পৃথিৱীৰ ভূগােল | ভূগােল | Chapter 8 | Class 10 Social Science Question and Answer | Assam Class 10 Social Science Solutions | SEBA Class 10 HSLC Social Science Chapter 8 Notes | SEBA Class 10 HSLC Social Science Chapter 8 Question and Answer | Questions and Answers for Class 10 Social Science Chapter 8 পৃথিৱীৰ ভূগােল | HSLC Social Science Questions and Answers Assam


পৃথিৱীৰ ভূগােল
(Geography of the World)

Multiple Choice Questions and Answers (MCQs)

1. এছিয়া আৰু আফ্ৰিকা মহাদেশ কোনখন সাগৰে পৃথক কৰিছে?
(ক) ভূমধ্য সাগৰ
(খ) লােহিত সাগৰ
(গ) কাস্পিয়ান সাগৰ
(ঘ) আৰব সাগৰ
উত্তৰঃ (খ) লােহিত সাগৰ।

2. ফলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?
(ক) আটলান্টিক মহাসাগৰ
(খ) উত্তৰ মহাসাগৰ
(গ) প্ৰশান্ত মহাসাগৰ
(ঘ) ভাৰত মহাসাগৰ
উত্তৰঃ (ক) আটলান্টিক মহাসাগৰ।

3. এছিয়া আৰু ইউৰােপ মহাদেশ প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে?
(ক) ইউৰাল পৰ্বতমালা
(খ) ককেচাচ পৰ্বত
(গ) কাস্পিয়ান সাগৰ
(ঘ) ভয়া নদী
উত্তৰঃ (ক) ইউৰাল পৰ্বতমালা।

4. পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
(ক) প্ৰশান্ত মহাসাগৰ
(খ) ভাৰত মহাসাগৰ
(গ) আটলান্টিক মহাসাগৰ
(ঘ) দক্ষিণ মহাসাগৰ
উত্তৰঃ (গ) আটলান্টিক মহাসাগৰ।

5. ইকুৱেড’ৰ কোনখন মহাদেশত অৱস্থিত?
(ক) উত্তৰ আমেৰিকা
(খ) দক্ষিণ আমেৰিকা
(গ) আফ্ৰিকা
(ঘ) এছিয়া
উত্তৰঃ (খ) দক্ষিণ আমেৰিকা।

6. পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন?
(ক) উত্তৰ আমেৰিকা মহাদেশ।
(খ) ইউৰােপ মহাদেশ
(গ) এন্টাৰ্কটিকা মহাদেশ
(ঘ) ওছেনিয়া মহাদেশ
উত্তৰঃ (ঘ) ওছেনিয়া মহাদেশ।

7. ব্ৰাজিলৰ ৰাজধানী কি?
(ক) ৰিও ডি জেনেইৰাে
(খ) চাও পাওলাে
(গ) ব্ৰাজিলিয়া
(ঘ) লিমা
উত্তৰঃ (গ) ব্ৰাচিলিয়া।

Very Short Type Questions and Answers (Marks : 1/2)

1. মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম লিখা।
উত্তৰঃ মাটিকালি হিচাপে দেশসমূহৰ ভিতৰত সৰ্ববহৎ দেশ হ’ল ৰাছিয়া আৰু ক্ষুদ্ৰতম হ’ল ভেটিকান চিটি।

2. এছিয়া আৰু ইউৰােপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?
উত্তৰঃ এছিয়া আৰু ইউৰােপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা ইউৰাল পৰ্বতমালাই সৃষ্টি কৰিছে।

3. পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত?
উত্তৰঃ এচিয়া মহাদেশৰ পৰা অষ্ট্ৰেলিয়া মহাদেশলৈ বিস্তৃত।

4. পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত?
উত্তৰঃ পৃথিৱীৰ বৃহত্তম মৰুভূমি ছাহাৰা মৰুভূমি কোনখন আৰু ই আফ্ৰিকা মহাদেশত অৱস্থিত।

5. পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক’ত অৱস্থিত?
উত্তৰঃ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা হ’ল এণ্ডিজ পৰ্বতমালা। ই দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিমত অৱস্থিত।

6. মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা।
উত্তৰঃ মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম মহাদেশ হ’ল এছিয়া আৰু ক্ষুদ্ৰতম মহাদেশ হ’ল অষ্ট্ৰেলিয়া মহাদেশ।

7. ইউৰােপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।
উত্তৰঃ ইউৰােপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত দেশ তিনিখন হ’ল ছিছিলি, মাল্টা আৰু ছৰ্ডিনিয়।

8. এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা।
উত্তৰঃ এছিয়া মহাদেশৰ উত্তৰ দিশলৈ প্ৰবাহিত নদী দুখন হ’ল— ওব আৰু ইয়েনিছি।

পূৰ্ব দিশলৈ প্ৰবাহিত নদী দুখন হ’ল আমুৰ আৰু হােৱাংহাে।

9. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি? এই পৰ্বতমালাৰ দৈৰ্ঘ্য কিমান আৰু ই মহাদেশ কোন অংশত অৱস্থিত?
উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটো হ’ল ৰকি। এই পৰ্বতমালাৰ দৈৰ্ঘ্য ৬৪০০ কিঃমিঃ আৰু ই মহাদেশৰ পশ্চিম অংশত‌ আলাস্কাৰ পৰা মেক্সিকো পৰ্যন্ত উত্তৰ-দক্ষিণাকৈ অৱস্থিত।

10. অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।
উত্তৰঃ অষ্ট্ৰেলিয়া প্ৰধান পৰ্বতশ্ৰেণী হ’ল—
গ্ৰেট ডিভাইডিং বেঙ
নদী হ’ল ডালিং নদী আৰু
মৰুভূমি হ’ল— গ্ৰেট ভিক্টোৰিয়া।

11. পৃথিৱীৰ মুঠ জনসংখ্যা প্ৰায় ৯০ শতাংশই উত্তৰ গােলাৰ্ধত থূপ খাই আছে কিয়? —কাৰণ দৰ্শাই উত্তৰ লিখা।
উত্তৰঃ পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গােলাৰ্ধত থূপ খাই আছে। কিয়নাে পৃথিৱীৰ স্থলভাগৰ ৬৭ শতাংশই উত্তৰ গােলাৰ্ধত অৱস্থিত। উত্তৰ আমেৰিকা, ইউৰােপ, এছিয়া এই আটাইকেইখন মহাদেশ উত্তৰ গােলাৰ্ধত অৱস্থিত।

12. এছিয়া মহাদেশৰ জলবায়ু বৈচিত্ৰ্যময় কিয়? —কাৰণ দৰ্শাই উত্তৰ লিখা।
উত্তৰঃ এছিয়া মহাদেশৰ জলবায়ু বৈচিত্ৰ্যময় হােৱাৰ কাৰণ হ’ল এই মহাদেশত চাৰিওফালে পৰ্বত-পাহাৰ, নদ-নদী, মহাসাগৰীয় দ্বীপ, বিভিন্ন পৰ্বতমালা, মালভূমি আদিৰে ভৰপূৰ। তাৰােপৰি এই মহাদেশৰ ওপৰত অক্ষাংশৰ প্ৰভাৱৰ বাবে জলবায়ু বৈচিত্ৰ্যময় হয়।

13. এন্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়? —কাৰণ দৰ্শাই উত্তৰ লিখা।
উত্তৰঃ এই মহাদেশ বিশেষকৈ দক্ষিণ মেৰুক কেন্দ্ৰ কৰি সষ্টি হৈছে। সেয়ে বৰফে আৱৰা এন্টাৰ্কটিকা মহাদেশত কোনো স্হায়ী জনবসতি নাই।

READ MORE  পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা | Chapter 7 | Class 10 Social Science - SEBA

Long Type Questions and Answers (Marks : 4/6)

1. আপেলেছিয়ান উচ্চভূমি অঞ্চল। —চমুটোকা লিখা।
উত্তৰঃ ভূ-প্ৰাকৃতিকভাৱে উত্তৰ আমেৰিকা মহাদেশখনক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰা হয়। তাৰ ভিতৰত (ক) পাৰ্বত্য অঞ্চল, (খ) বিশাল উচ্চ সমভূমি অঞ্চল, (গ) আপেলেছিয়ান উচ্চভূমিঅঞ্চল আৰু (ঘ) উপকূলীয় নিম্ন সমতলভূমি অঞ্চল। ইয়াৰে আপেলেছিয়ানউচ্চভূমি অঞ্চলৰ পশ্চিম অংশউপকূলৱৰ্তী কাস্কেড, ছিয়েৰা নেভাডা আৰু কষ্টৰেঞ্জ পৰ্বতশ্ৰেণী আৰু পূৰ্ব অংশত উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ক্ৰোৰিডা পৰ্যন্ত পৰ্বত-পাহাৰ বিস্তৃত, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে গঠিত অসমান অঞ্চলেৰে ভৰপূৰ।

2. আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ। —চমুটোকা লিখা।
উত্তৰঃ আফ্ৰিকা মহাদেশ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ। ইয়াৰ মাটিকালি প্ৰায় ৩০ বৰ্গ নিযুত কিঃমিঃ। আফ্ৰিল মহাদেশখন বহুতাে নদী আৰু হ্ৰদেৰে ভৰপূৰ। এই মহাদেশখনৰ অন্যত হ্ৰদসমূহৰ ভিতৰত ভিক্টোৰিয়া, এলৱাৰ্ট, টাংগানিকা, চাড, ভােল্টা, ন্যাচা, কেবৰাবাচ্চা, মালাৰি, চুকানা, কিভু, কোচ্চৌ, এব্বে আদি উল্লেখযােগ্য হ্ৰদ।

3. উত্তৰ মহাসাগৰ। —চমুটোকা লিখা।
উত্তৰঃ প্ৰায় ১৪ নিযুত বৰ্গ কিলােমিটাৰ মাটিকালিৰে উত্তৰ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ। ইয়াৰ আকাৰ ভাৰত মহাসাগৰৰ প্ৰায় এক পঞ্চমাংশ। উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত বাবে ইয়াৰ আকৃতি ঘূৰণীয়া। এছিয়া, ইউৰােপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে। ইয়াৰ তলিৰ গড় গভীৰতা প্ৰায় ৩৫০০ মিটাৰ। উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়েই উত্তৰ মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই থাকে।

4. উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ। —চমুটোকা লিখা।
উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশখনৰ হ্ৰদসমূহৰ ভিতৰত ছুপেৰিওৰ, ৰ’ন, মিচিগান, এৰি, ওল্টেৰিও, গ্ৰেট বিয়াৰ গ্ৰেট শ্লেভ, উইনিপেগ আৰু গ্ৰেট ছল্ট। ছুপেৰিওৰ, মিচিগান, এৰি, ওন্টেৰিও আৰু ইউৰন হ্ৰদক উত্তণ আমেৰিকাৰ বৃহৎ হ্ৰদ অঞ্চল বুলি জনা যায়।

5. ইউৰােপ মহাদেশৰ নদ-নদী। —চমুটোকা লিখা।
উত্তৰঃ ইউৰােপৰ দক্ষিণাঞ্চলৰ পৰ্বতমালাই নদ-নদীবােৰ উত্তৰ আৰু দক্ষিণ এই দুটা বাহিনীত ভাগ কৰিছে। সাধাৰণতে ইউৰােপৰ নদীসমূহক তিনিটা ভাগত ভাগ কৰা হয়। ভংগিল পৰ্বতমালাৰ উত্তৰৰ উত্তৰৰ বাহিনী নদী, ভংগিল পৰ্বতমালাৰ দক্ষিণৰ দক্ষিণ বাহিনী নদী আৰু ৰুছ দেশৰ নদীসমূহ। ইউৰােপ মহাদেশৰ উত্তৰ বাহিনী নদীবােৰ হ’লচাইন, লােয়ৰ, মিউজ, ৰাইন নদী, এ, ওৱেজাৰ, ওডাৰ আৰু ভিলা। দক্ষিণ বাহিনী নদীবােৰ হ’ল ৰােণ, ইটালীৰ গো, আৰ্ণো, টাইবাৰ, ডানিয়ুব আদি। ৰুছ দেশৰ নদীবােৰ হ’ল ভঙ্গ, ভক্সাৰ প্ৰধান উপনৈ কামা, পশ্চিম ডুইনা আৰু উত্তৰ ডুইনা, নিষ্টাৰ, নিপাৰ আৰু ডন ৰাছিয়াৰ প্ৰধান নদী।

