বর্ষা বর্ণন | Chapter 1 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 1 Notes | SEBA Class 12 HS Advance Assamese Chapter 1 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 1 বর্ষা বর্ণন | HS 2nd Year Advance Assamese Questions and Answers Assam


বর্ষা বর্ণন
(শ্ৰীমন্ত শংকৰদেৱ)

পদ্যাংশ

গ্রীষ্ম গৈল ঋতু আসি বাৰিষা মিলিল’। এই বর্ষা ঋতুৰ বৰ্ণনা শ্ৰীশঙ্কৰদেৱে কেনেদৰে দিছে তােমাৰ নিজৰ ভাষাত লিখা।
নাইবাঃ শংকৰদেৱৰ ‘বর্ষা বর্ণন’ত বাৰিষাকালৰ যি বর্ণনা দিছে, তাৰ এটি চমু বিৱৰণ তােমাৰ নিজৰ ভাষাত লিখা।
নাইবাঃ “পশু – পর্ষী বৃক্ষৰাে আনন্দে মগ্ন মন। বাৰিষা ঋতুৰ শ্ৰীক চান্তে ঘনে ঘন।” – এই উক্তিৰ আলম লৈ শ্ৰী শংকৰদেৱৰ বর্ষা ঋতুৰ বৰ্ণনাৰ এটি চমু বিৱৰণ তােমাৰ নিজৰ ভাষাত লিখা।
অথবাঃ ‘বর্ষা বর্ণন’ কবিতাটিৰ মাজেৰে। বর্ষাকালৰ চিত্ৰ কিদৰে প্ৰকাশ পাইছে, আলােচনা কৰা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ বর্ষা বর্ণন কাব্যাংশ দশম স্কন্ধ ভাগৱতৰ পৰা অনা হৈছে। কাব্যাংশত বাৰিষা কালৰ এটি মধুৰ চিত্র কবিযে। অংকন কৰিছে।

গ্রীষ্মকালৰ অৱসানৰ অন্তত বর্ষাকাল আৰম্ভ হ’ল। বর্ষাকালত আকাশত সূৰ্যৰশ্মি বিচিত্র ৰূপত প্রকাশিত হয়। তীৰ বেগী বতাহৰ প্ৰবল শব্দত কাৰাে মাত – বােল নুশুনা হয়। সমগ্র আকাশখনি মেঘেৰে ঢাক খাই থাকে। মেঘে মেঘে হােৱা সংঘর্ষত উৎপন্ন হােৱা বিজুলীযে সকলােৰে চকু ছাট মাৰি ধৰে। চন্দ্র, সূর্য, অনু, নক্ষত্রৰাজি আকাশত হেৰাই। যায়। বছৰৰ আঠ মাহ সময়ত সূৰ্যৰ তাপে আহৰণ কৰা জলীয়। ভাপখিনি বাৰিষা কালতেই সূর্যই এৰি দিয়ে। মুথলধাৰে হােৱা বৰষুণৰ পানীযে পৃথিৱী ধুৱাই নিযে, খাল – বাম একাকাৰ কৰি তােলে। জান – জুৰিৰে পানী প্রবাহিত হয়।

গ্রীষ্মৰ প্ৰথৰ উত্তাপত শুকাই যােৱা সকলােবােৰ বস্তুৱেই বাৰিষাৰ জীপাল পৰশত ঠন ধৰি উঠে। সেউজ প্রকৃতিষে মনােমােহা সাজ ধাৰণ কৰে। মেঘৰ নাদ শুনি ভেকুলীবােৰে টোৰ – টোৰাবলৈ ধৰে। গছ – লতা, ফুলে – ফলে পৃথিৱী জাতিষ্কাৰ হৈ উঠে। ঠায়ে ঠাযে বেঙছতা বা কাঠফুলাই শােভাবর্ধন কৰে। মেঘৰ গুৰু গুৰু শব্দত মৰা চৰাযে চালি। ধৰি নাচে। গছৰ শিপাই পানী পােৱাত ডাল – পাতবােৰৰ শ্ৰীবৃদ্ধি হয়। ফল – মূল ভক্ষণ কৰি গছৰ ডালে – ডালে চৰাই – চিৰিকটিবােৰে গীত গাই নাচি ফুৰে আৰু এনে গীতৰ সুৰ শুনি বনৰ হৰিণাও আত্মহাৰা হয়। একেদৰে বাৰিষা কালত পশু – পক্ষী, গছ – লতিকা সকলােৱে যেন এক নতুন জীৱন লাভ কৰে।

বাৰিষাকালত বসুমতিৰ ৰূপ মােহনীয় হৈ উঠে। লহপহকৈ বাঢ়ি অহা শস্য দেখি কৃষকৰাে শুকান মুখত হাঁহি বিৰিঙি উঠে। বাৰিষাৰ নতুন পানীত জল – স্থলবাসীযে স্নান কৰি যেন এক নতুন জীৱন লাভ কৰে। বাৰিষাৰ এনে মধুৰ সৌন্দর্যত গােপ শিশুসকলাে আত্মহাৰা হৈছে। বাৰিষাৰ এই শ্রী দেখি শ্রীকৃষ্ণই প্রশংসা কৰিছে।

Very Short Type Questions and Answers (Marks : 1)

1. ‘বর্ষা বর্ণন’ কবিতাংশ ভাগৱতৰ কোনটো স্কন্ধত পােৱা যায়?
উত্তৰঃ ভাগৱতৰ দশম স্কন্ধত।

2. পৰীক্ষিত ৰজাৰ আগত কোনাে বর্ষাৰ বৰ্ণনা দিছিল?
উত্তৰঃ শুকমুনিয়ে।

3. ‘লাগৈ তিৰিমিৰি আসি চক্ষুত ঝমক’ –’তিৰমিৰি’ শব্দৰ অর্থ কি?
উত্তৰঃ তিৰবিৰণি।

4. শ্ৰীমন্ত শংকৰদেৱৰ নাম প্ৰসংগমূলক এখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ কীৰ্ত্তন ঘােষা।

5. ‘আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ তত্ব।’ –’সত্ব’ শব্দই কি বুজাইছে?
উত্তৰঃ পৃথিৱীৰ ৰস বা জীপ বুজাইছে।

6. ‘নানাবিধ বস্ত্রে কাঁচি – পাৰি সামৰাজ।’ –সামৰাজ মানে কি?
উত্তৰঃ সমজুৱা, সভাসদ।

7. ‘নিৰন্তৰে মেঘগণে বৰষিল জল।।’ –কেতিয়া?
উত্তৰঃ বাৰিষা কালত।

8. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা শ্রেষ্ঠ গ্রন্থখনৰ নাম লিখা।
উত্তৰঃ কীৰ্ত্তন ঘােষা।

9. ‘যেন মহামহন্তে দুখীক দিলা দান।।’ –এই দান কিহৰ লগত তুলনা কৰিছে?
উত্তৰঃ খাল – বাম ভৰি উপচি পৰা বাৰিষাৰ পানীৰ লগত।

10. পৰীক্ষিত ৰজা কাৰ পুতেক?
উত্তৰঃ পৰীক্ষিত ৰজা মহাভাৰতখ্যাত অভিমন্যুৰ পুতেক।

11. ‘যান্ত কৃষ্ণে গােষ্ঠক আগত ধেনু লৈ ‘ –ইত গােষ্ট কি অর্থত ব্যৱহাৰ হৈছে?
উত্তৰঃ ‘গৰু বন্ধা ঠাই’ অর্থত।

12. ‘মুষলধাৰে মেঘ বৰষিল’। -ইয়াত মুষলধাৰ কি অৰ্থত ব্যৱহাৰ হৈছে?
উত্তৰঃ ইয়াত মুষলধাৰ শব্দই ডাঙৰ ডাঙৰ টোপালেৰে অহা বৰষুণক বুজাইছে।

13. বেঙছতা কি?
উত্তৰঃ বেঙছতা মানে কাঠফুলা।

14. নির্গুণ ইন্দ্রধনুৰ বৰণ কেইটা?
উত্তৰঃ পাঁচটা।

15. বর্ষা বর্ণন কাব্যাংশ কোন পুথিৰ পৰা অনা হৈছে?
উত্তৰঃ বর্ষা বর্ণন কাব্যাংশ শ্ৰীমন্ত শংকৰদেৱৰ দশম স্কন্ধ ভাগৱতৰ পৰা অনা হৈছে।

16. শ্ৰীমন্ত শংকৰদেৱৰ এখন কাব্য গ্রন্থৰ নাম লিখা।
উত্তৰঃ ‘ৰুক্মিণী হৰণ’।

17. ‘গ্রীষ্মত আছিল শুথাই ৰৌদ্রতাপ সহি’। -কোনে ৰৌদ্র তাপ সহিছিল?
উত্তৰঃ পৃথিৱীখনে ৰৌদ্রতাপ সহিছিল।

18. শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ডৰ পদ ভাঙনি কৰিছিল?
উত্তৰঃ উত্তৰাকাণ্ডৰ।

19. বর্ষা বর্ণন কাব্যাংশ কোনে কাৰ আগত বর্ণন কৰিছে?
উত্তৰঃ বর্ষা বর্ণন কাব্যাংশ শুকুমনিযে পৰীক্ষিত ৰজাৰ আগত কৈছে।

20. শংকৰদেৱৰ শেষ নাটকখনৰ নাম লিখা।
উত্তৰঃ ৰাম – বিজয়।

21. ‘পর্বতৰ নিৰঝৰৰ নাদ শুনি অতি ‘। – নিৰঝাৰ মানে কি?
উত্তৰঃ নিৰঝাৰ মানে নিজৰা, জুৰি।

22. শ্ৰী শংকৰদেৱ কোন যুগৰ কবি?
উত্তৰঃ শংকৰী যুগৰ কবি।

23. শুকমুনি কোন?
উত্তৰঃ শুকমুনি মহাভাৰত প্ৰনেতা বেদব্যাসৰ পুত্র।

24. বর্ষা বর্ণন কবিতাটিৰ কবিজনৰ এখন কাব্যগ্রন্থৰ নাম লিখা।
উত্তৰঃ ‘ৰুক্মিণী হৰণ কাব্য’।

