অলংকাৰ | Chapter 15 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 15 Notes | SEBA Class 12 HS Advance Assamese Chapter 15 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 15 অলংকাৰ | HS 2nd Year Advance Assamese Questions and Answers Assam
অলংকাৰ
Long Type Questions and Answers (Marks : 3/4)
অলংকাৰ বােৰৰ সূত্ৰ লিখি উদাহৰণ দিয়া।
১। শ্লেষ:- বাক্যত এটা শব্দৰেই দুটা বা ততােধিক অৰ্থ একেলগে। কোৱাকে শ্লেষ অলংকাৰ বােলে। শ্লেষ মানে লগলাগি থকা। দুটা বা তাতকৈ বেছি অৰ্থ একেটা শব্দত লগ লাগি থাকে কাৰণে এই অলংকাৰক শ্লেষ বােলে। যেনে— খৰ শৰ কৰিলেক ভস্মৰাশি।
এই উদাহৰণত ‘থৰ’ শব্দটোৰ তিনিটা অৰ্থ প্ৰতিভাত হয় – দ্ৰুতভাৱে নিষীপ্ত, তীক্ষ্ণ আৰু থৰ নামৰ ৰাক্ষস। আকৌ—
নিৰ্গুণ কৃষ্ণৰ গাঁৱে সদা বসিয়া তথাত।।
এই উদাহৰণত নিৰ্গুণ শব্দৰ অৰ্থ – গুণৰ অতীত আৰু গুণহীন। এনেদৰে একেটা শব্দৰে দুটা অৰ্থ লাগি থকাত ই শ্লেষ অলংকাৰ হৈছে।
২। উৎপ্ৰেক্ষা:- উৎপ্ৰেক্ষা শব্দৰ ব্যুৎত্তিগত অৰ্থ হ’ল – উৎ – অৰ্থ বা প্ৰবল আৰু প্ৰেক্ষা মানে দৰ্শন বা আশংকন। উপমেয়ক উপমান বুলি কৰা একপক্ষীয় প্ৰবল সন্দেহৰ ভিত্তিক উপমেয় উপমানৰ যি একৰূপতাৰ কল্পনা কৰা হয় তাকে উৎপ্ৰেক্ষা অলংকাৰ বােলে। উৎপ্ৰেক্ষাবাচক কিছুমান শব্দ আছে। সেইবােৰ হৈছে যেনে, যেনিবা, কিজানি, বােধহয় ইত্যাদি। উৎপ্ৰেক্ষাবাচক শব্দ ব্যৱহাৰ কৰি যি উৎপ্ৰেক্ষা অলংকাৰ সৃষ্টি কৰা হয় তাক বাচ্যা উৎপ্ৰেক্ষা বােলে। যেনে—
পৰ্বতীয়া জুৰিটিৰ জিৰণিত শুনাে যেন বিননিৰ সুৰ।
এই উদাহৰণত উপমেয় জিৰ জিৰণি আৰু উপমান বিননি। জিৰজিৰণিটো বিননি ৰূপত প্ৰতিফলিত হৈছে। যদিও তাৰ কাৰণ হ’ল। কবিৰ দোষ ভৰা অন্তৰত কিন্তু প্ৰকাশৰ ভংগীত উপমান বিননিয়ে গুৰুত্ব বেছিকৈ পাইছে।
তেত্যি উৎপ্ৰেক্ষাবাচক শব্দ নাথাকে অথচ অৰ্থৰ পৰাই উৎপ্ৰেক্ষাৰ প্ৰতীত হয় এনে উৎপ্ৰেক্ষাক প্ৰতীয়মানা উৎপ্ৰেক্ষা বােলে। যেনে—
তাজ তুমি ৰঙা তেজ। বিৰহীৰ অন্তৰৰ
গােট মাৰি শিলা হােৱা
মৰ্মভেদী ব্যথা।
এই উদাহৰণত তাজমহ’ল মৰ্মৰ সৌধ হৈ নাথাকে বিৰহীৰ ব্যথা গােট মাৰি শিলা হৈ পৰিছে। কবি কল্পনাত তাজমহ’ল উপমেয়ৰ ওপৰত সন্দেহটো নাথাকি সন্দেহটো ৰলগৈ বিৰহ ব্যথাৰ গােট মাৰি হােৱা। শিলাৰ ওপৰত। ইয়াত উৎপ্ৰেক্ষাবাচক যেন শব্দটো নাই। উৎপ্ৰোটো উপমানত পাব পৰাৰ কাৰণে ই প্ৰতীয়মান উৎপ্ৰেক্ষা।
৩। ৰূপক:- অতিসাদৃশ্য হেতুকে উপমেযৰ ওপৰত উপমান আৰােপ কৰাকে ৰূপক অলংকাৰ বােলে ৷ যেনে ‘মুখচন্দ্ৰ’ বা ‘মুখখন এপাহ পদুম’ এই উদাহৰণ দুটাত মুখ উপমেযৰ ওপৰত চন্দ্ৰ আৰু পদুম উপমান। আৰােপ কৰাত ৰূপক অলংকাৰ হৈছে। ৰূপক অলংকাৰ দুবিধ—
সাংগৰূপক আৰু নিৰংগৰূপক। কেৱল এটা উপমেয়ৰ ওপৰত আন এটা। উপমানৰ আৰােপ থাকিলে তাক নিৰংগৰূপক বােলে। যেনে—
শত বৰষৰ ধূলিতে হেৰােৱা জীৱন কুসুমে মেলিব পাহি।
এই উদাহৰণত জীৱনক কুসুম বুলি কৈ জীৱনৰ ওপৰত কুসুমক আৰােপ কৰা হৈছে। কুসুমৰ পাহি আছে, ৰেণু আছে আৰু সেই কুসুম ফুলা ফুলনি আছে। কিন্তু সেইবােৰৰ উল্লেখ ইয়াত নাই। এনে ধৰণৰ অংগ বিলাকৰ আৰােপ নথকা অকলশৰীয়া ৰূপকক নিৰংগৰূপক বােলে।
যেতিয়া এটা অংগী উপমেযৰ ওপৰত এটা অংগী উপমান আৰােপ কৰি সেই উপমেযৰ অংগবিলাকৰ ওপৰতে বিভিন্ন অংগ উপমান আৰােপ কৰা হয় তেতিয়া তাক সাংগৰূপক বােলে। যেনে—
দুৰ্ঘোৰ সাগৰ সেনাবল কৌৰৱৰ।
দ্ৰোণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ।
মােৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই।
লীলায়ে তাৰিলা তাক গােখােজ পৰায়।।
এই উদাহৰণত কৌৰৱৰ সেনাবল সাগৰৰূপে কল্পিত হৈছে। সাগৰ। থাকিলে তাত কুম্ভীৰ – মগৰ আদি থাকিব। দ্ৰোণ, ভীষ্ম আদি কুৰু সেনাপতিসকল তেনে কুম্ভীৰ মগৰ। পাণ্ডৱসকলে কৃষ্ণ – নৌকাৰে সেই সাগৰ পাৰ হ’ল। ইয়াত সাগৰ, সাগৰৰ জন্ম, সাগৰ পাৰ হব পৰা নাও আদি সকলাে ৰূপটোত সােমাই থকাত ই সাংগৰূপক হৈছে।
৪। ছেকানুপ্ৰাস:- দুটা বা ততােধিক বৰ্ণ একেটা ক্ৰমতে যুক্ত বা বিযুক্তভাৱে দুবাৰ ধ্বনিত হ’লে অৰ্থাৎ এবাৰ মাত্ৰ আবৃত হ’লে ছেকানুপ্ৰাস অলংকাৰ হয। ছেক মানে চতুৰ। ছেকানুপ্ৰাস শব্দৰ অৰ্থ হ’ল বিদগ্ধ কবিয়ে প্ৰয়ােগ কৰা অনুপ্ৰাস। যেনে—
ক) ললিত ৰলিত ভুজ ভুজংগৰ কায়। / নখ আৰকত কব কিশল্য প্ৰায়:
খ) মৰণ যাচোঁ বাণী / তােমাৰ চৰণ কমল চুমি।
