ব’হাগ বিহুৰ পৰম্পৰা | Chapter 9 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 9 Notes | SEBA Class 12 HS Advance Assamese Chapter 9 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 9 ব’হাগ বিহুৰ পৰম্পৰা | HS 2nd Year Advance Assamese Questions and Answers Assam


ব’হাগ বিহুৰ পৰম্পৰা
(ড° প্রফুল্ল দত্ত গোস্বামী)

Very Short Type Questions and Answers (Marks : 1)

1. ‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটিৰ লেখক কোন?
উত্তৰঃ ড° প্ৰফুল্লত্ত গােস্বামী।

2. ‘কেঁচা পাতৰ কঁপনি’ উপন্যাস কোনে ৰচনা কৰিছিল?
উত্তৰঃ ড° প্ৰফুল্লদত্ত গােস্বামীয়ে।

3. মধ্যপ্ৰাদেশৰ ওৰাওসকলে কোন কালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে?
উত্তৰঃ গ্ৰীষ্ম কালত।

4. ‘মিৰি জীয়ৰী’ কেতিয়া ছপা হৈছিল?
উত্তৰঃ ১৮৯৬ খ্ৰীষ্টাব্দত।

5. ইন্দ্ৰধব্বজ কি?
উত্তৰঃ প্ৰাচীন কালৰ পূজা।

6. ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ পুস্তিকাখনৰ ৰচক কোন?
উত্তৰঃ গণেশ চন্দ্ৰ হাজৰিকা।

7. ‘আসাম বন্ধু’ আলােচনীখন কেতিয়া প্ৰকাশ পায়?
উত্তৰঃ ইং ১৮৮৫ – ৮৬ চনত।

8. ‘বিলাতী হােজা’ গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃ ড° প্ৰফুল্লদত্ত গােস্বামী।

9. হ’লিৰাম ঢেকিয়াল ফুকনে বিহুৰ নৃত্য গীত কি বুলি ঠাৱৰ কৰিছিল?
উত্তৰঃ অশােভন বুলি।

10. ‘ঐতিৰিয ব্ৰাহ্মণ’ কি?
উত্তৰঃ এথনি পুৰণি শাস্ত্ৰ।

11. ‘বিহু’ শব্দৰ উৎপত্তি কিহৰ পৰা হােৱা বুলি পণ্ডিতসকলে ঠাৱৰ কৰে?
উত্তৰঃ ‘বিষুৱন’ শব্দৰ পৰা।

12. লাইহাৰাওৱা কি?
উত্তৰঃ মণিপুৰৰ পুৰণি যৌনমূলক নৃত্য।

13. ‘অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গােপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায়।’ –এই মন্তব্য কোনে কৰিছিল?
উত্তৰঃ ১৮৯৬ চনত গৰ্ডন চাহাবে।

14. শৰৎ কালত সূৰ্য তুলা ৰাশিলৈ যােৱা কথাটো কত আছে?
উত্তৰঃ বিষ্ণুপুৰাণত।

15. দক্ষিণ ভাৰতৰ নাৰসকলে নৱবৰ্ষৰ উৎসৱক কি বােলে?
উত্তৰঃ বিষু।

16. ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ পুথিখন কোনে লিখা? এইখন কিমান চনত প্ৰকাশ পাইছিল?
উত্তৰঃ গণেশ চন্দ্ৰ হাজৰিকাই। ১৯১৮ চনত।

17. বিষুৱন কি?
উত্তৰঃ প্ৰাচীন কালত যাগ যজ্ঞ কৰা এটা দিন।

18. ‘অসমৰ স্কট’ ৰূপে কাক কোৱা হয়?
উত্তৰঃ ৰজনীকান্ত বৰদলৈক।

19. অসমৰ কোনখন নগৰত প্ৰথমে বিহু উৎসৱ পতা হৈছিল?
উত্তৰঃ গুৱাহাটী নগৰত।

20. কোনখন উপন্যাসত বিহুনাচ আৰু গীত সম্পৰ্কে প্ৰথপ আভাস পােৱা যায়?
উত্তৰঃ মিৰি জীয়ৰী উপন্যাসত।

21. কোনখন উপন্যাসত বিহু নাচ আৰু গীত সম্পৰ্কে প্ৰথম আভাস পােৱা যায়?
উত্তৰঃ মিৰি জীয়ৰী উপন্যাসত।

22. ‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটিৰ লেখক কোন?
উত্তৰঃ ড° প্ৰফুল্লদত্ত গােস্বামী।

23. ‘পৃথিৱীৰ চৌপাশে এপাহ’ গ্ৰন্থৰ লেখল কোন?
উত্তৰঃ ড° প্ৰফুল্লদত্ত গােস্বামী।

24. ‘অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গােপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায়।’ –এই মন্তব্য কোনে কৰিছিল?
উত্তৰঃ ১৮৯৬ চনত গৰ্ডন চাহাবে।

25. লাইহাৰাওৱা কি?
উত্তৰঃ মণিপুৰৰ পুৰণি যৌনমূলক নৃত্য।

26. অসমীয়া কোনগৰাকী ঐপন্যাসিক উপন্যাসত প্ৰথম বিহুৰ নাচ আৰু গীত সম্পৰ্কে বহুল আলােচনা পায়?
উত্তৰঃ ৰজনীকান্ত বৰদলৈৰ উপন্যাসত।

27. কাতি বিহুৰ সময়ত সূৰ্য কোন ৰাশিলৈ যায়?
উত্তৰঃ তুলা ৰাশিলৈ।

28. ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটিৰ লেখক কোন?
উত্তৰঃ ড° প্ৰফুল্লদত্ত গােস্বামী।

29. দান দক্ষিণ কৰা কথাটো কত পােৱা যায়?
উত্তৰঃ ‘স্মৃতি শাস্ত্ৰ’ আৰু ‘বিষ্ণু পুৰাণ’ত।

30. বিহু নাচ আৰু গীত সম্পৰ্কে বহ’ল আলােচনা থকা প্ৰথম উপন্যাসখনৰ নাম কি?
উত্তৰঃ ‘মিৰি জীয়ৰী’।

31. বলী নাৰায়ণ বৰুৱাই বিহু কত লিখিছিল?
উত্তৰঃ ‘আসাম বন্ধু কাকতত।

তলৰ প্ৰতিটো প্ৰশ্নৰ লগতে বন্ধনীৰ মাজত একাধিক উত্তৰ দিয়া হৈছে। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা :

32. বিহু শব্দৰ উৎপত্তি কৰ পৰা হৈছে? (বিষ্ণু শব্দৰ পৰা / বিষুৱন শব্দৰ পৰা / বৈশাখী শব্দৰ পৰা / সংক্ৰান্তী শব্দৰ পৰা)
উত্তৰঃ বিষুৱন শব্দৰ পৰা।

33. বিহু নৃত্য গীতক কোনে অশােভন বুলি ঠাৱৰ কৰিছিল? (বলী নাৰায়ণ বৰাই। ৰজনীকান্ত বৰদলৈয়ে। গৰ্ডন চাহাবে / হ’লিৰাম। ঢেকিয়াল ফুকনে / গণেশ হাজৰিকাই)
উত্তৰঃ হ’লিৰাম ঢেকিয়াল ফুকনে।

34. দান দক্ষিণা কৰা কথা কত পায়? (অথৰ্ববেদত। ঐতৰিয ব্ৰাহ্মণ / স্মৃতি শাস্ত্ৰত / বিষ্ণু পুৰাণত)
উত্তৰঃ স্মৃতি শাস্ত্ৰত (বিষ্ণু পুৰাণতাে পােৱা যায়)।

35. সূৰ্য তুলা ৰাশিলৈ গলে কি বিহু হয়? (বহাগ বিহু / কাতি বিহু / মাঘ বিহু)
উত্তৰঃ কাতি বিহু।

36. ইন্দ্ৰধব্বজ কি? (প্ৰাচীন কালৰ ৰজা / প্ৰাচীন কালৰ পূজা / লােক অনুষ্ঠান / নৃত্য বিশেষ ব্যক্তি বিশেষ)
উত্তৰঃ প্ৰাচীন কালৰ পূজা।

37. হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজত কি উৎসৱ হয়? (বৈশাখী উৎসৱ / বিষুৱন উৎসৱ / দশহৰা উৎসৱ)
উত্তৰঃ বিযুৱন উৎসৱ।

38. দক্ষিণ ভাৰতৰ নাৰসকলে নৱবৰ্ষৰ উৎসৱক কি বােলে? (বিষ্ণু / হুঁচৰি৷ / কাৰ্তিক পূজা / হ’লি / মদন চতুৰ্দশী)
উত্তৰঃ বিষু।

39. হ’লিৰাম ঢেকিয়াল ফুকনে বিহুৰ নৃত্য গীত কি বুলি ঠাৱৰ কৰিছিল? (অশ্লীল / অশােভন / অসংস্কৃতল / কুৰুচিপূৰ্ণ/ অসামাজিল)।
উত্তৰঃ অশােভন।

40. কাতি বিহুৰ সময়ত সূৰ্য কোন ৰাশিলৈ যায়? (তুলা ৰাশিলৈ / মেষ ৰাশিলৈ / মিথুন ৰাশিলৈ / কৰ্কট ৰাশিলৈ)
উত্তৰঃ তুলা ৰাশিলৈ।

41. বলীনাৰায়ণ বৰাই বিহু কত লিখিছিল? (জোনাকী / অৰুনােদই / বাঁহী / আসাম বন্ধু)
উত্তৰঃ আসাম বন্ধু।

42. ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ পুথিখনি কোনে লিখা?(লক্ষীনাথ বেজবৰুৱাই ৰজনীকান্ত বৰদলৈয়ে / বলী নাৰায়ণ বৰাই / গণেশ চন্দ্ৰ হাজৰিকাই / ড° প্ৰফুল্লত্ত গােস্বামীয়ে)
উত্তৰঃ গণেশ চন্দ্ৰ হাজকিৰাই।

43. মিৰি জীয়ৰী কেত্যি ছপা হৈছিল? (১৮৮৫ খ্ৰীষ্টাব্দত। ১৮৯৬ খ্ৰীষ্টাব্দত / ১৮৫০ খ্ৰীষ্টাব্দত / ১৮৯৫ খ্ৰীষ্টাব্দত / ১৯১৭ খ্ৰীষ্টাব্দত)
উত্তৰঃ ১৮৯৫ খ্ৰীষ্টাব্দত।

44. মধ্যপ্ৰদেশৰ ওৰাওসকলে গ্ৰীষ্ম কালত সমূহীয়াকৈ কি কৰে? (মাছ মাৰে / পহু চিকাৰ কৰে / বিষু চিকাৰ কৰে / বিহু নাচে)
উত্তৰঃ বিষু চিকাৰ কৰে।

45. ঐতিৰিয ব্ৰাহ্মণ কি? (এখন পুৰণি শাস্ত্ৰ / এজন ব্যক্তি। এটা উৎসৱ/ এটা অনুষ্ঠান। এটা আখ্যান)
উত্তৰঃ এখন পুৰণি শাস্ত্ৰ।

46. কোনখন পুথিত প্ৰথম বিহু গীত নৃত্যৰ আভাস পােৱা যায়? (মনােমতী / মিৰি জীয়ৰী/ ৰহদৈ লিগিৰী/ নিৰ্মল ভকত / ৰঙ্গিলী)
উত্তৰঃ মিৰি জীয়ৰী।

47. কোনখন উপন্যাস বিহুৰ নাচ আৰু গীত সম্পৰ্কে বহ’ল বৰ্ণনা দিয়াৰ ক্ষেত্ৰত প্ৰথম? (পদুম কুঁৱৰী/ ৰহদৈ লিগিৰী/ মিৰি জীয়ৰী / জীৱনৰ বাটত / অপূৰ্ণ)
উত্তৰঃ মিৰি জীয়ৰী।

48. ‘বিষুৱন’ কি? (এটা উৎসৱ। প্ৰাচীন কালত যাগ যজ্ঞ কৰা এটা দিন। এটা যজ্ঞ / এটা সংক্ৰান্তি)
উত্তৰঃ প্ৰাচীন কালত যাগ যজ্ঞ কৰা এটা দিন।

49. অসমৰ কোনখন নগৰত প্ৰথমে বিহু উৎসৱ পতা হৈছিল? (ডিব্ৰুগড়ত / শিৱসাগৰত / গুৱাহাটীত / তেজপুৰত / যােৰহাটত)
উত্তৰঃ গুৱাহাটীত।

