মোবাইল ফোন, ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা ৰচনা | Mobile Phone, Its Advantages and Disadvantages Essay in Assamese

মোবাইল ফোন, ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা ৰচনা | Mobile Phone, Its Advantages and Disadvantages Essay in Assamese

মোবাইল ফোন, ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা ৰচনা | মোবাইল ফোন ৰচনা | Mobile Phone, Its Advantages and Disadvantages Essay in Assamese | Essay on Disadvantages and Advantages of Mobile Phones | Mobile Phone Essay in Assamese | Asomiya Essay Mobile Phone | Asomiya Rosona Mobile Phone


মোবাইল ফোন, ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা ৰচনা

আৰম্ভণি

মোবাইল ফোন হৈছে আধুনিক তথ্য প্রযুক্তিৰ এক অন্যতম সৃষ্টি, যি মানুহৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। এই বহুল ব্যবহৃত মোবাইল ফোন প্রথমে আৱিষ্কাৰ কৰিছিল মার্টিন কোপাৰ (Martin Cooper) নামৰ মটৰ’লা (Motorola) কোম্পানীৰ এজন গবেষকে ১৯৭৩ চনত। বর্তমান বিভিন্ন আকাৰ আৰু প্ৰকাৰৰ আৰু উচ্চ মানদণ্ডৰ মোবাইল ফোন উপলব্ধ হৈছে। 

মোবাইল ফোনৰ উপকাৰিতা

বৰ্তমান যুগত মোবাইল ফোনৰ বহুল প্ৰসাৰ তথা উপযোগিতাৰ কথা কোনেও নুই কৰিব নোৱাৰে। কিয়নো ইয়াৰ যথেষ্ট উপকাৰী দিশ আছে। পৃথিৱীৰ যিকোনো ঠাইত বাসকৰা লোকৰ মাজত ক্ষন্তেকতে মোবাইল ফোনৰ দ্বাৰা যোগাযোগ সম্ভৱ হৈ উঠিছে। ইন্টাৰনেট সংযোগ মোবাইলৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন বিষয়ৰ তথ্য আৰু জ্ঞান সহজতে পাবলৈ সক্ষম হৈছে। বিভিন্ন ঠাইৰ সঠিক তথ্য জনাৰ লগতে ভ্ৰমণৰ বাবে টিকটৰ ব্যৱস্থা কৰা, ই-বেংকিঙৰ যোগেদি টকা পইচাৰ লেনদেন কৰা, ই-কমাৰ্চৰ যোগেদি ঘৰৰ পৰাই বয়-বস্তু ক্ৰয় কৰা, মনোৰঞ্জনৰ বিভিন্ন সুবিধা লাভ কৰাৰ উপৰিও খেলা-ধূলা আৰু বিশ্বৰ বিভিন্ন বা-বাতৰি ক্ষন্তেকতে পাব পৰা হৈছে।

মোবাইল ফোনৰ অপকাৰিতা

মোবাইল ফোনৰ উপকাৰী দিশবোৰৰ সমান্তৰালভাৱে বহুতো অপকাৰী দিশো আছে। বহুতো ছাত্র-ছাত্রীয়ে মোবাইল ফোনৰ সৎ আৰু সঠিক ব্যৱহাৰ নকৰি ফেচবুক, হোৱটচএপ আদিত ব্যস্ত থকাৰ উপৰিও গেম (Game) খেলি বহুমূলীয়া সময় নষ্ট কৰাৰ ফলত জীৱনৰ মূল কৰ্তব্যৰ পৰা আঁতৰি গৈছে আৰু অধ্যয়ন বিমুখ হৈ পৰিছে। মোবাইল ফোনৰ প্ৰতি বাঢ়ি অহা আসক্তিৰ ফলত ছাত্ৰ-ছাত্ৰী সকল অসুস্থ আৰু কৰ্মবিমুখ হৈ পৰিছে। তাৰোপৰি মোবাইল ফোনত অধিক ব্যস্ত থকাৰ ফলত পৰিয়াল তথা আত্মীয় স্বজনৰ লগত সম্পৰ্ক আৰু আত্মীয়তা কমাই আনিছে।

READ MORE  মোৰ জীৱনৰ লক্ষ্য ৰচনা - সাহিত্যিক | My Aim in Life Literary Essay in Assamese

সামৰণি

পৃথিৱীৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুয়োটা দিশ থাকে। মোবাইল ফোনৰো ভাল আৰু বেয়া দুয়োটা দিশ আছে। ব্যৱহাৰ কৰা সকলে এই কথা উপলব্ধি কৰি ভাল দিশবোৰ গ্ৰহণ কৰিব লাগে আৰু বেয়া দিশবোৰৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে। মোবাইল ফোন এক অত্যাধুনিক যন্ত্ৰ যাৰ উচিত ব্যৱহাৰে যিকোনো ব্যক্তিক বহুত উপকৃত কৰিব পাৰে। কিন্তু ইয়াৰ অপব্যৱহাৰে জীৱনলৈ ধ্বংসও মাতি আনিব পাৰে। সেয়ে ইয়াক উচিত বিবেচনাৰে ব্যৱহাৰ কৰা দৰকাৰ। 

Leave a Comment

error: Content is protected !!
Scroll to Top