ওপৰত ‘ক’ উদাহৰণত ললিতৰ ‘লিত’ আৰু বলিতৰ ‘লিত’। ভুজ আৰু ভুজংগৰ ভুজ আৰু ‘খ’ উদাহৰণত মৰণ আৰু চৰণত ‘ৰণ’ দুবাৰ ধ্বনিত হােৱাত ছেকানুপ্ৰাস অলংকাৰ হৈছে।
৫। অন্ত্যানুপ্ৰাস:- কবিতাৰ স্তৱকৰ পংক্তিৰ অন্তিম ধ্বনিৰ হােৱাত পুনৰাবৃত্তিয়েই হ’ল অন্ত্যানুপ্ৰাস অলংকাৰ। যেনেঃ
এইটো নহয় হাঁহি ধেমালিৰ
ভাগৰ সুৰােৱা গান,
ই যেন জীৱন মৰণ একাকাৰ কৰা।
অগ্নি বীণাৰ তান।
ওপৰৰ উদাহৰণটোত ‘গান’ আৰু ‘তান’ অন্ত্যমিলন অনুপ্ৰাস অলংকাৰ হৈছে। অনুপ্ৰাস স্বৰবৰ্ণৰ স্থান নাই বুলি কোৱা হয় যদিও অসমীযাত অন্ত্যানুপ্ৰাস অলংকাৰত স্বৰবৰ্ণৰ সাম্যও ধৰা পৰে। যেনে—
গড় গাঁও গড় গাঁও
কথা শুনি তল যাওঁ
বাট দেখি পিছলে যে পাওঁ।
এই উদাহৰণত কবিতাৰ শাৰীৰ শেষৰ বৰ্ণ স্বৰবৰ্ণৰে শেষ হােৱাত অন্ত্যানুপ্ৰাস অলংকাৰ হৈছে।
৬। বৃত্তানুপ্ৰাস:- বৃত্তি মানে গুণ। ৰসাদিৰ অনুকূলে ব্যঞ্জনবৰ্ণৰ। বিন্যাসেই বৃত্তানুপ্ৰাস অলংকাৰ। এটা বা ততােধিক বৰ্ণ দুবাৰ বা ততােধিকবাৰ আবৃত্ত হ’লেই বৃত্তানুপ্ৰাস অলংকাৰ হয়। যেনে—
দিনমণি দীন প্ৰায়, অমল সমল। মৃত্যুপতি মৃত যেন, বিষন্ন বৰণ।
ইয়াত প্ৰথম শাৰীত দ আৰু ল দ্বিতীয় শাৰীত ম আৰু ব দুবাৰকৈ ধ্বনিত হােৱাত বৃত্তানুপ্ৰাস অলংকাৰ হৈছে। আকৌ—
পৰম পুৰুষ পুৰাতণ পাপী পাবন।
এই উদাহৰণত প আৰু ৰ বৰ্ণ সঘনাই আবৃত্ত হােৱাত বৃত্তানুপ্ৰাস অলংকাৰ হৈছে।
৭। পূৰ্ণোপমা:- যি উপমাত উপমাৰ চাৰিওটা অংগ অৰ্থাৎ উপমেয়, উপমান, সাধাৰণ ধৰ্ম আৰু উপমাবাচক শব্দ সকলােকেইটা থাকে তাকে পূৰ্ণোপমা বােলে। যেনেঃ
কৰতল ৰাতুল উৎপল তুল।
হাতৰ তলুৱা পদুম ফুলৰ দৰে ৰঙা। এই উদাহৰণত উপমেয় কৰতল,
উপমান উৎপল সাধাৰণ ধৰ্ম ৰাতুল আৰু উপমাবাচক শব্দ তুল – এইকেইটা অংগ থকাত ই পূৰ্ণোপমা হৈছে। আকৌ—
নৃপতিৰ মাজে ৰজা প্ৰকাশ বসি গ্ৰহগণ মধ্যে যেন পূৰ্ণিমাৰ শশী।
এই উদাহৰণত উপমেয় নৃপতি আৰু ৰজা উপমান, শশী আৰু গ্ৰহগণ সাধাৰণ ধৰ্ম ‘মাজে বসি প্ৰকাশন্ত’ আৰু উপমাবাচক শব্দ যেন।
৮। লুপ্তোপমা:- যেতিয়া উপমাৰ অংগকেইটাৰ এটা বা দুটা অংগ লুপ্ত হৈ থাকে অথচ বিচাৰ কৰিলে কিন্তু কেইটাই ধৰা পৰে তেনে উপমাকে লুপ্তোপমা বােলে। উদাহৰণ যেনেঃ।
কমলদল জল চিত্ত চঞ্চল
থিৰ নােহে তিল এক।
এই উদাহৰণত উপমেয় চিত্ত উপমান কমলদল জল, সাধাৰণ ধৰ্ম চঞ্চলতা, উপমাবাচক শব্দ ইয়াত লুপ্ত হৈ আছে। বাক্যটো পুৰাকৈ। লিখিলে হব – কমলদল জলৰ দৰে চিত্ত চঞ্চল। আকৌ, কতল উৎপল ৰাতা।
এই উদাহৰণত উপমেয় কৰতল, উপমান উৎপল, সাধাৰণ ধৰ্ম ৰাতা (ৰঙা ) কিন্তু উপমাবাচক শব্দ লুপ্ত হৈ থকাত ই লুপ্তোপমা হৈছে।
৯। মালােপমা:- একেডাল সূতাতে বহুতাে ফুল দি মালা গাঁথাৰ দৰে এই উপমেযৰ লগত কেইবাটাও উপমানৰ সম্বন্ধ ঘটালে তাকে মালােপমা বােলে। যেনে—
তাসম্বাৰ মাজে দেৱী সংসাৰত সাৰা।
মেঘে যেন ঢাকি আছে সৰ্বোত্তম তাৰা।।
কেশ যেন ঢাকি আছে, চম্পক মল্লিকা।
ভস্মে যেন ঢাকি আছে অগণিত শিখা।।
এই উদাহৰণত উপমেয় দেৱীৰ লগত তিনিটা উপমান সংযুক্ত কৰা হৈছে— মেঘে ঢাকা তৰা, মল্লিকা ফুল আৰু ছাইৰ মাজত লুকাই থকা অগ্নিকণা। এনেদৰে এটা উপমেয়ৰ লগত কেইবাটাও উপমান সংযুক্ত কৰাত ই মালােপমা অলংকাৰ হৈছে।
১০। ব্যতিৰেক:- উপন্যাসতকৈ (যাৰ লগত তুলনা কৰা হয়) উপমেক (যাক তুলনা কৰা হয়) গুণত অধিক বুলি দেখুৱালে ব্যতিৰেক অলংকাৰ হয়। যেনে—
ক) সৎলােক পৰ্বতৰ দৰে উন্নত, কিন্তু তেওঁলােক স্বভাৱতে কোমল।
খ) “শাৰদ ইলুনিন্দি আনন শােভিত ….”। (বৰগীত )
গ) “উষাৰ বদনে পূৰ্ণ চন্দ্ৰক জিনয়।”
১১। নিদৰ্শন:- কোনাে বস্তুৰ অসম্ভৱ কাৰ্য বা ধৰ্মৰ সাদৃশ্য কল্পনা। কৰাকে নিদৰ্শন অলংকাৰ বােলে। যেনেঃ।
ক) “হাতী হৈ মাখি ভৈলাে গাে খােজত তল গৈলাে
কচুত ভাঙিলাে মই কাচি।”
খ) “একো নিজিজ্ঞামি ফুৰ শৰীৰৰ বলে। অগ্নিক ৰাখিতে যাহা বস্ত্ৰৰ অঞ্চলে।।”
১২। বিৰােধ:- যি বস্তুৰ যি ধৰ্ম তাৰ ওলােটা ভাব মনলৈ আহিলে বা প্ৰকাশ কৰিলে বিৰােধ অলংকাৰ হয়। যেনে—
ক) “চন্দনৰ লেপে কৰে শৰীৰ শীতল।
মই দেখোঁ তাপ কৰে মেমত অনল।।’ (শকুন্তলা কাব্য)
খ) ‘যদিও ৰামৰ হাত শিলৰ নিচিনা,
তুলা যেন পাবা কিন্তু তােমাৰ দেহত।’
গ) ‘দিৱস নাই সুখে নুপুহে ৰণী।
চান্দ, চন্দন মন্দ পবন বৈৰিণী।’ (বৰগীত)।
১৩। বিৰােধাভাস:- দেখাত বিৰােধ হ’লেও গমি চালে যত বিৰােধ নাথাকে সেয়ে বিৰােধাভাস অলংকাৰ।
ক) “চকু নাই দেখিছে সকল,
আকাশ, পাতাল, জল, স্থল।
কাণ নাই সকলাে শুনিছে,
হাত নাই সকলাে ধৰিছে,
ভৰি নাই সৰ্বত্ৰতে কৰিছে গমন।”
খ) “বন বাস ব্ৰত যত গৃহত কৰিবাে।”
(ভৰতে ৰামৰ আগত কোৱা কথা )
