মানৱ বন্দনা | Chapter 2 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 2 Notes | SEBA Class 12 HS Advance Assamese Chapter 2 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 2 মানৱ বন্দনা | HS 2nd Year Advance Assamese Questions and Answers Assam


মানৱ বন্দনা
(চন্দ্ৰকুমাৰ আগৰৱালা)

পদ্যাংশ

‘মানৱ বন্দনা’ কবিতাটিৰ অন্তৰ্নিহিত সাৰমৰ্মৰ আভাস দিয়া।
অথবাঃ মানৱ বন্দনা কবিতাটিৰ মাজেৰে কবিয়ে কিদৰে মানুহৰ জয়গান গাইছে লিখা।

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাটিত ৰােমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই এই সংসাৰত মানুহৰ জন্ম, মৃত্যু আৰু প্ৰাণীশ্ৰেষ্ঠ মানুহৰ প্ৰকৃত কৰ্তব্য তথা মানুহৰ প্ৰতি মানুহৰ কৰ্তব্যৰ কথা উল্লেখ কৰিছে।

এই পৃথিৱীলৈ মানুহ অহৰহ চামে চামে আহিয়েই আছে আৰু পৃথিৱীৰ পৰা সেইদৰে গৈয়েই আছে, অৰ্থাৎ পৃথিৱীত মানুহৰ অহৰহ জন্ম হৈ আছে, সেইদৰে মৃত্যুও হৈ আছে। ‘মপি জীৱ’ হিচাপে এচাম জন্মিছে আৰু এচামৰ মৃত্যু হৈছে। পৃথিৱী জনশূন্য কেতিয়াও হােৱা নাই, সেয়ে। পৃথিৱীক ‘মৰত’ অৰ্থাৎ মৃত্যুময় ঠাই বুলি কোৱাৰ কোনাে অৰ্থ নাই, কিয়নাে পৃথিৱীত জন্ম মৃত্যুৰ সােতৰ কেতিয়াও অন্ত নহয়। সেই কাৰণে মানুহে পৃথিৱীত জীয়াই থকাকেইদিন মানুহৰ কাম কৰিব লাগে – মানুহে মানুহৰ মৰম বুজিব লাগে। মানুহে মানুহৰ প্ৰতি কৰা মৰম, চেনেহ দ্যাই হৈছে মানুহৰ প্ৰকৃত ধৰ্ম।

এই পৃথিৱীত মানুহেই হৈছে মানুহৰ সংগ বা লগ ;-। মানুহেই হৈছে মানুহৰ বাবে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ — পৰম সত্য। মানুহে মানুহৰ প্ৰতি এনেভাব পােষণ কৰিলে মানুহে এই পৃথিৱীকে স্বৰ্গতকৈযাে অধিক বুলি অনুভৱ কৰিব, এই পৃথিৱীকে নিজৰ ঘৰ বুলি ভাবিব পাৰিব। এই পৃথিৱীত মানুহৰ বাবে মানুহ বিনে আৰু কোনাে। নাই, মানুহৰ বাবে মানুহেই দেৱতা, মানুহেই সেৱাৰ যােগ্য।

সেই কাৰণে পাদ্য – অৰ্য লৈ মানুহে মানুহকেই পূজা – সেৱা কৰিব লাগে, অৰ্থাৎ মানুহে মানুহৰ কল্যাণৰ কাৰণে কাম কৰাটো উচিত।

Very Short Type Questions and Answers (Marks : 1)

1. ‘মানৱ – বন্দনা’ কবিতাটিৰ কবি কোন?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

2. চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বন – কুঁৱৰী’ গীত কবিতাটি কত প্ৰকাশ পাইছিল?
উত্তৰঃ ‘জোনাকী’ৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত।

READ MORE  কপিলীপৰীয়া সাধু | Chapter 10 | Class 12 Advance Assamese - AHSEC

3. ‘ কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই – বুলি কোনে কাক পূজা কৰাৰ কথা কৈছে?
উত্তৰঃ মানুহে মানুহক পূজা কৰাৰ কথা কৈছে।

4. চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰকাশিত কাব্য পুথিখনৰ নাম কি আছিল?
উত্তৰঃ ‘প্ৰতিমা’।

5. অসমীয়া সাহিত্যত গীতি – কবিতাৰ প্ৰৱৰ্তক কোন?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