Short Type Questions and Answers (Marks : 2/3)

1. গণেশ চন্দ্ৰ হাজৰিকা : চমু টোকা লিখা।
গণেশ চন্দ্ৰ হাজৰিকা :- শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাত যােগনীয়া গাঁৱত জন্ম গ্ৰহণ কৰা গণেশ চন্দ্ৰ হাজৰিকাই ‘বাঁহী’, ‘আলােচনী’ আদি কাকতত ভালেকেইটা কবিতা আৰু প্ৰবন্ধ লিখিছিল। বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ (১৯১৪) হাজৰিকাৰ একমাত্ৰ প্ৰকাশিত গ্ৰন্থ।

2. বাঁহী : চমু টোকা লিখা।
বাঁহী :- ১৯০৯ চনত সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা সম্পাদনাত ‘বাঁহী’ কাকতখন প্ৰথম প্ৰকাশ হয়। দশম বছৰৰ পৰা ‘বাঁহী’ চন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত পােনতে ডিব্ৰুগড় আৰু তাৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশ পায়।

3. মিৰি জীয়ৰী : চমু টোকা লিখা।
মিৰি জীয়ৰী :- ‘উপন্যাস সম্ৰাট’ ৰজনীকান্ত বৰদলৈৰ দ্বাৰা মিছিং সমাজৰ আধাৰত ৰচিত ই এখনি বিখ্যাত সামাজিক উপন্যাস। মিছিং সকলৰ বিভিন্ন সামাজিক ৰীতি নীতিৰ উপৰি সেই সকলৰ মাজত। প্ৰচলিত বিহু নৃত্য আৰু গীতৰাে বহুল বিৱৰণ উপন্যাস খনত পােৱা যায়।

4. ঐতৰেয় ব্ৰাহ্মণ : চমু টোকা লিখা।
ঐতৰেয় ব্ৰাহ্মণ:- বৈদিক সাহিত্যৰ ব্ৰাহ্মণ গ্ৰন্থসমূহৰ ভিৰতৰ ই প্ৰাচীনতম। গ্ৰন্থ। গ্ৰন্থনি মূলতঃ পদ্যত ৰচিত হ’লেও কেইটামান আখ্যান গদ্যতাে ৰচিত আছে।

5. আসাম বন্ধু : চমু টোকা লিখা।
আসাম বন্ধু :- অসমৰ প্ৰথম আলােচনী বাতৰি কাকত ‘অৰুনােদই’ (১৮৪৬) প্ৰকাশৰ প্ৰায় দুকুৰি বছৰ পিছত ১৮৮৫ চনত গুণাভিৰাম বৰুৱাৰ সম্পাদনাত ‘আসাম বন্ধু’ নামৰ এই আলােচনীখন কলিকতাৰ পৰা প্ৰকাশ পায়। এই আলােচনীখন ১৮৯৪ চনলৈ প্ৰায় নও বছৰহে ই জীয়াই থাকিল। ইয়াত বিভিন্ন বা – বাতৰিৰ উপৰি অসমৰ সাহিত্য, বুৰঞ্জী তথা সমাজৰ নানান কথা প্ৰকাশ পাইছিল।

6. অথৰ্ববেদ : চমু টোকা লিখা।
অথৰ্ববেদ :- চাৰিবেদৰ চতুৰ্থখন হ’ল অথৰ্ববেদ। প্ৰাচীন কালত ই্যাক ‘অথৰ্বাংগিৰবেদ’ বােলা হৈছিল। যাজ্ঞবল্ক্য, গৌতম, মনু আদি স্মৃতিকাৰ সকলে উল্লেখ কৰিছে যে ৰজাৰ পক্ষে এই বেদ অধ্যয়ন অপৰিহাৰ্য। সেই কাৰণেই ই্যাৰ আন এটা নাম হ’ল ‘ক্ষাত্ৰ বেদ’। অথৰ্ববেদৰ শাখা দুটা, পৈশ্ললাদ আৰু শৌনকীয়।

7. বল বৰ্মা : চমু টোকা লিখা।
বল বৰ্মা :- পুৰণি প্ৰাগজ্যোতিষ ৰাজ্যত বল বৰ্মা উপাধিকাৰী তিনিজন নৃপতিৰ নাম পােৱা যায়। তাৰে শালস্তম্ভবংশী তৃতীয় বল বৰ্মাদেৱে অখণ্ড প্ৰতাপেৰে প্ৰায় একুৰি পাঁচ বছৰ কাল ৰাজত্ব কৰি পৱিত্ৰ বিষুৱ সংক্ৰান্তি কালত ব্ৰাহ্মণ লৈ ভূমি দান কৰা একাধিক তামৰ ফলি উদ্ধাৰ হৈছে।

8. ইন্দ্ৰধব্বজ পূজা : চমু টোকা লিখা।
ইন্দ্ৰধব্বজ পূজা :- ভাৰতবৰ্ষত ইন্দ্ৰধব্বজ পূজাৰ ইতিহাস প্ৰাচীন। ভাদ মাহৰ প্ৰথম পক্ষত পুৰণি কালত ৰজাসকলে বৰষুণৰ বাবে এই পূজা কৰিছিল। ‘কালিকা পুৰাণ’কে আদি কৰি প্ৰাচীন গ্ৰন্থত এই পূজাৰ উল্লেখ আছে। জনশ্ৰুতি মতে ইন্দ্ৰধব্বজ পূজা কৰা ৰজাসকলৰ ৰাজ্যত ৰােগ। নাশ হয়, শস্য বৃদ্ধি হয়।

9. বলীনাৰায়ণ বৰা : চমু টোকা লিখা।
বলীনাৰায়ণ বৰা :- বলী নাৰায়ণ বৰাৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীত। পিতৃৰ নাম দত্তনাৰায়ণ বৰা। ১৮৬৮ চনত গুৱাহাটী চেমিনাৰীৰ পৰা এন্ট্ৰেল পৰীক্ষাত উত্তীৰ্ণ হৈ ১৮৭১ চনত এফ এ। পৰীক্ষা পাছ কৰি গীলক্ৰাইষ্ট বৃদ্ধি লৈ বিলাতলৈ যায়। ১৮৭৭ চনত কুপাৰ কলেজৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙ সুখ্যাতিৰে পাছ কৰি ঘৰলৈ ঘূৰি আহে। নগাঁও, শিৱসাগৰ আৰু বঙ্গদেশৰাে নানান ঠাইত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি ১৯০৭ চনত অধীক্ষক অভিযন্তাৰূপে অৱসৰ গ্ৰহণ কৰে। ১৮৮৬ চনত তেওঁ ‘মৌ’ নামৰ কাকত এখন সম্পাদনা কৰি উলিয়ায়। বৰাৰ ৰচিত গ্ৰন্থ হ’ল – ‘A Geography of India’। ‘ভাৰতবৰ্ষৰ বুৰঞ্জী’, ‘অসমীয়া প্ৰবচন’ আদি।

10. বিষ্ণুপুৰাণ : চমু টোকা লিখা।
বিষ্ণুপুৰাণ :- বৈষ্ণৱ সম্প্ৰদায়ৰ মূল গ্ৰন্থ বিষ্ণুপুৰাণ। ৰামানুচাৰ্যই তেওঁৰ বেদান্ত সূত্ৰৰ টিকাত এই কথা উল্লেখ কৰিছে। পুৰাণখনৰ বিষয়বস্তুৰ ধাৰাবাহিকতাই প্ৰমাণ কৰে যে ই এখন প্ৰাচীন পুৰাণ আৰু ইয়াৰ মূল ৰূপটো আজিলৈকে অপৰিৱৰ্তিত। পুৰাণৰ পঞ্চ লক্ষণ, যেনে সৰ্গ (সৃষ্টি), প্ৰতিসৰ্গ (সৃষ্টিৰ পিছত পুন : সৃষ্টি), বংশ (দেৱতা বা ঋষি মুনি সকলৰ বংশ), মনন্তৰ (মনুৰ অধিকাৰ ফল) আৰু। বংশানুচৰিত (বংশােদ্ভৱ বিখ্যাত চৰিত্ৰ) – এই কেইটা ইত। বৰ্তমান। বৈষ্ণৱ সকলৰ প্ৰামাণ্য গ্ৰন্থ হ’লেও ইয়াত বিষ্ণুৰ উদ্দেশ্যে কোনাে যাগ – যজ্ঞানুষ্ঠানৰ কথা লিপিবদ্ধ হােৱা নাই।

11. হ’লিৰাম ঢেকিয়াল ফুকন (১৮০২ – ১৮৩২) : চমু টোকা লিখা।
হ’লিৰাম ঢেকিয়াল ফুকন (১৮০২ – ১৮৩২) :- হ’লিৰাম ঢেকিয়াল ফুকনৰ পিতৃৰ নাম আছিল পৰশুৰাম বৰুৱা মাতৃৰ নাম কামেশ্বৰী।। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সতে তেওঁ হাদিৰাচকীত। দুৱলীয়া বৰুৱা হয়। চন্দ্ৰকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেৱে তেওঁক ঢেকিয়াল ফুকন পদবী দিয়ে। ইং ১৮২৫ চনত কোম্পানীৰ আমােলত তেওঁ অসমৰ নামনি খণ্ডৰ কালেক্টৰী চিৰস্তদাৰ পদত নিযুক্ত হয় – কিন্তু পিছত হােৱাইট চাহাবৰ সৈতে মতানৈক্য হােৱাত সেই পদ এৰি দিয়ে। ১৮৩২ চনত তেওঁ গুৱাহাটীত এচিষ্টেন্ট মেজিষ্ট্ৰেট পদত নিযুক্ত হয়। ১৮২৯ চনত তেওঁ বঙলাভাষাত ‘আসাম বুৰঞ্জী’ আৰু ১৮৩২ চনত সংস্কৃত ভাষাত। ‘তীৰ্থ যাত্ৰা পদ্ধতি’ ৰচনা কৰি প্ৰকাশ কৰে। বঙলা ভাষাত ৰচিত ‘সমাচাৰ চন্দ্ৰিকা’, ‘সমাচাৰ দৰ্পন’ আদি ভালেমান উল্লেখযােগ্য প্ৰবন্ধও। প্ৰকাশ পায়।

12. ৰজনীকান্ত বৰদলৈ : চমু টোকা লিখা।
ৰজনীকান্ত বৰদলৈ :- অসমীয়া সাহিত্য জগতত উপন্যাস সম্ৰাট’, ‘অসম স্কট’ ৰূপে খ্যাতি লাভ কৰা ৰজনীকান্ত বৰদলৈৰ জন্ম হয়।গুৱাহাটীৰ চৰকাৰী হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষা পাছ কৰে। তাৰ। পিছত কলিকতাৰ মেট্ৰোপলিটান কলেজৰ পৰা ১৮৮৭ চনত এফ এ আৰু ১৮৪৯ চনত বি এ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৮৯১ চনত উত্তৰ। লক্ষীমপুৰত মাটিৰ হাকিম পদত নিযুক্ত হয়। ১৯১৮ চনত উপাযুক্ত ৰূপে অৱসৰ গ্ৰহণ কৰে।

বৰদলৈৰ ৰচিত উপন্যাসসমূহ হ’ল – ‘ৰহদৈ লিগিৰী’, ‘মনােমতী’, ‘মিৰি জীয়ৰী’, ‘দন্দুৱাদ্ৰোহ’, ‘নিৰ্মল ভকত’, ‘তাম্ৰেশ্বৰী মন্দিৰ’, ‘ৰাধা-ৰুক্মিণীৰ ৰণ’ আদি। ‘ভােলাই শৰ্মা’ ছদ্মনামেৰে ‘বাঁহী’ আৰু ‘আলােচনী’ কাকতত এলানি হাস্যৰসাত্মক প্ৰৱন্ধও লিখিছিল। ৰজনীকান্ত বৰদলৈ অসম সাহিত্য সভাৰ ১৯২৫ চনত নগাঁৱত অনুষ্ঠিত অষ্টম অধিবেশনৰ সভাপতি আছিল।

Long Type Questions and Answers (Marks : 4)

1. “বিষুৱ সংক্ৰান্তীৰ সময়ত পালন কৰা এন মংগলদায়ক অনুষ্ঠানৰ সোঁৱৰণ যে ভাৰতৰ উত্তৰ পূৰ্ব চুকৰ অসমতে ৰৈছে এনে নহয়, ভাৰতৰ আন আন অঞ্চলতাে সি লােপ পােৱা নাই।” —প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
অথবাঃ বিহু উৎসৱৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন আন। ঠাইত দেখা যায়নে? আলােচনা কৰা।
উত্তৰঃ সংগতিঃ উল্লিখিত বাক্যশাৰী ড° প্ৰফুল্লদত্ত গােস্বামীদেৱৰ বহাগ ‘বিহুৰ পৰম্পৰা’ শীৰ্ষৰ প্ৰবন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে।

