মোৰ জীৱনৰ লক্ষ্য ৰচনা – খেতিয়ক | Mor Jibonor Lokkho Essay

মোৰ জীৱনৰ লক্ষ্য ৰচনা – খেতিয়ক | Mor Jibonor Lokkho Essay | মোৰ জীৱনৰ লক্ষ্য খেতিয়ক | Mor Jibonor Lokkho Essay | তোমাৰ জীৱনৰ লক্ষ্য ৰচনা – খেতিয়ক | Tomar Jibonor Lokkho Essay | অসমীয়া ৰচনা | My Aim in Life in Assamese Essay for Class 10 and 12


তোমাৰ জীৱনৰ লক্ষ্য
(ছাত্ৰ-ছাত্ৰী সকলে পৰিক্ষাত “মোৰ জীৱনৰ লক্ষ্য” লিখিব লাগিব)

আৰম্ভণিঃ অন্তহীন মানুহৰ আশাৰ পৰিধি। কল্পনা-বিলাসী মন-দিগন্তৰ পৰিধিত অলেখ কামনাই লুকা-ভাকু খেলে। মানুহৰ কল্পনাই বিচাৰে বগলীৰ শুধ বগা ডেউকাত ডেও দি উৰি উৰি দিগন্তৰ সিপাৰৰ কোনােবা মনােৰম সপােন ৰাজ্যত সাত ৰঙৰ নতুন কাৰেং গঢ়িবলৈ। মানুহে বিচাৰে নেদেখাটো চাবলৈ, নােপােৱাটো পাবলৈ; অৰ্জুনৰ দৰে গান্ডীৱধাৰী হৈ দিগ্বিজয় কৰিবলৈ, ভীমৰ দৰে গদাধাৰী হৈ বিশ্বৰ সকলাে বীৰকে পদ-প্রান্তত ধৰাশায়ী কৰিবলৈ। কিন্তু সীমাহীন কামনাৰ অন্তহীন দিগন্তত, সসীমৰ সীমাবন্ধা জীৱনৰ পৌৰুষ ৰয় বহু আঁতৰত; কামনাৰ অন্ত নৌ পৰোঁতেই অন্ত হয় জীৱনৰ খেলা। সেইবাবে আশাক কৰ্মৰ নাগপাশেৰে বান্ধি জীৱনৰ বাটত বাট বুলাই শ্রেয়ঃ।

কিন্তু সেই বুলি জীৱনৰ লক্ষ্য স্থিৰ নকৰি জীৱনৰ বাটত বাট বুলাতাে বিপদৰ সম্ভাৱনা আছে। লক্ষাহীন জীৱন, কান্ডৰীবিহীন নাৱৰ দৰে। সংসাৰ-সিন্ধুত কান্ডাৰীবিহীন নাও কোন বিপদ-উম্মিৰি বুকুত পৰি চাকনৈয়াৰ পাকত ঘূৰি ঘূৰি কোন মুহূৰ্তত সিন্ধুৰ বুকুত বিলীন হৈ যায় কোৱা টান। সেইবাবে সংসাৰ-সিন্ধুত জীৱন-তৰী পাৰি দিয়াৰ আগতেই লক্ষ্য স্থিৰ কৰি লােৱা উচিত। ছাত্র জীৱনেই লক্ষ্য স্থিৰ কৰাৰ প্রশস্ত সময়। কাৰণ জীৱনৰ লক্ষ্য স্থিৰ ৰাখিয়েই শৈশৱৰপৰা প্রস্তুতিৰ পথ নিষ্কন্টক, সুগম কৰি ল’ব লাগিব। প্রকৃত প্রস্তুতিয়েহে সফলতা অনিব পাৰে।

