ক্ষমতাৰ বিকল্প কেন্দ্ৰ | Chapter 2 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 2 Notes | SEBA Class 12 HS Political Science Chapter 2 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 2 ক্ষমতাৰ বিকল্প কেন্দ্ৰ | HS 2nd Year Political Science Questions and Answers Assam


ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ
(Contemporary Centre of Power)

Very Short Type Questions and Answers (Marks : 1)

1. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কেইখনৰ নাম লিখা।
উত্তৰঃ চীন, ফ্ৰান্স, ৰাছি, ব্ৰিটেইন আৰু আমেৰিকা।

2. ভাৰতে FTAS ত স্বাক্ষৰ কৰা দুই ASEAN সদস্যৰ নাম লিখা
উত্তৰঃ ছিংগাপুৰ আৰু থাইলেণ্ড।

3. EW ৰ দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰঃ ফ্ৰান্স আৰু ব্ৰিটেইন।

4. ১৯৯২ চনত কোন আঞ্চলিক সংগঠন গঠিত হৈছিল ?
উত্তৰঃ ইউৰােপীয় সংঘ।

5. ভাৰতে FTA স্বাক্ষৰ কৰা দুখন ASEAN সদস্য ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ ছিংগাপুৰ আৰু থাইলেণ্ড।

6. এছিয়াৰ দুই মহাশক্তিৰ নাম লিখা।
উত্তৰঃ ভাৰত আৰু চীন।

7. ৰাষ্ট্ৰসংঘৰ ইউৰােপীয় সংঘৰ পৰা স্থায়ী সদস্য হােৱা দেশবােৰৰ নাম লিখা।
উত্তৰঃ ব্ৰিটেইন আৰু ফ্ৰান্স।

8. ASEAN আঞ্চলিক মঞ্চৰ (ARE ) সদস্যসকল কোন?
উত্তৰঃ ইণ্ডোনেছিয়া, মালযেছ্যিা, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড।

9. মন্ত্ৰিখেট সন্ধিযে কি বুজায় ?
উত্তৰঃ ১৯৯২ চনত এই চুক্তি স্বাক্ষৰিত কৰা হৈছিল আৰু এই চুক্তিৰ ফলতেই ইউৰােপীয় সংঘ গঠনৰ পথ মুকলি হৈছিল।

10. পৰিকল্পনাই চনত ইউৰােপীয় অৰ্থনৈতিক সহযােগিতা সংগঠনৰ স্থাপনত প্ৰভাৱ বিস্তাৰ কৰিছিল?
উত্তৰঃ মাৰ্শাল পৰিকল্পনাই ১৯৪৮ চনত।

11. কোন বছৰত ARF ৰ প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ১৯৯৪ চনত।

12. ইউৰােপীয় অৰ্থনৈতিক সম্প্ৰদায় (EEC) গঠন কৰা ৰােমৰ সন্ধিত স্বাক্ষৰ কৰা দেশ ছখনৰ নাম লিখা।
উত্তৰঃ ফ্ৰান্স, পশ্চিম জাৰ্মানী, ইটালী, বেলজিয়াম, নেডাৰলেণ্ড আৰু লুক্সেমবাৰ্গ।

13. ১৯৭২ চনত চীনে কোনখন প্ৰধান ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক স্থাপন কৰিছিল?
উত্তৰঃ আমেৰিকা।

14. ১৯৬৭ চনত ASEAN প্ৰতিষ্ঠা কৰা দেশ পাঁচখনৰ নাম লিখা।
উত্তৰঃ ইণ্ডোনেছিয়া, মালযেছি, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ড।

15. মাল পৰিকল্পনাই কি বুজায়?
উত্তৰঃ মাৰ্শ্বল পৰিকল্পনা হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ ইউৰােপীয় অৰ্থনীতিৰ পুনৰ উত্থান বাবে প্ৰচুৰ বিত্তীয় সাহায্য আগবঢ়োৱা এক পৰিকল্পনা।

16. ASEAN ৰ সম্পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ Association of South East Asian Nations.

17. দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰােপত কি প্ৰধান প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল?
উত্তৰঃ ইউৰােপক পুনৰ কেনেদৰে অৰ্থনৈতিভাৱে সবল কৰি তুলিব পাৰি।

18. বেংকক ঘােষণা পত্ৰ কি?
উত্তৰঃ ১৯৬৭ চনত ইণ্ডোনেছিয়া, মালযেছি, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড স্বাক্ষৰ কৰা এখন ঘােষণাপত্ৰ।

19. চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল?
উত্তৰঃ মাও চে তুং।

20. খােলা দুৱাৰৰ নীতি কি?
উত্তৰঃ চীনদেশৰ অৰ্থনৈতিক সংস্কাৰ আঁচনি। ১৯৭৮ চনত মুক্তদ্বাৰ ( খােলা দুৱাৰ) নীতি ঘােষণা কৰিছিল।

21. ‘চাৰি আধুনিকীকৰণ’ বুলিলে কি বুজা?
উত্তৰঃ আধুনিকীকৰণৰ চাৰিটা ক্ষেত্ৰক চাৰি আধুনিকীকৰণ’ বুলি বুজা যায়।

22. WTO ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ World Trade Organisation.

23. কোন বছৰত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীযে চীন ভ্ৰমণ কৰিছিল ?
উত্তৰঃ ১৯৮৮ চনত।

24. কিহে ইউৰােপীয় সংঘক উচ্চ প্ৰভাৱশালী আঞ্চলিক সংগঠন কৰি তুলিছে?
উত্তৰঃ মাৰ্শ্বেল পৰিকল্পনাই।

25. কোন বছৰত ইউৰােপীয় পৰিষদ প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰঃ ১৯৯২ চনত।

26. খালী ঠাই পূৰ কৰা :
______ইউৰােপীয় সংঘৰ উমৈহতীয়া মুদ্ৰা।
উত্তৰঃ ইউৰাে (Euro)।

27. মিষ্টিৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰঃ ১৯৯২ চনত।

28. ASEAN ৰ এটা উদ্দেশ্য লিখা।
উত্তৰঃ সদস্য ৰাষ্ট্ৰবােৰৰ অৰ্থনৈতিক উন্নতি সাধন কৰা।

29. ১৯৬০ চনত তিবৃতৰ ৰাজনৈতিক আৰু ধৰ্মীয় নেতা কোন আছিল?
উত্তৰঃ দালাই লামা।

30. ইউৰােপীয় সংঘৰ সদস্য সংখ্যা কিমান?
উত্তৰঃ ১২ খন।

31. ‘ক্ষমতা বন্দুকৰ নলীৰ মাজেৰে আহে।’ –কথাষাৰ কোনে কৈছিল ?
উত্তৰঃ মাও চে তুং।

32. কোন বছৰত ASEAN আঞ্চলিক মঞ্চ স্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৯৬৭ চনত।