READ MORE  অন্বেষণ | Chapter 6 | Class 12 Advance Assamese - AHSEC

প্ৰসংগঃ বিহু উছৱৰ লগত ভাৰতৰ বিভিন্ন অঞ্চলত পালন কৰা কিছুমান অনুষ্ঠানৰ ওচৰ সাদৃশ্যৰ প্ৰসংগত লেখকে এনেদৰে মন্তব্য দিচ্ছে।

ব্যাখ্যাঃ লেখক কৈছে ‘বিহু’ শব্দটো সংস্কৃত বিষুৱ শব্দৰ পৰা হৈছে। বেদ, ব্ৰাহ্মণ আদি গ্ৰন্থত বিষুৱন যাগ যজ্ঞই কৰা এটা দিন। এনে যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। বিষ্ণু পুৰাণত কোৱা হৈছে শৰৎ আৰু বসন্ত ঋতুৰ মাজত সূৰ্য তুলা নাইবা মেষ ৰাশিলৈ গলে বিষুৱ হয় আৰু এই সমযত দিন ৰাতি সমান হয়। এনে পৱিত্ৰ সময়ত দেৱতা, ব্ৰাহ্মণ আৰু পিতৃসকলৰ উদ্দেশ্যে দান দক্ষিনা কৰিব লাগে। অসমতাে প্ৰাচীন ৰজাসকলে এনে সময়তে ভূমিদান কৰিছিল। বিষুৱ সংক্ৰান্তীৰ সময়ত পালন কৰা এনে মংগলদায়ক অনুষ্ঠান সোঁৱৰণ। ভাৰতৰ আন আন অঞ্চলতাে ৰক্ষিত হৈছে। দক্ষিণ ভাৰতত নাৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষু’ বােলে ৷

সেইদৰেহিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতাে ‘বিষু’ উৎসৱ (মেলা) আছে। মধ্যপ্ৰদেশৰ ওৰাওসকলে গ্ৰীষ্ম কালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে। কিছুমান অঞ্চলত আকৌ বিষু নুবুলি ‘বৈশাখী বােলা হয়।

2. “বৰ্তমান শতিকা ভাৰতীয় জাতীয় জাগৰণৰ সম্য।” —প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কথাফাকি লােক সংস্কৃতিৰ গৱেষক পণ্ডিত ড° প্ৰফুল্লদত্ত গােস্বামী ৰচিত ‘বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰবন্ধটিৰ অন্তৰ্গত।

প্ৰসংগঃ জাতীয় জাগৰনে বিহুক কিদৰে জনপ্ৰিয়তা অৰ্জন কৰাত সহায় কৰিছিল সেই কথা কবলৈ যাওঁতে এনেদৰে উল্লেখ কৰিছে।

ব্যাখ্যাঃ কুৰি শতিকাটো সমগ্ৰ ভাৰততে জাতীয় জাগৰণৰ স্মৰূপে চিহ্নিত হৈছিল। দ্বিতীয় মহাযুদ্ধৰ আগে আগে স্বাধীতাৰ বাণীত উদ্ধৃত ভাৰতৰ জনসাধাৰণে জাতীয় সংস্কৃতিৰ পৰিচায়ক সমগ্ৰীবিলাকৰ পুনৰুদ্ধাৰ আৰু নৱমূল্যায়ন কৰিবলৈ উঠি পৰি লাগিছিল। তাৰ আগলৈকে অসমত বিহু সকলােৰে মাজত সমানে সমাদৃত আৰু আদৰণীয় নাছিল। এই জাগৰণৰ ফলতেই অসমৰ জাতীয় জীৱন আৰু সংস্কৃতিসম্বলিত বিহুক অসমীয়া। মানুহে উদ্ধাৰ আৰু নৱমূল্যায়ন কৰিলে আৰু ইয়াৰ ফলতেই বিহু উৎসৱ সকলােৰে মাজৰ জনপ্ৰিয় হৈ পৰিল আৰু জাতীয় উৎসৱ হিচাপে পৰিগণিত হ’ল।

3. “কিছুমান অঞ্চলত ‘বিষু’ নুবুলি ‘বৈশাখী’ বােলা হয়।” —প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কথাফাকি ড° প্ৰফুল্লদত্ত গােস্বামী ৰচিত ‘বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰবন্ধৰ অন্তৰ্গত।

প্ৰসংগঃ অসমৰ বাহিৰেও অন্যান্য ঠাইত বিহুক কি বুলি কোৱা হয় তাক কবলৈ গাওঁতে প্ৰবন্ধটিত এনেদৰে উল্লেখ কৰিছে।

ব্যাখ্যাঃ বিষুৱ সংক্ৰান্তীৰ সময়ত অসমত পালন কৰা উৎসৱটিৰ অসমত বিহু বােলে হয় যদিও ভাৰতৰ বিভিন্ন ঠাইত এই উৎসৱক বেলেগ বেলেগ। নামেৰে জনা হয়। দক্ষিণ ভাৰতৰ নাৰসকলে নৱবৰ্ষৰ উৎসৱক বিহু বােলে। হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতাে ‘বিষু’ নামেৰে এই উৎসৱ পালন কৰে। মধ্যপ্ৰদেশৰ ওৰাওসকলে গ্ৰীষ্ম কালত ‘বিষু। চিকাৰ’ৰ ব্যৱস্থা কৰে। আকৌ কিছুমান অঞ্চলত ‘বিষু উৎসৱকে “বৈশাখী’ বুলিও ক্য। কাৰণ এনে উৎসৱ বহাগ মাহতে পাতল কৰা হয়।

4. “ইয়াত এফালে আৰ্য সংস্কৃতিৰ এটি সুতি জাহ গৈছে, আনহাতে অনাৰ্য অথবা প্ৰাক আৰ্য্য, প্ৰাচীন উৰ্ব অনুষ্ঠানৰ সুঁতিও লগ। লাগিছে।” —প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উল্লিখিত কাব্যশাৰী ড° প্ৰফুল্লত্ত গােস্বামীয়ে ৰচনা কৰা ‘বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰবন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ কথাষাৰিৰ জৰিয়তে লেখক অসমৰ বিহু অনুষ্ঠান আৰ্য অনাৰ্য দুয়ো গােষ্ঠীৰে যে মিলনৰহে ফল সেই কথা নিৰ্দেশ কৰিছে।

ব্যাখ্যাঃ বিহু মূলতঃ কৃষিকেন্দ্ৰিক অনুষ্ঠান, বছৰৰ আৰম্ভণিতে কৃষিজীৱী মানুহে কিছুমান আচাৰ অনুষ্ঠান পুৰণি কালত পৃথিৱীৰ প্ৰায় সকলােতে পালন কৰিছিল। অসমতাে প্ৰাচীন কালৰে পৰাই এনে আচাৰ অনুষ্ঠানৰ অন্তৰ্গত বিহুগীত আৰু বিহু নাচৰ প্ৰচলন আছিল। বিহু শব্দটোৰ। উৎপত্তি সংস্কৃত বিষুৱন শব্দৰ পৰা অহা। প্ৰাচীন সংস্কৃত গ্ৰন্থত বিষুৱন শব্দৰ অৰ্থ হ’ল যাগ যজ্ঞ কৰা দিন। থেতি বাতিৰ সুব্যৱস্থাৰ বাবেই বিযুৱন দিনত যাগ যজ্ঞ কৰা হৈছিল। এনেদৰে বিহুৰ মাজত আৰ্য্য সংস্কৃতিৰ ৰূপ পৰিলক্ষিত হৈছিল। কিন্তু আৰ্য সুঁতিৰ লগত অনাৰ্য এটি পুঁতিও বিহুত লগ লাগিছে।

কৃষিজীৱী লােকসলকে প্ৰাচীনকালৰে পৰা স্ত্ৰী পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য গীতে পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে বুলি বিশ্বাস কৰি আহিছে। বিহু নাচত যৌন মিলনৰ ইংগিত থকা যি পুঁতি দেখা যায় সিয়েই প্ৰাচীন এই উৰ্বৰা অনুষ্ঠানৰ কথা মনলৈ আনে। গতিকে বিহু অনুষ্ঠাসনৰ লগত আৰ্য আৰু অনাৰ্য দুয়ােটা পুঁতিয়েই লগ লাগি আছে আৰু এই দুটো সুঁতিৰ মিলনৰ ফলস্বৰূপেই বিহুৰ জন্ম হৈছে।

5. “বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয়।” —প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কথাফাকি ড° প্ৰফুল্লত্ত গােস্বামী ৰচিত ‘বহাগ বিহু পৰম্পৰা’ নামৰ প্ৰবন্ধৰ অন্তৰ্গত।

প্ৰসংগঃ অসমীয়া সমাজত বিহু আগতে কেনে আছিল আৰু বৰ্তমান ইযাক। কেনেভাবে গ্ৰহণ কৰা হৈছে তাক আলােচনা কৰােতে লেখকে এনেদৰে উল্লেখ কৰিছে।

ব্যাখ্যাঃ প্ৰাচীন কালত ধৰ্মীয় অনুষ্ঠান হিচাপে বিহু উৎসৱ পালন কৰা হৈছিল। ই কেৱল হিন্দু সমাজৰ জীৱ জন্তু, থেতি বাতি আদিৰ মংগলৰ কাৰণে কৰা পূজা পাৰ্বনত বিহু নৃত্য গীত আদি কৰা হৈছিল। কিন্তু কালক্ৰমত বৰ্তমান ই ধৰ্মমূলক উৎসৱ হৈয়েই থকা নাই। বৰ্তমান বিহু জাতি বৰ্ণ, ধৰ্ম নিৰ্বিশেষে অসমীয়া জাতিৰ বাপতি সাহােন, জাতীয় উৎসৱ, অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰতীক। বিহু উৎসৱৰ মাজেৰে অসমীয়া জাতিৰ জাতীয চৰিত্ৰ, আচাৰ নীতি, সুখ দুখ, হাঁহি কান্দোন, প্ৰেম প্ৰীতি, ঐক্য সংহতি আদিৰ স্বৰূপ প্ৰকাশ পায়।

6. “আমাৰ জাতীয় জাগৰনেও বিহু উৎসৱৰ জনপ্ৰিয়তা বৰুৱাত সহায় কৰিলে।” —প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উল্লিখিত কাব্যশাৰী ড° প্ৰফুল্লদত্ত গােস্বামী ৰচিত ‘বহাগ বিহুৰ পৰম্পৰা’ শীৰ্ষক প্ৰবন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ বিহু উৎসৱৰ। জনপ্ৰিয়তা বৃদ্ধিত জাতীয় জাগৰনেও যে বিষয়ে ভূমিকা গ্ৰহণ কৰিছিল লেখকে সেই কথাকে কবৰ প্ৰয়াস কৰিছে।

ব্যাখ্যাঃ ঊনবিংশ শতিকাৰ অসমত শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৰ মাজত বিহু জনপ্ৰিয় নাছিল। দেশৰ স্বাধীনতা বিলুপ্তি আৰু বংদেশৰ গােড়া হিন্দুসকলৰ প্ৰভাৱত ফলত বিহু সকলােৰে ওচৰত সমানে আদৰণীয় আছিল। পিছে কুৰি শতিকাৰ আৰম্ভণিৰ পৰাই বেজবৰুৱা প্ৰমুখ্যে বিভিন্ন লেখকসকলৰ পৃষ্ঠপােষকতাত বিহুৱে পূৰ্বৰ হৃত গৌৰৱ পুনৰ ঘূৰাই পালে। কুৰি শতিকাটো সমগ্ৰ ভাৰততে জাতীয় জাগৰণৰ সমযৰূপে চিহ্নিত। দ্বিতীয় মহাযুদ্ধৰ আগে আগে স্বাধীনতাৰ বাণীত উদ্ধৃত ভাৰতৰ জনসাধাৰণে জাতীয় সংস্কৃতিৰ পৰিচয়জ্ঞাপক সকলােবােৰ সামগ্ৰীৰ পুনৰুদ্ধাৰ কৰি সিবােৰৰ নৱ মূল্যায়নত যত্নপৰ হ’ল। এনে জাতীয় জাগৰণৰ সুফল অসমতাে ফলিল আৰু তাৰ ফলস্বৰূপেই বিহু উৎসৱে জনপ্ৰিয়তা লাভ কৰিবলৈ সমৰ্থ হ’ল।