25. গুৱালী পলু কি?
উত্তৰঃ গুৱালী পলু এবিধ পােক, ইহঁতৰ বৰণ ৰঙা।

Long Type Questions and Answers (Marks : 4)

1. ‘বহৱৈ বিপথে আতি ক্ষুদ্ৰ নদী যত।
কৰৈ অকাৰ্যক যেন ধনৰ গৰ্বত।।’ — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘বৰ্ষা। বৰ্ণন’ কাব্যাংশৰ অন্তৰ্গত।

প্ৰসংগঃ বাৰিষা কালত পানীৰে উপচি পৰা সৰু সৰু নদীবােৰেও কিদৰে অপকাৰ সাধন কৰে তাকে কবলৈ যাওঁতে কাব্যকৰে তুলনাৰে কথাষাৰিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ বাৰিষা কালত ধাৰাসাৰে বৰষুণ হয়। বৰষুণৰ পানীৰে নৈ নিজৰা, বিল খাল ভৰি পৰে। প্ৰবল বাৰিধাৰাত ওফন্দি উঠা নৈবােৰ তেতিয়া পাৰ। বাগৰি যেনি তেনি ববলৈ ধৰে। ইয়াৰ ফলত থেতি বাতি, বাট পথ নষ্ট হয়, বাট পথত চলাচল ব্যাহত হয়। নদ নদীৰ এনে কাৰ্যক কবিয়ে ‘বহৱৈ বিপথে বুলি কৈ তাৰ লগত ধনৰ গৰ্বত ওফন্দি ফুৰা লােকসকলে কৰা অকাৰ্যক তুলনা কৰিছে। ধনৰ গৰ্বত ওফন্দি ফুৰা লােকসকলে ধনৰ গৰ্বতে নানান অকাৰ্য আৰু অশালীন কামবােৰ কৰে। ক্ষুদ্ৰ নদীবােৰৰ অকাৰ্যক এই লােকসকলৰ তেনে কাৰ্যৰ লগত তুলনা কৰিছে। ক্ষুদ্ৰ নদীবােৰৰ বিপথে বৈ যােৱা পানীয়ে যিদৰে আনৰ অপকাৰ কৰে, তেনেদৰে ধনীৰ অকাৰ্যযাে আনৰ প্ৰভূত অপকাৰ কৰে ৷

2. পঞ্চবৰ্ণে ৰঞ্জিত নিষ্ঠুণ ইন্দ্ৰধনু।
গুনৱন্ত মেঘত প্ৰকাশে পুনু পুনু।।
যেন তিনি গুনময় জগত যতেক।
নিৰ্গুণ পুৰুষ তাত প্ৰকাশে প্ৰত্যেক।। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উল্লেখিত কবিতাৰ স্তৱকটি কবি শ্ৰীমন্ত শংকৰদেৱে ৰচনা ‘বৰ্ষা বৰ্ণন ‘ কাব্যাংশৰ পৰা তুলি অনা হৈছে।

প্ৰসংগঃ কবিয়ে বৰ্ষাকালত সৃষ্টি হােৱা। সন্দৰ্যৰ বিষয়ে কবলৈ গৈ এক তাত্ত্বিক কথাৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ কবিৰ মতে বাৰিষাৰ মেঘ গুনৱন্ত। কাৰণ মেঘে গাজে, সেই গাজনিত বিজুলীৰ উৎপত্তি হয়, ঢেৰেকণিৰ সৃষ্টি হয় আৰু ইয়াৰ ফলস্বৰূপে প্ৰচুৰ বৰষুণ হয়। সেই বৰষুণে পৃথিৱী সজীৱ কৰি তােলে। সূৰ্যৰ ৰশ্মিৰ মাজেদি সৰকি অহা বৰুষণৰ কণিকাই আকাশত ৰামধেনুৰ সৃষ্টি কৰে। সেই ৰামধেনু শূন্যত ভাঁহি থাকে। এই ৰামধেনু নিৰ্গুণ যদিও গুনৱন্ত। মেঘতহে হয় প্ৰতিফলিত হয়। কবিৰ এই মন্তব্যৰ অন্তৰ্নিহিত তাৎপৰ্য হ’ল সমগ্ৰ সৃষ্টিয়েই গুনময়। গুণ তিনিটা – সত্ব, ৰজ আৰু তম। জগতৰ প্ৰতিটো অনু – পমানুতে এই তিনিবিধ গুণৰ প্ৰকাশ ঘটে। সেই দিশৰ পৰা চালে সমগ্ৰ জগতথনেই গুণাত্মক। এই গুণাত্মক জগতখনত কিন্তু প্ৰতিটো বস্তুৰ মাজতে নিষ্ঠুণ ইন্দ্ৰধনু বা ৰামধেনুৰ প্ৰকাশ ঘটাৰ দৰে নিৰ্গুণ পৰম ব্ৰহ্ম বা ভগৱানৰ ৰূপাে জগতৰ প্ৰতিটো গুণাত্মক বস্তুৰ মাজতে প্ৰকাশিত হয়।

3. যেন গৃহবাসী দুথে পৰম তাপিত।
হৰি ভকতিক পাইলে শান্ত হােৱৈ চিত।। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘বৰ্ষা বৰ্ণন’ নামৰ কাব্যাংশৰ অন্তৰ্গত।

প্ৰসংগঃ বাৰিষা কালত মেঘৰ মাত শুনি মযুৰ চৰায়ে কিদৰে আনন্দত নাচিবলৈ ধৰে তাকে কবলৈ যাওঁতে কবিয়ে এক মাধ্যাত্মিক তত্বৰে তুলনা কৰি। এনেদৰে উল্লেখ কৰিছে।

ব্যাখ্যাঃ খৰালি কালত ময়ূৰ চৰায়ে নাচ নানাচে। কাৰণ মেঘৰ মাত শুনিলেহে সিহঁতে আনন্দ পায় ; আনন্দত চালি ধৰি নাচিবলৈ ধৰে।মেঘৰ মাত নুশুনা পৰ্যন্ত যেন সিহঁতৰ মনত বৰ দুখ আৰু মেঘৰ মাত শুনাৰ লগে লগেই যেন সিহঁতৰ সেই দুখ আঁতৰি যায়। হৃদ্য শান্ত হৈ পৰে। ঠিক তেনেদৰে সাংসাৰিক দুখ – কষ্টৰে মানুহৰ অন্তৰ সদায় জৰ্জৰিত, তাপিত কৰি ৰাখে। তেনে অৱস্থাত মানুহক একমাত্ৰ সন্তৱনা দিব পাৰে, তাপিত হৃদ্য শাত পেলাব পাৰে হৰি ভকতিয়েহে। হৰি ভকতিত যি সদায় একান্ত ৰত সাংসাৰিক দুথ – কষ্ট, জ্বালা – যন্ত্ৰণাৰ মাজতাে তেওঁ শান্ত লাভ কৰে। এই কথাৰে কবিয়ে হৰি ভকতিৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব বিচাৰিছে।

4. ‘নাদ শুনি মেঘৰ বেঙৰ ৰােল চড়ে।
গুৰু পাঠ দিলে যেন শিষ্যে পাছে পড়ে’।। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ  সংগতিঃ উল্লেখিত কাব্যাংশ শ্ৰীমন্ত শংকৰদেৱ ৰচিত ‘ বৰ্ষা বৰ্ণন’ ৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ কবিয়ে বৰ্ষা ঋতুৰ ৰূপ বৰ্ণনা কৰিবলৈ গৈ এটি। চিত্ৰৱৎ উপমা কবিতাফাকিৰ জৰিয়তে দাঙি ধৰিছে।

ব্যাখ্যাঃ বৰ্ষা ঋতুৰ মেঘৰ গুৰু গম্ভীৰ গাজনীয়ে বৰষুণৰ বতৰা কঢ়িয়াই আনে। মেঘৰ গাজনীৰ শব্দ শুনি খাল বিলত থকা ভেকুলীবােৰে আনন্দত। টোৰটোৰাবলৈ ধৰে। বৰষুণৰ বাবে অপেক্ষা কৰি থকা ভেকুলীবােৰে মেঘৰ শব্দ শুনিয়েই একেলগে মাতি আনন্দ প্ৰকাশ কৰে। কবিয়ে মেঘৰ নাদ শুনি ভেকুলিয়ে টোৰটোৰােৱা কাৰ্যৰ লগত পাঠশালাত গুৰুৱে পাঠ শিকাই যােৱাৰ লগে লগে শিষ্যসমূহক ভেকুলীৰ লগত তুলনা কৰি কবিয়ে অতি স্বাভাৱিক ৰূপত বৰ্ষাকালৰ এখনি চিত্ৰ অংকন কৰিছে।

5. ‘ আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ব।
দুনাই সূৰ্যে এৰি দেন্ত বাৰিষা কালত।। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ  সংগতিঃ উদ্ধৃত পদফাকি মহাপুৰুষ শংকৰদেৱ বিৰচিত দশমস্কন্ধ ভাগৱতৰ পৰা লােৱা ‘ বৰ্ষা বৰ্ণন’ কাব্যাংশৰ অন্তৰ্গত।

READ MORE  চুটিগল্প সাহিত্য | Chapter 16 | Part-2 | Class 12 Advance Assamese - AHSEC

প্ৰসংগঃ বাৰিষাৰ প্ৰকৃতিৰ পৰিৱৰ্তন বৰ্ণনা কৰিবলৈ গৈ মহাপুৰুষ জনাই কাব্যাংশত এনেদৰে উল্লেখ কৰিছে।

ব্যাখ্যাঃ বছৰৰ বাৰ মাহৰ জেঠ, আহাৰ, শাওন, ভাদ এই চাৰি মাহক। সাধাৰণতে বাৰিষা বােলে আৰু বাকী আহিন, কাতি, আঘােণ, পুহ, মাঘ, ফাগুন, চ’ত আৰু বহাগ এই আঠ মাহক খৰালি কাল বা শুকান বতৰ বােলে। এই আঠ মাহত সূৰ্যই পৃথিৱীৰ ৰস পানী ভাপৰূপে শুহি নিয়ে আৰু বাৰিষাকালত পুনৰ বৰষুণ ৰূপে সেই ভাপবােৰ এৰি দিয়ে। তেতিয়াই শুকান পৃথিৱী পুনৰ পানীৰে উপচি পৰে।

