মিলন (Milon) | Assam Class 12 Assamese (MIL) (অসমীয়া) Solutions | MCQs, Very Short, Short and Long Type Questions and Answers | Assam HS 2nd Year Assamese (MIL) Questions and Answers | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণীৰ অসমীয়া সমাধান | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া প্ৰশ্ন-উত্তৰ | Assam Class 12 Important Questions and Answers | AHSEC HS 2nd Year Assamese (MIL) Textbook Solutions | Sahitya Sourav XII | সাহিত্য সৌৰভ


মিলন
কবি- নলিনীবালা দেৱী

মিলন কবিতাটিৰ মূলভাৱ লিখা।
মূলভাৱঃ মিলন কবিতাটিৰ মাধ্যমেৰে কবি নলিনীবালা দেৱীয়ে এক আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনুভূত কৰিছে। কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে আৰু তেওঁৰ হৃদয়ৰ মাজত উপলব্ধি আৰু অনুভৱ কৰিছে। কবিৰ মতে যদিও কোনোবাই কয় ভগবানক নেদেখি তথাপি ভগবান তেওঁৰ মনৰ নিজান কোণত সদায় স্থিত বা আছে। কবিৰ মতে প্ৰভু ভগবান তেওঁৰ সপোন আৰু পৰম আৰাধ্য আৰু তেওঁ কবিৰ মনত সদায় দৰ্শন দিয়ে। নিশা ভগবানে জোনাকীৰ উজ্জ্বল দীপালি হৈ আৰু আকাশৰ তৰা হৈ জিলিকি কবিৰ বাবে যেন মঙ্গল উৰুলি দিয়ে। গধূলিৰ এন্ধাৰ হোৱা সময় ক্ষণত তেওঁৰ নাম লৈ যেতিয়া কবিয়ে ধ্যান কৰে আৰু তেতিয়াই ভগবানে তেওঁক মানস পটত দেখা দিয়ে।

দোভাগ নিশা যেতিয়া কবিয়ে লাল কাল টোপণিত থাকে, সেই সময়ত ভগবানক অচেতন সপোন মনত দেখা পায়। যেতিয়া কবিয়ে ভাগৰুৱা নিৰল পাটিত শুই পৰে তেতিয়া ভগবানক মানস অৰ্থাৎ মন আৰু কল্পনাৰ মাধ্যমেৰে দেখা পায়। যেতিয়া ধলপুৱা বা দোকমোকালী হয়, নিয়ৰ পৰি থাকে, পখীবোৰ আৰু প্ৰকৃতি নীৰব অৱস্থাত থাকে সেই মুহূৰ্ততো কবিয়ে ভগবানক উপলব্ধি কৰিছে। পুৱাৰ শুভক্ষণত, যেতিয়া সূৰ্য উদয় হয়, তেতিয়া কবিয়ে সদায় বা নিতৌ শেৱালী বনত ভগবানক মানস পটত বা মনৰ মাধ্যমেৰে দেখা পায়।

এনেদৰে কবি নলিনীবালা দেৱীয়ে ভগবানক দিনটোৰ সকলো ক্ষণতে উপলব্ধি কৰিছে আৰু তেওঁৰ মনত ভগৱানক স্মৰণৰ লগতে ৰূমন্থণ কৰিছে।

Very Short Type Questions and Answers (1 Marks)

1. নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?
উত্তৰঃ নলিনীবালা দেৱীক আধ্যাত্মিক, ৰহস্যবাদী বা অতিন্দ্ৰিয়বাদী কবিৰূপে জনা যায়।

READ MORE  বাক্যৰ পৰিৱৰ্তন |অসমীয়া ব্যাকৰণ| Transformation of Sentences

2. নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি?
উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম হ’ল— এৰি অহা দিনবোৰ।

3. ‘জাগৃতি’ কাব্য গ্ৰন্থখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে?
উত্তৰঃ ‘জাগৃতি’ কাব্য গ্ৰন্থখনৰ মাজেৰে কবিৰ স্বদেশপ্ৰেমৰ মনোভাৱ মনোভাৱ প্ৰকাশ পাইছে।

4. ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি কাক বুজাইছে?
উত্তৰঃ ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি পৰমআৰাধ্য ভগৱানক বুজাইছে।

5. নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।
উত্তৰঃ 1968 চনৰ ‘অলকানন্দা’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একেডেমী বঁটা লাভ কৰিছিল।

6. নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা।
উত্তৰঃ নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম হ’ল— ‘স্মৃতিতীৰ্থ’ আৰু ‘বিশ্বদীপা’।

7. কবিৰ পৰম আৰাধ্যজনে আহি নিতৌ তেওঁক কেনেকৈ দৰ্শন দিয়ে ?
উত্তৰঃ কৰিব পৰম আৰাধ্যজনে সপোনে-দিঠকে, মানসৰ তীৰে তীৰে আহি নিতৌ তেওঁক দৰ্শন দিয়ে। পৃথিৱীৰ সকলো ঠাইতে আৰু প্ৰায় সকলোতে পৰমজনৰ অস্তিত্ব অনুভৱ কৰে।

8. কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?
উত্তৰঃ কবিয়ে ‘আছে মোৰ নিজান কোণত’ বুলি পৰম আৰাধ্য ভগৱানৰ কথা বুজাইছে। কবিয়ে উল্লেখ কৰিছে যে শাৰীৰিক স্ব-চক্ষুৰে দেখা নাপালেও মনৰ দৃষ্টিৰ সৈতে তেওঁ হৃদয়ৰ গভীৰ কোণত নিতৌ ভগৱানৰ সান্নিধ্য উপলব্ধি কৰে।

9. কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়ে?
উত্তৰঃ নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য সুৱৰাই কবি নলিনীবালা দেৱীৰ ভগৱান প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তুলে। ৰাতিপুৱা সূৰ্যৰ পোহৰত জিলিকি উঠা নিয়ৰ কণিকাৰ জিল্মিল শোভাই জেন পৰমজনাৰ মোহনীয় জ্যোতিৰূপে কবিক দেখা দিয়েহি।

10. ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?
উত্তৰঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে পৰমজনাক দেখা পায়। কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে।

Short Type Questions and Answers (3/4 Marks)

1. নলিনীবালা দেৱীৰ কবিতাসমুহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ কৰিছে তোমাৰ পাঠতিৰ আধাৰত আলোচনা কৰা।
উত্তৰঃ অসমীয়া ৰহস্যবাদী কাব্যক্ষেত্ৰখনৰ এটি উল্লেখযোগ্য আৰু সু-পৰিচিত নাম হ’ল— নলিবীবালা দেৱী। তেওঁৰ কবিতাসমূহৰ মাজেৰে প্ৰজ্ঞা আৰু প্ৰতিভাৰ অপূৰ্ব মিলন ঘটিছে। সেয়েহে তেওঁৰ কবিতাত আধ্যাত্মিক চেতনাৰ অপূৰ্ব প্ৰকাশ দেখিবলৈ পোৱা যায়। অতিন্দ্ৰীয়বাদী ভাৱ আৰু বেদান্ত দৰ্শনৰ প্ৰতি একান্ত অনুৰাগ তেওঁৰ কবিতাত প্ৰতি স্পষ্ট আৰু আকৰ্ষণীয় ৰূপত পৰস্ফুট হৈ উঠিছে।

READ MORE  বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ | Class 12 Assamese (MIL) - AHSEC

‘মিলন’ কবিতাত কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষইয়ৰ মাজতে উপলব্ধি কৰে। সপোনে-দিঠকে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাই কবিৰ ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। আকৌ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে পৰমজনৰ অস্তিত্ব ভিন্ন ভিন্ন ধৰণেৰে অনুভৱ কৰে। কবিৰ মতে পৰমজনৰ সান্নিধ্য অনুভৱৰ প্ৰতিটো মুহূৰ্ততে তেওঁৰ ভগৱানৰ সৈতে হোৱা অন্তহীন মিলন।

2. ‘মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা।
উত্তৰঃ ‘মিলন’ কবিতাটিত কবি নলিনীবালা দেৱীয়ে পৰম আৰাধ্য ভগৱানৰ লগত কবিৰ মিলন হোৱাৰ কথা বুজাইছে। কবিতাটিত কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি অনুভূত হৈছে। কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে উপলব্ধি কৰে। কবিৰ মনৰ গোপন দেশশৰ নিজান কোণত, সপোনে-দিঠকে, জোনাকীৰ স-কোমল পোহৰত, নিশাৰ আকাশৰ তৰাৰ মোহনীয় তিৰবিৰণীৰ মাজত, গধূলিৰ ক্ষীণ পোহৰত, ধায়নৰ সময়ত, হৃদয়ৰ গভীৰ আবেগশীলতাৰ মাজত, সাৰহীন নিশাৰ নিস্তব্ধতাৰ মাজত, উষাৰ ৰাঙলী পোহৰত আদি সকলোতে কবিয়ে পৰমজনাৰ অস্তিত্ব অনুভৱ কৰে। পৰমজনৰ লগত কবিৰ অন্তৰত জাগি উঠা এই ভিন্ন ৰূপৰ অনুভৱক কবিয়ে মিলন বুলি অভিহিত কৰিছে।

3. কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত, কেনেকৈ নিতৌ দেখা পায় বুলি কৈছে, চমুকৈ লিখা।
উত্তৰঃ কবি নলিনীবালা দেৱীয়ে ‘মিলন’ কবিতাটিত তেওঁৰ পৰম আৰাধ্যজনক পৃথিৱীৰ সকলো বস্তু আৰু অৱস্থাৰ মাজতে দেখা পায় বুলি কৈছে। সপোনে-দিঠকে তেওঁ পৰমজনৰ অস্তিতবক হৃদয়ৰ নিজান কোণত অনুভৱ কৰে। মনুৰ গোপন দেশৰ নিজান কোণত, সপোনৰ জগতত পৰম আৰধ্যজনে আহি কবিক দেখা দিয়েহি। নিশাৰ জোনাকী পোহৰত, সন্দিয়াৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্য-সুষমাৰৰ মাজত, গধূলিৰ ম্লান আন্ধাৰত, ধ্যানৰ মুহূৰ্তত, সূৰ্য উদয় হোৱা সময়ৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰাৰ সময়লৈকে প্ৰতিটো ক্ষণতে কবিয়ে ভিন ভিন ৰূপত পৰমজনাক দেখিবলৈ পায়।

READ MORE  বিশ্ব খনিকৰ | Class 12 Assamese (MIL) - AHSEC

4. কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে, ব্যাখ্যা কৰা।
উত্তৰঃ অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱীইয়ে ‘মিলন’ কবিতাত আধ্যাত্মিক চেতনাৰ ধ্বনি শুনিবলৈ পোৱা যায়। ব্যক্তিগত জীৱনৰ ঘাত-প্ৰতিঘাত আৰু দুখ-বেদনাই কবিক ভাৰাক্ৰান্ত কৰি পেলাইছিল। সেয়েহে কবিয়ে শোক-সন্তপ্ত হৃদয়ত শান্তি আৰু শক্তি লভিবলৈ ভগৱানৰ লগত মিলনৰ পথ বাচি লৈছিল। সেয়ে তেখেতৰ কবিতাৰ মাজত অতিন্দ্ৰিয়বাদী সুৰ শুনা যায়। কবিৰ ভগৱৎ প্ৰঈতিয়ে কবিক জীয়াই থকাৰ সমল আৰু প্ৰেৰণা যোগায়। কবিয়ে সেয়ে ‘মিলন’ কবিতাটিত ৰাতিপুৱা সূৰ্য উদয়্য হোৱাৰে পৰা সাৰহীন নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনাৰ অস্তিত্ব ভিন ভিন ধৰণে ভিন ভিন ৰূপত অনুভৱ কৰে বুলি প্ৰকাশ কৰিছে। এই ভিন্ন ৰূপৰ অনুভৱকে কবিয়ে পৰমজনৰ প্ৰতি ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি অভিহিত কৰিছে।

5. ‘মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।
উত্তৰঃ ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ কবিতাৰ মাজত ঘাইকৈ আধ্যাত্মবাদৰ সুৰ শুনিবলৈ পোৱা যায়। তেওঁৰ কবিতাবোৰৰ মাজেদি কবিগৰাকীৰ প্ৰজ্ঞা আৰু প্ৰতিভাৰ অপূৰ্ব মিলন ঘটিছে। ভাৰতীয় ধৰ্ম, সংস্কৃতি আৰু দৰ্শনৰ প্ৰতি নলিনীবালা দেৱীৰ আছিল অপৰিসীম শ্ৰদ্ধা আৰু আনুগত্য। কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাক ভাওতীয় ধৰ্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেদি বিচাৰ কৰি তেখেতৰ মূল্যবান কবিতাসমুহৰ জৰিয়তে ব্যক্ত কৰিছে। সেয়েহে ‘মিলন’ কবিতাত আধ্যাত্মিক চেতনাৰ পৰিস্ফুৰণ দেখিবলৈ পোৱা যায়।

কবিয়ে পৰম আৰাধ্যজন্নৰ অস্তিত্ব পৃথিৱীৰ সকলো বিষয়ৰ মাজতে অপলব্ধি কৰে, সপোনে-দিঠকে, মানসৰ তীৰে তীৰে তেওঁ পৰমজনৰ অস্তিত্বকে নিজৰ হৃদয়ৰ নিজান কোণত অনুভৱ কৰে। নিশসাৰ জোনাকী পোহৰ, গধূলিৰ তৰা-ভৰা, আকাসসৰ মোহনীয় সৌন্দৰ্য, দোভাগ নিশশা সাৰহীন নিশ্চুপ জগতৰ মাজতো তেওঁ পৰম আৰাধ্যজনকে বিচাৰি পায়। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰম আৰাধ্যজনৰ অস্তিত্ব ভিন্ন ধৰণেৰে অনুভৱ কৰে। কবিৰ মাতে এয়াই তেওঁৰ পৰম জনাৰ সৈতে হোৱা অনন্ত মিলন। এইদৰেই কবিৰ আধ্যাত্মিক অনুভূতি ‘মিলন’ কবিতাটোত প্ৰকাশিত হৈছে।

Leave a Comment

error: Content is protected !!
Scroll to Top