বুৰঞ্জীৰ দৌৰাত্ম্য| Chapter 7 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 7 Notes | SEBA Class 12 HS Advance Assamese Chapter 7 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য | HS 2nd Year Advance Assamese Questions and Answers Assam


বুৰঞ্জীৰ দৌৰাত্ম্য
(লক্ষ্মীনাথ বেজবৰুৱা)

Long Type Questions and Answers (Marks : 4/5/6)

1. ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ লেখাটোৰ মূল কথাখিনি তােমাৰ ভাষাত লিখি বেজবৰুৱাৰ ব্যংগাত্মক ভাৱধাৰা কেনেদৰে প্ৰকাশ পাইছে, -আলােচনা কৰা।
অথবাঃ ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি? বেজবৰুৱাই অসমীয়া বুৰঞ্জী কাৰ দাস বুলি কৈছে? বুৰঞ্জী লিখিবলৈ গৈ অনেকে অজ্ঞাতসাৰে অসভ্য কথাটো লিপিবদ্ধ কৰাৰ কাৰণ কি? ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ পাঠটিৰ আধাৰত চমুকৈ লিখা।

উত্তৰঃ সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা ডাঙৰীয়াই ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ লেখাটোত প্ৰথমতে উল্লেখ কৰিছে যে ভাৰতবৰ্ষত ঋষি মুনি সকলে বেদ, বেদান্ত, ষড়দৰ্শন, জ্যোতিৰ্বিদ্যা, আয়ুৰ্বেদ, ৰসায়ন। আদি জ্ঞান বিজ্ঞানৰ গ্ৰন্থ আৰু আধ্যাত্মিক বিদ্যাৰ গ্ৰন্থ, ন্যায়, নীতি, পুৰাণ, সংহিতা, নৃত্য, গীত আদি চৌষষ্ঠি কলাৰ গ্ৰন্থকে ধৰি অসংখ্য গ্ৰন্থ ৰচনা কৰি থৈ গল। এইবােৰৰ শিক্ষাও তেওঁলােকৰ শিষ্য – প্ৰশিষ্যাদিক সুন্দৰভাৱে দিলে। অথচ আজিৰ যি বুৰঞ্জী ৰচিত হৈছে সেই বুৰঞ্জী ৰচনা কৰিবলৈ তেওঁলােকে অকণাে মন কান নকৰিলে নে বুৰঞ্জী এখন ৰচনা কৰিবলৈ তেওঁলােকৰ বিদ্যাৰ নাটনি হ’ল বুলি বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মক ভাবে উল্লেখ কৰিছে।

অভাৰতীয় বিদেশীয়ে কোৱা – মেলা কৰে যে ভাৰতীয়সকলৰ Historical sense অৰ্থাৎ বুৰঞ্জী জ্ঞানৰ অভাৱ। এই কথা কিন্তু বেজবৰুৱাদেৱে মানি লব খােজা নাই। তেওঁ নিজকে পণ্ডিত বুলি নকলেও তেওঁ কিন্তু পুৰাণ, ভাৰত আৰু বুৰঞ্জী ইতিহাসৰ ৰত্নাৱলী অনেক পঢ়িছে। পুৰাণবােৰ ভঙুৱাৰ গল্প, কানীয়াৰ কীৰ্তন নাইবা মতলীয়াৰ অপলাপ বা প্ৰলাপ বুলি তেওঁ কেত্যিও নাভাবে। তেওঁৰ দৃঢ় বিশ্বাস যে পুৰাণ বােৰ আধ্যাত্মিক জীৱনৰ অমূল্য ইতিহাস আৰু অক্ষয় অব্যয় সেই বাস্থিতৰ জীৱনৰ বুৰঞ্জী। অৱশ্যে বৰ্তমানৰ বুৰঞ্জীকহে। যিয়ে প্ৰকৃত বুৰঞ্জী বুলি বিশ্বাস কৰে তেওঁলােকে হয়তাে বেজবৰুৱাই পুৰাণবােৰকো বুৰঞ্জী বােলা কথাষাৰ ঢিলিকতে উৰুৱাই দিব। তথাপি বেজবৰুৱাই ইয়াৰ বাবে অনুশােচনা নকৰে।