6. যদ্যপি মূষলধাৰে মেঘে বৰষিল।
তথাপি পৰ্বতে পীড়া কিছু নাজানিল।
যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ।
তাক যেন লঙিঘবে নাপাৰে দুঃখ ক্লেশ। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ  উল্লিখিত কবিতাৰ স্তৱকটি শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘বৰ্ষা বৰ্ণন’ কাব্যাংশৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ বৰ্ষা কালৰ সৌন্দৰ্যৰ বিষয়ে কবলৈ গৈ কবিয়ে এনেদৰে এটি তাত্বিক কথাৰ অৱতাৰণা কৰিছে। একান্ত ভকতসকলে পাৰ্থিৱ দুথ – কষ্টত জৰ্জৰিত হৈও যে কৃষ্ণ ভক্তি ৰসত ডুব গৈ থাকে তাৰ উপমা স্বৰূপে কবিয়ে বৰষুণে পৰ্বতৰ কোনাে। ক্ষতি কৰিব নােৱাৰা কথাৰ অৱতাৰণা কৰিছে।

ব্যাখ্যাঃ বৰ্ষা কালত আকাশ ঘনঘােৰ মেঘেৰে আবৃত হৈ থাকে। এনে মেঘৰ পৰা বাৰিষা কালত হােৱা মুষলধাৰ বৰ্ষণত কিন্তু পৰ্বতৰ কোনাে হানি – বিঘিনি নহয়, পৰ্বত নিৰ্বিবাদে সকলাে বাৰিপ্ৰপাত মূৰ পাতি লয়। ঠিক একেদৰে যি সকলৰ হৃদ্য অকান্তভাৱে ভগৱানৰ পদপান্তত অৰ্পিত হৈছে, যাৰ চিত্ত ল্য। ঠিক একেদৰে যি সকলৰ হৃদয় একান্তভাৱে ভগৱানৰ পদপ্ৰান্তত অৰ্পিত হৈছে, যাৰ চিত্ত সম্পূৰ্ণৰূপে ভগৱানৰ প্ৰতি আসক্ত পাৰ্থিৱ দুথ – ক্লেশ – যাতনাই তেওঁক কৃষ্ণ ভক্তি পথৰ পৰা কমানাে বিচ্যুত কৰিব নােৱাৰে। ওখ পৰ্বতবােৰে বৰষুণৰ আঘাত নিৰ্বিবাদে সহয় কৰিব পৰাৰ দৰে একান্ত ভকতসকলেও সাংসাৰিক দুথ – কষ্ট ভগৱানৰ দান বুলি মানি লৈ ভগৱানৰ ভক্তিত অনুৰক্ত হৈ থাকে।

7. যেন যিটো চৈতন্য প্ৰকাশে অহংকাৰ।
সেহি অহংকাৰে ঢাকে জৌতি জীৱাত্মাৰ।। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ  উদ্ধৃত কবিতাফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘বৰ্ষা বৰ্ণন’ নামৰ কাব্যাংশৰ অন্তৰ্গত।

প্ৰসংগঃ বাৰিষা কালত মেঘে চন্দ্ৰ সূৰ্যৰ জ্যোতি কিদৰে ঢাকি ধৰি অন্ধকাৰময় কৰি তােলে এই কথা বৰ্ণনা কৰিবলৈ যাওতে তুলনামূলকভাৱে এই। কবিতাফাকি উল্লেখ কৰিছে।

ব্যাখ্যাঃ চন্দ্ৰ সূৰ্য্যৰ জ্যোতি সদায় বিৰাজমান। তথাপি তাৰ জ্যোতি সময়িকভাৱে হ’লেও বাৰিষা কালৰ কলীয়া ডাৱৰে ঢাকি নেদেখা কৰি পেলায়, চন্দ্ৰ সূৰ্যৰ জ্যোতি ম্লান কৰি পেলায়। ঠিক তেনেদৰে জীৱৰ জ্যোতিত চিৰ বিৰাজমান। যি ব্যক্তি অহংকাৰ শূণ্য, বিনী, সৎ জ্ঞানী, তেওঁৰ শৰীৰত জীৱত্মাৰ এই জ্যোতি প্ৰতিভাত হয়। সেই জ্যোতিয়ে তেওঁক আলােকিত কৰে, কিন্তু যিজন ব্যক্তি অহংকাৰী, অসৎ তেওঁৰ সেই জ্যোতি অহংকাৰে ঢাকি ধৰে, নাশ কৰে। তেওঁ সংসাৰত অন্ধকাৰত পতিত হয়। কবিয়ে উক্ত কবিতাফাকিৰে মানৱ জীৱনৰ এক তাৎপৰ্যপূৰ্ণ আধ্যাত্মিক তত্ব দাঙি ধৰিছে।

8. “যেন যিটো যােগীৰ নুগুচৈ কাম কষ্ট।
বিষয়ক পাইলে পুনৰপি হৱৈ ভ্ৰষ্ট।।” — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ  সংগতিঃ উদ্ধৃত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘বৰ্ষা বৰ্ণন’ নামৰ কাব্যাংশৰ অন্তৰ্গত।

প্ৰসংগঃ বৰ্ষা কালৰ বৰ্ণনা দিবলৈ যাওঁতে বিভিন্ন উপমা প্ৰয়োগ কৰি এনেদৰে উল্লেখ কৰিছে।

ব্যাখ্যাঃ বাৰিষাৰ ঘনঘােৰ দিনবােৰত ধাৰাষাৰে হােৱা বৰষুণৰ ফলত নদ নদীবােৰ ফেনে ফুটুকাৰে উপচি পৰে। নদ নদী মিলি সাগৰ সদৃশ সংগম স্থলত বিপুল ঢৌ আৰু সোঁতৰ সৃষ্টি কৰে। নাদিবােৰৰ এনে প্লাৱন প্ৰয়াসী ৰূপৰ পৰা এনেহে অনুভৱ হয় যেন তপস্যাৰত কোনাে যােগীয়ে বিষয় বাসনাতে আবদ্ধ হৈ পৰে। বৰ্ষাৰ পূৰ্বৰ শান্ত সৌম্য নদীক কবিয়ে তপস্যাৰত যােগীৰ লগত আৰু বৰ্ষাৰ বাৰিধাৰাৰে প্লাৱিত নদ নদীক যােগীৰ বিষয় বাসনাত মত্ত অৱস্থাৰ লগত তুলনা কৰিছে।

9. নাকলিয় চন্দ্ৰ সূৰ্য্য জ্যোতি তাৰাগণ।।
যেন জীৱ আত্মা শৰীৰতে ভৈলা ছন।। — প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি মহাপুৰুষ শ্ৰী শংকৰদেৱ বিৰচিত ‘বৰ্ষা বৰ্ণন’ কাব্যাংশৰ অন্তৰ্গত।

প্ৰসংগঃ বাৰিষাকালত মেঘৰ আন্দোলনৰ কাৰণে চন্দ্ৰ সূৰ্য নেদেখা হােৱাৰ অৱস্থাটোক এক আধ্যাত্মিক তুলনাৰে কবিয়ে উল্লেখ কৰিছে।

ব্যাখ্যাঃ জীৱিত মানুহৰ শৰীৰত জীৱ আত্মা সততে থাকে। কিন্তু পাৰ্থিৱ আশা আকাংক্ষা, মায়া মমতা, লােভ মােহে আমাক এনেভাৱে আচ্ছন্ন কৰি। ৰাখে যে আমাৰ শৰীৰত লুকাই থকা জীৱাত্মাৰ কথা আমি অনুভৱেই নকৰোঁ। চন্দ্ৰ সূৰ্য আকাশত সততে থাকে। কিন্তু বাৰিষা কালত আকাশ মেঘে এনেদৰে ছানি ধৰে যে চন্দ্ৰ সূৰ্যকতাে দেখা পােৱা নাযায়েই আনকি তাৰ পােহৰাে দেখিবলৈ পােৱা নাযায়। এই বাৰিষা কালৰ মেঘে ঢাকা। চন্দ্ৰ সূৰ্যৰ লগত সাংসাৰিক মায়া মমতাই আৱৰি ৰখা জীৱাত্মাক আৰু মায়া মমতাক মেঘৰ লগত কবিয়ে তুলনা কৰি এক আধ্যাত্মিক তাৎপৰ্য দাঙি ধৰিছে।

Long Type Questions and Answers (Marks : 3/4/5)

1. ‘যেন কলিযুগে বেদশাস্ত্ৰ ছন্ন। প্ৰকাশে পাষণ্ডে শুনৈ তাৰেসে বচন।।’
–তাৎপৰ্য বিচাৰ কৰা।
উত্তৰঃ ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বৰ্ষাৰ ভয়াৱহ আৰু মনােৰম ৰূপৰ মাজেদি কবিয়ে কিছুমান তাত্বিক কথাৰ অৱতাৰণা কৰিছে। বৰ্ষাৰ আগমনৰ লগে লগে সমগ্ৰ আকাশ ঘনঘােৰ মেঘেৰে আবৃত হৈ থাকে আৰু সেয়ে চন্দ্ৰ সূৰ্য আৰু নক্ষত্ৰৰাজি আকাশত দৃশ্যমান নহয়। আকাশত কেৱল মেঘে মেঘে হােৱা সংঘৰ্ষৰ ফলত সৃষ্টি হােৱা জুইৰ আঙনি বা বিজুলীয়েহে প্ৰকাশ লাভ কৰে।