6. ‘জোনাকী’ কাকত কোন চনত প্ৰথম প্ৰকাশ পায়?
উত্তৰঃ ১৮৮৯ চনত।

7. অসমীয়া কাব্য জগতত চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায়?
উত্তৰঃ ‘প্ৰতিমাৰ খনিকৰ’ বুলি জনা যায়।

8. চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতাকৰ নাম কি আছিল?
উত্তৰঃ হৰিবিলাস আগৰৱালা।

9. ‘মানুহেই পৰাৎপৰ’ – ‘পৰাৎপৰ’ শব্দৰ অৰ্থ কি?
উত্তৰঃ শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ, পৰম সত্য।

10. ‘জোনাকী’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

11. ‘প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সােণৰ।’ – কোনে এনেদৰে মন্তব্য কৰিছিল?
উত্তৰঃ সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাই।

12. সাদিনীয়া বাতৰি ‘অসমীয়া’ কোন চনত প্ৰথম প্ৰকাশ পায়?
উত্তৰঃ ১৯১৮ চনত।

13. ‘মানুহ সােতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়? – ‘মৰত’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘মৰত’ শব্দৰ অৰ্থ – পৃথিৱী, মৰ্ত্য, মৰণৰ ঠাই।

14. চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ কাব্য পুথিখনৰ ওপৰত লক্ষীনাথ বেজবৰুৱাই কি বুলি মন্তব্য কৰিছিল?
উত্তৰঃ ‘প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সােণ’ৰ বুলি।

15. চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কত আৰু কোন চনত হৈছিল?
উত্তৰঃ তেজপুৰৰ কলং মৌজাৰ ব্ৰহ্মজানত ১৮৬৭ চনত।

16. চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্য পুথিকেইখনৰ নাম লিখা।
উত্তৰঃ ‘প্ৰতিমা’ আৰু ‘বীণ বৰাগী’।

17. ‘জোনাকী’ৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পােৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ গীত কবিতাটিৰ নাম কি আছিল?
উত্তৰঃ ‘বন – কুঁৱৰী’।

18. শব্দৰ অৰ্থ লিখা।
ম্যপী, মৰত, পৰাৎপৰ, নিজাপী, কেৱ।
উত্তৰঃ

শব্দঅৰ্থ
ম্যপীমায়াময়, ভ্ৰান্তি ওপজোৱা জীৱ।
মৰতপৃথিৱী, মৰ্ত্য, মৰমৰ ঠাই।
পৰাৎপৰ শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ, পৰম সত্য।
নিজাপীসম্পূৰ্ণ নিজৰ, স্থায়ী।
কেৱকোনে, কেও।

Long Type Questions and Answers (Marks : 3/4)

1. আহিছে মানুহ গৈছে মানুহ
মানুহ মাযপী জীৱ।।
–মানুহক ‘মাযপী জীৱ’ বুলি কিয় কৈছে বুজাই লিখা।
উত্তৰঃ এই পৃথিৱীলৈ চামে চামে মানুহ আহিছে আৰু গৈছে, অৰ্থাৎ মানুহ জন্মি আছে। আৰু মানুহৰ মৃত্যুও হৈ আছে। এই জন্ম মৃত্যু সােতৰ কোনাে কোলেই অন্ত হােৱা নাই। মানুহে পৃথিৱী মােহ এৰিব নােৱাৰে। মানুহে পৃথিৱীত পৰা গুচি গলেও পৃথিৱীলৈ পুনৰ আহিছে। পৃথিৱীৰ প্ৰতি থকা মােহৰ কাৰণেই পৃথিৱীলৈ মানুহৰ এই অহা যােৱা। কবিয়ে এই কাৰণেই ‘মানুহ মাযপী জীৱ’ বুলি কৈছে।