মুঠতে বেজবৰুৱাই বিশ্বাস কৰে আগৰ কানীয়া ঋষি মুনি জ্ঞানীসকলে আমাক যিহকে লাগে তাকে দি গল, আৰু তাকে লৈ আমি বৰ্তমান বৰ্তি আছোঁহক। সেই কাৰণেই পুৰাণক কল্পতৰু বুলি আখ্যা দিয়া হৈছে।

আজিৰ হিচাপ মতে পুৰাণ বুৰঞ্জী নহ’লেও ই সকলােবােৰ লাগতিয়াল সংবাদৰ ৰহঘৰা। সেই সংবাদ হৈছে – ধৰ্ম, কৰ্ম সম্পৰ্কীয় আধ্যাত্মিক উন্নতি পৰকালৰ মহাবিত্ত লভি সংসাৰৰ কৰ্ম – বন্ধনৰ পৰা মুক্তি লাভ কৰাৰ, পৰম বিষ্ণুপদ লভিবৰ সংবাদ। অকল এয়ে নহয়, ইয়াত আছে পৰমপদ লভিবৰ উদ্দেশ্যে উদাহৰণ, আহি, উপাখ্যান ৰূপক, নীতি। আৰু সঙ্গ উপদেশ আৰু সেই সম্পৰ্কে ইতিহাস, ভূগােল, বংশৱলী আদিৰ বৰ্ণনা। সেই কাৰণেই বেজবৰুৱাৰ কাৰণে পুৰাণ is a mine of wealth, অৰ্থাৎ ৰত্নৰ ভাণ্ডাৰ। তদুপৰি পুৰাণত আছে পুণ্যশ্লোক। ভগৱন্তৰ গুণানুকীৰ্তনৰ অৰ্থে ঈশ্বৰ পৰায়ন সাধুসকলৰ চৰিত্ৰ আৰু কাৰ্যকলাপৰ বিৱৰণ।

READ MORE  উপন্যাস | Chapter 14 | Class 12 Advance Assamese - AHSEC

ঈশ্বৰৰ গুণ – চৰিত্ৰৰ সৈতে সম্পৰ্ক নথকা কোনাে লােকৰে তাত কাৰ্যকলাপ, যুদ্ধ – বিগ্ৰহ, বংশৱলী, জন্ম তাৰিখ আদি একেবাৰে। অসাৰ্থক আৰু অবান্তৰ বুলি ঋষি মুনি সকলে উল্লেখ কৰা নাই। কিয়নাে এনেবােৰ বিৱৰণত যদি বিপক্ষৰ মানুহে লেখে তাত অনেক অসত্যও সােমাই পৰে। যুদ্ধ বিগ্ৰহৰ এনে অতিৰঞ্জিত আৰু অসত্য বিৱৰণৰ।

উদাহৰণ অনেক আছে আৰু একেটা ঘটনা বা কাহিনীৰে বিভিন্নজনৰ। লিখনিত বেলেগ বেলেগ। আনকি নিজৰ ধৰ্ম আৰু ধৰ্মগুৰুজনাহে উত্তম, আনবােৰ ধৰ্ম আৰু ধৰ্মগুৰু উত্তমতাে হয়েই লাযকৰাে নহয় বুলি ধাৰণা কৰা লােকৰাে অভাৱ নাই। এযা একেবাৰে উচিত থকা নহয়। আত্মজীৱনী লেখকসকলৰ কোনাে কোনােৱে নিজকে বৰটো আৰু। আনসকলৰ জৰ্জৰিত উঠি অহা বুলিও নভবা নহয়। এনে বুৰঞ্জী বা আত্মজীৱনীৰ কোনাে অৰ্থ নাই বুলি বেজবৰুৱাই বিশ্বাস কৰে।