একেদৰে কলিযুগত পৰম সত্যৰ সন্ধান দিব পৰা বেদ শাস্ত্ৰ (বেদ – গীতা – ভাগৱত আদি) অদৃশ্য বা আবৃত হৈ থাকে। অৰ্থাৎ সেই পৰম সত্য সততে বােধগম্য নহয়। মাথােন বেদশাস্ত্ৰ জনা বুলি যহাই ফুৰা পাষণ্ড অৰ্থাৎ ভাগৱত বিমুখী লােকসকলে যি ক্য অথবা বেদৰ যি বিপজ্জনক ব্যাখ্যা কৰে তাকেই লােকে শুনে। কবিয়ে জুইৰ আঙনি সৃষ্টি কৰা বাৰিষাকালক কলিযুগ আৰু জ্যোতিষ্মান নক্ষত্ৰৰ পােহৰক বেদশাস্ত্ৰৰ লগত তুলনা কৰিছে।

2. “যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ। তাক যেন লঙ্ঘিবে নপাৰে দুখ ক্লেশ।”
–কথাষাৰি বুজাই লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কবিতাৰ মাজেৰে বাৰিষা কালৰ বৰ্ণনা দিবলৈ গৈ নানান উপমাৰে তাক মনােৰম কৰি তুলিছে।

বাৰিষা কালত ধাৰাসাৰে বৰষুণ হয়। বৰষুণৰ উৎপাতত প্ৰকৃতিৰ যিদৰে উপকাৰ হয়, সেইদৰে অনেক অপকাৰাে হয়। কিন্তু বাৰিষাৰ বৰষুণে পৰ্বতৰ একো হানি – বিঘিনি কৰিব নােৱাৰে। বাৰিষাৰ। বৰষুণৰ সকলাে অত্যাচাৰ, দুখ – কষ্ট পৰ্বতে নিৰ্বিবাদে মােৰ পাতি ল্য, সহয় কৰে।

ঠিক তেনেদৰে যিসকলৰ হৃদ্য অকান্তভাৱে ভগৱানৰ পদত নিয়ােজিত হৈছে তেওঁলােকক পাৰ্থিৱ দুখ – যাতনাই একো কৰিব নােৱাৰে। স্থিৰ পৰ্বতৰ দৰে তেওঁলােকে কৃষ্ণ ভক্তিৰ বলত ধীৰ – স্থিৰ অবিচলিত হৈ। থাকে। কোনাে ক্ষেত্ৰতেই সাংসাৰিক দুখ – ক্লেশে তেওঁলােকক লঙিঘব নােৱাৰে।

3. “যেন গৃহবাসী দুথে পৰম তাপিত।
হৰি ভকতিক পাবলৈ শান্ত হােৱৈ চিত।।’
–কথাষাৰিৰ তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন উপমাৰে তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কবিতাটিত বাৰিষা কালৰ মনােৰম চিত্ৰ এটি দাঙি ধৰিছে।

বাৰিষা কালৰ আগে আগে গ্ৰীষ্মকালত ৰদৰ প্ৰথৰ তাপত প্ৰকৃতিৰ সকলাে বস্তু, জীৱ – অন্ত আদি শুকাই – থিনাই অতিষ্ঠ হৈ পৰে। দেহ – মন তাপিত হৈ পৰে। কিন্তু বাৰিষা বৰষুণৰ পানী পােৱাৰ লগে লগেই সকলাে শান্ত হৈ পৰে, সুন্দৰ হৈ পৰে।

ঠিক সেইদৰে যিসকল গৃহবাসী, সাংসাৰিক লােক, তেওঁলােকে সাংসাৰিক নানান দুখ – কষ্ট, অভাৱ – অভিযােগত সততে তাপিত হৈ থাকে ; মন – প্ৰাণ অশান্ত হৈ থাকে। কিন্তু তেওঁলােকে এনে অৱস্থাতাে।

যেতিয়াই হৰিভক্তিত মন নিয়ােজিত কৰে তেতিয়াই তেওঁলােকৰ এই সাংসাৰিক তাপ, দুখ – শােক আঁতৰি যায়, মন – প্ৰাণ শান্ত হৈ পৰে। কেৱল হৰিভক্তিয়েহে সংসাৰ – তাপিত লােকৰ চিন্তা শান্ত কৰিব পাৰে।

4. ‘কৰৈ অকাৰ্যক যেন ধনৰ গৰ্বত।’ –কবিয়ে কোনে অকাৰ্য কৰে বুলি কৈছে?
উত্তৰঃ বৰ্ষা ঋতু অহাৰ লগে লগে আকাশত ঘন মেঘ দেখা দিয়ে আৰু তাৰ লগে লগে ধাৰাসাৰে বৰষুণ হয়। বৰষুণৰ পানীত বিল – পুখুৰী, নৈ – নিজৰ উপচি পৰে। প্ৰবল বাৰিধাৰাত উফন্দি উঠা নৈবােৰ। তেতিয়া পাৰ ভাঙি পৱাহিত হয়। সেই প্ৰবাহিত পানী যেনি – তেনি বৈ গৈ খেতিপথাৰ নষ্ট কৰে, বাট – পথত চলাচল ব্যাহত কৰে। নদ -। নদীৰ এনে কাৰ্যক কবিয়ে ‘বহৱৈ বিপথে’ বুলি কৈ তাৰ লগত ধনৰ গৰ্বত উফন্দি ফুৰাসকলে কৰা অকাৰ্যৰ তুলনা কৰিছে। যিসকল ধনী মানুহ তেওঁলােকে ধনৰ জোৰতে নানা অশালীন আৰু অশােভনীয় কাম কৰে। কবিয়ে সেয়ে ক্ষুদ্ৰ নদীক ধনীৰ লগত আৰু নদীৰ পানী যেনি – তেনি বৈ যােৱা কাৰ্যক ধনী মানুহে কৰা অকাৰ্যৰ লগত তুলনা কৰিছে।

5. “গ্ৰীষ্মত আছিল শুখাই দৌদ্ৰতাপ সহি।।
বাৰিষা কালত দুনাই পুষ্ট ভৈল মহী।।”
– এই কবিতাৰ স্তৱকটো কোনগৰাকী কবিৰ ৰচনা? এই স্তৱকটোৰ মাজেদি কবিগৰাকীয়ে কি ক’বলৈ বিচাৰিছে, তােমাৰ ভাষাত বুজাই। লিখা।
উত্তৰঃ এই কবিতাৰ স্তৱকটো বৈষ্ণৱ কবি শ্ৰীমন্ত শংকৰদেৱৰ ৰচনা। কবিজনাৰ ‘বৰ্ষা বৰ্ণন’ কবিতাৰ এই স্তৱকটিৰ মাজেদি কবিয়ে গ্ৰীষ্ম আৰু বাৰিষা কালৰ পৃথিৱীৰ অৱস্থাৰ এটি ছবি দাঙি ধৰিব খুজিছে।

গ্ৰীষ্ম কালত প্ৰখৰ ৰদৰ তাপত পৃথিৱী আৰু ইয়াৰ গছ – গছনি, ঘাঁহ – বন আদি শুকাই যায়। সকলাে নিস্তেজ হৈ পৰে। কিন্তু বাৰিষা কাল অহাৰ লগে লগে বৰষুণৰ পনীয়ে এই সকলাে জীপাল কৰি তােলে। গছ – গছনি, ঘাঁহ – বনবােৰ সজীৱ আৰু পুষ্ট হৈ পৰে। শুকাই যােৱা নদ – নদী,. বিল – খাল, পুখুৰীসমূহ পানীৰে পুৰ হৈ পৰে।

6. ‘কৰিলে গুৱালী পলু ৰঙা থানে থান।। অসংখ্যাত বেঙছতা দেখি বিদ্যমান।।’
–’গুৱালী’ আৰু ‘বেঙছতা’ কি? কবিযে কি প্ৰসংগত ইহঁতৰ উল্লেখ কৰিছে, বুজাই লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘বর্ষা বর্ণন’ কাব্যাংশত ‘গুৱালী’। আৰু ‘বেঙছতা’ৰ উল্লেখ কৰিছে। গুৱালী এবিধ ৰঙা বৰণৰ পােক আৰু বেঙছত হ’ল কাঠফুলা। বাৰিষাকালৰ এটি সজীৱ আৰু বাস্তৱাণুগ বর্ণনা দিবলৈ গৈ শংকৰদেৱে এইবােৰৰ উল্লেখ কৰিছে।

বর্ষাৰ আৰম্ভৰ লগে লগে বৃষ্টিধাৰাই সমগ্র পৃথিৱী ঢৌৱাই পেলায়। শস্য শ্যামলা পৃথিৱীখনি কেউদিশে সেউজ ৰঙেৰে পৰিপূৰ্ণ হৈ উঠে। বর্ষাৰ। বাৰিধাৰাই পৃথিৱী কোমল কৰি তােলাৰ লাগে লাগে মাটিৰ তলত থকা গুৱালী পলুবােৰ জাকে জাকে ওলাই আহে। এই পলুবােৰৰ বৰণ ৰঙা। এই ৰঙা পলুবােৰে যেন ঠায়ে ঠাযে ৰঙৰ মেলাহে পাতে। আনহাতে বেঙছতা হ’ল কাঠফুলা। ই নীলা, সেউজীয়া, বগা বা কজলা বৰণৰ হয়। বর্ষাৰ আগমনৰ লাগে লাগে এই কাঠফুলাবােৰ গজি উঠি এক বর্ণাঢ্য শােভাৰ সৃষ্টি কৰে। কবিযে গুৱালী পলু আৰু বেঙছতাই সৃষ্টি কৰা শােভাৰাশি বৰষাৰে দান বুলি কৈছে।

READ MORE  বুৰঞ্জীৰ দৌৰাত্ম্য | Chapter 7 | Class 12 Advance Assamese - AHSEC

7. ‘বৰ্ষা বৰ্ণন’ কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাব বুজাই লিখা।
উত্তৰঃ ‘বৰ্ষা বৰ্ণন’ কবিতাটিত মহাপুৰুষ শংকৰদেৱে বিভিন্ন উপমাৰ প্ৰয়োগ ঘটাই অনেক তত্বমূলক কথা প্ৰকাশ কৰিছে। তাৰে দুটা উপমাৰ ভিতৰুৱা ভাব তলত বুজাই লিখা হ’ল—
ক) “যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ। তাক যেন লঙিঘবে নাপাৰে দুঃখ ক্লেশ।।”
ভিতৰুৱা ভাব:- কৃষ্ণত একান্তভাৱে যিজনৰ মন অৰ্পিত হৈ থাকে, তেওঁক সংসাৰৰ কোনাে দুখ – ক্লেশে তলাব নােৱাৰে। ঠিক তেনেদৰে মূলধাৰে দিয়া বৰষুণেও স্থিৰ, গহীন – গভীৰ পৰ্বতৰাে একে হানি – বিঘিনি কৰিব নােৱাৰে।