১৪। লক্ষণা:- পৰম্পৰ ঘনিষ্ঠ সম্বন্ধ থকা এটা বস্তুৰ নামত যদি আন এটা বস্তুৰ বােধ হয় তেতিয়া তাক লক্ষণা অলংকাৰ বােলা হয়। যেনে—
ক) ‘দৈনিক অসমে’ ক্য কিতাপখন ভাল হৈছে। (ইয়াত ‘দৈনিক অসম’ৰ সম্পাদকক বুজা হৈছে। )
খ) সৌ ওখ গছডালেই মােৰ ঘৰ। (ইয়াত গছডালৰ ওচৰ ঠাইক বুজোৱা হৈছে।)
১৫। ব্যজস্তুতি বা বিপৰীত লক্ষণা:- নিন্দাৰ চলেৰে প্ৰশংসা আৰু প্ৰশংসাৰ চলেৰে নিন্দা কৰাকে ব্যস্তুতি বা বিপৰীত লক্ষণা অলংকাৰ বােলে। যেনেঃ
ক) নিন্দাৰ চলেৰে প্ৰশংসা –
‘নিকৰুণ চোৰ আৰু ভীৰু অতিশয়।
চল কৰি অবলাৰ মন কাঢ়ি ল্য।।’
খ) প্ৰশংসাৰ চলেৰে নিন্দা – শিশু কৃষ্ণই গুৱালী পাৰাত চুৰি কৰি লৱণু খাবলৈ গৈ ধৰা পৰাত পৰুৱা গুচাবলৈহে লৱণুভাণ্ডৰ হাত ভৰাইছিলোঁ। বুলি কোৱাত গােপীয়ে কৃষ্ণৰ চতুৰী বুজিব পাৰি প্ৰশংসাৰ চলেৰে নিন্দা কৰিছে—
“গােপীবােলে উপকাৰ কৰি আছ ভাল।
কিসক জগাইলা মােৰ নিদ্ৰাৰ ছৱাল।”(মাধৱদেৱ )”
Long Type Questions and Answers (Marks : 4/5/6)
1. অলংকাৰ কাক বােলে? কাব্যত অলংকাৰৰ প্ৰযােজন সম্পৰ্কে এটি সচ কৰা।
উত্তৰঃ অলম শব্দৰ পৰাই অলংকাৰ শব্দৰ উৎপত্তি হৈছে। ‘অলং’ – এই অব্যয় শব্দৰ নিষেধ অৰ্থত নাইবা সমৰ্থ বা প্ৰচুৰ অৰ্থাৎ যথেষ্ট অৰ্থত ব্যৱহৃত হয়। ভূষণ বা সাজ পাৰ নিষেধ অৰ্থত নাইবা সমৰ্থ বা প্ৰচুৰ অৰ্থাৎ যথেষ্ট অৰ্থত ব্যৱহৃত হয়। ভূষণ বা সাজ পাৰ অৰ্থতাে আকৌ ‘অলং’ শব্দৰ ব্যৱহাৰ হয়। তেনেহ’লে যি বস্তুৱে যথেষ্ট বা পৰ্যাপ্ত কৰি দিয়ে বা সুশােভিত কৰে সিয়েই অলংকাৰ।
সাধাৰণ কথাত অলংকাৰ বুলি কলে আমি ভূষণ বা প্ৰসাধন সামগ্ৰিক বুজো। অলংকাৰ স্বভাৱতে দেহৰ শােভাবৰ্ধক বস্তু। অলংকাৰ পিন্ধিলে দেহৰ সৌন্দৰ্য বাঢ়ে। হাৰ,খাৰু, আঙুঠি আদি অলংকাৰেৰে সুসজ্জিত হৈ মানৱ দেহ যিদৰে ৰমনীয় হয়, নানাবিধ অলংকাৰেৰে সুসজ্জিত হৈ শব্দ আৰু অৰ্থও সেইদৰে ৰমনীয় হৈ উঠে আৰু পাঠক বা শ্ৰোতাৰ চিত্ত আকৃষ্ট কৰি অলৌকিক আনন্দ দান কৰে। যি শব্দ বা অৰ্থবােধ আমি আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আমাৰ সকলাে কাম সম্পাদন কৰোঁ, সেই শব্দ আৰু অৰ্থই যেতিয়া প্ৰতিভাৱান কবিৰ কাব্য শিল্পকলাৰ মাজেদি স্বকীয় এটি বিশেষ ৰূপ গ্ৰহণ কৰে, তেতিয়া সেই বাত্ম্য ৰূপত চিত্তচমৎকাৰী এক অপৰূপ সৌন্দৰ্যৰ সৃষ্টি হয়।
অলংকাৰ পিন্ধা মানুহৰ জেউতি চৰাৰ দৰে অলংকাৰযুক্ত সাহিতৰাে। জেউতি চৰে আৰু পঢ়িবলৈ মধুৰ লাগে। গতিকে যিটো বস্তু থকাৰ ফলত শব্দ আৰু অৰ্থত বৈচিত্ৰ্য বা সৌন্দৰ্য সৃষ্টি হয় সিয়েই অলংকাৰ। সহজ কথাত অলংকাৰ হৈছে কাব্যৰ সৌন্দৰ্য। অলংকাৰিক আচাৰ্য বামনে সেয়ে হৈছে:- ‘কাব্যাং গ্ৰাহয়ম অলংকাৰাৎ – সৌন্দৰ্য্যম আলংকাৰ :’ অৰ্থাৎ কাব্য উপাদ্যে হয়অলংকাৰৰ পৰা আৰু সৌন্দৰ্যই অলংকাৰ।।
সংস্কৃত আলংকাৰিকসকলেও কাব্যক সুন্দৰী নাৰীৰ লগত তুলনা কৰিছে। সুন্দৰী নাৰীৰ সৌন্দৰ্য বিচিত্ৰ সাজ পাৰ আৰু প্ৰসাধন কৌশলত উজ্জলতৰ হৈ প্ৰকাশ পায়। ঠিক একেদৰে কাব্য সুন্দৰীৰ সৌন্দৰ্যও উপমা আৰু ভাষাৰ নিপুন প্ৰয়োগত বৃদ্ধি পায়। সেয়ে অলংকাৰিক।
ভামহে হৈছে:- ‘ন কান্ত – মপি নিৰ্ভুখং বিভাতি বনিতামুখম’ অৰ্থাৎ বনিতাৰ মুখ মানােহৰ হ’লেও অলংকাৰহীন হ’লে শােভা নাপায়। গতিকে কাব্য শৰীৰত সৌন্দৰ্য সৃষ্টিত অলংকাৰৰ যে এক বিশেষ স্থান আছে ই অনস্বীকাৰ্য।
অলংকাৰৰ প্ৰযােজন:- কাব্যত অলংকাৰৰ প্ৰযােজন প্ৰধানকৈ তিনিটা প্ৰথম প্ৰযােজন হ’ল বাক্যক প্ৰভাৱশালী কৰা, দ্বিতীয় প্ৰযােজন বৰ্ণনীয় বিষযৰ স্পষ্টীকৰন আৰু তৃতীয় অথচ মুখ্য প্ৰযােজন ৰমনীয়তা সম্পাদন।
প্ৰভাৱশালীতা:- শুনােতাৰ মনত লাগি যােৱাকৈ, মনত দকৈ বহাকৈ কোৱাকে বাক্যক প্ৰভাৱশালী কৰা বােলে। ৰূপ – গুণ ক্ৰিযা আদি যিহকে বৰ্ণনা কৰা নহওক লাগে তাক দৃঢ় বা তীব্ৰভাৱে ফুটাই তুলিবলৈ হ’লে উকাকৈ নকৈ অলংকাৰ দি কথা কব লগা হয়। উদাহৰণ স্বৰূপে। ধুনীয়া মুখ বুলি কলেই মুখখন যে দেখিবলৈ ভাল সেই কথা বুজা যায়। কিন্তু পূৰ্ণিমাৰ জোন যেন মুখ বুলি কলে মনত আহ্বাদ জন্মাব পৰা মুখৰ অতিশয় কান্তিৰ কথা মনলৈ আনি দি মুখৰ সৌন্দৰ্যৰ বােধটো তীব্ৰতৰ কৰি দিয়ে। আকৌ ৰঙা গাল নুবুলি যেতিয়া গােলাপী গাল বুলি গালৰ বৰ্ণনা দিয়া হয় যেতিয়া গােলাপ ফুলৰ ৰক্তিম ৰমনীয়তা আৰু কোমলতা গােটেইখিনি গাভৰুৰ গালত কল্পনা কৰি গলৰ সৌন্দৰ্য দুগুণে উপলব্ধি কৰা হয়।
