শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে | ফকৰা যোজনা

শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰেঃ শ্রম-বিমুখ লোকৰ যে উদ্ধৃতি নাই তাকে বুজাবলৈ এই যোজনাটি ব্যৱহাৰ কৰা হয়। হাঁহ-কুকুৰা শিয়ালৰ খাদ্য কিন্তু হাঁহ-কুকুৰাতো আৰু শিয়ালৰ মুখলৈ আপোনা-আপুনি নাযায়, হাঁহ-কুকুৰা ধৰিবলৈও শিয়ালে যত্ন কৰিব লাগিব, নানা ফন্দি কৰিব লাগিব। তাকে নকৰি শুই থাকিলে শিয়ালে জানো হাঁহ ধৰিব পাৰিব?

মানুহৰ বেলিকাও একে কথা। দুখ নকৰাকৈ কোনো কালত, কোনো লোকে সুখ ভোগ কৰিব পৰা নাই। আনকি প্রভূত পৈত্রিক সম্পত্তিও এলেহুৱা পুত্ৰৰ হাতত সমুলে নষ্ট হয়।

আনহাতে পেটৰ ভাত মুঠিয়ে মানুহৰ অকল লক্ষ্য নহয়। উদ্গতি বুলিলে প্রতিষ্ঠা, প্রতিপত্তি প্ৰকাশ আদিকহে বুজায়। উদ্গতিহীন জীৱন অর্থহীন। উদগতিৰ মন্ত্র হল শ্রম। সেই কাৰণে জীৱনত উদ্গতি কৰিবলৈ হলে কঠোৰ শ্ৰম কৰিবই লাগিব।

READ MORE  অচিন কাঠৰ থোৰা নলগাবা | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top