সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ ৰচনা | সামাজিক মাধ্যম ৰচনা | Social Media and its Impact in the Present Essay in Assamese | Social Media Essay in Assamese | Advantages and Disadvantages of Social Media Essay in Assamese | Social Media Asomiya Rosona | Axomiya Rasana Social Media
সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ ৰচনা
সামাজিক মাধ্যম কি?
আধুনিক উন্নত প্রযুক্তি কৌশলৰ ফলত সম্ভৱ হৈ পৰিছে নানা আশ্চৰ্যকৰ সৃষ্টিৰ। সামাজিক মাধ্যমো এই প্রযুক্তি কৌশলৰ ফলতে সম্ভৱ হোৱা এক বাস্তৱ উমৈহতীয়া মঞ্চ যত ইন্টাৰনেট সংযোগি মবাইল বা কম্পিউটাৰত চৰকাৰী, বেচৰকাৰী, ব্যক্তিগত আৰু ৰাজহুৱা অনুষ্ঠান-প্রতিষ্ঠান, বিভিন্ন সংগঠন আদিয়ে অনেক বিষয় উপস্থাপন কৰিব পাৰে। বৰ্তমান সামাজিক মাধ্যম মানুহৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। এই মাধ্যমে গোটেই পৃথিৱী খনকে এখন ঘৰ আৰু এটা পৰিয়ালৰ দৰে সাঙুৰি পেলাইছে।
সামাজিক মাধ্যমৰ বিভিন্ন প্ৰকাৰ
ব্যৱহাৰৰ বিভিন্ন দিশ আৰু উদ্দেশ্য সমূহ লক্ষ্য কৰি সামাজিক মাধ্যমৰ প্ৰকাৰ নিম্নোক্ত ধৰণে উল্লেখ কৰিব পাৰি—
১। চচিয়েল নেটৱৰ্কিং ছাইট : ফেচবুক, টুইটাৰ, লিংক ইন ইত্যাদি।
২। ভিডিঅ’ হষ্টিং চাইট : ইউটিউব
৩। ইমেজ চেয়াৰিং ছাইট : ইন্সস্টাগ্রাম, ইমগ’ৰ, স্নেপচার্ট আদি।
৪। চঁচিয়েল ৰিভিউ ছাইট : য়েল্প, আৰু ট্রিপ এডভাইছৰ।
৫। কমিউনিটি ব্লগ : মিডিয়াম আৰু টাম্বলাৰ।
৬। ডিকাশ্যচ ছাইট: ৰেডিট, ক্যুৰা ইত্যাদি।
উপকাৰিতা
পৃথিৱীৰ সকলোবোৰ ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুয়োটা দিশ থকাৰ দৰে সামাজিক মাধ্যমৰো ভাল-বেয়া অর্থাৎ উপকাৰিতা আৰু অপকাৰিতা দুয়োটাই পৰিলক্ষিত হয়। উপকাৰী দিশ সমূহলৈ মন কৰিলে দেখা যায় সামাজিক মাধ্যমৰ দ্বাৰা পৃথিৱীৰ যি কোনো ঠাইৰ ব্যক্তিৰ লগত বন্ধুত্ব স্থাপন কৰি বহুতো নেদেখা-নজনা কথা জনাটো সম্ভৱ হৈ পৰিছে। এই মাধ্যমৰ জৰিয়তে সাহিত্য-সংস্কৃতি, খেলা-ধূলা, মনোৰঞ্জন আৰু ব্যক্তিগত ধাৰণা, ইচ্ছা সৃষ্টিশীল কর্ম, মতামত বা ভাব বিনিময় কৰাৰ এখন মঞ্চ উপলব্ধ হৈছে, যাৰ জৰিয়তে মানুহে নিজৰ প্ৰতিভা বিকাশৰ বাবে সুযোগ লাভ কৰিছে। ছাত্র-ছাত্রী সকলে সহজতে বিভিন্ন বিষয়ৰ জ্ঞান অর্জন কৰিব পৰাৰ সুবিধা হৈছে। দেশ-বিদেশৰ বা-বাতৰি নিমিষতে পাব পৰা হৈছে। সামাজিক মাধ্যমৰ দ্বাৰা দেশৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক আদি দিশত লোৱা সিদ্ধান্তৰ প্ৰতি নিজৰ সমৰ্থন অথবা বিৰোধিতা কৰাৰ পথ প্রশস্ত হল। জনমত গঠনৰ ক্ষেত্ৰটো ই এক উত্তম মাধ্যম। ব্যবসায় বাণিজ্যৰ ক্ষেত্ৰতো বিজ্ঞাপন আৰু শেহতীয়া তথ্য-পাতি আদিৰ প্ৰচাৰৰ ফলত ক্রেতা-বিক্রেতা উভয় পক্ষ লাভান্বিত হৈছে।