মোৰ লক্ষ্যঃ সেয়েহে মই আদিৰে পৰাই লক্ষ্যত উপনীত হােৱাৰ পথ সুগম কৰি ল’বলৈ সেইমতে অধ্যয়নৰ বাটত আগবাঢ়িব খুজিছোঁ। মই জীৱনত এজন আদর্শ খেতিয়ক হ’ব খুজিছোঁ। আদর্শ খেতিয়ক হৈ বিশ্ব-দৰবাৰত নিজৰ স্থান স্থিৰ কৰিবলৈ মই আদিতেই পৃথিৱীৰ বিভিন্ন দেশৰ, বিভিন্ন জলবায়ুত উৎপাদিত হ’ব পৰা শস্য সম্পর্কে বিশদ জ্ঞান অর্জন কৰি ল’ব লাগিব। ই সম্ভৱ হ’ব মই কৃষি মহাবিদ্যালয়ত অধ্যয়ন কৰিলেহে। গতিকে মই কৃষিবিষয়ৰ স্নাতক হ’ব লাগিব। স্নাতক হম আৰু মােৰ লক্ষ্যত অচল অটল হিমাচলৰ দৰে মই নিজকে নিয়ােজিত কৰিম।

মােৰ লক্ষ্যৰ কথা শুনি মােক বহুতে হাঁহিব পাৰে; মােৰ লক্ষ্য অতি নিকৃষ্ট পৰ্য্যায়ৰ আৰু উচ্চ শিক্ষালাভ কৰি চহা খেতিয়কৰ শাৰীহে পূৰাব খুজিছোঁ বুলি মােক বিদ্রুপ কৰিব। মােৰ পিতৃ-মাতৃয়েও মােৰ এই লক্ষ্যৰ কথা শুনি অন্তৰত আঘাত পাব। কাৰণ পিতৃ-মাতৃৰ আশা নিজ সন্তানে উচ্চ শিক্ষা লাভ কৰি হাকিম-মুন্সি হ’ব, ডাক্তৰ, ইঞ্জিনীয়াৰ আদি উচ্চ পদবীধাৰী চৰকাৰী বিষয়া হৈ বংশৰ মুখ উজ্জ্বল কৰিব; কুলৰ বন্তি হ’ব; আৰু ধন উপার্জন কৰি ঘৰে-দুৱাৰে সমুজ্জ্বল হৈ পিতৃ-মাতৃৰ ওঁঠত ৰঙা হাঁহি বিৰিঙাব। এই আশা অর্থহীন নহয়। কিন্তু মই যি পথ লৈছো এই পথেদি গৈও মই অর্থ উপার্জন কৰিব পাৰিম, বংশৰ মুখ উজ্জ্বল কৰিব পাৰিম।

READ MORE  বীৰ চিলাৰায় ৰচনা | Bir Chilarai Essay in Assamese

অকল পিতৃ-মাতৃৰ কিয়, অভাৱ-অনাটনগ্রস্ত হাজাৰ লােকৰ শেঁতা ওঁঠত শান্তিৰ মধুৰ হাঁহি বিৰিঙাব পাৰিম। মইতাে এজন নিৰক্ষৰ, স্বাস্থ্যহীন, দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নােপােৱা অক্ষম খেতিয়ক হ’ব খােজা নাই। হ’ব খুজিছোঁ উচ্চ শিক্ষিত, সক্ষম, সুদক্ষ খেতিয়ক।

লক্ষ্যৰ কাৰণঃ কিন্তু মই এই পথ বাছি লৈছোঁ কিয় ? মই জানো—
“নাঙলৰ সীৰলুত, লখিমীৰ বিনন্দীয়া সৃষ্টি প্রকাশ।
লখিমীৰ প্ৰশৰ সেউজৰ ফলিকাত সােণােৱালী শস্যৰ প্রকাশ।
সেউজে মাতিছে মােক লখিমীক আদৰিবলৈ !”

—সেই আহ্বান মই গ্রহণ কৰিছোঁ। কাৰণ ? কৃষি মানেই লখিমী; লখিমীৰ পৰশত সৃষ্টি। বিনন্দীয়া হয়; বিনন্দীয়া সৃষ্টিত মানৱ প্ৰাণত হাঁহিৰ ফুল ফুলে। সেই ফুলে জীৱন মধুময় কৰি তােলে। মই ভাবিছো কৃষিৰ কৃষ্টিত মই সংস্কৃতিৰ বৰ ঘৰ সাজিম। ৰুগ্ন, দৰিদ্র, অর্ধাহাৰী, অনাহাৰী অসমীয়া জাতিয়ে লেৰেলা, চেপেটা বুঢ়া গৰু এহালেৰে পথাৰৰ সেউজত লখিমীক প্রতিষ্ঠা কৰিব জনা নাই, নাজানে। নিৰক্ষৰ কৃ্যকে ধৰাৰ বুকুলৈ বিজ্ঞানে আনা সেউজ বিপ্লৱৰ উমানকে পােৱা নাই। তাকৰীয়া মাটিত সৰহ শস্য উৎপাদনৰ ভূ-কে পােৱা নাই। বিজ্ঞানে মাটি উর্ব্বৰ কৰিব পৰা ৰাসায়নিক সাৰ উদ্ভাৱন কৰিছে; সেই সাৰে উৎপাদন বঢ়ায়।