33. ভাৰত ASEAN ৰ সদস্য হয়নে?
উত্তৰঃ হয়।

34. ইউৰােপীয় সংঘ কোন চনত স্থাপন হৈছিল?
উত্তৰঃ ১৯৯২ চনত।

35. কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল?
উত্তৰঃ ২০০৯ চনত।

36. চীনে কেতিয়া বিশ্ব বাণিজ্য সংগঠনৰ সদস্য হৈছিল ?
উত্তৰঃ ২০০১ চনত।

37. কোনখন দেশক বিশ্ব ক্ষমতাৰ তৃতীয় বিকল্প বুলি কোৱা হয়?
উত্তৰঃ চীনদেশৰ।

38. ভাৰত – চীনদেশৰ যুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ ১৯৬২ চনত।

39. ইউৰােপীয় সংঘ কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰঃ ১৯৯২ চনত।

40. ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হৈছিল ?
উত্তৰঃ বল্লভভাই পেটেলক।

41. ইউপােৰীয় সংঘই উমৈহতীয়াভাৱে কি মুদ্ৰা ব্যবহাৰ কৰে?
উত্তৰঃ ইউৰাে।

42. হয় নে নহয় লিখাঃ ভাৰত ASEAN ৰ সদস্য।
উত্তৰঃ নহয়।

43. শীতল যুদ্ধই ইউৰােপীয় ঐক্য স্থাপনত সহায় কৰিছিল বুলি তুমি ভাবা নে?
উত্তৰঃ হয় ভাবাে।

44. মাৰ্শ্বল আঁচনি বুলিলে কি বুজা ?
উত্তৰঃ মাৰ্শ্বল আঁচনি হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰােপীয় অৰ্থনীতিৰ পুনৰ উত্থানৰ বাবে প্ৰচুৰ বিত্তীয় সাহায্য আগবঢ়োৱা এক পৰিকল্পনা।

45. চীনৰ নিবনুৱা সমস্যাৰ বিষয়ে এটা ব্যাখ্যা লিখা।
উত্তৰঃ চীন দেশত নিবনুৱা সমস্যাই যথেষ্ট ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এতিয়াও চীনৰ কৰ্মপ্ৰাৰ্থী সংখ্যা প্ৰায় ১০ কোটি।

Short Type Questions and Answers (Marks : 2)

1. চীনদেশত চৌ এন লাইযে আগবঢ়োৱা চাৰিটা আধুনিকীকৰণ ব্যৱস্থা উল্লেখ উত্তৰ?
উত্তৰঃ (ক) কৃষি।
(খ) উদ্যোগ।
(গ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা।
(ঘ) সামৰিক ক্ষেত্ৰ।

2. তলত দিয়া কোনে মুক্ত দুৱাৰ ‘নীতি আৰৱ কৰিছিল?
(ক) চীন দেশ
(খ) ইউৰােপীয় সংঘ
(গ) জাপান
(ঘ) আমেৰিকা যুক্তৰাষ্ট
উত্তৰঃ (ক) চীন দেশ।

3. গােলকীয় স্তৰত চীনা অৰ্থনীতিক স্বীকৃতি প্ৰদান কৰা সহাযকাৰী উপাদানবােৰ লিখা।
উত্তৰঃ (ক) জনসংখ্যা।
(খ) ভূ – খণ্ড
(গ) সম্পদ
(ঘ) আঞ্চলিক স্থিতি তাৰু ৰাজনৈতিক প্ৰভাৱ।

4. তুমি ভাবানে যে ইউৰােপীয় সংঘই একজাতি ৰাষ্ট্ৰৰ দৰে কাম কৰিবলৈ লৈছে? কাৰণ দৰ্শাৱা।
উত্তৰঃ সময়ৰ লগে লগে ইউৰােপীয় সংঘই একজাতি ৰাষ্ট্ৰ হিচাপে অধিক কাৰ্য কৰিবলৈ আৰম্ভ কৰিছে। ইউৰােপীয় সংঘৰ বাবে এখন সংবিধান। প্ৰস্তুত ককা প্ৰচেষ্টা বিফল হলেও ইয়াৰ নিজৰ পতাকা, সংগীত, প্ৰতিষ্ঠা দিৱস আৰু মুদ্ৰা আছে। আন ৰাষ্ট্ৰৰ লগত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিমাণে উমৈহতীয়া বৈদেশিক আৰু প্ৰতিৰক্ষা নীতি আছে।

5. ইউৰােপীয় সংঘৰ দুটা লক্ষ্য লিখা।
উত্তৰঃ ইউৰােপীয় সংঘৰ দুটা লক্ষ্য হল—
(ক) শান্তি আৰু সহযােগিতা বৃদ্ধি কৰা।
(খ) অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ঐক্য প্ৰতিষ্ঠা কৰা।

6. খালী ঠাই পূৰণ কৰা।
চীন দেশ আৰু ভাৰতৰ ১৯৬২ চনত হােৱা সীমা সংঘৰ্ষ মূলতঃ_____আৰু_____ক লৈ হৈছিল।
উত্তৰঃ অৰুণাচল আৰু লাডাখৰ আকচাই চীন।

READ MORE  দ্বি ৰাষ্ট্ৰবাদৰ অৱসান | Chapter 1 | Class 12 Political Science - AHSEC

7. ASEAN ৰ উদ্দেশ্যবােৰ কি কি?
উত্তৰঃ (ক) অৰ্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা।
(খ) ৰাষ্ট্ৰসংঘৰ চনদৰ ওপৰত ভিত্তি কৰি আঞ্চলিক স্থিৰতা আৰু শান্তি স্থাপন কৰা।

8. আঞ্চলিক সংগঠন স্থাপনৰ উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ আঞ্চলিক সংগঠন স্থাপনৰ উদ্দেশ্যসমূহ হ’ল—
(ক) শান্তি – সহযােগিতা বৃদ্ধি কৰা।
(খ) অৰ্থনৈতিক উন্নয়ন খৰতকীয়া কৰা।

9. তুমি ভাবানে যে ইউৰােপীয় সংহতিত শীতল যুদ্ধই সহায় কৰিছিল? কেনেদৰে?
উত্তৰঃ ইউৰােপীয় সহযােগিতা ১৯৪৫ চনৰ পিছত শীতল যুদ্ধৰ দ্বাৰা স্বৰান্বিত হৈছিল। মাৰ্শাল পৰিকল্পনাৰ আধাৰত আমেৰিকাই ইউৰােপীয় অৰ্থনীতিৰ পুনৰ গঠনৰ বাবে যথেষ্ট বিত্তীয় সহায আগবঢ়াইছিল।

10. চীনৰ নতুন অৰ্থনৈতিক নীতিৰ দুটা অসুবিধা লিখা।
উত্তৰঃ (ক) চীন দেশত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
(খ) চীন দেশত অৰ্থ ব্যৱস্থাৰ প্ৰভূত উন্নয়ন হৈছে যদিও দেশৰ সকলাে শ্ৰেণীৰ নাগৰিকে এই সুবিধা সমানে ভােগ কৰিবলৈ সক্ষম হােৱা নাই।

11. খালী ঠাই পূৰণ কৰা :
_____মুখ্যত_____আৰু _____অঞ্চলক লৈ ১৯৬২ চনত চীন। আৰু ভাৰতৰ মাজত সীমা বিবাদ হৈছিল।
উত্তৰঃ অৰুণাচল, লাডাখৰ আকচাই চীন।

