জতুৱা ঠাঁচ আৰু খণ্ডবাক্য

1. জতুৱা ঠাঁচ কাক বোলে ? ‘জতুৱা’ শব্দটো ক’ৰ পৰা ব্যুৎপত্তি হৈছে ? জতুৱা ঠাঁচৰ দুই প্ৰকাৰৰ প্ৰয়োগ কি কি আলোচনা কৰা । ১+১+৩=৫
উত্তৰঃ জতুৱা ঠাঁচঃ দুটা বা ততোধিক শব্দ লগ লাগি গঠন হোৱা ভাষাৰ যি গোটে কেৱল আভিধানিক অৰ্থ প্ৰকাশতেই সীমাবদ্ধ নাথাকি সম্প্ৰসাৰিত অৰ্থ প্ৰকাশ কৰে, বৰং কেতিয়াবা আভিধানিক অৰ্থৰ পৰিৱৰ্তে সম্প্ৰসাৰিত অৰ্থহে মুখ্য হৈ পৰে, ভাষাৰ তেনে গোটকে জতুৱা ঠাঁচ বোলে ।
জতুৱা ঠাঁচ ভাষা এটাৰ স্বকীয় প্ৰকাশভংগী আৰু অলংকাৰ স্বৰূপ । ‘জতুৱা’ শব্দটো ‘জাত’(জাতি) শব্দৰপৰা ব্যুৎপত্তি হৈছে । জতুৱা ঠাঁচৰ দুই ধৰণৰ প্ৰয়োগ লক্ষ্য কৰা যায়—
(ক) সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ,
(খ) সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচ

(ক) সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচঃ নাম শব্দৰ লগত ক্ৰিয়া বা আন শব্দ যোগ হৈ সাধাৰণ অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ সৃষ্টি হয় ।
যেনে— আউল লাগ, ইতিকিং কৰ, কঠীয়া পাৰ, দুৱূৰ মাৰ, ঘৰ সাজ, ফাঁকি দে আদি ।

(খ) সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচঃ বিশেষ্য, বিশেষণ, ক্ৰিয়া আদি শব্দবোৰ ভিন্ ভিন্কৈ বা একেলগে প্ৰয়োগ হৈ সম্প্ৰসাৰিত অৰ্থ প্ৰকাশক জতুৱা ঠাঁচবোৰ গঠন হয় । এনে জতুৱা ঠাঁচ গঠিত হোৱা শব্দবোৰৰ সাধাৰণ অৰ্থ বা আভিধানিক অৰ্থ তল পৰি সম্প্ৰসাৰিত অৰ্থটো প্ৰকাশি উঠে ।
যেনে—
জতুৱা ঠাঁচ – অৰ্থ
কপাল ফুলা – সৌভাগ্য উপস্থিত হোৱা
কঁকালত টঙালি বন্ধা – কোনো কামলৈ সাজু হোৱা
চকু কপালত উঠা – আচৰিত হোৱা
হিয়াৰ আমঠু – অতি মৰমৰ
হাত দীঘল – ক্ষমতাশালী, প্ৰভাৱশালী।

জতুৱা ঠাঁচ আৰু খণ্ডবাক্য । Phrase and Idioms in Assamese: কোনো শব্দই যেতিয়া কোনো ধাতুৰ লগত লগ লাগি ইয়াৰ আক্ষৰিক অৰ্থতকৈ বেলেগ অৰ্থ প্ৰকাশ কৰে, তেতিয়া তাক জতুৱা ঠাঁচ (Idiom) বুলি কোৱা হয়। আকৌ যেতিয়া এটাতকৈ অধিক শব্দ লগলাগি কোনো নতুন অৰ্থ প্ৰকাশ কৰে তাকে খণ্ডবাক্য (Phrase) বোলে। জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ মাজত সামান্য পাৰ্থক্য আছে। জতুৱা ঠাঁচত কোনো শব্দ ধাতুৰ লগত লগ লাগি নতুন অৰ্থ প্ৰকাশ কৰে। আনহাতে খণ্ডবাক্যত এটা শব্দই ধাতুৰ বাহিৰে অন্য শব্দ (বিশেষ্য বা বিশেষণ) ৰ লগ লাগি নতুন অৰ্থ প্ৰকাশ কৰে। 

তলত কিছুমান জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ অৰ্থ আৰু বাক্যত সিহঁতৰ প্ৰয়োগ দেখুৱা হ’ল–
১। কপাল ফুলা (সৌভাগ্য উপস্থিত হোৱা): নতুনকৈ চাকৰিটো পাই, তেখেতৰ কপাল ফুলিল ।

২। সোণৰ সোলেং (অতি মৰমৰ): সোণৰ সোলেংহেন নাতিয়েকটো যাবলৈ ওলালত আইতাকে পাৰে মানে কান্দিলে ।

৩। কানে কান মাৰি(কোনোমতে): তিনিবাৰৰ মূৰত সি এইবাৰ কানে কান মাৰিহে পৰীক্ষাত পাছ কৰিলে ।