উৎপাদন বৃদ্ধি হলে আয় বাঢ়ে; আৰু যিমানেই আয় বাঢ়িব, সিমানেই মানুহৰ অভাৱ কমিব; আজি-কালি খেতি কৰিব পৰা যন্ত্ৰৰ আৱিষ্কাৰ হৈছে; যন্ত্ৰৰ সহায়ত কম খৰচত, কম পৰিশ্ৰমত, কম সময়ত অধিক মাটি কৰ্ষণ কৰিব পাৰি। কর্ষণ ক্ষমতা বাঢ়িলে অধিক মাটিত খেতি কৰিব পাৰি। আনহাতেদি আমাৰ খেতিয়কে সদায় পানীৰ কাৰণে মৌচুমীৰ ওপৰত নিৰ্ভৰ কৰি আহিছে; মৌচুমী সময়মতে নবলে পানীৰ অভাৱত মাটি কৰ্ষণ কৰিব নােৱাৰি; খেতি কৰিব নােৱাৰি।

বর্তমান বিজ্ঞানে আমাক খেতিত পানী যােগানৰাে ব্যৱস্থা দিছে। পাম্পৰ সহায়ত ওচৰৰ নদ-নদীৰ পৰা শস্যৰ পথাৰলৈ পানী নিব পাৰি। নতুনা পথাৰতে “দীপ টিউব ৱেল” বহুৱাই পথাৰত পানী যােগান ধৰিব পাৰি। শস্য অনিষ্টকাৰী পােক-পৰুৱাৰপৰা শস্য ৰক্ষা কৰিবলৈ ৰাসায়নিক ঔষধাে ওলাইছে। এইবােৰ ব্যৱহাৰ কৰি পােক-পৰুৱাৰপৰা শস্যৰ অনিষ্ট নােহােৱা কৰিব পাৰে। মই ভাবিছোঁ মই সম্পূর্ণ বৈজ্ঞানিক ভিত্তিত খেতি কৰি অধিক উৎপাদন কৰি অসমীয়া দুখীয়া খেতিয়কৰ সম্মুখত এক দিগন্তপ্ৰসাৰী আদর্শ দাঙি ধৰিম। লগতে শিক্ষিত নিবনুৱা যুৱকসকলক দেখুৱাম, যে দু’বাহুত বল থাকিলে, উৎসাহী, উদ্যম মন থাকিলে কৃষিকৰ্ম কৰিও মানুহ মানুহ হিচাপে, পৃথিৱীতে বাচি থাকিব পাৰে। আমি কৰ্মক মর্যাদা দিব জানিলে কোনাে কালে, কোনাে যুগে মানুহ নিবনুৱা হৈ হতাশাত জীৱনক ধিক্কাৰ দিবৰ প্ৰয়ােজন নহয়।