অপকাৰিতা
সামাজিক মাধ্যমৰ উপকাৰিতা সমূহৰ সমান্তৰালভাবে বহুতো অপকাৰী দিশ আছে—
১। বৰ্তমান প্ৰায়বোৰ লোকেই অনবৰতে সামাজিক মাধ্যমত ব্যস্ত থকা দেখা যায়, ফলত কেৱল সময়ৰ অপচয় হোৱাই নহয়, মানুহবোৰ হৈ পৰিছে এলেহুৱা আৰু কর্মবিমুখ। নিজৰ পৰিয়াল তথা আত্মীয়-কুটুম্বক দিব লগা সময় সামাজিক মাধ্যমত নিয়োগ কৰাৰ ফলত মৰম-চেনেহ, আন্তৰিকতা আদি কমি আহিছে।
২। দেশৰ যুৱ-প্রজন্ম বা ছাত্র-ছাত্রী সকল বেছিকৈ সামাজিক মাধ্যমৰ প্রতি আসক্ত হোৱাৰ ফলত অধ্যয়নৰ প্ৰতি ধাউতি কমিছে, লগতে নিজৰ আৰু পৰিয়ালৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য পাহৰি গৈছে, যিটো দেশৰ ভৱিষ্যতৰ বাবে শুভ লক্ষণ নহয়।
৩। অপৈণত অৱস্থাতে সামাজিক মাধ্যমত সোমাই পৰাৰ ফলত বহুতো কিশোৰ-কিশোৰীয়ে অসামাজিক কামত লিপ্ত হোৱা দেখা গৈছে।
৪। সামাজিক মাধ্যমৰ পৰাই চাইবাৰ ক্ৰাইমৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে।
৫। এই মাধ্যমত প্ৰচাৰ হোৱা সকলোবোৰ বাতৰি বা তথ্য সঁচা নহবও পাৰে। ভুল বাতৰি বা তথ্যই মানুহক বিপথে পৰিচালিত কৰাৰ থল থাকে। এনেদৰে সামাজিক মাধ্যমৰ অনেক অপকাৰী দিশ পৰিলক্ষিত হয়।
মানসিক আৰু শাৰীৰিক প্ৰতিক্ৰিয়া
সামাজিক মাধ্যমে ব্যৱহাৰ কাৰীৰ শাৰীৰিক-মানসিক দুয়ো দিশতে যথেষ্ট প্রভাব পেলায়। এইবোৰৰ ব্যৱহাৰ সিহেতু এক নিচা, সেয়ে ই মানসিক দিশত ক্রিয়া কৰাটো স্বাভাবিক। এই মাধ্যমৰ দ্বাৰা মানুহে আকৰ্ষণৰ কেন্দ্ৰবিন্দু বা অভিকেন্দ্রীক হ’ব বিচাৰে। কিন্তু বাস্তৱত তেনেদৰে ফল নাপালে হতাশাত ভোগে, খঙাল হয়, চিন্তা বাঢ়ে আৰু এইবোৰে স্বাস্থ্যৰ ওপৰত বিপৰীত প্রভাব পেলায়। এই মঞ্চৰ জৰিয়তে প্রেম, ভালপোৱা, বন্ধুত্ব আদি সম্পর্ক গঢ়ি উঠে। কিন্তু কিবা কাৰণত তেনে সম্পৰ্কত যদি ফাট মেলে, তেতিয়া যিকোনো অবাঞ্ছিত ঘটনা ঘটাৰ সম্ভাবনা থাকে। তদুপৰি এইবোৰত অভ্যাস্থ লোকৰ শাৰীৰিক শ্ৰম নহয়, আৰু শ্রমহীন শৰীৰত বিভিন্ন উপসর্গই দেখা দিয়ে। বহু ৰাতিলৈকে এইবোৰত ব্যস্ত থকা লোকৰ পর্যাপ্ত টোপনি নহয়, যিটো শৰীৰৰ বাবে বহু হানিকাৰক। তদুপৰি চকুৰ ৰোগ, মূৰৰ বিষ আদি হোৱাৰ সম্ভাবনা প্রকট হৈ পৰে।
সামৰণি
গতিশীল সময়ৰ লগত খোজ মিলাই নিজকে আগুৱাই নিয়াটোরেই মানুহৰ কৰ্ম আৰু ধৰ্ম। বৰ্তমান সময়ত সামাজিক মাধ্যম এক অপৰিহাৰ্য বিষয়। ইয়াৰ ফলাফল নির্ভৰ কৰে ব্যৱহাৰৰ ওপৰত। ব্যৱহাৰ কাৰীয়ে ইয়াৰ বেয়া দিশবোৰ আওকাণ বা অগ্ৰাহ্য কৰি ভাল দিশবোৰ গ্রহণ কৰা উচিত যাতে জীৱনত তাৰ কু-ফল ভূগিব লগীয়া নহয়।