READ MORE  চুটি গল্প | Chapter 13 | Class 12 Advance Assamese - AHSEC

2. ‘এই যে পৃথিৱী স্বৰ্গতাে অধিক।
মানুহৰ নিজাপি ঘৰ।’
–কবিয়ে কি, কি প্ৰসংগত এনেদৰে কৈছে? কবিয়ে ইয়াৰ দ্বাৰা মানুহক কি উপদেশ দিব খুজিছে?
উত্তৰঃ এই পৃথিৱীত চামে চামে মানুহৰ জন্ম হব লাগিছে আৰু সেইদৰে চামে চামে মানুহৰ মৃত্যুও হৈ আছে। মানুহৰ পৃথিৱীলৈ এই অহা – যােৱাৰ সােতৰ কাহানিও অন্ত পৰা নাই – অন্ত নপৰে। সেই কাৰণে পৃথিৱীখন মানুহৰ ‘নিজাপি ঘৰ’। মানুহৰ এই ‘নিজাপি ঘৰ পৃথিৱী মানুহে মানুহৰ প্ৰতি মৰমীয়াল হ’লে, দ্যশীল হ’লে, মানুহক দেৱতাৰ দৰে সেৱা – পূজা কৰিলে পৃথিৱীখন মানুহৰ কাৰণে স্বৰ্গতাে অধিক সুখকৰ আৰু মনােৰম হৈ পৰিব।

এই প্ৰসংগতে কবিয়ে এনেদৰে কৈছে আৰু সেয়ে পৃথিৱীত মানুহেই মানুহৰ লগ – সংগ, মানুহেই শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ, পৰম সত্য — মানুহবিনে সেৱাৰ যােগ্য আৰু কোনাে নাই, এই কথা ভাবি সকলােকে মানুহৰ কল্যাণৰ কাৰণে সেৱা আগবঢ়াবলৈ কবিয়ে উপদেশ দিছে।

3. ‘মাযপী জনম দিয়া উটুৱাই’ – বুলি কবিয়ে কিহৰ কথা কৈছে –বুজাই লিখা।
উত্তৰঃ এই পৃথিৱীত মানুহৰ সােতৰ অন্ত নাই। মানুহ আহি আছে গৈ আছে, অৰ্থাৎ চামে চামে মানাে জন্মি আছে, চামে চানে মানুহ মৰি আছে। সেই কাৰণেই পৃথিৱীত মানুহ শূণ্য হােৱা নাই। মানুহেৰে পৃথিৱী পূৰ হৈয়েই আছে। মানুহৰ কাৰণে পৃথিৱী ‘নিজাপী ঘৰ’। পৃথিৱীত মানুহেই মানুহৰ লগ, মানুহৰ সংগ। সেই কাৰণে মানুহে মানুহৰ মৰম বুজিব লাগে, মানুহৰ প্ৰতি মানুহৰ মৰমেই প্ৰকৃত ধৰম। মানুহে মানুহৰ কামত অৰ্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰি, মানুহৰ সেৱা কৰি জীৱন অতিবাহিত কৰিব লাগে। তেতিয়াহে পৃথিৱী স্বৰ্গতাে অধিক সুখকৰ হৈ পৰিব।

4. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা —
‘মানুহেই দেৱ মানুহেই দেৱ।
মানুহ বিনে নাই কেৱ ৷’
অথবাঃ ‘মানুহেই লগ মানুহেই সংগ
মানুহেই পৰাৎপৰ,
এই যে পৃথিৱী স্বৰ্গতাে অধিক
মানুহৰ নিজপি ঘৰ।’
উত্তৰঃ সংগতিঃ উৰ্ধত কবিতাফাকি ৰােমান্টিক তথা ‘জোনাকী যােগ’ৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত ‘মানৱ বন্দনা’ কবিতাটি অন্তৰ্গত।

প্ৰসংগঃ এই পৃথিৱীত প্ৰাণীশ্ৰেষ্ঠ মানুহৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰিবলৈ কবিতাফাকিত কবিয়ে এনেদৰে উল্লেখ কৰিছে।

READ MORE  অন্বেষণ | Chapter 6 | Class 12 Advance Assamese - AHSEC

ব্যাখ্যাঃ এই পৃথিৱীত মানুহৰ চামে চামে জন্ম আৰু মৃত্যু হব লাগিছে। পৃথিৱীৰ পৰা মানুহৰ এই সােতৰ অন্ত কোনােদিন হােৱা নাই আৰু নহত্যে। সেয়ে মানুহৰ ‘নিপী ঘৰ’ এই পৃথিৱীত মানুহেই হৈছে শ্ৰেষ্ঠতকৈয়াে শ্ৰেষ্ঠ – পৰম সত্য। সেয়ে মানুহৰ কাৰণে মানুহেই হৈছে পৰম দেৱতাস্বৰূপ আৰু একমাত্ৰ সেৱাৰ যােগ্য। মৰম – চেনেহ, প্ৰেম – প্ৰীতিৰে মানুহে মানুহৰ সেৱা – পূজা কৰিলে, অৰ্থাৎ মানুহে মানুহৰ কল্যাণৰ কাৰণে সেৱা আগবঢ়ালে, কাম কৰিলে পৃথিৱীখনেই মানুহৰ কাৰণে স্বৰ্গতাে অধিক সুখকৰ হৈ পৰিব, পৃথিৱী সুখ – শান্তিৰে পৰিপূৰ্ণ হব।