12. ইউৰােপীয় সংঘৰ অধীনৰ অনুষ্ঠানসমূহৰ নাম লিখা।
উত্তৰঃ (ক) ইউৰােপীয় সংসদ।
(খ) ইউৰােপীয় আযােগ।

13. আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ উদ্দেশ্যসমূহ হ’ল—
(ক) আইনৰ অনুশাসন আৰু ৰাষ্ট্ৰসংঘৰ চনৰ ওপৰত নিৰ্ভৰ কৰি আঞ্চলিক শান্তি আৰু স্থিবতা বজাই ৰখা।
(খ) এখন সমূহীয়া বিদেশ আৰু নিৰাপত্তা – সংক্ৰান্তীয় নীতি যুগুত কৰা।

14. ইউৰােপীয় সংঘ গঠনৰ বাবে সহায়ক দুটা কাৰণ লিখা।
উত্তৰঃ ইউৰােপীয় সংঘ গঠনৰ বাবে সহায়ক দুটা কাৰণ হ’ল—
(ক) মাৰ্শাল পৰিকল্পনাৰ অধীনত ১৯৪৮ চনত ইউৰােপীয় আৰ্থিক সহযােগ সংগঠন কৰা হয় যাৰ মাধ্যমত পশ্চিম ইউৰােপীয় দেশসমূহক
আৰ্থিক সহযােগ প্ৰেৰণ কৰা হয়।
(খ) এই সংগঠনৰ সহায়ত পশ্চিম ইউৰােপৰ দেশসমূহে ব্যৱসায় – বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত সহযােগিতা আগবঢ়োৱাৰ সুবিধা লাভ কৰে।

15. ASEAN দৰ্শন ২০২০ ৰ উপাদানসমূহ কি কি?
উত্তৰঃ ‘vision 2020′ যে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ASEAN ৰ বাবে বহিৰ্মুখী দৃষ্টিভংগীৰ ভূমিকা নিৰ্ধাৰণ কৰিছে। অঞ্চলটোৰ সংঘাতসমূহ আলােচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ উৎসাহিত কৰা আছ্যিানে Combodia ৰ বিবাদ মীমাংসা কৰিবলৈ আৰু পূৰ্ব টীমৰ সমস্যা। সমাধান কৰিবলৈ মধ্যস্থতা কৰিছিল। তদুপৰি পূব এছীয় সহযােগিতাৰ বিষয়ে আলােচনা কৰিবলৈ বাৰ্ষিক সন্মিলন অনুষ্ঠিত কৰে।

16. ভৌগােলিক সন্নিকটে আঞ্চলিক সংগঠনৰ গঠনক প্ৰভাৱিত কৰে কিদৰে ?
উত্তৰঃ ভৌগােলিক সন্নিকটৰ এক ইতিবাচক প্ৰভাৱ আছে আঞ্চলিক সংগঠনৰ গঠনৰ ক্ষেত্ৰত। বহুসংখ্যক লােকে একেলগে বসবাস কৰা অঞ্চলটোত তেওঁলােকৰ মাজত বিৰাজমান এক ভাষা, এক ধৰ্ম, এক সংস্কৃতি, এক পৰম্পৰাই একতাৰ সৃষ্টি কৰে। ভৌগােলিক সন্নিকটে অৰ্থনৈতিক সহযােগিতা আৰু আন্তঃৰাজ্যিক বাণিজ্যৰ ক্ষেত্ৰত উৎসাহ প্ৰদান কৰে। এনেদৰে, আঞ্চলিক সংগঠন গঠনৰ দ্বাৰা সদস্য ৰাষ্ট্ৰসমূহে ইথনে আনখনৰ সাৰ্বভৌমত্বক সন্মান প্ৰদৰ্শন কৰে, শান্তি, সহযােগিতা। বৰ্তাই ৰখাত সহায় কৰে।

17. ASEAN ত ভাৰতৰ স্থিতি আৰু মৰ্যাদাৰ বিষয়ে লিখা।
উত্তৰঃ আছিযানৰ বৰ্তমানৰ অৰ্থনৈতিক শক্তি বিশেষকৈ ভাৰত আৰু চীনৰ দৰে উঠি অহা এছীয় অৰ্থনীতিৰ ব্যৱসায়িক আৰু বিনিযােগৰ। সহযােগী হিচাপে ইয়াৰ অৰ্থনৈতিক গুৰুত্বই সংগঠনটোক এটা আকৰ্ষণীয় শক্তি হিচাপে গঢ়ি তুলিছে। শীতল যুদ্ধৰ সময়ছােৱাত ভাৰতৰ বৈদেশিক নীতিযে আছ্যিানৰ প্ৰতি উপযুক্ত মনােযােগ প্ৰদান কৰা নাছিল। কিন্তু যােৱা কিছু বছৰত ভাৰতে সেয়া সংশােধন কৰিবলৈ চেষ্টা কৰিছে। ছিংগাপুৰ আৰু থাইলেণ্ড এই দুইথন আছিয়ান সদস্য ৰাষ্ট্ৰৰ লগত ভাৰতে মুক্ত বাণিজ্য অঞ্চল চুক্তি স্বাক্ষৰ কৰিছে।

18. ইউৰােপীয় সংঘগঠনৰ দুটা কাৰণ লিখা।
উত্তৰঃ ইউৰােপীয় সংঘ গঠনৰ দুটা কাৰণ হ’ল—
(ক) মাৰ্শাল পৰিকল্পনাৰ অধীনত ১৯৪৮ চনত ইউৰােপীয় আৰ্থিক সহযােগ সংগঠন কৰা হয় যাৰ মাধ্যমত পশ্চিম ইউৰােপীয় দেশসমূহক আৰ্থিক সাহায্য প্ৰেৰণ কৰাৰ উদ্দেশ্য ইউৰােপীয় সংঘ গঠন কৰা হয়।

(খ) পশ্চিম ইউৰােপৰ দেশসমূহে ব্যৱসায় বাণিজ্য আৰু অৰ্থনৈতিক ক্ষেত্ৰত যাতে সহযােগিতা আগবঢ়াব পাৰে তাৰ বাবে উৰােপীয় সংঘ গঠন কৰা হয়।

Long Type Questions and Answers (Marks : 3/4)

1. ইউৰােপীয় সংঘ হ’ল এটা অৰ্থনৈতিক সংঘতকৈ অধিক একজাতি ৰাষ্ট্ৰহে’— যুক্তিযুক্ততা প্ৰতিপন্ন কৰা।
উত্তৰঃ সমযৰ লগে লগে ইউৰােপীয় সংঘই অৰ্থনৈতিক সংস্থাৰ পৰিৱৰ্তে নিজকে অধিক। পৰিমাণে এটা ৰাজনৈতিক সংস্থা হিচাপেহে প্ৰকাশ কৰিছে। ই জাতি ৰাষ্ট্ৰ হিচাপেহে অধিক কাৰ্য কৰিবলৈ আৰম্ভ কৰিছে। ইউৰােপীয় সংঘৰ বাবে এখন সংবিধান প্ৰস্তুত কৰা প্ৰচেষ্টা। বিফল হ’লেও ইয়াৰ নিজৰ পতাকা, সংগীত, প্ৰতিষ্ঠা দিৱস আৰু মুদ্ৰা আছে। আন ৰাষ্ট্ৰৰ লগত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিমাণে উমৈহতীয়া বৈদেশিক আৰু প্ৰতিৰক্ষা নীতি আছে। ইউৰােপীয় সংঘই নতুন সদস্য, বিশেষকৈ পূৰ্বৰ ছােভিয়েট গােষ্ঠীৰ পৰা সদস্য অন্তৰ্ভুক্ত কৰি সহযােগিতাৰ ক্ষেত্ৰখন সম্প্ৰসাৰণ ঘটাবলৈ চেষ্টা চলাইছে।