খ) “নাকলিয় চন্দ্ৰ – সূৰ্য জ্যোতি তৰাগণ। যেন জীৱ – আত্মা শৰীৰতে ভৈল চন।।”
ভিতৰুৱা ভাব:- শৰীৰতে জীৱ – আত্মা লুকাই থাকে। ইয়াক আমি। চকুৰে নেদেখোঁ। ঠিক তেনেদৰে মেঘে ঢাক আকাশত চন্দ্ৰ – সূৰ্য জ্যোতি তৰাগণক আমি চকুৰে নেদেখোঁ যদিও তাৰ ভিতৰতেই আকাশত এইসমূহ সদা বিদ্যমান হৈ থাকে।

8. ‘যেন যিটো যােগীৰ নুগুচে কাম কষ্ট। বিষয়ক পাইলৈ পুনৰপি হৱৈ ভ্ৰষ্ট।।’
–কবিতাফাকিৰ তাৎপৰ্য বিচাৰ কৰা।
উত্তৰঃ কবি শ্ৰীমন্ত শংকৰদেৱে ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বাৰিষাৰ ৰূপৰ বৰ্ণনা দিবলৈ গৈ কৈছে যে বাৰিষাৰ ঘনঘােৰ দিনবােৰত ধাৰাসাৰে। হােৱা বৰষুণৰ ফলত নদ – নদীবােৰ ফেনে – ফুটুকাৰে উপচি পৰে। নদ- নদী মিলি সাগৰসদৃশ সংগম স্থলত বিপুল ঢৌ আৰু সোঁতৰ সৃষ্টি কৰে। নদীবােৰৰ এনে প্লাৱন প্ৰয়সী ৰূপৰ পৰা এনেহে অনুভৱ হয় যেন তপস্যাৰত কোনাে যােগিয়ে বিষয় বাসনাত মত্ত হৈ সাধনাৰ সন্ধি হেৰুৱায়। কাৰণ কাম কষ্ট এৰা নিদিয়াৰ ফলত তেওঁ পুনৰ বিষয় – বাসনাতে আবদ্ধ হৈ পৰে। বৰ্ষাৰ পূৰ্বৰ শান্ত – সৌম্য নদীক কবিয়ে তপস্যাৰত যােগীৰ লগত আৰু বৰ্ষাৰ বাৰিধাৰাৰে প্লাৱিত নদ – নদীক যােগীৰ বিষয় – বাসনাত মত্ত অৱস্থাৰ লগত তুলনা কৰিছে।

9. ‘তপ উপবাসে দেহা আছিল শুকাই। দুনাই ভােগ ভূজিলাত আপুনি পুষ্টাই।।’
–কবিতাফাকিৰ তাৎপৰ্য কি?
উত্তৰঃ ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বাৰিষা কালৰ এটি মনােৰম বৰ্ণনা দিচ্ছে। এই প্ৰসংগতে তেওঁ কৈছে যে তপস্বী, সন্ন্যাসী সকলে ভগৱানক লাভ কৰিবলৈ উপবাসে থাকি নাখাই নবৈ কঠোৰ তপস্যা কৰে। উপবাসে তেনেকৈ তপস্যা কৰাৰ ফলত। তেওঁলােকৰ দেহা শুকাই – থিনাই যায়। তপস্যা সাধনৰ অন্তত পুনৰ ভালদৰে খােৱা – বােৱা কৰিলে তেওঁলােকৰ সেই শুকাই – খিনাই যােৱা দেহা পুনৰ পৰিপুষ্ট হৈ পৰে।

ঠিক তেনেকৈ গ্ৰীষ্মকালত বৰষুণৰ অভাৱত শুকাই যােৱা পৃথিবীও বাৰিষা কালত বৰষুণৰ পানী পাই পৰিপুষ্ট হৈ পৰে। অৰ্থাৎ বৰষুণৰ অভাৱত গ্ৰীষ্মকালত শুকাই যােৱা খাল – বিল, নৈ – নলা আদি বাৰিষাৰ পানীৰে পৰিপুষ্ট হয়।

10. ‘প্ৰশংসন্তে কৃষ্ণে বাৰিষাৰ শ্ৰীক চাই।। উপকাৰী প্ৰাণীৰ ইহঁতে পৰে নাই।।’ –কথাষাৰি কি প্ৰসংগত লােৱা হৈছে বুজাই লিখা।
অথবাঃ বৰ্ষা ঋতুৰ সৌন্দৰ্যই কৃষ্ণৰ লগতে গােপ সকলক কেনেদৰে বিমােহিত কৰিছিল, পাঠটিৰ আধাৰত লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কাব্যাংশৰ মাজেৰে বাৰিষা কালৰ মনােৰম বৰ্ণনা দাঙি ধৰিছে। গ্ৰীষ্মকালত শুকাই লেৰেলি পৰা গছ – গছনি, ঘাঁহ – বন বাৰিষাৰ বৰষুণৰ পানী পাই সজীৱ হৈ উঠে, প্ৰকৃতি সুন্দৰ হৈ পৰে। জীৱ – জন্তবােৰেও পানী পাই সাঁতুৰি – নাদুৰি উলাহত আনন্দিত হৈ পৰে। পানী খাবলৈ নাপাই কষ্ট পােৱা প্ৰাণীবােৰাে পানী পাই আনন্দিত হয়। বাৰিষা কালত হােৱা প্ৰকৃতিৰ এই মনােমােহা সৌন্দৰ্য দেখি লগৰীয়াসকলৰ সৈতে বৃন্দাবনত গৰু চৰাই থকা বালক কৃষ্ণই অতি। প্ৰশংসা কৰি কৈছে যে প্ৰকৃতিক ইমান সুন্দৰ কৰি তােলা বাৰিষাৰ দৰে পানী দি পৰম উপকাৰ সাধন কৰে।

11. ‘তথাপি পর্বতে পীড়া কিছু নজানিল’। -পর্বতে কিহৰ পীড়া নজনাৰ কথা কবিযে কৈছে আৰু কিয় কৈছে?
উত্তৰঃ একান্ত ভক্তসকলে পাৰ্থিৱ সকলাে দুথ – কষ্টত জর্জৰিত হৈও যে কৃষ্ণ ভক্তিত ৰত হৈ থাকে সেই কথাৰ উপমা দিবলৈ কবিযে বর্ষাকালৰ প্রবল বৰষুণে পৰ্বতৰ কোনাে ক্ষতিসাধন কৰিব নােৱাৰাৰ উপমা দাঙি ধৰিছে।

বর্ষা ঋতুৰ আগমনৰ লগে লগে প্রবল বৰিধাৰাই পৃথিৱী ঢৌত কৰি তােলে। সূর্যৰ তাপত ক্লিষ্ট হৈ থকা গছ-গছনিবােৰ বৰ্ষাৰম্ভৰ লগে লগে পুনৰ সজীৱ হৈ উঠে। বর্ষাকালত মুখলধাৰে বাৰিপ্ৰপাত ঘটে। এনে। প্রবল বৰষুণতাে কিন্তু পর্বতে কোনাে কাতি-কৃটা নকৰে, পর্বতে পূর্বৰ দৰে সকলাে বাৰীপ্রপাত মূৰ পাতি লয়। ঠিক এনেদৰে যিসকল হৃদ্য কৃষ্ণত অর্পিত হৈছে, যাৰ মন-প্রাণ সম্পূর্ণ ভগৱানৰ প্রতি আসক্ত, পাৰ্থিৱ দুখ-ক্লেশ জ্বালা-যন্ত্রণাই তেওঁক কণমানাে কৃষ্ণ ভক্তি পথৰ পৰা বিচ্যুত কৰিব নােৱাৰে৷ ওখ পর্বতে বৰষুণৰ আঘাত নির্বিবাদে সহয় কৰিব পৰাৰ দৰে একান্ত ভক্তজনেও সাংসাৰিক দুখ-কষ্ট ভগৱানৰ দান বুলি মানি লৈ ভগৱানৰ প্রতি অনুৰক্ত হৈ থাকে।

12. ‘যেন মহামহন্তে দুখীক দিলা দান।।’ –কথাষাৰিৰ তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত মহাপুৰুষ মাধৱদেৱে বাৰিষাকালৰ এটি মনােৰম বৰ্ণন দিছে।

বাৰিষা কালত প্ৰচণ্ড জোৰেৰে বতাহ বলিবলৈ ধৰে। গােটেই আকাশ মেঘ আৱৰি ধৰে, মেঘৰ ৰহুৰ গুৰগুৰ শব্দই কান তাল মাৰি ধৰে। বাৰে বাৰে মৰা বিজুলীৰ চিকমিকনিত চকু ছাট মাৰি ধৰে। মুষলধাৰে বৰষুণ দিবলৈ ধৰে ৷ খৰালিকালত শুকাই থকা নৈ, নলা, বিল, খাল, সকলাে পানীৰে পূৰ হৈ পৰে। মহা মহন্তসকলে দুখীয়াক মন পূৰ কৰি যিদৰে দান দিয়ে, ঠিক তেনেদৰেই যেন মেঘে বাৰিষা কালত খৰালি ৰদত শুকাই থকা এই নৈ – নলা – বিল, খালসমূহ পানীৰে পূৰ কৰি। সন্তুষ্ট কৰিছে।