5. ‘কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই’ বুলি কবিয়ে কাক পূজা কৰাৰ কথা কৈছে বুজাই লিখা।
উত্তৰঃ ‘কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই’ বুলি কবিয়ে মানুহে মানুহকেই পূজা কৰাৰ কথা কৈছে।

পৃথিৱীলৈ মানুহৰ জন্ম মৃত্যুৰ এটি অহৰহ বৈ আছে। এচাম মৃত্যু হ’লেও এচামৰ জন্ম হৈছে। পৃথিৱীত মানুহ শূণ্য হােৱা নাই। ইয়াত মানুহৰ একমাত্ৰ সংগী হ’ল মানুহ। মানুহৰ বাবে মানুহতকৈ শ্ৰেষ্ঠ কোনাে নাই। সেয়ে মানুহে মানুহৰ প্ৰতি সতেত দ্যাশীল, সহানুভূতিশীল, মৰমীয়াল হব লাগে। মানুহৰ প্ৰতি মানুহৰ মৰমেই হৈছে প্ৰকৃত ধৰম। মানুহৰ বাবে মানুহেই দেৱতা। মানুহৰ সেৱা কৰিলে অন্য দেৱ দেৱীক সেৱা কৰাৰ প্ৰয়ােজন নাই। সেয়ে আন্তৰিকভাৱে পাদ্য – অৰ্ঘ্য লৈ দেৱতাক পূজা কৰাৰ দৰে মানুহক পূজা কৰাৰ কথা কবিয়ে কৈছে, অৰ্থাৎ মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ আহ্বান জনাইছে।

6. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা —
‘মানুহৰ মৰম বুজিব মানুহে
ধৰম যে মৰমতে।’
উত্তৰঃ সংগতিঃ উৰ্ধত কবিতাফাকি জোনাকী যুগৰ প্ৰখ্যাত কবি চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত ‘মানৱ – বন্দনা’ কবিতাটিৰ অন্তৰ্গত।

প্ৰসংগঃ মানুহ মানুহৰ প্ৰতি কেনে হােৱা উচিত আৰু মানুহৰণাে প্ৰকৃত ধৰ্ম কি এই সম্পৰ্কে কবলৈ গৈ কবিয়ে কবিতাফাকিত এনেদৰে উল্লেখ কৰিছে।

ব্যাখ্যাঃ এই পৃথিৱীত মানুহৰ জন্ম মৃত্যুৰ অহৰহ এটি সােত বৈ আছে। এই সােতৰ কোনােদিন অন্ত হােৱা নাই। অৰ্থাৎ পৃথিৱীত মানুহৰ অন্ত হােৱা নাই। গতিকে পৃথিৱীখন মানুহৰ ‘নিজাপী ঘৰ’। এই নিজাপী ঘৰত অৰ্থাৎ পৃথিৱীত মানুহৰ কাৰণে মানুহেই শ্ৰেষ্টতকৈয়ো শ্ৰেষ্ঠ, পৰম সত্য। আনহাতে পৃথিৱীত মানুহেই মানুহৰ একমাত্ৰ সংগ, লগ। সেয়ে মানুহে মানুহৰ মৰম বুজিব লাগে, মানুহে মানুহৰ প্ৰতি দ্যাশীল, মৰমীয়াল হব লাগে। মানুহৰ প্ৰতি মানুহৰ মৰমেই হৈছে মানুহৰ পৰম ধৰ্ম। এই ধৰ্মই দ্বাৰাই পৃথিৱীক স্বৰ্গটো অধিক সুখকৰ কৰিব পৰা যায়, পৃথিৱীক সুখ – শান্তিৰে পৰিপূৰ্ণ কৰিব পৰা যায়।

Leave a Comment

error: Content is protected !!
Scroll to Top