READ MORE  নেতাজী সুভাষ চন্দ্ৰ বসু - অসমীয়া ৰচনা | Subhas Chandra Bose Essay

কৃষকৰ স্বৰূপঃ কৃষিক আমি বৃত্তি বুলি গণ্য কৰিবলৈ শিকা নাই। আমাৰ ৰুগ্ন,অক্ষম পিতৃ-মাতৃক খেতিৰ দায়িত্ব এৰি দিছোঁ; ৰুগ্ন অশিক্ষিত পিতৃয়ে বুঢ়া গৰু হালেৰে বছৰটোত মাত্র দুবিঘা মাটিতহে খেতি কৰিব পাৰিলে; তাকো মাত্র এটা খেতি; সিও বৰষুণৰ অভাৱত ভাল ন’হল। খৰে কোবালে; যি অলপ খেতি হ’ল তাকো গেঁৰ ধৰিবৰ সময়ত গান্ধীয়ে নতুবা মােৱা পােকে আধা নষ্ট কৰিলে। এমাহৰ ভাতাে কঠোৰ পৰিশ্ৰমৰ ফলত ভাগ্যত নঘটিল। দুবিঘা পিছৰ বছৰত বন্ধকত দি কিছুদিন চলিলোঁ। দুবিঘা চাকৰিৰ পাছত লৰোঁতে বিক্রী হ’ল। ভাগ্যত চাকৰি নহ’ল। ভেটিটোৰ বাহিৰে খেতিৰ মাটি আৰু নৰ’ল। ঘৰখনলৈ নামি আহিল অন্ধকাৰ।

এয়ে আমাৰ কৃষকৰ স্বৰূপ। চকুৰ আগতে মানুহৰ এই জীৱন্ত সমাধি দেখি, চাকৰিৰ মােহত সর্বস্বান্ত হৈও এমুঠি ভােকৰ ভাতৰ অভাৱত তিল তিলকৈ মৃত্যুক সাৱটি লােৱা এই অসমীয়া জাতিটোৰ কৰ্ম্মবিমুখ, উদ্যমহীন শিক্ষিত যুৱকসকলক মই দেখুৱাব খুজিছোঁ যে দুই হাত কৰ্ম্মঠ হলে চাকৰিৰ প্ৰয়ােজন নাই। উজনি অসমৰ প্রথম স্নাতক বি. এ জগন্নাথ বৰুৱাই জানাে চাকৰি নকৰাকৈও সভ্য জগতত, সভ্য সমাজত সন্মানৰ অধিকাৰী হােৱা নাছিল ? ঐশ্বৰ্য্যৰ গৰাকী হােৱা নাছিল ?

আৱশ্যকীয় উপকৰণঃ বহুতে মােক প্রশ্ন কৰিব পাৰে আধুনিক বৈজ্ঞানিক প্রণালীৰে খেতি কৰিবলৈ ট্রেক্টৰ লাগিব, ৱাটাৰ পাম্প লাগিব, ৰাসায়নিক সাৰ লাগিব আৰু লাগিব উন্নত বীজ। সেইবােৰৰ বাবে ধনৰ প্রয়ােজন আমি দুখীয়া মানুহ; ধন ক’ত পাম ? ধন ? মন কৰিলেই। চন, বাকৰি মাটিতে ধন। পৃথিৱীত ধনৰ অভাৱত কোনাে কাম পৰি থকা নাই, নাথাকে। লাগে উচ্চ মন; উদ্যম। প্রয়ােজন কেৱল সুপৰিকল্পিত এখন আঁচনিৰ আৰু তাকেই যদি কৰিব নােৱাৰাে, শিক্ষা লাভ কৰি সৰ্বাঙ্গ সুন্দৰ জীৱন-যাপন কৰিবলৈ আশা কৰিব পাৰোঁ কেনেকৈ ? সুপৰিকল্পিত আঁচনি এখন কৰি ল’লে, বেঙ্কে ঋণ দিব, চৰকাৰেও অনুদান আগবঢ়াব। সহজ কিস্তিৰ ভিত্তিত ট্রেক্টৰ, ৱাটাৰ পাম্প আদিও পােৱা যাব। এইখিনি যােগাৰ কৰিব পৰা সৎসাহস মােৰ আছে।