এনেবােৰ উদাহৰণত উপমা অলংকাৰে কব খােজা অৰ্থক। প্ৰভাৱশালী কৰি আমাৰ আগত দাঙি ধৰিছে। বাক্যত অন্তৰ স্পৰ্শ কৰিব পৰা, অনুভূতিক তীব্ৰতৰ কৰিব পৰা, বৰ্ণনীয় বিষয়ক দৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰিব পৰা গুণৰ অধীন কৰাটো, চমুকৈ কবলৈ গলে বাক্যক প্ৰভাৱশালী কৰাটো অলংকাৰৰ প্ৰথম প্ৰযােজন।
স্পষ্টীকৰণ:- অলংকাৰৰ দ্বিতীয় প্ৰযােজন বৰ্ণনীয় বিষয়ৰ স্পষ্টীকৰণ। বিষযগত, গুণ, ৰূপ, ক্ৰিয়া আদি আৰু বিষযগত ভাবক স্পষ্ট কৰিব। লাগিলেও বহুক্ষেত্ৰত অলংকাৰৰ আশ্ৰয় নললেই নহয়। উদাহৰণ স্বৰূপে—
বক্ষস্থলে মুকুতাৰ হাৰ।
আকাশী গংগাৰ যেন ধাৰ।।
ইয়াত প্ৰথম শাৰীটোত শ্ৰীকৃষ্ণই বুকুত মুকুতাৰ হাৰ পিন্ধাৰ কথা কোৱা হৈছে। কিন্তু কেৱল এইখিনি মাত্ৰ কৈ থলে মুকুতাৰ হাৰৰ সৌন্দৰ্য আমাৰ মনত অস্পষ্ট হৈ ৰয। কৃষ্ণৰ বুকুত মুকুতাৰ হাৰে যি সৌন্দৰ্যৰ সৃষ্টি কৰিছে তাৰ ৰােধ হব পৰাকৈ আমাৰ কল্পনাত উদ্দীপ্ত কৰিবলৈ আৰু কিবা এটা অৱলম্বন লগা হয়। সেই অৱলম্বনৰ যােগাৰ ধৰিছে তলৰ শাৰী কাব্যই ‘আকাশী গংগাৰ যেন ধাৰ’। আকাশী গংগাৰ। সাদৃশ্যটো লগতে জুৰি দিয়াত প্ৰকৃত সৌন্দৰ্য আমাৰ আগত চিত্ৰবৎ প্ৰতিভাত হৈ পৰিল জলমলীয়া জলাধাৰাৰে আকাশী গংগাই বহ’ল নীলা আকাশত যি সৌন্দৰ্যৰ সৃষ্টি কৰিছে শ্ৰীকৃষ্ণৰ বহ’ল মেঘবৰণীয়া বুকুত জলমলীয়া মুকুতাৰ হাৰে অপৰূপ শােভাৰ বিস্তাৰ কৰিছে। উদাহৰণটোত উৎপ্ৰেক্ষা অলংকাৰৰ প্ৰয়োগৰ দ্বাৰা বৰ্ণনীয় বিষয় স্পষ্ট কৰি তােলা হৈছে।
ৰমনীয়তা সম্পাদন:- অলংকাৰৰ তৃতীয় অথচ সৰ্বোপৰি প্ৰধান প্ৰযােজন ৰমনীয়তা আম্পাদন। প্ৰভাৱশালিতা আৰু স্পষ্টতা অলংকাৰৰ গৌণ প্ৰযােজন। সাধাৰণ কথাৰ পাকে বুদ্ধিক আলােড়িত আৰু উদ্বুদ্ধ কৰে। অলংকাৰে বুদ্ধিৰ উপৰি কল্পনাক জাগ্ৰত কৰি ভাবত মাধুৰ্য আনে। উদাহৰণ স্বৰূপে ‘টেকেলি কলহৰ নিচিনা বস্তু’ বুলি কলে সাদৃশ্য আছে যদিও ই উপমা অলংকাৰ নহয়়। কাৰণ ইয়াত সাদৃশ্যহে। আছে, মনােহাৰিত্ব নাই। কিন্তু ‘নীল পদুমৰ নিচিনা চকু’ বুলি কলে। ইয়াৰ সাদৃশ্য ধৰা পৰে। চকুৰ সৌন্দৰ্য ফুটাই তুলি ই মনত এটা মনােহাৰিণী অৱস্থিতিৰ উদ্ভৱ কৰা হৈছে। আকৌ—
শ্যাম ৰুচিৰ তনু গীত পিচোৰা।
নবীন নীৰােদ যচ বিজুলী উজোৱা।
নতুনকৈ উঠি অহা কলীয়া মেঘৰ ওপৰত বিজুলীৰ চিকমিকণীয়ে যেনে শােভা কৰে শ্ৰীকৃষ্ণৰ শ্যাম শৰীৰত হালধীয়া বসনেও তেনে শােভা বিস্তাৰ কৰিছে। ইয়াত কবিয়ে মেঘ বিজুলীৰ শােভা আনি শৰীৰৰ আৰু বস্তুত লগাই কল্পনাৰ বিস্তাৰ আৰু সাদৃশ্যত ৰং চৰােৱাৰ লগতে ৰমনীয়ত্বও সম্পাদন কৰিছে। সেয়ে ৰমনীয়তা সম্পাদনেই কাব্যত। অলংকাৰৰ মুখ্য প্ৰযােজন।
2. সাহিত্যত অলংকাৰ বুলিলে কি বুজা লিখা।
অথবাঃ সাহিত্যত কি অলংকাৰৰ প্ৰযােজন হয়? উপযুক্ত কাৰণ দৰ্শাই এই সম্পৰ্কে এটি আলচ যুগুত কৰা।
অথবাঃ সাহিত্যৰ অলংকাৰ বুলিলে কি বুজা? অলংকাৰ কেইবিধ আৰু কি কি?
অথবাঃ ‘নৱৰসত বাজেও সাহিত্যৰ জেউতি চৰােৱা আৰু এবিধ বস্তু আছে, তাক অলংকাৰ বােলে? – সাহিত্যৰ জেউতি চৰােৱা অলংকাৰ বুলিলে কি বুজা, লিখা।
অথবাঃ অলংকাৰৰ এটা সংজ্ঞা আগবঢ়াৱা ৷ অলংকাৰ কেইবিধ আৰু কি কি?
উত্তৰঃ নৱবৰ্ষৰ বাহিৰেও সাহিত্য বা কাব্যৰ সৌন্দৰ্য বঢ়োৱা আৰু এবিধ বস্তু আছে তাকে অলংকাৰ বােলে। অলংকাৰিক দণ্ডীৰ মতে, কাব্যৰ শােভা বৰ্ধন কৰা ধৰ্মই অলংকাৰ – ‘কাব্যশােভাকৰাণ ধৰ্মান অলংকাৰান প্ৰচকতে।’ সাহিত্যক্ষেত্ৰত অলংকাৰৰ স্থান বৰ ওখত আৰু গুৰুত্বপূৰ্ণ। কাব্যশাস্ত্ৰত ৰসতত্বৰ পিছতেই অলংকাৰৰ স্থান।
‘অলম’ শব্দৰ পৰাই অলংকাৰ শব্দৰ উৎপত্তি হৈছে। অলম শব্দৰ এটা অৰ্থ ভূষণ। গতিকে কাব্য বা সাহিত্যক যাৰ দ্বাৰা অলম ভূষিত কৰা হয় সিয়ে অলংকাৰ। ব্যাপক অৰ্থত অলংকাৰ শব্দৰ অৰ্থ সৌন্দৰ্য আৰু সংকীৰ্ণ অৰ্থত অনুপ্ৰাস, উপমা, ৰূপক আদি সাহিত্যৰ বিশিষ্ট। অলংকাৰ। প্ৰাচীন অলংকাৰিকসকলে এই দুই অৰ্থতেই অলংকাৰ শব্দ গ্ৰহণ কৰিছিল।
অলংকাৰ স্বভাৱতে দেহৰ শােভাবৰ্ধন বস্তু। অলংকাৰ পৰিধান কৰিলে দেহৰ সৌন্দৰ্য বৃদ্ধি পায়। মানুহে পৰিধান কৰা ভূষণ বা আভৰনেই। অলংকাৰ। অলংকাৰৰ সহায়ত শব্দাৰ্থৰ সৌন্দৰ্য বৃদ্ধি পায় আৰু কাব্য বা সাহিত্যৰ ৰমনীয়তা বাড়ে। অলংকাৰ পিন্ধা মানুহৰ জেউতি দৰাৰ দৰে অলংকাৰযুক্ত সাহিত্যৰাে জেউতি চৰে আৰু পঢ়িবলৈ মধুৰ লাগে। সংস্কৃত আলংকাৰিক ভামহ আৰু দণ্ডীয়ে অলংকাৰৰ ওপৰতে কাব্যৰ বৈশিষ্ট্য নিৰ্ভৰ কৰে বুলি মত প্ৰকাশ কৰিছে। আনকি কোনাে কোনাে আলংকাৰিকৰ মতে, অলংকাৰ বিহীন বাক্য কাব্য নামেৰেই উপযুক্ত নহয়। অলংকাৰৰ দ্বাৰাইহে কাব্যৰ প্ৰকৃতি পৰিচয় মিলে, কাব্যগ্ৰাম অলংকাৰত। ( বামন )
