিক কৰ্তব্য সম্পৰ্কেও উল্লেখ কৰিছে। লগতে ভাৰতৰ সংবিধানৰ মাধ্যমেৰে জাতি, ধৰ্ম, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো নাগৰিকৰ বাবে সমতা ৰক্ষাৰ পৰিচৰ্যা কৰিছে। ভাৰতত থকা সংখ্যালঘুসকলৰ নিমিত্তে সংবিধানে বিশেষ সুবিধা প্ৰদান কৰিছে। সমাজৰ পিছপৰা, মহিলাসকল, প্ৰতিবন্ধকসকল, শিশুসকল আদি সমাজৰ সকলো শ্ৰেণীবৃন্দৰ বাবে সুৰক্ষা আৰু সমতাৰ কবছ হিচাপে সংবিধানে মূখ্য ভূমিকা গ্ৰহণ কৰিছে।

READ MORE  মোৰ মাতৃমুখ দৰ্শন | Class 12 Assamese (MIL) - AHSEC

3. ‘মনোযোগেই নন্দন তাত্ত্বিক মূল্যবোধৰ চাবি কাঠি’— যুক্তি সহকাৰে আলোচনা কৰা।
অথবাঃ নন্দনতাত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা।
উত্তৰঃ নন্দনতাত্ত্বিক মূল্যবোধক এক দিশত সৌন্দৰ্যবোধ বুলি অভিহিত কৰা হয়। কিছু পণ্ডিতৰ মতে, নন্দনতাত্ত্বিক মূল্যবোধ কেৱল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য। তেওঁলোকৰ মতে, অপাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰিব নোৱাৰি। কিন্ত মানুহে সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে। সেয়েহে, এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়।

মানৱ জীৱনৰ তিনি মূল মূল্যবোধ হৈছে- সত্য, শিৱ আৰু সুন্দৰ (সত্যম শিৱম সুন্দৰম)। এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ’ব পাৰে। মানুহৰ সকলো কাৰ্য একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন কৰা হয়। গতিকে, এইবোৰ দিশৰ পৰা আমি কব পাৰো যে- ‘মনোযোগেই নন্দন তাত্ত্বিক মূল্যবোধৰ চাবি কাঠি’।

4. ‘সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটো আৰু মহৰ্ষী টলষ্টয়ে আগবঢ়োৱা তত্ত্ব দুটি চমুকৈ বুজাই লিখা।
উত্তৰঃ ‘সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটো আগবঢ়োৱা তত্ত্ব অনুসৰি- ‘সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দৰ্য আছে। আমি মাথোঁ ঐশ্বৰিক ধ্যান-ধাৰণাৰ যোগেদি সেই সৌন্দৰ্য উপলব্ধি কৰিব পাৰিব ল্গিব। পৃথিৱীত থকা সকলো বস্তুৰে সৌন্দৰ্য আৱিষ্কাৰ কৰিবলৈ আমি সক্ষম হ’ব লাগে।’ ‘সৌন্দৰ্যবোধ সম্পৰ্কে মহৰ্ষী টলষ্টয়ে আগবঢ়োৱা তত্ত্ব অনুসৰি- ‘সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজৰ গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত। আমি যেতিয়া এটা কবিতা অধ্যয়ন কৰোঁ বা এখন ছবি চাওঁ বা এটা মূৰ্তিৰ সৌন্দৰ্য উপলব্ধি কৰোঁ, সেই সৌন্দৰ্যবোধৰ উপলব্ধিখিনি আমাৰ নিজৰ গ্ৰহণযোগ্য দৃষ্টিভংগীৰ ওপৰতহে সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে। সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠহে।’