7. “সজ বিবেচকৰ কৰ্তব্য হৈছে সমাজৰ লাগতিয়াল পুৰণি বস্তুৰ পৰা সাৰ সংগ্ৰহ কৰি তাক বৰ্তমান সময় আৰু সমাজৰ উপযােগী কৰি। তােলা আৰু সেই সমলৰেই বৰ্তমান সমাজৰ মংগল সাধন কৰা।” —প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উল্লিখিত বাক্যশাৰী ড° প্ৰফুল্লদত্ত গােস্বামীদেৱে ৰচনা কৰা ‘বহাগ বিহুৰ পৰম্পৰা’ শীৰ্ষক প্ৰবন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ প্ৰবন্ধটোত লেখকে বিহুৰ বিষয়ে প্ৰথমে এখন পুথি ৰচনা কৰােতে স্বৰ্গীয় গণেশ চন্দ্ৰ হাজৰিকাৰ এটি মন্তব্য তুলি দিছে।

ব্যাখ্যাঃ উনবিংশ শতিকাৰ অসমীয়া মধ্যবিত্ত শিক্ষিত সমাজত বিহু অনুষ্ঠান কমানাে আদৰণীয় নাছিল। বিহু নাচক যৌন অভিব্যক্তিৰ প্ৰকাশ ঘটাৰ বাবেই বংদেশৰ গােড়া হিন্দুধৰ্মৰ দ্বাৰা প্ৰভাৱিত মানুহে বিহু নাচক অশােভনীয় বুলি মন্তব্য দিছিল। পিছে বৰ্তমান শতিকাৰ দ্বিতীয় দশকমানৰ পৰা অসমীয়া শিক্ষিত সমাজৰ বিহুৰ প্ৰতি থকা দৃষ্টিভংগীৰ সলনি হবলৈ ধৰে। ১৯১৮ চনত গণেশচন্দ্ৰ হাজৰিকাই ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ এখন গ্ৰন্থ ৰচনা কৰি বিহুকেইটিৰ সৰল বৰ্ণনা দিছিল। হাজৰিকাই গ্ৰন্থখনৰ এঠাইত ওপৰত দিয়াৰ দৰে মন্তব্য দি। কৈছিল যে পুৰণি বস্তু মানেই একেবাৰে অলাগতিয়াল বা মূল্যহীন নহয়।

যিসকল সজ বিবেচক লােক তেওঁলােকে পুৰণি বস্তুসমূহৰ পৰা লাগতিয়াল সাৰ সংগ্ৰহ কৰি নতুনৰ লগত খাপ খুৱাই সমাজৰ হকে ব্যৱহাৰ কৰে। দেশৰ আৰু দহৰ উপকাৰৰ বাবেই এনে কৰা প্ৰযােজন। হাজৰিকাই বিহুৰ ক্ষেত্ৰত এই মন্তব্য দিছিল আৰু এন মন্তব্য অশ্লীল আৰু অশােভন বুলি জনসমাজৰ মাজত থকা বিহু নাচত সমাজৰ উপযােগী কৈ খাপ খুৱাই হবলৈ পৰামৰ্শ দিছে।

8. “বিহুৰে কাকো দুখ নিদিয়ে, সকলােকে ৰং দিয়ে, সেই দেখি বিহুক লােকে হাঁহে, বেয়া পায়।”  —প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি ড° প্ৰফুল্লদত্ত গােস্বামী ৰচিত ‘ব’হাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰবন্ধটিৰ অন্তৰ্গত।

প্ৰসংগঃ বিহুক এটা সময়ত কিছুমান মানুহে বেয়া দৃষ্টিৰে চোৱাৰ কাৰণে লক্ষীনাথ বেজবৰুৱাই মন্তব্য কৰি উক্ত কথাষাৰি কৈছিল।

ব্যাখ্যাঃ বেজবৰুৱাই কৈছে যে, বিহু আমাৰ সকলােৰে উৎসৱ। বিহু চাই মানুহে দুখৰ পৰিবৰ্তে আনন্দহে পাব লাগে। বিহু নৃত্য আৰু গীতৰ মাজত যি লয়লাস ভংগী আৰু সৰু লুকাই আছে সি সকলােকে আনন্দ দিয়ে। পিছে এটা সময়ত এই নৃত্য আৰু গীতৰ এনে লয়লাস ভংগী আৰু সুৰক কিছুমান মানুহে অশ্লীল, অসজালি বুলি ধাৰণা কৰি বেয়া চকুৰে চাইছিল – উপলুঙা কৰি হাঁহিছিল। আনকি আহােম ৰাজত্বৰ সময়ত বিহুক অসমৰ জাতীয় উৎসৱ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰতাে বিহু বুলিলে নাক কোচোৱা অনেক ছশ শিক্ষিত মানুহাে আছিল। প্ৰকৃতপক্ষে বিহু যে আনন্দ আৰু সুখ শান্তিৰহে উৎসৱ এই কথা প্ৰতীয়মান কৰিবলৈ বেজবৰুৱাই নেদৰে মন্তব্য কৰিছে।

9. “ইফালৰ পৰা চাবলৈ গলে বিহু এক ধৰ্মীয় অনুষ্ঠান।” —প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ সংগতিঃ উল্লিখিত বাক্যশাৰী ড° প্ৰফুল্লদত্ত গােস্বামী ৰচিত ‘বহাগ বিহুৰ পৰম্পৰা’ শীৰ্ষক প্ৰবন্ধৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগঃ বিহুৰ লগত জড়িত ধৰ্মীয় আচাৰ অনুষ্ঠানৰ প্ৰসংগত মন্তব্য দি লেখকে এনেদৰে কৈছে।

ব্যাখ্যাঃ ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত লেখক ড° প্ৰফুল্লত্ত গােস্বামীদেৱে বিহুৰ পৰম্পৰা নিৰ্দেশ কৰিবলৈ গৈ মন্তব্য দিচ্ছে যে বিহুৰ লগত জড়িত। আচাৰ অনুষ্ঠানসমূহ ধৰ্মৰ লগত ব্ৰাহ্মণত বিষুৱনক যাগ যজ্ঞ কৰা এটা দিন বুলি কোৱা হৈছে। এই যাগ যজ্ঞই সূৰ্য্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। অৰ্থাৎ খেতি বাতিৰ সু ব্যৱস্থাৰ বাবেই এই বিষুৱন দিনৰ যাগ যজ্ঞৰ আযােজন কৰা হয়। অসমীয়া ভঠেলি অনুষ্ঠানত যেনেকৈ প্ৰাচীন ইন্দ্ৰধব্বজ পূজাৰ সোঁৱৰণ ৰক্ষিত হৈছে বিহু অনুষ্ঠানতাে তেনেদৰে ভাৰতৰ বিৱন দিনৰ পূজা পাতলৰ সোঁৱৰণ ৰক্ষিত হৈছে।

বৰ্তমান সময়ত আমি বিহুত যিবিলাক আচাৰ অনুষ্ঠান পালন কৰাে — যেনে ঘৰ বাৰী সূচী বা নিকা কৰা, ন কাপােৰ পিন্ধা, গৰু গাইৰ যতন লােৱা, দেৱতা বা গােসাঁইক পূজা কৰা, নৃত্য আৰু গীত এই সকলােবােৰ আৰ্য আৰু অনাৰ্য আচাৰৰ উদ্দেশ্য একেই। আটাইবিলাকৰ উদ্দেশ্য হ’ল ৰাইজ, জীৱ জন্ত আৰু খেতি বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা। সেয়ে এই দিশৰ পৰা বিচাৰ কৰি চালে বিহুক এক ধৰ্মীয় অনুষ্ঠান বুলিয়েই অভিহিত কৰিব পাৰি।

Long Type Questions and Answers (Marks : 3/4/5)

1. ‘বিহুৱে কাকো দুখ নিদিয়ে, সকলােকে ৰং দিয়ে, সেই দেখি বিহুক। লােকে হাঁহে, বেয়া পায়।’ –এই মন্তব্য কাৰ? এই সন্দৰ্ভত তােমাৰ। মতামত দিয়া।
উত্তৰঃ উল্লিখিত মন্তব্যটো সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ। ১৯১৭ খ্ৰীষ্টাব্দৰ ‘বাঁহী’ আলােচনীত বেজবৰুৱাই এই মন্তব্য দিছিল। আমাৰ প্ৰবন্ধকাৰ ড° প্ৰফুল্লদত্ত গােস্বামীয়ে ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত বেজবৰুৱাৰ মন্তব্যটো ব্যৱহাৰ কৰিছে।

বেজবৰুৱাই কৈছে বিহু আমাৰ সকলােৰে মাজত যি লয়লাস ভংগী আৰু সুৰ লুকাই আছে যি সকলােকে আনন্দ দিয়ে। পিছে এনে এটা সময় আছিল যিটো আময়ত বিহুক নগ্ন অশ্লীল গীত নৃত্য বুলি অভিহিত কৰা হৈছিল। আহােম ৰাজত্বকালত জাতীয় উৎসৱৰূপে স্বীকৃতি পােৱা এই উৎসৱক ইংৰাজী শিক্ষাৰে শিক্ষিত এচামে হয় দৃষ্টিৰে চাইছিল। বিহু। বুলিলে নাক কোচোৱা মানুহ বেজবৰুৱাৰ সময়তাে আছিল। সেইসকল লােকৰ প্ৰতি কটাক্ষ কৰিয়েই বেজবৰুৱাই এনে মন্তব্য দিছিল।

2. বিহু উৎসৱ সম্পৰ্কে কৰা কাৰ বৰ্ণনাই প্ৰথম বৰ্ণনা বুলি কোৱা হৈছে? সেই বৰ্ণনাত কেনে ধৰণৰ কথা পােৱা যায়?
অথবাঃ সপ্তদশ শতিকাত ‘এক মুছলমান ভ্ৰমনকাৰীয়ে’ অসমৰ বিহু উৎসৱ সম্বন্ধেকি বৰ্ণনা দি গৈছে?

উত্তৰঃ পুৰণি অসমীয়া কিছুমান পুথিত কোনাে কোনাে বৰ্ণনাত বিষুৱ আৰু বিহু শব্দৰ উল্লেখ পােৱা যায় যদিও উৎসৱ হিচাপে ইৰ বৰ্ণনা। কতাে পাবলৈ নাই। সম্ভৱ সপ্তদশ শতিকাত এক মুছলমান ভ্ৰমনকাৰীয়ে এই উৎসৱৰ বৰ্ণনা কৰিছিল, আৰু এই বৰ্ণনাই প্ৰথম বৰ্ণনা। এই বৰ্ণনাত তেওঁ লিখিছিল যে ‘নওৰােজ’ বা নৱবৰ্ষত অসমৰ ৰাজনীতিত পুৰুষ স্ত্ৰী উভয়ে নৃত্য আৰু গীতেৰে ৰং ধেমালি কৰিছিল। ঢােল, পেঁপা, টকা আদি বাদ্য যন্ত্ৰও এইবােৰত ব্যৱহাৰ কৰিছিল বুলি বৰ্ণনাত উল্লেখ আছে। বৰ্ণনাত আৰু উল্লেখ কৰিছে যে ডেকা গাভৰুহতে এই উৎসৱতে মনৰ আদান প্ৰদানাে কৰিছিল। সম্ভৱ আহােম ৰজাসকলে এই উৎসৱৰ পৰিপােষণ কৰি বিহুক এটি জাতীয় উৎসৱৰূপে গঢ় দিয়াত সহায় কৰিলে।

READ MORE  ই যে অগ্নিবীণাৰ তান | Chapter 3 | Class 12 Advance Assamese - AHSEC

3. বিহু সম্পৰ্কে গণেশ চন্দ্ৰ হাজৰিকাই লিখা কিতাপখন কি? তেওঁ বিহু কি মন্তব্য দিছিল?
উত্তৰঃ ঊনবিংশ শতিকাৰ শিক্ষিত মধ্যবিত্ত সম্প্ৰদায়ে বিহু অনুষ্ঠানৰ প্ৰতি সহানুভূতি সূচক দৃষ্টিভঙ্গী প্ৰকাশ কৰা নাছিল। হ’লিৰাম ঢেকিয়াল ফুকনে বিহু নৃত্য গীতক অশােভন বুলিয়েই ঠাৱৰ কৰিছিল। কিন্তু কুৰি শতিকাৰ দ্বিতীয় দশকমানৰ পৰা অসমৰ শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৰ বিহু সম্পৰ্কত দৃষ্টিভংগীৰ সলনি হবলৈ আৰম্ভ কৰে। তাৰে প্ৰথম। নিদৰ্শন পােৱা যায় ১৯১৪ চনত গণেশ চন্দ্ৰ হাজৰিকাই ৰচনা কৰা। ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ পুস্তিকাখনিত। সেই কালত বিহু গ্ৰন্থ ৰ ৰচনা কৰি হাজৰিকাই এটি  উল্লেখযােগ্য কাম কৰিছিল।