বুৰঞ্জী আহােমসকলৰ দান। ইয়াত সাধাৰণতে মুখ্য মুখ্য কিছুমান। সৰ্ববাদীসন্মত কথাৰ বাহিৰে স্ববংশ আৰু স্বজনৰ জয়জয়কাৰ, আৰাও আৰু যাক ভাল পােৱা নাযায় তাৰ কলংক আৰু অধঃপতনৰ ঠেলা আদিৰ বিৱৰণ পােৱা গৈছিল। এনে অনেক বুৰঞ্জী সেই সময়ত ৰচিত হৈছিল যতিও ভালেমান বুৰঞ্জী পুৰিও পেলাইছিল।

অনেকে বুৰঞ্জী লিখিবলৈ গৈ অনাৰ কথা শুনি বা চকুত যি পৰে তাৰ সত্যাসত্য বিচাৰ নকৰি লেখাৰ কাৰণেই কিছুমান বুৰঞ্জীত নানা অসত্য কথাও সােমাই পৰে। সেই কাৰণেই বুৰঞ্জীৰ অনেক কথাৰ প্ৰকৃত সত্য। উদ্মাটন কৰাটো টান হৈ পৰে। বেজবৰুৱাই এইকাৰনেই কৈছে যে বুৰঞ্জী বিহীন প্ৰাচীন আৰ্য হিন্দুজাতি আজিও জীয়াই আছে কিছু বুৰঞ্জীৰ মেতম প্ৰাচ্য আৰু পাশ্চাত্যৰ অনেক জাতি বিলুপ্ত হৈছে।

বেজবৰুৱা ডাঙৰীয়াই তেওঁৰ লেখাটো ব্যংগাত্মক ভাৱধাৰাৰে উপস্থাপন কৰিছে। প্ৰথমে প্ৰাচীন ঋষি মুনি সকলে আজিৰ যি বুৰঞ্জী সেই বুৰঞ্জী নিলিখাৰ কাৰণে ইমানবােৰ পুৰাণ, বেদ, বেদাদি শাস্ত্ৰ লিখা। সেইসকলৰ বুৰঞ্জী লিখাৰ কাৰণে বিদ্যাৰ নাটনি পৰিল নেকি বুলি। কৈছে। তেওঁলােকেনাে অন্ততঃ চকুত বেমাৰত চকুৰ বটি দিবলৈকে থােৰা বুৰঞ্জী এখন লেখি থৈ যাব নাপায় নে?

তাৰ পিছত পুৰাণবিলাক যে এক প্ৰকাৰ বুৰঞ্জীয়েই এই কথা বেজবৰুৱাই যুক্তিসহকাৰে দাঙি ধৰোঁতে ব্যংগ কৰি কৈছে যে পুৰাণ বিলাক ‘ভঙুৱাৰ গল্প, কানীয়াৰ কীৰ্তন নাইবা মতলীয়াৰ অপলাপ বা প্ৰলাপ’ নহয়। আমাৰ পণ্ডিতসকলৰ হিচাপমতে ক বুলিব পাৰিলোঁ বা নােৱাৰাকৈ – বুলি কিছুমান পণ্ডিতৰ আনৰ প্ৰতি থকা হয়েজ্ঞান ভাবৰ কথা ব্যংগ। কৰিছে। তেওঁ এই ক্ষেত্ৰত তেনে পণ্ডিতক ব্যংগ কৰি হাল বােৱাৰে পৰা জবকাৰে জাৱৰ টানি, বােকাত ভূঁই ৰুই খেতি কৰি পােৱা আনন্দৰ। শইচৰ কথাৰে মহাপুৰুষৰ এটি পদৰাে উদাহৰণ দিছে।