5. ‘ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে’ উল্লেখ কৰা 10টা মূল্যবোধ কি কি?
উত্তৰঃ ১৯৭৯ চনত ‘ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে’ অৰ্থাৎ ‘ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰি এখন তালিকে প্ৰস্তুত কৰিছে। এই তালিকাত অন্তৰ্ভুক্ত মূল্যবোধবোৰৰ ভিতৰত উল্লেখযোগ্য 10টা মূল্যবোধ হৈছে—
১। সংযম
২। সহানুভূতি
৩। সহযোগিতা
৪। অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা
৫। পৰিষ্কাৰ-পৰিচ্ছন্নতা
৬। নম্ৰতা
৭। মানৱতাবোধ
৮। অহিংসা
৯। দেশপ্ৰেম
১০। সামাজিক দায়িত্ববোধ।

Long Type Questions and Answers (3/4/5 Marks)

1. মূল্যবোধ বুলিলে কি বুজা? পাঠটিৰ আধাৰত চমুকৈ লিখা।
অথবাঃ মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা।
অথবাঃ মূল্যবোধ সম্পৰ্কে দাৰ্শনিকসকলৰ মাজত থকা বিভিন্ন মতবাদসমূহ আলোচনা কৰা।
উত্তৰঃ ‘মূল্যবিধ শিক্ষা’ নামৰ পাঠটিত লেখিকে ড0 দুলুমণি গোস্বামীয়ে মূল্যবোধ সম্পৰ্কে ধাৰণা ব্যক্ত কৰিছে। তেওঁৰ মতে মূল্যবোধ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা-নীতি যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি আৰু সমাজৰ কল্যাণৰ বাবে হিতকৰ হয়। সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী আদি সকলোবোৰ আদৰ্শক মূল্যবোধ হিচাপে বিবেচিত হয়।

এই মূল্যবোধসমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক সামাজিক পৰিৱেশতহে আয়ত্ত কৰা হয়। মূল্যবোধ সম্পৰ্কে দাৰ্শনিকসকলৰ মাজত বিভিন্ন মতবাদ আছে। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে- মূল্যবোধ হৈছে— সত্যম-শিৱম-সুন্দৰম অৰ্থাৎ সত্য, শিৱ আৰু সুন্দৰৰ সমষ্টি যি চিৰন্তন মূল্যবোধ আৰু যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধৰ ক্ষেত্ৰত মানুহৰ দায়িত্ব হ’ল— এইসমূহ আৱিষ্কাৰ বা উপলব্ধি কৰা।

প্ৰকৃতিবাদী দাৰ্শনিকসকলৰ মতে, বস্তু বা প্ৰকৃতিয়ে জগতখনৰ মূল্যবোধ নিৰূপণ কৰে। এওঁলোকে মূল্যবোধৰ সন্দৰ্ভত বস্তুবাদী জগতখনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে।

প্ৰয়োগবাদী দাৰ্শনিকসকলৰ মতে, সমাজে মূল্যবোধৰ সৃষ্টি কৰে আৰু সমাজেই মূল্যবোধৰ পৰিৱৰ্তন কৰে। তেওঁলোকে কোনো চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। প্ৰকৃততে মূল্যবোধ সম্পূৰ্ণৰূপে আমি বাস কৰা সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়।

2. ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে ? প্ৰতিটো শ্ৰেণীৰ বিষয়ে বুজাই লিখা।
উত্তৰঃ ভাৰতীয় সংস্কৃতিত মূল্যবোধৰ চিন্তা প্ৰাচীন। ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে। সেয়া হৈছে—
১। ধৰ্ম
২। অৰ্থ
৩। কাম
৪। মোক্ষ

READ MORE  বিশ্ব খনিকৰ | Class 12 Assamese (MIL) - AHSEC

১। ধৰ্মঃ ধৰ্ম হৈছে নৈতিক মূল্যবোধ। ই মানুহক কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়ে। এই মূল্যবোধক আন দুই মূল্যবোধ ‘অৰ্থ’ আৰু ‘কাম’তকৈ শ্ৰেষ্ঠ হিচাপে পৰিগণিত হৈছে। ধৰ্ম আৰু নৈতিকতাই প্ৰকৃততে ‘অৰ্থ’ আৰু ‘কাম’ক পৰিচালিত কৰিব লাগে। ধৰ্মই ভাল বা বেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে।