2. ইউৰােপীয় সংঘ EU ৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱৰ বিষয়ে লিখা।
উত্তৰঃ ইউৰােপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। নিৰাপত্তা পৰিষদৰ কেইবাখনাে অস্থায়ী সদস্য ৰাষ্ট্ৰও ইউৰােপীয় সংঘৰ সদস্য। ইয়াৰ ফলত বৰ্তমান সময়ত ইউৰােপীয় সংঘই ইৰাণৰ আণৱিক কাৰ্যসূচী আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতিৰ দৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান নীতিত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ই্যাৰ কূটনৈতিক, অৰ্থনৈতিক বিনিযােগ আৰু আলােচনাবােৰ, ইগ্ৰহণ কৰা শাস্তিমূলক ব্যৱস্থা আৰু সামৰিক বাহিনীৰ তুলনাত অধিক ফলপ্ৰসূ হৈছে। উদাহৰণস্বৰূপে, চীনৰ মানৱ অধিকাৰ আৰু পৰিৱেশৰ অৱক্ষয বিষযত ইয়াৰ দ্বি – পাক্ষিক আলােচনা ফলপ্ৰসূ হৈছিল।

3. চীনৰ দ্ৰুত অৰ্থনৈতিক বিকাশ হােৱা সত্বেও তাত এতিয়াও কিছুমান অৰ্থনৈতিক প্ৰত্যাহ্বান বৰ্তি আছে। এই প্ৰত্যাহ্বানসমূহ উল্লেখ কৰা।
উত্তৰঃ চীনত অৰ্থনীতিৰ নাটকীয়ভাৱে উন্নতি ঘটিছে যদিও সংস্কাৰৰ সুবিধা চীনত সকলােৱে লাভ কৰা নাই। চীনত নিবনুৱাৰ সংখ্যা বাঢ়িছে আৰু প্ৰায় ১০ কোটি মানুহে কৰ্ম সংস্থাপন বিচাৰি আছে। বৰ্তমান চীনৰ মহিলাৰ নিযুক্তি আৰু কৰ্মৰ অৱস্থা অষ্টাদশ আৰু উনবিংশ শতিকাৰ ইউৰােপৰ মহিলাৰ অৱস্থাৰ সমানেই বেয়া। গাঁওবাসী আৰু চহৰবাসীৰ মাজৰ আৰু উপকূলবাসী আৰু আভ্যন্তৰীণ প্ৰদেশসমূহৰ অধিবাসীৰ মাজৰ অৰ্থনৈতিক অসমতা বৃদ্ধি পােৱাৰ উপৰিও পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় ঘটিছে আৰু দুৰ্নীতি বৃদ্ধি পাইছে।

4. পঞ্চশীল বুলিলে কি বুজা ?
উত্তৰঃ তিব্বত সম্পৰ্কত ভাৰত আৰু চীনদেশৰ মাজত ১৯৫৪ চনত স্বাক্ষৰিত হােৱা চুক্তিৰ সময়ত এই পঞ্চশীল তথা পাঁচটা নীতি ৰচনা। কৰা হৈছিল। এই পাঁচটা নীতি হল—
(ক) প্ৰত্যেক দেশৰ ভৌগােলিক অখণ্ডতা ৰক্ষা কৰা।
(খ) আন দেশক আক্ৰমণৰ পৰা বিৰত ৰখা।
(গ) আন দেশৰ আভ্যন্তৰীণ বিষযত হস্তক্ষেপ কৰাৰ পৰা বিৰত ৰখা।
(ঘ) শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতি সমৰ্থন জনােৱা।
(ঙ) সকলাে দেশকে সমভাৱে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য দিয়া।

5. তুমি ভাবানে যে অৰ্থনৈতিক সংস্কাৰে চনিৰ প্ৰতিজনকে স্পৰ্শ কৰিছে ? কাৰণ দৰ্শোৱা।
উত্তৰঃ নতুন অৰ্থনৈতিক নীতি চীনদেশত প্ৰয়ােগ কৰাৰ ফলত চীন দেশৰ অৰ্থ ব্যৱস্থাৰ প্ৰভূত উন্নয়ন হৈছে যদিও দেশৰ সকলাে শ্ৰেণীৰ নাগৰিকে এই সুবিধা সমানে ভােগ কৰিবলৈ সক্ষম হােৱা নাই। তেওঁলােক এতিয়াও বিভিন্ন ধৰণৰ অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ সন্মুখীন হৈ আছে-
(ক) চীনদেশত নিবনুৱা সমস্যাই যথেষ্ট ভয়ংকৰ ৰূপে ধাৰণ কৰিছে। এতিয়াও চীনৰ কৰ্ম প্ৰাৰ্থী সংখ্যা প্ৰায় ১০ কোটি।
(খ) বিভিন্ন ক্ষেত্ৰত মানবাধিকাৰ লংঘন কৰা হৈছে।
(গ) অৰ্থনৈতিক অসমতাও বৃদ্ধি পাইছে।
(ঘ) পৰিৱেশৰ ক্ষতিগ্ৰস্ততা আৰু ভ্ৰষ্টাচাৰে চীনৰ অৰ্থনৈতিক আৰু সামাজিক পৰিৱেশৰ যথেষ্ট ক্ষতি সাধন কৰিছে।
(ঙ) মহিলা কৰ্মচাৰীসকলৰ কামৰ পৰিৱেশ ইউৰােপৰ ১৮ আৰু ১৯ শতিকাৰ পৰিৱেশৰ দৰে তেনেই বেয়া।

READ MORE  পৰিকল্পিত বিকাশৰ ৰাজনীতি | Chapter 10 | Class 12 Political Science - AHSEC

6. ASEAN সম্প্ৰদায়টোৰ স্তম্ভৰ নাম আৰু উদ্দেশ্যসমূহ লিখা।
উত্তৰঃ ASEAN সম্প্ৰদায়ৰ তিনিটা স্তম্ভ হ’ল – আছিযান নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক পৰিষদ আৰু সামাজিক – সাংস্কৃতিক পৰিষদ। ASEAN সম্প্ৰদায়ৰ উদ্দেশ্যসমূহ হ’ল—
(ক) সদস্য ৰাষ্ট্ৰবােৰৰ অৰ্থনৈতিক উন্নতি সাধন কৰা।
(খ) অৰ্থনৈতিক উন্নতিৰ জৰিয়তে সামাজিক – সাংস্কৃতিক উন্নতি সাধন কৰা।
(গ) আমেৰিকাৰ আধিপত্যৰ বিপৰীতে এটা ক্ষমতাৰ বিকল্প কেন্দ্ৰ স্থাপন কৰা।
(ঘ) ৰাষ্ট্ৰসংঘৰ চনদ নীতিৰ ওপৰত নিৰ্ভৰ কৰি আঞ্চলিক শান্তি আৰু সুস্থিৰতা সৃষ্টি কৰা।