13. ‘যেন তিনি গুণময় জগত যতেক’।- তিনি গুণ কি? বুজাই লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ‘বর্ষা বর্ণন’ কবিতাত বাৰিষাৰ ৰূপ বর্ণনা কৰিবলৈ বাৰিষাৰ মেঘত গুণৱন্ত মেঘ বুলি অভিহিত কৰিছে। কাৰণ মেঘে গাজে, সেই গাজনিত বিজুলীৰ সৃষ্টি হয় আৰু তাৰ ফলতেই বৰষুণৰ সৃষ্টি হয়। সেই বৰষুণে উখৰ ভূমিক সৰস কৰি তােলে। বসুমতী জীপাল আৰু প্ৰাণৱন্ত হৈ উঠে। সূর্যৰ ৰশ্মিৰ মাজেৰে বৰষুণৰ কণিকা বাগৰি অহাত সাতবৰণীয়া ইন্দ্রধনু আকাশত প্রতিভাত হয়।

এই ইন্দ্রধনু নিগুণ। শূন্যত ভাহি উঠা এই ইন্দ্রধনু নিগুণ যদিও তাৰ। প্রকাশ ঘটে গুণৱন্ত মেঘতহে। এই কথাখিনিৰ অন্তনিহিত তাৎপর্য হ’ল এযে যে সমগ্র সৃষ্টি গুণময়। গুণ তিনিটা – সত্ব, ৰজ আৰু তম। জাত প্ৰতিটো বস্তুৰ মাজতে এই তিনি গুণৰ প্ৰকাশ ঘটে। সেযে সমগ্র পৃথিৱীখনেই গুণাত্মক। এই গুণাত্মক পৃথিৱীখনতে কিন্তু গুণৰহিত অথবা নিষ্ঠুণ পৰমব্রহ্মৰ প্ৰকাশ ঘটে। গুণৰহিত ইন্দ্রধনু গুণাত্মক মেঘত প্রতভাত হােৱাৰ দৰে নিষ্ঠুণ ভগৱানৰ ৰূপাে পৃথিৱীৰ গুণাত্মক বস্তুবােৰৰ মাজতে প্রকাশ পায়।

14. “হবৈ সুকুমাৰ মহাৰূপ মনােহৰ। হৰি ভক্তি কৰৈ যেন লােকক সুন্দৰ।।”
–কথাষাৰি বুজাই লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন কথাৰ উপমা দি তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কবিতাত বাৰিষা কালৰ এটি মনােৰম বৰ্ণনা দাঙি ধৰিছে।

নানান পাপ কাৰ্য আৰু চিন্তাই মানুহৰ দেহ – মন কুৎসিত হয়। কেৱল বেয়া চিন্তাহে মনলৈ আহে ; বেয়া কামতহে লিপ্ত হয়। সংসাৰ তাপত দেহ- মন দগ্ধ হয়। কিন্তু পৰম পৱিত্ৰ হৰি নাম স্মৰণে, হৰিভক্তিয়ে। তেনে মন আৰু দেহ’লৈ শান্তি আনে। সকলাে কু – চিন্তা আঁতৰাই দেহ – মন পৱিত্ৰ কৰে, সুন্দৰ কৰে।

ঠিক সেইদৰে গ্ৰীষ্মকালত পানীৰ অভাৱত, ৰদৰ প্ৰথৰ তাপত পৃথিৱী শুকাই পৰে ; গছ – গছনি, হাবি-বননি, ঘাঁহ – বন – আনকি। প্ৰাণীসমূহ নীৰস আৰু ম্ৰিয়মান হৈ পৰে। কিন্তু বাৰিষা কালত বৰষুণৰ পানী পাই প্ৰকৃতিৰ ৰূপ মনােমােহা হৈ পৰে আৰু প্ৰাণীবােৰৰাে ছিৰি – চেহেৰা সুন্দৰ হৈ পৰে। বাৰিষাৰ পানীয়ে পৃথিৱীৰ বুকুত সকলাে মলি – জাবৰ ধুই নি সুন্দৰ আৰু পৱিত্ৰ কৰি তােলে।

15. ‘যেন জীৱ আত্মা শৰীৰত ভৈল ছন্ন।’ কথাফাকিৰ তাৎপর্য মুকলিকৈ বুজাই লিখা।
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ তেওঁৰ ‘বর্ষা বর্ণন’ কাব্যাংশত বর্ষাৰ ৰূপৰ বর্ণনা দিবলৈ যাওঁতে এই আধ্যাত্মিক তত্বৰ কথা উল্লেখ কৰিছে।

বর্ষাৰ আগমনৰ লগে লাগে সমগ্র আকাশ ঘনঘােৰ মেঘে আৱৰি ধৰে। আকাশৰ শূন্যতাত চন্দ্র – সূর্য বা আন কোনাে গ্রহ – নক্ষত্রই প্রকাশ লাভ নকৰে। অর্থাৎ নক্ষত্রৰ পােহৰ মেঘৰ আঁৰত হেৰাই যায়। অৱশ্যে পােহৰৰ প্ৰকাশ নঘটিলেও নক্ষত্রৰাজিৰ অস্তিত্বৰ কথা সকলােৱে জানে। ঠিক এনেদৰে আমাৰ দেহৰ মাজত লুকাই থকা জীৱাক আমি দেখা নাই। মেঘে চন্দ্র – সূর্যৰ জ্যোতি ঢাকি ৰখাৰ দৰে আমাৰ হৃদযতে থকা পৰম শক্তিমান ভগৱানৰ অংশবিশেষ জীৱাৰ কথা সাংসাৰিক মাযা – মােহত আসক্ত হৈ আমি ঘুণাক্ষৰেও অনুভৱ কৰিব নােৱাৰাে। পার্থিৱ আশা – আকাংক্ষাই আমাক ভগৱানবিমুখ কৰি তােলে। কবিয়ে মেঘৰ অন্ধকাৰক বিষযসুখৰ জ্বালা – যন্ত্রণা আৰু চন্দ্র – সূর্য নক্ষত্ৰক জীৱাৰ লগত তুলনা কৰিছে।

16. ‘লাগৈ তিৰিমিৰি আসি চ্যুত ঝমক।’ –কি প্ৰসংগত এনেদৰে কোৱা হৈছে বুজাই লিখা।
উত্তৰঃ ‘বৰ্ষা বৰ্ণন’ কবিতাটিত কবি শ্ৰী শংকৰদেৱে বাৰিষাকালৰ এটি মনােৰম বৰ্ণনা দিছে। বাৰিষা কালত বৰ জোৰেৰে বতাহ ব’বলৈ ধৰে। গােটেই আকাশ আৱৰি মেঘৰ মহা আন্দোলন হয়। আকাশত মেঘৰ মাজত ঘনে ঘনে বিজুলীৰ তিৰবিৰণী দেখিবলৈ পােৱা যায়। বিজুলীৰ তিৰবিৰনি আহি চকুত ছাট মাৰি ধৰে ; একো নেদেখা নহয়। এই প্ৰসংগতেই কবিয়ে এনেদৰে কৈছে।

17. শুআই পড়ৈ জল পুনু অত্যন্ত আসুখ।
দেৱাধীন নজানিলে মিলৈ মহাদুখ।
–কবিয়ে কি প্ৰসংগত কথাষাৰ কৈছে? কথাষাৰৰ দাৰ্শনিক তাৎপৰ্য ব্যাখ্যা কৰা। নাইবা, উক্ত স্তৱকটি কোনগৰাকী কবিৰ ৰচনা? স্তৱকটিৰ অন্তনিহিঁত কথাখিনি বুজাই লিখা।

উত্তৰঃ কবি শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ ‘বৰ্ষা বৰ্ণন’ কাব্যাংশত বাৰিষাৰ ৰূপ বৰ্ণনা কৰিবলৈ যাওঁতে এনেদৰে কৈছে। বৰ্ষাৰ বৰিধাৰাই পৃথিৱী। শস্য – শ্যামলা কৰি তােলে। লহপহকৈ বাঢ়ি অহা শস্য দেখি কৃষকৰ মনত আনন্দ হয়। কিন্তু পানী শুকাই গ’লেই সেই আনন্দ অন্তৰ্হিত হয়। প্ৰকৃতিৰ এনে পৰিৱৰ্তন দৈৱৰে অধীন। প্ৰকৃতি জগতৰ দৰে মানৱ জীৱনতাে সুখ – দুখ চিৰলগৰীয়া। মানৱ – জীৱনাে দৈৱৰ অধিন।। বিধাতা বা দৈৱৰ অদৃশ্য সংকেতত মানৱ জীৱনৰ সুখ – দুখ নিৰূপিত হয়। মানৱ – জীৱনৰ সুখ – দুখ যে দৈৱাধীন এই কথা জান জন দুখত পতিত হয়। লহপহীয়া শস্যৰ পানী শুকাই যােৱাত কৃষক দুথিত হােৱাৰ দৰে সুখ – দুখ ভাগ্যৰ লিখন বুলি মানি লব নােৱাৰাজনে সদায দুখ অনুভৱ কৰে কবিতা ফাঁকিৰ দাৰ্শনিক তাৎপৰ্য এইখিনিয়েই।

READ MORE  কপিলীপৰীয়া সাধু | Chapter 10 | Class 12 Advance Assamese - AHSEC

18. ‘সেহি অহংকাৰে ঢাকে জ্যোতি জীৱাত্মাৰ।’ –অহংকাৰ শব্দৰ দ্বাৰা কবিযে কি নির্দেশ কৰিছে? জীৱাৰ জ্যোতি অহংকাৰে কেনেকৈ ঢাকে – বুজাই লিখা।
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ‘বর্ষা বর্ণন’ কাব্যাংশৰ ওপৰৰ পদফাকিৰে। ‘অহংকাৰ’ শব্দৰ দ্বাৰা পাৰ্থিৱ জ্ঞান-বুদ্ধি, কামনা-বাসনাৰ মাজত ডুব গৈ ভগৱানৰ স্থিতিৰ কথা পাহৰি যােৱা কাৰ্যক নির্দেশ কৰিছে।