২। অৰ্থঃ ভাৰতীয় দৰ্শনে আৰু সংস্কৃতিত অৰ্থক পুৰুষাৰ্থ হিচাপে দ্বিতীয় স্থান দিয়া হৈছে। মানুহৰ প্ৰাথমিক প্ৰয়োজনসমূহ বিশেষকৈ অন্ন, বস্ত্ৰ আৰু আশ্ৰয়, অৰ্থৰ দ্বাৰাহে পূৰণ কৰা সম্ভৱ। অৰ্থক পুৰুষাৰ্থৰ সাধন হিচাপেহে ব্যৱহাৰ কৰিব লাগে। লগতে, অৰ্থক ধৰ্ম আৰু কৰ্ম অথবা কামৰ সাধন হিচাপেহে গুৰুত্ব দিয়া হয়।

৩। কামঃ ভাৰতীয় দৰ্শন আৰু নীতিশাস্ত্ৰত কামক পুৰুষাৰ্থ হিচাপে স্বীকৃতি দিয়া হৈছে। কাম হৈছে এটা জৈৱিক প্ৰবৃত্তি যাৰ সহায়ত জীৱৰ অস্তিত্ব অব্যাহত থাকে। কাম শব্দৰ পৰিভাষিক অৰ্থ হৈছে ইচ্ছা যি সকলো ক্ৰিয়াৰ প্ৰেৰক শক্তি। কাম সাধাৰণতে তিনি প্ৰকাৰৰ, সাত্ত্বিক (ধৰ্মানুগত কাম), ৰাজসিক (ভোগ,বিলাস,বিষয়,বাসনা,ইন্দ্ৰিয় সম্ভোগ আদি) আৰু তামসিক (নিদ্ৰা, আলস্য আদি) কাম।

৪।  মোক্ষঃ মোক্ষ বা মুক্তি হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়। মোক্ষ বা মুক্তি মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। জন্ম-মৃত্যু সংসাৰ চক্ৰৰ পৰা হাত সাৰিব পৰাটোকেই মোক্ষ বা নিৰ্বাণ। মোক্ষৰ প্ৰকৃত অৰ্থ হৈছে আত্মাৰ স্বৰূপ উপলব্ধি কৰা, যাক জীৱন মুক্তি বোলা হয়।
এই চাৰিটা মূল্যবোধৰ উপৰি ভাৰতীয় দৰ্শন তিনিটা প্ৰধান মূল্যবোধ ‘সত্যম (সত্য), শিৱম(শিৱ বা ভগৱান’ আৰু সুন্দৰম (সুন্দৰ)ৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াক মূল্যবোধৰ ‘ত্ৰিনীতি’ বুলি কোৱা হয়।

3. মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ অধ্যয়নৰ বাবে কেইটি আচৰণ চিনাক্ত কৰিছে ? প্ৰতিটো আচৰণৰ বিষয়ে চমুকৈ উল্লেখ কৰা।
উত্তৰঃ মনোবিজ্ঞানী সকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা আচৰণৰ কথা চিনাক্ত কৰিছে। সেয়া হৈছে—
(ক) যুক্তিনিষ্ঠতাঃ- শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ-বিশ্লেষণ কৰা।
(খ) পৰোপকাৰিতাঃ- অন্য মানুহৰ সুখ-দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা।
(গ) দায়িত্ববোধঃ- সমাজত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভূল-ক্ৰুটিসমূহ স্বীকাৰ কৰি লোৱা।
(ঘ) নৈতিক স্বতন্ত্ৰতাঃ- নিজস্বভাবে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা।