ইয়াৰ পিছত ‘মােৰ এই গেন্ধেলা মুখৰ পৰা ওলােৱা গেন্ধেলা কথা’, ‘আমাৰ সেই কাৰ্যত ৰাম বিষ্ণু বা আল্লা খােদা বুলিবলৈ একোকে নাই’, ‘ৰ চিনি নােপােৱা হনুমন্তৰ নিমিত্তে যি অকিঞ্চিৎকৰ পাথৰ’, ‘নিজৰ পাে – টো অঘাইটং হ’লেও মাকৰ চকুত সি সােনামুৱা, আৰু পৰৰ পাে – হে লাঠুৱা জহনীত যােৱা’, ‘মােৰ গুৰুজনা বৈকুণ্ঠৰ পৰা সোঁশৰীৰে সােণৰ জখলাইদি নামি আহিছে আৰু তােমাৰজনা বাঁহ তলৰ থালত থকা এডােঙা পানীৰ পৰা পূৰ্বকায় পৰিত্যাগ কৰি জপিয়াই পৰাত উঠা ভেকুলীৰ পােৱালি। মােৰ গুৰুজনাহে তােমাৰ পথপ্ৰদৰ্শক। তােমাৰ জনা তেওঁৰ পাছে পাছে কমলি ধৰি যােৱা লেমঢৌ।

READ MORE  বর্ষা বর্ণন | Chapter 1 | Class 12 Advance Assamese - AHSEC

মােৰ অৱলম্বিত ধৰ্ম সত্যৰ দানা বন্ধা মিচিৰি, তােমাৰ ধৰ্ম নাক জনজনাই যােৱা পানী কাহুদী।’ – আদি অনেক ব্যংগাত্মক কথাৰে আজিৰ মানুহৰ, আজিৰ কেতবােৰ পণ্ডিতৰ মনােভাব আৰু চৰিত্ৰ প্ৰকাশ কৰিছে। আজিৰ নিজক সাধু মহন্ত বােলােওতা কিছুমান লােকে মুখেৰে গীতা – ভাগবত মতি সত্যৰ গুৰি ধৰোঁতা হৈ কাৰ্যত সেইবােৰ ‘সােপাং নাম :’ কৰি মিছাৰ আশ্ৰয় লােৱাৰ কথাকো তেওঁ ব্যংগ কৰিছে। আত্মজীৱনী। লেখকসকলকো তেওঁ ব্যংগ কৰিবলৈ এৰা নাই। এইসকল লেখকে যে নিজকে কলিকতিয়া বাবু আৰু উচৰচুবুৰীয়াক পৰুৱা আৰু উই হালু ভাবে – এই কথাও ব্যংগভাবে ব্যক্ত কৰিছে।

আহােমসকলে বুৰঞ্জী লিখাৰ ক্ষেত্ৰতাে যে কিছুমান খুট ৰৈ গৈছিল তাকো তেওঁ ব্যংগাত্মক ভাবে উল্লেখ কৰিছে। মিছলি নহ’লে সৰৱজান নহয় বুলি কণাই হাতী দেখা সাধুটোৰ কথা উল্লেখ কৰিছে। লেলাই – ধেন্ধাই হ’লেও প্ৰাচীন আৰ্য হিন্দু জাতি যে আজিও জীয়াই আছে, আৰু বুৰঞ্জী লেখক তথা প্ৰাচ্য – প্ৰাশ্চাত্য অনেক জাতি যে কালৰ বুকুত হেৰাই গৈছে – এই কথাৰেও বুৰঞ্জীৰ সত্যা – সত্যক বেজবৰুৱাই ব্যংগাত্মক ভাৱে ব্যক্ত কৰিছে। এনেদৰে ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ লেখাটোত বেজবৰুৱাৰ ব্যংগাত্মক ভাব ধাৰা প্ৰকাশ পাইছে।

2. ‘সেই দেখি আমাৰ পৰম জ্ঞানী ঋষি – মুনি সকলে তেনে অস্বাৰ্থক মূল বুৰঞ্জী আৰু ইতিহাসত হাত দি সেইবােৰ কটা – ছিঙাকৈ এৰি হৈছে।’ অতীত ভাৰতৰ ঋষি – মুনি সকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই কোৱা কথাখিনি নিজৰ ভাষাত লিখা।
অথবাঃ প্ৰাচীন ভাৰতীয় ঋষি মুনি মণ্ডিত সকলে কোনে ধৰণৰ গ্ৰন্থ লিখি থৈ গৈছে, ‘বুৰঞ্জীৰ দৌৰাত্ম্য পাঠৰ আধাৰত আলােচনা কৰা।
অথবাঃ ‘মুঠতে কও আগৰ কলীয়া জ্ঞানীসকলে আমাক যিহকে লগে তাকেই দি গৈছিল’ —’বুৰঞ্জীৰ দৌৰাত্ম্য পাঠৰ আধাৰত কথাষাৰ বিশ্লেষণ কৰা।