বর্ষাকালত আকাশ মেঘাচছন্ন হৈ থাকে। বর্ষাৰ ঘনঘােৰ মেঘে ৰাতিৰ আকাশৰ চন্দ্ৰৰ জ্যোতি ঢাকি ৰাখে। কিন্তু মেঘৰ আঁৰত যে চন্দ্র লুকাই আছে সেই কথা সকলােৱে জানে। একেদৰে প্ৰতিটো জীৱৰ মাজতে আত্মা আছে। এই আত্মা পৰমাত্মাৰে থণ্ডাঙশ মাথােন। আত্মাৰ মাজত পৰমাৰ জ্যোতি প্রকাশিত হয়। কিন্তু পাৰ্থিৱ কামনা, বাসনা, মােহ ইত্যদিয়ে মানুহক পৰমাত্মা বা ভগৱানৰ স্হিতিৰ কথা পাহৰাই দিয়ে। তেনে ধৰণৰ অহংকাৰত মতলীয়াসকলে মেঘে ঢাকা চন্দ্ৰৰ দৰে পৰামায়াৰ জ্যোতি অনুভৱ নকৰে। বাৰিষাকালত ডাঠ মেঘে চন্দ্র। জ্যোতি ঢাকি ৰখাৰ দৰে মানুহৰ অহংকাৰেও ভগৱানৰ স্বৰূপ উপলব্ধি কৰা জ্ঞান ঢাকি ৰাখে।

19. ‘আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ব।
দুনাই সূর্যে এৰি দেন্ত বাৰিষা কালত II,
– কি কি আঠ মাহৰ কথা কোৱা হ’ল? দুনাই সূর্যই কি এৰি দিনে চমুকৈ লিখা।
অথবাঃ এই কবিতাৰ স্তৱকটো কোনগৰাকী কবিৰ ৰচনা?এই স্তৱকটোৰ মাজেদি কবি গৰাকীযে বাৰিষা কালৰ বিৱৰণ কেনেদৰে প্ৰকাশ কৰিছে –তােমাৰ ভাষাত বর্ণনা কৰা।
উত্তৰঃ এই কবিতাৰ স্তৱকটো মহাপুৰুষ শংকৰদেৱেৰ ৰচনা। মহাপুৰুষ শংকৰদেৱেৰ ভাগৱতৰ দশম স্কন্ধৰ অন্তৱর্তী ‘বর্ষা বর্ণন’ কবিতাৰ উল্লেখিত পদ্যাংশত বাৰিষাৰ প্ৰকৃতিৰ পৰিবৰ্তনৰ কাৰণ দর্শোৱা হৈছে। ই এক প্ৰকাৰ নৈসর্গিক তথা ভৌগােলিক তাৎপর্য সূচাইছে।

আচলতে বাৰিষাকাল বােলােতে গ্রীষ্ম আৰু বর্ষা ঋতুকে বুজোৱা হয়। গ্রীষ্ম নাইবা জেঠ, আহাৰ আৰু বর্ষা নাইবা শাওন, ভাদকে বুজায়। এই চাৰি মাহ বাদ দিলে শৰৎ, হেমন্ত, শীত, বসন্তকাল অর্থাৎ চাৰি ঋতুৰ অন্তর্ভুক্ত আহিন, কাতি, আঘােণ, পুহ, মাঘ, ফাগুন, চ’ত, ব’হাগ – এই আঠমাহকে বুজায়। কোনাে কোনােৱে অৱশ্যে ব’হাগ-জেঠকো। গ্রীষ্মকাল বােলে। পিছে বৰষুণ আৰু বানপানীৰ গতিলৈ চাই জেঠ, আহাৰ, শাওন, ভাদহে প্ৰকৃততে গ্রীষ্ম আৰু বর্ষা। এই আঠ মাহত সূর্যই পৃথিৱীৰ ভূমিপৃষ্ঠৰ পৰা জলীয় ভাগ আহৰণ কৰে। আনহাতে পুনৰ সূর্যই আহৰণ কৰা জলীয় ভাপ বাৰিষাকালত পৃথিৱীত এৰি দিয়ে অর্থাৎ বৰষুণ ৰূপে সিঁচি দিয়ে।

20. বৰ্ষা কালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তিধৰ্মৰ তাত্বিক। কথাবােৰ কিদৰে বৰ্ণনা কৰিছে, পাঠৰ আধাৰত আলােচনা কৰা।
উত্তৰঃ ‘বৰ্ষা বৰ্ণন’ কবিতাত বৰ্ষা কালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তিধৰ্মৰ তাত্ত্বিক কথাৰাে বৰ্ণনা কৰিছে। আকাশৰ চন্দ্ৰ, সূৰ্য, তৰা, নক্ষত্ৰসমূহক বাৰিষাৰ মেঘে ঢাকি ধৰি থকাৰ দৰে আমাৰ শৰীৰতাে। জীৱত্মা ঢাক থাই থাকে। খৰালিত শুকাই পৰা খাল – বিল, নদ – নদী, জন – জুৰিসমূহ বাৰিষা কালৰ বৰষুণে ওপচাই পেলাম, – যিদৰে মহামহন্তই দুখীয়াক উদাৰচিত্তে দান দিয়ে। তপ – উপবাসে শুকাই – খিনাই যােৱা তপসিসকলে তপৰ অন্তত থাই – বৈ পুষ্ট হােৱাৰ দৰে শুকাই যােৱা খাল – বিল, জান – জুৰিকো বৰষুণে পুষ্ট কৰি তােলে।

কলিযুগত শাস্ত্ৰৰ বচন নুশুনি পাষণ্ডৰ বচনহে সাৰােগত কৰাৰ দৰে বতাহ, ধুমুহা, মেঘৰ গজনিতাে বাৰিষা কাৰাে মাত – বােল নুশুনি। গুৰুৱে বেদৰ পাঠ দিওঁতে শিষ্যই লগে লগে আওৰাই যােৱাৰ দৰে মেঘৰ। মাতৰ লগে লগে বেঙেও টোৰটোৰায়। পৰম সা – সম্পত্তিৰে ৰাজ্য শ্ৰীবৃদ্ধি হােৱাৰ দৰে বাৰিষাৰ পানী পাই বসুমতীয়েও সেউজীয়া ৰূপেৰে মনােমােহা হৈ পৰে। অসম্ভৱ ৰূপে শুকাই পৰা পৃথিবীও দৈৱৰ বলত সুন্দৰ হৈ পৰে, যিদৰে হৰিভক্তিয়ে মানুহৰ মন – শৰীৰ সকলােকে সুন্দৰ পবিত্ৰ কৰি তােলে।

যিসকল যােগী – ঋষি – মুনিৰ কাম – কষ্ট মনৰ পৰা আঁতৰ নহয়, সিসকলে বিষ্য বাসনাত পৰিলেই পুনৰপি সেই কাম কষ্ট জাগি উঠে। মুষলধাৰে বৰষুণ দিলেও সেই বৰষুণে পৰ্বতৰ একো ক্ষতি কৰিব নােৱাৰে। ঠিক সেইদৰে কৃষ্ণত যাৰ মন আসক্ত তেওঁক কোনাে দুখ – ক্লেশ, অপায় অমংগলেও কেতিয়াও টলাব নােৱাৰে। গুনৱন্ত, ভক্তিৱান লােকৰ গাত সত্ব, ৰজ :, তম এই তিনি গুণ প্ৰকাশিত হ’লেও তেওঁলােক সৎ, গুনৱান হৈ থাকে। মেঘে চন্দ্ৰক ঢাকি ধৰাৰ দৰে কিন্তু অহংকাৰী। লােকৰ গুণসমূহ অহংকাৰেই ঢাকি ৰাখে, – সেই গুণ কেতিয়াও প্ৰকাশ নাপায়। মেঘৰ শব্দ শুনি ময়ূৰৰ আনন্দ লগাৰ দৰে গৃহবাসীসকলে। কেতিয়াবা দুখত তাপিত হ’লেও হৰিভক্তিত তেওঁলােকৰ মন শান্ত হৈ পৰে।
এইদৰেই বাৰিষাৰ বিবিধ ৰিজনিৰে শংকৰদেৱে ভক্তিধৰ্মৰ তত্বৰ কথা ব্যক্ত কৰিছে।

21. শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী আৰু সাহিত্য কৃতিৰ বিশদ পৰিচয় দি এটি আলােচনা কৰা।
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ অসমৰ যুগান্তকাৰী মহাপুৰুষ। অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলা আৰু সাহিত্যৰ ক্ষেত্ৰত মহাপুৰুষ শংকৰদেৱে যি অৱদান দি গল তাৰ তুলনা পাবলৈ বিৰল। তেওঁ আছিল একাধাৰে। কবি, সমাজ সংস্কাৰক, ধৰ্ম প্ৰৱৰ্তক, নাট্যকাৰ, অভিনেতা, সংগীতজ্ঞ আৰু পৰম ভক্ত। বহু দেৱতাৰ ঠাইত এক দেৱতাৰ উপাসনাৰ প্ৰৱৰ্তন আৰু নানা ধৰ্মমতৰ সলনি সৰল, বিশুদ্ধ ভাগৱতী ধৰ্ম মাতবাদ স্থাপন কৰাৰ উদ্দেশ্যে তেওঁ সংস্কৃত বৈষ্ণৱ গ্ৰন্থৰাজিক অৱলম্বন কৰি জনসাধাৰণৰ ভাষাত কাব্য নাটক গীত আদি ৰচনা কৰি অসমৰ ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি কৰে।