4. আধ্যাত্মিক মূল্যবোধ সম্পৰ্কে বুজাই লিখা।
অথবাঃ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি? বুজাই লিখা।
উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে, মানুহৰ আধ্যাত্মকতা থকাৰ বাবে মানুহ অন্য জীৱ-জন্ততকৈ শ্ৰেষ্ঠ। ভাৰতীয় সমাজ-সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ। আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে। ভাৰতৰ বেদ-উপনিষদৰ যুগৰ পৰাই বিভিন্নজন মনীষীয়ে আধ্যাত্মিক মূল্যবোধৰ উত্তৰণত অৱদান আগবঢ়াই আহিছে।

আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁলোকৰ মতে, আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদিয়ে। ইয়াৰ পৰিৱৰ্তে, আধ্যাত্মিক মূল্যবোধে মন বা আত্মাৰ বিকাশৰ ওপৰত মনোনিবেশ কৰে। তেওঁলোকৰ মত অনুসৰি, মন নাইবা আত্মাৰ বিকাশেহে মানুহক উচ্চস্তৰলৈ লৈ যাব পাৰে। লগতে, এই আধ্যাত্মিক মূল্যবোধে মানুহক প্ৰকৃত সুখৰ সন্ধান দিব পাৰে।

5. চিৰন্তন মূল্যবোধ সম্পৰ্কে বুজাই লিখা।
উত্তৰঃ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে, ‘সত্যম-শিৱম-সুন্দৰম’, এই তিনিটা আদৰ্শ হৈছে চিৰন্তন মূল্যবোধ যাৰ কোনো পৰিবৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হʼল কেৱল এই চিৰন্তন মূল্যবোধকেইটাৰ আবিষ্কাৰ কৰি লোৱা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধৰ সমাজত কোনো পৰিবৰ্তন নাই। মানৱ জীৱনৰ এই তিনি মূল মূল্যবোধেই হৈছে- সত্য, শিৱ আৰু সুন্দৰ (সত্যম শিৱম সুন্দৰম)। এই সুন্দৰৰ মূল্যবোধক নন্দনতাত্ত্বিক মূল্যবোধো বোলা হয়। নন্দনতাত্ত্বিক এই সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুৰে এই নন্দনতাত্ত্বিক মূল্যায়ন হ’ব পাৰে। মানুহৰ সকলো কাৰ্য একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত এনে মূল্যায়ন কৰা হয়।

6. নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা।
উত্তৰঃ নৈতিক মূল্যবোধৰ লগত সামাজিক নীতি নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে। মানুহে জন্ম লাভ কৰিয়ে সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে। ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি–নিয়মসমূহ আয়ত্ত কৰে। কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। জন্মগত প্ৰবৃত্তিসমূহৰ সংশোধনৰো প্ৰয়োজন হয়। ইয়াৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ।

নৈতিকতাই সমাজৰ ৰীতি–নীতি মানি চলাটো বুজায়। সমাজৰ গ্ৰহণযোগ্য নীতি–নিয়ম , আচাৰ–ব্যৱহাৰৰ বিপৰীতে চলাকেই অনৈতিক আচৰণ বুলি কোৱা হয়। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। গতিকে , শিশুৰ নৈতিক বিকাশৰ অৰ্থ হৈছে সমাজৰ প্ৰচলিত আচৰণবোৰ আয়ত্ত কৰিবলৈ শিকোৱা। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা বিশেষ আচৰণ ব্যক্ত কৰিছে, সেয়া হৈছে— (ক) যুক্তিযুক্ততা (খ) পৰোপকাৰিতা (গ) দায়িত্ববোধ (ঘ) নৈতিক স্বতন্ত্ৰতা। ইয়াৰ মাধ্যমেৰে শিশুসকলক নৈতিক আদৰ্শৰে পৰিপূৰ্ণ কৰি সমাজৰ গুৰি ধৰোতা হিচাপে প্ৰতিষ্ঠিত কৰাৰ কথা ব্যক্ত কৰিছে।

Leave a Comment

error: Content is protected !!
Scroll to Top