৪। কঁকালত টঙালি বন্ধা (কোনো কামলৈ সাজু হোৱা): গৰুহাল কিনি ৰমেনে এইবাৰ খেতি কৰিবলৈ কঁকালত টঙালি বান্দিলে ।

৫। গা এৰা দিয়া (মনোযোগ নিদিয়া বা দায়িত্ব এৰা): তাক ডাঙৰ দায়িত্ব নিদিবা, সি প্ৰয়োজনীয় সময়ত গা এৰা দিয়ে ।

৬। গাৰ নোম ডাল ডাল হোৱা (অতিপাত ভয় খোৱা): অমাৱশ্যাৰ ৰাতি নিশাই হাবিখন পাৰ হওঁতে তেওঁৰ গাৰ নোম ডাল ডাল হৈছিল ।

৭। গা টঙা (সুস্থ হৈ উঠা): ৰহিমলাই মেলেৰিয়াৰ পৰা গা টঙাই উঠিছিলহে, এইবাৰ আাকৌ নাতিয়েকটো বেমাৰত পৰিল ।

৮। চকু কপালত উঠা (আচৰিত হোৱা): অকণমানি ছোৱালিজনীৰ ডাঙৰ ডাঙৰ কথাবোৰ শুনি সকলোৰে চকু কপালত উঠিল ।

৯। চকু চৰহা (আনৰ ভাল দেখিব নোৱাৰা): ছোৱালীজনীৰ চকু চহৰা স্বভাৱৰ বাবেই কোনেও তাইক ভাল নাপায় ।

১০। চকুৰ কুটা (অপ্ৰিয়, শত্ৰু): ৰহিম আৰু কৰিম দুয়োজন ভাল বন্ধু যেন লাগিলেও ভিতৰী ভিতৰী সিহঁত দুটা চকুৰ কুটা দাঁতৰ শালহে ।

১১। মুখ বজোৱা (কাজিয়া কৰা): ছোৱালীজনী কামত নাই, কিন্ত মুখখন ঠিকেই বজায় ।

১২। হাত লৰ (চোৰ স্বভাৱৰ): ৰঙালিবাইৰ হাত লৰ স্বভাৱটোৰ কথা সকলোৱে এতিয়া জ্ঞাত হৈছে ।

১৩। হাত দীঘল (ক্ষমতাশালী, প্ৰভাৱশালী): মহিৰাম হাত দীঘল মানুহ, তেওঁৰ বিৰুদ্ধে ৰাইজে কেতিয়াও মাত নামাতে ।

১৪। দাঁতে-ওঁঠে লগা (কাজিয়া-পেচাল কৰি থকা): সিহঁত হাল ইমান মিল যে কেতিয়াও দাঁতে ওঁঠে লগাও দেখা নাই ।

১৫। দাঁত নোহোৱা (সাহস নথকা) সি এনেয়ে কথাত দম্ভালি মাৰে, কাৰ্যত দাঁত নোহোৱা সাপৰ দৰেই মূৰ পোলোকা মাৰে ।

১৬। হিয়াৰ আমঠু (অতি মৰমৰ): হিয়াৰ আমঠুহেন নাতিয়েকটো গুচি যোৱাত বুঢীয়ে পাৰে মানে কান্দিলে ।

১৭। মূৰ পোলোকা দিয়া (দায়িত্বৰপৰা আঁতৰি থকা): মূৰ পোলোকা মাৰি কিমান দিন কামৰ পৰা আঁতৰি থাকিবা, এদিন নিজৰেই বিপদ হ’ব ।

১৮। এলা-পেচা (সাধাৰণ): দেখাতে মানুহজন এলা-পেচা যেন লাগিলেও বৰ গঞানী দেই ।

২১। উৰুলি পুঙা (থান থিত নোহোৱা): সি গোটেই জীৱনটো উৰুলি পুঙা হৈয়ে কটালে ।

১৯। পিঠি দিয়া (আওকান কৰা): ৰাইজে পাতি দিয়া মন্ত্ৰীজনে শেষত ৰাইজকেই পিঠি দিলে ।

২০। অজীন পাতকী (জীন যাব নোৱাৰা, মিলিব নোৱাৰা): অজীন পাতকী বদনে মান আনি অসম ধ্বংস কৰিছিল ।

২১। ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা): তাৰ পৰীক্ষাৰ ফলাফলে ঘৰখনৰ মানুহবোৰক ঊনৈশত বা বলাদি বলালে ।

২২। কপাল ফুটা (দুভাগ্য উপস্থিত হোৱা): একমাত্ৰ উপৰ্জনক্ষম ডাঙৰ ল’ৰাটোৰ আকস্মিক মৃত্যু হোৱাত ঘৰখনৰে কপাল ফুটিল ।