শংকৰদেৱৰ জন্ম হৈছিল ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱাত। বাল্য কালৰে পৰাই তেওঁ অসাধাৰণ মেধাৰ পৰিচয় দি মহেন্দ্ৰ কন্দলিৰ টোলত শিক্ষা সাং কৰে। শিক্ষা সমাপ্ত কৰি সূৰ্যৱতী নামৰ কন্যাৰ পানিগ্ৰহন কৰি গৃহাশ্ৰম ধৰ্ম পালন কৰে। কিন্তু এগৰাকী কন্যা সন্তান জন্ম হােৱাৰ পিছত সূৰ্যৱতীৰ মৃত্যু হােৱাত তেওঁৰ বৈৰাগ্য উপজি বাৰ বছৰ ধৰি ভাৰতৰ বিভিন্ন তীৰ্থ পৰ্যটন কৰে। তীৰ্থৰ পৰা ঘূৰি আহি। জ্ঞাতিসকলৰ অনুৰােধ এৰাব নােৱাৰি তেওঁ দ্বিতীয়বাৰ বিবাহ কৰে। তাৰ পিছতে তেওঁ নামঘৰ মণিকূট স্থাপন কৰি ভক্তি ধৰ্মৰ পাতনি মেলে। প্ৰথম অৱস্থাত ভক্তিধৰ্ম প্ৰচাৰত সমাজৰ প্ৰতিক্ৰিয়াশীল আৰু। গােড়া লােকসকলৰ পৰা তেওঁ যথেষ্ট বাধাৰ সন্মুখীন হৈছিল। তেতিয়াই
তেওঁ ‘ চিহ্নযাত্ৰা’ অভিনয় কৰি সকলাে শ্ৰেণীৰ লােকক ভক্তিধৰ্মলৈ আকৃষ্ট কৰবলৈ সক্ষম হয়।

ষােড়শ শতিকাৰ দ্বিতীয় দশকমানত কছাৰীৰ উপদ্ৰব্যৰ বাবে তেওঁ উত্তৰপাৰে গাংমৌ আৰু ধুৱাহাটা বেলগুড়িত বসতি কৰিবলৈ লয়। ইয়াতেই মাধৱদেৱৰ লগত তেওঁৰ মিলন হয় আৰু ইয়েই অসমৰ ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত এক যুগান্তকাৰী অভ্যুত্থানৰ সূচনা কৰে। কিছুদিন তাত থকাৰ পিছত আহােম ৰজাৰ অত্যচাৰৰ বাবে তেওঁ ভটিয়াই আহি কামৰূপৰ পাঠবাউসীত সত্ৰ পাতে। ইয়াৰে পৰাই তেওঁ। মাধৱদেৱৰ সৈতে দ্বিতীয়বাৰ তীৰ্থলৈ যায়। তীৰ্থ ভ্ৰমণৰ পৰা আহি পুনৰ ধৰ্ম প্ৰচাৰত মনােনিবেশ কৰে। এই সময়তে খল সূচকবিলাকে তেওঁৰ বিৰুদ্ধে কোচ ৰজা মহাৰাজ নৰনাৰায়নক লগায়। সেই সময়ত কামৰূপ কোচ ৰজা সকলৰ অধীনত আছিল। পিছে ৰজা নাৰণাৰায়নে শংকৰদেৱৰ প্ৰকৃত পৰিচয় পাই সন্মানেৰে ভেলা মধুপুৰত সত্ৰ পাতি দি ধৰ্ম প্ৰচাৰৰ সুবিধা কৰি দিয়ে। এই সত্ৰতে প্ৰায় ছকুৰি বছৰ বয়সত ১৫৬৮ খ্ৰীষ্টাব্দত মহাপুৰুষ গৰাকীয়ে ইহ’লীলা সম্বৰণ কৰে।

শঙ্কৰদেৱৰ সাহিত্য়িক অৱদান:- ধৰ্ম প্ৰচাৰতকৈও সাহিত্য়িক হিচাপেহে শংকৰদেৱ অধিক প্ৰসিদ্ধ। অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ শংকৰদেৱৰ। বহুমুখী অৱদানৰ কথা বাদ দিলেও কেৱল সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ যি অৱদান সেয়েই তেওঁক অমৰত্ব দান কৰাৰ পক্ষে যথেষ্ট। ৰচনাৰ গঢ় আৰু ৰূপ অনুসৰি শংকৰদেৱ বিৰচিত পুথিসমূহ ছটা ভাগত বিভক্ত কৰিব পাৰি— ১) কাব্য, ২) ভক্তিতত্ব প্ৰকাশক সংগ্ৰহ, ৩) অনুবাদমূলক ৰচনা, ৪) অংকীয়া নাট, ৫) বৰগীত আৰু ৬) নাম প্ৰসংগৰ গ্ৰন্থ।

ক) কাব্য : – শংকৰদেৱ বিৰচিত কাব্যৰ সংখ্যা হ’ল সাতথন। সেইকেইখন হ’ল – হৰিশচন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, অ অজামিল। উপাখ্যান, গ্ৰাহ – গজেন্দ্ৰৰ যুদ্ধ, অমৃত মন্থন বলিছলন আৰু কুৰুক্ষেত্ৰ। হৰিশচন্দ্ৰ উপাখ্যানেই শংকৰদেৱৰ প্ৰথম ৰচনা। এই কাব্যকেইথন মূলতঃ ভাগৱত পুৰাণৰ কাহিনীৰ পৰাই শংকৰদেৱে ৰচনা কৰিছে যদিও বৰ্ণনাৰ সৌন্দৰ্যৰ বাবে তেওঁৰ মৌলিকত্বৰ স্বাক্ষৰাে কাব্যকেইখনত আছে।

খ) ভক্তিতত্ব প্ৰকাশক গ্ৰন্থ:- শংকৰদেৱ বিৰচিত ভক্তিতত্ব প্ৰকাশক গ্ৰন্থকেইখন হ’ল – ভক্তি প্ৰদীপ, অনাদি পাতন আৰু মিনি নৱসিদ্ধ। সংবাদ এই পুথিকেইখনত কাব্যসুলভ ৰসৰ পৰিবেশন নাই। কিন্তু গধুৰ দাৰ্শনিক কথা সহজ সৰলভাৱে প্ৰকাশ কৰিব পৰা ক্ষমতা পৰিস্ফুট হৈছে।

গ) অনুবাদমূলক ৰচনা:- শংকৰদেৱে ৰচনা কৰা সকলােবােৰ গ্ৰন্থই অনুবাদমূলক। তথাপি কেইখনমান গ্ৰন্থ অনুবাদ কৰােতে তেওঁ মূলৰ ফালে সততে দৃষ্টি ৰাখি কল্পনা সংযত কৰি ৰাখিছিল। এনে। অনুবাদমূলক গ্ৰন্থকেইখন হ’ল – ভাগৱত পুৰাণৰ প্ৰথম, দ্বিতীয়, দশম, একাদশ, দ্বাদশস্কন্ধ আৰু উত্তৰাকাণ্ড ৰামায়ণ। এই গ্ৰন্থসমূহৰ ভিতৰত দশম স্কন্ধই মহাপুৰুষৰ শ্ৰেষ্ঠ ৰচনা।

ঘ) অংকীয়া নাট:- শংকৰদেৱ অসমীয়া নাট্য সাহিত্যৰ জনক। এনে নাট্য সাহিত্য বৈষ্ণৱ আন্দোলনৰে ফল। শংকৰদেৱে ভগৱানৰ লীলা আৰু মাহাত্ম্য জনসাধাৰণৰ মাজত সৰবৰহী কৰিবৰ কাৰণে আৰু জনসাধাৰণক বিমল আৰু পবিত্ৰ বিনােদনৰ এটা উপকৰণ দিবৰ বাবেই এই শ্ৰেণীৰ নাটক উদ্ভাৱন কৰে। এই নাটকবােৰত এটা অংক থকাৰ বাবেই অংকীয়া নাটক বােলা হয়। শংকৰদেৱে প্ৰথমে চিহ্নিযাত্ৰা নাটকৰ অভিনয় কৰি জনসাধাৰণক চমৎকৃত কৰিছিল। শংকৰদেৱ বিৰচিত। অংকীয়া নাটককেইথন হ’ল – পত্নীপ্ৰসাদ, কালি দমন, কেলিগােপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়।

ঙ) গীত:- বৰগীতসমূহ শংকৰদেৱৰ অভিনৱ অৱদান। বৰগীত নামটো অৱশ্যে মহাপুৰুষে দিয়া নাই, পৰৱৰ্তী বৈষ্ণৱ ভক্তসকলেহে। মহাপুৰুষ দুজনাৰ ৰচনা কৰা গীতসমূহক বৰগীত বুলি অভিহিত কৰিছে। দৰাচলতে বিষয়বস্তুৰ মহত্ব, ৰচনা ভংগীৰ সৌষ্ঠৱ, শাস্ত্ৰীয় গাম্ভীৰ্য আৰু কল্পনাৰ সঘমে মহাপুৰুষ বিৰচিত এই গীতসমূহক আন শাস্ত্ৰীয় সুৰযুক্ত গীতৰ পৰা পৃথক কৰিছে। শংকৰদেৱ বিৰচিত প্ৰথম বৰগীতটো হ’ল – ‘মন মােৰ ৰাম চৰনেহি লাগু’। শংকৰদেৱৰ গীতৰ শ্ৰেণীৰ ভিতৰতে ভটিমা, চপ্য আৰু তােটয় গীতখিনিও পৰে।

চ) নাম – প্ৰসংগৰ পুথি:- কীৰ্তন আৰু গুণমালা শংকৰদেৱে বিৰচিত নাম – প্ৰসংগৰ পুথি। কীৰ্ত্তন গ্ৰন্থনি মহাপুৰুষৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন। ই বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থ। বিষয়বস্তুৰ মনােৰম প্ৰকাশ, ছন্দৰ বৈচিত্ৰ্য আৰু লালিত্যৰ উপযুক্ত শব্দৰ ব্যৱহাৰ আৰু ভক্তিৰ মধুৰ প্ৰলেপে কীৰ্ত্তন পুথিখনি সকলােৰে আদৰণীয় কৰি তুলিছে। গুণমালা ছ্য আখৰীয়া কুসুমমালা ছন্দৰ ৰচিত এখনি সৰু গ্ৰন্থ। এই গ্ৰন্থ ভগৱানৰ সাৰস্বৰূপ।

এনেদৰে শংকৰদেৱৰ বহুমুখী প্ৰতিভাই অসমীয়া সাহিত্যত এক নৱজাগৰণৰ সূচনা কৰিলে। তেওঁৰ সাহিত্যক আদৰ্শই পৰৱৰ্তী কবি সাহিত্য়িক সকলক অনুপ্ৰাণিত কৰি বিশাল বৈষ্ণৱ সাহিত্য সৃষ্টিত বৰঙণি যােগালে।

Leave a Comment

error: Content is protected !!
Scroll to Top