6. ওছেনিয়া মহাদেশ। —চমুটোকা লিখা।
উত্তৰঃ ওছেনিয়া মহাদেশখনৰ মাটিকালি হ’ল প্ৰায় আঠ নিযুত বৰ্গ কিঃমিঃ। ওছেনিয়া মহাদেশখন পৃথিৱীৰ ষষ্ঠ বৃহত্তম দেশ। ওছেনিয়া মহাদেশখন অষ্ট্ৰেলিয়া মহাদ্বীপক কেন্দ্ৰ কৰি নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতাে সৰু বৰ দ্বীপক লৈ গঠিত হৈছে। এই মহাদেশৰ উত্তৰত দক্ষিণ-পূৰ্ব এছিয়াৰ জাভা, সুমাত্ৰা, ছেলেবিচ দ্বীপসমূহ আৰু প্ৰশান্ত মহাসাগৰ; দক্ষিণে দক্ষিণ মহাসাগৰ আছে, পূৰ্বত আছে প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে ভাৰত মহাসাগৰ। এই মহাদেশৰ জনসংখ্যা প্ৰায় ৩৮ নিযুত।

7. এছিয়া মহাদেশৰ নদনদী। —চমুটোকা লিখা।
উত্তৰঃ এছিয়া মহাদেশৰ ভূ-প্ৰাকৃতিক বৈশিষ্ট্য অনুসৰি নদীবােৰৰ গতিপথও বৈচিত্ৰ্যপূৰ্ণ। ইয়াৰ বেছিভাগ নদীৰেই উৎপত্তিস্তল মধ্য এছিয়াৰ উচ্চ পাৰ্বত্যভূমি অঞ্চল। এছিয়া মহাদেশৰ নদ-নদীসমূহক প্ৰধানকৈ চাৰিটা ভাগত ভগােৱা হয়। উত্তৰ মহাসাগৰলৈ বৈ যােৱা নদীসমূহক উত্তৰ বাহিনী নদী, প্ৰশান্ত মহাসাগৰলৈ বৈ যােৱা নদীসমূহক পূৰ্ব বাহিনী, ভাৰত মহাসাগৰলৈ বৈ যোৱা নদীসমূহক দক্ষিণ বাহিনী আৰু হ্ৰদমূহলৈ বৈ যােৱা নদীসমূহক অঙৰ্বাহী নদী তােলা হয়।

এছিয়াৰ উত্তৰ বাহিনী নদীবােৰ হ’ল ওব, ইনিছি আৰু লেনা। পূব বাহিনী নদীবােৰ হ’ল আমুৰ, হােৱাংহাে, ইয়াংচিকিয়াং আৰু চিকিয়াং। দক্ষিণ বাহিনী নদীবােৰ হ’ল সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, মেকং, ইৰাৱতী, চালুইন, টাইগ্ৰীচ হৰু ইউফ্ৰেটিছ। ইয়াৰােপৰি দক্ষিণ-পূৰ্বত নৰ্মদা, তাপ্তী, মহানদী, গােদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে’নাম ইত্যাদি নদী আছে। ইয়াৰােপৰি অন্তৰ্বাহী নদীবােৰ হ’ল মুদৰিয়া, ছিৰদৰিয়া, ইউৰাল, তাৰিম, জৰ্ডান, হেলমন্দ ইত্যাদি।

8. পেঞ্জিয়া। —চমুটোকা লিখা।
উত্তৰঃ মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ (Continental Drift Theory) অনুসৰি আদিতে, অৰ্থাৎ আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে (পূৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত) পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া (Pangaea) বুলি কোৱা হয় আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পাছালাছা (Panthalassa) বােলা হয়। কিছুকাল অতিক্ৰম কৰাৰ পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূৰ্ব-পশ্চিমাকৈ এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেথিছ সাগৰ (Tethys sea) বােলা‌ হয়। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰ-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক লৰেছিয়া (Laurasia) আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড (Gondowana Land) বােলা হয়।

READ MORE  বংগ বিভাজন আৰু স্বদেশী আন্দোলন | Chapter 1 | Class 10 Social Science - SEBA

9. ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশ। —পাৰ্থক্য লিখা।
উত্তৰঃ ওছেনিয়া মহাদেশ আৰু এন্টাৰ্কটিকা মহাদেশৰ মাজৰ পাৰ্থক্য হল—