উত্তৰঃ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ শীৰ্ষক পিঠত সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাই মত প্ৰকাশ কৰিছে যে আজি কালি আমি যাক বুৰঞ্জী। বােলােহক, অতীত ভাৰতৰ ঋষি মুনি সকলে তেনে বুৰঞ্জী বা ইতিহাস ৰচনা কৰা নাছিল। যিসকল ঋষি মুনিয়ে বেদ, বেদান্ত ষড়দৰ্শন জ্যোতিবিদ্যা, আয়ুৰ্বেদ, ৰসায়ন আদি জ্ঞান বিজ্ঞানৰ গ্ৰন্থ ৰচনা কৰিছিল, ন্যায় – নীতি পুনৰ, সংহিতা আদিও ৰচনা কৰিছিল তেওঁলােকে বুৰঞ্জী ৰচনাত কিয় হাত দিয়া নাছিল, সেই কথাই লেখকৰ মনত নানা প্ৰশ্নৰ অৱতাৰণা কৰিছে। কোনাে কোনাে অভাৰতীয় বিদেশীয়ে কোৱা শুনা যায় যে ভাৰতীয় সকলৰ Historical sense অৰ্থাৎ বুৰঞ্জী – জ্ঞানৰ অভাৱ আছিল। কিন্তু লেখকে কৈছে ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়।

READ MORE  মাধৱদেৱ | Chapter 8 | Class 12 Advance Assamese - AHSEC

লেখকে স্পষ্ট ভাৱে কৈছে যে অতীত ভাৰতৰ ঋষি মুনি সকলে ৰচনা কৰা পুৰাণ বােৰ ভঙুৱাৰ গল্প, কানীৰ কীৰ্ত্তন নাইবা মতলীয়াৰ অপলাপ বা প্ৰলাপ নাই। বৰং লেখকৰ দৃঢ় বিশ্বাস যে পুৰাণ বােৰ আধ্যাত্মিক জীৱনৰ অমূল্য ইতিহাসহে আৰু অক্ষ্য অব্য সেই বাঞ্ছিত্যৰ জীৱন বুৰঞ্জী। পুৰাণ বােৰ পাৰ্থিৱ সম্পৰ্কৰ মুখ্য উদ্দেশ্য কৰি লিখিত। নহয়। পুৰাণ বােৰত পৰম পদ লভিবৰ নিমিত্তে উদাহৰণ, আৰ্হি, উপাখ্যান, ৰূপক নীতি আৰু সঙ্গ উপদেশ আদি প্ৰযােজনীয় সকলাে বস্তুৰে বিৱৰণ আছে। ইচ্ছাৰৰ গুণ – চৰিত্ৰৰ লগত সম্পৰ্কৰহিত অকল মানুহৰ কাৰ্যকলাপ, যুদ্ধ বিগ্ৰহ, তাৰ – বাৰ – তাৰিখ, কোনােলােকৰ জীৱন – চৰিত ইত্যাদি পদাৰ্থ প্ৰাচীন ঋষি মুনি সকলে লিপিবদ্ধ নকৰিছিল। কাৰণ, তেওঁলােকৰ হিচাপত সেইবােৰ অপদাৰ্থ আৰু অসাৰ্থক আৰু ঘাইকৈ পক্ষপাত দোষত ঘােৰ দোষী হবৰ সম্ভাৱনা থকা।