READ MORE  সমাস |Shomash| অসমীয়া ব্যাকৰণ | Compound in Assamese Grammar

২৩। কাঁহ পৰী জীন যা (সম্পূৰ্ণ নিস্তদ্ধ হোৱা): শিক্ষকজনৰ অকস্মাত উপস্থিতিত শ্ৰেণীকোঠাটো কাঁহ পৰি জীণ গ’ল ।

২৪। খাই পাত ফলা (অকৃজ্ঞ, অশলাগী): সি যে কিমান খাই পাত ফলা ল’ৰা, বিপদৰ সময়তহে গম পালোঁ ।

২৫। গাই বাই চা (কোনো কাম কৰিবলৈ যত্ন কৰা, চেষ্টা কৰি চোৱা): নিৰাশ নহৈ আকৌ এবাৰ গাই বাই চাচোন, কিজানি এইবাৰ চাকৰিটো হয়েই ।

২৬। ঘৰ গোনা (অনবৰতে সোমাই থকা): তই ঘৰতে এনেকৈ ঘৰ গোনা হৈ কিমান দিন থাকিবি? বাহিৰলৈ ওলাই গৈ কিবা এটা নকৰ কিয় ?

২৭। চকু মুদ (মৃতু্ হোৱা): দুৰ্ঘটনাৰ পিছত চিকিৎসালয় গৈ নৌপাওঁতেই অমলে বাটতে চকু মুদিলে ।

২৮। তেজক পানী কৰ (অতি পৰীশ্ৰম কৰা): ৰমেনে তেজক পানী কৰি খেতিডৰা কৰিছিলহে, বানপানীয়ে মাৰী থৈ গ’ল ।

২৯। পেট ভাটৌ (পেটত কথা ৰাখি থোৱা লোক): এই পেট ভাটৌটোৰ পৰা কখা উলিয়াব পাৰিম বুলি ভাবিছা নেকি ?

৩০।  পানী কৰ (নষ্ট কৰা, সহজ কৰি বুজাই দিয়া):

(ক) শিক্ষকজনে টান বুলি ভবা অংককেইটা পানী কৰি বুজাই দিলে ।

(খ) অতিমাত্ৰা বৰষুণে লহপহকৈ বাঢি অহা খেতিডৰা পানী কৰি পেলালে ।

৩১। পানীৰ মিঠে (কাল্পনিক, মনেৰে সজা বা ভবা কথা):

(ক) তাইৰ কথাবোৰ যে পানীৰ মিথৈ, এই কথা মই পিছতহে গম পালোঁ ।

(খ) তাইৰ পানীৰ মিথৈহেন কথাবোৰ বিশ্বাস নকৰিবি ।

৩২। বুকুৰ তেজ (অতিকৈ আপোন): বুকুৰ তেজহেন নাতিয়েকটো যাবলৈ ওলালত বুঢীয়ে পাৰে মানে কান্দিলে ।

৩৩। মুখৰ ছাই গুচা (মৃতকৰ শ্ৰদ্ধাদি কৰি শুদ্ধি হোৱা): ল’ৰাজনে বাপেকৰ মুখৰ ছাই গুচাই উঠিছিলহে, অকস্মাতে মাকো ঢুকালে ।

৩৪। মূৰ দোৱা (সেৱা কৰা): বিপদৰ সময়ত সহায় কৰাৰ বাবে আপোনাৰ ওচৰত কৃতজ্ঞতাৰে মূৰ দোৱাইছোঁ ।

৩৫। মূৰে ভৰি কাঢ় (বিপৰীতে কাৰ্য কৰা): ৰাঘৱৰ মূৰে ভৰি কঢ়া স্বভাবে তাৰ জীৱনলৈ বিপৰ্যয় আনিলে ।

৩৬। হাত লৰ (চোৰ স্বভাৱৰ): ছোৱালীজনীৰ হাত লৰ স্বভাৱৰ বাবে কোনেও তাইক কামত নাৰাখে ।

৩৭। হাড় পেলা (মৃত্যু হোৱা): বুঢ়াজনৰ কথা সুধিছা ? তেওঁৰ হাড় পোলোৱা আজি এবছৰেই হ’ল ।

৩৮। সান্দহ খোৱা বালি তল যোৱা (পূবৰ সুবিধা নাইকিয়া হোৱা): নিৰ্বাচনত মন্ত্ৰীজন পৰাজিত হোৱাত তেওঁৰ লগত থকা মানুহবোৰৰ সান্দহ খোৱা বালি তল গ’ল ।

৩৯। বিনা মেঘে বজ্ৰপাত (আকস্মিকভাৱে হোৱা বিপদ): দেউতাকৰ আকস্মিক মৃত্যুৰ বাতৰিটো পাই জোনাকীৰ বিনা মেঘে বজ্ৰপাত পৰাৰ দৰে অৱস্থা হ’ল ।

৪০ পেটে ভাতে খা (কোনো মতে জীৱন নিৰ্বাহ কৰা): একমাত্ৰ উপাৰ্জনক্ষম ডাঙৰ ল’ৰাটো ঢুকোৱাৰ পিছৰে পৰা ৰমলাহঁতৰ পৰিয়ালটোৱে পেটে ভাতে খাই দিন অতিবাহিত কৰিছে ।