7. ASEAN ৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ (ক) সদস্য ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুতগামী কৰা।
(খ) উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা।
(গ) অন্যান্য উন্নয়নশীল দেশৰ লগত সহযােগিতা বৃদ্ধি কৰা।
(ঘ) দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰবিলাকৰ মাজত সামূহিক আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ চেষ্টা অটুট ৰখা।

8. ইউৰােপীয়ান ইউনিয়ন সময়ৰ লগে লগে আৰ্থিক সংঘৰ পৰা বৰ্ধিত ৰাজনৈতিক সংঘলৈ পৰিৱৰ্তিত হৈছে।’— বহলাই লিখা।
উত্তৰঃ ১৯৪৫ চনত ইউৰােপৰ ৰাষ্ট্ৰবােৰ অৰ্থনৈতিক বিপৰ্যযৰ সন্মুখীন হ’বলগীয়া হৈছিল। আমেৰিকাই ‘ মাৰ্শাল ‘ পৰিকল্পনাৰ অধীনত ইউৰােপীয় অৰ্থনীতিৰ পুনৰ উত্থানৰ বাবে প্ৰচুৰ বিত্তীয় সহায়। আগবঢ়াইছিল। ১৯৪৮ চনত মাৰ্শাল পৰিকল্পনাৰ অধীনত পশ্চিম ইউৰােপীয় ৰাষ্ট্ৰবােৰলৈ সাহায্য প্ৰদানৰ বাবে ইউৰােপীয় অৰ্থনৈতিক সহযােগিতা সংগঠন প্ৰতিষ্ঠা হয়। এনেদৰে বিশেষকৈ অৰ্থনৈতিক সংস্থা হিচাপে ১৯৯২ চনত ইউৰােপীয় সংঘ গঠন কৰা হয়।

কিন্তু সময়ৰ লগে লগে ইউৰােপীয় সংগঠনে অৰ্থনৈতিক সংস্থাৰ পৰিৱৰ্তে নিজকে অধিক পৰিমাণে এটা ৰাজনৈতিক সংস্থা হিচাপেহে গঢ়ি তুলিব বিচাৰিছে। ইউৰােপীয় সংঘৰ বাবে এখন সংবিধান প্ৰস্তুত কৰিব নােৱাৰিলেও এখন ৰাষ্ট্ৰৰ দৰে ইয়াৰ নিজৰ পতাকা, সংগীত, প্ৰতিষ্ঠা দিৱস আৰু মুদ্ৰা আছে। আন ৰাষ্ট্ৰৰ লগত সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ই্যাৰ কিছু পৰিমাণে উমৈহতীয়া বৈদেশিক আৰু প্ৰতিৰক্ষা নীতি আছে।

9. ইউৰােপীয় সংঘৰ দক্ষতা সীমিত কৰা বৈষম্যবােৰ কি কি?
উত্তৰঃ এটা অধিৰাষ্ট্ৰীয় সংগঠন হিচাপে ইউৰােপীয়, সংঘই অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ সক্ষম। কিন্তু বহুতাে ক্ষেত্ৰত ইয়াৰ সদস্য ৰাষ্ট্ৰবােৰৰ ইখনৰ লগত সিখনৰ অমিল থকা নিজস্ব বৈদেশিক নীতি আৰু প্ৰতিৰক্ষা নীতি আছে। ইৰাক। আক্ৰমণৰ সময়তবৃটেইনৰ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ আমেৰিকাৰ সহযােগী আছিল আৰু ইউৰােপীয় সংঘৰ বহুতাে নতুন সদস্যই আমেৰিকাৰ দ্বাৰা পৰিচালিত ইচ্ছুকসকলৰ জোট গঠন কৰিছিল।

কিন্তু জাৰ্মানী আৰু ফ্ৰান্সে আমেৰিকাৰ নীতিৰ বিৰােধিতা কৰিছিল। ইউৰােপৰ কিছুমান অংশত ইউৰােপীয় সংঘৰ সমন্বয় সাধন কাৰ্যসূচীৰ বিষয়ত এটা বদ্ধমূল ইউৰােপীয় সংশ্যপূৰ্ণতা’ আছে। উদাহৰণস্বৰূপে, ব্ৰিটেইনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচ্ছাৰে ব্ৰিটেইনক ইউৰােপীয় বজাৰৰ পৰা আঁতৰত ৰাখিছিল। ডেনমাৰ্ক আৰু দুইডেনে মাচট্ৰিস্বট চুক্তিৰ আৰু উমৈহতীয়া ইউৰােপীয় মুদ্ৰা ইউৰােৰ বিৰােধিতা কৰিছিল। ই ইউৰােপীয় সংঘৰ বৈদেশিক সম্পৰ্ক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কাৰ্য কৰিব পৰা সামৰ্থ্যত সীমাৱদ্ধতা আনি দিছে।

10. স্থৱিৰ আঁতৰাবলৈ চীনে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিৰ বিষযে চমুকৈ আললাচনা কৰা।
উত্তৰঃ ১৯৭৮ চনত সেই সময়ৰ নেতা ডেং জিয়াঅ’পিঙে চীনত মুক্তদ্বাৰ ‘ নীতি আৰু অৰ্থনৈতিক সংস্কাৰৰ কথা ঘােষণা কৰিছিল। এই নীতি আছিল বিদেশৰ পৰা অনা মূলধন আৰু প্ৰযুক্তিবিদ্যা বিনিযােগ কৰি উচ্চ উৎপাদনশীলতা সৃষ্টি কৰা। বজাৰ অৰ্থনীতিৰ সূচনা। কৰিবলৈ চীনে এক নিজস্ব পন্থা অৱলম্বন কৰিছিল। চীনাসকলে প্ৰভাতী চিকিৎসাৰ পৰিৱৰ্তে তেওঁলােকৰ অৰ্থনীতি ক্ৰমান্বয়ে লাহে লাহে মুকলি কৰিছিল। নতুন অৰ্থনৈতিক নীতিবােৰে চীনৰ অৰ্থনৈতিক স্থিতাৱস্থা আঁতৰ কৰাত সহায় কৰিছিল। কৃষিৰ ব্যক্তিগতকৰণে কৃষিৰ উৎপাদন আৰু গ্ৰাম্য উপাৰ্জনৰ উল্লেখযােগ্যভাৱে বৃদ্ধি কৰিছিল।