সংস্কৃত আলংকাৰিকসকলে কাব্যক সুন্দৰী নাৰীৰ লগত তুলনা কৰিছে। সুন্দৰী নাৰীৰ সৌন্দৰ্য, বিচিত্ৰ সাজ পাৰ আৰু প্ৰসাধন কৌশলত। উজ্জলতাৰ হৈ প্ৰকাশ পায়, কাব্যসুন্দৰীৰ সৌন্দৰ্যও উপমা আৰু ভাষাৰ নিপুণ প্ৰয়োগত সেইদৰে বৃদ্ধি পায়। সংস্কৃত আলংকাৰিক বিশ্বনাথ কবিৰাজে তেওঁৰ ‘সাহিত্য দৰ্পন’ গ্ৰন্থৰ শব্দৰ আৰু কাব্যৰ শৰীৰ, ৰসক আত্মা, গুণক শৌৰ্য, ৰীতিসমূহক অৱবৰ গঢ় আৰু অলংকাৰৰ কটক কুণ্ডল বুলি মত প্ৰকাশ কৰিছে।
কোনাে ৰাজাধিৰাজে মণি মুক্তা খচিত সাজপাৰেৰে সজ্জিত হৈ কটক কুণ্ডল আদি অলংকাৰেৰে বিভূষিত হৈ যেতিয়া সিংহাসনত আৰােহণ কৰে সেই সাজ সজ্জা আৰু অলংকাৰে বজাৰ মৰ্যাদা আৰু গৌৰৱ। বঢ়োৱাৰ দৰে অলংকাৰৰ প্ৰয়োগত কাব্যসুন্দৰীৰাে মৰ্যাদা আৰু গৌৰৱ বাড়ে। গতিকে, যি শব্দ বা বাক্যই সাহিত্যৰ শােভা আৰু মৰ্যাদা বঢ়ায় তাকে কাব্যৰ অলংকাৰ বােলে। আচাৰ্য বামনে স্পষ্টভাৱেই কৈছে যে। কাব্যৰ সৌন্দৰ্যই হৈছে অলংকাৰ ‘সৌন্দৰ্যম অলংকাৰ : ‘।
কাব্যৰ বৰ্ণনীয় বস্তুক উজ্জল আৰু তীব্ৰ কৰি সহৃদয়জনৰ অন্তৰ পৰশাকৈ বৰ্ণনা কৰাই কাব্যৰ মুখ্য উদ্দেশ্য। কাব্যৰ প্ৰধান ভাগ দুটা – ভাব আৰু কলা। ভাবক তীব্ৰ কৰাই অলংকাৰৰ প্ৰধান লক্ষ্য। সেইহেতু অলংকাৰক কেৱল বাহিৰৰ পৰা আৰােপিত কাব্যৰ অপ্ৰধান বা উপৰুৱা ধৰ্ম বুলি কব নােৱাৰি। আলংকাৰিক সকলৰ হাতত ই কাব্যৰ স্বাভাৱিক আত্মভূত ধৰ্ম বুলিয়েই বিবেচিত হৈ আহিছে। ভাবক তীব্ৰ কৰাৰ উপৰি অলংকাৰে কলাপক্ষৰাে সৌন্দৰ্য বঢ়াই কাব্যৰ সম্পূৰ্ণতা অনাত সহায়। কৰে।
কাব্যৰ আত্মা ৰসৰ লগতাে অলংকাৰৰ অতীৱ ঘনিষ্ঠ সম্পৰ্ক। ৰস সৃষ্টিৰ বাবেও কাব্যত অলংকাৰৰ প্ৰয়ােজন হয়। দেহৰ মাজেৰে যিদৰে মানৱাৰ পৰিচয় মিলে সেইদৰে ভাষাৰ বিচিত্ৰ গতিভংগীৰ যােগেদিহে কাব্যৰ আত্মা ৰসৰ উপলব্ধি হয়। ভাষাক ভাব প্ৰকাশৰ ক্ষমতা দিবলৈ। আৰু সহৃদ্য পঢ়ুৱৈৰ অন্তৰত ৰসানুভূতি জন্মাবলৈ কাব্যত অলংকাৰৰ সহায় অপৰিহাৰ্য। কাব্যত ‘লােকাতিক্ৰান্ত – গােচৰতা’ অৰ্থাৎ লৌকিক সীমা অতিক্ৰম কৰি অলৌকিক গােচৰিভূত কৰিবলৈ আৰু অমূৰ্তক। মূৰ্ত কৰিবলৈ অলংকাৰৰ প্ৰযােজন নিতান্ত বেছি।
অলংকাৰ প্ৰধানকৈ দুবিধ – শব্দলঙ্কাৰ আৰু অৰ্থালংকাৰ। শব্দালংকাৰৰ ভাগ হ’ল – অনুপ্ৰাস, যমক, শ্লেষ, পুনৰুক্তবদাভাষ, বক্ৰোক্তি ইত্যাদি। অৰ্থালংকাৰৰ ভাগ হ’ল – উপমা, ৰূপক, ব্যতিৰেক, নিদৰ্শনা, উৎপ্ৰেক্ষা, ব্যঙ্গস্তুতি, বিৰােধ, বিৰােধাভাস ইত্যাদি।
3. অলংকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি? প্ৰত্যেকৰে সূত্ৰ লিখি উদাহৰণ দিয়া।
উত্তৰঃ আলংকাৰিকসকলে কাব্যৰ অলংকাৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে – শব্দালংকাৰ আৰু অৰ্থালংকাৰ। অন্তৰৰ বিচিত্ৰ। ভাবানুভূতি বিচিত্ৰ ৰূপত প্ৰকাশ কৰিবলৈ হ’লে ভাষা বিচিত্ৰ গুনেৰে পৰিপূৰ্ণ হব লাগে। ভাষাৰ এই গুণ বা ধৰ্মক দুই ভাগত ভগাব পাৰি – সংগীতধৰ্ম আৰু চিত্ৰধৰ্ম। প্ৰত্যেক শব্দৰে দুটাকৈ ৰূপ আছে – ধ্বনি ( Sound) আৰু অৰ্থ ( Sense), ধ্বনিৰ আশ্ৰযত শব্দালংকাৰৰ সৃষ্টি হয় আৰু অৰ্থৰ আশ্ৰযত অৰ্থালংকাৰৰ সৃষ্টি হয়। ভাষাৰ সংগীতধৰ্ম আৰু চিত্ৰধৰ্মৰ যথাক্ৰমে শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ সহায়ত বিকাশ লাভ কৰে।
শব্দালংকাৰ:- যি অলংকাৰে তাৰ স্বাৰ্থকতাৰ কাৰণে সম্পূৰ্ণভাবে শব্দৰ ওপৰত নিৰ্ভৰ কৰে তাকে শব্দালংকাৰ বােলে। এই শব্দৰ প্ৰয়োগৰ ফলত যদি অলংকাৰ হয় আৰু সেই শব্দটো উঠাই লৈ তাৰ ঠাইত একে অৰ্থৰ আন এটা শব্দ ব্যৱহাৰ কৰিলে যদি অলংকাৰ হৈ নাথাকে। তেনেহ’লে সেই অলংকাৰ শব্দ নিৰ্ভৰশীল। গতিকে তেনে অলংকাৰেই শব্দালংকাৰ। যেনে—
কুবুজ কাম মনােৰথ পুৰল বৰদ বৰদ বনমালী।
এইটো যমক অলংকাৰ। উদাহৰণটোত প্ৰথম ‘বদ’ অৰ্থ বৰদাতা আৰু দ্বিতীয় শব্দৰ অৰ্থ শ্ৰেষ্ঠ। অৰ্থাৎ বৰদাতা সকলৰ ভিতৰত শ্ৰেষ্ঠ শ্ৰীকৃষ্ণ। কবিতাৰ শাৰীটো যদি ‘বৰদ শ্ৰেষ্ঠ বনমালী’ বা ‘শ্ৰেষ্ঠ বৰদ বনমালী’ কৰা হয় তেনেহ’লে অৰ্থ ঠিকেই থাকিব। কিন্তু ‘বৰ বৰদ’ বুলি উচ্চাৰণ কৰােতে যি ধ্বনি বৈচিত্ৰ্যৰ সৃষ্টি হৈছিল সি ধ্বংস হব আৰু তেত্যি আৰু সি যমক অলংকাৰ হৈ নাথাকে। গতিকে শব্দালংকাৰত শব্দৰ পৰিবৰ্তন কৰিলে সি আৰু শব্দালংকাৰ হৈ নাথাকে। শব্দালংকাৰৰ প্ৰধান ভাগ পাঁচটা – সেইকেইটা হ’ল অনুপ্ৰাস, যমক, শ্লেষ, পুনৰুক্তবদাভাব আৰু বক্ৰোক্তি।