৪১। চকুৰে সৰিয়হ ফুল দেখা (অতি মাৰ খোৱা, অতি বিপদত পৰা, কি কৰিম কি নকৰিম লগা): ৰাইজৰ মাৰত চোৰটোৱে চকুৰে সৰিয়হ ফুল দেখিলে ।

৪২। পাবত গজা (মূল নোহোৱা): বৰ্তমান পাবত গজা নেতাৰে দেশখন ভৰি পৰিছে ।

৪৩। গহৰা গজা (ওপৰতে হোৱা): বৰ্তমান সমাজত গৰহা গজা নেতাৰ অভাৱ নাই ।

৪৪। হিয়াৰ আমঠু (অতি মৰমৰ): হিয়াৰ আমঠুহেন নাতিয়েকটো যাবলৈ ওলালত আইতাকে পাৰে মানে কান্দিলে ।

৪৫। ৰৌটোকে ঢৌটো কৰা (সামান্য কথাকে ডাঙৰ কৰা): ৰমলাই সৰু কথাটোকে ৰৌটোকে ঢৌটো কৰি কাজিয়াৰ সূত্ৰপাত ঘটালে ।

৪৬। কাণ কটা (নিলাজ): তোৰ দৰে কাণ কটা ল’ৰা মই দেখা নাই দেই, মাৰ খাইয়ো স্বভাৱ সলনি নহ’ল ।

৪৭। কঁকাল দঙা (সাজু হোৱা): ঘৰখনে কঁকাল দাঙি উঠিবই নাপায়, আন এটা বিপদে আকৌ লগ দিয়েহি ।

৪৮। গা ঘেলাই ফুৰা (কাম-বন নকৰি ঘূৰি ফুৰা): জীৱনৰ ত্ৰিশটা বছৰ গা ঘেলাই ফুৰোঁতেই গ’ল, অতি সোনকালে কিবা এটা নকৰিলে খাবি কি ?

৪৯। সাত ঘাটৰ চেঙেলি (বৰ টেঙৰ লোক): ন-বোৱাৰীজনী দেখাতহে সাদৰী, ভিতৰি সাত ঘাটৰ চেঙেলি ।

৫০। পেট কুলি (ভিতৰি টেঙৰ): বাহিৰে সৰল যেন লাগিলেও সৰলাজনী যে পেট কুলি ছোৱালী এই কথা মই পিছতহে গম পালোঁ ।

৫১. পানীৰ তলৰ কাইঁট (অজান শত্ৰু, গোপন শত্ৰু): দেখা শত্ৰুৰ পৰা ৰক্ষা পাব পাৰি, কিন্ত পানীৰ তলৰ কাঁইটৰ পৰা ৰক্ষা পোৱা টান ।

৫২. বাটে পোৱালি মেলা (উপাৰ্জনৰ পথ মুকলি হোৱা): ইমানখিনি পঢ়ি-শুনি অৱশেষত ৰমেনৰ চাকৰিটো হোৱাত তাৰ বাটে পোৱালি মেলিলে যেন পাইছোঁ ।

৫৩. অচিন কাঠৰ থোৰা (অচিনাকি মানুহ): অচিন কাঠৰ থোৰাৰ লগত সম্বন্ধ কৰাৰ ফল ৰমাকান্তই হাতে হাতে পালে ।

৫৪. আচঁলৰ ধন (অতি মৰমৰ): আচঁলৰ ধন বুলি মৰমৰ নাতিয়েকক লাই দি দি ককাকেই তাৰ স্বভাৱটো নষ্ট কৰিলে ।

৫৫। কাণ সৰালি মৰা (নুশুনাৰ ভাও ধৰা): তাই কথাবোৰ নাজানে বুলি ভাবিছা ? সকলো কথা তাই কাণ সৰালি মাৰি শুনিহে আছিল ।

৫৬। কুন্দত কটা (অতি ধুনীয়া): ছোৱালীজনী দেখাত বগা নহ’লেও গঢ়টো কুন্দত কটা ।

৫৭। জয়দেউ কাকূতি (অতি অনুনয়-বিনয় কৰা): জয়দেউ কাকূতি কৰিও মহীৰামে টকাকেইটা মহাজনৰ পৰা উলিয়াব নোৱাৰিলে ।

৫৮। ঢোলৰ লগত টেমেকা (ডাঙৰ মানুহৰ লগত ফুৰা সামান্য লোক):
(ক) ঢোলৰ লগত টেমেকা হৈ আৰু কিমান দিন থাকিবি? নিজাকৈ কিবা এটা নকৰ কিয়?