গ্ৰাম্য অৰ্থনীতিত উচ্চ ব্যক্তিগত সঞ্চযে গ্ৰাম্য উদ্যোগৰ সূচকীয় বৃদ্ধি ঘটাইছিল। চীনৰ অৰ্থনীতি উদ্যোগ আৰু কৃষি এই দুটো খণ্ড সামৰি লৈ অতি। দ্ৰুত হাৰত বৃদ্ধি পাইছিল।নতুন বাণিজ্যিক আই আৰু বিশেষ অৰ্থনৈতিক মণ্ডলৰ সৃষ্টিযে বৈদেশিক বাণিজ্যত বিস্ময়কৰভাৱে বৃদ্ধি ঘটাইছিল। fach*t hos FARCT ( Foreign Direct Investment FDI ) বাবে চীন আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যস্থল হিচাপে পৰিগণিত হৈছে।

11. দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰােপত দেখা দিয়া প্ৰত্যাহানবােৰ কি কি?
উত্তৰঃ যেতিয়া ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি ঘটিছিল, তেতিয়া ইউৰােপীয় দেশবােৰে অৰ্থনৈতিক পতনৰ সন্মুখীন হৈছিল। ইউৰােপৰ বহুতাে নেতাই ইউৰােপৰ প্ৰশ্ন’ৰ বিষযেই চিন্তা – চৰ্চা কৰি আছিল। সেয়া হৈছে ইউৰােপক পুৰণি শত্ৰুতাৰ মাজলৈ উভতি যাবলৈ দিয়া উচিত হ’ব নে ইযাক নীতি আৰু অনুষ্ঠানৰ ভিত্তিত পুনৰ গঠন কৰা উচিত হ’ব, যিযে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ইতিবাচক ধাৰণা এটাত। অৱদান আগবঢ়াব। দ্বিতীয় মহাসমৰে বহুতাে ধৰণা আৰু গাঁথনি ক্ষত – বিক্ষত কৰিছিল যিবােৰৰ ওপৰত ভিত্তি কৰি ইউৰােপীয় ৰাষ্ট্ৰবােৰৰ সম্পৰ্ক বৰ্তি আছিল। ১৯৪৫ চনত ইউৰােপৰ ৰাষ্ট্ৰবােৰ অৰ্থনৈতিক। বিপৰ্য্য আৰু ইউৰােপ প্ৰতিষ্ঠিত হৈ থকা নীতি আৰু গাঁথনিসমূহৰ বিধ্বস্ত হৈ পৰা অৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

Long Type Questions and Answers (Marks : 5/6)

1. তলত দিযা শিৰােনামৰ অধীনত ইউৰােপীয় সংঘৰ বিষয়ে টোকা লিখা।
(ক) আৰম্ভণি, (খ) উদ্দেশ্য আৰু লক্ষ্য, (গ) তাৎপৰ্য।
উত্তৰঃ ১৯৯১ চনত ছােভিয়েট ৰাছিয়াৰ পতনৰ পিছতে ১৯৯২ চনত স্থাপন হােৱা ইউৰােপীয় সংঘই উৎকৃষ্ট আঞ্চলিক সংগঠন হিচাপে স্বীকৃতি লাভ কৰিছিল। এই সংঘই আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত বিশেষকৈ অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামৰিক দিশত এক বিৰল ভূমিকা পালন কৰিছিল। ইউৰােপীয়ান সংঘই ২০০৫ চনত বাৰ বিলিয়ন। ডলাৰতকৈ অধিক মুঠ ঘৰুৱা উৎপাদনৰ দ্বাৰা বিশ্বৰ ভিতৰতে এক বৃহত্তম অৰ্থনীতি হিচাপে স্বীকৃতি লাভ কৰে। ই আমেৰিকাতকৈ বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত তিনিগুণ বেছি আছিল। ৰাজকীয় আৰু ৰাজনৈতিক বিষ্যইগুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিছিল। বিশেষকৈ ব্ৰিটেইন আৰু ফ্ৰান্সৰ স্থায়ী সদস্যভুক্তিকৰণে ইউৰােপীয়ান সংঘত বাৰুকৈযে প্ৰভাৱ পেলাইছিল। মানৱ অধিকাৰ আৰু পৰিৱেশ অনুন্নত দিশ দুটাৰ ওপৰতে। গুৰুত্ব প্ৰদান কৰিছিল।

2. ASEAN সম্প্ৰদায় গঠনৰ প্ৰচেষ্টাৰ বিষযে চমুকৈ লিখা।
উত্তৰঃ দক্ষিণ – পূৰ্ব এছিয়াৰ পাঁচখন ৰাষ্ট্ৰ যেনে – ইণ্ডোনেছি, মালযেছ্যিা, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ডে বেংকক ঘােষণা পত্ৰত স্বাক্ষৰ কৰি ১৯৬৭ চনত এছিয়ান প্ৰতিষ্ঠা কৰিছিল। এছিয়ানৰ মুখ্য উদ্দেশ্য আছিল অৰ্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা আৰু ইয়াৰ জৰিয়তে সামাজিক প্ৰগতি আৰু সাংস্কৃতিক বিকাশৰ ব্যৱস্থা কৰা। ইয়াৰ এটা গৌণ উদ্দেশ্য হৈছে আইনৰ শাসন আৰু ৰাষ্ট্ৰসংঘৰ চনদৰ ওপৰত ভিত্তি কৰি আঞ্চলিক স্থিৰতা আৰু শান্তি উন্নত কৰা।

এছিয়ানৰ মুখ্য উদ্দেশ্য সমূহ হ’ল—
(ক) সদস্য ৰাষ্ট্ৰবােৰৰ অৰ্থনৈতিক উন্নতি দ্ৰুতগামী কৰা।
(খ) উমৈহতীয়া আঁচনিৰ জৰিয়তে আঞ্চলিক, সামাজিক আৰু সাংস্কৃতিক বিকাশ সাধন কৰা।
(গ) অন্যান্য উন্নয়নশীল দেশৰ লগত সহযােগিতা বৃদ্ধি কৰা।

3. ASEAN সম্প্ৰদায় কি? ASEAN সম্প্ৰদায়ৰ তিনিটা স্তম্ভৰ বিষযে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ ১৯৬৭ চনত দক্ষিণ – পূৰ্ব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা বা চমুকৈ এছিয়ান প্ৰতিষ্ঠা হৈছিল ২০০৩ চনত। এছিযানে তিনিটা স্তম্ভৰে সৈতে এছিযান সম্প্ৰদায় গঠন কৰি ইউৰােপীয় ইউনিয়নৰ পদ অনুসৰণ কৰিছে। ASEAN সম্প্ৰদায়ৰ তিনিটা স্তম্ভ হ’ল – এছিয়ান নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক পৰিষদ আৰু সামাজিক – সাংস্কৃতিক পৰিষদ।

READ MORE  পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ | Chapter 6 | Class 12 Political Science - AHSEC

(ক) এছিযান নিৰাপত্তা পৰিষদ :- এছীয় ৰাষ্ট্ৰসমূহৰ মাজত থকা সীমা বিবাদ যাতে সশস্ত্ৰ সংঘাতলৈ ৰূপান্তৰিত নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো এছিযান নিৰাপত্তা পৰিষদৰ উদ্দেশ্য।