অৰ্থালংকাৰ – যি অলংকাৰৰ দ্বাৰা বাক্যৰ অন্তৰ্গত ভাব বা অৰ্থ সমুজ্জল হৈ উঠে তাকে অৰ্থালংকাৰ বােলে। অৰ্থালংকাৰত অলংকাৰৰ সাৰ্থকতা বা অস্তিত্ব নিৰ্ভৰ কৰে অৰ্থৰ ওপৰত। শব্দৰ পৰিবৰ্তন কৰি একে অৰ্থযুক্ত আন শব্দ ব্যৱহাৰ কৰিলেও অলংকাৰৰ কোনাে ক্ষতি খুন নহয়। অৰ্থৰ প্ৰাধান্য থকাৰ কাৰণে আৰু শব্দ অপ্ৰধান কাৰণে। অলংকাৰক অৰ্থালংকাৰ বােলে। যেনে ‘সীতাৰ মুখখন ইন্দু সদৃশ্য বুলি কেলেই উপমা অলংকাৰ হৈছে। ইযাক যদি ‘সীতাৰ মুখখন চন্দ্ৰ সদৃশ’ কৰা হয় তেতিয়াও ই উপমা অলংকাৰেই হৈ থাকিব। গতিকে অৰ্থালংকাৰত একে অৰ্থসূচক অইন এটা শব্দৰ দ্বাৰা শব্দটোৰ পৰিবৰ্তন ঘটালেও অলংকাৰৰ কোনাে ব্যাঘাত নহয়।
অৰ্থালংকাৰ সংখ্যাত অসংখ্য। শ্ৰেণীগতভাৱে অৰ্থালংকাৰসমূহ পাঁচ ভাগত ভগাব পাৰি, সেইবােৰ যেনে – সাদৃশ্যমূলক, বিৰােধমূলক, শৃঙ্খলামূলক, ন্যাযমূলক আৰু গূঢ়াৰ্থ প্ৰতীতিমূলক।
4. শব্দালংকাৰ কাক বােলে? শব্দালংকাৰৰ প্ৰধান ভাগকেইটা উদাহৰণসহ আলচ কৰা।
উত্তৰঃ যি অলংকাৰে তাৰ সাৰ্থকতাৰ বাবে সম্পূৰ্ণভাৱে শব্দৰ ওপৰত নিৰ্ভৰ কৰে তাক শব্দালংকাৰ বােলে। প্ৰত্যেক শব্দৰে দুটাকৈ ৰূপ থাকে ধ্বনি ( Sound ) আৰু অৰ্থ (Sense)। ধ্বনিৰ আশ্ৰয়ত শব্দালংকাৰৰ সৃষ্টি হয়। শব্দালংকাৰৰ আবেদন আমাৰ শ্ৰৱনেন্দ্ৰিয় আৰু মনত। শব্দালংকাৰৰ প্ৰধান বিশেষত্ব এয়ে যে এনে অলংকাৰত শব্দৰ। পৰিৱৰ্তন কৰিব নােৱাৰি। শব্দৰ পৰিবৰ্তন কৰি একে অৰ্থবাচক আন শব্দ দিলে অৰ্থ হয়তাে ওলাব কিন্তু অলংকাৰটো লােপ পায়।
শব্দালংকাৰ প্ৰধানকৈ পাঁচবিধ। যেনে—
ক) অনুপ্ৰাস,
খ) যমক,
গ) শ্লেষ,
ঘ) পুনৰুক্তবদাভাব
ঙ) বক্তোক্তি।
ক) অনুপ্ৰাস:- একেবিধ বৰ্ণ বা বৰ্ণগুচ্চ যুক্ত বা বিযুক্তভাৱে একাধিকবাৰ আবৃত্তি বা ধ্বনিত হ’লে তাক অনুপ্ৰাস অলংকাৰ বােলে। অনুপ্ৰাস শব্দৰ অৰ্থ হ’ল ৰসাদিৰ অনুকূলে (অনু) প্ৰকৃষ্টভাৱে ( প্ৰ) বৰ্ণৰ ন্যাস (আস ) গতিকে ৰস আদিৰ ব্যঞ্জক অনুৰূপ বৰ্ণাৱলীৰ যথােপযুক্ত স্থানত প্ৰকৃষ্টৰূপে সন্নিবেশ হ’লেই অনুপ্ৰাস নামেৰে অভিহিত হয়। উদাহৰণ স্বৰূপে—
জগজন জীৱন অজন জনাৰ্দন
দনুজদমন দুখহাৰী
মােহদানন্দ কন্দ পৰমানন্দ
নন্দ নন্দন বনচাৰী
এই উদাহৰণত প্ৰথম দুটা শাৰীত ‘জ’ আৰু ‘ন’ আন তৃতীয় চতুৰ্থ শাৰীত ‘ন’ আৰু ‘দ’ যুক্ত আৰু বিযুক্তভাৱে আবৃত্ত হােৱাত অনুপ্ৰাস অলংকাৰ হৈছে। আকৌ –
মধুচন্দা মদনৰ মােহন মূৰ্ছনা ধ্বনি
মুখৰিত মঞ্জুবন মুকুলিত ফুল মণি।
এই উদাহৰণত ‘ম’ ধ্বনিটো সঘনে ব্যৱহৃত হােৱাত অনুপ্ৰাস অলংকাৰ হৈছে।
খ) যমক:- স্বৰ ব্যঞ্জন বৰ্ণৰ একেটা সমূহৰ একে ক্ৰমতে সাৰ্থক বা নিৰ্থকভাৱে যদি পুনৰুক্তিৰ হয় তেতিয়া যমক অলংকাৰ হয়। যি
কেইটা স্বৰ ব্যঞ্জনৰ পুনৰুক্তি হয় সেইকেইটা লগলাগি অৰ্থ থকা শব্দও হব পাৰে আৰু অৰ্থ নথকা শব্দও হব পাৰে। কিন্তু যদিহে অৰ্থ থাকে তেনেহ’লে একেটা অৰ্থতে পুনৰুক্তি হব নােৱাৰে। সাৰ্থক যমকৰ। উদাহৰণ যেনে—
অশ্ৰুৰ নিজৰা সহবেদনাৰ
অমৃত দলিতা ধৰাৰ।
এই উদাহৰণত প্ৰথম ‘অমৃত’ শব্দৰ অৰ্থ অক্ষয়, অমৰ আৰু দ্বিতীয় ‘অমৃত’ শব্দৰ অৰ্থ সুধা। ইয়াত দুটোই সাৰ্থক। আকৌ—
মেধাবী মঞ্জৰী লৈ আহিল মাধৱী
গীতি গন্ধ ৰসে ভৰপূৰ।
এই উদাহৰণত প্ৰথম ‘মাধাৱী’ শব্দৰ অৰ্থ ফুল আৰু দ্বিতীয় ‘মাধৱী’ শব্দৰ অৰ্থ বসন্ত ঋতু। সাৰ্থক – নিৰ্থক যমকৰ উদাহৰণ যেনে—
বিৰিন্দা বিপিন বিহাৰ বিশাৰদ
শাৰদ চন্দ্ৰ সমান।
এই উদাহৰণত দ্বিতীয় ‘শাৰদ’ শব্দৰ অৰ্থ শৰৎকালীন। ই সাৰ্থক। কিন্তু প্ৰথমটো ‘বিশাৰদ’ৰ ‘বি’ বাদ দিলে ‘শাৰদ’ নিৰ্থক। আকৌ – মধু মূৰ নৰক নিবাৰণ বাৰণ কুবলয় জীৱন হাৰী।।
এই উদাহৰণত ‘নিবাৰণ’ৰ ‘নি’ বাদ দিলে ‘বাৰণ’ শব্দৰ কোনাে সাৰ্থকতা নাই গতিকে নিৰ্থক আৰু দ্বিতীয় ‘বাৰণ’ শব্দটো হাতী অৰ্থত সাৰ্থক।
গ) শ্লেষ:- বাক্যত ব্যৱহৃত এটা পদত যদি এটাৰ বেছি অৰ্থ লগলাগি থাকে তেনেহ’লে তাত শ্লেষ অলংকাৰ হয়। শ্লেষ মানে লগলাগি থকা। দুটা বা তাতকৈ বেছি অৰ্থ একেটা শব্দত লগলাগি থকা কাৰণে এই অলংকাৰক শ্লেষ বােলে। যেনে—
অঘনাশন মাধৱ পাৱে নমাে
এই উদাহৰণত ‘অঘ’ মানে পাপ। যি মাধৱ শ্ৰীকৃষ্ণই মনৰ সকলাে পাপ দূৰ কৰি দিয়ে এই অৰ্থত ‘অঘনাশৰ’ শব্দৰ প্ৰয়োগ হৈছে। কিন্তু। ‘অঘনাশন’ পদত ‘অঘ’ নামৰ অসুৰৰ নিৰাশকাৰী অৰ্থও লগলাগি আছে। গতিকে ইাত শ্লেষ অলংকাৰ হৈছে। আকৌ—
সুধাকৰ স্পৰ্শ তাৰ গুচালে সন্তাপ।
এই উদাহৰণত সুধাকৰ শব্দৰ অৰ্থ চন্দ্ৰ, জোন। জোনৰ শীতল স্পৰ্শই তাৰ সহকালীৰ দিনৰ উত্তাপ প্ৰশমিত কৰিলে। পিছে সুধাকৰটো ভাঙি ‘সুধা’ আৰু ‘ক’ এই দুটা পদ কৰিলে ‘সুধা’ অৰ্থাৎ মৰমৰ অমিযা সনা সুখদায়ক ‘কৰ’ অৰ্থাৎ হাতৰ স্পৰ্শ ই তাৰ মনৰ সকলাে সুখৰ উপশম কৰিলে। এনেদৰে ‘সুধাকৰ’ শব্দৰ দুটা অৰ্থ পাব পাৰি। সেয়ে ই শ্লেষ অলংকাৰ।