READ MORE  প্ৰত্যয় | অসমীয়া ব্যাকৰণ | Affix in Assamese Grammar

(খ) মন্ত্ৰীৰ পিছে পিছে ঢোলৰ লগত টেমেকা হৈ ঘূৰি ফুৰি সি অৱশেষত ফুটুকাৰ ফেন সোপাহে পালে ।

৫৯। ঢৌতে খৰ মাৰি (আহুকালৰ মাজতে আজৰি উলিয়াই কাম কৰা): কিমাননো আৰু ঘৰৰ কাম কৰা? ঢৌতে খৰটো মাৰি আমাৰ ফালে এপাক আহিবাচোন ।

৬০। হাড় পেলা (মৃত্যু হোৱা): (ক) বহুদিন অসুখত ভুগি থকা মহীৰামে অৱশেষত নিজৰ ভেটিতে হাড় পেলালে ।

৬১। পোহাৰি চুপতি (সামান্য কথা লৈ উত্তৰা-উত্তৰি কৰা): ৰহিমাৰ পোহাৰি চুপতি মৰা স্বভাৱটোৰ বাবেই সকলোৱে তাইক বেয়া পায় ।

৬২। বিৰ দি বাট নোপোৱা (বহু মানুহৰ সমাগম হোৱা): শোভাযাত্ৰাত বিৰ দি বাট নোপোৱা অৱস্থাই মানুহবোৰক অসুবিধাত পেলালে ।

৬৩। পেট মচা (নুমলীয়া) : পেট মচা বুলি সকলোৱে মৰম কৰোঁতে কৰোঁতে ৰিতু দিনক দিনে কথা নুশুনা হৈ আহিছে ।

৬৪। হাড়ত বন গজা (বহুত দিনৰ আগতে মৃত্যু হোৱা): ৰমাকান্তৰ কথা সুধিছা? তেওঁৰ হাড়তো বন গজিল ।

৬৫। ভেকুলীৰ পিঠিত নোম গজা (অদ্ভুত কথা) : তাৰ সদায় ভেকুলীৰ পিঠিত নোম গজাহেন কথাবোৰ শুনি শুনি আমনি লাগিছে ।

৬৬। শঠা মিতিৰ (কপটীয়া বন্ধু): ৰমেনক বিশ্বাসত নল’বা, সি এটা শঠা মিতিৰ ।

৬৭। ধোঁৱা খুলীয়া (খৰচী): তাৰ ধোঁৱাখুলীয়া স্বভাৱে অতি সোনকালে তাৰ জীৱনলৈ বিপৰ্যয় নমাই আনিব ।

৬৮। কাঠ সংস্কাৰ কৰা (মৰা শ খৰি দিয়া): বুঢ়া মানুহজনক কাঠ সংস্কাৰ কৰা শেষ নৌহওঁতেই বৰষুণজাক আহিল ।

৬৯। আকাশত চাং পতা (অলীক কল্পনা): দুহেজাৰটকীয়া চাকৰিৰে দুমহলীয়া ঘৰ সাজিব বুলি ভবাটো তাৰ কাৰণে আকাশত চাং পতা কথাহে ।

৭০। আঁঠুৱা তলৰ মহ (অধীন লোক): কাম নকৰোঁ বুলি বৰকৈ ফট্ফটালে কি হ’ব, সি মহাজনৰ আঁঠুৱা তলৰ মহহে ।

৭১। উলুৰ লগত বগৰী পোৰা (অসৎ ব্যক্তিৰ লগতে সৎজনৰো অনিষ্ট হোৱা): ঐ ৰহিমৰ সংগ নল’বি, দিন বেয়া থাকিলে ভাল কাম কৰিও উলুৰ লগত বগৰী পোৰা যাবি ।

৭২। গাখীৰতে ম’হৰ খুটি (মহাসুখ): পৰীক্ষাত পাছ কৰিয়েই ঘৰৰ ওচৰতে চাকৰিটো পাই মহেনৰ গাখীৰতে ম’হৰ খুটি যেন হ’ল ।

৭৩। ডলাৰ বগৰী (একে ঠাইতে নথকা): সি ডলাৰ বগৰী হৈয়েই গোটেই জীৱনটো কটালে ।

৭৪। ম’হতকৈ শিং চৰা (চম্ভালিব বা সামৰিব নোৱাৰা):
(ক) সি যিমান কৰে কথাবোৰ তাতকৈ এখোপ চৰা, যেন ম’হতকৈ শিং চৰাহে ।

(খ) ভায়েকে কামবোৰ নিয়াৰিকৈয়ে কৰিছিল, ককায়েকে আহি ম’হতকৈ শিং চৰা কৰি পেলালে ।

৭৫। ৰৈ বৈ যোৱা (অশেষ খাতি অৰ্জন কৰা): অজয়ৰ সুখ্যাতিত তাৰ নাম গোটেই অসমতে ৰৈ বৈ গ’ল ।

৭৬। হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে): অজয়ৰ সুখ্যাতিত তাৰ নাম গোটেই অসমতে ৰৈ বৈ গ’ল ।