গ্ৰন্থনিত তেওঁ অসমৰ বিহু সহজ সৰল বৰ্ণনা দিছে। গন্থখনিৰ এঠাইত বিবােৰ বিষয়ে মন্তব্য দি হাজৰিকাই কৈছে – ‘সহজ বিবেচকৰ কৰ্তব্য হৈছে সমাজৰ লাগতিাল পুৰণি বস্তুৰ পৰা সাৰ সংগ্ৰহ কৰি তাক বৰ্তমান সমযৰ আৰু সমাজৰ উপযােগী কৰি তােলা আৰু সেই সম্বলেৰেই বৰ্তমান সমাজৰ মংগল সাধনা কৰা।

4. ‘কিন্তু এই ধাৰণা শুদ্ধ নহয় যেন লাগে।’ –লেখকে কোনটো ধাৰণাৰ কথা কৈছে? এই ধাৰণা শুদ্ধ নহয় বুলি কি কৈছে?
উত্তৰঃ ড° প্ৰফুল্লত্ত গােস্বামীয়ে ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত বৰ্তমান কালত হিন্দুধৰ্মৰ প্ৰভাৱত পূৰ্বৰ পৰা চলি অহা নৃত্য আৰু। গীতবিলাক অমাৰ্জিত বুলি কৰা ধাৰণা নিৰ্ভুল নহয় বুলি মন্তব্য দিছে। বিহুৰ লগত জড়িত নৃত্য আৰু গীতসমূহ বহুতে শুভনীয়ে নহয় বুলি মত প্ৰকাশ কৰে। গােড়া হিন্দুধৰ্মী লােকসকলে পুৰণি নৃত্য আৰু গীতক। নিজৰ ভিতৰত সুমুৱাই লব নােৱাৰিলে। লােৱা হ’লে অসমীয়া হিন্দুধৰ্মৰ এটি সতেজ আৰু আকৰ্ষণীয় ৰূপ লক্ষ্য কৰিব পৰা হ’লহেঁতেন। সেয়ে। হিন্দুধৰ্মৰ প্ৰভাৱত গঢ় লৈ উঠা এই ধাৰণাটো অৰ্থাৎ বিহু নৃত্য গীতক অমাৰ্জিত বুলি ভবা ধাৰণাটো শুদ্ধ নহয়।

বিহুগীতত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰাত বিহু নৃত্য আৰু গীত অমাৰ্জিত হােৱা নাই। হিন্দু ধৰ্মৰ এনে নৃত্য- গীতক ধৰ্মৰ ভিতৰুৱা কৰি লব নােৱাৰাটো দুৰ্ভাগ্যৰ কথাহে। বৰ্তমানে অৱশ্যে বিহুগীত বিশেষকৈ হুঁচৰিত হিন্দু ধৰ্মৰ প্ৰভাৱ ছেগা চোৰােকাকৈ নপৰাকৈ থকা নাই। নৃত্যৰ পিছে এই প্ৰভাৱ নপৰিল।

5. ‘অসমীয়া মাইকী মানুহে বৃন্দাবনৰ গােপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায়।’ –কোনে এনে মন্তব্য দিছিল? এই মন্তব্য তুমি শুদ্ধ বুলি ভাবানে?
উত্তৰঃ এই মন্তব্য ইংৰাজ প্ৰশাসক গৰ্ডন চাহাবে ১৮৯৬ চনত দিছিল। গৰ্ডন চাহাবৰ এই মন্তব্য অৱশ্যে শুদ্ধ বুলি কব পৰা নাযায়। ইংৰাজ চাহাবজনে বিহু নৃত্য গীত লক্ষ্য কৰি তাৰ লগত বৃন্দাবনৰ গােপীসকলৰ নৃত্যৰ তুলনা বিচাৰি পাইছে।

পূৰ্বে পথাৰত মুকলি অঞ্চলত বিহু মৰাৰ প্ৰথা আছিল। কেৱল নাৰীৰ মাজত প্ৰচলিত জেং বিহু মুকলি ঠাইত অনুষ্ঠিত হৈছিল। এনে বিহু। এতিয়াও উজনি অসমৰ স্থান বিশেষে প্ৰচলন আছে। বিহু উৎসৱত ডেকা গাভৰু উভয়েই ৰঙত মতলীয়া হয়। গাভৰুহঁতে মনৰ স্বতঃস্ফূৰ্ত আনন্দ নাচৰ জৰিয়তে প্ৰকাশ কৰে। গৰ্ডন চাহাবে এনে গাভৰু বিহু দেখি হয়তাে বৃন্দাবনৰ গােপিনীসকলৰ কৃষ্ণ বিৰহত যমুনাৰ পাৰে পাৰে কৃষ্ণক বিচাৰি ঘূৰি ফুৰা দৃশ্যৰ ছবি কল্পনা কৰিছিল। শ্ৰীকৃষ্ণৰ প্ৰাণ। মতলীয়া কৰা বাঁহীৰ সুৰত য’ৰে বন ত’তে এৰি গােপীসকল বৃন্দাবনলৈ ঢপলিযাই গৈছিল। গােপীনীসকলৰ এনে আনন্দ প্ৰকাশ গৰ্ডন চাহাবে অসমৰ গাভৰুসকলৰ বিহুৰ ক্ষেত্ৰত দেথি এনে মন্তব্য কৰিছিল। প্ৰসংগ ভিন্ন হ’লেও দুয়োচ্চেত্ৰতে আনন্দ প্ৰকাশৰ স্বতঃস্ফূৰ্ততাতে এনে সাদৃশ্য লক্ষ্য কৰিব পাৰি।

6. বিহুৰ উৎপত্তি আৰু বিহুনৃত্য সম্বন্ধে বিভিন্ন লােকৰ মন্তব্য চমুকৈ দাঙি ধৰা।
উত্তৰঃপুৰণি অসমীয়া পুথিত কেতিয়াবা কৰবাত বিষুৱ আৰু বিহু শব্দৰ উল্লেখ থাকিলেও তাৰ বিস্তৃত বিৱৰণ কতাে পােৱা নাযায়। সম্ভৱ সপ্তদশ শতিকাৰ এক মুছলমান ভ্ৰমনকাৰীয়ে থৈ যােৱা বৰ্ণনাই প্ৰথম বৰ্ণনা। এই ভ্ৰমনকাৰীজনে ‘নওৰােজ’ বা নৱবৰ্ষত অসমৰ ৰাজধানীত পুৰুষ স্ত্ৰী উভয়ে নৃত্য আৰু গীতেৰে যি ৰং ধেমালি কৰিছিল তাৰ বিৱৰণ দিছে। তেওঁ ঢােল, পেঁপা, টকা আদি বাদ্যযন্ত্ৰৰ উল্লেখ কৰিছে।

উনবিংশ শতিকাৰ লেখক হ’লিৰাম ঢেকিয়াল ফুকনে বিহু নৃত্য গীত অশােভন বুলিয়েই ঠাৱৰ কৰিছিল। ১৮৮৫ খ্ৰীষ্টাব্দত বলী নাৰায়ণ। বৰাই ‘আসাম বন্ধু কাকতত বিহুৰ বিষয়ে এটি মন্তব্য কৰিছিল। সেই মন্তব্যত তেওঁ বিহুক জাতীয় উৎসৱ ৰূপে মৰ্যাদা প্ৰদান কৰিছিল। তেওঁ অৱশ্যে বিহু নৃত্য গীতৰ আৰ্হিস্বৰূপে ভগৱানৰ অৱতাৰ শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলালৈহে আঙুলিয়াইছে। ১৮৯৬ চনত গৰ্ডন চাহবেও অসমীয়া মাইকী মানুহে বৃন্দাবনত গােপীসকলৰ অনুকৰণত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায় বুলি মন্তব্য কৰিছিল।

ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ উপন্যাসতেই প্ৰথমে বিহুনাচ আৰু গীত সম্পৰ্কে অলপ বহন বৰ্ণনা আছে। কুৰি শতিকাৰ দ্বিতীয় দশক মানৰ পৰাহে শিক্ষিত মধ্যবিত্ত লােকসকলৰ বিহু সম্পৰ্কীয় ধাৰণা সলনি হবলৈ ধৰে। ১৯১৮ চনত গণেশ চন্দ্ৰ হাজৰিকাই ‘বিহু। আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামৰ পুস্তিকা এখন ছপাই প্ৰকাশ কৰি তাত অসমীয়া বিহুকেইটাৰ সবল বৰ্ণনা দিচ্ছে। এই সময়তে বেজবৰুৱাই ‘বাঁহী’ কাকতৰ জৰিয়তে বিহুৰ সপক্ষে একাধিকবাৰ উকালতি কৰিছিল। এনেদৰে বিহুৰ উৎপত্তি আৰু বিহু নৃত্য সম্বন্ধে বিভিন্ন লােকে বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল।

7. ‘বিহু উৎসৱত অৱশ্যে কেবাটাও উপাদান লগ লাগিছে।’ –এই উপাদানসমূহ কি কি বুজাই লিখা।
উত্তৰঃ ড° প্ৰফুল্লদত্ত গােস্বামীদেৱে ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত মত প্ৰকাশ কৰি কৈছে যে অসমৰ বিহুৰ অনুষ্ঠান বিভিন্ন উপাদানৰ। সংমিশ্ৰিত ৰূপ। বিহু শব্দটোৰ উৎপত্তি সংস্কৃত ‘বিষুৱন’ শব্দৰ পৰা। বেদ ব্ৰাহ্মণ আদি প্ৰাচীন গ্ৰন্থত বিষুৱন হ’ল যাগ যজ্ঞ কৰা এটা দিনৰ নাম। এনে যাগ যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি বীজৰ গজালি ওলােৱাত সহায়তা কৰে। বিষ্ণুপুৰাণত আছে শৰৎ আৰু বসন্ত ঋতুৰ মধ্যত দিন ৰাতি সমান হয়। এই পৱিত্ৰ সময়ত দেৱতা, ব্ৰাহ্মণ আৰু পিতৃসকলৰ উদ্দেশ্যে সংযত চিত্তে দান কৰিব লাগে। স্মৃতি শাস্ত্ৰতাে দান দক্ষিণা কৰাৰ কথা উল্লেখ আছে। প্ৰাচীন বিষুৱন দিনৰ পূজা – পাতলৰ সোঁৱৰণ অসমীয়া বিহু উৎসৱত লক্ষ্য কৰা যায়।

বিহু উৎসৱৰ এনেদৰে আৰ্য উপাদানৰ লগত জড়িত হৈ আছে ভালেমান প্ৰাক আৰ্য বা অনাৰ্য উপাদান। কৃষিজীৱী লােকৰ মাজত পৃথিৱীৰ উৰ্বৰা শক্তি বঢ়াবৰ বাবে স্ত্ৰী পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য গীতৰ ব্যৱস্থা প্ৰাচীন কালৰে পৰাই প্ৰচলন আছিল। বিহু নাচত যৌন মিলনৰ ইংগিত থকা যি মুদ্ৰা লক্ষ্য কৰিব পাৰি সি এই প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ কথাই মনলৈ আনে। বৰ্তমানে আমাৰ বিহুত যিবিলাক। আচাৰ লক্ষ্য কৰা যায় যেনে – ঘৰ বাৰী সূচী কৰা, নতুন কাপােৰ পিন্ধা, গৰু গাইৰ যতন লােৱা, দেৱতা বা গােসাঁইক পূজা কৰা, নৃত্য আৰু গীত – এই আচাৰবােৰ আৰ্য আৰু অনাৰ্য সকলােৰে আৰু ইহঁতৰ উদেশ্য একেটাই আৰু সেয়া হৈছে ৰাইজ, জীৱ জন্ত আৰু খেতি বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা কৰা। এনেদৰে বিহুত আৰ্য অনাৰ্য বিভিন্ন উপাদানৰ সংমিশ্ৰণ ঘটিছে।