(খ) এছিয়ান অৰ্থনৈতিক পৰিষদ :- এছিয়ান অৰ্থনৈতিক পৰিষদে ইয়াৰসদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজৰ সমূহীয়া বজাৰ আৰু উৎপাদনৰ ব্যৱস্থা কৰা, এছিযান অঞ্চলত আৰ্থ – সামাজিক উন্নতি সাধন কৰা এছিয়ান অৰ্থনৈতিক পৰিষদৰ উদ্দেশ্য।

(গ) এছিয়ান সামাজিক – সাংস্কৃতিক পৰিষদ :- বিশ্বৰ সকলাে ধৰ্মৰ লগত সাংস্কৃতিক সম্পৰ্ক। ৰক্ষা কৰাটো এছিয়ান সামাজিক – সাংস্কৃতিক পৰিষদে চেষ্টা চলায়। এছিয়ান ৰাষ্ট্ৰবােৰৰ মাজত এক মধুৰ সাংস্কৃতিক যােগাযােগ ৰক্ষা কৰাটো এই পৰিষদৰ উদ্দেশ্য।

4. ভাৰত – চীন সম্পৰ্ক বিষযে এটা টোকা লিখা।
উত্তৰঃ ভাৰত আৰু চীনৰ সম্পৰ্ক আগৰে পৰা চলি আহিছে। এক পুৰণি সভ্যতা, উভযৰ মাজত সাধাৰণ উমৈহতীয়া ভৌগােলিক সীমা আছে। আৰু উভযৰ মাজত এক সম্পৰ্ক আছে। স্বাধীনতাৰ পিছত চীনৰ সৈতে ভাৰতৰ যথেষ্ট সু – সম্পৰ্ক স্থাপিত হৈছিল। ১৯৫৪ চনত ভাৰতে চীনৰ লগত বিখ্যাত ‘পঞ্চশীল নীতিত চহী কৰিছিল। এই নীতিযে ভাৰত আৰু চীনৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সৃষ্টি কৰিছিল আৰু উভযৰ মাজত আফ্ৰিকা, এছিয়ান দেশসমূহক লৈ যি বান্দুং সন্মিলন অনুষ্ঠিত হৈছিল তাত ভাবতে চীনক সম্পূৰ্ণ নৈতিক আৰু কূটনৈতিক সহযােগিতা। আগবঢ়ায় আৰু চীনেও গােৱাৰ ওপৰত ভাৰতৰ দাবীক সমৰ্থন জনাইছিল।

আকৌ, পাকিস্তানক চীনে আগবঢ়োৱা সহাযে বিশেষকৈ ১৯৬৫ চন আৰু ১৯৭১ চনৰ যুদ্ধৰ কালছােৱাত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাবুকিৰ। সৃষ্টি কৰিছিল। ২০০৩ চনত তৎকালীনভাৱে প্ৰধানমন্ত্ৰী বাজপেয়ীৰ চীন ভ্ৰমণে দুযাে দেশৰ মাজত এক মধুৰ সম্পৰ্ক গঢ়ি তােলে।

5. ভাৰত আৰু চীনৰ মাজৰ বিবাদমান বিষয়বােৰৰ নিষ্পত্তিৰ বাবে তােমাৰ পৰামৰ্শ আগবঢ়োৱা।
উত্তৰঃ চীন আৰু ভাৰতৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা লােৱা উচিত।
(ক) ভাৰত আৰু চীনৰ নেতা আৰু বিষয়াসকলে বেইজিং আৰু নতুন দিল্লীৰ মাজৰ ভ্ৰমণ বিভিন্ন উদ্দেশ্য আগত লৈ সঘনে কৰিব লাগে।

(খ) পৰস্পৰ বুজাবুজিৰ মাধ্যমেৰে নিজৰ মাজত থকা বিৰােধসমূহ আঁতৰ কৰাৰ চেষ্টা কৰিব লাগে।

(গ) বিজ্ঞান, প্ৰযুক্তিবিদ্যা, বাণিজ্যিক ক্ষেত্ৰত উভয়ৰ মাজত সমন্বয় সাধন কৰিব লাগে।

(ঘ) যাতায়াত আৰু যােগাযােগ ব্যৱস্থাৰ উন্নতি, বিশ্বৰ ৰাজনীতি সম্পৰ্কে সচেতনতা আদিয়ে উভযৰ মাজৰ সম্পৰ্ক ভৱিষ্যতে আৰু অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হয়।

(ঙ) দুয়ােখন দেশৰনতুন অৰ্থনৈতিক শক্তি হিচাপে উত্থান হৈছে। তেওঁলােকৰ উমৈহতীয়া অৰ্থনৈতিক স্বাৰ্থ ৰক্ষাৰ বাবে আৰু এছিয়া তথা সমগ্ৰ বিশ্বত নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ বাবে উভযে উমৈহতীয়া কাৰ্যসূচী যুগুত কৰিব লাগে।

6. ইউৰােপীয় সংঘৰ প্ৰভাৱৰ প্ৰধান ক্ষেত্ৰবােৰ কি কি? বিশদভাৱে আলােচনা কৰা।
উত্তৰঃ ‘ইউৰােপীয় সংঘ’ স্থাপন হােৱাৰ পৰাই ই এটা উৎকৃষ্ট আঞ্চলিক সংগঠন হিচাপে প্ৰযােজনীয় ভূমিকা গ্ৰহণ কৰি আহিছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ই অৰ্থনৈতিক, ৰাজনৈতিক, সামৰিক আদি বিভিন্ন দিশত। অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।

(ক) অৰ্থনৈতিক দিশৰ পৰা :- ২০০৫ চনত ১২ বিলিয়ন ডলাৰতকৈ অধিক মুঠ ঘৰুৱা উৎপাদনৰদ্বাৰা ইউৰােপীয় সংঘই পৃথিৱীৰ বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছিল যিটো আমেৰিকাৰ কিছু পৰিমাণে। বেছি আছিল। সেয়েহে ইউৰােপীয়ান সংঘই আমেৰিকাক প্ৰত্যাহ্বান দিব পাৰিছিল। আমেৰিকাতকৈ ইযাৰ বেহা – বেপাৰ অংশৰ তিনিগুণ বেছি আছিল যিযে এছিয়া আৰু আফ্ৰিকাক প্ৰভাৱিত কৰিছিল।

(খ) ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্ৰণা বিষয়ক :- ইউৰােপীয়ান সংঘৰ ৰাজনৈতিক আৰু ৰাজকীয় মন্ত্ৰণা বিষয়ত যথেষ্ট প্ৰভাৱ আছে। ইয়াৰ দুখন সদস্যৰাষ্ট্ৰ যেনে ব্ৰিটেইন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য। ইউৰােপীয়ান সংঘৰ নিৰাপত্তা পৰিষদৰ বিভিন্ন সদস্য অস্থায়ী হিচাপে আছিল। এইটোৱে ইউৰােপীয়ান সংঘক আমেৰিকাক প্ৰভাৱিত কৰাত সম্ভৱ কৰি তুলিছিল।