৭৭। দিকচৌ বন (নজনা-নুশুনা ঠাই): সন্যাসীজন কেতিয়া গৈ কোন দিকচৌ বন পালেগৈ কোনেও গমকে নাপালে ।

৭৮। তিলটোকে তাল কৰা (সামান্য কথাকে ডাঙৰ কৰা): ৰঙিলী বায়ে সৰু কথাটোকে তিলকে তালটো কৰি কাজিয়াৰ সৃষ্টি কৰিলে ।

৭৯। হাত টান (কৃপণ): মানুহজনৰ ইমানেই হাত টান যে পূজালৈ বুলি বিশ টকা চান্দাও দিব নোৱাৰিলে ।

৮০। অহুকাণে-পহুকাণে (ঘুনুক-ঘানাককৈ শুনা): অহুকাণে-পহুকাণে শুনা কথাক বিশ্বাস কৰিব নালেগে ।

৮১। থৰকাছুটি এৰ (ধৈৰ্যচ্যুতি এৰা): ল’ৰাজনৰ অতপালিত ঘৰৰ মানুহবোৰৰ থৰকাছুটি এৰিলে ।

৮২। কণাৰ লাখুটি (একমাত্ৰ সহায়): সকলোকে হেৰুৱাই বুঢ়ীয়ে কণাৰ লাখুটি হেন নাতিটোকে লৈয়েই জীয়াই আছে ।

৮৩। আলাসৰ লাডু (অতি মৰমৰ): চাৰিজনী ছোৱালীৰ পিছত ল’ৰাটি হোৱাত সকলোৱে তাক আলাসৰ লাডু যেন জ্ঞান কৰে ।

৮৪। উলহৰ মাদলি (আনন্দত আত্মহাৰা হোৱা): বহুত বছৰৰ পিছত পুৰণি বন্ধুক লগ পাই দুয়োজনেই উলহৰ মাদলি হৈ পৰিল ।

৮৫। একাদশত বৃহস্পতি (সৌভাগ্য উপস্থিত হোৱা): এফালে চৰকাৰী চাকৰি আনফালে ব্যৱসায়ত উন্নতি হৈ ৰমেনৰ একাদশত বৃহস্পতি যুগ চলিছে যেন পাওঁ ।

৮৬। বাগি কুঠাৰ মৰা (ছলনা কৰা): হলা গছ দেখিলে সকলোৱে বাগি কুঠাৰ মাৰে ।

৮৭। ছিলিম ছিগ (উপায় নাইকিয়া হোৱা): একমাত্ৰ উপাৰ্জনক্ষম পুত্ৰৰ মৃত্যুত ঘৰখনৰ জীয়াই থকাৰে ছিলিম ছিগিল ।

৮৮। আভুৱা ভাৰ (ঠগা): তাৰ আভুৱা ভৰা কথাৰ আৰু মই পতীয়ন নাযাওঁ ।

৮৯। হাড়ক মাটি কৰা (কঠোৰ পৰিশ্ৰম কৰা): দেউতাৰে হাড়ক মাটি কৰি গঢ়ি যোৱা সম্পত্তিখিনি তই আলাসতে পাই ধবংস নকৰিবি ।

৯০। আলাসৰ লাড় (অতি মৰমৰ): প্ৰতিগৰাকী মাতৃৰ বাবে নিজৰ কেঁচুৱাটি আলাসৰ লাড়।

৯১। ডলাৰ বগৰী (থিতাপি নােহােৱা): ডলাৰ বগৰীৰ দৰে থাকিলে জীৱনত উন্নতি লাভ কৰিব নােৱাৰি।

৯২। ধােদৰ পচলা (এলেহুৱা): আজিৰ তীব্ৰ প্ৰতিযােগিতাৰ যুগত ধােদৰ পচলা হৈ থাকিলে জীৱনত সফলতা আশা কৰিব নােৱাৰি।

৯৩। কাণে কাণ মাৰি (কোনােমতে): কাণে কাণ মাৰি পৰীক্ষাত উত্তীৰ্ণ হােৱাটোৱেই ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্য হ’ব নালাগে।

৯৪। কাণ সমনীয়া (সমান): ৰাম ৰহিমৰ কাণ-সমনীয়া বন্ধু।

৯৫। কাণ কৰ (মনােযােগ দিয়া): ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক-শিক্ষয়িত্ৰীৰ কথালৈ কাণ কৰিব লাগে।

৯৬। পেট-পা (মনৰ কথাৰ বুজ পােৱা): আজিৰ যুগত এজন লােকে আন এজন লােকৰ পেট পােৱা জটিল।

৯৭। পেট-ফুলা (পেটৰ অসুখ): ভােজৰ খাদ্য খাই হৰিৰ পেট ফুলি ঢােলৰ নিচিনা হৈছে।

READ MORE  ভাব সম্প্ৰসাৰণ | Bhab Samprasaran in Assamese

৯৮। পেট মচা নুমলীয়া সন্তান): সহদেৱ কুন্তীদেৱীৰ পেট মচা সন্তান আছিল যদিও কুন্তীয়ে পঞ্চপাণ্ডৱক সমান দৃষ্টিৰে চাইছিল।