(ক) ওছেনিয়া মহাদেশত জীৱই বসবাস কৰিব পাৰে, কিন্তু এন্টাৰ্কটিকা মহাদেশত জীৱই বসবাস কৰিব নােৱাৰে।

(খ)ওছেনিয়া মহাদেশ অনবৰতে বৰফাবৃত হৈ নাথাকে। কিন্তু এন্টাৰ্কটিকা মহাদেশ অনবৰতে বৰফাবৃত হৈ থাকে।

(গ) ওছেনিয়া মহাদেশৰ মাটিকালি হ’ল ৮.১ নিযুত বৰ্গ কিঃমিঃ। আনহাতে এন্টাৰ্কটিকা মহাদেশৰ মাটিকালি ১৩.২ নিযুত বৰ্গ কিঃমিঃ।

10. এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ। —পাৰ্থক্য লিখা।
উত্তৰঃ এভাৰেষ্ট শৃংগ আৰু‌ গডউইন অষ্টিনৰ মাজৰ পাৰ্থক্য হ’ল—

(ক) এভাৰেষ্ট শৃংগ হৈছে পৃথিৱীৰ উচ্চতম শৃংগ। আনহাতে গডউইন অষ্টিন হৈছে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ।

(খ) এভাৰেষ্ট শৃংগৰ উচ্চতা হৈছে ৮,৮৪৮ মিটাৰ, আনহাতে গডউইন অষ্টিন শৃংগৰ উচ্চতা হৈছে ৮,৬১১ মিটাৰ।

(গ) এভাৰেষ্ট শৃংগ হৈছে হিমালয় পৰ্বতৰ অন্তৰ্গত, আনহাতে গডউইন অষ্টিন হৈছে কাৰাকোৰাম পৰ্বতমালাৰ অন্তৰ্গত।

11. মহীসােপান আৰু মহীঢাল। —পাৰ্থক্য লিখা।
উত্তৰঃ মহীসােপান আৰু মহীঢালঃ মহীসােপান আৰু মহীঢালৰ মাজৰ পাৰ্থক্য হল—

(ক) উপকূলৰ চাৰিওফালে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশই হ’ল মহীসােপান। আনহা্নৰ পিছৰ যথেষ্ট গভীৰ অংশটো হৈছে মহীঢাল।

(খ)মহীসােপানৰ গভীৰতা প্ৰায় ২০০ মিটাৰ পৰ্যন্ত। আনহাতে মহীঢালৰ গভীৰতা প্ৰায় ২০০ মিটাৰ।

(গ) মহীসােপানৰ গভীৰতা মহীঢালতকৈ কম আৰু মহীঢালৰ গভীৰতা মহীসােপানতকৈ বেছি।

(ঘ) মহীসােপান সমান কিন্তু মহীঢাল হেলনীয়া।

12. গােবি মৰুভূমি আৰু আটাকামা মৰুভূমি। —পাৰ্থক্য লিখা।
উত্তৰঃ গােবি মৰুভূমি আৰু আটাকামা মৰুভূমি মাজৰ পাৰ্থক্য হল—

গোবি মৰুভূমিআটাকামা মৰুভূমি
এছিয়া মহাদেশৰ মঙ্গোলিয়াত অৱস্হিতদক্ষিণ আমেৰিকাত চিলি আৰু বলিভিয়াৰ মাজত অৱস্থিত
শীতল মৰুভূমিউষ্ণ মৰুভূমি
স্নো লিপাৰ্ড,উট,শিয়াল নানা প্ৰকাৰৰ সাপ আদি জীৱ জন্তু পোৱা যায়উষ্ণতা অত্যাধিক বাবে সাপ,মকৰা আদি কিছু জীৱৰ বাদে অন্য জীৱজন্তু  পোৱা নাযায় 
বছৰি গড়ে ১৯৪ মিলিমিটাৰ বৰষুণ পৰেবছৰি গড়ে ১৫ মিলিমিটাৰ বৰষুণ পৰে

13. পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়ৰসমূহৰ ভিতৰত পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, উপকূলীয় সমভূমি ইত্যাদিয়েই প্ৰধান। মহাদেশবােৰৰ ভূ-প্ৰকৃতি সকলােতে একে ধৰণৰ নহয় বাৱে পৃথিৱীৰ সকলো জলবায়ু একে নহয়। উল্লেখযােগ্য যে মধ্য অক্ষাংশ অঞ্চলৰ জলবায়ু নাতিশীতােষ্ণ, বিষুৱীয় তথা ক্ৰান্তীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ। মেৰু অঞ্চলৰ জলবায়ু অতিশয় ঠাণ্ডা। অঞ্চলভেদে জলবায়ুসমূহ বেলেগে বেলেগ হােৱাৰ বাবে উদ্ভিদ সমূহহ বেলেগ বেলেগ হয়। উল্লেখযােগ্য যে বিষুৱীয় অঞ্চলত অৰণ্যসমূহ চিৰ সেউজীয়া, উষ্ণ তথা শুকান মেৰু অঞ্চলত অৰণ্য থাকে। সেই অঞ্চলত কেৱল ছুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদহে পােৱা যায়। আনহাতে বৰফাবৃত মেৰু অঞ্চলত শেলুৱৈ আৰু ঢেঁকীয়াজাতীয় উদ্ভিদ থাকে।

14. মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব অতিশয় খলাবমা। যি দিশে মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ৰ সম্পৰ্কে চমুকে স্থলমণ্ডলসমূহত পৰ্বত, পাহাৰ, মালভূমি, সমভূমি আদিৰে ভূ-পৃষ্ঠ অসম হৈ থাকে ঠিক সেইদৰেই সাগৰৰ তলিভাগাে শৈলসিৰা, দ্ৰোণী, সামুদিত টিলা, খাত আদিয়ে অসমান কৰি তােলে। উপকূলৰ পৰা সাগৰ-মহাসাগৰ মাজভাগলৈ ক্ৰমে মহীসােপান, মহীঢাল, গভীৰ সমুদ্ৰতল, সমুদ্ৰতলীয় দ্ৰোণী, সামুদ্ৰিক শৈলসিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্ৰখাতেৰে ভৰপূৰ। মহীসােপান হৈছে উপকূলৰ চাৰিওফালে থকা সাগৰ-মহাসাগৰ সমূহৰ অগভীৰতা।

ই প্ৰায় ২০০০ মিটাৰ পৰ্যন্ত হয়। ইয়াৰ পিছতে যথেষ্ট বেছি গভীৰ অংশটোক মহীঢাল বুলি কোৱা হয়। ই হ’ল প্ৰায় ২০০ মিটাৰ পৰ্যন্ত মােৰ পাছত গভীৰতম সামুদ্ৰিক খাত আৰু ই হ’ল গড় হিচাপত ৪০০০ মিটাৰ পৰ্যন্ত। ইয়াৰ বাহিৰেও‌ সমুদ্ৰপৃষ্ঠৰ বহু ওপৰলৈকে শৈলসি, দ্বীপ আদি থাকে। প্ৰশান্ত মহাসাগৰ তলত থকা সমুদ্ৰ খাত মেৰিয়ানা বা চেলেঞ্জাৰ খাত বুলি কোৱা হয়। ইয়েই হৈছে পৃথিৱীৰ ভিতৰত গভীৰতম খাত। ইয়াৰ গভীৰত হৈছে ১১,০২২ মিটাৰ।

15. মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?
উত্তৰঃ মহাদেশীয় বিস্থাপন সূত্ৰক সঞ্চাৰণ সূত্ৰ বুলিও জনা যায়। এই সুত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে এনে ধৰণৰ আছিল সমগ্ৰ পৃথিৱীখনৰ।হলমণ্ডল একত্ৰিত হৈ আছিল আৰু চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। একত্ৰিত হৈ থকা পৃথিৱীৰ স্থলমণ্ডলটোৰ নাম আছিল পেঞ্জিয়া (Pangaea) আৰু আগুৰি থকা জলমণ্ডলটোৰ নাম আছিল পান্থালাছা (Panthalassa)। এছ বছৰৰ পাছত পেঞ্জিয়াৰ সোঁমাজেৰে পূৰ্ব-পশ্চিমাকৈ এক দীঘল সাগৰ বৈ গছে। এই সাগৰক টেথিছ (Tethys sea) সাগৰ বুলি কোৱা হয়। আকৌ উত্তৰ-দক্ষিণাকৈ পেঞ্জিয়াক দুই ভাগত ভাগ কৰিছে।