ঘ) পুনৰুক্তবদাভাষ:- পুনৰুক্ত মানে কোৱাকে কোৱা, বৎ মানে নিচিনা, আভাষ মানে যেন লগা অৰ্থাৎ কোৱাৰ নিচিনা লগা। তেতিয়া একেই অৰ্থ বুজোৱা একোটা শব্দৰ প্ৰতিশব্দ এটা ওচৰা উচৰিকৈ ব্যৱহৃত হ’লে পুনৰুক্তি হােৱা যেন লাগে। আচলতে পৃথক অৰ্থতহে প্ৰয়োগ হয়। তেতিয়াই পনৰুক্তবদাভাষ অলংকাৰ হয়। যেনে—
উৰু কৰিকৰ ভুজ ভুজঙ্গ সাক্ষাৎ।
এই উদাহৰণত ‘কৰ’ আৰু ‘ভুজ’ শব্দৰ অৰ্থ একে যেন লাগে। কিন্তু প্ৰকৃততে ইয়াত ‘কৰ’ শব্দৰ অৰ্থ হাতীৰ শুৰ আৰু ভুজ মানে হাত। আকৌ—
সেই নিৰলাত থাকিম নিজানে
কাষত তােমাৰ মধুৰ গান।
এই উদাহৰণত ‘নিৰলা’ আৰু ‘নিজান’ সমাৰ্থক শব্দ যেন লাগে। পিছে ‘নিৰলা’ শব্দৰ অৰ্থ ইয়াত গৃহ আদি আশ্ৰযহীন, জনকোলাহ’লশূণ্য স্থান আৰু ‘নিজান’ শব্দৰ অৰ্থ জনপ্ৰাণীবিহীন নি:সংগ। সেয়ে ই। পুনৰুক্তবদাভাষ অলংকাৰ।
ঙ) বক্ৰোক্তি:- যেতিয়া কোনাে বক্তাই কয় এক অৰ্থত আৰু শ্ৰোতাই জানি- শুনিও আন অৰ্থত লৈ আচল অৰ্থটো লুকুৱাব খােজে তেতিয়া বক্ৰোক্তি অলংকাৰ হয়। যেন—
এনে কাৰিকৰী শিলত কটোৱা অসভ্য আছিলনে সিজাতি সিদিন ;
এই অসমৰ অসভ্য জাতিৰ পূৰ্ব পুৰুষৰ হয় বা ই চিন?
এই উদাহৰণতে অসভ্য আছিলনে বুলি কবিয়ে প্ৰশ্ন কৰিলেও বক্তব্য হ’ল কেতিযা অসভ্য নাছিল। এই অসভ্য জাতিৰ পূৰ্বপুৰুষসকল যে অতি সুসভ্য আছিল সেই কথাকে কবিয়ে কব খুজিছে। আকৌ—
মােক বিহা কৰিবাক আইলা শিশুপাল।
মােৰ মনে টেৰেতাে জীৱন ভৈল ভাল।
এই উদাহৰণত ৰুক্মিণীয়ে শিশুপালৰ লগত বিবাহ হ’লে তেওঁৰ জীৱন ভাল হব বুলি কৈছে যদিও আচলতে নিজৰ জীৱন ভাল নহব অৰ্থাৎ নিজৰ জীৱনৰ ব্যৰ্থতাৰ কথাহে তেওঁ ইয়াৰ মাজেদি প্ৰকাশ কৰিছে। সেইবােৰ ই বক্ৰোক্তি অলংকাৰ।
5. উপমা অলংকাৰ কাক বােলে? উপমা অলংকাৰৰ প্ৰধান ভাগসমূহ উদাহৰণসহ আলােচনা কৰা।
উত্তৰঃ স্পষ্ট আৰু বৈচিত্ৰ্যজনিত সাদৃশ্যকে উপমা অলংকাৰ বােলে। এই সাদৃশ্য গুণগত হব পাৰে, ক্ৰিয়াগত হব পাৰে বা গুণ আৰু ক্ৰিয়া উভয়তে হব পাৰে। উপমাৰ সাদৃশ্য হ’ল বিভাগীয় বস্তুৰ মাজত সমধৰ্মৰ সাদৃশ্য।
উপমা সাদৃশ্যমূলক অলংকাৰ। সাধাৰণতে সাদৃশ্যমূলক অলংকাৰ বিলাকৰ লুকাই হওক বা দেখা দেখিকৈয়ে হওক চাৰিটা অংগ থাকে – উপমেয, উপমান, সাধাৰণ ধৰ্ম আৰু উপমাবাচক শব্দ। যাক তুলনা কৰা যায় তাক উপমেয়, যাৰ লগত তুলনা কৰা যায় তাক উপমান, যিহৰ গুণৰ তুলনা কৰা যায় তাক সাধাৰণ ধৰ্ম আৰু যি শব্দৰে তুলনাৰ অৰ্থটো ওলাই পৰে তাক উপমাবাচক শব্দ বােলে।
মােৰ এই হিয়াখনি জেতুকা পাতৰ দৰে।
সেউজীয়া বননিৰ বৰণেৰে ঢকা।।
এই উদাহৰণত উপমেয় হিয়াখনি, উপমান জেতুকা পাত, সাধাৰণ ধৰ্ম সেউজীয়া, বননিৰ বৰণ আৰু উপমাবাচক শব্দৰ দৰে।
ক) পূৰ্ণোপমা:- যি উপমাত উপমাৰ আটাইকেইটা অংগ অৰ্থাৎ উপমেয়, উপমান, সাধাৰণ ধৰ্ম আৰু উপমাবাচক শব্দ উপস্থিত থাকে তাকে। পূৰ্ণোপমা বােলে। যেনে—
ক) ঘৰতাে নবহে মন সমনীয়া
পথাৰতাে নবহে মন। কমােৱা তুলাবােৰ যেনেকৈ উৰিছে
তেনেকৈ উৰিবৰ মন।
এই উদাহৰণত উপমেয় মন; উপমান কমােৱা তুলা; সাধাৰণ ধৰ্ম উৰা আৰু উপমাবাচক শব্দ যেনেকৈ তেনেকৈ।
খ) কৰিকৰ সম উৰু, বৰ্তুল বলিত।
এই উদাহৰণত উপমেয় উৰু, উপমান কৰিকৰ ( হাতীৰ শুৰ), সাধাৰণ ধৰ্ম বৰ্তুল বলিত আৰু উপমাবাচক শব্দ সম। উপমাৰ চাৰিওটা অংগ প্ৰকাশিত হােৱাৰ ই পূৰ্ণোপমা হৈছে।
খ) লুপ্তোপমা:- যেতিয়া উপমাৰ অংগসমূহৰ কোনােবা এটা বা দুটা লুপ্ত হৈ থাকে, বিচৰাত কিন্তু আটাইকেইটাই ধৰা পৰে, তেনে উপমাকে লুপ্তোপমা বােলে ৷ যেনে—
ক) কমলদল জল চিত্ত চঞ্চল
থিৰ নােহে এক তিল।
এই উদাহৰণত উপমেয় চিত্ত, উপমান কমলদল জল, সাধাৰণ ধৰ্ম। চঞ্চলতা। ইয়াত উপমাবাচক শব্দটো লুপ্ত হৈ আছে। বাক্যটো পুৰাকৈ লিখিলে হব – কমলদল তলৰ দৰে চিত্ত চঞ্চল।
খ) জলে উৎপল যেন সূৰ্যৰ উদয়।
দশৰথ সমে সােমহত ৰাজাচ্য।।
এই উদাহৰণত উপমেয় ৰাজচয়, উপমান উৎপল, উপমাবাচন শব্দ যেন। ইয়াত সাধাৰণ ধৰ্মটো ( সংকুচিত হােৱা) লুপ্ত হৈ আছে।
গ) মালােপমা:- একোডাল সূতাতে বহুত ফুল দি মালা গাঁথাৰ দৰে এটা। উপমেয়ৰ লগত কেইবাটাও উপমাৰ সম্বন্ধ ঘটালে তাক মালােপমা বােলা হয়। যেনে—
ক) কন্টকে কেতেকী, পংকে পংকজিনি ।
কিংবা আন্ধাৰ ভূ – গৰ্ভে মুক্তা ৰত্ন যথা
এই ৰমণী ৰতন,
কৰিল অথলে ভীক্ষাৰীৰ হাতে।