৯৯। পেট ভাটেী (গােপন কথা প্ৰকাশ কৰা লােক): পেট ভাটেী লােকক সকলাে কথা কলে বিপদত পৰাৰ সম্ভাৱনাই অধিক।

১০০। ন-দিক (ডাঠি কোৱা): ক্ৰিকেট খেলত শচীন তেন্ডুলকাৰে শৰণ কৰিবই বুলি ন দিকব নােৱাৰি।

১০১। অথই-সাগৰ (মহা বিপদ): বানপানীয়ে অসমৰ খেতিপথাৰ বিধ্বস্ত কৰি অসমীয়া ৰাইজক অথই সাগৰত পেলালে।

১০২। বিনা মেঘে বজ্ৰপাত (আকস্মিক বিপদ): কৈকেয়ীৰ বৰ দুটাৰ কথা শুনি ৰজা দশৰথৰ ওপৰত বিনা মেঘে বজ্ৰপাতহে পৰিল।

১০৩। কপালৰ ঘাম মাটিত পেলা (কঠোৰ শ্ৰম): খেতিয়কে কপালৰ ঘাম মাটিত পেলাই শস্য উৎপাদন কৰে।

১০৪। কঁকালত টঙালি মাৰ (মনােবল বান্ধ): লাচিতৰ সৈন্যসকলে কঁকালত টঙালি মাৰি মােগল সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিছিল।

১০৫। কঁকাল পৰ (দুৰ্বল হ): দেউতাকৰ মৃত্যুৰ পাছত ৰামচন্দ্ৰৰ কঁকাল পৰিল।

১০৬। কঁকাল হাল (বুঢ়া হােৱা): কঁকাল হালিলে মানুহৰ কাৰ্যক্ষমতা নাইকিয়া হয় আৰু সকলােৰে অৱহেলাৰ পাত্ৰ হয়।

১০৭। মূৰ দোৱা (শ্ৰদ্ধা কৰা): আমি প্ৰত্যেকেই জ্ঞানীজনৰ ওচৰত, জ্যেষ্ঠজনৰ ওচৰত মূৰ দোঁৱাব লাগে।

১০৮। মুখ ফুলা (অভিমান কৰা): ল’ৰা-ছােৱালীয়ে সাধাৰণ কথাতে মাকবাপেকৰ আগত মুখ ফুলায়।

১০৯। মাটিৰ মানুহ (সহজ-সৰল লােক): মহাত্মা গান্ধী মাটিৰ মানুহ আছিল।

১১০। চকুত লগা (ধুনীয়া): আজিকালি প্ৰত্যেকেই চকুত লগাকৈ এটা ঘৰ সজাৰ কথা চিন্তা কৰে।

১১১। টুপাই বুৰ মাৰ (সমূলি মিছা কোৱা): অপৰাধী ব্যক্তিয়ে সদায়েই টুপাই বুৰ মাৰি ভাল পায়।

১১২। খাই পাত ফলা (অশলাগীলােক): খাই পাত ফলা লােকৰ আদৰ নাই।

১১৩। চকুৰ কুটা দাঁতৰ শাল (শত্ৰু): পঞ্চপাণ্ডৱ দুৰ্যোধনৰ চকুৰ কুটা দাঁতৰ শাল আছিল।

১১৪। তলানলা (আঁত-গুৰি নােহােৱা): ঘটনাৰ তলানলা নােপােৱাকৈ মাত মাতিব নাপায়।

১১৫। আঁঠু ল (সেৱা কৰ): আমি গুৰুজনাৰ ওচৰত আঁঠু ল’ব লাগে।

১১৬। চকু চৰহা (আনৰ ভাল দেখিব নােৱাৰা): চকু চৰহা ব্যক্তিৰ সমাজত আদৰ নাই।

১১৭। চকু উঠা (ঈৰ্ষান্বিত হােৱা): আজিকালি এজনে উন্নতি কৰা দেখিলে আন মানুহৰ প্ৰায়ে চকু উঠে।

১১৮। হাত লৰ (চোৰ স্বভাৱৰ): হাত লৰ মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে।

১১৯। মন পা (মনৰ কথা বুজা): মানুহৰ মন পাবলৈ কঠিন।

১২০। হাত দীঘল (ক্ষমতাশালী): হাত দীঘল মানুহক সকলােৱে সমীহ কৰে৷

১২১। চকু ফুৰাই চা (ওপৰে ওপৰে চা): কিতাপত চকু ফুৰাই চোৱাতকৈ বিষয়বস্তু আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগে।

১২২। মাটি কৰ (কষ্ট কৰ): খেতিয়কে কঠোৰ পৰিশ্ৰম কৰি খেতি কৰিছিল, কিন্তু বানে খেতি পথাৰ নষ্ট কৰি খেতিয়কৰ শ্ৰম মাটি কৰি দিলে।