8. বেজবৰুৱাই ‘বাঁহী’ৰ জৰিয়তে বিহুৰ সপক্ষে কেনেকৈ উকালতি কৰিছিল চমুকৈ লিখা।
উত্তৰঃ বিহুৰ নৃত্য -গীত সম্পৰ্কত এটা সময়ত বিভিন্ন লােকে বিভিন্ন ধৰণে মন্তব্য কৰিছিল। ঊনবিংশ শতিকাত হ’লিৰাম ঢেকিয়াল ফুকনে বিহু নৃত্য গীতক অশােভন বুলিয়েই ঠাৱৰ কৰিছিল। বলী নাৰায়ণ। বৰাই ‘আসাম বন্ধু’ত মন্তব্য কৰি বিহু নৃত্য গীতৰ আৰ্হিস্বৰূপে ভগৱানৰ অৱতাৰ শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলালৈহে আঙুলিয়াইছিল। ১৮৯৬ চনত গৰ্ডন চাহাবেও অসমীয়া মাইকী মানুহে বৃন্দাবনৰ অনুমােদনত হাবিলৈ গৈ গছৰ তলত নাচে আৰু গীত গায় বুলি মন্তব্য কৰিছিল। আনকি বিহু সম্পৰ্কে সাধাৰণ মানুহৰাে স্পষ্ট শুভ ধাৰণা নাছিল।

এই সময়তে বেজবৰুৱাই ‘বাঁহী’ কাকতৰ জৰিয়তে বিহুৰ সপক্ষে। একাধিকবাৰ উকালতি কৰিছিল। তেওঁ স্বভাবসুলভ ব্যংগ সুৰত বিহু নৃত্য গীতক সেই চকুৰে চোৱাসকলক চোকা সমালােচনা কৰিছিল। বিহু নাচত যােগ দি বতৰৰ আনন্দ প্ৰকাশ কৰাৰ বাটত যি হেঙাৰ তালৈ বেজবৰুৱাই আঙুলিয়াই এইদৰে কৈছিল – “নচাৰ বিপক্ষে এটা ডাঙৰ বিপদ এই যে বিহু নাচৰ থেকে ফুল কেনেবাকৈ এঁৱা গাখীৰত পৰিব লাগিলে সি ততালিকে কুৰুচি ফাটিব আৰু ফাটিলেই সৰ্বনাশ। ফাটিলেই ধুম আৱাজ! বােলাে তেন্তে কি কৰা যায়। মাজতে বছৰেকৰ বিহুতাে। জানাে বা হবলৈ দিলে কিবা ভাল হব? সেই দেখি কৃষ্ণক চিন্তা এই। বাৰলৈ নানাচি বিহুৰ আন ৰং ধেমালিকে কৰি মনটো তাপৰা যাওক বুলিছোঁ, যি থাকে কপালত।”

১৯১৭ খ্ৰীষ্টাব্দৰ ‘বাঁহী’ত বেজবৰুৱাই লিখিছিল – ‘বিহুৱে কাকো দুখ নিদিয়ে, সকলােকে ৰং দিয়ে, সেই দেখি বিহুক লােকে হাঁহে, বেয়া। পায়।’এনেদৰে বেজবৰুৱাই ‘বাঁহী’ৰ জৰিয়তে বিহুৰ সপক্ষে অকাধিকবাৰ ওকালতি কৰিছিল – ব্যংগ আৰু চোকা ভাষাৰে।

9. ‘এই ফালৰ পৰা চাবলৈ গলে বিহু এক ধৰ্মীয় অনুষ্ঠান।’ –লেখকৰ মন্তব্য মুক্তিসহ বিচাৰ কৰা।
অথবাঃ ‘বিহু এক ধৰ্মীয় অনুষ্ঠান’ – বিহুক ধৰ্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা বিচাৰ কৰা।
উত্তৰঃ ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত লেখক ড° প্ৰফুল্লদত্ত গােস্বামীদেৱে বিহুৰ পৰম্পৰা নিৰ্দেশ কৰিবলৈ গৈ মন্তব্য দিয়ে যে বিহুৰ লগত জড়িত আচাৰ অনুষ্ঠানসমূহ ধৰ্মৰ লগত জড়িত। বিহু শব্দটোৰ উৎপত্তি হৈছে সংস্কৃত ‘বিষুৱন’ শব্দৰ পৰা। অথৰ্ববেদ আৰু ঐতৰি ব্ৰাহ্মণত বিষুৱন যাগ – যজ্ঞ কৰা এটা দিন বুলি কোৱা হৈছে। এই যাগ যজ্ঞই সূৰ্য্যৰ গতি নিয়ন্ত্ৰণ কৰিব শস্যৰ বীজ গজাত সহায় কৰে।

অৰ্থাৎ থেতি বাতিৰ সু ব্যৱস্থাৰ বাবেই এই বিষুৱন দিনৰ যাগ যজ্ঞৰ আযােজন কৰা হয়। অসমীয়া ভঠেলি অনুষ্ঠানত যেনেকৈ প্ৰাচীন ইন্দ্ৰধ্বজ পূজাৰ সোঁৱৰণ ৰক্ষিত হৈছে, বিহু অনুষ্ঠানতাে তেনেদৰে ভাৰতৰ বিষুৱন দিনৰ পূজা – পাতলৰ সোঁৱৰণ ৰক্ষিত হৈছে। বৰ্তমান সময়ত আমি বিহুত যিবিলাক আচাৰ – অনুষ্ঠান পালন কৰাে। — যেনে ঘৰ — বাৰী সূচী বা নিকা কৰা, ন – কাপােৰ পিন্ধা, গৰু – গাইৰ যতন লােৱা, দেৱতা বা গােসাঁইক পূজা কৰা, নৃত্য আৰু গীত – এই সকলােবােৰ আৰ্য আৰু অনাৰ্য আচাৰৰ উদ্দেশ্য একেই। আটাইবিলাকৰ উদ্দেশ্য হ’ল ৰাইজ, জীৱ জন্ত আৰু খেতি বাতিৰ মংগল কামনা কৰা নাইবা মংগলৰ হকে ব্যৱস্থা কৰা। সেয়ে এই দিশৰ পৰা বিচাৰ কৰি চালে বিহুক এক ধৰ্মীয় অনুষ্ঠান বুলিয়েই অভিহিত কৰিব পাৰি।

10. ‘বিহু এতিযা আগৰ দৰে ধৰ্মমূলক উৎসৱ নহয়, – ই ঘাইকৈ জাতীয় উৎসৱ, অসমীয়া সংস্কৃতিৰ প্ৰতীক।” —ওপৰৰ কথাখিনিৰ আঁত ধৰি তােমাৰ মতামত যুক্তিসহকৰে আগবঢ়োৱা।
উত্তৰঃ প্ৰাচীন কালৰে পৰা ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে বিহু উৎসৱ এক ধৰ্মীয় অনুষ্ঠান হিচাপে পালন কৰি আহিছিল। বিহুৱে প্ৰাচীন ভাৰতৰ বিষুৱন দিনৰ পূজা পাতলৰ সোঁৱৰণ ৰক্ষা কৰিও আহিছে। ঘাইকৈ জীৱ জন্ত, থেতি বাতি নিজৰ আৰু আত্মীয় স্বজনৰ। মংগল কামনা কৰি দেৱতা বা গােসাঁইক পূজা পাতল দিয়া হৈছিল। স্ত্ৰী পুৰুষ আটায়ে এই পূজা পাতল আৰু লগতে হােৱা নৃত্য গীতত সমানে। ভাগ লৈছিল। আনকি এই উৎসৱত যাগ যজ্ঞৰাে ব্যৱস্থা কৰা হৈছিল। বৰ্তমান সময়তাে ঘাইকৈ অসমত মানুহে বিহুৰ সময়ত ঘৰ বাৰী সূচী বা। নিকা কৰা, ন কাপােৰ পিন্ধা, গাই গাইৰ যতন লােৱা, দেৱতা বা গােসাঁইক পূজা কৰা, নৃত্য গীত গােৱা আদি কাম বৰ আন্তৰিকতাৰে কৰে। এইবিলাক লক্ষ্য কৰিলে প্ৰাচীন কালৰে পৰা ই এক ধৰ্মীয় উৎসৱ। হিচাপেই চলি আহিছে।

কিন্তু বৰ্তমান বিহু ধৰ্মীয় অনুষ্ঠান হৈ থকা নাই। অসমত এই বিহুটি অকল পূজা পাতল বা যাগ যজ্ঞ কৰা লােকসকলেই পালন নকৰে, অসমত বসবাস কৰা জাতি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলােৱেই এই উৎসৱ পালন কৰে। ই অসমৰ এক সামূহিক এতিয়া উৎসৱত পৰিণত হৈছে।

অসমীয়া জাতিৰ ই প্ৰাণৰ উৎসৱ হৈ পৰিছে। মুক্তভাৱে ইয়াত সকলােৱে সমানে ভাগ লয়, নৃত্য গীত কৰে, থােৱা বােৱা কৰে, ইজনে সিজনক। প্ৰীতি সম্ভাষণ যাচে, উপহাৰ যাচে, আটাইৰে মাজত ঐক্য সংহতি, মিলনৰ সেতু ৰচনা কৰে। ইয়াত আৰ্য অনাৰ্যৰ সংস্কৃতিৰ মিলন ঘটিছে। বিহুৰ সময়ত এনেবােৰ আনুষ্ঠানিক অনানুষ্ঠানিক কাৰ্যসমূহ অসমীয়াৰ এক সংস্কৃতিত পৰিণত হৈছে। দেশ – বিদেশত বিহুৰ এই কাৰ্যাৱলীসমূহে অসমীয়া জাতিক সভ্য জাতি হিচাপে পৰিচয় কৰি দি আহিছে। গতিকে বিহু এতিয়া ধৰ্মীয় উৎসৱ হৈ থকা নাই, ই অসমীয়া জাতিৰ প্ৰাণৰ জাতীয় উৎসৱ আৰু জাতীয় সংস্কৃতিৰ প্ৰতিকস্বৰূপ হৈ পৰিছে।

11. বিহু অসমীয়াৰ জাতীয় উৎসৱ হিচাপে কেতিয়াৰ পৰা পৰিগণিত হ’ল? বিহুৰ নৃত্য – গীতক অশােভনীয় বুলি কোনে ঠাৱৰ কৰিছিল? বলীনাৰায়ণ বৰাই জাতীয় উৎসৰ্বস্বৰূপে বিহুৰ প্ৰতি অনুমােদন জনাই কোনখন কাকতত মন্তব্য দিছিল? বিহুৰ বিষয়ে গণেশ চন্দ্ৰ হাজৰিকা আৰু লক্ষীনাথ বেজবৰুৱাই কোৱা কথাখিনি তােমাৰ ভাষাত লিখা।
উত্তৰঃ ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধত লেখক ড° প্ৰফুল্লত্ত গােস্বামীদেৱে অসমত বহাগ বিহুৰ যে এক পৰম্পৰা আছে, বহাগ বিহুৰ যে এটা ইতিহাস আছে তাকে বিভিন্ন যুক্তিৰে প্ৰতিপন্ন কৰিছে। লেখকৰ মতে অসমৰ পৰ্বত ভৈয়াম নিৰ্বিশেষে সকলােতে অতীজৰে পৰা পালন কৰি অহা এটা বহাগ বিহুক সম্ভৱতঃ আহােম স্বৰ্গদেৱসকলে পৰিপােষণ কৰি ইয়াক এটি জাতীয় উৎসৱত গঢ় দিয়াত সহায় কৰিলে। গতিকে আহােম স্বৰ্গদেৱসকলেই বিহুক এক অভিজাত্য প্ৰদান কৰি জাতীয় উৎসৱত পৰিণত কৰিলে।

READ MORE  অলংকাৰ | Chapter 15 | Class 12 Advance Assamese - AHSEC

ঊনবিংশ শতিকাৰ অসমৰ নৱজাগৰণৰ অন্যতম প্ৰবক্তা স্বৰ্গীয়। আনন্দৰাম ঢেকিয়াল ফুকন দেৱে বিহু নৃত্য গীতক অশােভন বুলি ঠাৱৰ কৰিছিল। যিহেতু ঢেকিয়াল ফুকন আছিল বংগদেশৰ লগত সম্পৰ্ক ৰখা গােড়া হিন্দু। সেয়ে তেওঁ এনে ধাৰণা কৰিছিল।