সাম্প্ৰতিক কালত বিভিন্ন জাতিৰ ইতিহাস বা বুৰঞ্জীত সত্যৰ অপলাপ লক্ষ্য কৰা যায়। এটা পৰ্ষৰ যুদ্ধৰ কাহিনী বিপক্ষৰ লেখকে লিখিলেই তাত অসত্যতাই ঠাই পাই। এপক্ষৰ বীৰত্বৰ বুৰঞ্জী আন পক্ষৰ হাতত বিপৰ্যস্ত হৈ ওলােটা হয়। তাৰ উদাহৰণ স্বৰূপে লেখকে ইংৰাজৰ লেখকে লিখা মহাবীৰ নিপুলিয়ন বােনাপাৰ্টৰ জীৱন চৰিত্ৰৰ কথা কৈছে।। একেদৰে প্ৰথম যুদ্ধৰ ইংৰাজ আৰু জাৰ্মান লেখকে লিখা বিৱৰণ পঢ়িলেই এই পাৰ্থক্য ওলাই পৰে। এইবােৰ কাৰণতে আমাৰ প্ৰাচীন ভাতৰত ঋষি মুনি সকলে তেনে অস্বাৰ্থক মূল বুৰঞ্জী বা ইতিহাস হাত নিদি সেইবােৰ কটা – ছিঙাকৈ এৰি গৈছে।

3. অতীত ভাৰতবৰ্ষৰ আৰ্য ঋষি মুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মক ভাৱে কোৱা কথাখিনি তােমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ আৰ্য ঋষি মুনি সকলেবুৰঞ্জী নিলিখাৰ সন্দৰ্ভত লক্ষীনাথ বেজবৰুৱা ডাঙৰীয়াই তেওঁৰ ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ নামৰ লেখাটিত তীৰ্যকভাৱে কিছু কথা উল্লেখ কৰিছে। তেওঁ কৈছে যে ভাৰতবৰ্ষৰ ঋষি মুনি সকলে বৰ্তমান যুগৰ দৰে বুৰঞ্জী ৰচনা কৰা নাছিল। তেওঁলােকে বেদ, বেদান্ত, ষড়দৰ্শন, জ্যোতিৰ্বদ্যা, আয়ুৰ্বেদ, ৰসায়ন আদি জ্ঞান – বিজ্ঞানৰ গ্ৰন্থ আৰু আধ্যাত্মিক বিদ্যাৰ গ্ৰন্থ লেখি। বিখ্যাত হৈ গৈছে। ন্যায়, নীতি, পুৰাণ, সংহিতা গ্ৰন্থ আদি তেওঁলােকে। অপৰ্যাপ্ত ৰচনা কৰিলে, কিন্তু তেওঁলােকে আজিৰ যি গ্ৰন্থক বুৰঞ্জী বােলা হয়, তেনে বুৰঞ্জী গ্ৰন্থ ৰচনাৰ প্ৰতি অকণাে মনােযােগ নিদিলে নে তেওঁলােকৰ বিদ্যাৰেই নাটনি হ’ল।

ধনুৰ্বিদ্যা, নৃত্য, গীত, প্ৰভৃতি চৌষষ্ঠি ক্লাছমৃদ্ধ অনেক পুথিও তেওঁলােকে ৰচনা কৰি সেইবােৰৰ শিক্ষা ছাত্ৰসকলক উৰাই – ঘূৰাই। দিলে।যােগীজনসুলভ যােগ দৃষ্টিৰে তেওঁলােকে ভূত, ভৱিষ্যত, বৰ্তমান সকলােবােৰ দেখিলে। ভাৱিষ্য পুৰানাে ৰচনা কৰিলে, কিন্তু কাশীনাথ ফুকন আৰু হৰকান্ত সদৰামিনৰ বুৰঞ্জীৰ নিচিনা নাইবা ইংৰাজ ফ্ৰেন্স জাৰ্মান ‘হিষ্টৰী’ প্ৰনেতাসকলৰ নিচিনাকৈ ইতিহাসৰ কিতাপ লিখাৰ ক্ষেত্ৰতহে তেওঁলােকে অকণাে মন কান নকৰিলে। বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মক ভাবে কলে যে চকুৰ বেমাৰত চকুত বটি দিবলৈ কেইতাে – তােমালােকে খােৰা বুৰঞ্জীকে এখনি লিখি থৈ যাব পাৰিলেহেঁতেন। তেওঁলােক এই ক্ষেত্ৰত কি নিবােকা চামােন হৈ থাকিল কব নােৱাৰি।

Leave a Comment

error: Content is protected !!
Scroll to Top