READ MORE  মোৰ জীৱনৰ লক্ষ্য ৰচনা | Mor Jibonor Lokkho Essay

আচঁনিঃ মােৰ আঁচনি মতে প্রথম বছৰত মাত্র বিশ বিঘা মাটিত ধান খেতি কৰিম। আজি-কালি বছৰত তিনিটা খেতি সুকলমে কৰিব পাৰি। সঁচ আৰু সাৰ ব্যৱহাৰ কৰি বিঘাত কমেও ছয় কুইন্টল ধান পাম। গতিকে বছৰটোৰ তিনিটা খেতিত ৩৭০ কুইন্টল ধান উৎপাদন হ’ব। ঘৰখনৰ সকলাে খৰচ ধৰি বছৰটোত দৰ্কাৰ হ’ব ৮০ কুইন্টল ধান। বাকীখিনি সমবায়ক বিক্রি কৰিম। এইদৰে দুবছৰ বা তিন বছৰৰ ভিতৰত মই বিক্রি উপার্জনেৰে ঋণ পৰিশােধ কৰি ট্ৰেক্টৰ, পাম্প সকলাে নিজৰ কৰি লম। তৃতীয়-চতুর্থ বছৰৰপৰা উপাৰ্জনৰ সকলাে ধনৰ গৰাকী ময়েই হম।

বহুতে ভাবিব এয়া আকাশত চাং পতা কথা। ভুল। ই দেশৰ প্রকৃত খেতিয়কৰপৰা পােৱা তথ্য; বাস্তৱ সত্য কথা। এনে আঁচনিৰে এজন শিক্ষিত খেতিয়কে খেতিত আত্মনিয়ােগ কৰি নিজৰ মাত্ৰ কুৰি বিঘা মাটি আৰু অন্যান্য লােকক ট্রেক্টৰ ধাৰলৈ দি মাত্র দহােটা বছৰত লাখপতি হৈছে। এজনে পাৰিছে; মই নােৱাৰিম কিয় ? 

আদৰ্শঃ খেতিয়কৰ জীৱন স্বাধীন, মুক্ত জীৱন। খেতিয়কৰ জীৱনত আহৰিও আছে। এই আজৰি সময়খিনি মই যদি মােৰ গাওঁখনৰ, সমাজখনৰ উন্নয়নমূলক কামত প্রয়ােগ কৰোঁ, তেনেহলে মােৰ জীৱনলৈ সম্মান নাহি পাৰিবনে ? খেতিয়কেই দেশৰ মেৰুদন্ড, খেতিয়কৰ উন্নতিয়েই ৰাষ্ট্রৰ উন্নতি। মােৰ আদর্শকে লৈ আৰু দহজনে নিশ্চয় মােক অনুকৰণ কৰিব। মােৰ লগত সহযােগ আগবঢ়ালে, সমবায় ভিত্তিত খেতি কৰাৰ লগতে সমবায় বিক্রী কেন্দ্র খুলি ব্যৱসায়াে কৰিব পাৰিম। আমাৰ আদর্শ অন্যান্য কৃষকেও আদর্শ গ্ৰহণ কৰিব। আমাৰ লগত সহযােগিতা কৰিব; আমাৰ শক্তি বৃদ্ধি হ’ব। কৃষকৰ বল বৃদ্ধি হ’ব। কৃষকৰ জীৱন উন্নত হ’ব। সমাজ উন্নতিৰ বাটত আগবাঢ়িব পাৰিব। দেশৰ সমৃদ্ধি দুগুণে বাঢ়িব। এইয়া মােৰ মধুৰ স্বপ্ন নহয়; কল্পনা মাত্র নহয়; এইয়া মােৰ সাধনা। কৃষিৰ সাধনা; ঘােড়শােপচাৰে লখিমীৰ চৰণত অৰ্পণ কৰা জীৱন-নৈবদ্য।

মন্তব্যঃ আজি মই মাধ্যমিক বিদ্যালয়ৰ ছাত্র; কালিলৈ কৃষি মহাবিদ্যালয়ত ভৰ্ত্তি হৈ এদিন স্নাতক হম। বিদ্যাৰূপী গঙ্গাৰ পূত সলিলত অৱগাহি এদিন নাঙলৰ মুঠিত ধৰি পথাৰত সােণ ফলাম; সেই সােণেৰে মােৰ আই অসমীক অলঙ্কৃতা কৰিম। হাজাৰ-বিজাৰ কৃষকৰ শেঁতাপৰা ওঁঠত ৰঙা হাঁহি বিৰিঙাম। হে জগদীশ্বৰ মােৰ এই লক্ষ্যত উপনীত হ’বলৈ, সাধনাত সফলতা লাভ কৰিবলৈ মােক প্রেৰণা যােগােৱা শক্তি দিয়া।

Leave a Comment

error: Content is protected !!
Scroll to Top