বিহুক জাতীয় উৎস্বৰূপে অনুমােদন জনাই পােনপ্ৰথমে বলীনাৰায়ণ বৰাই মত প্ৰকাশ কৰিছিল। ১৮৮৫ খ্ৰীষ্টাব্দত ‘আসাম বন্ধু কাকতত। বলীনাৰায়ণ বৰাই বিহুক অনুমােদন জনাই মত প্ৰকাশ কৰি কৈছিল যে ‘ক্ৰমে সূৰ্যৰ তেজ বৃদ্ধি হয়, তাৰ লগে লগে প্ৰকৃতিৰাে শােভা বৃদ্ধি হয়। ভগৱানে স্বৰূপ ধৰিও বৈকুণ্ঠৰ শােভা পাহৰি পাৰ্থিৱ প্ৰকৃতিৰ লগত ধূলি – মাটি পানীৰে গীত পদ গাই ধেমালি কৰিলে। আন মানুহৰ কি পাৰ্থক্য। সকলােৱে এইৰূপে গীত পদ গাই ধেমালি কৰিলে ইত্যাদি।’

এই শতিকাৰ দ্বিতীয় দশকমানৰ পৰা শিক্ষিত মধ্যবিত্ত লােকৰ বিহু সম্পৰ্কীয় ধাৰণা সলনি হবলৈ আৰম্ভ কৰে। গণেশচন্দ্ৰ হাজৰিকাই ১৯১৮ চনত ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ নামেৰে পুস্তিকা এখন ছপাই তাত অসমীয়া বিহুকেইটিৰ এটি সৰল বৰ্ণনা দিছিল। হাজৰিকাই পুস্তিকাখনিত বিহুৰ বিষয়ে মন্তব্য কৰি কৈছিল – ‘সজ বিবেচকৰ কৰ্তব্য হৈছে সমাজৰ লাগতিয়াল পুৰণি বস্তুৰ পৰা সাৰ সংগ্ৰহ কৰি তাক বৰ্তমান সময় আৰু সমাজৰ উপযােগী কৰি তােলা আৰু সেই সম্বলৰেই বৰ্তমান সমাজৰ মংগল সাধন কৰা।’
লক্ষীনাথ বেজবৰুৱাই ১৯১৭ খ্ৰীষ্টাব্দত বাঁহী কাকতত বিহুৰ বিষয়ে মত প্ৰকাশ কৰি লিখিছিল : ‘বিহুৱে কাকো দুখ নিদিয়ে, সকলােকে ৰং দিয়ে, সেই দেখি বিহুক লােকে হাঁহে, বেয়া পায়। বেজবৰুৱাই বাঁহী। কাকতত বিহুৰ সপক্ষে চোকা আৰু ব্যংগ সুৰত একাধিকবাৰ ওকালতি কৰিছিল।

12. ‘বিহুৰ পৰম্পৰা প্ৰাচীন বুলি কলেই নহয়। ই যে সঁচাকৈয়ে প্ৰাচীন তাৰ আন কিবা প্ৰমাণ ওলাইনে?’ –এই প্ৰশ্নৰ উত্তৰত ড° প্ৰফুল্লও গােস্বামীয়ে বিহু সম্পৰ্কে লিখা কথাখিনিৰ চমু বৰ্ণনা দিয়া।।
উত্তৰঃ লােক – সংস্কৃতিৰ গৱেষক পণ্ডিত ড° প্ৰফুল্লত্ত গােস্বামীয়ে তেওঁৰ ‘ব’হাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰৱন্ধত বিহুৰ পৰম্পৰা যে প্ৰাচীন এই কথা উল্লেখ কৰি তাৰ প্ৰমানস্বৰূপে কৈছে যে পণ্ডিতসকলে ঠাৱৰ কৰা মতে বিহু শব্দটোৰ উৎপত্তি সংস্কৃত বিষুৱন শব্দৰ পৰা হৈছে। অথৰ্ব বেদ, ঐতিৰিয় ব্ৰাহ্মণ আদিত বিষুৱন যাগ যজ্ঞ কৰা এযা দিনৰ নাম। এনে যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। বিষ্ণুপুৰাণত আকৌ আছে, শৰৎ আৰু বসন্ত ঋতুৰ মাজত সূৰ্য তােলা বা মেষ ৰাশিলৈ গলে বিষুৱ হয় আৰু সেই সময়তে দিন ৰাতি সমান হয়।

এনে পবিত্ৰ সময়তে দেৱতা, ব্ৰাহ্মণ আৰু পিতৃসকলৰ উদ্দেশ্যে সংযত। চিত্ত হৈ দান দক্ষিণা কৰিব লাগে। বিযুৱ সংক্ৰান্তীৰ সময়ত পালন কৰা এনে মংগলদায়ক অনুষ্ঠানৰ সোঁৱৰণ কেৱল ভাৰতৰ উত্তৰ পূব চুকতে নহয়, ভাৰতৰ আন আন অঞ্চলতাে ৰক্ষিত হৈ আছে। দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষু’ বােলে। সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচসকলৰ মাজতাে ‘বিষু’ উৎসৱৰ প্ৰচলন আছে। মধ্যপ্ৰদেশৰ ওৰাওসকলে গ্ৰীষ্মকালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে – আমি যেনেকৈ মাঘ বিহুৰ সময়ত মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰাে, কিছুমান অঞ্চলত ‘বিষু’ নুবুলি ‘বৈশাগী’ বুলিও কয়।

অসমীয়া উঠেলিয়ে যেনেকৈ প্ৰাচীন ইন্দ্ৰধব্বজ পূজাৰ সোঁৱৰণ কৰায়, সেইদৰে বিহুৱেও উপাদান লগ লাগিছে। ইয়াত এফালে আৰ্য সংস্কৃতিৰ এটা পুঁতি জাহ গৈছে, আনফালে অনাৰ্য আৰু নৃত্য – গীতাে পৃথিৱীৰ। উৰ্বৰা শক্তি বঢ়াবৰ এক প্ৰাচীন ব্যৱস্থা, বিশেষকৈ কৃষি কাৰ্য কৰা লােকসকলৰ বাবে। বিহু নাচত যৌন মিলনৰ ইংগিত থকা যি মুদ্ৰা লক্ষ্য কৰিব পাৰি সি এই প্ৰাচীন উৰ্ব অনুষ্ঠানৰ কথাকে মনলৈ আনে।

বৰ্তমান আমাৰ বিহুত যিবিলাক আচাৰ লক্ষ্য কৰোঁ যেনে – ঘৰ বাৰী সূচী কৰা, নিকা বা ন কাপােৰ পিন্ধা, গৰু গাইৰ যতন লােৱা, দেৱতা বা গােসাঁইক পূজা পাতল দিয়া, নৃত্য বা গীত আদি এনে আৰ্য আৰু অনাৰ্য আচাৰ সমূহৰ উদ্দেশ্য একেই। এই আটাইবিলাকৰ উদ্দেশ্য হ’ল, থেতি বাতিৰ মংগল কামনা কৰা বা মংগলৰ হকে ব্যৱস্থা লােৱা। এই ফালৰ পৰা চাবলৈ গলে বিহু এক ধৰ্মীয় অনুষ্ঠান আৰু এই অনুষ্ঠান প্ৰাচীন কালৰে পৰা পৰম্পৰাগতভাৱে চলি আহিছে।

প্ৰাচীন অসমীয়া পুথিসমূহৰ কৰবাত বিহু শব্দ উল্লেখ থাকিলেও তাৰ বহ’ল বিৱৰণ পােৱা নাযায়। সপ্তদশ শতিকাত অসমলৈ অহা এজন। মুছলমান ভ্ৰমণকাৰীয়ে ‘নওৰােজ’ বা নৱবৰ্ষত অসমৰ ৰাজধানীত স্ত্ৰী পুৰুষ উভয়ে কৰা নৃত্যৰ আৰু ৰং ধেমালিৰ বৰ্ণনা আছে। সেই বৰ্ণনাত ঢােল, পেঁপা, টকা আদি বাদ্য যন্ত্ৰৰ উল্লেখ কৰিছে।

সম্ভৱতঃ আহােম ৰজাসকলে এই উৎসৱৰ পৰিপােষণ কৰি আৰু অৰ্থাৎ শাসকসকলৰ অনুমােদন পাই ই জাতীয় উৎসৱ ৰূপে স্বীকৃতি লাভ কৰিলে।

13. ‘আসাম বন্ধু’ত বলীনাৰায়ণ বৰাই জীয়াই উৎসৱস্বৰূপে বিহুৰ প্ৰতি অনুমােদন জনাই লিখা কথাখিনি ‘ব’হাগ বিহুৰ পৰম্পৰা’ত প্ৰবন্ধ। লিখকে যিদৰে তুলি দিছে, সেই কথাখিনি তােমাৰ নিজৰ ভাষাৰে লিখা।
অথবাঃ ১৮৮৫ খ্ৰীষ্টাব্দত বলীনাৰায়ণ বৰাই আসাম বন্ধুত যি মন্তব্য কৰিছিল তাত জাতীয় উৎসৱস্বৰূপে বিহুৰ প্ৰতি অনুমােদন লক্ষ্য কৰিব পাৰি। – বলীনাৰায়ণ বৰাই বিহু সম্পৰ্কে লিখা কথাখিনি তােমাৰ পাঠ্যপুথিত উল্লেখ থকা মতে লিখা।
উত্তৰঃ স্বৰ্গীয় বলীনাৰায়ণ বৰাই ১৮৮৫ খ্ৰীষ্টাব্দত ‘আসাম বন্ধু’ কাকতত বিহুৰ বিষয়ে লিখা টোকাটোত কৈছিল – ক্ৰমে সূৰ্য্যৰ তেজ বৃদ্ধি হয়, তাৰ লগে লগে প্ৰকৃতিৰ শােভা বৃদ্ধি হ’ল। ভগৱানে স্বৰূপ। ধৰিও বৈকুণ্ঠৰ শােভা পাহৰি পাৰ্থিৱ প্ৰকৃতিৰ লগত ধূলি মাটি, পানীৰে গীত পদ গাই ধেমালি কৰিলে। আন মানুহ কি পদাৰ্থ? সকলােৱে সেইৰূপে গীত পদ গাই ধেমালি কৰিবলৈ ধৰিলে। নানা গীত লােকে নানা মতে নাচিবলৈ ধৰিলে। প্ৰেমিকৰ প্ৰেম, ভক্তৰ ভক্ত উদয় হ’ল। সেইৰূপে আপােনাৰ মনৰ ভাব প্ৰকাশিত হবলৈ ধৰিলে। ভাৰতবৰ্ষৰ সকলাে ঠাইলৈকে চোৱা, এইৰূপ দেখিবা।

কোনাে ঠাইত হােলি, কোনাে ঠাইত কাৰ্তিক পূজা, কোনাে ঠাইত মদৰ চতুৰ্দশী বা মদৰ কামৰ বাশ মহাউৎসৱ। স্বাভাৱিক অৱস্থাত যাক। অশ্লীলতা বােলা যায় এই অৱস্থাত তাৰ ভাব ঢিলা। সংহতি কাৰ্য সাধিকাৰ ৰূপত মূৰ্তিৰ পূজাত আৰ্যৱৰ্ত প্ৰৱাহিনী হৈ যায়। ক্ৰমে মীন ৰাশি এৰি সূৰ্য মেঘলৈ গতি কৰিবলৈ ধৰে। লােকৰ নাচ বাজ, গীত বাজনাৰ বৃদ্ধি হ’ল। কোনাে ঠাইত চড়ক, কোনাে ঠাইত আন প্ৰকাৰৰ ধেমালি।

চতৰ ২৯ তাৰিখে উৰুকা বা বিহুৰ অধিবাস। বুঢ় – বুটী, ডেকা – ডেকেৰী কোনােৱে ৰংগে মাছ মাৰিবলৈ গল। বােৱাৰী – জীয়ৰীৰে। কাপােৰ ধুই ঘৰ দুৱাৰ পৰিষ্কাৰ কৰিলে। লৰাই গৰু – গাই বিচাৰিলে। ৰাত্ৰি প্ৰভাত হ’ল। দেশ উৎসাহত পূৰ্ণ। মাহ – হালধীৰে গৰুৰ স্নান সমাপন কৰি লাউ, বেঙেনা, হালধি গাত ছটিয়াই এৰি দিয়া হ’ল। গধূলি ন – পঘা পালে। লােকসকলে গা ধুই নাম – কীৰ্তন কৰি অৱস্থা অনুসাৰে বস্তু থালে। পিতা – মাতা গুৰুজনক সেৱা – ভক্তি কৰিলে। ৩০ চতত পুৰণি বছৰ গল, গৰুৰ বিহু গল। পিছদিনা নৱবৰ্ষৰ প্ৰৱেশ। দেহত মহা আনন্দ। মিতিৰ – কুটুমৰ ঘৰলৈ যােৱা, গোঁসাই ঘৰলৈ। যােৱা, প্ৰিয়জনক কাপােৰ দিয়া, আদৰ সন্মান কৰা সম্পূৰ্ণ আমােদ। বিশেষকৈ ডেকা – ডেকেৰীৰ নাচ – গীতৰ প্ৰভাৱ বাঢিল। এনেদৰে বলীনাৰায়ণ বৰাই ‘আহােম বন্ধু’ কাকতত বিহুৰ বৰ্ণনা দিছিল।

14. ‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধৰ লেখক ড° প্ৰফুল্লও গােস্বামীৰ জীৱন আৰু সাহিত্য কৰ্মৰ আভাস দিয়া।
উত্তৰঃ ড° প্ৰফুল্লদও গােস্বামী অসমীয়া সাহিত্যত এজন বিশিষ্ট গৱেষকৰূপে পৰিচিত। লােক সাহিত্যৰ চৰ্চা আৰু গৱেষণাত যিকেইজন ব্যক্তিয়ে অসমীয়া সাহিত্যত একোখন বিশিষ্ট আসন লাভ কৰিছে সেইসকলৰ ভিতৰত ড° প্ৰফুল্লও গােস্বামীৰ নাম আমি প্ৰথমেই লব লাগিব। বৃত্তিত শিক্ষক ড° প্ৰফুল্লদত্ত গােস্বামীয়ে গুৱাহাটী বিশ্ববিদ্যালযত ভালেমান বছৰ অধ্যাপনা কৰি অৱসৰ গ্ৰহণ কৰিছিল। ইংৰাজী ভাষা সাহিত্যৰ অধ্যাপক ড° প্ৰফুল্লত্ত গােস্বামীয়ে পৰৱৰ্তী কালত অসমীয়া সংস্কৃতিৰ অধ্যয়ন আৰু গৱেষণাত মনােনিবেশ কৰি এই দিশটোত বিশেষ কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।

অসমীয়া ভাষা সাহিত্য – সংস্কৃতিলৈ গােস্বামীৰ অৱদান লেখত লবলগীয়া। জন সাহিত্য আৰু লােক সাহিত্য বিষয়ক তেওঁ কেইবাখনাে মৌলিক গ্ৰন্থ অসমীয়া আৰু ইংৰাজী ভাষাত ৰচনা কৰিছে। লােক। সাহিত্য – সংস্কৃতি বিষয়ক ড° প্ৰফুল্লত্ত গােস্বামীৰ উল্লেখযােগ্য গ্ৰন্থসমূহ হ’ল – অসমীয়া জন সাহিত্যি, ballads and Teles of Assam, Folk Literature of Assam, Bihu Songs of Assam, The Springtime Bihu of Assam ইত্যাদি।

ড° প্ৰফুল্লত্ত গােস্বামী এজন সাৰ্থক ঐপন্যাসিক আৰু গল্পকাৰ। কেঁচা পাতৰ কঁপনি তেওঁৰ উপন্যাস আৰু নিতে নৱ ৰূপ তাৰ’ তেওঁৰ গল্প। সংকলন। এইসমূহ গ্ৰন্থৰ উপৰি ড° প্ৰফুল্লত্ত গােস্বামীয়ে মানিকচন্দ্ৰ বৰুৱা আৰু তেওঁৰ যােগ, এটা জীয়া কাহিনী, বীৰ এজন পৰিল, ইউৰােপৰ মনীষী পাঁচগৰাকী আদি জীৱনী, সাহিত্য আৰু জীৱন আলােচনা গ্ৰন্থ, বিলাতত সাত মাহ আদি ভ্ৰমণ – কাহিনী আৰু বিলাতী হােজা আদি শিশুপুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। প্ৰকাশিত এইসমূহ গ্ৰন্থৰ উপৰি অসমৰ প্ৰায় সকলােবােৰ আলােচনীত আৰু অসমৰ বাহিৰৰ ভালেমান গৱেষণা পত্ৰিকাত ড° প্ৰফুল্লত্ত গােস্বামীয়ে ভালেমান প্ৰবন্ধ লিখিছে। মৃত্যুৰ আগমুহূৰ্তলৈকে ড° প্ৰফুল্লত্ত গােস্বামীয়ে ভাষা সাহিত্য – সংস্কৃতি বিষয়ক প্ৰবন্ধ পাতি ৰচনা কৰিছিল।

15. ‘ব’হাগ বিহুৰ পৰম্পৰা’ প্ৰবন্ধটোৰ যােগেদি অসমত ব’হাগ বিহুৰ ঐতিহাসিক দিশ আলােচনা কৰা।
অথবাঃ ‘ব’হাগ বিহুৰ পৰম্পৰা’। পাঠটিত বিহু শব্দৰ উৎপত্তি কি কথাৰ উল্লেখ আছে, বিৱৰি লিখা।
উত্তৰঃ নৱবৰ্ষৰ নতুন দিনবােৰত কৃষিজীৱী গাঁৱৰ মানুহবােৰে কেতবােৰ আচাৰ নিয়ম মানি চলা কথা সকলাে দেশতে চলি আছে। এই নিয়মবােৰৰ বিশেষকৈ নৃত্য – গীত, পূজা – পাতল ইত্যাদি। তালৈ চাই কব লাগিব যে অসমৰ বহাগ বিহুৰ এটা পৰম্পৰা প্ৰাচীন কালৰ পৰা। চলি আহিছে। অসমৰ জনজাতীয় লােকসকলেও এই উৎসৱ মানি চলে। পৰম্পৰাৰ ইতিহাস ফঁহয়িই চোৱা যাওক—

পণ্ডিতসকলৰ মতে ‘বিহু’ শব্দ সংস্কৃত ‘বিষুৱ’ শব্দৰ পৰা ওলােৱা বুলি কোৱা হয়। অথৰ্ববেদ আদিৰ মতে বিষুৱন যাগ যজ্ঞ কৰা এটা দিনৰ নাম। এই যজ্ঞত সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। বিষ্ণুপুৰাণ, স্মৃতিশাস্ত্ৰতাে এনে পবিত্ৰ দিনত দান – দক্ষিনা কৰাৰ কথা কোৱা হৈছে। পুৰণি অসমত বলবৰ্মা আদি ৰজাসকলে দান দক্ষিণা দিয়াৰ উদাহৰণ আছে। দক্ষিণ ভাৰতৰ নাৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষু’ বােলে। মধ্যপ্ৰদেশত ‘বিষু চিকাৰ প্ৰথা আছে। কোনাে কোনাে অঞ্চলত বৈশাখি উৎসৱ বুলি কোৱা হয়।

বিহুত আৰ্য আৰু অনাৰ্য দুই প্ৰকাৰৰ সংস্কৃতিৰ সুতি লগ লাগিছে। বিহু নৃত্যত থকা স্ত্ৰী – পুৰুষৰ মিলনৰ ইংগিত কৃষিভিত্তিক উৰ্বৰা অনুষ্ঠানৰ কথাই সূচায়। বৰ্তমান প্ৰচলিত ঘৰ বাৰী সূচী কৰা, ন – কাপােৰ। পিন্ধা, গৰু গাইৰ যত্ন লােৱা, গােসাঁইৰ পূজা কৰা, নৃত্য আৰু গীত — এই আৰ্য আৰু অনাৰ্যৰ উদ্দেশ্য হ’ল থেতি বাতিৰ মংগল সাধন কৰা। সেই ফালৰ পৰাই একপ্ৰকাৰ ধৰ্মানুষ্ঠান।

প্ৰাচীন অসমীয়া পুথিত ‘বিষুৱ’ আৰু ‘বিহু’ শব্দ আছে, উৎসৱ শব্দটো পােৱা নাযায়। সপ্তম শতিকাত মুছলমান ভ্ৰমণকাৰী এজনে নৱবৰ্ষত অসমৰ ৰাজধানীত পুৰুষ স্ত্ৰী উভয়ে নৃত্য আৰু গীতেৰে ৰং ধেমালি কৰা ঢােল, পেঁপা আদি বাদ্য যন্ত্ৰৰ ব্যৱহাৰৰ কথা লিখি গৈছে। বিদেশী। ভ্ৰমণকাৰীয়ে নৱবৰ্ষৰ বৰ্ণনা দিয়া এয়েই প্ৰথম। এই ভ্ৰমণকাৰীজনে সম্ভৱত:- ‘চিযাবুদ্দিন’ নামৰ ভ্ৰমনকাৰীয়ে হব। এওঁ মিৰজুমলাৰ আক্ৰমণৰ সময়ত আহিছিল। এই উৎসৱত ডেকা গাভৰুৰ মনৰ আদান প্ৰদান হয় বুলি লিখিছে। এই কথাৰ দ্বাৰা প্ৰতিপন্ন হয় যে আহােম ৰজাসকলে পৃষ্ঠপােষকতা কৰা বাবে বিহু অসমৰ জাতীয় উৎসৱ হিচাপে পৰিগণিত হ’ল।

তদুপৰি নৱবৰ্ষত নৃত্য গীত কৰা পৰম্পৰা আহােমসকলে শ্বাস বা চীন দেশৰ পৰা লৈ আহে বুলি কব পাৰি। কিয়নাে চীন দেশত বছৰৰ আৰম্ভণিত নৈৰ পাৰত ডেকা গাভৰুৱে নাচ গান কৰিছিল, উত্তৰ। প্ৰত্যুত্তৰমূলক গীত গাইছিল। এনে উৎসৱৰ তাৎপৰ্য আছিল কৃষিৰ উন্নতি সাধন কৰা। আহােমসকলে হয়তাে চীন দেশৰ পৰা আহি লৈ আহে।

পিছলৈ ঊনবিংশ শতিকাৰ ফালে আহােম শাসন লােপ পাবলৈ ধৰাত আৰু বঙ্গদেশৰ প্ৰভাৱত হিন্দুধৰ্মৰ বিধি ব্যৱস্থাই ঠাই ললে। সেয়েযে হবলগা ১৮২৯ চনত হ’লিৰাম ঢেকিয়াল ফুকনৰ নৃত্য গীত অশােভন বুলি ঠাৱৰ কৰে। ১৮৮৫ চনত ‘আসাম বন্ধু কাকতত বলীনাৰায়ণ বৰাই বিহুৰ নৃত্য গীতক শ্ৰীকৃষ্ণৰ বৃন্দাবন লীলাৰ কথা বুলি উনুকিয়াইছে।

উল্লেখযােগ্য যে সেই কালৰ দুই এজন লােকৰ বিবেচনাত বিহুৰ বেয়া লক্ষণবােৰেই বিহুৰ প্ৰয়ােজনীয় সামগ্ৰী হ’ল। প্ৰাচীন ভাৰতৰ খেতি বাতৰি উন্নতিৰ হকে কৰা পূজা পাতল, যাগ – যজ্ঞৰ পৰিৱৰ্তে অসমত চলিল নৃত্য গীত, উদ্দেশ্য দুটোৰে একেই।

১৮৯৫ চনত ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰীত’ বিহু নাচৰ বৰ্ণনা আছে। ১৯১৮ চনত গণেশচন্দ্ৰ হাজৰিকা নামৰ এজন লিখকে ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ শীৰ্ষৰ সৰু পুথি এখন লিথে। তেওঁ ‘পুৰণি। বস্তুৰ পৰা সাৰভাগহে সমাজৰ উপযােগী’ কৰি তােলাত গুৰুত্ব দিয়ে। লক্ষীনাথ বেজবৰুৱাই ‘বাঁহী’ কাকতত বিহু উৎসৱৰ হকে সমৰ্থন জনাই একাধিকবাৰ লিথে। ১৯৩১ চনত গুৱাহাটীত ৰাজহুৱা ভাৱে ৰং ধেমালি, থােৱা বােৱাৰে বিহু পতা হয়। সাম্প্ৰতিক কালত, ভাৰতীয় জাতীয় জাগৰণৰ সময়ৰ জাতীয় সংস্কৃতিৰ প্ৰতীকস্বৰূপ। বিভিন্ন খেল আৰু বিভিন্ন ভাষাৰ মিলনৰ ক্ষেত্ৰ হিচাপে বিহু সাংস্কৃতিক সমন্বযৰাে প্ৰতীক।

Leave a Comment

error: Content is protected !!
Scroll to Top