(গ) ইউৰােপীয়ান সংঘৰ সামৰিক প্ৰভাৱ :- ইউৰােপীয়ান সংঘৰ সামৰিক শক্তিয়ে দ্বিতীয়। শ্ৰেষ্ঠ স্থান অধিকাৰ কৰিছে। ই আমেৰিকাৰ পাছতে সৰ্বোচ্চ পৰিমাণৰ ধন সামৰিক ক্ষেত্ৰত ব্যয় কৰে।

7. চীনা অৰ্থনীতিৰ উত্থান বিশ্বশক্তিৰ প্ৰতি তৃতীয় বিকল্প হৈ পৰিছিল কিদৰে ?
উত্তৰঃ ১৯৭৮ চনৰ পৰা আৰম্ভ হােৱা চীনৰ অৰ্থনৈতিক সফলতা এক বৃহৎ শক্তিৰূপে ই্যাৰ উত্থানৰ লগত জড়িত হৈ আছে। চীনত প্ৰথমে সংস্কাৰ প্ৰক্ৰিয়া আৰম্ভ হােৱাৰ পৰা ই আটাইতকৈ ক্ষিপ্ৰ গতিত বাটি অহা অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। ২০৪০ চনৰ ভিতৰত পৃথিৱীৰ আটাইতকৈ বৃহৎ অৰ্থনীতি হিচাপে আমেৰিকাকো অতিক্ৰম কৰি আগবাঢ়ি যাব বুলি চীনক প্ৰক্ষেপ কৰা হৈছে।

মাওৰ নেতৃত্বত হােৱা সাম্যবাদী বিপ্লৱৰ পিছত ১৯৪৯ চনত গণ প্ৰজাতান্ত্ৰিক চীন প্ৰতিষ্ঠা হােৱাৰ পিছত ইয়াৰ অৰ্থনৈতিক ভিত্তি হিচাপে ছােভিয়েট আৰ্থিক গ্ৰহণ কৰা হৈছিল। আকৌ, ১৯৭৩ চনত চীনৰ ৰাষ্ট্ৰপ্ৰধান চৌএন লাইযে। চাৰিবিধ আধুনিকীকৰণৰ প্ৰস্তাৱ দাঙি ধৰিছিল। ১৯৭৮ চনত সেই সময়ৰ নে ডেং জ্যিাঅপিঙে চীনত ‘মুক্তদ্বাৰ ‘: নীতি ৰ্ণ্যআৰু অৰ্থনৈতিক সংস্কাৰৰ কথা ঘােষণা কৰিছিল। এই নীতি আছিল বিদেশৰ পৰা অনা। মূলধন আৰু প্ৰযুক্তিবিদ্যা বিনিয়ােগ কৰি উচ্চ উৎপাদনশীলতা সৃষ্টি কৰা।

বজাৰ অৰ্থনীতিৰ সূচনা কৰিবলৈ চীনে এক নিজস্ব পন্থা অবলম্বন কৰিছিল। চীনাসকলে ‘প্ৰভাতী চিকিৎসাৰ পৰিৱৰ্তে তেওঁলােকৰ অৰ্থনীতি ক্ৰমান্বযে লাহে লাহে মুকলি কৰিছিল। ১৯৮২ চনত কৃষিৰ ব্যক্তিগতকৰণ কৰাৰ পিছত ১৯৯৮ চনত উদ্যোগৰ ব্যক্তিগতকৰণ কৰিছিল ৷ চীনৰ অৰ্থনীতি উদ্যোগ আৰু কৃষি এই দুটো খণ্ড সামৰি লৈ অতি দ্ৰুত হাৰত বৃদ্ধি হৈছিল। নতুন অৰ্থনৈতিক নীতিবােৰে চীনৰ অৰ্থনৈতিক স্থিতাৱস্থা আঁতৰ কৰাত সহায় কৰিছিল। নতুন বাণিজ্যিক আইন আৰু বিশেষ অৰ্থনৈতিক মণ্ডলৰ সৃষ্টিযে বৈদেশিক বাণিজ্যত বিস্ময়কৰভাৱে বৃদ্ধি ঘটাইছিল। বিদেশৰ প্ৰত্যক্ষ বিনিযােগৰ বাবে চীন আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যস্থল হিচাপে পৰিগণিত হৈছে।

8. ক্ষমতাৰ তিনিটা প্ৰধান বিকল্প কেন্দ্ৰৰ ভূমিকা বিষযে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ ইউৰােপীয় সংঘ :- ছােভিয়েট ৰাছিয়া বিভাজনৰ পিছত আমেৰিকাই বিশ্বৰ একমাত্ৰ মহাশক্তিৰ দেশত পৰিণত হৈছিল। ইউৰােপীয় সংঘ বিশ্বৰ আটাইতকৈ ধনী অৰ্থব্যৱস্থাৰ অধিকাৰী। ইয়াৰ ২০০৫ চনত আয় আছিল ১২ নিযুত কৌটি। ইউৰােপীয় সংঘৰ মুদ্ৰা ইউৰােই আমেৰিকাৰ ডলাৰৰ প্ৰভুত্বৰ ক্ষেত্ৰত বিপদ সৃষ্টি কৰিব পাৰে। ইয়াৰ অৰ্থ ব্যৱস্থাৰ প্ৰভাৱ ওচৰ চুবুৰীয়া দেশৰ ওপৰত পৰাৰ লগতে এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহৰ ওপৰতাে পৰিছে। ইউৰােপীয় সংঘৰ। সন্মিলিত সামৰিক শক্তি বিশ্বৰ ভিতৰত দ্বিতীয় বৃহত্তম শক্তি। ইউৰােপীয় সংঘৰ প্ৰধান দুখন ৰাষ্ট্ৰ ব্ৰিটেন আৰু ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য।

এছিয়ান ৰাষ্ট্ৰসমূহ :- দক্ষিণ – পূৰ্ব এছিয়াৰ ৰাষ্ট্ৰসমূহে এছিয়ান গঠন কৰে। এই অঞ্চলৰ পাঁচখন ৰাষ্ট্ৰ ইণ্ডোনেছ্যিা, মালযেছ্যিা, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ডে বেংকক ঘােষণা পত্ৰত স্বাক্ষৰ কৰি ১৯৬৭ চনত এছিয়ান প্ৰতিষ্ঠা কৰিছিল।

চীন :- চীনদেশ অৰ্থনীতি আমেৰিকাৰ অৰ্থনীতিৰ তুলনাত অধিক শক্তিশালী হ’ব পাৰে। নিজ ভৌগােলিক অঞ্চলৰ বিভিন্ন ৰাষ্ট্ৰৰ। অৰ্থনৈতিক ব্যৱস্থাৰ মাজত সমন্বয় সাধন কৰাৰ জৰিয়তে পূব এছিয়াৰ অৰ্থনৈতিক প্ৰগতিৰ লগত অন্যান্য উপাদান যেনে জনসম্পদ, ভৌগােলিক পৰিসৰ, সম্পদৰাজি আদিযে ইয়াৰ প্ৰতিপত্তি আৰু বৃদ্ধি কৰিছে আৰু চীনদেশক বিশ্বৰ ক্ষমতাৰ তৃতীয় বৈকল্পিক উৎস হিচাপে গঢ়ি তুলিছে।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top