১২৩। হাত পাত (সহায় বিচৰা): আনৰ ওচৰত হাত পতাতকৈ নিজে কষ্ট কৰি উপাৰ্জন কৰা বস্তুৰ আমেজ বেলেগ।

১২৪। কাণ কটা (নিলাজ): কাণ কটা মানুহৰ সংগৰ পৰা পৰা পক্ষত আঁতৰি থাকিব লাগে ।

১২৫। মন মাৰ (নিৰুৎসাহ): পৰীক্ষাৰ ফলাফলে সীতাৰ মন মাৰি পেলালে।

১২৬। চিলিম চিগা (আশা ভংগ হােৱা): দেউতাকৰ মৃত্যুৱে ৰহিমৰ চিলিম চিঙিলে।

১২৭। জাকত জিলিকা (অতি ধুনীয়া): তাজমহল এটি জাকত জিলিকা স্মৃতিস্তম্ভ।

১২৮। যক্ষৰ ধন (কৃপনৰ ধন): যক্ষৰ ধন থাকিলেও তাৰ পৰা ৰাইজৰ/সমাজৰ একো উপকাৰ নহয়।

১২৯। যাচি কিল খােৱা (নিজে নিজৰ বিপদ চপাই লােৱা): জনা বুজা মানুহে যাচি কিল খাব নিবিচাৰে।

১৩০। পাবত গজা (অস্বাভাৱিক): পাবত গজা নেতাসকলৰ পৰা সমাজৰ একো উন্নতি নহয়।

১৩১। চকু মেলি চা (সহানুভূতি দেখুওৱা): দুখীয়া, দুৰ্দশাগ্ৰস্ত লােকক চকু মেলি চাব লাগে।

১৩২। হাড়ক মাটিক (অতি কষ্ট কৰা): হাড়ক মাটি কৰি খেতিয়কে শস্য উৎপাদন কৰে।

১৩৩। মৰণত শৰণ দি (জীৱনক তুচ্ছ কৰি): সৈনিকসকলে মৰণত শৰণ দি হলেও নিজৰ কৰ্তব্য সম্পাদন কৰে।

১৩৪। পানীত হাঁহ নচৰা (অতি শােচনীয়া অৱস্থা): বান বিধ্বস্ত খেতিয়কৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হয়।

১৩৫। বিধি পথালি (অন্তৰায়। বাধা): কোনাে ব্যক্তিৰ কৰ্মপথত বিধি পথালি দিয়া উচিত নহয়।

১৩৬। জয়ঢােল কোবােৱা (নিজৰ গুণ নিজে বখনা): জ্ঞানী লােকে কেতিয়াও জয়ঢােল কোবা ইনুফুৰে।

১৩৭। অৰণ্য ৰােদন (অনুনয়-বিনয় অথলে যােৱা): গৰাখহনীয়াত সৰ্বহাৰা হােৱা ৰাইজে সাহাৰ্য্যৰ বাবে অশেষ কাকূতি-মিনতি কৰিলে, কিন্তু সকলােবােৰ অৰণ্য দেনতহে পৰিণত হ’ল।

১৩৮। সময়ৰ শৰ (সুযােগৰ সদ্ব্যৱহাৰ): সময়ৰ শৰ সময়ত মাৰিলেহে আশা কৰা ফল লাভ কৰিব পাৰি।

১৩৯। দুৱা (হৈ-চৈ, হাহাকাৰ): বােমাতংকত হুদুৱা লাগিল সভাত উপস্থিত লােকৰ মাজত।

১৪০। উপজি পুৱা (নিচেই পুৱা): ছাত্ৰ-ছাত্ৰীয়ে উপজি পুৱাতে উঠি অধ্যয়ন কৰিব লাগে।

১৪১। উঠিপৰি লাগ (যত্ন কৰা): আশানুৰূপ ফল পাবলৈ হলে আমি কামত উঠি পৰি লাগিব লাগিব।

১৪২। গা-ঘেলা (ধুন-পেচ মাৰি ফুৰা): গা-ঘেলাই ফুৰা লােকক কোনেও ভাল নাপায়।

১৪৩। কপাল ফুলা (সৌভাগ্য উপস্থিত হােৱা): লটাৰীত এক কোটি টকা পােৱাত ৰহিমৰ কপাল ফুলিল।

১৪৪। কপাল ফুটা দুৰ্ভাগ্যই দেখা দিয়া): হৰিৰ দেউতাক শয্যাশায়ী হােৱাৰ পৰা হৰিৰ কপাল ফুটিল।

১৮৫। চুকৰ ভেকুলী ( একো নজনা লােক): আজিৰ বিশ্বত চুকৰ ভেকুলী হৈ থাকিলে এ সকলােৱে ঠগাই খাব।

১৮৬। মুখলৈ চা (আশা কৰ): আনৰ মুখলৈ চাই থাকিলে এতিয়া কাৰাে পেট নভৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top