ইয়াৰে উত্তৰ অংশক লৰেছিয় (Laurasia) আৰু দক্ষিণ অংশক গণ্ডোৱানা লেণ্ড (Gondowana Land) ভুলি কোৱা হয়। বহু বছৰৰ আগতে অৰ্থাৎ মধ্যজীৱীয় কল্পৰ সময়ত ভূত্বকৰ ফাটন ক্ৰিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ কাৰণে লৰেছীয় আৰু গণ্ডোৱানা লেণ্ড পুনৰ বিভাজন হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমানৰ অৱস্থিত মহাদেশসমূহৰ সৃষ্টি হৈছিল। মহাদেশীয় বিস্থাপন সূত্ৰৰ মতে লৰেছিয়া বিভাজন হৈ উত্তৰ আমেৰিকা, শ্ৰীণলেণ্ড আৰু ভাৰত উপ-মহাদেশৰ উত্তৰে থকা ইউৰােপ আৰু এছিয়া মহাদেশ সৃষ্টি হৈছিল। আৰু গণ্ডোৱানা লেণ্ড বিভাজন হৈ দক্ষিণ আমেৰিকা, আফ্ৰিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মলায়েছিয়া, অষ্ট্ৰেলিয়া, এন্টাৰ্কটিকা লগতে অন্যান্য দ্বীপসমূহৰ সৃষ্টি হৈছিল।

READ MORE  অসমত ব্ৰিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্ৰোহ | Chapter 3 | Class 10 Social Science - SEBA

16. এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলােচনা কৰা।
উত্তৰঃ এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈসিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) এছিয়া মহাদেশৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণত আছে ভাৰত মহাসাগৰ, পূবত আৰে বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ আৰু পশ্চিমে লােহিত সাগৰ, ছুৱেজ খাল, ভূমধ্য সাগৰ, ককেছাছ পৰ্বত, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পৰ্বতমালা।

(খ) নদী, উপত্যকা, ওখ পৰ্বতশ্ৰেণী, মালভূমি, নিম্নভূমি, উপকূলীয় সমভূমি, মৰুভূমি, মহাসাগৰীয় দ্বীপ আদিয়ে এছিয়া মহাদেশক আৱৰি আছে।

(গ) এছিয়া মহাদেশখনত পশ্চিম সীমাত থকা পৰ্বতমালাসমূহ হ’ল উত্তৰাদক্ষিণাকৈ থকা ইউৰাল পৰ্বতমালা, মধ্য অংশত আছে পূৰ্ব-পশ্চিমাকৈ হিমালয় পৰ্বত, কাৰাকোৰম পৰ্বত, কুনলুন পৰ্বত, আলটাইন পৰ্বত, টিয়েনচান পৰ্বত, আলটাই পৰ্বত, আৰাৱলী পৰ্বত ইত্যাদি।

(ঘ) এছিয়া মহাদেশত থকা মালভূমিসমূহ হ’ল তিব্বত মালভূমি, পামৰ মালভূমি, ছাইবেৰিয়া মালভূমি, মংগােলীয় মালভূমি, দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি ইত্যাদি।

(৫) এছিয়া মহাদেশৰ নদীসমূহ হ’ল— সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, ইয়েনিছি, লেনা, ওবি, আমুৰ, হােৱাংহাে, ইয়াংজে কিয়াং আৰু চিকিয়াং, নৰ্মদা, তাপ্তী, মহানদী, গােদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে’নাম, ইৰাৱতী আৰু মেকং নদীয়েই প্ৰধান।

(৬) এছিয়া মহাদেশৰ প্ৰধান হ্ৰদসমূহ হ’ল— বলখাবৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, কল্লেৰু, লােকটাক ইত্যাদি।

17. পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ স্থলমণ্ডলঃ মাটিৰে আগুৰি থকা ভূ-পৃষ্ঠৰ সাগৰ পৃষ্ঠৰ কিছু ওপৰত থকা আন এটা বৃহৎ অংশক স্থলমণ্ডল বােলে। স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰােপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত। দ্বিতীয় অংশত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে সৃষ্টি হৈছে। তৃতীয় অংশটো অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগা লগিকৈ সৃষ্টি হােৱা ওছেনিয়া মহাদেশেৰে সৃষ্টি হৈছে আৰু চতুৰ্থ অংশটো এন্টাৰ্কটিকা মহাদেশেৰে গঠিত হৈছে।