ওপৰৰ উদাহৰণটোত উপমেয় এই ৰমণীৰতন (সীতা)। সেই। উপমেয়ৰ লগত কণ্টকে কেতেকী, পংকে পংকজিনী আৰু আন্ধাৰ ভূ – গৰ্ভৰ মুক্তা ৰত্ন – এই তিনিটা উপমান যুক্ত হােৱাত মালােপমা অলংকাৰ হৈছে।
খ) কৃষ্ণ বক্ষে জলে যেন স্ফটিকৰ মণি
কিম্বা শ্যাম দুৰ্বাদলে
যথা জলবিন্দু জলে
ছায়াবৃত জলে যেন শােভে কমলিনী
বিস্তীৰ্ণ সমুদ্ৰে কিম্বা ধৱল তৰণী।
এই উদাহৰণত উপমেয় নীলা আকাশৰ বুকুত থকা এটুকুৰা বগা মেঘক যথাক্ৰমে কলা বুকুত জিলিকি থকা স্ফটিকৰ মণি, সেউজীয়া বননিত জিলিকি থকা পানীৰ টোপাল, ছাঁ পৰি থকা বিলত পদুম আৰু সাগৰত বগা পালতৰা নাৱৰ উপমানৰ লগত তুলনা কৰাত মালােপমা অলংকাৰ হৈছে।
6. ৰূপক অলংকাৰৰ এটি সংজ্ঞা দি এই অলংকাৰৰ সকলাে ভাগ সামৰি এটি আলচ যুগুত কৰা।
উত্তৰঃ অতি সদৃশ হেতুকে উপমেযৰ ওপৰত উপমান আৰােপ কৰাতে ৰূপক অলংকাৰৰ সৃষ্টি। যেনে – ‘মুখচন্দ্ৰ’ অথবা ‘মুখখন এপাহ পদুম’ এই দুটা উদাহৰণত উপমেয়ৰ ওপৰত উপমান আৰােপিত হৈছে। সেয়েই ৰূপক অলংকাৰ ৰূপক অলংকাৰ তিনিবিধ—
১) নিৰংগৰূপক
২) সাংগৰূপক
৩) পাৰস্পৰিক ৰূপক
১) নিৰংগৰূপক:- যেতিয়া এটা উপমেয়ৰ ওপৰত এটা উপমান আৰােপ কৰা হয় তেতিয়া নিৰংগৰূপক হয়। যেনে—
শত বৰষৰ ধূলিত হেৰােৱা জীৱন কুসুমে মেলিব পাহি।
এই উদাহৰণত জীৱক কুসুম বুলি কৈ জীৱনৰ ওপৰত কুসুমক আৰােপ কৰা হৈছে। কুসুমৰ পাহি আছে, ৰেণু আছে আৰু সেই কুসুম ফুলা ফুলনি আছে। কিন্তু সেইবােৰ উল্লেখ ইয়াত নাই। জীৱন কুসুম এটা অকলশৰীয়া ৰূপক।
২। সাংগৰূপক:- এটা অংগী উপমেয় ওপৰত এটা অংগী উপমান আৰােপ কৰি সেই উপমেযৰ অংগবিলাকৰ ওপৰতাে বিভিন্ন অংগ উপমান আৰােপ কৰা হ’লে তাক সাংগৰূপক বােলে ৷ যেনে—
হিয়াৰ ফুলনি উজলাই পুনু ফুলিব চেনেহ কুসুম পাহি।
ইয়াত প্ৰথমে হিয়াখনক ফুলনি বুলি কল্পনা কৰা হ’ল অৰ্থাৎ হয়িক ফুলনিত আৰােপ কৰা হ’ল। ফুলনি থাকিলেই তাৰ অংগস্বৰূপ ফুল থাকিব লাগিব। হিয়াখন যদি ফুলনি তেনেহ’লে সেই ফুলনিৰ ফুল হ’ল চেনেহ কুসুম’। ফুলনি আৰু তাৰ অংগ ফুলেৰে সৈতে আৰােপ পােৱা বাবে ই সাংগৰূপক।
৩) পৰস্পৰিক ৰূপক:- যদি এটা উপমেয়ত উপমানৰ আৰােপ আন এটা উপমেয়ত উপমান আৰােপৰ কাৰণ হয় তেতিয়া পৰস্পৰে ক্ৰমে ইটোৰ। পাছত সিটোকৈ যি ৰূপক হয় তাকে পৰস্পৰিক ৰূপক বােলে। যেনে—
তৰ্কশাস্ত্ৰ মহাব্যাঘ্ৰী তাহান নিপুণ পতি
তাৰ শিষ্য ভৈল পুত্ৰ প্ৰায়।
সংসাৰ বনত পশি পতি পুত্ৰ সমন্বিতে
উপনিষৎ ধেনু ধৰি থায়।
এই উদাহৰণত তৰ্কশাস্ত্ৰত ব্যাঘ্ৰীত্ব আৰােপ কৰা হৈছে। এইটোৱেই হ’ল। প্ৰধান ৰূপক। এই ৰূপকটো নােহােৱা হ’লে নিপুণ পতি, শিষ্য – পুত্ৰ, সংসাৰ বন, উপনিষদ ধেনু আদি বিভিন্ন ৰূপকৰ প্ৰযােজন নহ’লহেঁতেন।
7. শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ মাজত কেনে ধৰণৰ পাৰ্থক্য আছে, উদাহৰণসহ বুজাই দিয়া।
উত্তৰঃ সাহিত্যৰ অলংকাৰৰ ভাগ দুটা- শব্দালংকাৰ আৰু অৰ্থালংকাৰ। একে সাহিত্যৰ অলংকাৰ হ’লেও ইয়াৰ মাজত পাৰ্থক্য আছে।
ক) শব্দালংকাৰত শব্দ বা আখৰৰ বিবিধ ভংগী বা ব্যৱহাৰে ভাষা সাহিত্যৰ জেউতি বঢ়ায়। যেনে—
‘দীননাথ দীন দয়াল দীন দান দিয়া।’
ইয়াত ‘দীন’ শব্দ তথা দ, ন-ৰ বিবিধ ভংগী বা ব্যৱহাৰত বাক্যটিৰ জেউতি বঢ়াইছে।
অৰ্থালংকাৰত শব্দ আৰু বাক্যক নানা অথত নানাভাবে ব্যৱহাৰ কৰি অৰ্থৰ চমৎকাৰিত্ব বা সৌন্দৰ্য বঢ়োৱা হয়। যেনে—
“ফুলিবিনে মােৰ মানস কুঞ্জত।
অ’ মােৰ দৰদী ফুলাম পাহি – “
ইয়াত ‘মন’ শব্দৰ সলনি ‘মানস কুঞ্জত’ আৰু কোনােবা মৰমৰ প্ৰেয়সীৰ সলনি “দৰদী ফুলাম পাহি” আদি শব্দ মনােৰম অৰ্থত ব্যৱহাৰ কৰি অৰ্থৰ চমৎকাৰিত্ব বা সৌন্দৰ্য বঢ়োৱা হৈছে।
খ) শব্দালংকাৰত ব্যৱহৃত শব্দৰ সলনি একে অৰ্থবােধক অন্য শব্দ। প্ৰয়ােগ কৰিলে বাক্যৰ চমৎকাৰিত্ব বা সৌন্দৰ্য অৰ্থা অলংকাৰ নাইকিয়া হয়। যেনে – দীননাথ, দীনদাল, দীনদান, [ (ক) ত দিয়া উদাহৰণৰ বাক্যটিৰ ] আদি শব্দৰ সলনি একে অৰ্থবােধক শব্দ “দুখীয়াৰ গৰাকী, দুখীয়াক মৰম কৰোঁতা দুখীয়াক কৃপা কৰা” বুলিলে বাক্যটিৰ অলংকাৰ বা সৌন্দৰ্য নাথাকিব।
কিন্তু অৰ্থালংকাৰত কোনাে শব্দৰ সলনি একে অৰ্থবােধক অন্য শব্দ প্ৰয়োগ কৰিলেও তাৰ অলংকাৰ বা সৌন্দৰ্য নােহােৱা নহয়়। যেনে –
“ফুলিবিনে মােৰ ‘মন ফুলনিত’ (‘মানস কুঞ্জত’ৰ সলনি) অ’ মােৰ ‘মৰমী’ (‘দৰদী’ শব্দৰ সলনি ) ফুলাম পাহি।” —বুলি কলেও কবিতাফাঁকিৰ আৰু অৰ্থৰ সৌন্দৰ্য বা অলংকাৰ একেই থাকিল। কিন্তু কোনাে কবি বা বক্তাৰ হুবহু কবিতা বা যুক্তি পৰিৱৰ্তন কৰি কব বা লিখিব নােৱাৰি।