আনহাতে প্ৰশান্ত মহাসাগৰ এছিয়া মহাদেশ, অঞ্জ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত। আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰােপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত। ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশ পূৰত আৰু ওছিনিয়া মহাদেশৰ পশ্চিমত আছে। উল্লেখযােগ্য। যে স্থলমণ্ডলৰ বৃহৎ অংশটো উত্তৰ গােলাৰ্ধত অৱস্থিত। গতিকে উত্তৰগােলাৰ্ধতে পৃথিৱীৰ মুঠ ৯০ শতাংশ জনসংখ্যাই বাস কৰে।

জলমণ্ডলঃ ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰ আদিকে ধৰি নদ-নদী, হ্ৰদ আমি পানীৰে আগুৰি থকা বৃহৎ অংশই হ’ল জলমণ্ডল। জলমণ্ডল আৰু স্থলমণ্ডল দুয়ােটাই ইটোৱে সিটোক বিভাজন কৰি মাজে মাজে সােমাই আছে। প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ এই পাঁচখন হ’ল পৃথিৱীৰ পাঁচখন”বৃহৎ মহাসাগৰ। ইয়াৰে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ উত্তৰ আৰু দক্ষিণ গােলালৈ বিস্তৃত। পৃথিৱীৰ মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰেই সকলােতকৈ ডাঙৰ মহাসাগৰ।

18. মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্ৰদ আদিৰ পানীৰে আগুৰি থকা বৃহৎ‌ অংশকে জলমণ্ডল (Hydrosphere) বােলা হয়। আনহাতে, (সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূ-পৃষ্ঠৰ আন এটা বৃহৎ অংশক স্থলমণ্ডল (Lithosphere) বােলে। উল্লেখযােগ্য যে পৃথিৱীৰ এই বৃহৎ জলমণ্ডল আৰু স্থলমণ্ডল দুটা সুকীয়াভাৱে একেলমে ঘূপ মাৰি থকা নাই। অৰ্থাৎ জলমণ্ডল আৰু স্থলমণ্ডল দুয়ােটা অংশই ইটোৱে সিটোক বিভাজিত কৰি মাজে মাজে সােমাই আছে। অৱশ্যে কাস্পিয়ান, মৰু আৰু আৰল সাগৰক। বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ-মহাসাগৰ ইখনে-সিখনৰ লগত সংযােগ স্থাপন কৰি আছে।

কিন্তু স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি আছে আৰু চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে। অৰ্থাৎ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰােপ আৰু আফ্ৰিকা মহাদেশেৰে গঠিত; দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত; তৃতীয় অংশটো অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগলাগি সৃষ্টি হােৱা ওছেনিয়া মহাদেশেৰে গঠিত আৰু চতুৰ্থ অংশটো এন্টাৰ্কটিকা মহাদেশেৰে গঠিত। আনহাতে,

সংযােজিত হৈ থকা আৰু মহাদেশসমূহৰ চাৰিওফালে আগুৰি থকা পৃথিৱীৰ পাঁচোটা মহাসাগৰৰ প্ৰশান্ত মহাসাগৰ এছিয়া মহাদেশ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত; আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰােপ আৰু আফ্ৰিকা মহাদেশৰ মাজত অৱস্থিত; ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত, আফ্ৰিকা মহাদেশৰ পূবত আৰু ওছেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত; উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা, ইউৰােপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত; আৰু দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অবস্থিত। উল্লেখযােগ্য যে জলমণ্ডলৰ বৃহৎ অংশই (৫৭ শতাংশ) দক্ষিণ গােলাৰ্ধত অৱস্থিত। আনহাতে, স্থলভাগৰ বৃহৎ অংশ (৬৭ শতাংশ) উত্তৰ গােলাৰ্ধত অৱস্থিত। সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যা প্ৰায় ৯০ শতাংশই উত্তৰ গােলাৰ্ধত বাস কৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top